উঠৰে উঠ বাপু গোপালহে নিশি পৰভাত ভৈল
॥ ৰাগঃ কৌ॥ পৰিতাল॥
ধ্ৰুং॥ উঠৰে উঠ বাপু, গোপাল হে,নিশি পৰভাত ভৈল।
কমলনয়ন, বুলি ঘন ঘন, যশোৱা ডাকিতে লৈল॥
পদ॥ মোৰ প্ৰাণধন সুচান্দ বয়ন
গাৱ চালি তেজ নিন্দ।
সব পুৰুষৰ শিৰৰ ভূষণ
তুমিসে বাপু গোবিন্দ॥
মোৰ পুত্ৰ বুলি যশোৱা গোৱালী
বুকে বান্ধি কোলে লৈল॥
বয়নে চুম্বন কৰি ঘন ঘন
আনন্দে মগন ভৈল॥
সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে।
ত্ৰিজগত পতি ভকতি মিলিল
মূৰুখ মাধৱে বোলে॥