এ হৰি কৰিয়ো কৰিয়ো মেৰি কৰুণা মুৰাৰি
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। এ হৰি কৰিয়ো কৰিয়ো মেৰি কৰুণা মুৰাৰি।
ছাৰবো নাহি আৰ চৰণ তোহাৰি।।
পদ।। তুহু নিৰঞ্জন যিটো জগত আধাৰু।
ভাৰ হৰণৰ হেতু তুহু অৱতাৰু।।
তাৰবি লোক বিনোদ পৰকাশি।
তুৱা পদ কমলে সেৱক ভৈলো আসি।।
পূৰব বাসনা দূৰ কৰিহ হামাৰি।
বচনে ৰহোক গুণ-নাম তোহাৰি।।
তুৱা কথা শ্ৰৱণে ৰহোক অবিৰাম।
কৰ মেৰি ৰহোক তুহু কয় কাম।।
তুৱা পদ সুমৰি ৰহোক মন থিৰ।
তোহাৰি চৰণ বন্দী ৰহো মোৰ শিৰ।।
তুৱা নিজ মূৰুতি ভকত সৱ ঠাই।
কহ মেৰি বদন মাধৱ গুণ গাই।।