এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পিতা মাতাৰ স্নেহ ৷
ব্যৱহাৰ নিৰ্গুণ লোকৰ, আছে এনেকুৱা দোষকৰ,
আনৰ গুণত দুঃখ ভাবে মনে মনে;
নিজে গুণৱন্ত হবলই, কেতিয়াও চেষ্টা নকৰয়,
তেনেকুৱা তুমি ন’হ’বাহে কোনো দিনে।
দহ মাহ গৰ্ভ বহি, অশেষ যাতনা সহি
জনমায় পুত্ৰ জননীয়ে;
মল মূত্ৰ এড়ে যত, নিঘিণি গুছায় তত,
তাত পড়ি থাকিব নিদিয়ে।
সন্তানৰ সুবদনে, দিয়ে স্তন হৃষ্ট মনে,
আন কৰ্ত্তব্যক পাছ কৰি;
যি যি বস্তু লঘু অতি, সাৱধানে স্নেহৱতী,
ভোজন কৰায় হাত ধৰি।
সন্তানৰ ৰোগ হ'লে, কান্দে বড় বিয়াকুলে,
আন চিন্তা নাথাকে মনত;
শয়ন ভোজন এড়ি, থাকে ঈশ্বকে স্মৰি,
পুত্ৰ-ৰোগ দেখি অবিৰত।
বৈদ্যৰ ব্যৱস্থা মতে, দুগ্ধপোষ্য ল'ৰাহতে,
খাব যদি নোৱাৰে ঔষধ;