উজুপাঠ - প্ৰথম ভাগ

(উজুপাঠৰ পৰা পুনঃনিৰ্দেশিত)
[  ]
 
উজুপাঠ ৷
প্ৰথম ভাগ ৷
⸺•⸺
৺ বলদেব মহন্ত প্ৰণীত৷
⸻⸻

নগাঁওৰ পৰা
 ডি, এন, বৰুৱা এণ্ড সন্‌স্ দ্বাৰা প্ৰকাশিত৷

————
সপ্তদশ সংস্কৰণ
————
কলিকাতা,
১৭ নং মদন মিত্ৰেৰ লেন, বেঙ্গল প্ৰেসে,
শ্ৰীৰমণীমোহন দে দ্বাৰা মুদ্ৰিত ৷


সন ১৩১১ সাল ৷

 মূল্য ৵০ দুই আনা ৷

[  ]

উজুপাঠ।


প্ৰথম ভাগ।

   

——————

 

৺বলদেব মহন্ত প্ৰণীত।

 

নগাঁওৰ পৰা

ডি, এন্, বৰুৱা এণ্ড সন্‌স‌ দ্বাৰা প্ৰকাশিত।

——————


[সপ্তদশ সংস্কৰণ।]

কলিকাতা।

১৭ নং মদন মিত্ৰেৰ লেন, বেঙ্গল প্ৰেস হইতে

শ্ৰীৰমণীমোহন দে দ্বাৰা মুদ্ৰিত।

[  ]




[  ]

U J U P A T H.

PART 1.

BY

BABU BALADEV MOHONTO

OF

NOWGONG, ASSAM

 The work contains many useful and interesting lessons. It may be used as a text book, and resolved that the book be recommended for use as the Lower Primary Course.

Dated the Nowagong,
1884
{Sd.) GUNABHI RAM BARUA
Secretary
Text Book Committee
 

[  ]



[  ]

উজুপাঠ।

বিদ্যা।

অহে মোৰ প্ৰিয় ল'ৰা উপদেশ ধৰা,
কায়মনোবাক্যে তুমি বিদ্যা শিক্ষা কৰা।
বিদ্যাশিক্ষা কৰিবৰ এই হে সময় ,
ধেমালিত কাল হৰা, উচিত নহয়।
এতিয়া কৰিলে কাল, ধেমালিত হানি;
বিদ্যাধন উপাৰ্জ্জন, কৰিবা কাহানি?
সৰু কালে বিদ্যা আৰ্জ্জি, যিটে নলৱয়;
কেতিয়াও তাৰ সুখ, নহয় নহয়।
সুখী আৰু ভদ্ৰ যদি, হব খোজা মনে;
বিদ্যা উপাৰ্জ্জন কৰি, লোৱা প্ৰাণপণে।
বিদ্যাৰ সমান ধন নাই সংসাৰত;
অন্য ধন নোহে সম, বিদ্যাৰ লগত।
বিদ্যাৰ সুগুণ দেখা, কেনে বিপৰীত।
দান কৰিলেহে বৃদ্ধি, হয় যথোচিত।

[  ]

অন্য ধন চোৰে নিব, পাৰে অনয়াসে;
দুৰ্জ্জনে ধনৰ লোভে প্ৰাণকে বিনাশে।
বিদ্যাধন হবে এনে, কোনো লোক নাই;
সহোদৰ সবে অংশ, বিদ্যাৰ নাপাই (য়)।
সৰুকালে আৰ্জ্জি তুমি, লোৱা বিদ্যাধন;
তেহে সুখ সন্তোষত, যাব ই জীৱন।

মূৰ্খৰ খেদ।

বহু দুঃখ সহি থাকি, মনৰ বেজাৰে;
মূৰ্খে এইৰূপ কথা ভাবি খেদ কৰে।
অন্নবস্ত্ৰ-দুখে মোৰ, দিনে যুগ যায়;
ই জন্মত সুখী হোৱা, নেদেখো উপায়।
শৰীৰৰ তেজ পানী, কৰিকৰোঁ বন;
তথাপি নহয় দেখো, উদৰ পূৰণ।
বড় বড় লোক বোৰ মহাসুখে থাকে;
সকলো প্ৰজাই মান কৰে সিহঁতকে। '
ভাল বস্তু খায় আৰু, ভাল বস্ত্ৰ পিন্ধে;
মোৰ দৰে সদা ভ্ৰমি, নুফুৰে প্ৰৱন্ধে।
অল্প শ্ৰমে সুখী, সুখে ৰাখিছে আনক;
“চাবাচ্” মনুষ্য জন্ম, কৰিছে সাৰ্থক।

[  ]

পূৰ্ব্বজন্মে দান পুণ্য, বহুত কৰিলে;
সেই হেতু শ্ৰেষ্ঠ ঘৰে, জনম ধৰিলে।
নানা কষ্ট সহ্য কৰি, শিশু সময়ত;
উপাৰ্জন কৰি ল’লে বিদ্যা যথাৱত।
“দুখতেহে মুখভৰে,” বুলি লোকে কয় :
আপোনাতে পালোঁ কথা, অসত্য নহয়।
পূৰ্ব্বজন্মে ভিক্ষুকক, একোকে নিদিলোঁ;
দৰিদ্ৰক দেখি মই ৰঙ্গে হাঁহি ছিলোঁ।
নিন্দা অহঙ্কাৰ আদি, মহাপাপ যত;
কৰিলোঁ হব’লা মই, পূৰ্ব্ব জনমত।
তাৰ ফলে মোৰ সুখ, কপালত নাই;
দুঃখকে লেখিলে, কপটিয়া বিধাতাই।
দিবা নিশি চিন্তা মই কিমান কৰিম;
দুখীয়া দেহত দুঃখ, কতনো সহিম?
সৰুকালে বিদ্যা নিশিকিলোঁ মূঢ়মতি;
ভুগিবই লাগে মই, অৱশ্যে দুৰ্গতি।
কেতিয়াবা মোৰ যদি, প্ৰণয়িনী হয়;
ভাগ্যে যদি তাই(ৰ) গৰ্ভে পুত্ৰ জনময়।
কোনোমতে তাক মই, শিক্ষিত কৰিম;
এনে দুঃখ ভুগিবলৈ, কাচিতো নিদিম।

[  ]

কাৰ আদৰ নাই?

কন্যামৰা জামাতাত, নাথাকে তা
ঘৰজীয়া পুৰুষৰ, নাই সমাদৰ।
যি বৈদ্যৰ দ্বাৰা ৰোগ, নোহে নিবাৰণ;
সিজন বৈদ্যক ভক্তি, কৰে কোন্ জন?
কথাৰ অবাধ্য যদি, কোনো ল’ৰা হয়;
পিতা মাতা গুৰুজনে, তাক নাদৰয়।
আদৰ নাপায় যিটে, দম্ভ কৰি ফুৰে;
অনাদৰ ধন ধান, নাই যাৰ ঘৰে।
গন্ধহীন ফুল যদি, সুৰূপেই হয়;
তাক পাই কাৰো মন, সন্তুষ্ট নহয়।
অতীক্ষ্ন অস্ত্ৰক লোকে কৰে অনাদৰ;
ক'ত কোনে নিৰ্গুণীক কৰে সমাদৰ?

 

কাৰ সুখ নাই।

সুখ নাই সুখ নাই, ক'তো ধৰুৱাৰ;
অনুমাত্ৰো সুখ নাই, চিৰ ৰুগীয়াৰ।
সুখ নাই যিটে সদা, গোচৰত ফুৰে;
মাতৃৰ অসুখ যদি, পুত্ৰ থাকে দূৰে।

[ ১০ ]
 

অহৰ্নিশে যাৰ ঘৰে, নুগুছে কন্দল;
তাৰ ঘৰে সুখৰূপ, নুফুলে কমল।
সকলো সম্পত্তি আছে পত্নী কিন্তু নাই;
এনেকুৱা সংসাৰীৰ, কোনো সুখ নাই।
ধনী বা নিৰ্ধন যদি, হয় অপুত্ৰ ক;
সিবিলাকে দেখে, দুঃখময় সংসাৰক।
সাধুৰ সন্তান যদি, দুষ্টমতি হয়;
পিতৃ মাতৃ মনে একো সুখ নাথাকয়।
সুখ নাই যিটো হয় পৰৰ অধীন;
অসুখতে দিন যায় হ'লে বিদ্যাহীন।

————

দুৰ্জ্জনৰ কথাত বিশ্বাস কৰা

অনুচিত।

দুৰ্জ্জনৰ মিষ্ট কথা বিষৰ নিচিনা;
তাত ভুলে যিটো লোক, দিনতেই কণা।
মুখে দুষ্টে যেনেকুৱা, মিষ্ট কথা কয়;
অন্তৰত তেনে ভাব, কাচিতো নহয়।
প্ৰিয় ল'ৰা এই কথা, সা’ৰ কৰি লবা;
দুৰ্জ্জনৰ কথা তুমি, সত্য নামানিবা।

————
[ ১১ ]

কাৰ সমান কি নাই?

সাপৰ সমান খঙ্গ, কাৰো নাই নাই;
হিমালয় সম গিৰি, পৃথিবীতে নাই।
দ্বীপমধ্যে অষ্ট্ৰেলিয়া, সবাতোকৈ বড় ,
সাগৰৰ বড় নাই, প্ৰশান্তত পৰ।
মিচিচিপি নদী সম, নদী বড় নাই;
মিষ্ট বাক্য সম মিঠা, একো বস্তু নাই।
পশু-মধ্যে ধূৰ্ত্ত নাই, শিয়াল সমান;
নৰৰ অধম নাই, খলুৱাৰ মান।
মন সম বেগৱন্ত, কোনোবা কি আছে?
কালে কি কৰিৰ কাক, কোনেনো বুজিছে?
নতুন ধনীৰ মান, নাই অহঙ্কাৰী;
পিতা মাতা সম কোন্‌, আছে হিতকাৰী?
মনমত পত্নীশোক, অতি গুৰুতৰ।
সকলো শোকত কৰি, পুত্ৰশোক বড়;
বিদ্যা সম বন্ধু আৰু ক'তো নাই নাই;
কঠিন বচন তুল্য, তিতা বস্তু নাই।

[ ১২ ]
 

দুঃখৰ সহায় বন্ধু, পাবলৈ টান;
ধনী তাই তাৰ সম, আছে যাৰ ধান।
মাতৃহীন ল'ৰা সম, নাই দুৰ্ভগীয়া;
কৃপণ ধনীৰ সম, নাই অসুখীয়া।
ঋণ, ৰোগ, শোক, চিন্তা, নাই শৰীৰত;
তাত কৰি আছে, কোন্ সুখী সংসাৰত?
ৰোগৰ সমান শত্ৰু, আৰু কোনো নাই;
এলেহুৱা লোকতকৈ, কাপুৰুষ নাই।
ধৰ্ম্মৰ সদৃশ শুভ, কাৰ্য্য একো নাই;
ধৰ্ম্মাশ্ৰয় বিনে নাই, তৰণ উপায়।
নিৰাশ্ৰয়া বৃদ্ধা নাৰী অতীব দুখুনী;
তাৰ সম দুখী নাই, ন'হ'লে সুগুণী।

———

লোভ

লোভেই কৰিছে কথা, যত লাগে মানে;
লোভৰ নিমিতে কোনো, মৰিগৈছে প্ৰাণে।
লোভতেই যায় কাৰো, মান, লাজ, কুল;
লোভেই কৰিছে কাৰো বংশকে নিৰ্মূল।
লোভৰ নিমিত্তে কোনো, পড়ে ফাটকত;
লোভৰ নিমিত্তে চাল, ছিগিছে কোবত।
সজ্জনে নকৰে লোভ, তাকে দেখি শুনি;
উপাৰ্জ্জন কৰি খায়, যিপাৰে আপুনি।

[ ১৩ ]
 

ঈশ্বৰ-চৰণ বিনে, চিন্তাকে নকৰে;
পৰৰ দ্ৰব্যক সদা, লোষ্ট্ৰ জ্ঞান কৰে।
তেনেকুৱা মহাত্মাৰ, বিপদ নহয়;
সিকাৰণে সি সবক, বোলে সদাশয়।

—————

গালি পৰা মানুহৰ ঔষধ মিষ্ট কথা।

দুষ্টলোক বোৰে যদি, কৰে তিৰস্কাৰ;
মিষ্টকথা ক'বা হ'ব তাৰ প্ৰতিকাৰ।
গালি শুনি গালি দিলে, কন্দল বাঢ়য়;
গুণিগণে উভয়কে, অশিষ্ট বোলয়।
দুৰ্জ্জনক লজ্জা দিয়া, থাকে যদি মন।
মিষ্ট কথা কবা, কৰি কোপ সম্বৰণ।

খঙ্গ।

ন' কৰিবা খঙ্গ শিশো! কাৰো ওপৰত ,
জগৰৰ মূল খঙ্গ খ্যাত জগতত।
খঙ্গৰ নিমিত্তে কোনো, প্ৰাণেই মৰিছে;
খঙ্গতেই কত লোকে, আনকো মাৰিছে;
যি দেশৰ লোক বোৰ, বড় খঙ্গিয়াল;
সিহঁতৰ কেতিয়াও, নুগুছে জঞ্জাল।

[ ১৪ ]
 

খঙ্গতেই থান থান হয় পৰিবাৰ;
খঙ্গতেই কত লোকে, বয় দুঃখ ভাৰ।
খঙ্গতেই চেনেহৰ, জৰিছিগি যায়;
খঙ্গতেই কটাকটি, কৰে ভাই ভাই!
খঙ্গতেই ওৰ পৰে, ধনৰ ভণ্ডাৰ;
ৰজাৰো খঙ্গৰ হেতু, যায় ৰাজ্যভাৰ।
প্ৰিয় ল’ৰা! তুমি হিত উপদেশ ধৰা,
প্ৰাণপণে খঙ্গ শত্ৰু, উপশান্ত কৰা।

————

কেনে ছাতৰক শিক্ষকে ভাল পায়।

মনোযোগ কৰি যিটো ছাত্ৰে পাঠ শিকে;
ফিৰিও নে চায় যিটে, কুকৰ্ম্মৰ দিকে।
কেতিয়াও নাপাহৰে গুৰুৰ বচন;
নকৰে কখন যিটে, অসদাচৰণ।
তেনেকুৱা ছাতৰলৈ, শিক্ষকৰ মন;
পৰম সন্তুষ্ট থাকে, সদা সৰ্ব্বক্ষণ।

————

সত্য।

সত্য পথে যাবা শিশো! সত্য কথা ক'বা,
অসত্য কথাক তুমি, মুখত নানিবা।

[ ১৫ ]

সত্যকে মানিবা তুমি, মনে কৰি সাৰ;
তেনে হলে আয়, যশ, বাঢ়িব তোমাৰ।
“ৰূপ কুল ধন বিদ্যা থাকোক সুগুণ;”
মিথ্যাবাদী হ'লে হয় সকলো দুৰ্গুণ।

————

মূৰ্খতা।

মূৰ্খে যত দোষ কৰে, তাৰ সীমা নাই;
ভাল বেয়া কাক বোলে, বুজকে না পাই
কোন্ শত্ৰু কোন্ মিত্ৰ, একোকে নেজানে
মুখে মিষ্ট কোৱাকেই, মিত্ৰ বুলি মানে।
পিতা মাতা দিয়ে যদি, হিত উপদেশ;
মূৰ্খে ভাবে সিবিলাকে, কৰিছে বিদ্বেষ।
অন্ধজনে যেনেকৈ, দিশ হেৰুৱায়;
বাট এড়ি হাবি আৰু, খাললৈহে যায়।
সেইৰূপে মূৰ্খলোকে, সত্‌পথ এড়ি;
কূপথেহে ফুৰে সদা, মহা ৰঙ্গ কৰি।

————

কাৰ কি নাই।

যমে কি কৰিব দয়া, পুত্ৰ দুখুনীৰ;
সচা কথা ক’তো নাই ধূৰ্ত্ত বেপাৰীৰ।

[ ১৬ ]

 দুৰ্জ্জনৰ ক্ষমাগুণ দেখিবলৈ নাই
 খঙ্গিয়ালে মিত্ৰ ক'তো বিচাৰি না পায়
চিৰ কাল পীৰিতি না ৰাখে খলুৱাই
বিদ্যাহীন লোকে ক'তো সন্মান না পায়।

———
শপত খোৱা বেয়া।

ঘনে ঘনে যিটো লোকে, দিব্য কৰি থাকে;
জ্ঞানী জনে মিথ্যাবাদী, বুলি কয় তাকে।
প্ৰবঞ্চনা দোষে যাৰ, মন কলুষিত;
শপত খাবলৈ তেঁও, নহয় কুণ্ঠিত।
এটি বাক্য সমাপনে, তিনি দিব্য কৰে;
সংসাৰত শঠ নাই, সিজনত পৰে।
এতেকেহে প্ৰিয় ল’ৰা, উপদেশ ল’বা;
সঁচা ক’বা কেতিয়াও, দিব্য নকৰিবা।

———
বিনয়।

বস্ত্ৰহীন অলঙ্কাৰে, শোভা নকৰয়;
লোণ-হীন ব্যঞ্জন কি তৃপ্তিকৰ হয়?
যিটো পুৰুষৰ নাই, বিনয় বচন;
সি কি কাৰোবাৰ হয় প্ৰণয়ভাজন?

[ ১৭ ]
 

প্ৰিয় ল’ৰা নকৰিবা তুমি অহঙ্কাৰ;
বিনয় বচন সদা, কৰা ব্যৱহাৰ।
সৰ্ব্বপ্ৰিয় হয় লোক, বিনয় বচনে;
ৰাখা এই উপদেশ আপোনাৰ মনে।

————
গুণী পুত্ৰ।

মূৰ্খ পুত্ৰ হয় যদি, এশ বা হাজাৰ;
সিহঁতৰ পৰা নাই একো উপকাৰ।
যেনে শস্য ক্ষেত্ৰে জন্মি বনৰীয়া বন :
কৃষকৰ অপকাৰ কৰে অগণন।
যি বংশত শঠ মূৰ্খ, বহু পুত্ৰ হয়;
সি বংশৰ মান হয়, অৱশ্যে বিলয়।
যথা সৰোবৰে শোভে, প্ৰফুল্ল কমল:
গুণী পুত্ৰগণে কৰে, বংশক উজ্জ্বল।
গুণী শিষ্ট পুত্ৰ যদি, এটিয়েই হয়;
অনেক মূৰ্খত কৰি, সেয়ে শ্ৰেষ্ঠ হয়।
এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে;
অসংখ্য তৰাই তেনে কদাচ নোৱাৰে।

[ ১৮ ]
ৰজা।

প্ৰজাক ৰাখিলে সুখে, নৃপতিৰ সুখ;
প্ৰজাক পীড়িলে হয়, নৃপতিৰো দুখ।
স্বেচ্ছাচাৰী নৃপতিৰ, আছয়ে সংস্কাৰ;
প্ৰজাক বিনীত কৰে, কৰি অত্যাচাৰ।
তেনে নৃপত্ৰিক প্ৰজা, কৰে কিন্তু ভয়;
ভয়ৰ লগতে ঘৃণা, দ্বেষো উপজয়।
পৰিশেষে অত্যাচাৰ, অসহন হ'লে;
সকলোৱে অমঙ্গল, সাধে ছলে বলে।
যি ৰজালৈ যত ভয়, কৰি থাকে প্ৰজা;
প্ৰজাৰ ভয়তো তত, চিন্তান্বিত ৰজা।
সন্তক পালিব ৰজা, দুষ্টক দণ্ডিব;
কোনো ৰূপে পক্ষপাত, কাকো নকৰিব
অধীনস্থ প্ৰজাবোৰ, সন্তান সদৃশ;
জ্ঞান কৰি, পালি থাকে, ৰজা অহৰ্নিশ।
বিদ্যা বুদ্ধি ধন সুখ, বৃদ্ধি হয় যাতে;
প্ৰজাৰ প্ৰবৃত্তি ৰজা, ওপজাব তাতে।
তেনেকুৱা নৃপতিৰ, বিপদ নহয়;
সাৰ্থক জীৱন ৰজা, যথাৰ্থই হয়।

—————
[ ১৯ ]
 
কাৰ কিহত প্ৰয়োজন নাই।

কলাৰ কি কাম আছে, ভাল সঙ্গীতত;
অন্ধৰ কি প্ৰয়োজন, আছে দৰ্পণত?
দুৰ্জ্জনৰ ধৰ্ম্মশাস্ত্ৰে, নাই প্ৰয়োজন;
ৰজাৰ দণ্ডলৈ ভয়, নকৰে সজ্জন।
নীৰোগীৰ ঔষধত, নাই প্ৰয়োজন;
প্ৰকৃত সাধুৰো দোষকাৰ্য্যে নাই মন।
পশু-প্ৰায় থাকিবলৈ, যাৰ লজ্জা নাই;
লেখা পঢ়া শিকিবলৈ, তাৰ ইচ্ছা নাই।

————
গৰু।

শৰীৰ-নিঃসৃত স্তনদুগ্ধ দিয়া মাতা;
সন্তানক পোষে কৰি, অনেক মমতা।
সসাগৰা পৃথিবীৰ, অধিপতি যেনে;
স্তনৰ ওপৰে কৰ্ত্তা, শিশু বোৰো তেনে।
কোনো স্থানে এনে লোক, থাকিবও পাৰে;
উক্তৰূপ-ৰজা সঙ্গে, বিসম্বাদ কৰে।
সন্তানক উপেক্ষিয়া, কিন্তু দুগ্ধ হৰে;
তেনে লোক বহু নাই, পৃথিবী ভিতৰে।
অজলা গৰুক পাই, নিৰ্দ্দয় মানবে;
তেনেকুৱা দুগ্ধ সদা, হৰি থকে সবে।

[ ২০ ]
 

গাই দামুৰীক কিছু, খেড় বন দিয়া;
নকৰে শুশ্ৰুষা একো, স্বাৰ্থপৰ হিয়া।
দেশান্তৰে গোবৎসাদি, বড় সুখে থাকে;
অতি অনাদৰ কৰে, অসমীয়া লোকে।
ল'ৰা বুড়া যিটো অন্য, কামে পটু নয়;
আমাৰ দেশত সেয়ে, গৰখীয়া হয়।
অকৰ্মণ্য ভগা ঘৰ, যি থাকে বাড়ীৰ;
গৰুৰ জানিবা সিটি, শয়নমন্দিৰ।
চাৰিপাশে ভিতৰতো, চৌৰাশি নৰক;
তাতে শাস্তি কৰে যেনে, যমে পাপিষ্ঠক।
আবেলী হলেহে গৰু, মেলিবৰ ৰীতি;
তুৰি মুৰি কৰিলে, কোবতে ছিঙ্গে পিঠি।
টকলা পথাৰে ঘাঁহ, যি কেদালি পায়;
প্ৰাণ ৰাখি থাকে গৰু, তাকে মাত্ৰ খায়।
নিৰীহ ও শিষ্টাচাৰী, বলদ বিলাকে;
প্ৰাণপণে নাঙ্গল, শকট টানি থাকে।
নাই পৰিবাৰ পুত্ৰ, নাই কন্যা নাতি;
পৰৰ কাৰণে শ্ৰম, কৰি থাকে আতি।
নাই নাই অকৃতজ্ঞ, সি লোকত পৰে;
গৰু ভালে ৰাখিবলৈ, যত্ন যি নকৰে।

—————
[ ২১ ]
 
কুকুৰ।

বহু আশা কৰে মনে, অল্পো যদি পায়;
পৰিতুষ্ট হয় বড়, তাকে মাত্ৰ খাই।
আপোনাৰ বিপদলৈ, চিন্তাকে নকৰে,
প্ৰভুৰ আদেশ সদা, শিৰোগত কৰে।
ধৰ বুলি গৰাকীয়ে, যাক দেখুৱায়;
বলিষ্ঠ হলেও তাক, আক্ৰমিবে যায়।
তিনি জন ৰখীয়াই, যি কৰ্ম্মত হাৰে;
সকলেই সেই কাৰ্য্য, সাধয় কুকুৰে।
নিদ্ৰা পৰিহৰি কৰে গৃহস্থক ৰক্ষা;
জ্ঞাতি কুটুম্বেৰে কিন্তু, সৰ্ব্বদাই কক্ষা।
চোৰ দস্যু সশঙ্কিত, কুকুৰক ডৰে;
নিশ্চিন্তে গৃহস্থ শোৱে, থাকে যাৰ ঘৰে।
আপুনিও ডাবি দিয়ে, আনকো জগায়;
প্ৰভুৰ সম্পত্তি বোৰ, যাতে ৰক্ষা পায়।
চুৰ কৰা ডকাদিয়া, গৰহিত কৰ্ম্ম;
“ভউ ভউ“ ৰবে কয়, অধৰ্ম্ম অধৰ্ম্ম।
কাৰ্য্যৰ গতিকে যদি, যায় কোনো স্থানে;
কাণ পাতি থাকে কিন্তু, গৰাকীৰ পিনে।
“ঔচ্” বুলি মাতিলেই, হই ত্বৰান্বিত;
প্ৰভুৰ নিকটে আহি, হয় উপস্থিত।

[ ২২ ]
 

ৰাশি ৰাশি ধন দিলে, ভৃত্য পোৱা টান;
অকপটি প্ৰভুভক্ত, কুকুৰ সমান।
গুৰু মানী লোক-বাক্য, যিমতে পালিবা;
কুকুৰৰ কাৰ্য্য দেখি, তুমি শিকি ল'বা।

—————
কেতিয়া কাক চিনি?

বজালেই কাঁহ পাত্ৰ, ভগা ভাল চিনি;
সাক্ষীকলে চিনি লোক, কতদূৰ জ্ঞানী।
ভাল কৰি চিনি পায়, বিবাহৰ পৰে;
পিতা মাতা প্ৰতি ভক্তি, পুত্ৰে কেনে কৰে।
পুড়িলেই চিনি ভাল, বেয়া ৰূপ সোণ;
বিপদত চিনি মিত্ৰে, কেনে কৰে গুণ।
কথা কলে চিনি লোক, মূৰ্খ নে পণ্ডিত;
সাধুক চিনিব লেন, দেন কাৰ বিত।
ব্যৱহাৰে চিনি যাৰ, মনে আছে দয়া;
পঢ়া আৰম্ভতে চিনি, ল’ৰা ভাল বেয়া।

[ ২৩ ]
 
কাৰ দোষত কি হয়।

পিতৃ মাতৃ দোষে পুত্ৰ, প্ৰায় মূৰ্খ হয়;
অতিৰিক্ত শ্ৰমাদিতে, ৰোগ জনময়।
এলাহতে কাৰ্য্য নষ্ট, কত লোকে কৰে;
সময়ান্তে বৃথা হায়, হায় কৰি মৰে।
স্বামী দুষ্ট হলে দুষ্টা, হয় প্ৰায় নাৰী;
শাহুৰ দোষতে হয়, বোৱাৰী দন্দুৰী৷
শিক্ষকৰ উপদেশ হেলা কৰা দোষে;
কত জনে মহাকষ্ট ভোগে পৰিশেষে।


[ ২৪ ]
 
ভাল ল’ৰা।

যি ল’ৰাই শুনে সদা, শিক্ষকৰ বাণী;
যাৰ বাক্যে সন্তোষিত, জনক জননী।
ভাই ভগিনীক স্নেহ, কৰে অকপটে;
দাস বা দাসীকো বেয়া নোবোলে সততে।
কাৰো সঙ্গে কেতিয়াও, দ্বন্দ্ব নকৰয়;
সবাৰো আগত সদা, মিষ্ট কথা কয়।
লগৰীয়া বালকক, ভ্ৰাতৃ যেন দেখে;
কাৰো প্ৰতি ক্ৰোধভাৱ, মনত নাৰাখে।
বৃদ্ধ কুব্জ খঞ্জক নকৰে উপহাস;
মনোযোগ কৰি কৰে, পাঠকে অভ্যাস।
বাটে ঘাটে বেয়া কথা, ৰটিয়া নুফুৰে;
সকলো প্ৰাণীক সদা, দয়াকেহে কৰে।
সৰ্ব্বক্ষণ গুৰুবাক্য, কৰয় স্মৰণ;
পাঠ্য পুথি ৰাখে, কৰি পৰম যতন।
প্ৰতিদিনে পাঠালয়ে, সময়তে যায়,
এলাহৰ বশীভূত, কখনো নহয়।
পৰদ্ৰব্য কেতিয়াও, চুৰ কৰি নানে;
বেয়া কাৰ্য্য বিলাকক, ঘৃণা কৰে মনে।
এনেকুৱা ব্যৱহাৰী, যিটো ল’ৰা হয়;
তাক ভাল ল’ৰা বোলে, যত সদাশয়।

[ ২৫ ]
 
সকলোৰে উপদেশ গ্ৰহণীয়।

চোৰে চুৰ কৰিবলৈ, নিচোৰক বাধে;
পশু পক্ষী মৰা দোষ, বুলি ক'লে ব্যাধে।
জাল বোৱা ডোমে ক'লে, মাছ মৰা দোষ;
অসতে শঠক দেখি, কৰে অসন্তোষ।
অসতীয়ে জ্ঞান দিয়ে, শান্তি হোৱা বুলি;
কানীয়াই কয় কানী, নাখাবা সমূলি।
কৃপণে অনেক দান কৰিবলৈ কয়;
আপোনাৰ কপৰ্দ্দকো, হানি নকৰয়।
কবিৰাজ যি ৰোগত, নিজ থাকে পড়ি;
আনক ঔষধ দিয়ে, পুৰুষাৰ্থ কৰি।
যি জনে সদাই মিছা, কথা কই ফুৰে;
মিছা কথা মহা পাপ বুলি ঘিণ কৰে।
কৃতঘ্নে কৃতজ্ঞ হোৱা, বুলি জ্ঞান দিয়ে।
তত্ত্বজ্ঞান শিক্ষা দিয়ে, অতি অজ্ঞানীয়ে।
সদা এনে উপদেশ, দিয়ে খলুৱাই;
কাৰো কথা ক’তো তুমি, নক’বাহে ভাই।
লোভীয়ে আনক বোলে, লোভ পৰিহাৰ্য্য;
গৰ্ব্বৱন্তে কয় গৰ্ব্ব, কৰাই অকাৰ্য্য।
ইসবৰ বাক্যে কোনে কৰিব বিশ্বাস?
বৰঞ্চ কৰিব লোকে, অতি উপহাস।

[ ২৬ ]
 

ভাবি চালে কথা মিছা, নোহে একেবাৰে,
অভিজ্ঞতা লাভে উপদেষ্টা হ'ব পাৰে।
নগ’লে নেজানে কোন্ স্থান কত দূৰ;
নাখালে নেজানি বস্তু তিতা নে মধুৰ।
সাপে একবাৰ যাক আগে দংশিছিল;
সিয়েই হে জানে কেনে বিষ লাগিছিল।
দোষ কৰি দণ্ড পোৱা লোক পৰীক্ষিত;
সিহঁতৰ উপদেশ লোৱা সমুচিত।
যুক্তিযুক্ত উপদেশ, মানিব যতনে;
শামূকৰ মুক্তা বুলি ক'ত কোনে ঘিণে?


[ ২৭ ]
 
উপদেশ।

নকৰিবা শিশু বৃথা খেলা, নকৰিবা বিদ্যাভ্যাসে হেলা,
 নকৰিবা কোনো মানুহক তিৰস্কাৰ;
পিতৃক মাতৃক নিতে নিতে, কৰিবাহা ভক্তি একচিতে,
 তেবেসে জীৱন সাৰ্থক হ'ব তোমাৰ।
যিজন জগত-অধিপতি, যাঁৰ দয়া প্ৰকাশিছে অতি,
 যাঁৰ কৃপাগুণে লভি আছ নৰকায়;
যাঁৰ নাম গাই পাপী তৰে, যাঁৰ গুণে দুঃখ দূৰ কৰে,
 সিজন ঈশ্বৰ, আৰাধাহা সৰ্ব্বদাই।
যি দেশত তুমি উপজিছা, য’তে ঘৰ বাড়ী কৰি আছা,
 সি দেশক তুমি মাতৃ মানি' লবা মনে;
তাত বাস কৰা সত নৰ, সম্বন্ধত ভাই পৰস্পৰ,
 সি সবৰ শুভ চেষ্টা কৰা পাৰা মানে।
দৰিদ্ৰ বিলাকে মাগি ফুৰে, তাক দেখি তুমি নেহাঁহিবা,
 শক্তি অনুসাৰে সিহঁতক দিবা দান;
যদি বা নাথাকে ধন ধান, তেন্তে দিবা মিষ্ট সমিধান,
 ন’ ক’বা ন’ ক’বা, সিহঁতক কথা টান।
যাৰ সঙ্গে তুমি পঢ়া নিত, নকৰিবা দ্বন্দ্ব কদাচিত,
 অকপটে স্নেহ কৰিবাহা সমুচিত;
কিন্তু পঢ়া পক্ষে জিড্ ভাৱ, ৰাখিবা মনত গুপ্ত কৰি,
 দ্বেষ ভাব মনে ৰাখা অতি অনুচিত।

[ ২৮ ]
 

ব্যৱহাৰ নিৰ্গুণ লোকৰ, আছে এনেকুৱা দোষকৰ,
 আনৰ গুণত দুঃখ ভাবে মনে মনে;
নিজে গুণৱন্ত হবলই,  কেতিয়াও চেষ্টা নকৰয়,
 তেনেকুৱা তুমি ন’হ’বাহে কোনো দিনে।

———*————
পিতা মাতাৰ স্নেহ।

দহ মাহ গৰ্ভ বহি, অশেষ যাতনা সহি
 জনমায় পুত্ৰ জননীয়ে;
মল মূত্ৰ এড়ে যত,  নিঘিণি গুছায় তত,
 তাত পড়ি থাকিব নিদিয়ে।
সন্তানৰ সুবদনে, দিয়ে স্তন হৃষ্ট মনে,
 আন কৰ্ত্তব্যক পাছ কৰি;
যি যি বস্তু লঘু অতি,  সাৱধানে স্নেহৱতী,
 ভোজন কৰায় হাত ধৰি।
সন্তানৰ ৰোগ হ'লে,  কান্দে বড় বিয়াকুলে,
 আন চিন্তা নাথাকে মনত;
শয়ন ভোজন এড়ি,  থাকে ঈশ্বকে স্মৰি,
 পুত্ৰ-ৰোগ দেখি অবিৰত।
বৈদ্যৰ ব্যৱস্থা মতে,  দুগ্ধপোষ্য ল'ৰাহতে,
 খাব যদি নোৱাৰে ঔষধ;

[ ২৯ ]
 

মতাক খাবলৈ কয়  মিষ্ট বস্তু যত হয়,
 তাক কৰি সমূলি নিষেধ।
সন্তানৰ পৰিৱৰ্তে,  আপোনাৰ প্ৰাণ দিতে,
 পাৰে, মিষ্ট বস্তু কোন্ কথা?
শয্যাগত সন্তানৰ, দুঃখ দেখি নিৰন্তৰ,
 বাঢ়ি যায় হৃদয়ৰ ব্যথা।
পুত্ৰৰ দেহৰ পৰা, ৰোগ কাঢ়ি লব পৰা,
 থকা হলে কোনো এটি বুদ্ধি;
অক্ষুব্ধ চিত্তেৰে তাক,  লব লোকে দিলে হাক,
 নোৱাৰা কাৰণত বিবুদ্ধি।
পুত্ৰৰোগ সময়ত,  জননীয়ে ভোগে কত,
 এইৰূপে অসংখ্য নিকাৰ;
এতিয়া হ'লাহি বড়,  মাতৃক ভাবিলা পৰ,
 পাহৰিলা সেই উপকাৰ।
পিতা যেনে কুৱাকই,  শোণিতকে পানী কই,
 পত্নী পুত্ৰ কন্যাৰ কাৰণে;
অন্ন বস্ত্ৰ ধন ৰত্ন,  আৰ্জিবলৈ কৰি যত্ন,
 সৰ্ব্বদাই ফুৰে প্ৰাণ পণে।
ভাল দ্ৰব্য কোনো দিনে,  মিলে যদি দুয়ো জনে,
 নাখাই পুত্ৰলৈ থয় সাঁচি;
উমলি বা পঢ়ি ঘৰে,  উপস্থিত হ'লে পৰে,
 তাকে সিহঁতক দিয়ে যাচি।

[ ৩০ ]
 

খুৱাই ধুৱাই ৰঙ্গে,  কতোক্ষণ পুত্ৰ সঙ্গে,
 মাতা কৰে ধেমালি অপাৰ;
জননী সবৰ মনে, নাই ধন ই-ভুবনে;
 পুত্ৰৰ সমান কোনো আৰ।
পৰিশ্ৰমে ক্লান্ত হই,  সন্ধ্যা আস্ত ব্যস্ত কই,
 পিতা ঘৰে আহিলে উলটি;
দেখি শিশু হৰ্ষে বড়,  ল’ৰ দিয়া পিতাকৰ,
 ধৰে গই ভৰিত সাবটী।
দিবসৰ দুঃখমানে,  তুচ্ছ ভাবে তেঁও মনে,
 পুত্ৰৰ কমল মুখ চাই;
ক্ষুধা তৃষ্ণাকো পাহৰি,  দুঃখতে আনন্দ কৰি,
 ভাবে সুখী “মোত পৰে নাই।”
বিদ্যা নিশিকাৰ বাবে,  পিতা আৰু মাতা সবে,
 মুখে দাবি মাজে মাজে দিয়ে;
লোক মুখে পুত্ৰ-দোষ,  শুনি কৰে অসন্তোষ,
 গুণ শুনি সুধা যেন পীয়ে।
বিদ্যা ধন যশ বুদ্ধি,  অনুক্ৰমে হ'লে বৃদ্ধি,
 সন্তোষ সাগৰে মগ্ন হয়;
সেয়ে ন’হলে হে মনে,  খেদ কৰে দুয়ো জনে,
 সংসাৰক দেখে দুঃখময়।
কিবা কাৰ্য্যে কোনো দিনে, গলে পুত্ৰ দূৰস্থানে,
 ঘৰে মাতা, দেই মাত্ৰ ৰাখি;

[ ৩১ ]
 

থাকে বাটলই চাই,  সোধে যাকে তাকে পাই,
 জলে পৰিপূৰ্ণ কৰি আঁখি।
উলটি নাপায় মানে,  এই দৰে দিনে দিনে,
 সময় খেদায় বিষাদত;
আহি ঘৰে উপস্থিত,  হ'লে হয় হৰষিত,
 চন্দ্ৰ যেন মিলিল হাতত।
শৰীৰে বুলাই হাত,  সাদৰে লগাই মাত,
 “বাপা! কিবা খাবা নে নোখোৱা?
তোমাৰ দুখুনী আই,  আছোঁ মই যেতিয়াই,
 আছে বস্তু সকলো যতোৱা।
মই মৰি গ'লে পাছে,  তোমাৰ ভাগ্যে যি আছে,
 সেয়ে হব খণ্ডাব নোৱাৰি;
সি কথা নহয় মানে,  থাকা তুমি হৃষ্টমনে,
 খোৱা পিন্ধা হেতু চিন্তা এড়ি”।
জ্ঞাতি বন্ধু ভাই যত,  আছে এই সংসাৰত,
 কোনে এনে কৰিব চেনেহ;
পুত্ৰ-মঙ্গল কাৰণে,  সদা বাঞ্ছা কৰে মনে,
 আপোনাৰ তুচ্ছ মানি দেহ।
এনে পিতা জননীৰ,  কুবাক্যত নেত্ৰনীৰ,
 যিটো নৰাধমে উলিয়ায়;
মনুষ্য জীৱনে তাৰ, ধিক্ ধিক্‌ শতবাৰ,
 গাহৰী ন'হ'ল কিয় হায়!

——*——
[ ৩২ ]
কাউৰ আৰু শিয়াল।

এখুটুৰা মাংস লই, পৰম হৰিষ হই,
 কাক আহি পড়িল ডালত;
খাব কি লুকাই থ’ব, থ’লে কোনোবাই নিব,
 ঘোৰ চিন্তা লাগিল মনত।
মঙ্গহ ঠোঁটেৰ ধৰি,  চাৰিফালে দৃষ্টি কৰি,
 বায়সে ভাবিছে সদুপায়;
অলপ * এতিয়া খাওঁ,  অলপ লুকাই থওঁ,
 সজ বস্তু নিৰ্মিলে সদাই।
দৃৰদৰ্শী লোকে কয়,  যিটে সাঁচি ৰাখি খায়,
 তাৰ কষ্ট নহয় হঠাতে;
বগলীয়ে যেটি পায়,  মাছ ততালিকে খায়,
 না পাইলে থাকে সুদা পেটে।
যত পায় তত খায়,  অলপ সঞ্চিত নাই,
 এই কৰ্ম্ম দৰিদ্ৰ-লক্ষণ;
গৃহীয়ে যি দ্ৰব্য পায়,  কিছু সাঁচে কিছু খায়,
 তেনে ৰীতি অতি বিচক্ষণ।
সচিন্তিত আছে কাক,  এনেতে শিয়াল এক,
 সেই গছ তলে উপস্থিত;
ওপৰলৈ চাই দেখে,  মাংস লই কাকে মুখে,
 ভাবে কাৰ্য্য কি কৰা উচিত।


 * অলপ-অলপ্‌কৈ। [ ৩৩ ]
 

স্বভাৱে নখৰ জাতি, মাংসৰ লুভীয়া অতি,
 তাতে খায় দুৰ্ব্বলে আগত;
মনে কৰি উৎপাত, উঠিব নোৱাৰি তাত,
 উপায় চিন্তিলে অন্য মত।
বল বুদ্ধি আছে কিন্তু, দুপাখিৰে হীন জন্তু,
 কাঢ়ি মাংস খোৱা সুকঠিন;
“আজি-ঘটনালৈ চাই, চড়াই ন’হলেোঁ হায়”,
 খেদ কৰে ধূৰ্ত্তৰ প্ৰবীণ।
মাংস ফেৰি খাবলই, বড়াশা * কৰিছোঁ মই,
 যত্ন কৰি দেখো একবাৰ;
কৃপা কৰি দিলে বিধি, হ’ব পাৰে কাৰ্য্য সিদ্ধি,
 ন’হ’লে নো কি লজ্জা আমাৰ।
ধূৰ্ত্ত মধ্যে আমি যেনে, বায়সে চতুৰ তেনে,
 ফাঁকি দিয়া সহজ নহয়;
যত্নত ৰতন পায়, লোকে কয় সৰ্ব্বদাই,
 দেখো চোন হয় নে নহয়।
আশাতেই বন্দী হই, থাকিলে ইয়াতে ৰই,
 জ্ঞাতিয়ে বা নিন্দা কৰে পাছে;
আশা যেনে উপকাৰী, নকৰি কেনেকৈ পাৰি,
 আশাতেই সংসাৰ চলিছে।


 * বড় আশা। [ ৩৪ ]
 

মহা মহা ৰাজা যত, আশাৰ নিদানে কত,
 কৰিছিল কাৰ্য্য সুমহত;
সি সবক মনে কৰি, বুদ্ধি বল অনুসৰি,
 চলিবই লাগিব সতত।
অমৃতৰ আশা কৰি, বহু পুৰুষাৰ্থ কৰি,
 সাগৰ মথিলে দেৱাসুৰে;
স্ত্ৰী-ৰত্নৰ প্ৰত্যাশায়, কষ্টে ভ্ৰমি নানাঠাঁই,
 ত্ৰিলোক জিনিলে লঙ্কেশ্বৰে।
অভীষ্ট সিদ্ধিৰ হেতু, সমুদ্ৰত বান্ধি সেতু,
 মহাৰাজ দশৰথ-সুত;
ভালুক বান্দৰ লই, লঙ্কাত প্ৰবিষ্ট হই,
 যুদ্ধ কৰিছিল অদভুত।
যুধিষ্ঠিৰ ৰাজা অতি, দানী মানী ধৰ্ম্মে মতি,
 তেঁও কিন্তু ৰাজ্যৰ আশাত;
দয়া ধৰ্ম্ম পৰিহৰি, দুৰ্ঘোৰ সমৰ কৰি,
 জ্ঞাতিকো মাৰিলে অসংখ্যাত।
পৃথিবী হ’বৰে পৰা, সব লোক আশা কৰা,
 বৰাবৰ আছে প্ৰচলিত;
শুভাশুভ কাৰ্য্যচয়, আশাৰ নিদানে হয়,
 যত্ন হ'লে নহয় বঞ্চিত।”
এই কথা ভাবি থাকি, বায়সলৈ চাই ডাকি,
 ক’বলৈ ধৰিলে ধূৰ্তৰাজ;

[ ৩৫ ]

“অহে পক্ষি তযু ৰূপ, দেখিবলৈ অপৰূপ,
 সৰু বড় মৃত পক্ষী মাজ।
নব ঘন দূৰ্ব্বাদল, শ্যামপত্ৰ শতদল,
 সিবৰ্ণ নহয় তযু সম;
এনে কৃষ্ণ বৰ্ণ হায়,  আমি ক’তো দেখা নাই,
 দেহৰো গঠন নিৰুপম।
ৰূপ গুণ এক ঠাঁই,  দিয়া টান বিধাতাই,
 সি কাৰণে আপুনি কি বোবা?
বহু লোক মুখে শুনু,  কাক সুগায়ক হুনু,
 মই অধমক নবঞ্চিবা।
মই অতি মূঢ়মতি,  নাজানো মিনতি স্তুতি,
 নোৱাৰো বৰ্ণাব তযু গুণ;
তযু সুমধুৰ স্বৰ, শুনি হুনু মনুষ্যৰ,
 পৰম সন্তুষ্ট হয় মন।
নানা স্থানে অসংখ্যাত, পক্ষীৰ শুনিছোঁ মাত,
 মনুষ্যৰো গীত আছোঁ শুনি;
জনমেই হ’ল বৃথা, নুশুনিলোঁ তযু কথা,
 কৰা পক্ষী একবাৰ ধ্বনি।”
শিয়ালৰ কথা শুনি, কাকে বড় হৰ্ষ মানি,
 কা'কা’, বুলি আৰম্ভিলে গান;
মুখৰ মঙ্গহ সৰি, পড়িল ধোপোছ কৰি,
 ধূৰ্ত্তে লই কৰিলে প্ৰস্থান।

[ ৩৬ ]
 

তাৰ কুমন্ত্ৰণা দেখি, দুঃখিত বায়স পক্ষী,
 অকথাতে প্ৰতাৰিত হই;
মনোদুঃখে অপমানে, তাৰ পৰা অন্য স্থানে,
 উড়ি গ’ল লাহে লাহে কই।
দুষ্ট লোকে এই দৰে,  নানা তোষামোদ কৰে,
 অভিলাষ সিদ্ধিৰ কাৰণ;
কাৰ্য্য সিদ্ধি হ'লে পাছে, মাতিলেও নাহে কাছে,
 দেখিলেও কৰে পলায়ন।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )