একান্ত খেলায় কৰুণাময় এ নন্দকুমাৰ
।। ৰাগ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। একান্ত খেলায় কৰুণাময় এ নন্দকুমাৰ।
দেৱৰ দুৰ্লভ কেলি ফাগুৰ বিহাৰ।।
পদ।। ফাগু পৰি শ্যামতনু কৰে তিৰিমিৰি।
ৰবিৰ কিৰণে যেন মৰকত গিৰি।।
কূৰ্পৰ কুঙ্কমে ফাগু অতি সুবাসিত।
গোপ-গোপী সনে খেলে হুয়া আনন্দিত।।
আউৰে আউৰে ফাগু মাৰে অ়্জলি ভৰিয়া।
ফাগু ৰসে নাচে হাসে কীৰ্ত্তন কৰিয়া।।
ফাগুৰে চৌভিতি দেখি অৰুণ বৰুণ।
প্ৰভাত কালৰ যেন ৰবিৰ কিৰণ।।
আনন্দে আকুল লোক ফাগুৰ উত্সৱে।
চৌভিতি পূৰয় হৰি কীৰ্ত্তনৰ ৰৱে।
ত্ৰিভুৱন জিনি গোপপুৰী পৰকাশে।
কহয় মাধৱ দীন হৰি -পদ দাসে।।