[  ]

ঈশ্বৰলৈ অভিযোগ

জীৱনমাধুৰী নেওগ বৰা

[  ]

ঈশ্বৰলৈ অভিযোগ

 

জীৱন মাধুৰী নেওগ বৰা

 

নন্দন প্ৰকাশ
‘আজলীতৰা’
গুৱাহাটী-৭৮১০০৫

[  ] ISWARALAI ABHIJOG - A collection of light essays by Smt. Jeewan Madhuri Neog Bora and published by M/S NANDAN PRAKASH, Ajalitara, Guwahati_781005.

 

মুল্যঃ ১৫•০০

 

লেখিকাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত

বেটুপাত আৰু অঙ্গসজ্জা : শ্ৰীভাস্কৰ বিকাশ বৈশ্য

প্ৰথম প্ৰকাশ : ২ জুলাই ১৯৮৭ চন।

মুদ্ৰক : ৰুবী আৰ্ট প্ৰেছ

 তৰুণ নগৰ, দিশপুৰ

 গুৱাহাটী = ৭৮১০০৫

[  ]

আজলীতৰা নেওগ

‘আইদেউ’ লৈ

শ্ৰদ্ধা তৰ্পনৰ অঞ্জলি

 

আমাৰ শৈশৱতে হেৰাই গৈ
 তুমি সৰগৰ আজলীতৰা হ’লা;
  জীৱন বাটত খোজ পেলাওঁতে
   তোমাৰ উজ্জ্বল দৃষ্টিৰ পোহৰেৰে
    যেন বাট দেখুৱাই নিয়া।

আশীষ ভিক্ষাৰী
জোন

[  ] মই ক'ব খুজিছোঁ।..............

 কিয় জানো। সৰু সৰু কাম কিছুমান মোৰ বৰ চকুত পৰে। সৰু সৰু কথা কিছুমান মোৰ বৰ কাণত বাজে আৰু এনে সৰু সৰু কথা কামবোৰৰ মাজতেই মই জীৱনৰ মাধুৰী বিচাৰি পাওঁ। সেই দেখা - শুনা কথাবোৰকে মই লিখি পেলাইছিলো। সেইবোৰ ৰম্য ৰচনা নে লঘু ৰচনা কোন শেণীত পৰে সেই বিষয়ে কেতিয়াও চিন্তা নকৰাকৈ কেৱল লিখি গৈছিলোঁ। আচলতে মই কি বুলি লিখিম ভাবি লিখা নাছিলো। ইয়াত সন্নিবিষ্ট প্ৰায়বোৰ লেখাই '৭৯ ৰ পৰা ’৮৫ ৰ ভিতৰত লিখা। ‘অসম বাণী’ আৰু অ'ত ত'ত তাৰে কিছুমান প্ৰকাশ হৈয়ো গৈছে।

 মোৰ ভাইটী ‘বন্' আৰু ভাগিন কেইটিয়ে এইবোৰ পঢ়ি পঢ়ি বৰ আমোদ পোৱা দেখিয়েই লিখিবলৈ মোৰ মন গৈছিল ছাগে। লেখাখিনি কিতাপ আকাৰে উলিয়াবলৈ ছপাখানাত দিয়াটো হ'লগৈ পিচে, মোৰ স্বামী অতুল বৰাৰ উৎসাহতহে।

 হিয়াভৰা শলাগ আৰু কৃতজ্ঞতা জনাব লাগিব মোৰ ভ্ৰাতুসম শ্ৰীশ্যাম সুন্দৰ টোডী আৰু ডঃ ভূপেন্দ্ৰ ৰায় চৌধুৰীক। কিয়নো আৰ্হি কাকত চোৱাৰ পৰা কিতাপখন সম্পূৰ্ণ কিতাপ আকাৰে পঢ়ুৱৈ সমাজলৈ উলিয়াব পৰা হ’ল একান্ত তেওঁলোকৰ যহতহে। মই তো ছপাখানালৈ লেখাখিনি পঠিয়াই দিয়েই নিশ্চিন্ত আছিলো। বেটুপাতৰ ছবিখনৰ ভাৰ আমাৰ ভাগিন ডঃ ধ্ৰুৱজ্যোতি বৰাই ( বাপন) লোৱা বাবে সেই দিশটোতো মই চিন্তা নকৰাকৈয়ে হ'ল। তেওঁলৈ অশেষ ধন্যবাদ। [  ] ৰুবী আৰ্ট প্ৰেছৰ কৰ্মীবৃন্দলৈ তেখেত সকলৰ সহযোগিতাৰ বাৰে ধন্যবাদ জনালোঁ৷

 এই অকণমান কিতাপখনতে ইমানবোৰ মানুহৰ পৰা পোৱা সহায় সহযোগে মোক নিশ্চয় এখন ডাঙৰ কিতাপ লিখিবলৈ প্ৰেৰণা যোগাব। অৱশ্যে পঢ়ুৱৈ সমাজে এইখন পুথিক মৰমৰ চকুৰে চালেহে সেয়া সম্ভৱ হ'ব। এই সকলোৰে পৰা পোৱা মৰম আশীষৰ কথাই মই কব খুজিছিলোঁ।

জীৱন মাধুৰী নেওগ বৰা

[  ]
 

ৰূপে কি কৰে

 

 গুণেহে বোলে সংসাৰ তৰে। কিন্তু ৰূপে কি কৰে মানে? ৰূপে কি নকৰে আজিকালি তাকে কওকচোন! গুণে কেতিয়াবা কিবা কৰিব নোৱাৰিলেও ৰূপে হ’লে কৰে। খুৰ কৰে।

 ধৰক, আপোনাৰ ল'ৰাৰ বা ভাই-ককাই কাৰোবাৰ বিয়া পাতিব খুজিছে। ছোৱালী বিচাৰোঁতে প্ৰথমতে ৰূপে - গুণে বিভূষিতাই বিচাৰিব। কিন্তু ৰূপ আৰু গুণ প্ৰকৃতাৰ্থত একেলগে পোৱা দুৰ্লভ। এজনী ‘ভাল’ ছোৱালী বিচাৰি আপুনি বিয়া- সবাহ, মেল-মিটিং, স্কুল-কলেজ সকলোতে তীক্ষ্ণ সজাগ দৃষ্টি ৰাখি আছে। আপোনাৰ দৃষ্টিয়ে ‘ভাল’ মানে এজনী চকুত লগা দেখনিয়াৰ ছোৱালীৰ সন্ধানতহে ঘূৰি থাকিব। কোনোবাই হয়তো ৰূপ নথকা অথচ গুণী ছোৱালী এজনী 'ভাল ছোৱালী’ বুলি আপোনাক আঙুলিয়াই দিলে। আপুনি চাবলৈ গৈ থমকি ৰব। মনটো অলপ কোঁচ খাব। লাহেকৈ ক'ব—‘ভালেই আছিল। পিছে দাঁত কেইটা অলপ সোমাৱা হ'লে আৰু গা-ৰ বৰণটো অলপ পোহৰ হোৱা হ'লে আপত্তিৰ কোনো কাৰণেই নাছিল।’ দেখিলে এতিয়া আপত্তিটো ক’ত! ৰূপৰ অভাৱৰ বাবেই নহয় নে? আন এগৰাকা ভাবী শাহুক আক’ এজনী ‘ভাল ছোৱালী’ দেখুৱাই দিওঁতে ক’লে গুণখনি আছে হয়। শলাগিবলগীয়াই। পিছে ৰূপটো অলপ লাগে আৰু দিয়কচোন! ধুনীয়া বোৱাৰী এজনী ঘৰখনত ওলোৱা-সোমোৱা কৰিলেই ভাল লাগে দেখোন। বোৱাৰী বুলি দেখুৱাইও ভাল লাগে হেঁ! স কেইটাইও বন্ধু - বান্ধবীক ‘নবৌ' বুলি দেখুৱায়েই ভাল পাব! গুণখিনি নো আৰু দেখে কোনে? [  ]  দেখিলে এতিয়া, ৰূপে কি কৰে? বিয়া কৰাবলৈ ওলোৱা ডেকা সকলকো মন কৰিবচোন – নিজে দেখিবলৈ যেনেকুৱাই নহওক, ছোৱালী বিচাৰোতে ‘ধুনীয়া হ'ব লাগিব হ’লে’ বুলি ক’বই। অৱশ্যে ‘ধুনীয়া’ৰো সংজ্ঞা বেলেগ বেলেগ। কোনোবাই গঢ়ে পিতে ধুনীয়া বিচাৰে, কাৰোবাৰ বাবে গা-ৰ বৰণটো বগা হ'লেই ধুনীয়া হয়, কাৰোবাৰ আক’ ধুনীয়া ফিগাৰ মানে আধুনিক ফেশ্যনত চুলি কটা, চেলাউৰি প্লাক কৰা, মেনিকিওৰ, পেডিকিওৰ কৰি নেইল পলিচ লগোৱা নখ আৰু অশালীন হ'লেও লেটেষ্ট ষ্টাইলত সাজ-সজ্জা কৰাকে ধুনীয়া আৰু ‘ভাল ছোৱালী’ৰ লেখত পৰে। মুঠতে ৰূপ লাগে—বন্ধুমহলত আলোড়ন তুলিবলৈ, সকলোৰে মুগ্ধ দৃষ্টিৰ আগেৰে স্কুটাৰত বা গাড়ীত কাষত বহুৱাই নিবলৈ। ‘সুখী’ হোৱাৰো মানে তাতেই দেখে। এতিয়াও ক’বনে ৰূপে কি কৰে বুলি?

 এগৰাকী অতি আধুনিকা ন-কৈ হ'ব খোজা শাহুৰ কথাতহে বৰ আমোদ পালো। তেখেতে ক’লে ‘ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে বুলি লোকক ক'বলৈহে ভাল বুইছা। মানে এটা সান্ত্বনাৰ বাণীৰ দৰে। আচলতে বোৱাৰীজনী খুব ধুনীয়া হ’লে মনটো যে ৰঞ্জিত ৰঞ্জিত লাগেই, গৰ্বও হয়। একপ্ৰকাৰ চশ্যিয়েল ষ্টেটাচও বাঢ়ে। গুণ মানে নো কি আৰু! এই ৰন্ধা-বঢ়া জনা, চিলাই-তিলাই জনা এইবোৰহে আৰু!! ৰন্ধা-বঢ়া কৰিবলৈ কাঞ্চা-তাঞা থাকেই। ঘৰ- বাৰী পৰিষ্কাৰকৈ ৰাখিবলৈ, কাপোৰ-কানি ধুবলৈ, ‘বাই’ ‘ঝী’ থাকেই। আৰু চিলাই-তিলাইবোৰ কৰাৰনো কি দৰকাৰ? দোকানত ৰেডিমে’ড কি ধুনীয়া ধুনীয়া চেট-বোৰ পায়!! ঘৰ সজোৱা দেশ-বিদেশৰ নানান বস্তুৰে বজাৰ ঠাহ খাই আছে। আনি সজালেহিয়েই হয়। খোৱা-বস্তু এই কেক্‌ চেণ্ডউইচবোৰোতো বজাৰতে পায়। মুঠতে লাগ বুলিলেই প্ৰত্যেক বিধ বস্তু বজাৰত পায়েই যেতিয়া — মই হ’লে এইবোৰ গুণৰ কোনো মানেই নেদেখোঁ। আৰু পঢ়া-শুনাত ভাল হ’লে নো [  ] আমি কি কৰিম কোৱা? আমি কিবা ঘৰত ক্লাচ খুলিম নে? সেইকাৰণেই মই কওঁ বুইছা, গুণ নাথাকিলে ( এইবোৰেইহে গুণ! ) সহজেই মেনেইজ কৰি ল'ব পাৰি। কিন্তু কুৰূপা হ’লে কি কৰিবা বাৰু? কমাৰশালত বি তো ধুনীয়া কৰি ল'ব নোৱাৰি! আচলতে বাস্তব ক্ষেত্ৰত ধুনীয়াটোহে চাব লাগে নহ’লে ল’ৰাক বন্ধনত ৰখাও দিগ্দাৰী। পিচত আমাক হে দূষিব!!’ ননদ, জেশাহু আন্ কি দেওৰেকহঁতৰো মন্তব্য প্ৰায় তেনেকুৱাই। ‘সুন্দৰ মুখৰ জয় সৰ্বত্ৰ’। আপুনি যদি যুক্তি দেখুৱাবলৈ যায় বোলে – ৰূপে মানুহক সুন্দৰ নকৰে; আচাৰ - ব্যৱহাৰ, সৎ শান্ত স্বভাৱেহে ছোৱালী ধুনীয়া কৰে। কেলেই ‘ধুনীয়া হাত কাৰ’ সাধুটো জানো............। আপোনাক কথাটো শেষ কৰিবলৈকে নিদিব। আধুনিক ভাবী শাহুগৰাকীয়ে লগে লগেই ক'ব ⸺ ‘এঃ থোৱা, থোৱা। সেইবোৰ সাধুহে। সাধু সাধুৱেই। আপুনিয়েই কওক- চোন বাৰু—জোৰোণ পিন্ধাবলৈ গৈ লাহি, কোমল, ধুনীয়া হাত দুখন ভাল লাগিব নে বাচন – বৰ্তন ধুই কাম কৰি কৰি খহটা হৈ যোৱা হাতখন ভাল লাগিব? আজিকালিৰ ল'ৰাইও তেনেকুৱা ছোৱালীহে পছন্দ কৰে, লাগে কাম.. নাজানকেই।’ এতিয়াও ক’বনে? ৰূপে একো নকৰে বুলি?

 অফিচ - কোম্পানীবিলাকতো আন ঠাইলৈ ‘প্ৰতিনিধি’ পঠাবলৈ ধুনীয়া ধুনীয়া ল'ৰা বা ছোৱালী কৰ্মচাৰীহে বাচে। গুণ খিনি গৌণ। ‘বছ’ হবলৈও চেহেৰা লাগে। ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ইন্দিৰাকহে বিদেশত শুৱায় বুলি ৰূপৰ প্ৰশংসা একমুখে সকলোৱে কৰে।

 গুণৰ মোল নথকা নহয়। আছে। কিন্তু ঠাই বিশেষে। বীণা, শব্দ আৰু তিৰুতাৰ গুণাগুণ হেনো নিৰ্ভৰ কৰে — ব্যৱহাৰ কৰোঁতাজনৰ ওপৰতহে। কথাষাৰ সঁচাকৈয়ে সঁচা। এঘৰৰ এগৰাকী বোৱাৰীক দেখিছিলো— দেখিবলৈ বিশেষ ধুনীয়া নহয় যদিও ৰন্ধা - বঢ়া, পিঠা-পনা কৰা, বোৱা - কটা [ ১০ ] সকলোতে বৰ পটু। শাহুগৰাকীৰ তথাপি মুখত সন্তোষৰ হাঁহি নাই। মুখ ওন্দোলাই কৈছিল, “ভাগ্য়ত আমাৰ ৰূপৱতী বোৱাৰী তো নাই নায়েই, গুণখিনিৰো অভাৱ। ’কিয়? মই আচৰিত হৈ ক’লো, ইমান গুণী ছোৱালীজনী...’‘থোৱা থোৱা’ তেওঁ প্ৰায় ভেকাহি মাৰিয়েই ক'লে, “সেইবোৰ গুণ লৈ নো আজিকালি কি সংসাৰ চলাব হেঁ? পোলাও, কোৰ্মা-কোপ্তা খোৱা জিভাত খাৰ-টেঙাৰ জুতি আজিকালি কোনেও নিবিচাৰে। আৰু এই পিঠা - পনাবোৰতো গেষ্ট্ৰিক-ফেষ্ট্ৰিকৰ বাবে খুবেই বেয়া। আজিকালিনো কাৰ গেষ্ট্ৰিক নাই হেৰি! বোৱা-কটা জানি কি হ’ব? তাঁতত নো কি বিয়াৰ সাজজোৰ ব’ব! মিছাতে সূতা-গুণা, সময়ৰ উপৰি চকুৰ দৃষ্টি শক্তিৰো অপচয়। বজাৰত কম আয়াসতে সকলো পোৱা যায়। নিজক সজাওঁ বোলা বা ঘৰখনকে সজাওঁ বোলা। বজাৰত কি বস্তুৰ অভাৱ? মুহুৰ্ততে গৈ কিনি আনিলেই হয়।' খঙেৰেই তেওঁ মুখখন জপাই থ’লে। মুঠতে এই যুগতকৈ আগবাঢ়িব খোজা শাহুগৰাকীৰ কাষত বোৱাৰীৰ এইবোৰ গুণৰ কোনো মূল্য নাই।

 আন এঘৰৰ বোৱাৰীগৰাকী আক’ চাইনিজ ডিচ্, কন্টিনেন্টেল ডিচ্, আদি আধুনিক ৰন্ধন প্ৰকৰণৰ উপৰি ইণ্টাৰ - ডেকৰেশ্যনত পাকৈত। কিন্তু বিপৰীত ৰুচিবোধৰ শাহুগৰাকীৰ মুখত সন্তোষৰ হাঁহি নাই। আধুনিক সাজ-সৰঞ্জাম, আচ্বাব-পত্ৰৰে নিখুঁত ভাৱে সজাই ৰখা আধুনিক ঘৰখনৰ ডাইনিং টেবুলত ধুনীয়া সাজ-পাৰেৰে ধুনীয়াকৈ চাৰ্ভ কৰা বোৱাৰীয়েকৰ ‘ইংলিচ ডিচ্,’ '‘চাইনিজ্ ডিচ,’ খাইও শাহুগৰাকীয়ে অনুচ্চ কণ্ঠেৰে অসন্তোষীয়া ভাৱে ক’লে — ‘এঃ ল'ৰাই নিজে চাই বিয়া’ কৰোৱা বুলিহে সহি সামৰি থাকোঁ আৰু। বুজিছা , বোৱাৰীয়ে নিজে বন এখন কৰিব নাজানে। বজাৰৰপৰা লোকে কৰা বস্তু কিনি আনি ঘৰখন সজাবলৈ লাজ নাপায় নে বাৰু? পিন্ধা কাপোৰজোৰৰপৰা প্লেটৰ তলপৰা সেই ‘মেট’ খনলৈকে যদি বজাৰৰপৰা কিনে, কেনেকৈ হয়? ঘৰখনত অন্য কামও [ ১১ ] তো নাই! আগৰ দিনত এনেকুৱা তিৰুতাকে ‘থুপৰি’ বুলি কয়। অলপ আচৰিত হৈয়েই ক'লো: কিয়, খুব তো ভাল ৰন্ধা- বঢ়া কৰে। বিশেষকৈ ‘পাই' খিনি যে কৰে ....। শাহুগৰাকীৰ কপালখনৰ সিৰ কেইডাল থুপ খালে। মুখখন বিকটাই ক'লে, সেই ‘পাই’কে ৰান্ধক বা পয়ছাকে ৰান্ধক, আমাৰ পিঠা- পনাৰ জোৰ নাপায়গৈ বুইছা। সেই কেক, পুডিং, বেচ ৰ’ল সোপাত কণী, মাখন, চেৰী, খিচ্ মিচ্, চিজ যতমানে দামী দামী ভাল বস্তুবোৰ দিলে সেইকণ ভাল নহৈ পাৰে নে? কিতাপ চাই চাই ৰন্ধা সেইবোৰ জিভাত দিলেই পমি যোৱা বস্তুতকৈ আমাৰ জুতি লগা লফা শাকৰ আঞ্জাখন, কচু শাকৰ জালুকী- য়াখন,মাটি মাহৰ খাৰখন, সুতুলী পিঠা, ফেণী পিঠা, ঘিলা পিঠাবোৰ একো দামী বস্তু নিদিয়াকৈয়ে কিমান উপাদেয় হয়, নহয় নে বাৰু?

 গুণ আছে। গুণৰ মোল বুজা মানুহো আছে। জোৰাই জোখাই পৰাহে নাই। স্বামীসকলৰ বাবেও তেনেকৈ ৰুচিবোধ বেলেগ বেলেগ হ'লে, টেম্পাৰমেন্ট বেলেগ বেলেগ হলে গুণী গৰাকীও অগুণী হৈ যায়। আচলতে সকলো ধৰণৰ গুণ থকা ছোৱালীয়েই আছে। যোজকস্তত্ৰ দুৰ্ল্লভঃ।

 আজিকালিৰ বেছি সংখ্যক মানুহেই যেন সৌন্দৰ্য সচেতন। ‘এ থিং অব্ বিউটি ইজ জয় ফৰ এ'ভাৰ' বুলি ডেকাসকলক দেখা যায় তেওঁলোকে ছোৱালীৰ চৰিত্ৰ - স্বভাৱ আৰু সং গুণখিনিতকৈ সৌন্দৰ্য, বাহ্যিক আড়ম্বৰতা আৰু আৰ্থিক লাভালাভ লৈহে বেছি চকু দিয়ে। অৱশ্যে এই বাহ্যিক ৰূপ সৌন্দৰ্যৰ উৰ্দ্ধত ভাবিব নোৱাৰা তৰল মনৰ গৰাকীসকলক ‘সৌন্দৰ্য সৰ্বস্ব' অপৰূপাসকলক আনি পিচত ঘৰত অশান্তিৰ সৃষ্টি হোৱাও দেখা যায়। ‘মই বৰ’, ‘হান বৰা’ ভবা ঘৰখনত কোনেও কাকো মানিবলৈ নিবিচাৰে। ফলত ঘৰ গুছি বাঁহতল হোৱাও দেখা যায়। অৱশ্যে বাহ্য়িক আড়ম্বৰতাৰে আধুনিক কৌশলেৰে [ ১২ ] এইবোৰ ধুনীয়াকৈ ঢাকি ৰাখিবলৈ বৃথা চেষ্টা কৰাও চকুত পৰে। এইদৰে আনৰ চকুক ফাঁকি দি ‘সুখী পৰিয়াল’ হৈ দেখুৱাব পাৰি। কিন্তু নিজক? আচলতে বিয়াৰ আগতে সকলোৱে সপোন দেখে। . বিয়াৰ পিচতহে সাৰ পায়। এষাৰি কথা হ’লে চিৰ শ্বাশ্বতঃ ‘সজ ঘৈণী পাবলৈ হ'লে সজ জীয়ৰী আনিবা।’

 ‘তথাপি যোজকস্তত্ৰ দুৰ্লভঃ' যদিও গুণেহে সংসাৰ তৰে বুলি ক'ব নোৱাৰে— যেনেকৈ কব নোৱাৰে: ৰূপে কি কৰে?' বুলি।

 

আমি ছোৱালীবোৰ

 

 সঁচাকৈয়ে অৱলা। সঁচাকৈয়ে অসহায়া। আইতাহঁতৰ দিনত বিয়া হৈছিল আঠ-ন বছৰ বয়সত। ল’ৰাবোৰৰ বয়সো অৱশ্যে বৰ বেছি নাছিল। কিন্তু ল’ৰাৰ বয়স বেছি হ'লেও চিন্তাৰ বিষয় নাছিল। চিন্তা হৈছিল ছোৱালীবোৰৰ বয়স হ'লেহে। ছোৱালীৰ দেউতাক-মাকে ছোৱালীৰ বাৰ বছৰ হোৱাৰ আগতেই যেনে তেনে হাজাৰ কষ্ট কৰি, গাঁঠিৰ ধন ভাঙি এজন ‘দৰা বিচাৰি উলিয়াব লাগিছিল - জাত-কুল ঠিক ৰাখি। তাকে কৰিবলৈ যাওঁতে ‘বৃদ্ধস্য তৰুণী ভাৰ্যাও হৈছিল। কিছুমান ছোৱালীয়ে আক’ সতিনীগিৰি কৰিব লগা হৈছিল। মুঠতে ‘ঘৈণীয়েক’ কৰাৰ বাহিৰে যেন ছোৱালীৰ অন্য গতি নাই।

 সেই কোমল বয়সৰপৰাই ছোৱালীজনীৰ জীৱন ঘৰৰ চাৰি বেৰৰ মাজতেই আৱদ্ধ হৈ থাকিব লাগিছিল। মোক এগৰাকী বৃদ্ধা মহিলাই কৈছিল – তেখেতৰ বোলে আঠ বছৰ বয়সত বিয়া হৈছিল। বিয়া ঠিক কৰিছিল মানে দৰা বিচৰা কাম আৰম্ভ হৈছিল তেখেতৰ ছবছৰ মানৰ পৰাই। সেই সময়তে দৰাক দেখুৱাবলৈ বুলি তেওঁৰ এখন ফটোৰ আৱশ্যক হৈছিল। ফটোখন [ ১৩ ] তুলিবৰ সময়ত তেওঁক এজোৰ মেখেলা-চাদৰ আৰু এটা বেছ আহল-বহল লেইচ লগোৱা ব্লাউজ পিন্ধাই দিয়া হৈছিল। ভৰিত আক’ জোতা-মোজা। সেই সময়ৰ লেটেষ্ট ষ্টাইলৰ ফটো। ফটোখন অনাৰ পিচত দেখা গ’ল কাপোৰজোৰ, আঠুলৈকেহে আছে। তলৰ খিনি আঁচলটোৰে চপাই - কোঁচাই তেওঁ দুহাতেৰে সাৱটি ধৰি আছে। বোধকৰো কাপোৰৰ ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰিয়েই। বিয়া আঠ বছৰত হৈ গ'ল। আৰু সেই আঠ বছৰীয়া ছোৱালীজনী এদিন গৈ শহুৰৰ ঘৰৰ ৰান্ধনী ঘৰত সোমাল। শাহুৰ তত্বাৱধানত টোপনিয়াই টোপনিয়াই কাম কৰিলে। সেইদৰে জীৱন আৰম্ভ হৈ গ'ল। যিটো বয়সত ফুল-পখিলাৰ গোপন কথা বুজিব পাৰিলে, পৃথিবীখন ফুলাম ফুলাম, লগা হ'ল। চৰাইৰ মাতবোৰ গান, গান লগা হ'ল, জীৱনলৈ অহা ফাগুনৰ বা-ত মনৰ পাতবোৰ খিলা খিলাকৈ উৰুৱাই দিবৰ মন গ'ল, সেই সময়ত তেওঁ বন্দী সঁজাৰ পখী। কোলাত তিনি চাৰিটা কেচুঁৱাৰে তেওঁ এতিয়া এগৰাকী পুৰঠ ব্যস্ত গৃহিণী— মাতৃ। সুখ-দুখৰ অভিজ্ঞতা মিহলি হাঁহিৰে তেওঁ ক'লে —‘তেতিয়া আমি স্বামী, কেনেকুৱা আছিল, মোৰ নো কেনে লাগে স্বামীক -একো নাজানো। একো নাভাবোঁ। মাথো জানো স্বামী স্বামীয়েই। জীৱনটো শেষ হৈ অহা সময়তহে ভাবিছোঁ — জীৱন জানো মোৰ আৰম্ভ হৈছিল।’

 কোনে জানো নিয়ম উলিয়াইছিল পুৰুষে বাহি ঘৰত ভৰি দিলে আয়ুস ক্ষয় যায়। সেয়ে তিৰুতাই, দোকমোকালিতে উঠি ঘৰ-দুৱাৰ, চোতাল পদূলি, সাৰি-মুছি পৱিত্ৰ কৰি ৰাখিব লাগে — যাতে পুৰুষসকলে শুই উঠি নিকা মাটিত ভৰি দিয়ে। কিন্তু তিৰোতাৰ আয়ুসৰ বাবে কোন ভাবে? তেওঁলোকে বাহি ঘৰত বাহি বন কৰি, জীৱনটো শেষ কৰি দিয়ে। পুৰুষৰ ক্ষতি একো নহয়। পত্নীগৰাকী ঢুকালে স্বামীজনৰ বোলে ব্ৰত-কৰ্মও একো নাথাকে (যেন তেওঁৰ স্বামী ৰ'লটো সিমানতে শেষ হ’ল )। [ ১৪ ] আকৌ তো বিয়া কৰাব পাৰেই ইচ্ছামতে। কিন্তু তিৰোতাৰ স্বামীৰ মুখ দৰ্শন নহওঁতেও যদি বিধবা হয়, তেওঁ গোটেই জীৱন-যৌৱন, আশা-আকাঙ্খাক বগা সাজৰ মাজত চেপি খুন্দি শেষ কৰি দিব লাগিব। তেওঁ হাঁহি মাতি কথা কোৱাও বাধা। জীয়াই থাকিব খোজাটাও যেন পাপহে (সতীদাহ ঠায়ে ঠায়ে এতিয়াও আছে )। তদুপৰি আপোন পৰিজন, ওচৰ-চুবুৰীয়াৰ বিয়া সবাহলৈ গ'লেও সধৱাসকলৰ মাজত স্থান নাই। বিয়াৰ ‘কইনাক’ স্পৰ্শ কৰিলে যেন তেওঁৰ জীৱনৰ দুৰ্ভাগ্যখিনি কইনা- জনীৰ জীৱনলৈ সংক্ৰামিত হ'ব — এনে ধাৰণা। কি বিচাৰ মানুহৰ! কি বিবেচনা!! এই সকলোবোৰ স্বাৰ্থপৰ পুৰুষসকলৰ নিজৰ বাট মুকলিকৈ ৰাখি কৰা আইন। য’ত পুৰুষৰ জাত্যান্তৰ নাই, ⸺ পুৰুষৰ বাবে সকলো সম্ভৱ, সকলো মঙ্গলময়।

 এতিয়া অৱশ্যে সলনি হৈছে দিন কাল। পৰিৱৰ্তন হৈছে ছোৱালীৰ তথা নাৰীৰ জীৱন। এই যুগৰ প্ৰগতিত পুৰুষৰ সমানে সমানে মহিলাই খোজ দিছে , প্ৰতিযোগিতাত নামিছে ( সমান হ’বলৈ গৈ চিটি বাছৰ মহিলাৰ আসন উঠাই দিওঁতে যদিও কিছুমান মহিলাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল)। ছোৱালী উকীল হৈছে, ডাক্তৰ হৈছে, ইঞ্জিনীয়াৰ হৈছে। নিজ ইচ্ছাতে বিয়া কৰাব পৰাৰ স্বাধীনতা পাইছে। ভাল নলগা স্বামীক এৰি আহিব পৰা ক্ষমতা পাইছে। আৰু পাইছে ইচ্ছা নাথাকিলে বিয়া নকৰাই চিৰ-কুমাৰী হৈ থকাৰ সাহস।

 কিন্তু তথাপি আমি জানো সঁচাকৈয়ে সকলো উলাই কৰি চলিব পাৰিছোঁ? নিজকে একেবাৰে অৱলা বা অসহায়া নহয় বুলি ক'ব পৰা হৈছো? ডাক্তৰ - ইঞ্জিনীয়াৰ হোৱা ছোৱালীৰো জীৱনলৈ একোটা মুহূৰ্ত আহিছে - নিজকে অসহায় অসহায় লগাৰ। দুখ দুৰ্বল লগাৰ। এটা নিৰাপত্তাৰ, অৱলম্বনৰ প্ৰয়োজনৰ মুহূৰ্ত। নিজ ইচ্ছামতে বিয়া কৰি ‘কালৈকো পৰোৱা নকৰোঁ’ বুলি ভবা ছোৱালীজনীৰো হয়তো কেতিয়াবা ভুল কৰা [ ১৫ ] যেন লাগিছে, দোষ কৰা যেন লাগিছে। হয়তো ‘খুব সুখী হ’ম’ বুলি ভবা ছোৱালীজনীৰ স্বামীৰ বিপৰীত চৰিত্ৰ - অলপ পলমকৈ ধৰা পৰাত অসহায় নিৰূপায় যেন লাগিছে। আকৌ কাৰোবাৰ সদায় নিৰাপদ আশ্ৰয়ৰ কথা ভাবিব লগা হৈছে। ভাল নলগা স্বামীক ডাইভোৰ্চ কৰি এৰি অহা গৰাকীয়েও হয়তো সমাজৰ কটু সমালোচনাৰ কাৰণ হৈ পৰিছে। পদুম পাতৰ পানীৰ দৰে স্বামীৰ গোটেই খিনি দোষ বাগৰি আহি অকল মহিলা গৰাকীৰ গাতেই পৰিছে। হাজাৰ চেষ্টা কৰিও, নিজক স্মাৰ্ট দেখুৱাইও কাণত পৰা নপৰাকে পৰা সমালোচনা শুনি শুনি একোটা মুহূৰ্তত দুৰ্বল অনুভৱ কৰিছে। অসহায় হৈ কান্দি পেলাইছে। আৰু দেখি শুনি তিক্ততা বঢ়াই নলওঁ বুলি ভাবী চিৰকুমাৰী হৈ থাকিব খোজা গৰাকীৰ? প্ৰথমে প্ৰশ্ন হ’ব ‘দৰা’ কিয় নাপালে ( ছোৱালীয়ে নিজ ইচ্ছাতে নকৰালে বুলি কোনেও নকয় )। কিবা কলঙ্কিত অতীত আছিল নেকি? নাছিল যদিও ওলাব। ওলাব বহুধৰণৰ মনে সজা গল্প। ইজনীৰপৰা সিজনীৰ মুখ বাগৰি বাগৰি গোটেই সমাজখনতে। বাহিৰৰ ফুচ্ ফুচোৱা ৰটনাক জোৰ কৰি ঠেলি বাৰু নিজক ঘৰৰ ভিতৰতে ব্যস্ত ৰাখিবলৈ বিচাৰিলে তাতো জানে সুখ আছে? দেখিব, আপোনাৰ নিজৰ নবৌৱেকেই প্ৰতিবেশীক ক’বলৈ আৰম্ভ কৰি দিছে - ‘মোৰ ননদ আচলতে মোতকৈ যথেষ্ট ডাঙৰ। বিয়া-চিয়া ঠিক হোৱা নাই, মানে আগতে এজনৰ লগত ভাল আছিল নহয়! নকৰালে ছাগে মানুহজনে। দাদাকে মানে আমাৰ এখেতে এঠাইত ঠিক কৰিছিল— পিছে নহ'লগৈ আৰু। ঘৰৰ কথা কব নাপায় তথাপি আপোনাক- হে কৈছোঁ -- যাৰে তাৰে লগত হ‘লি গলি কৰি থাকিলে কোনেনো কৰাব আৰু? ‘কাৰ লগতনো' বুলি সোধা শেষ হওঁতে নহওঁতেই উত্তৰ আহিছে, ‘কিয়, সেই যে ল’ৰাজন, অমুক যে? আপুনিও দেখিছেই ছাগে — বেয়া পায় বুলি নকওঁ আৰু। যেতিয়া দেখিব অমুক বোলা জন আপোনাৰ চুবুৰীৰে ভাইৰ [ ১৬ ] দৰে লগা এজন সৰু ল'ৰা— যাৰ লগত হয়তো কেতিয়াবা আপুনি সময় কটাবলৈ বুলি কথা পাতিছিল, চে‘চ খেলিছিল। তেতিয়া অপোনাৰ কেনেকুৱা লাগিব কওকচোন? অসহায় যেন নালাগিব? ক'ৰবাত, এটা নিৰ্ভৰ আশ্ৰয় বিচাৰি যাম যেন নালাগিব?

 যি সময়ত মহিলা সমিতিত, কেইগৰাকীমান উচ্চ শিক্ষিতা সমাজৰ মুধা-ফুটা মহিলাই প্ৰস্তাৱ গ্ৰহণ কৰিলে তেওঁলোকে তেওঁলোকৰ নামৰ কেয়াৰ অব্ত স্বামীৰ নাম নিলিখে। তেওঁ লোকৰ চিঠি খোদ্ তেওঁলোকৰ নামতে আহিব— কাৰো কেয়াৰ অব্’ত নহয়। ঠিক সেই সময়তো কোনোবা এগৰাকী মহিলাই স্বামীৰ উৎপীড়ণত জৰ্জৰিত হৈ কান্দি কান্দি ঘৰৰপৰা ওলাই আহি মহিলা-সমিতিৰ শিবিৰত উপস্থিত হৈছে। কোনোবা উচ্চ শিক্ষিতা পত্নীয়েও আকউ অবাটে যোৱা স্বামীক হাজাৰ চেষ্টাৰেও ঘূৰাই আনিব নোৱাৰি অসহায় ভাবে কেৰাচিন ঢালি নিজকে জ্বলাই দিছে। শিক্ষিতা মহিলাই হওক বা অশিক্ষিতা তিৰোতাই হওক জীৱনৰ শিক্ষা কিন্তু দুয়োৰো একেই। মাথো পদ্ধতিটো বেলেগ ধৰণৰ।

 ‘বহু পাপৰ ফলত নাৰী জনম ললো’ বুলি প্ৰায়েই তিৰোতা- সকলে দুখত পৰিলে আক্ষেপ কৰে। ল'ৰা-ছোৱালী মাকৰ যত্নত ভাল হ‘লেও প্ৰায়ে দেউতাকৰ নামৰ চিনাকি দি দেউতাকৰ গুণ- গান কৰাহে দেখা যায়। দেউতাকেও আনন্দেৰে গৌৰৱৰ ভাগ অকলেই লয়। কিন্তু কেনেবাকৈ বেয়া হ'লে মাকৰ গাত হে দোষতো পৰেগৈ। দেউতাকেও তাকে ক'বলৈ ভালপায়।

 কিন্তু পুৰুষসকল স্বাৰ্থপৰ হ'লেও তিৰোতাৰ সকলো আলৈ - আথানি দুখ - দুৰ্দশাৰ গুড়িত এগৰাকী তিৰোতাই সদায় জড়িত থাকে। তেওঁ কোনোবা এজন পুৰুষৰ ( ভাই-ককাই-স্বামী-পিতৃ) বায়েকেই হওক, ভনীয়েকেই হওক, মাকেই হওক, পত্নীয়েই হওক,নবৌৱেকেই হওক বা কোনোবা প্ৰেমিকাই হওক। তিৰোতাৰ [ ১৭ ] দুখৰ কাৰণ (বেক গ্ৰাউণ্ডত হ‘লেও) এগৰাকী তিৰোতাই কিয় হয় বাৰু? আচলতে ঈৰ্ষা আৰু প্ৰশংসাত আত্মহাৰা হোৱা নাৰীকে পুৰুযে অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰে। সেই সকল নাৰীয়ে বৃজি নাপায় যে স্বাৰ্থপৰ পুৰুষসকলে তোষামোদেৰে দিয়া উপহাৰ- খিনিত অপমানহে থাকে বুলি।

 বৈদিক যুগত নাৰী ন’হলে কিন্তু যাগ-যজ্ঞই নহৈছিল। সেই সময়ৰ নাৰীৰ আসন এতিয়াৰ ‘লেডিজ প্ৰিফাৰেন্সত’কৈ বহুত ওপৰত। আমি এতিয়া পুৰুষৰ সমানলৈ বুলি পিছলৈহে জপিয়াইছোঁ নেকি বাৰু?

 

অসমীয়া হ'লো বুলি

 

 আমাৰচোন ঢে’ৰ পানীমিঠৈৰ দৰে সাঁথৰ আছে। উত্তৰবোৰো ইমান উজু। যেনে – কোন দেশত নিজৰ ভাষাকে ৰাজ্যভাষা হ'বলৈ আন্দোলন কৰিব লাগে? উত্তৰ অসমত। কোন দেশত নিজৰ তেলৰ শোধনাগাৰ নিজৰ ঠাইত হ'ব লাগে বুলি আন্দোলন কৰিব লাগে? উত্তৰ - অসমত। কোন দেশত এখন নদীৰ এখন দলঙৰ বাবেই বহুদিন ধৰি চিঞৰি চিঞৰি আন্দোলন কৰিব লাগে? উত্তৰ— অসমত। গৃহস্থক খেদি আলহী বৰ ঘৰৰ বৰপীৰাত বহে? উত্তৰ-অসমত। কোন দেশৰ বিধায়ক মন্ত্ৰীসকলে নিজৰ দেশৰ মানুহৰ কথাৰ বাহিৰে বাকী সকলো কথাই ভাবে? উত্তৰ —অসমত। আৰু এটা সাঁথৰ, কোন দেশত মহিলাৰ জাতীয় সাজপাৰজোৰ লৈ নিজৰ ভিতৰতে তৰ্ক বিতৰ্ক হয়? ইয়াৰো উত্তৰ — অসমত অসমীয়া মহিলাৰ।

 সকলো ৰাজ্যৰ মহিলাৰে নিজস্ব জাতীয় সাজ-পোচাক একো [ ১৮ ] জোৰ আছেই। পিন্ধেও তেনেকৈয়ে। দূৰ-দূৰণিলৈ ফুৰিবলৈ যাওঁতে বা যি কোনো সমাবেশত লগ পালে আনি সাজ-পোচাক চায়েই অনুমান কিয় চিনিয়েই পাওঁ কোন গৰাকী মহিলা কোন প্ৰদেশৰ বা ৰাজ্যৰ। পুৰুষসকলৰো জাতীয় সাজ-পোচাক আছে, যদিও - সেইমতে পিন্ধি গ'লেও আমাৰ বিশেষ চকুত নপৰে। সকলোৰে চকু মহিলাৰ সাজপাৰৰ প্ৰতিহে। মহিলাগৰাকীৰ সাজপাৰ চায়েই লগত থকা পুৰুষজনকো বুজি পাওঁ তেওঁলোকনো কোন ৰাজ্যৰ। ভাষা শুনিলে তো ভাষাৰ পৰাই বুজিব পাৰি।

 আমি অসমীয়া মহিলা ( ছোৱালী?) কিছুমানে কিন্তু সময়ে সময়ে আমি অসমীয়া বুলি কৈ থাকিব লাগিব। নহ'লে আমাক চিনি পোৱা বৰ সহজ নহয়। তাতে যদি ইংৰাজী সলসলীয়াকে ক'ব পাৰোঁ, অসমীয়া ক’বলৈ যাম কিহৰ দুখত? কিমা—ন যে ভাল লাগে ষ্টাইলত সুৰ টানি ইংৰাজী কৈ? (কেতিয়াবা তো আচল ইংৰাজী শব্দটো কি আছিল বুজিবলৈ কাৰো সাধ্য নাথাকে।) ওচৰে পাজৰে শুনি থকা মানুহবোৰে বৰ সন্ত্ৰমেৰে চাই থকা যেন লাগে। খুব স্মাৰ্ট লাগে নিজকে। ইয়াৰ পিচতো অসমীয়া মেখেলা চাদৰ? বৰ ‘অড্’ লাগে। খোজ কাঢ়িব নোৱাৰিম যেনও লাগে নেকি!আমাৰ নিজৰ ‘মেখেলা-চাদৰ’ বোলা সাজ এজোৰ আছে - থাকক। মিউজিয়ামত থৈ দি দেখুৱালেই হয়! পিন্ধিবই যে লাগে কি মানে আছে শাৰীখন সৰ্বভাৰতীয় বুলি কৈ পিন্ধি থাকিলে অলপ নিজকে কিবা উচ্চ উচ্চ লাগে। এগৰাকী মহিলাক স্বামীজনে ক'লে - ‘শাৰীখন পিন্ধা যে নিজৰ সাজ মেখেলা-চাদৰজোৰ পিন্ধিলে কি হয়? পত্নীয়ে ক'লে—‘ইহ্, মেখেলা-চাদৰ পিন্ধিলে ইমান বয়স হোৱা যেন দেখি! মোক সকলোৱে কয় শাৰী পিন্ধিলে বোলে মোৰ বয়স দহ বছৰ মান কম যেন লাগে।’ স্বামীয়ে সুধিলে - তোমাৰ বাৰু বয়স, কিমান?' উত্তৰ আহিল, ‘ত্ৰিশ’। স্বামীয়ে লগে লগে ক'লে : ‘এয়াতো শাৰী পিন্ধি আছা [ ১৯ ] বাবে। আচলতে তোমাৰ তাৰ মানে চল্লিশ।'

 আমি মনত ৰখা উচিত - আমাৰ। এজোৰ সুৰুচিপূৰ্ণ, গাম্ভীৰ্যতা থকা ধুনীয়া মেখেলা চাদৰ অসমীয়া মহিলাৰ জাতীয় সাজপাৰ বুলি প্ৰতিনিধিত্ব কৰিব পৰাকে আছে যেতিয়া — আমি অন্য যি ষ্টাইল কৰিব খোজোঁ সেইবোৰ পিন্ধিও কৰিব পাৰোঁচোন। প্ৰথমতে আমি অসমীয়া! তাৰ পিচতহে ভাৰতীয়!! শিখ্ সকলক, মাদ্ৰাজী সকলক, খাছী সম্প্ৰদায়ৰ সকলক বা অন্য যি কোনো ৰাজ্যৰ মহিলাকে কি পিন্ধিলে ভাল দেখিব বা দাম কোনটোত কম পৰিব চাই সাজপাৰ কৰাতো সচৰাচৰ চকুত নপৰে! সকলোকে আমিচোন সাজপোচাক চায়েই চিনি উলিয়াওঁ।

 আধুনিক নানা ধৰণৰ সাজ-পোচাক ওলাইছে। নতুনত্ব নো কোনে নিবিচাৰে? আমি তো প্ৰগতিৰ পথত ভৰি দি, এবাৰ আইতাহঁতৰ দিনৰ হাতখৰা ব্লাউজলৈ ( শ্লিভ্‌লে’চ নাম দি) এবাৰ হাত থ্ৰি কোৱাৰ্টাৰলৈ, এবাৰ হাত কিলাকুটিলৈকে কৰি এবাৰ তাতকৈও চুটি, এবাৰ ‘ঘটি’ এবাৰ পিঠিৰ ফালে ‘ল’ কাট্, এবাৰ বুকুৰ ফালে ‘ল’ কাট, এবাৰ ওপৰলৈকে ডিঙি তুলি, এবাৰ ‘ইউ’ এবাৰ ‘ভি’ কৰি প্ৰগতিৰ পথত ঘুৰ্ম্টি‌য়াই ফুৰোঁ। এয়া তো এয়াই। অলপ কম বয়সৰ ছোৱালীবিলাকৰ সাজ-পোচাক চাই আপুনিয়েই নহয়, চিনি নাপালে, কোনেও বুজিব নোৱাৰিব কোন দেশীয়, কোন সম্প্ৰদায়ৰ। হঠাৎ এদিন দেখিব লংপেণ্ট এটাৰ ওপৰত ব্লাউজ এটা পিন্ধি দিলে। হঠাৎ দেখিব চাৰ্ট এটাৰ তলত লুঙি এখন পিন্ধি দিলে! হঠাৎ দেখিব ‘কথক’ নচাৰ দৰে ‘ধাৰাৰা’ এটা পিন্ধিলে। কেতিয়াবা দেখিব কাবুলিৰ দৰে পায়জামা আৰু পায়জামাটোতকৈ দুই ইঞ্চি মানহে চুটি এটা ঢিলা পাঞ্জাবী। কেতিয়াবা দেখিব চেপা মৰা পায়জামা এটা আৰু একেই এটা কুৰ্ত্তা। ওৰ্ নানো যাৰ য'ত মন যায় ল'লে বা নল'লেই কেতিয়াবা দেখিব ৰাতিপুৱা দেখা ওখ পাখ ডাঙৰ ছোৱালীজনী আবেলি ‘মিডি’ এটা পিন্ধি সৰু হৈ গ'ল। [ ২০ ] কোনোজনীক দেখিব ‘মিনি’ এটা বা কান্ধত ফিটা লগোৱা চোলা এটা পিন্ধি টুকটুক অকনমানিৰ দৰে আলিবাটেদি গৈ আছে। কিছুমানক দেখিব টাইট্ জিনৰ লগত টাইট্‌ স্পৰ্টিং। মুঠতে কোন দেশৰ কোন সম্প্ৰদায়ৰ ছোৱালী ধৰিব তো নোৱাৰেই সাজ- পোচাকজোৰ বা কোন জাতীয় তাক ভগৱানেও নাজানে। কোনখন চিনেমাৰ অৱশ্যে কিছুমানে জানিব পাৰে। আপোনাৰ চকুৱে যদি শালীনতাত বাধা পায় — ( তেনেহ'লে আপুনি বৰ ৰক্ষণশীল। নহলে বয়স হৈছে বে’চ) আৰু চিনাকী মাকজনীলৈ প্ৰশ্নবোধক চাৱনিৰে চায়, উত্তৰ পাব — ‘লাগে বুলি কৈ কৈ ল'লে আৰু তাই দেউতাকক কৈ মেলি। কি-নো কৰিব আৰু! যুগৰ লগত মিলাই সাজপাৰ কৰিবলৈ বিচাৰিবই আৰু। ভাবিলো, পিন্ধিব নো কেইদিন? ডাঙৰ হ’লে শাৰী বা মেখেলা-চাদৰতো পিন্ধিবই লাগিব - পিন্ধক আৰু এইকেইটা দিন।’ ‘ডাঙৰ হ'লে’ মানে কেতিয়া ডাঙৰ হ’ব আপুনিতো নাজানেই, মাকহঁতেও নাজানে নেকি!!

 কোৱা শুনিছিলোঁ — “নিজৰ ৰুচি অনুযায়ী খাবা আৰু পৰৰ ৰুচিমতে পিন্ধিবা।’ কি দৰ্‌কাৰ নো? নিজৰ ৰুচিমতে খালো বা নাখালো, যুগৰ ৰুচিমতে পিন্ধি যাম। তেহেলৈ লোকে ‘ৰাজহাড় নাই’ বুলি হাঁহিলেই যেনিবা। আমি কিবা আধুনিক নহয় নেকি।

 পিচে সাজপাৰ লৈ তৰ্ক-বিতৰ্ক একমাত্ৰ অসমীয়া মহিলাৰ হে হয় নেকি! আন সকলে দেখোন নিজৰ নিজৰ জাতীয় সাজ-পোছাক পিন্ধি উচ্চ-মন্যতাৰে ভৰা আত্ম সম্মানৰ আত্ম-বিশ্বাসত গদ্ গদ্ হৈ ফুৰা চকা কৰে। পিছে, যেয়ে যিহকেই নকওক কিয় এটা কথা হ'লে সত্য ফেশ্যন ওলাল বুলিয়েই সকলোকে সকলো সাজপাৰেৰে নুশুৱায়। কিছুমানক দেখিলে হঠাৎ চোন ৰসৰাজ বেজবৰুৱাৰ কবিতাটোলৈহে মনত পৰে।—

এদিন ঘৰত, নহয় পৰত
 বহি মোৰ পিৰালিত,

[ ২১ ]

দেখিলো কইনা  সুন্দৰী মইনা
 নাই গহনা পিন্ধিছে গাউন,
কাপোৰ কোছাই জেকেট মেৰাই
 হৈছিল যেন কালেক্টি‌ভ্‌ নাউন্।

 

নাৰী! তোমাৰ কিমান ৰূপ!

 

 ‘কোৱা হয় সৃষ্টিৰ মূলত যেনেকৈ নাৰী —ধ্বংসৰ মূলতো তেনেকৈ নাৰীয়েই! ঐতিহাসিক উদাহৰণ স্বৰূপে ‘ট্ৰয়’ নগৰ ধ্বংসৰ মূলত সুন্দৰী হেলেন, লঙ্কা দাহৰ মূলত বোলে সীতা। আকউ দ্ৰোপদীৰ বাবেই হেনো মহাভাৰতৰ মহাযুদ্ধ!!

 তদুপৰি ঘৰ সংসাৰ থান্ বান্ হোৱাৰ গুৰিত শাহু বা বোৱাৰী কোনোবা এগৰাকী নাৰীৰ ভূমিকা থাকিবই বোলে। আমি নাৰী সকলে পিছে, এইবোৰ কথা শুনিলে ভীষণ লাজপাওঁ। বেয়া পাওঁ। প্ৰতিবাদ কৰিব খোজোঁ।

 পিচে, লাজ পালে বা বেয়া পালে নো হ’ব কি? আচলতে কথাবোৰ অপ্ৰিয় সত্য। নহ'লেনো এই বিংশ শতাব্দীৰ সভ্যতাৰ টিং খোপত বহি নাৰী প্ৰগতিৰ বৰাই কৰা যুগতো সেই তল খুচুৰীয়া ঘৰ ভঙা জুই লগোৱা স্বভাৱবোৰ নগ'ল কিয়? আমাৰ এই সোণৰ অসমখনৰ নিৰিবিলি পৰিবেশৰ মাজত জুই জলাৰ মূৰত নাৰীৰ হাত দেখা গ'ল কিয়? ‘সাপে মোট সলায়।— স্বভাৱ নসলায়।'

 আমাৰ দেশৰ প্ৰধান আসন মানে সিংহাখনত আমাৰেই দৰে এগৰাকী নাৰী বহি দেশ চলাইছে বুলি আমি কিমান গৌৰৱ কৰোঁ!! কিন্তু তেৱেই আক’ নিজ দেশৰে আই-বোপাই, ভাই- ভনী, ককাই– ভাই সকলৰ মাজত সকলোৱে জুইত হাত সুমুৱাব পৰাকে জুই একুৰা জ্বলাই দিলে। সেইকাৰণে স্ত্ৰী চৰিত্ৰ দেৱতাইও [ ২২ ] নাজানে বুলি কয় হ’বলা। এতিয়া পিচে, সেই জুই আৰু কুকুহাৰ প্ৰকোপত আত্মীয়-কুটুম্ব, ভাই বন্ধু, ওচৰ-চুবুৰীয়া ফোনেও কাকো মনিব নোৱাৰা হ'ল।

 কোনোবা এজনে আক’ ‘সিংহাসন' শব্দটোৰ কোনো অৰ্থ নাই বুলি কৈছিল। ‘হিংসাসন’ হে হ'ব লাগে বোলে। সেই ‘আসন'ত বহিবলৈ পালেই বোলে হিংসা-হিংসি, খোৱা-কোমোৰা কৰিবলৈ মন যোৱা সংক্ৰামক ব্যাধি এটা হয়। আসনখন কাকো এৰি দিব নুখুজি মৰ-কামোৰ দি ধৰি থকা আৰু সেইখন ধৰি থকাৰ বাবেই অন্য কাৰো সুখ-দুখ, অভাৱ-অভিযোগলৈ চকু-কাণ দিব নোৱাৰাটোও বোলে সেই ব্যাধিৰে লক্ষণ।

 গুণীৰ গুণ বুজা জ্ঞানীসকলে অৱশ্যে তাহানিতে নাৰীক সৃষ্টিশীলা, স্নেহশীলা, সহানুভূতিশীল, সহনশীলা আদি সহস্ৰ গুণেৰে বিভূষিতা কৰিছিল। আছিলও তো! কিয় — গান্ধাৰী নাৰী নাছিল জানো? তেওঁ দেখোন নিজৰ স্বাৰ্থলৈ নাভাবি, প্ৰাণাধিক পুত্ৰসৱৰ স্বাৰ্থলৈও নাভাবি — ‘ধৰ্মৰ হে জয় হ’ব’ বুলি কৈছিল! ধৰ্মৰ জয় হলে তেওঁলোক বহি থকা সিংহাসন হেৰুৱাব লাগিব বুলি জানিও ⸺ ক’তা মোহত অন্ধ হোৱা তো নাছিল!! নাৰী সংকীৰ্ণ মনা বুলি পৰিচয় দিয়া তো নাছিল!! ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই যুগে যুগে নাৰীৰ মমতাময়ী মাতৃ ৰূপৰ তুলনা নাই। স্বদেশ ৰক্ষাৰ বাবে নাৰীয়ে কৰা ত্যাগৰ চানেকিও অলেখ। ঝান্সীৰ ৰাণী, মুলা গাভৰু, জয়মতী, ভোগেশ্বৰী, কনকলতা আদি সেয়ে আমাৰ চিৰ নমস্য।

 পিচে, আমাৰ মূলা গাভৰু, কনকলতাৰ দেশৰে নাৰী কিছুমানৰ এয়া আক’ কেনে প্ৰগতি? দেশৰ সেৱা, জনসাধাৰণৰ সেৱা কৰিবলৈ তেওঁলোকৰ ইমান অসাধাৰণকৈ মন গল নে যে ভোটাৰ তালিকাখন শুধৰাবলৈও ৰ'বই নোৱাৰিলে? যাওঁতে আক’ বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা দি গোটেই অসমখন ঢাহি-মুহি নিলে। ভৰিৰ তলত তেওঁলোকৰে ভাই-ভনী সকলক পিহি[ ২৩ ] মুচৰি গ'ল। নিস্পাপ শিশু, কোমল কিশোৰ-কিশোৰী, যৌৱন- দীপ্ত যুৱক-যুৱতী, বয়সেৰে সমৃদ্ধ বৃদ্ধ-বৃদ্ধা সকলোৰে দেহ-মন গছকি– খছকি কোমল দেহৰ তপত তেজৰ ডোঙা দিঙিয়াই পাৰ হৈ গ'ল দেশ সেৱাৰ নিৰ্বাচন খেলিবলৈ। কিছুমান নাৰীয়ে স্বামী, পুত্ৰ, ককাই, ভাইকে সেই তেজ ৰাঙলী পথ গছকি যাবলৈ বিনা দ্বিধাই আগবঢ়াই দিলে। ৰাইজৰ সেৱা কৰিবলৈ। পিছে, কাৰ সেৱা কৰে বা এতিয়া? ৰাইজ দেখোন তেওঁলোকৰে পিহনিত পিহন খাই মৃত আৰু অৰ্দ্ধমৃত। অৱশ্যে আজিকালি ‘ফৰেইন্‌’ বস্তুৰ য’তে ত'তে বিশেষ আদৰ। সেয়ে জনসাধাৰণো ফৰেইনৰ হ’লে বেছিহে ভাল লাগে ছাগে। এতিয়া এই কাঁহ পৰি জীন যোৱা অৱস্থাৰ অসমভূমিত চাৰিওদিশে মৃত, মৃতপ্ৰায়, ঘূনীয়া ৰুগীয়া জনগণৰ যন্ত্ৰনাকাতৰ সমবেত আৰ্তস্বৰত হঠাতে তাহানিৰ বেজবৰুৱাৰ কবিতাটো বতাহত বিয়পি যোৱা যেন লাগিল —

কিনো ক’লা? অসমীয়া ভাই!
অসমীয়াক কি লাগে নাজানে অসমীয়াই?
অসমীয়াক লফা শাক নে মগুৰ আঞ্জা লাগে
অসমীয়াই ভু নাপায় – বিদেশীয়েহে বুজে।
যোৱা, গুছা, তোমাৰ কথাৰ
 ভেদ পলো মই
ভোটৰ বেলিকা বিদেশীজন
 অসমীয়া হয়।”......

 ধৰাশায়ী, শয্যাশায়ী, ভস্মীভুত ঘৰ-বাৰী তেজৰ চেকুৰা, ধ্বংসস্তুপৰ মাজতে অনুকূল পৰিবেশ ভাবি তথাকথিত দেশ-প্ৰেমিক প্ৰেমিকাই ‘ভাষণ দিবই। কি ভয়ানক দেশপ্ৰেম!!

 শ্ৰীকৃষ্ণ গোঁসায়ে অৰ্জুনক সমৰ ক্ষেত্ৰত শুনোৱা অমোঘবাণীৰ দৰে কোনোবা গোসানীৰ অভয়বাণীয়েও পিচে, তেওঁলোকৰ মনত লাগি ৰোৱা পাপৰ কৰালবোৰ, হাতত লাগি বোৱা তেজৰ চেকুৰাবোৰ ধুই মুছি নিকা কৰি দিব নোৱাৰে। এই ঢেকাই [ ২৪ ] চিৰকাল স্বাক্ষৰ বহন কৰিব — পাপ আৰু পৰাজয়ৰ। এইবোৰ নাৰীৰ লীলা-খেলাই ‘পুতনা’ বা ‘সুপৰ্ণখা’ৰ কথাহে মনত পেলায় — যাক আমি নাৰীৰ শাৰীত ঠাই নিদিওঁ। এই শ্ৰেণীৰ নাৰীয়ে নাৰী বুলিয়ে যদি মমতাময়ী মাতৃ ৰূপৰ গৌৰৱ ল’ব খোজে — তেতিয়া সমগ্ৰ নাৰী সমাজ লজ্জাবনত হৈ নপৰিবনে? যি নাৰী হৃদয়ত মমতাৰ কণা মাত্ৰ নাই — যাৰ অৱচেতন মনত নিৰীহ শিশু কিশোৰৰ অবোধ অসহায় চাৱনিয়ে আমনি নকৰে— যাৰ বিবেকক পুত্ৰহাৰা মাতৃৰ, স্বামী হাৰা পত্নীৰ, ভাতৃহাৰা ভগ্নীৰ আকুল ক্ৰন্দনে, নিৰৱ চকুলোৱে দংশন নকৰে, তেওঁ কেনেকৈ নিজকে নাৰী বুলি ‘মা’ বুলি দাবী কৰিব পাৰে?

 ছলনাময়ী — তোমাৰেই নাম নাৰী বুলি বহুতে আমাক বিদ্ৰূপৰ উপেক্ষা বাণ মাৰে, কাৰণ আমাৰ নাৰী কিছুমানেই সেই সুবিধা দিছে। ‘হিংস্ৰ নাৰী হিংস্ৰ বাঘিনীতকৈও ভয়ঙ্কৰ’ বুলি আমাক দিয়া অপযশ খিনিয়ে আমাৰ নাৰীসকলৰ বিবেক বুদ্ধিক পশুৰ শাৰীলৈ নমোৱা নাইনে? অথচ জ্বলন্ত দৃষ্টান্ত থকা বাবেই এতিয়া সজোৰে প্ৰতিবাদ কৰিবও নোৱাৰা হ’লো। নিজৰ বেঁকা মুখৰ বাবে দাপোনক চাৰি লাঠি মাৰি লাভ কি?

 পিছে, এমুঠি বিবেকহীনা, হৃদয়হীনা স্বাৰ্থপৰ নাৰীৰ সংকীৰ্ণ আৰু পশ্চাদঘাতী কাৰ্যৰ বাবেই এতিয়া আমি সমগ্ৰ নাৰী সমাজে সেই বৈদিক যুগৰে পৰা থকা আমাৰ স্বাভাৱিক কোমলতাৰ মাধুৰীমা — মমতাময়ী মাতৃৰ গৰিমাৰে উজ্জল আৰু উচ্চ আসনখন হেৰাবলৈ দিম নে? আজি আৰু কোনো সচেতন নাৰীয়ে নাৰীৰ মৰ্যদা আৰু সামাজিক প্ৰতিস্থাৰ খুটি লৰিবলৈ দিবৰ বাবে সন্মত নহয়। মাতৃজাতিৰ নামত কালিমা সনা কোনো নাৰীকে আজি আমাৰ সচেতন আৰু মৰ্যদা সম্পন্ন নাৰীয়ে ক্ষমা নকৰে আৰু

নাৰীৰ সন্মানো নিদিয়ে। [ ২৫ ]
 

‘হেৰিয়াৰ ঘৰত হেৰি’

 

 দোষ কৰিলে - চুৰ কৰিলে - চোৰৰ দৰে কাম কৰিলে, সমাজত মূৰ দাঙি থিয় হ’ব নোৱাৰি। কিছুমানৰ ওচৰত তো সেও হৈয়েই থাকিব লগা হয়। পদে পদে ভয়। লাঞ্চনা অপমানৰ ভয়। ধৰা পৰি কটু সমালোচনা শুনাৰ ভৰ। বিবেচক সকলে হেয়জ্ঞান কৰিব জানি ভয়। আন্‌কি শাওপাত লাগে বুলিও - ভয়। মুঠতে লোভ আৰু মোহত দোষ কৰি ভয়ে ভয়ে সকলো হজম কৰিব লগা হয়। আনৰ অৱজ্ঞা দুস্কাৰ্য-দুৰ্নীতি চকুৰ আগত দেখিলেও প্ৰতিবাদ কৰাৰ সাহস নাথাকে। দেখিও নেদেখা, বুজিও নুবুজা, শুনিও নুশুনা ভাও জুৰিব লগীয়া হয়। কম লটি ঘটি খন হয়নে তেতিয়া!

 এনেয়ে নো সেই সাধু কথাটোৰ চোৰটোৱে এঘৰ মানুহৰ পৰা হাঁহ এজনী চুৰ কৰি আনি ঘৈনীয়েকক ৰান্ধিবলৈ দিওঁতে দুষ্ট ঘৈনীয়েকে ৰান্ধি বাঢ়ি নিজে হাঁহৰ মঙহ গোটেইবোৰ খাই গিৰিয়েকক হাড়ছাল অলপ দিয়াত খঙত অগ্নিশৰ্মা হৈ তৰ্জন- গৰ্জন কৰি মাৰিবলৈ খেদি অহা গিৰিয়েকক সতৰ্ক কৰি ঘৈণীয়েকে যেতিয়া ক'লেঃ

‘হেৰিয়াৰ ঘৰৰ  হেৰি আনিছিলা
 হেৰিয়াৰ ইমান গোট
হেৰিয়াৰ গাত  হেৰি নাইকিয়া
 হেৰিয়া লোট-সোট।
হেৰিয়াৰ ঘৰৰ  হেৰি আনিছিলা
 হেৰিয়ে ফুৰিছে চান্দি

[ ২৬ ]

হেৰিয়াক যদি  কৈ দিওঁ গই
 এতিয়াই লৈ যাব বান্ধি!!

........শুনি দাঙ্ খাই অহা চোৰ গিৰিয়েক কম ভয়ত ভেছ্‌- ভেছীয়া হৈ গৈছিল নে? সেপ ঢুকি মনে মনে সহি থাকিব লগা নহৈছিল নে? বেচেৰাক ঘৈণীয়েকে এইদৰে নকৈ যদি — ‘অমুকৰ ঘৰৰ পৰা চুৰ কৰি অনা সৰু হাঁহজনীৰ গাত মঙহেই নাই, হাড়ে ছালেহে লোট সোট। পুলিচে বাহিৰত হাঁহ চোৰ বিচাৰিয়ে ফুৰিছে, কৈ দিলেই এতিয়াই তোমাক বান্ধি লৈ যাব, বুলি যদি কৈ দিলেহেঁতেন বেচেৰা চোৰটোৱে ইমান বেচি ভয় নিশ্চয় নাখালেহেঁতেন। ইমান বাৰ ‘হেৰি’ ‘হেৰি’ বুলি গোটেই পৰিবেশটো ভয়লগা কৰি দিয়াত ‘পুলিচ’ ‘হাঁহ’ এই শব্দবোৰ উচ্চাৰণ কৰা বাদেই ভাবিবলৈকে ছাগে ভয় লাগি গ'ল। বেচেৰাক ঘৈণীয়েকে এনেকৈ কোৱাৰ কাৰণো আছে। একেবাৰতে কৈ দিলে ভয়টো একেবাৰতে খাই শেষ হৈ যাব যে!! এনেকৈ সম্পূৰ্ণ কৈ নিদি মাজে মাজে কৈ ভয় খুৱাই ‘ব্লেক মেইল’ কৰাৰ সুযোগটো সেই চোৰৰ ঘৈণীয়েকে যেনেকৈ লৈছিল—আজি- কালিও ছাগে আন বহুতে লয়।

 আয় চাই ব্যয় নকৰি যিবোৰ স্বামীয়ে টকা-পয়ছা-পিন্ধা– উৰা লাহ-বিলাহৰ ওৱাদানীকে আভিজাত্য বুলি ভাবে আৰু তাৰে সমাজত প্ৰতিযোগিতা কৰিবলৈ যায়, পত্নীৰ বিলাসীতাৰ প্ৰয়োজন পূৰাবলৈ গৈ সেই সকলে উপঢৌকন লয়। ল’ব লগা হয়। অপ্ৰয়োজনীয় অভাৱ যেতিয়া বাঢ়ি যায় – টকা খোৱাৰ মাত্ৰাও বাঢ়ি যায়। পত্নীক তেতিয়া বাধা দিবলৈ গ'লে ‘হেৰিয়াৰ পৰা হেৰি আনিছিলা’ বুলি কৈ দিয়ে যদি!!

 যাৰ যাৰ পৰা টকা উপঢৌকন লোৱা হয় - তেওঁলোককো বৈধ অবৈধ সকলো কাম কৰি দিব লগা হয়, নহ'লে তেওঁলোকেও ‘হেৰিয়াৰ পৰা হেৰি লৈছিলা’ বুলি যদি বাতৰি কাগজে সমাজে শুনাকৈ ক'বলৈ ধৰে!! . [ ২৭ ]  সেয়ে চকুৰ আগতে ব্যৱসায়ীয়ে দুই নম্বৰ কাৰবাৰ কৰা দেখিলেও উপঢৌকন লোৱা ভাৰপ্ৰাপ্ত বিষয়া সকলৰ ধৰাৰ সাহস নাথাকে। ‘হেৰিয়াৰ ঘৰৰ হেৰি লৈছিলা’ বুলি কৈ নিদিব জানো? অবৈধ ভাৱে মদৰ বেপাৰ কৰা জনক ধৰিবলৈ গৈ যদি - জুৱাৰীজনক জুৱা খেলৰ পৰা আঁতৰাই আনিবলৈ গৈ যদি - ধৰিবলৈ যোৱা জনেই দুয়োবিধতে লিপ্ত হয়, কোনে কাক ধৰিব? ধৰিবলৈ গ'লেই অবৈধ ব্যৱসায়ীয়ে তেওঁক ‘হেৰিয়াৰ ঘৰৰ হেৰি আনিছিলা’ বুলি ভাবুকি নিদিব জানো? ক’লা বেপাৰীৰ, দুৰ্নীতি-দুস্কৃতিৰ অবাধ ৰাজত্ব সেই কাৰণেই। সেই কাৰণেই তদন্ত কমিটি বহে— নুঠে আৰু'। উঠিলেই ৰিপোৰ্ট দিবলৈ বহুত ভাবিব চিন্তিব লাগিব। তদন্তত পোৱাটোকে দিলে দেখিব - ‘হেৰিয়াৰ ঘৰৰ হেৰি আনিছিলা’ই তদন্ত কৰিবলৈ যোৱা , জনলৈকে খেদিব। বেজৰ নাকত খৰে খালে কি কৰিব?

 দৰাচলতে এই ‘হেৰিয়াৰ ঘৰৰ হেৰি’ৰ ভয়তেই চাগে ৰঙা ফিটাৰ মেৰ পাকবোৰ হয়। সংবিধানত স্পষ্ট থকা স্বত্ত্বেও বিদেশীক খেদোৱা ইমান সমস্যা হয়। বিদেশী নো কোনবোৰ চিনি নোপোৱা হ'বলগীয়া হয়। বিদেশীৰ সোঁত অহা শুনিও নুশুনাৰ ভাও ধৰিবলগীয়া হয়। বিদেশীয়ে বৰ ঘৰৰ বৰপীৰাত বহি থকা দেখিও নেদেখা ভাও জুৰিবলগীয়া হয়। কাৰণ বিদেশীক খেদিবলৈ গলেই বিদেশীয়ে দালালক্‌ ক’ব হেৰিয়াৰ দিনা হেৰি লৈছিলা— দালালক ধৰিবলৈ গ'লে দালালে সংলিষ্ট বিষয়াক ক'ব ‘হেৰিয়াৰ পৰা হেৰি লৈছিল৷' বিষয়াক ধৰিবলৈ গ'লেও তেওঁলোকে সেই সময়ৰ বিধায়ক, মন্ত্ৰী, মন্ত্ৰণাদাতা সকলক ক’ব ‘হেৰিয়াৰ ঘৰৰ হেৰি লৈছিলা'। গতিকে পাণ-বাঘ-ছাগলীৰ দৰে সকলো একেডাল ৰছীতে বন্ধা। কাকো কোনেও এৰাৰ উপায় নাই। [ ২৮ ]
 

খেনোক দেখি ৰান্ধে বাঢ়ে

 

 দুৱাৰখন মাহীদেৱে সঁচাকৈয়ে মানুহখিনি আঁৰ হ’বলৈ নাপাওঁ তেই- চিৰিত ভৰি দিওঁতেই ধুম্ কৈ বন্ধ কৰি দিলে। মই আৰু মাহীদেউৰ ছোৱালী মনমীয়ে কাষৰ কোঠাটোৰ বিছনাত শুই শুই দেওবাৰৰ দুপৰীয়া ‘কল্পতৰু' শুনি আছিলো। ভাত খাবলৈ তেতিয়াও এঘণ্টামান আছে। মাহীদেউ আমাৰ কোঠাত সোমাৱাৰ লগে লগেই ট্ৰেন্জি‌ষ্টৰটোৰ ভলিউম কমাই দিলো। মাহীদেউৰ ‘ভলিউম’টো বাঢ়ি গ'ল—'নেউচা কেওচা খোৱা এইবোৰ ভৰ দুপৰীয়া খননো কি মানুহৰ ঘৰলৈ আহে জানো!’ দীঘল অসমীয়া গালিটো শুনি কন্ভেন্টত পঢ়া মনমীয়ে হাঁহি দিলে জোৰে। মই সুধিলো — ‘কোন নো আহিছিল মাহীদেউ?' তপত তেলত যেন মেঠিগুটি এসোপাহে দি দিলো। ফট্, ফট্ কৈ মাহীদেৱে ক'লে — ‘কোন হ’ব আৰু - সেই কমলা মাষ্টৰণী আৰু মধু কেৰাণীৰ ঘৈণীয়েক জনী! আবেলি মই নাথাকিব পাৰো বুলি বোলে এতিয়াই আহিল। এই চুবুৰীটোৰ উন্নয়ন কমিটি এটাৰ বাবে কিবা মিটিং এখনৰ কথা ক’লে। কাম নাই আৰু মোৰ সেইবোৰৰ লগত মেল-মিটিং কৰিমগৈ! ঘৰত ভাত কেইটা খাই ইয়াতে চাহ এটোপা পাম বুলি আহিছিল ছাগে। তামোল এখনো নিদিলো বাপ্পেকে......।’ মাহীদেউৰ কথাৰ ফুলষ্টপ পৰাৰ আগৰ পৰাই মনমীয়ে হাঁহি আছিল। মই পিছে হাঁহিব পৰা নাছিলো। মাহীদেউৰ এনেকুৱা ঠেক মনৰ সৰু কথাবোৰ মোৰ শুনিবলৈকে লাজ লাগে।

 ভাত খাবলৈ মেজত সকলো বহোঁতেই আক’উ কলিং বেল বাজিল। মই মাহীদেউৰ বিৰক্তি ভৰা মুখখন দেখিয়েই লাহেকৈ [ ২৯ ] ক’লো - মহাদেউ হে নেকি!’ — নহয় অ’ মহাৰে আজি বাহিৰতে লান্স কৰিব। আহিল আকৌ কোনোবা মৰা এটা এই অসময়ত। কাঞ্চাই দুৱাৰ মেলি দিয়াৰ লগে লগেই সোমাই অহা জনে ড্ৰইং ৰূমৰ পৰ্দাখন দাঙি ডাইনিং ৰূমলৈ ভুমুকিয়াই আধাভঙা যেন মাতটোৰে চিঞৰি উঠিল — ‘হেল্লো’ উই আৰ ইন দা ৰাইট্, টাইম — ইজ্ নট্, ইট্, মিচেছ্, বাৰুৱা! চান্ ডে স্পেচিয়েল মেনুত বহুত আইটেম্ দেখিছোঁ। আমিও টেষ্ট কৰি যাম কিন্তু। কথাখিনিৰ লগে লগে ডাইনিং ৰূমলৈ ‘কাহি দিম’ যেন লগা মাতটোৰ গৰাকী মিচেছ কাকতি, কেপ্তেইন্ ভাৰ্গিছ, মেজৰ ইদ্নানী, মিচেছ ইদ্নানী, মিষ্টাৰ কাকতি, জীয়েক, পুতেক, এসোপা সোমাই আহিল। হাঁহি হাঁহি চবেই মেজৰ পৰা ভজা মাছ, কণী, বেঙেনা ভজা, চপ তুলি তুলি মুখত দিলে। ভয়ে ভয়ে মই মাহীদেউৰ মুখলৈ চালোঁ। আনন্দত উজ্জ্বল হৈ উঠা মাহীদেউৰ মুখখন দেখি সকাহ পালো। নাই, খং বিৰক্তি নাই মুখত। হাতত প্লেট লৈ সকলোৰে আগলৈ আগবঢ়াই আগবঢ়াই দিছে। ‘ইম্মান টেষ্টফুল হৈছে’ ‘ফান্ টাষ্টিক’ ‘মাৰ্ভেলাচ’ জাতীয় প্ৰশংসাৰে সকলোৱে তুলি তুলি লৈ খাইছে। মন্ মীয়ে ফ্ৰিজৰ পৰা উলিয়াই চকলেট পুডিংও দিলে। আৰু নাযায় বুলি ক'লে। বেচ হুল-স্থুল কৰি দুই আঢ়ৈমান বজাত তেওঁলোক যোৱাৰ পিচত খোৱা মেজলৈ ঘূৰি আহি আমি বহিলো। ‘আইটেম’ৰ পৰিমাণ দেখি সভয়ে আৰু সতৰ্কতাৰে মাহীদেউলৈ অপেক্ষা কৰিলোঁ। এতিয়াহে চাগৈ বিস্ফোৰণ ঘটিব। মাইদেৱে হাঁহি সম্ভাষণ জনোৱা মানুহ-খিনিক ‘খাবলৈ নোপোৱা’ জাতীয় কিবা গালিৰে বিভূষিত কৰিব চাগে এতিয়া। কাণ উনায়েই আছোঁ।...... গাড়ীখন যোৱাৰ পিচত মাহীদেউ খোৱা মেজলৈ উভটি আহিল। খোৱা বস্তুৰ পৰিমাণলৈ লক্ষ্য নকৰি কৈ গ'ল ‘বুজিছ জান্ টি! কেপ্তেইন ভাৰ্গিছ, মেজৰ ইদ্ নানী আৰু কাক্তিহত অসম্ভৱ ভাল আৰু সৰল মানুহ—। দেখিলি নহয় - ইমান ডাঙৰ মানুহ হৈয়ো অকনো [ ৩০ ] গপ অহঙ্কাৰ নাই। কিমান ঘৰুৱা ভাৱে হুলস্থূলকৈ ভিতৰলৈ সোমাই আহিছে! ঘৰত বস্তুৰ উভৈনদী, বাহিৰৰ পৰা অনা কুক, তেওঁলোকৰ — কিমান ভাল ভাল ৰান্ধে! তথাপি আমাৰ ৰন্ধা- বোৰ কেনেকৈ প্ৰশংসা কৰিলে দেখিলি? বৰ কালচাৰ্ড মানুহ, কোনো ফৰ্মেলিটিও নাই, জান? সেইকাৰণেই মোৰ বেছি ভাল লাগে। দুপৰীয়া-চুপৰীয়া, সময়-অসময় একো নাই - আহিবৰ মন গ'লেই আহি যায়।

 ....তাৰমানে ডাঙৰ (ধনী?) মানুহ হ'লে ফৰ্মেলিটি নথকা সৰল মানুহ আৰু সাধাৰণ মানুহ হলে ‘খাবলৈ নাপাই অহা’! .....তললৈ মু-কৰি বাকী থকা বস্তুখিনিৰেই খাবলৈ ললোঁ। মাহীদেৱে তেতিয়াও খালি ‘দিচ্‌’খন সমুখত লৈ এমোকৰা সন্তোষৰ হাঁহিৰে বহি আছে। ভোক আৰু বস্তুৰ পৰিমাণ কমি যোৱাৰ ভাৱনাও নিশ্চয় শেষ হৈ গ'ল। কেপ্তেইন ভাৰ্গিছ, মেজৰ ইদ্নানী আৰু মিচেছ কাকতীহঁতৰ নিচিনা মানুহৰ পদাৰ্পণ আৰু প্ৰশংসাৰ পাছত মাহীদেউৰ ভোক বা বিৰক্তি থাকিব কিয়?

 

হাঁহক, নাহাঁহিব কিয়?

 

 ৰসৰাজ বেজবৰুৱাই নে কোনে জানো কৈছিল বোলে ‘অসমীয়া মানুহে হাঁহিব নাজানে।’ সঁচাকৈয়ে বাৰু আচলতে হাঁহিব নাজানে নে হাঁহিব নোৱাৰে? হাঁহিয়ে স্বাস্থ্য ভাল কৰে বুলি তো আমিও জানো। গোমোঠা মুখ আমিও ভাল নাপাও। কিন্তু হাঁহিব জানিলেওঁ, হাঁহিব খুজিলেও, আমি জানো হাঁহিবলৈ পাওঁ? [ ৩১ ]  হাঁহো — কেনেকৈ, কেতিয়া কওকচোন! আপুনি পাৰিব অন্যবোৰ বাদু দিও-ধৰক টেক্ টেক্ কৈ ৰ’দ দিছে — গৰমত আপোনাৰ সৰ্বাঙ্গ সিজি গৈছে – চাৰিওফালৰপৰা ওখ ডাঙৰ পকা দেৱালেৰে হেঁচি ধৰা আপোনাৰ ঘৰত ফেন চলিলেও গৰম গৰম বন্ধ বতাহ বিয়পিছে আৰু আপুনি ইছাটি-বিছাটি কৰি হ’লেও দুপৰীয়া ফেনৰ তলৰ পকা মজিয়াখনতে অকনমান কাতি হৈছে — দেখিব ঘৰৰ কাষৰ খেলিবলৈ অকণমানো ঠাই নথকা পাঁচ ফুটৰ অহা-যোৱা কৰা বাটটোতে ল’ৰা কেইটামান গোট খাই ফুটবল খেলিছে। অনবৰত গাড়ী-ট্ৰাকৰ বেপেৰুৱা হৰ্ণ হুলস্থুল শুনি শুনি চিঞৰ বাখৰত বাৰু অভ্যস্ত হৈ গৈছে। কিন্তু যেতিয়া ব’লটো আহি আপোনাৰ খিৰিকীৰ আইনাত পৰিব আপুনি খঙত টিকচি-বিকচি নুঠিবনে? উঠিলেই যেনিবা, খং কৰিব কাক? ল'ৰাহঁত ইতিমধ্যে দৌৰ মাৰিছে। থকা হ'লেও দেখিলহেঁতেন এটা আপোনাৰে ল'ৰা, এটা আপোনাৰ ককায়েকৰ, এটা প্ৰতি-বেশীৰ আৰু এটা সিহঁতৰ বন্ধু। পৰীক্ষা শেষ হৈছে দিনটো কৰিব কি? ল’ৰা মানুহ খেলিবলৈ বিচাৰিবই। কিন্তু খেলিবলৈ জানো ঘৰৰ আগত চোতাল বা পদূলি বোলা কিবা অকণ আছে? ফুটপাথলৈকে ভাৰা ঘৰেই সজাইছে দেখোন সকলোৱে। চুবুৰীত পাৰ্ক এখনো নাথাকে। সেইবোৰৰ কাৰণে—টকা নহা কাম-বোৰৰ কাৰণে মাটি আক’ দিব কোনে? দূৰৰ খেল পথাৰখনতো এতিয়া চাগৈ ধোবাৰ কাপোৰে ঢোৱাই আছে। খেলে ক’ত? খংটো তাতেই শেষ কৰি প্ৰকাশ কৰিব নোৱাৰি ভিতৰত সুমুৱাই থ’লে যেনিবা। সেই বুলি হাঁহি ওলাব ক'ৰপৰা?

 স্কুলৰ পৰীক্ষা শেষ হৈছে। সেইবুলি জানো ল'ৰা-ছোৱালী কেইটা লৈ এবাৰ মাকৰ ঘৰৰপৰা আহিবগৈ পাৰিছে? অন্য সমস্যা এৰিও, ল’ৰা-ছোৱালীৰে এটাৰ যদি শেষ হৈছে বছৰেকীয়া এটাৰ বোলে ছমহীয়া নে ক্লাচ টেষ্ট কিবা এটাহে হৈছিল। এটাৰ আক’ পূৰাদমে ক্লাচ হৈছেহে থাকক এতিয়া বাৰমাহে স্কুলীয়া [ ৩২ ] কলেজীয়া ভাত ৰান্ধি। কিতাপকে অলপ পঢ়ি থাকিবলৈ ক'বলৈও ক্লাচ আৰম্ভ হোৱাটোৰতো পাঠ্যপুথি বজাৰলৈ অহাই নাই,পৰীক্ষা শেষ হোৱাটোৰো বোলে দুখনমান আহিয়েই নাপালেহি। কৰে কি? অসমীয়া মাধ্যমত পঢ়া কেইটাই কমিক্চ বৰকৈ নপঢ়ে। ভাল নাপায় হেনো। ( ভালেই হৈছে! ইংৰাজী মাধ্যমৰ কেইটাই ঢঙতে নে কিহতে কমিক্‌চ কিনি দেউলীয়া কৰে)। পিছে আপুনি জানো ককাদেউতা নাতি ল’ৰা বা বুঢ়ী আইৰ সাধু ধৰণৰ কিতাপ আনি দিছে? বজাৰতে বা আছে কেইখন অসমীয়া সাধু কিতাপ? গৰম - খং সকলো মিলি আপোনাৰ গা বিজ্ বিজাই যোৱা নাইনে? গা-টোকে ধুই গা-মন জুৰ লগাই লওঁ বুলিলেও জানো পাৰিব। গা-ধোৱা ঘৰত সোমাই দেখিব - ৰাতিপুৱাই পৌৰ নিগমৰ কৃপাত চেলাইনৰ বটলৰ পৰা চেলাইন অহাদি অহা পানীৰ সোঁতত আপোনাৰ ৰিজাৰ্ভাৰ, টেপ্ সকলো শুকাই খৰখৰীয়া মাৰি আছে। এতিয়া খংটো উলিয়াই পঠাই ক'লৈ? মনৰ খং মনতে মাৰ নিয়াব নালাগিলনে বাৰু? খঙত কপালত হোৱা খোপাটো হাতেৰে সমান কৰি ল’বলৈ চেষ্টা কৰিলেও হাঁহি ওলাবনে অপোনাৰ মুখৰপৰা?

 বতৰে বৰণ সলোৱা দেখি ভাল পাইছে? ভাল লাগিবই। এই অসহ্য় গৰমত এজাক-দুজাকমান বৰষুণ আহিলে ভালেই। ক’লা কৰি অনা আকাশখনে ৰাতিটোতে দুজাকমান কলহৰ কাণে ঢালিলেই। ৰাতিটো জুৰ পৰাত ভালকৈ টোপনি অহাত পুৱা স্বস্তিৰে অকণমান হাঁহিব খুজিছে? কিন্তু শুই উঠি মাটিত ভৰি দিয়াৰ উপায় নেদেখি হাঁহিবলৈ শিঠিল কৰা ওঁঠ দুটা আকৌ টানকৈ জাপ খাই গৈছে। দেখিব আপোনাৰ ঘৰলৈ নিমন্ত্ৰিত লোকৰ দৰে পানীৰ নিছিগা সোঁত। অকল পানীয়েই নে? বস্তুবোৰ যিমান পাৰে উঠাই চোতাললৈ ভুমুকিয়ালেও চোতাল নেদেখে। একাঠু পানীৰ চোতালত দেখিব কাষৰ নৰ্দমাৰ গেলা পানী আৰু পৌৰ নিগমে মহানগৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ [ ৩৩ ] বাবে সজাই থোৱা জাবৰ-জোথৰৰ দ’মবোৰ আলিবাটৰ বৰষুণৰ পানীৰে সৈতে আহি সম্মিলিত হৈছেহি আৰু সকলোৱে সম্প্ৰীতিৰে নাচি-বাগি আপোনাৰ বাৰান্দালৈকে বুলি আহি আছে। ‘কিনো কৰা হয়' সোধোঁ বুলি ইটো কোঠালৈ ভুমুকিয়াই চাওঁতেই চকুত পৰিব আপোনাৰ স্বামীয়ে তক্তা, মেজ-চকিৰ ওপৰেদি বগাই বগাই বস্তু বাহানিবোৰ যিমান পাৰে ওপৰলৈ উঠাইছে। আপোনাক দেখা পায়ে তেখেতৰ খংটো বাষ্ট কৰি গ'ল। ৰঙা পৰা মুখখনেৰে ভাতৰ কাৰণে অফিচলৈ পলম হ’ব পাৰে কাৰণে আপোনাক গুৱাল গালি পাৰিলে, যেন আপুনিহে ইন্দ্ৰদেৱতা হৈ পানীৰ প্লাৱন নমাইছে আৰু আপুনিহে যেন নিগমৰ হৰ্ত্তা-কৰ্ত্তা-বিধাতা হৈ আলিবাটৰ জাবৰ-জোথৰ গেলা-পচাবোৰক আপোনাৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আনিছে। নৰ্দমাৰ গেলা পানীবোৰ ক’ৰবালৈ গুচি যায় বুলি পৌৰ নিগমে বন্ধ কৰি ৰাখে আৰু জাবৰ-জোথৰবোৰক হয়তো ভাল দেখক বুলিয়েই বাটৰ দাঁতিত দ’ম কৰি ৰাখে। বহুত দিন হোৱা বাবে সেইবোৰৰ ৰৈ থাকি আমনি লাগি ছাগে বৰষুণৰ সুবিধাটো পাই নিজে নিজে গুছি আহিছে কাষৰ ঘৰ-বোৰলৈকে। আপুনিনো কৰিব কি? এতিয়াও আপুনি হাঁহে কেনেকৈ কওকচোন?

 বেজবৰুৱাই বেয়া পাব পাৰে বুলি যদি ‘হাঁহিব জানে’ বুলি দেখুৱাব খোজে, তেনেহলে কিছুদিন ৰওক। নিৰ্বাচনৰ বতৰ আকৌ আহিব। তেতিয়া দেশদ্ৰোহীক দেশ-সেৱক হোৱা দেখি — ঘোচখোৰক সবিনয়ে দেশৰ মঙ্গলৰ কাৰণে কন্দা দেখি দলীয় নেতাসকলৰ দল বাগৰা নাচবোৰ দেখি ⸺মুঠতে দেশৰ হিতৰ কাৰণে ইম নবোৰ নেতা,পালিনেতা ওলোৱা দেখি খন্তেকৰ বাবে , হ’লেও আপোনাৰ মুখত হাঁহি বিৰঙিব। হাঁহিব যে অলপ জানে অসমীয়াই তেতিয়াই দেখুৱাই দিব পাৰিব। [ ৩৪ ]
 

ৰদালিএ ৰ'দ দে

 

 যোৱা ডিচেম্বৰত এদিনতে চাৰিটাকৈ জোকাৰ মাৰি ত্ৰাসৰ সৃষ্টি কৰা ভূমিকম্পই গুৱাহাটীখন ‘হিল-ষ্টেশ্যন’ কৰি জাৰ পেলোৱা বুলি কোৱা কথাৰ প্ৰতিবাদতেই নেকি - গ্ৰীষ্ম সোমোৱাৰ লগে লগেই সূৰ্য দেৱতাই পুৱা হ’বলৈহে বাট চাই থাকে। পোহৰি পোহৰি হোৱাৰ লগে লগেই তেওঁৰ আটাইকেইটা বেটেৰী ‘ফুল চাৰ্জ’ত দি নীলা আকাশখনত ৰঙা ৰথখন চলাই দিয়ে। উৎকাট গৰমৰ টেপাত গা-ৰ জোল ব’ই যায়। দেহা ছাটি-ফুটি কৰে। গৰম, বতাহ — গৰম ধূলি — গৰম আলি — গৰম পদূলি — আন্কি মানুহবোৰও গৰম।

 গৰম বুলি আৰু কামে - কাজে, বজাৰে-সমাৰে নোলোৱাকৈ থাকে কেনেকৈ? ওলাবই লাগে। কেইবাবাৰে গা ধুলেও ( সেয়াও আক’ পৌৰ নিগমৰ পানীৰ ওপৰত নিৰ্ভৰ নকৰি নিজা ব্যৱস্থা থাকিলেহে সম্ভৱ ) বাট পাওঁতে নাপাওঁতেই ঘামে সৰ্ব-শৰীৰ তিয়াই ছপ্ছপীয়া কৰে। এই গৰমত বাটত কোনোবাই ‘ভাল নে?’ বুলি সুধিলেও কিবাচোন খং উঠে। সোধোঁতা জনৰ যেনেকৈ হাঁহিটো আৰু শব্দটো আধাহে ওলায়, ‘আছোঁ আৰু’ বুলি কোৱাজনৰো ওঁঠটো কোনমতেহে বেঁকা হয়। ৰ'দ-খিনিলৈ চোৱাৰ সাহ নাই বাবে পোন্দোৱাকৈ ৰ’দ পৰি থকা বাটটোলৈকে চাই আপোনাৰ খং উঠি যাবই। খং যে কাৰ ওপৰত উঠিছে — আপুনিও নাজানে। দৃশ্য - অদৃশ্য সকলোৰে ওপৰত। গছবোৰেও দেখিব অকণমানো ইকাটি সিকাটি নকৰাকৈ — পাত এটিও নলৰোৱাকৈ বৰ সাৱধানে থম্ থম্ মদন গোপাল হৈ বহি আছে। বতাহ বোলা বস্তুটো ‘চকুৰে নেদেখোঁ কিন্তু আছে বুলি [ ৩৫ ] জানো’ বুলিও তেতিয়া কবৰ মন নাযায়।

 ভেজাল খাইও দেহত যিকণ প্ৰাণশক্তি, গোটাইছিল ঘামে সেইখিনিও উটুৱাই লৈ গৈছে। খোজ কঢ়াৰ শক্তিও নাই যেন লাগি ৰিক্সা এখনকে ৰখাব খুজিলে ‘ৰিক্সা! এই ৰিক্সাৱালা ....’ আপোনাৰ মাতটো উদাৰাৰ পৰা মুদাৰা, মুদাৰৰ পৰা তাৰাৰ সপ্তমত উঠিল। গছৰ তলত ৰিক্সাৰ ওপৰত ঠেঙৰ ওপৰত ঠেং তুলি বহি থকা ৰিক্সাচালকজন কিন্তু নিৰ্বিকাৰ। আপোনাৰ চিঞৰলৈ ভ্ৰূক্ষেপেই নকৰে। আপুনি ৰিক্সাখনত ধৰি জোকাৰি মাতিলেও পৰাপক্ষত চালকজনে মূৰ ওঁঠ একো নলৰোৱাকৈ থাকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। অগত্য়া নোৱাৰিলেহে মূৰটো জোকাৰিব — নাযায়। গতিকে বাটেদি আহি থকা খালি ৰিক্সা এখনৰ বাবে আপুনি ধৈৰ্য ধৰি বোন্দাপৰ দিব লাগিব। তেনে এখন ৰিক্সা যেতিয়া চকুত পৰিব আপোনাৰ দৰে ভুক্তভোগী কেইবাজনো আগবাঢ়ি যাব। ৰিক্সাখন ৰখাবলৈ ক'ব খুজি সেই একে দৃশ্যৰ সন্মুখীন হ'ব। ওঁঠ-মূৰ একো লৰচৰ নকৰাকৈ মাত্ৰ ভৰি দুটাৰে পেডেল মাৰি মাৰি নিৰ্বিকাৰ ভাবে আপোনাক ফালৰি কাটি যাবলৈ চেষ্টা কৰিব ৰিক্সাচালকজনে। আপোনাৰো এই গৰমত ধৈৰ্যচ্যুতি ঘটিব। এনেই কৃপা কৰি উঠাই নিবলৈ কৈছে নে কিবা! পয়ছা দিহে উঠিব। নাযায় যদি ৰিক্সা ৰাজ-পথলৈ উলিয়াই কিয়? পৌৰ নিগমৰপৰা চলাবলৈ লাইচেন্স লয় কিয়? গোটেই দেহৰ গৰমখিনি আপোনাৰ মাত আৰু চকুত প্ৰকাশ পাব। জোৰ কৰি ৰিক্সাখন ৰখাবলৈ চেষ্টা কৰিব। লগে লগে ত্ৰিতাপে আপোনাৰ দেহ-মন আৰু গৰম কৰিব। মূৰৰ ওপৰত পূৰ্ণ সূৰ্যৰ তাপ, ভৰিৰ তলত পকা আলিবাটৰ অসহ্য় পিট্ছৰ তাপ, আৰু সন্মুখত অগ্নিশৰ্মা ৰিক্সাচালকৰ দুটি ৰঙা চকুৰ তাপ। ‘ক’ত যাব।’ এটা কৰ্কশ স্বৰ। চালকে আৰোহীক সোধা সুৰ নহয়। পুলিচে চোৰক সোধা সুৰহে। গন্তব্য় স্থানৰ কথা শেষ হওঁ নহওঁতেই নিৰ্বিকাৰ ভাবে তেওঁ আকৌ পেডেল [ ৩৬ ] মাৰিবলৈ আৰম্ভ কৰিব। নৰম 'ব খোজা আপুনি চৰম মূহুৰ্ত্তত আকৌ গৰম হৈ যাব। নাযায়। ৰিহাবাৰী বুলি নহয়, চান্দমাৰী বুলি নহয়, উজান বজাৰ বুলিও নহয়। আপুনি যি ফালে যাব খোজে ৰিক্সা সেইফালেহে নাযায়। ( যেন অন্য যি কোনো ফালেই গ'লহেতেন)। জীৱিকাৰ প্ৰতি ইমান অনীহা ইমান নিষ্পৃহ এওঁলোক। ‘মুক্তিত নিস্পৃহ’ নেকি?

 গতিকে অগতিৰ গতি চিটি বাছলৈকে ঢাপলি মেলক। তাতো সেই একে গৰম। ভীৰত ‘যাৰে বল তাৰে চল’ৰ প্ৰতিযোগিতাত নামি বাছত উঠি যাওক। কাপোৰ - কানি ফটা কথা নগণ্য। গাৰ ছাল বাকলি এৰাব খুজিলেও ভ্ৰূক্ষেপ কৰিবলৈ অৱকাশ নাই। ‘মূৰৰ ওপৰৰ ৰ’দখিনিৰ পৰা ৰক্ষা পাই, কোনোমতে থিয় দিছেহে - কাষত গা-তে লিপিত খাই থকা এজনে গৰম মাতেৰে কব : আৰাম কৰি থিয় দিছে যে, আপোনাৰ ভৰিৰ তলত সেইখন কুচন পাৰি থোৱা নাই— আচলতে মোৰ ভৰিহে।’ কোনোমতে ওপৰৰ ৰড্ ডালত ধৰি ভৰি এটা দাঙিয়েই থাকিব লাগিব। গাৰ ঘাম, চুলিৰ তেল, কাপোৰৰ বিভিন্ন গোন্ধত আপুনি ঘৰত খাই যোৱা ভাত কেইটাই মুখেদি ওলাই আহোঁ ওলাই আহোঁ কৰিব। কাৰোবাৰ কিলাকুটি কাৰোবাৰ নাকত লাগিছে। কাৰোবাৰ গন্ধময় কাষলতিৰ তলখন কাৰোবাৰ মুখৰ ওচৰত। কোৱাৰ উপায় নাই। সকলো গৰম। ‘ইমান যদি গাত গা নলগাকৈ আৰাম কৰি যাব লাগে ‘এম্বেছেদৰ কাৰ’ত বা ‘কন্টেচা'ত আহিব। এইখন চিটিবাছ বুইছে, চিটিবাছ এনেকুৱাই। গৰম ইঞ্জিনৰ কাষত বহি মানুহৰ ভৰত এফালে কাতি হৈ যোৱা প্ৰকাণ্ড বাছখন শাসনত ৰাখিবলগীয়া হোৱা ড্ৰাইভাৰ জন মাজে মাজে গৰম হোৱাতো স্বাভাবিক। ততে যদি এজনে যাব দিয়া বুলি চিঞৰাৰ লগে লগে আন এজনে ৰাখিবাহেঁ! নামি আছে দেখা নাই? মানুহ মাৰিবা নেকি' বুলি গৰম হৈ চিঞৰে। তদুপৰি ধুম্ধা‌ম্ কৈ সকলোৱে বজাবলৈ বাছখন তবলা [ ৩৭ ] নেকি! ড্ৰাইভাৰ গৰম হবই। কণ্ডাক্টাৰৰ গৰম মাতটো উচ্চ স্বৰতে থাকে ‘ভঙনীয়া পয়ছা দিব। ভঙনীয়া। পঞ্চাশ পয়ছাৰ বাবে পাঁচ টকা দিব, ত্ৰিশ পয়ছাৰ ঠাইত দুই টকা দিব, মই কি ভঙনীয়া পয়ছাৰ খনি নেকি? যাত্ৰীও গৰম – ‘নাথাকিলে কৰিম কি হেঁ? আমি ভঙা পয়ছা ঘৰত তৈয়াৰ কৰোঁ নেকি।’ গৰম। গৰম। মুঠতে সকলো গৰম - বতৰটোৰ দৰেই।

 এই গৰমত বৰষুণ এজাকৰ আশা সকলোৱে কৰে। দিলেই যেনিবা বৰষুণ জাক। তাৰ পিছত? দেহৰ গৰম অকণমান শাঁত পৰিলেও মনৰ গৰম কমিব জানো? এজাক বৰষুণতে ৰাজপথৰ ঠায়ে ঠায়ে পানীৰ প্লাৱন। অকল পানী হলেও গৰমত ভৰি কেইটা জুৰ পৰিলেহেঁতেন। পানী মানে লেতেৰা ড্ৰেইনৰ সমস্ত জাবৰ-জোঠৰ ৰাজপথেৰে বাগৰি আহিছে। দেও দি দি কাপোৰ কানি কোছাই খোজ কাঢ়িব লাগিব। খোজ কাঢ়োতেও আক’ বাছ ষ্টপেজৰ দৰে ষ্টপেজ্ পাব। পাণবজাৰত বাছৰ পৰা নামিয়েই আপুনি খোজ পেলাব নোৱাৰে। কাষৰ ড্ৰেইনৰ পৰা তোলা লেতেৰা বোকাৰে এদ’ম জাবৰ সৰু – সুৰা পাহাৰ এটাৰ দৰেই থিয় হৈ থাকিব। যান-বাহন পাৰ হৈ যাবলৈ দি সুৰুঙা চাইহে খোজ দিব পাৰিব। ফুটপাথত উঠিলেও একে কথা। ষ্টপেজ্‌ লক্ষ্য নকৰি খোজ দিলে, মুখ মেলা যেন ‘মেনহ’লৰ ভিতৰ সোমালে দায়ী কোনো নহয়। পাণবজাৰৰ মাজ মজিয়াতে খোজ কঢ়া ঠাইতে পৌৰ নিগমৰ ডাষ্টবিন্ টো। ডাষ্টবিন্ টো। অৱশ্যে ভালকৈ চালেহে দেখি। জাবৰ-জোথৰ লেতেৰাৰে উপচি বাকচটো ঢাক থাই জাবৰেৰে সজোৱা দৌল এটা যেন হৈ থাকে। কাউৰী-কুকুৰে এনেই থকাতকৈ সেইবোৰ মাজ বাটলৈ আনি আনি আপুনি অহাৰ পথত ফুল সিচাৰ দৰে সিঁচি দিয়ে। অকণমান অসাৱধান হ'লেই জোতাত লাগি আহি পিচলি পৰাৰ সম্ভাৱনা। বৰষুণৰ দিনত গুৱাহাটী ক্লাবৰ পৰা শিলপুখুৰীৰ ফালে গ'লে তো ফুট পাথত ৰৈ থাকি আপোনাৰ নৈৰ পাৰত থকা যেন লাগিব। [ ৩৮ ] মূষল ধাৰেৰে ৰাজপথৰ ওপৰেৰে পানী বাগৰিছে। প্ৰায় একাঠু পানী বাটত। সেই পানীৰ ওপৰেদি বাছ চলিছে, ‘কাৰ’ গাড়ী চলিছে, স্কুটাৰ চলিছে, ৰিক্সা চলিছে। কাষৰ ফুট পাথৰ পদ- ব্ৰজীলৈকে সেই পানীৰ এছাৰকণী আহি পৰিছে। চকুজোৰ ঘোপা কৰি মনৰ ভিতৰতে গৰম হৈ ভোৰ ভোৰাইছে, গালি পাৰিছে। গতিবেগ কিন্তু কাৰো কমা নাই! ৰাজপথৰ ইপাৰ- সিপাৰ হোৱাটোও সমস্যা। বহুত গুণা গঁথাৰ পিছত পাৰ হওঁতেই পিছ ফালেদি জোৰেৰে অহা গাড়ী এখনে পানী মাৰি গৈ আপোনাৰ নিকা কাপোৰজোৰত বোকাৰ ফুল বাছি দিলে। শাঁত পৰা দেহা খঙত আকৌ গৰম হৈ যাব। ‘ছেঃ ক’ৰ কি লেতেৰা পানী ঠিক নাই – দিলে কাপোৰজোৰ তিয়াই।’

 বৰষুণত পৰম সকাহ পাই নৰম হ’ব খোজা মনটো চৰম বিপৰ্যয়ত আকৌ গৰম হৈ যাব। চিৰিংকৈ প্ৰখৰ ৰ'দ জাকলৈ মনত পৰিব। 'এই লেতেৰা পানীৰে তিতাতকৈ প্ৰখৰ ৰ'দৰ গৰমৰ ঘামেৰে তিতাও শতগুণে ভাল। খঙত গৰম হৈ ভাবিবলৈ বাধ্য হ’ব এই প্লেন নোহোৱা গুৱাহাটী চিটিত বৰষুণতকৈ ৰ’দৰ গৰমেই ভাল।

 

জহ-জাৰ-বাৰিষাৰে

 

 আমাৰ দেশৰ মানুহবোৰেই এনেই এক মুহূৰ্তও নাথাকে। থাকিবই নোৱাৰে। ফুট-পাথেদিয়েই গৈ থাকক বা চিটি বাছ ষ্টপেজ’তে বাছ অহালৈ অপেক্ষা কৰি থাকক এনেই থকাতকৈ লগৰ জনক নিজৰ সদ্নাম কৈ থাকে ডাঙৰ ডাঙৰকৈ। নহ’লে [ ৩৯ ] সৰু সৰুকৈ পৰৰ বদ্না‌ম কৈ থাকে। অকলশৰে থকাজনেও এনেই নাথাকি তামোল চোবাই চোবাই নিজৰ পৰা এবেগেত মন আঁতৰলৈ পিক্‌ পেলাই থাকে। তামোল-চামোল নোখোৱা জনেও এনেই ৰৈ থকাতকৈ খেক্ থুই কৰি খেকাৰ থুইকে নিজৰ পৰা এহাত মান আঁতৰলৈ পেলাই থাকে। আন এজনে হয়তো শোঁ—ত কৈ, নাকৰ পৰা সেঙুন এথোপাকে পেলায়। মুঠতে প্ৰত্যেকেই কিবা এটা নহয় কিবা এটা কৰি থাকেই।

 জহ বুলি নহয়। — জাৰ বুলি নহয় - বাৰিষা বুলিও নহয় ছয়োটা ঋতুতে আমাৰ মানুহবোৰৰ কাৰোবাৰ নহয় কাৰোবাৰ পানী লাগিয়ে থাকে। হাঁচিয়ায়েই থাকে। কফেৰে ভৰা কাহ কাহিয়েই থাকে। একো নোহোৱা জনেও এনেয়ে থকাতকৈ নিজৰ পৰা এহাত মান আঁতৰলৈ বাটৰ মাজলৈকে থুৱাই থাকে।

 আলিবাটত যেয়ে নোলাওক — থ্ৰি পিচ্‌ চুট্‌ পিন্ধা ভদ্ৰলোকেই হওক বা অদ্ধনগ্ন ভিক্ষাৰীয়েই হওক, জোতাৰ হিল ঢাকি লেটেষ্ট ষ্টাইলৰ সাজপাৰ কৰা শিক্ষিতা ভদ্ৰমহিলাই হওক বা আঁঠুৰ ওচৰলৈকে কাপোৰ কোছাই লোৱা দিন হাজিৰা কৰা অশিক্ষিতা তিৰোতাই হওক, যান-বাহনৰ চালকেই হওক বা আৰোহীয়েই হওক ⸺ সকলোৱে কিন্তু এই থু-খেকাৰ পেলোৱা কামটো একে ধৰণেৰেই সমিল-মিলেৰে কৰে। গাড়ীত অহাজনেও চলি থকা গাড়ীৰ পৰা খিৰিকীয়েদি মূৰটো উলিয়াই মাজ বাটতে পিক্ এসোপা বা খেকাৰ এথোপা পেলাই যায়। ৰিক্সাত যোৱা জনেও তাকে দেখি ঘিনতে তাতকৈ অলপ দাঁতিলৈ ৰিক্সাৰ পৰা মূৰটো বেঁকা কৰি থুই এথোপা উলিয়াই মাৰি পঠায়। খোজ কাঢ়ি যোৱা জনে প্ৰতিটো খোজতে সেইবোৰ নগছকিবলৈ আপ্ৰাণ চেষ্টা কৰি একা-বেকাকৈ খোজ দি, ডেও দি ৰিক্সা, গাড়ী, ঠেলা-গাড়ী, চিটিবাছৰ পৰা নিজক বচাবলৈ গৈ তেনে এটা থোপাতে ভৰি পেলায়। লগে লগেই ঘিণত পেটটো ওকোল-মোকল লাগি যোৱা যেন অনুভৱ কৰি কোনমতে অকণমান নিকা ঠাইত থিয় দিয়েই⸺ [ ৪০ ] - থুই থুই কৰি নিজৰ পৰা এহাতমান আঁতৰলৈ অন্য য’তে পৰে পৰক বুলি মাৰি দিয়ে।

 সকলো মানুহেই নিজকে ইমান পবিস্কাৰ বুলি ভাবে যে অপৰিস্কাৰ বস্তুবোৰহে নিজৰ পৰা এহাত আঁতৰলৈ দলিয়াই দিয়ে। কিন্তু সেই অপৰিস্কাৰ বস্তুৰে আলিবাট কিমান লেতেৰা আৰু জীৱানুযুক্ত কৰিলে সেই কথা ভাবিবলৈ কাৰো আহৰি নাই। নিজৰ পৰা আঁতৰত আলিবাটত সেইবোৰ এৰি থৈ অহা বুলি ভাবিলেও নিজৰে ভৰিৰ জোতাত, পেন্টৰ তলিখিনিত, শাৰীৰ ফল্চত, মেখেলাৰ পাতলিত লাগি আৰু দূষিত বতাহখিনি নিজৰে নাক মুখত লৈ ঘৰৰ বস্তু যে আকৌ ঘৰলৈ আনিলে ⸺ লগতে লোকৰো অলপ লৈহে, ⸺ সেই কথা ভাবিবলৈ কাৰো আহৰি নাই। কলৰ বাকলি, সুমথিৰা টেঙাৰ বাকলি, ফটা, কাগজ, কুঁহিয়াৰৰ চোবা, লেতেৰা কাপোৰ, গেলা আপেল আদি বিভিন্ন ৰং আৰু আকাৰৰ সংমিশ্ৰণেৰে ফুল বাছি থোৱা আলিবাটটোৰ মাজে মাজে থু — খেকাৰ — পিকৰ বগা — হালধীয়া – ৰঙা ৰঙৰ সৰু ডাঙৰ বুটা বাছি দিবলৈ আমি শিক্ষিত ⸺ অশিক্ষিত, শিল্পী- সাহিত্যিক, ভিক্ষাৰী — জুৱাৰী, ইঞ্জিনীয়াৰ — মগনীয়াৰ, ৰনুৱা— বনুৱা, ডাক্তৰ — কনডাক্টৰ, বেপাৰী — বেমাৰী — সকলোৱে গভীৰ মিলাপ্ৰীতি আৰু পৰম আগ্ৰহেৰে আগবাঢ়ি আহোঁ। এইবোৰত ‘আমি সকলো ভাৰতীয়’ৰ একতাৰ তুলনা নাই।

 ‘আমাৰ দেশ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ' বাক্য, শাৰী ৰচনা লিখা আৰু বক্তৃতা দিয়াৰ বাবে আছুতিয়াকৈ আছেই যেতিয়া মানুহবোৰৰ প্ৰকৃতিৰ কদৰ্যতালৈ আমি মূৰ থমাম কিয়? আমিতো এতিয়া দ্ৰুত প্ৰগতিৰ পথত। লেটেষ্ট ফেশ্যনৰ সাজ-পোচাক, ডাঙৰ দেশৰ ডাঙৰ সমস্যাৰ আলাপ আলোচনা, নিউ ইয়েৰচ্, গ্ৰিটিংচ, আইচিং কে’ক, কণ্টেচা, মাৰুতি এইবোৰৰ মাজতে আমাৰ সংস্কৃতি আৰু অভিজাত্য দেখা পাওঁ। প্ৰগতিৰ নামত ঘৰৰ মজিয়াত বহুমূলীয়া কাৰ্পেট, বহুমূলীয়া চ’ফা চে’ট, টি, ভি, ভিডিঅ’, [ ৪১ ] ভি চি আৰ, দামী পৰ্দা, ফ্ৰিজ কত কি। বাহিৰত দুবৰি দলিছাৰ সেউজী ‘লন'ৰ কাষে কাষে বিলাতী ফুলৰ বে’ড। সুন্দৰ পৰি- চ্ছন্ন। এই ঘৰ-বাৰী পৰিষ্কাৰ কৰোঁতে যিবোৰ জাবৰ-জোথৰ ওলায় — সকলোবোৰে ঠাই পায় ৰাজপথত। জাবৰ-জোথৰ মানে আগৰ দিনৰ দৰে অকল ধুলি-বালি আৰু অলাগতিয়াল খাচাং খুচুং বস্তুৱেই নহয়, – বাকী থকা ভাত, দাইল, মাংসৰ হাড়, মাছৰ কাঁইট – যিবোৰক ‘চুৱা’ বুলি আগেয়ে মানুহ-দুনুহ নোযোৱা আওহতীয়া ঠাইত গাঁত কৰি পেলোৱা হৈছিল। এতিয়া এই সকলো প্ৰগতিৰ পথত। বাৰী চুকৰ চুৱা পাতনি এতিয়া কাৰো ঘৰতেই নাই। গেলা-পঁচা এৰেহা চবেই এতিয়া ঠাই পাইছেহি চহৰৰ মাজ মজিয়াত। চহৰৰ পদ-পথৰ সোঁ কাষতেই দেখিব এৰেহা ভাত দাইল লেতেৰা ফটাকানি, পায়খানা, ফটা কাগজ, আদিৰ এটা বিৰাট স্তুপ। আশে-পাশে কাষৰে-পাজৰে অভিজাত্যৰ বাবে প্ৰয়োজনীয় নানা ধৰণৰ ভব্য গব্য দোকান। লগতে গাঁৱলীয়া মানুহলৈ স্বাস্থ্যনীতিৰ শিক্ষা দি লিখা কিতাপ থকা কিতাপৰ দোকান (নগৰীয়াবোৰে যেন স্বাস্থ্য ৰক্ষাৰ সকলো জানেই!) তাৰ সিপাৰেই আবৰ্জনা স্তুপৰ সন্মুখতে চাহ-মিঠাইৰ জাক জমকীয়া দোকান - য'লৈ আবৰ্জনা স্তুপৰ পৰা মাখি ম’হ বোৰে দিন-ৰাতি দুয়োটা চিফ্ টতে অবিৰাম তাত বাঁতি কাঢ়ি থাকে। সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি আমি চাহৰ দোকানত চপ্, মোগ্ লাই পৰথা দোচা খাই থাকোঁ। দেশ প্ৰগতিৰ পথত। আৱৰ্জনাৰ দায়িত্ব কাউৰী, ভিক্ষাৰী, গৰু, কুকুৰ, ম’হ আৰু মাখিকে দি আমি নিশ্চিন্তে দেও দি, দুপিয়াই খোজ কাঢ়ি ফুৰোঁ — চহৰৰ আলিবাটত। ‘ছিঃ ঘিণ লাগে’ বুলি মাজে মাজে ওক্ আক্ কৰি— আক’উ নিজৰ পৰা এহাত আঁতৰলৈ থুৱাই দিওঁ।

 কৰ্ত্তৃপক্ষই ডাঙৰ ডাঙৰ আখৰেৰে একোখন ‘চাইন ব’ৰ্ড’ লিখাইছে ‘ইয়াত জাবৰ আদি পেলালে আইন মতে দণ্ডনীয় হ’ব।' ‘ইয়াত প্ৰসাৱ কৰা নিষেধ!’ লিখিবলৈ দিয়াজনে অফিচৰ [ ৪২ ] ‘ডিউটি’ কৰিলে – লিখা জনে ‘চাইনবৰ্ড লিখা বিজ্নেচ’ কৰিলে যথাস্থানত লগাই দিয়াজনে ওপৰৱালাৰ আদেশ মানিলে ⸺ বচ্ খেলা খটম্। এজনে দৰমহা পাবই, আনজনে পাৰিশ্ৰমিক পাবই। তাৰ পিচত অশিক্ষিত সকলৰ কথাই নাই ⸺ শিক্ষিত সকলেও, বজাৰ কৰিবলৈ যাওঁতে, চিনেমা চাবলৈ যাওঁতে, কাপোৰ কিনিবলৈ যাওঁতে বৰ ‘জৰুৰী অৱস্থা’ত সেইখনৰ তলতে বহি বা থিয় দি ‘জৰুৰী অৱস্থা’ৰ পৰা ত্ৰাণ পায়! এইবোৰত আক’ আমাৰ ভীষণ ‘ইউনিটি’। এজনে বহা আৰু অপকৰ্ম কৰা দেখিলে বাধা দিওঁতাতো নায়েই, এজন এজনকৈ বহুতেই সংক্ৰামক ব্যাধিৰ দৰে এই ‘জৰুৰী অৱস্থা’ অনুভৱ কৰি লগে ভাগে শাৰী পাতোগৈহে। তেওঁলোকৰ ‘ড্ৰেচ’ দেখি, মুখত দেশৰ ৰাজনীতি অৰ্থনীতি সাহিত্যৰ বক্তৃতা শুনি, ইংলিচ কোৱাৰ ঢং দেখি আপুনি ভাবিব পাৰিবনে যে তেওঁ ওপৰত থকা চাইনবৰ্ড খন দেখা নাই বা পঢ়িব পৰা নাই? বিবেকবান কোনোজনৰ চকুৱে ওপৰৰ চাইনবৰ্ডৰ লিখা খিনি আৰু তলৰ ‘সৰুপানী’ৰ নৈ বৈ যোৱা দেখা পালে নিজৰ চকুৰ দৃষ্টি সম্বন্ধেহে সন্দেহ হ'ব। তাত, যেন ‘ইয়াত প্ৰসাৱ নকৰিলে আইনমতে দণ্ডনীয় হ'ব’ আৰু ‘জাবৰ-জোঠৰ ইয়াতে পেলাবই’ বুলিহে লিখা আছিল।

 ‘আলোচনা চক্ৰ’ ‘কুইজ’ ‘জেনেৰেল ন’লেজ’ ক’তো ঠাই নোপোৱা এই ‘টপিক’টোৰ বিষয়ে চিন্তা কৰা বাদেই অকণমান ভাবিবলৈকে ইচ্ছা ⸺ আহৰি নাই। পিচে, অকণমান ছোৱালী এজনীৰ ডাঙৰ প্ৰশ্ন এটাইহে মোক ভাবিবলৈ বাধ্য কৰিলে। ফৰেইনত জন্ম হৈ ফৰেইনৰ পাৰিপাৰ্শ্বিকতাৰ মাজত পাঁচ বছৰীয়া হোৱা ভাগিনজনীয়ে মাকৰে সৈতে, প্ৰথম বাৰৰ বাবে নিজৰ দেশৰ মাটিত ভৰি দি উলাহত আপোন পাহৰা হ'ল। মৰমেৰে আঁকোৱালি হাতত চকলেট এটা দিওঁতে আপোন আপোন লগা হাঁহি এটা মাৰি চকলেটৰ কাগজখন এৰুৱাই দেশৰ মাটিত তাই প্ৰথম প্ৰশ্ন কৰিলে ‘হুৱেৰ ইজ্, দা ডাষ্ট্বিন?’ ডাষ্ট্বিন বিচৰা দেখি [ ৪৩ ] মই কিয় বুলি সোধাত, তাই হাতত লৈ থকা চক্ লেটৰ সৰু কাগজখন দেখুৱাই সেইখন পেলাব বুলি ক'লে। মাকে ইতস্ততঃ কৰা দেখি কাগজখন লৈ মই আলিবাটৰ দাঁতিলৈ পেলাই দিলোঁ⸺। ‘উলঙ্গ দেশত বাৰু কাম কি ধোবাৰ?” অকণমানী জনীৰ হাতত ধৰি গাড়ীলৈ আগবঢ়াই আনোতে তাই অবাক নীলা চকুজোৰ ডাঙৰ ডাঙৰ কৈ মেলি এবাৰ মোলৈ এবাৰ মাটিৰ কাগজ টুকুৰালৈ চাই চাই মাকক সুধিলে - ‘ইজ্ ট মাম্মী! হোৱল ইণ্ডিয়া ইজ্ আ ডাষ্ট্বিন?’


‘মানুহ মৰে কৈ’


 দুটা কথা বোলে সোধাতো অভদ্ৰতা। পুৰুষৰ (আজিকালি তিৰোতাৰো) ⸺ তাৰমানে চাকৰিয়ালৰ দৰমহা আৰু মহিলাৰ বয়স। অৱশ্যে দুয়োটাই সুধিও লাভ নাই। কোনোটোৰে সঁচা উত্তৰ আপুনি নাপায়।

 কিন্তু নিজৰ অসতৰ্ক মুখৰতা আৰু মূৰ্খতাব বাবেই দুয়োটাৰে সঠিক উত্তৰ কেতিয়াবা নিজে নিজেই ওলাই পৰে। বিশেষকৈ স্ত্ৰীসকলৰ শ্ৰীমুখৰ পৰাই।

 মোৰ এজনী বান্ধবীয়ে তেওঁলোকৰ আটক-ধুনীয়া ড্ৰইং ৰূমৰ দামী কাৰ্পেটৰ ওপৰৰ দামী চ’ফাত বহুৱাই লৈ এদিন মোক ক’লে : ‘জানা, আমাৰ ‘এওঁ’ আক’ আনবোৰৰ দৰে নহয়। এটা বাহিৰা পয়ছাও তেওঁ কেতিয়াও নাখায়। সেই কাৰণেহে-এই অৱস্থা! কোনোমতে মাটি তিনি কঠা লৈ দুবছৰৰ আগতে ঘৰটো সাজি ল'লো বুলিহে। মাটি ডোখৰো আক’ যথেষ্ট কমতে [ ৪৪ ] পালোঁ। ঘৰটো নামকৰা আৰ্কিটেক্ট এজনৰ দ্বাৰা ডিজাইন কৰাইছোঁ বুলি তিনি হাজাৰ স্কোৱাৰ ফুটতে সুবিধাকৈয়ে ৰূমবোৰ হৈ গল। মাহে মাহে এটা এটাকৈ বস্তু কোনোমতে লৈ আছোঁ আৰু! এতিয়াও বহুত বাকী। ল’ৰা - ছোৱালী দুটাৰ পঢ়া ৰূমৰ কাৰ্পেট এতিয়ালৈকে কিনাই হোৱা নাই। যোৱা মাহত কোনো মতে নতুন ফ্ৰিজ এটা ল’লো। আগৰটো পুৰণা হৈ গৈছিল একেবাৰে। গাড়ীখনৰো নতুন ৰং কৰোৱা বাবে এইবাৰ টু-ইন-ওৱান এটাহে মাত্ৰ কিনা হ’ল। লৰাটোৰ স্কুটাৰখন 'অহা মাহতহে কিনিব পৰা হ’ব। বৰ দিগ্ দাৰ হেঁ! খোৱা বস্তু বাহানিৰ দাম যি দৰে বাঢ়িছে দৰমহাৰ টকাই খৰচ হৈ যায়......মই বুলিহে আৰু......!’ বান্ধবীৰ স্বামীয়ে মধ্যমীয়া দৰমহাৰ চাকৰি এটা কৰে। থকাৰ ষ্টেণ্ডাৰ্ড দেখি আৰু ‘খোৱাত দৰমহাৰ পয়ছাও খৰচ হয়’ উক্তি শুনি ‘এওঁ’ বাহিৰা পইছা নাখায় বুলি বুজিম নে?

 মোৰ মাহীজনী আক' আৰু এখোপ চৰা। তেওঁ কথাই কথাই নিজৰ বয়স কমোৱা আৰু আনৰ বয়স বঢ়োৱা উত্তৰ এটা প্ৰশ্ন নকৰাকৈয়ে দি থাকে। মোৰ আইৰ নিজৰ ভনী মাহীদেউ আইতকৈ চাৰি বছৰৰ সৰু। মোৰ আই থকা হ'লে এতিয়া ষাঠি বছৰমান হ'লহেতেন। মাহীদেৱে কিন্তু নিজৰ বয়স কোনোমতেই পঞ্চল্লিশৰ ওপৰলৈ যাবলৈ নিদিয়ে। তেওঁৰ বয়স কমালে স্বাভাৱিকতে তেওঁৰ ল'ৰা - ছোৱালীৰো বয়স কমাব লাগিব। এবাৰ এগৰাকী মানুহৰ আগত নিজৰ বয়সৰ পৰা আৰম্ভ কৰি ল'ৰা - ছোৱালীবোৰৰ বয়স কমাওতে কমাওঁতে তেওঁৰ এঘাৰ বছৰ বয়সত প্ৰথম সন্তানটি হোৱা বুলি ধৰি ল'লেও শেষৰ সন্তানটিলৈ বয়স কোনোমতেই নুজুৰিলে। মাহীদেউব কিন্তু সেইফালে ভ্ৰূক্ষেপেই নাই। মানুহ গৰাকীয়ে মাহীদেউৰ কলেজত পঢ়া নুমুলীয়া ল'ৰাটো চিনি পাই যদিও ভদ্ৰতাৰ খাটিৰত মনত পেলাই নিদিলে।

 মোৰ বাইদেউৰ বিয়াৰ সময়ত মাহীদেৱে দৰা ঘৰৰ লগত ফ’নত কিবা কথা হওঁতে নিজৰ স্বভাৱলৈ উভটি গল – ‘তাই [ ৪৫ ] আমাৰ কণ্ ভালেই ছোৱালীজনী। পিছে বয়সটোহে অলপ বেচি আমাৰ বিয়াৰ বয়সৰ তুলনাত। মানে মোৰ বিয়াত সিহঁতৰ গোটেই কেইটা ল'ৰা - ছোৱালী আছে। তাইতো বে’চ খোজ কাঢ়ি ঘূৰি - চুৰিয়েই ফুৰে তেতিয়া! মানে চাৰি-পাঁচ বছৰ মান হ’ব। ( যেন চাৰি/পাঁচ বছৰতহে কেছুৱা খেলে) মোৰো আক’ বৰ সৰুতে বিয়া হৈছিল নহয়! মাত্ৰ পোন্ধৰ বছৰ বয়সত।’ পিচত ভিন্ দেৱে তাকে লৈ বাইদেউক কৈ হাঁহিছিল – ‘তোমাৰ মাহী তোমাতকৈ সৰুহে হ’ব হিচাবত। তেওঁৰ পিচৰ তিনিজন মামা-মাহীৰ পিচত, তোমাৰ জেঠাইদেউৰ পাঁচোতা ল'ৰা-ছোৱালীৰ পিচত, তোমালোকৰ চাৰিটা দাদা - বাইদেউৰ পিচত তুমি। তথাপি যদি তোমাতকৈ দহ বছৰৰহে ডাঙৰ হ’ব খোজে হিচাবত নিমিলে। সৰু হ'লে মিলাব পাৰিম।

 .........আই-পিতাহঁত নাই বাবে মাহীদেউৰ কৃপাত আমাৰ উথান - পতন হৈয়েই থাকে। মাহীদেউৰ বয়স এতিয়া পচপন্নৰ ওচৰা - ওচৰি হ’লেও মুখৰ মেক্ আপ আৰু সাজ – সজ্জাৰ জোৰত পঞ্চল্লিশৰ ওপৰলৈ মাহীদেৱে উধাব নুখুজিলেও — আমাৰ বয়সবোৰ কিন্তু কমাব নোখোজে। বঢ়াহে। আমাৰ বয়স বঢ়ায় যাব আৰু মাইদেউৰ পঞ্চল্লিশতে থাকিব লাগিব। এতিয়া অঙ্কটো কৈনেকৈ মিলাওঁ বাৰু কওঁকচোন!!


সত্যমেব জয়তে


 সৰুতে আমিও আখৰ চানেকী লিখিছিলো — ‘সত্যৰ সদায় জয়’ বুলি। আখৰ কেইটাহে গোট গোট ধুনীয়া হ'ব লাগিছিল বুলি জানিছিলো। কথাষাৰ কামত লগাব লাগিব যে কি মানে [ ৪৬ ] আছে? ‘দুখীয়াক পুতৌ কৰিবা’ বুলিওচোন লিখিছিলো। শিক্ষকে কিবা চাবলৈ গৈছিল নে পুতৌ কৰিছোঁ নে নাই। আখৰ কেনেকুৱা হৈছে আৰু ‘খ’ হস্ৰ ‘ই কাৰ দিছোঁ নে দীৰ্ঘ ‘ই’ কাৰ দিছোঁ তাকেহে চাইছিল। সেইবোৰ লিখি শিকি অহা বোৰইচোন সময়ত ডাঙৰ মানুহ হৈছে, মন্ত্ৰী, এম্ এল্ এ হৈছে। কোনেনো কিমান সঁচা কথা কৈছে বা দুখীয়াৰ কথা ভাবিছে?

 ‘মিছাৰ সমান পাপ নাই’ কথাষাৰ জানো বুলিয়েই মিছা কথা নক’মনে আৰু! মোৰো হ'লে ভাল লাগে মিছা কৈ। কোনেনো বাৰু মিছা কথা নকয়? ৰাজ্যপালৰ মুখ্য উপদেষ্টাৰ পৰা গাখীৰত পানী মিহলাই অনা নেপালীটোলৈকে সকলোৱেই- চোন মিছা কথা কয়। নোকোৱাৰ ভিতৰত যুধিস্থিৰেহে হেনো নকৈছিল। তথাপি এদিন এটা নে আধাটা কৈছিল।

 সঁচা কথা কওঁকচোন বাৰু — সংসাৰত তিষ্টিব পাৰিব? ৰেডিঅ’ ষ্টেশ্যনত কাম কৰে আপুনি? সঁচা বাতৰি পৰিবেশন কৰক, কাইলৈকে আপোনাৰ চাকৰি শেষ। ইঞ্জিনীয়াৰে সঁচা কথা কওকচোন ক'ৰ ৰড্, ক'ৰ চিমেন্ট ক’ৰ কি কামত লগালে। কাৰ পৰা কিমান টকা লৈ কাক ঠিকা দিলে? কওকচোন! পাৰিব? কাইলৈকে নিলম্বিত। যি জনে সঁচা ক'ব পৰাকৈ কাম কৰিছে ⸺ সেইজনৰ ইমান অভাৱৰ দিনত মাত মাতিবলৈকে শক্তি নাই চাগে। আপুনি ডাক্তৰ? সঁচা কথা কওকচোন আপোনাৰ ঘৰুৱা চেম্বাৰত ষোল্ল নে বিশ টকাকৈ ফিজ্‌ লৈ দিনটো আচলতে কেইজন ৰোগী চালে। ইন্কম্টেক্সৰ ধৰোৱা তৰোৱালৰ আগত আপোনাৰ ডিঙিটো আগবঢ়াই দিয়া একে কথা। উকীল হৈ সঁচা ক’ব? ওকালতিৰ লগতে চাইদ্ বিজ্নে‌চ এটা কৰিব নোৱাৰিলে আপুনি কিন্তু নাখাই মৰিব লাগিব। ব্যৱসায়ীয়ে সঁচা কথা কবল হ’লে ব্যৱসায়ত ‘লাল বাতি’ জ্বলাই হিমালয়ৰ ফালে ধাৱমান হোৱাই ভাল। আনকি সঁচা বিদেশী বহিৰাগত, এজনক ধৰাই দিয়কচোন ⸺ পিচদিনাৰ কাহিলি কাহিলি পোহৰতে বিছনাতে [ ৪৭ ] আপোনাক হাত কেৰেয়া কৰি থানালৈ নিনিয়ে যদি চাব। বিদেশীৰে দেশ ভৰি গ'ল বুলি সঁচা কথাষাৰ কওকচোন — আপুনি দেশদ্ৰোহী বা উগ্ৰজাতীয়তাবাদী আখ্যা পাব। মন্ত্ৰী হৈ ইমান বছৰে দেশৰ কি কি উপকাৰ কৰিলে সঁচা ক'বলৈ গ'লে আপোনাৰ সেপ ঢোকোঁতেই যাব। কথা একো বিচাৰি নাপায়। মিছা কথাৰ ফুলজাৰি মাৰি যাওক — দেশৰ কাৰণে আপুনি জীৱনটো উছৰ্গা কৰিছে। দেশ-সেৱাৰ নামত অমুক কৰিছে — তমুক কৰিছে, অচিৰেই অমুক কৰিব তমুক কৰিব — দেখিব হাত তালি আৰু ফুলৰ মালাৰ মাজত আপোনাৰ মন্ত্ৰী মন্ত্ৰী মনটোৱে অনৰ্গল ঢে'ৰ মিছা কথা কৈ যাব পাৰিছে।

 মোৰ বাইদেউৰ চাৰিবছৰীয়া ল'ৰাটো ৰঙা বগা সুন্দৰ স্বাস্থ্যৰ এটা ধুনীয়া ল'ৰা। প্ৰথম স্কুলত নাম লগাই দিয়াৰ কেইদিনমান পিচতে সমনীয়া বন্ধু এজনে সুধিলে : “তুমি বাৰু কি খোৱা? ইম্মান বগা তুমি! লগে লগেই সি উত্তৰ দিলে গহীনকৈ ⸺ ‘আমাৰ মায়ে আমাক সদায় সদায় ৰাতিপুৱা এগিলাছকৈ জেব্ৰাৰ গাখীৰ খুৱায়। আনটো ল’ৰাই ঘৰলৈ গৈ নিজৰ মাকক আব্দাৰ ধৰিলে সিও জেব্ৰাৰ গাখীৰ খাব। চাওকচোন, সুস্থ পৰিবেশ এটাত সেই চাৰিবছৰীয়া ল'ৰাটোৱে থিতাতে মিছাটো ক’বলৈ ক'ৰ পৰা শিকিলে। আন এটা ছবছৰীয়া ল'ৰা লগ পাইছিলো ⸺আঠবছৰীয়া ককায়েক আৰু দহবছৰীয়া বায়েকৰ লগত। মই যেতিয়া সুধিছিলো ⸺ ডাঙৰ হ'লে কোন কি হ'বা বুলি ⸺ বায়েক আৰু ককায়েকে যথাক্ৰমে ডাক্তৰ আৰু ইঞ্জিনীয়াৰ হ'ব বুলি কৈছিল। সৰু ল’ৰাটোক, সোধাৰ লগে লগে ক'লে ‘গৰমেন্ট (গভৰ্ণমেন্ট) হ'ম। নহ’লে ডাঙৰ চাকৰি এটা কৰি ঘোচ খাম।’ ‘গৰমেন্ট’ হ’ব হেনো এই কাৰণেই ⸺ চবেই চোন টকাবোৰ ( টেক্স-চেক্সবোৰ) গৰমেণ্টকে দিয়ে। কিমান চাগে টকা পায়!! মাকে যেতিয়া লাজত, বিস্মিত হৈ ক'লে ⸺ ‘ডাঙৰ চাকৰি কৰিবা ভাল কথা। ‘ঘোচ খাম বুলি কিয় কৈছা? ছিঃ কিয় ঘোচ [ ৪৮ ] ‘খাবা আক’। সি লগে লগে ক’লে বা আৰু দাদায়ে ভাল বুলিবলৈ মিছা কথা কৈছে। সিহঁতেও ঘোচ খাব। মইও খাম। চবেই খায়তো! কিয় নাখাম?’ মই হাঁহি হাঁহি কৈছিলো ⸺ ‘হওক তেও। এতিয়াই এটা সঁচা কথা কৈ থৈছে’।

 ঘৰখনৰ পৰিবেশৰ লগত ইও এটা বিপৰীত কথা। অৱশ্যে সি চাগে ঘোচ এটা বস্তু বুলি ভাবে। কিন্তু খায় যে জানে।

 ঘৰখনত আপুনি ‘মিছা কোৱা পাপ' বুলি যিমানেই সুস্থ পৰিবেশ এটা গঢ়িব নোখোজে কিয়? ⸺ নোৱাৰেগৈ। ‘আজিকালি মিছাৰে দিন' বুলি নিজে মিছা কথা কোৱাজনেও আনৰ কথা কৈ আক্ষেপ নকৰে। যেনেকৈ ‘সলনি’ শব্দটোৰ বাহিৰে সকলো সলনি হয়, তেনেকৈয়ে মিছা কথাৰ যে ঠেং চুটি সেইটো হ’লে সঁচা কথা। জোৰা লগাবলৈ যাওঁতে খোৰাব লগা হয়। খোৰাই যাওঁতে কেতিয়াবা হামথুৰি খাই পৰিব লগা হয়। পৰিলে কিন্তু একেবাৰে তলত ⸺ আপোনাৰ সন্মানে তুলি আনিব নোৱাৰাকৈ।

 

অবোধ মনৰ প্ৰশ্ন

 

 এই আইতাজনীও আৰু! বৰ বেয়া পাই! ভাল নালাগে!! শ্বিলঙলৈ আহিছিল। ⸺ মই ফ’নত ইমান ক’লো ইয়ালৈ আহিবলৈ নাহি আক’ অকল মনিমাহীক পঠাই তেওঁলোক দিল্লীলৈহে উভতি গ’ল। মই আৰু কঙ্কু কিমান অপেক্ষা কৰি আছিলো, কিমান ভাবি আছিলো ⸺ আইতা আহিব, আমাৰ বাবে ধুনীয়া ধুনীয়া মিঠাই আনিব, আচাৰ আনিব। ককাদেউতাই দেশ - বিদেশৰ বহুত ধুনীয়া ধুনীয়া সাধু ক’ব। ককা - আইতা আমাৰ ইয়াত [ ৪৯ ] থকা কেইদিন আমাৰ কি ফুৰ্ত্তি হয়! ককাহঁতৰ আগততো মায়ে আমাক খং কৰিবই নোৱাৰিছিল। মাহঁতে বজাৰ কৰিছিল আৰু আমি গাড়ীত বহি বহি আইচ্ ক্ৰিম খাইছিলো।..........এঃ এতিয়ানো এইবোৰ মনত পৰিলে কি হ’ব? আইতা - ককাহঁততো নাহিলেই! মনিমাহীহে আহিছে অকলে। কৈছে আইতা বোলে শিশুবৰ্ষৰ বাবে ব্যস্ত।

 মা আৰু মনিমাহীও শিশুবৰ্ষৰ কাৰণে খুব ব্যস্ত আছে। আগেয়ে মনিমাহী আহিলে মায়ে চিনেমা চোৱা, বজাৰ কৰাৰ উপৰিও বহুত ৰাতিলৈকে ইংলিছ মিউজিক শুনে। এইবাৰ পিচে সময়েই পোৱা নাই। বহুত ঠাইত বহুত ফাংশ্য়ন পাতিছে তো! এইটো বছৰ মানে ১৯৭৯ চনটো বোলে সৰু সৰু ল'ৰা-ছোৱালীবোৰৰ বাবে চৰকাৰে দি দিছে। আমাৰ যি ইচ্ছা। কথাটো মই আমাৰ ওচৰত থকা চকিদাৰৰ ল’ৰা ফ’টু আৰু আমাৰ পিচফালে থকা গোলাপী বাইৰ ছোৱালী চঁপাকলিকো কৈছিলো। সিহঁত যে কি! একো নাজানে পাই! মই কওঁতে সুধিছিল তাত খাবলৈ দিব নেকি বুলি।

 মা আৰু মাহী ফাংশ্য়নবোৰৰ বাবে ব্যস্ত থকাত মই আৰু কঙ্কুৱে ইচ্ছামতে কাম কৰিছোঁ। স্কুলৰ পৰা আহি হ’মৱৰ্ক কৰি উঠি বাহিৰত খেলিছো। ফ্ৰিজত থকা আইচ্ ক্ৰিম ঘনে ঘনে খাইছোঁ। ফটু আৰু চঁপাকলিকো দিছো। মাহঁতে নাজানে। জানিলে খং কৰিব।

 মাহঁতৰ ক্লাবটোয়ে শিশুবৰ্ষৰ বাবে কিবা কিবি প্ৰগ্ৰেম কৰিছে বোলে। মিটিং - চিটিংবোৰ কেতিয়াবা আমাৰ ঘৰতো হয়। মায়ে মনিমাহীক সহায় কৰিবৰ বাবে মাতি আনিছে। মানুহবোৰে কথা কয়। হাঁহে। চাহ - মিঠাই খায়। ৰাতি আমি বিছনাত উঠাৰ পিচতো মা - মাহীয়ে লগ লাগি কিবা লিখে। কিতাপ - চিতাপো মেলি লয়। ৰেডিঅ' শুনি থকা দেউতাকো মাজে মাজে কিবা কিবি সুধি লয়। কঙ্কুৱে কৈছে সেইবোৰ [ ৫০ ] বোলে পিচদিনাৰ ফাংছনত দিব লগীয়া লেক্চাৰ।

 ‘শিশু বৰ্ষ’ৰ মিটিংখনত মায়ে বক্তৃতা দিছিল। আজিহে মই মাৰ লেক্চাৰ শুনিছিলো। মই’ কঙ্কু, ওচৰৰ ৰীমা, ঝুমা,বণী, জিন্তু সকলোৱে নতুন বৰ ধুনীয়া ধুনীয়া কাপোৰ, জোতা–মোজা পিন্ধি ফিট্ ফাট্ হৈ হলটোৰ আগৰ চকীবোৰত বহি আছিলো। মায়ে কোৱা কথাবোৰ ইমান ভাল লাগিছে! কৈছে – 'পিচপৰা, দুখীয়া, ধনী সকলো শিশুৱেই ঈশ্বৰৰ ফুলনিৰ এপাহ এপাহ ফুল। সকলোকে আমি আলফুলে সাৱটি লৈ সতেজ ভাবে ফুলিবলৈ আৰু সুগন্ধ বিয়পাবলৈ সুযোগ সুবিধা দিব লাগে। আমাৰ ল’ৰা - ছোৱালী আৰু বেলেগৰ ল'ৰা-ছোৱালী পৃথক বুলি কেতিয়াও সিহঁতৰ মনলৈ ভাব আনিব নালাগে ........।’ বাকীখিনি হাত চাপৰি বজোৱা বাবে মই শুনিব নোৱাৰিলো। গধূলিৰ ফাংশ্য়নৰ বাবে মাহঁতে কঙ্কু আৰু মোক আৰু এজোৰ এজোৰ নতুন সাজ পিন্ধাই দিলে। মই ফাংশ্য়নত গান গাম আৰু কঙ্কুৱে আবৃত্তি কৰিব। আমি আনন্দত পখিলাৰ দৰে উৰি ফুৰিছিলো। আমাৰ জেওৰাতে ধৰি গেৰেজৰ দাঁতিৰ পৰা ফ’টু, ফ’টুৰ ভায়েক তাৰু চঁপাকলিয়ে আমালৈ চাই আছিল। মই সিহঁতক নতুন কাপোৰ পিন্ধি ফাংশ্য়নলৈ যাবলৈ ওলাই আহিবলৈ ক'লো। আমাৰ গাড়ীতে যাবলৈও ক'লো। সিহঁত দৌৰি গৈ ঘৰত কৈ আহিল, কিন্তু কাপোৰ নসলালে। ক’লে বোলে সিহঁতৰ আৰু বেলেগ কাপোৰ নাই। মই সিহঁতক গাড়ীৰ ওচৰলৈ মাতি আনিলোঁ। কঙ্কুৱেও কথাটো ভাল পালে। সি ক’লে মা - মাহী - দেউতা আগৰ ছিটত আৰু আমি শিশুবোৰ পিচৰ চিটত উঠি শিশুবৰ্য চাবলৈ যাম।....... কিন্তু কিযে হৈ গ'ল। মাহঁত গাড়ীৰ ওচৰ আহি পাই আমাক গাড়ীত উঠিবলৈ ক'লে। মই ফ’টুহঁতক প্ৰথমতে উঠিবলৈ ক’লত মায়ে খঙত পোন্দোৱাকৈ চাই ক’লে — ইহঁতক ক’লৈ নিয়। ছিঃ দেখা নাই কিমান লেতেৰা কাপোৰ পিন্ধিছে। ইহঁতক ইমান [ ৫১ ] ছল দিয় কেলেই?’ মাহীয়েও নাক কোঁচালে। কঙ্কুৱে ফট্কৰে ক’লে : ‘তুমিচোন মা অথনি বক্তৃতাত কৈছিলা.......’ কথাটো শেষ হ’বলৈয়ে নাপালে। মায়ে কঙ্কুৰ গালত ঠাঁচ কৰে চৰ মাৰি দিলে। ফটুহঁত ভয়তে কান্দি দৌৰ মাৰিলে। কঙ্কুৱে ওঁঠ দুখন ফুলাই ফুলাই উচুপি উঠিল। মোৰ যে কেনেকুৱা লাগিল! ডিঙিটো বিষাই গ'ল। কোনোমতে কঙ্কুৰ হাতখনত ধৰি ক'লো ‘আহ, আমি নাযাওঁ। শিশু বৰ্ষলৈ মাহঁতেই যাওক।’ চকুপানীবোৰ মোৰো বাগৰি আহিল। ইমান সময় ষ্টিয়েৰিঙত বহি গোটই ঘটনাটো চাই থকা দেউতা এইবাৰ নামি আহি আমাক দুয়োটাকে দুহাতে সাৱটি ধৰি, মাহঁতক খঙত কিবা কিবি ক’লে! চকু মোহাৰি থকা হাতধনৰ আঙুলিৰ ফাঁকেদি মাৰ মুখখনলৈ চাই আচৰিত হ'লো। মেকআপ্ কৰা স্বত্তেও মাৰ মুখখন ইমান ক'লা পৰি গ’ল! দেখিবলৈ চোন বৰ বেয়া হৈছে।

 ধেৎ তেৰি, আইতা - ককাদেউতাহঁত অহা হ’লে আমাক ক'ব পাৰিলেহেঁতেন কিনো হ’ল আচলতে কথাটো। মায়ে দিনত কোৱা কথা কিয় গধূলি পাহৰি গ'ল? কঙ্কুৱে মনত পেলাই দিয়া স্বত্তেও কঙ্কুক হে আক’ কিয় মাৰিলে? কোনো- দিনে খং নকৰা দেউতাই মাক কিয় খং কৰিলে?

 এই আইতাজনী নাহিল নহয়! ভাল নালাগে!!

 

এই পক্ষপাতিতা কিয়?

 

 এটি দেৱশিশু পৃথিবীত ভূমিষ্ঠ হোৱাৰ লগে লগেই পিতৃ -আত্মীয় - শুভাকাঙ্খী সকলৰ প্ৰথম প্ৰশ্ন : কি হ’ল? ল'ৰা নে [ ৫২ ] ছোৱালী?’ ‘ল'ৰা’ বুলি শুনিলে উৎসাহ - উদ্দীপনাত সকলো উৎফুল্ল হৈ পৰে। ‘ছোৱালী' বুলি শুনিলে কিন্তু এটা মুহুৰ্তৰ বাবে হ’লেও সকলো মৌন হৈ যায়। তাৰ পিচত এগৰাকীয়ে হয়তো কব : ‘হ’ব দিয়া, আজিকালিনো ল'ৰা কি ছোৱালী কি! সকলো সমান। ভালে কুশলে থাকিলেই হ'ল।’ কথাখিনিত কিন্তু বেদনাৰ সুৰ স্পষ্ট। আন এগৰাকীয়ে হয়তো কব : ‘ছোৱালীয়েই ভাল হেঁ! প্ৰথম সন্তানটি ছোৱালী হ’লে ঘৰলৈ লখিমী অহা বুলিয়েই ভাবিব লাগে।’ যেন এটি শান্ত্বনাৰ বাণী। ‘এৰা হেঁ! জৱহাৰলাল নেহৰুৰনো ক’ত ল'ৰা আছিল? ছোৱালীজনীয়েই কেনেকৈ বংশ ৰক্ষা কৰি গ'ল নেদেখিলা?’ জোৰ কৰি দুখ – ক্ষোভখিনি জোকাৰি পেলোৱাৰ প্ৰয়াস।

 কিন্তু কিয়? এই কন্যা সন্তান হোৱাৰ বেদনা মিশ্ৰিত হতাশা কিয়? আগৰ দিনৰ ৰজা - মহাৰজা সকলে দেৱতাৰ বৰ মাগী, যাগ - যজ্ঞ কৰি লাগী এলাগী অলেখ ৰাণী ৰাখিও পুত্ৰ সন্তান কামনা কৰিছিল। কাৰণ সেইদিনৰ বাবে সেয়াই স্বাভাৱিক। যুদ্ধ - বিগ্ৰহ, সিংহাসনৰ টনা আজোৰা, সুন্দৰী ৰাণী - ৰাজকুমাৰী দেখিলেই নিজৰ কৰি লোৱা অভিপ্ৰায়ে যুদ্ধ ঘোষণা ধৰণৰ কথা কাণ্ডবোৰত শাৰীৰিক শক্তি অতি প্ৰয়োজনীয় বাবে পুত্ৰ-সন্তানক প্ৰাধান্য দিয়াটো স্বাভাৱিক। তদুপৰি সেইসময়ত ছোৱালী অৰ্থনৈতিক দিশতো স্বাধীন নাছিল। কিন্তু এই যুগতো কিয়? কিয় এতিয়াও বহুতো সুশিক্ষিত পিতৃ - মাতৃক পুত্ৰ সন্তানৰ আশাৰে মাতৃগৰাকীৰ ভগ্ন স্বাস্থ্যলৈ ও আওকাণ কৰি ছয়-সাত গৰাকী কন্যা সন্তানেই জন্ম দিয়া দেখা যায়? কিয় বাৰু? পুত্ৰ সন্তানে নৰকৰ পৰা পিতৃ-মাতৃক উদ্ধাৰ কৰিব বুলি? 'পিণ্ড' দিবগৈ বুলি? বংশ বক্ষা কৰিব বুলি? নে আচলতে বুঢ়া বয়সত নিঠৰুৱা নহৈ সেৱা-শুশ্ৰূষা পোৱাৰ আশাত? ‘নৰক' আৰু পিণ্ডৰ দৰে কথা শিক্ষাৰ, এই মুকলিমুৰীয়া পোহৰত আন্ধাৰত জাহ যোৱা উচিত। কু-কৰ্ম কৰিলে এই পৃথিবীতে নৰক যন্ত্ৰণা ভোগ কৰি যাব লগা হ'ব। তাৰ পৰা কোনো পুত্ৰ-সন্তানে উদ্ধাৰ [ ৫৩ ] কৰিব নোৱাৰে। বুঢ়া বয়সত সেৱা শুশ্ৰূষা! সকলো বৃদ্ধ পিতৃ-মাতৃয়ে এই সেৱা শুশ্ৰূষা পুত্ৰ সন্তান সকলৰ পৰাই পায় নে? প্ৰায়ে দেখোন ঘৰতে থাকিও পুত্ৰ সকল পৰ হৈ যোৱা আৰু দূৰত থাকিও কন্যা সন্তান সকলহে আপোন হৈ থকা দেখা যায়। তিৰোতাৰ দৃষ্টি সদায় অন্তৰ্মুখী, পুৰুষৰহে বহিৰ্মুখী। নাৰী মনৰ সহজাত অনুভুতিৰে কন্যা সন্তানসকল পিতৃ মাতৃৰ মানত মৰ্যদাৰ দুখ - দুখৰ প্ৰতি সততে সজাগ আৰু সচেতন। আৰু বংশ ৰক্ষা? পুত্ৰ – সন্তানৰ দৰে কন্যা সন্তানেও বংশ ৰক্ষা কৰিব পাৰে। ‘কুশ’ ছিঙি সম্প্ৰদান দিলেই ছোৱালীজনীৰ দেহৰপৰা পিতৃ-মাতৃৰ বংশৰ তেজ শেষ হৈ নাযায়। উপাধি সলনি কৰি স্বামী গৃহলৈ যাওঁতে পিতৃ - বংশৰ মান - মৰ্যদাৰ প্ৰশ্ন শেষ হৈ গ'ল বুলি কোনো ছোৱালীয়ে নাভাবে। বৰঞ্চ কন্যা সন্তান সকলেহে প্ৰকৃততে বংশ ৰক্ষা আৰু শিক্ষা - সংস্কৃতিৰ বাহন। তেওঁলোকে এখন ঘৰৰ শিক্ষা-সংস্কৃতি, আদৰ্শ আন এখন ঘৰলৈ কঢ়িয়াই নি পিতৃ - মাতৃৰ বংশৰ সমান অধিক উজ্জ্বলতৰ কৰি প্ৰসাৰহে কৰে। পিতৃ গৃহত সুশিক্ষা পাই অহা কন্যাটিয়ে বিবাহৰ পিচত দুয়োখন ঘৰ আপোন কৰি দুয়োখন ঘৰৰে মান-মৰ্যদা - আদৰ্শ ক্ষুন্ন ৰাখিবলৈ যত্ন পৰ হয়। সন্তান সকলৰ শিক্ষাৰ ভেটিও মাতৃ পৰাকীয়েহে গঢ়ি তোলে। পুৰুষসকলক কিন্তু পিতৃ ভেটিতে থাকিও ইমান মৰ্যদা সচেতন বা আদৰ্শ ৰক্ষাৰ বাবে আগ্ৰহান্বিত হোৱা সচৰাচৰ দেখা নাযায়। সেয়ে কয় নেকি-‘ডটাৰ্চ আৰ্ অলৱেইজ ডটাৰ্‌, বাট চন্চ আৰ্ চন্ আনটিল দেয়াৰ মেৰেইজ।’

 অথচ এই কন্যাসন্তানসকলেই জীৱনৰ প্ৰথম দুৱাৰ দলিত উজুটি খাব লগা হয় ছোৱালীহে হ’ল নেকি?’ বুলি। পুত্ৰ সন্তান জন্ম হলে আগৰ দিনত বোলে কাঁহ - উৰুলি - শঙ্খ - ঘণ্টা বজাই আনন্দ প্ৰকাশ কৰাৰ লগতে সগৌৰৱে জাননীও দিছিল। কন্যা সন্তান হলে নীৰৱ। এতিয়াও পুত্ৰ সন্তান জন্ম হলে আত্মীয় [ ৫৪ ] কুতুম্ব বন্ধু-বান্ধৱৰ মাজত ৰৌ–মাছ বিলোৱাৰ নিয়ম প্ৰচলিত আছে। কন্যা সন্তানৰ ক্ষেত্ৰত একো বিলোৱাৰ নিয়ম নাই কিয়? এই ভাৰততে এনে কিছুমান ঠাই আছে য'ত এতিয়াও কন্যা সন্তান জন্ম হলেই মাৰি পেলায় বা নৈত উটুৱাই দিয়ে। কিছুমান পিতৃয়ে হেনো মাতৃ সহ কন্যাটি এৰি গুছি যায়। যিখন ভাৰতত দেশক মাতৃ জ্ঞান কৰা হয় — যিখন ভাৰতত সৃষ্টিশীলা নাৰীক দেৱী জ্ঞান কৰা হয়, যিখন ভাৰতত গো-মাতা বুলিয়েই পূজা কৰা হয়, যিখন ভাৰতত মাতৃ জাতি নহ'লে বৈদিক যুগত যাগ-যজ্ঞই নহৈছিল — সেইখন ভাৰততে পৱিত্ৰ নাৰী জাতিৰ জন্মতে নৈত উটুৱাই মৃত্যু ঘটোৱা হয়? কি বিচিত্ৰ এই দেশ!! এইবোৰ কুপ্ৰথাৰ কথা যৌতুক প্ৰথা থকা ঠাইবোৰতেই সাধাৰণতে শুনা যায়। য’ত সতীদাহৰ দৰে যঘণ্য প্ৰথাও প্ৰচলিত। অশিক্ষাৰে ফল এই যৌতুক প্ৰথা। কিন্তু শিক্ষাই চুক - কোণ পোহৰাই তোলা বুলি বৰাই কৰা সময়তো কিয় এই অশিক্ষাৰ অন্ধকাৰ মানুহৰ মনৰ মাজত ৰৈ আছে? কিয় তথাকথিত উচ্চশিক্ষিত ধনী পৰিয়ালবোৰতো এই যৌতুকৰ লিপ্সা, পনৰ নিচা শেষ হোৱা নাই? আচলতে কন্যা সন্তানৰ পিতৃ - মাতৃৰ হীনমন্য়তাৰ বাবেই এই প্ৰথাই গা কৰি উঠিব পাৰিছে। কিয় পিতৃ - মাতৃ সকলে কন্যা সন্তানটিকো মাথোন সন্তান হিচাবেই সু-শিক্ষা দি সু - নাগৰিক কৰি গঢ়ি তুলিব নোৱাৰে? তেওঁলোকে নিজকে কন্যা দায় গ্ৰস্ত' বুলি নীচাত্মিকাত কিয় ভোগে? তেওঁলোকে কন্যাগৰাকীক বিয়া দি উলিয়াই দিয়াই একমাত্ৰ কৰ্ত্তব্য বুলি ভাবে কিয়? বিবাহেৰে উদ্ধাৰ কৰি দিবলৈ দৰাপক্ষৰ ওচৰত নতজানু হৈ কৃপা ভিক্ষা কৰাৰ সলনি কন্যা সন্তানৰ অভিভাৱকে যদি কন্যা সন্তানটিক সুশিক্ষিত কৰি, সাংসাৰিক জ্ঞান, আত্মসন্মানৰ জ্ঞান, ব্যক্তিত্ব আৰু স্বাৱলম্বী মনোভাৱৰ শিক্ষাৰে উপযুক্ত কৰি তোলাটোহে কৰ্ত্তব্য বুলি ভাবিলেহেতেন! তেতিয়া তেওঁলোকৰ অৰ্থনৈতিক সমস্যা ও নাথাকিব আৰু শিক্ষাৰে পোৱা ব্যক্তিত্বৰ পোহৰতে [ ৫৫ ] সৎ শুদ্ধ পথেৰে। নিজৰ নিৰাপত্তাও বিচাৰি ল'ব পাৰিব। এই দৃঢ়তা প্ৰত্যেক অভিভাৱকৰে থাকিলে দৰাপক্ষইহে আহি ছোৱালীৰ বাবে প্ৰাৰ্থনা জনাব। তেতিয়া ‘যৌতুক’ ‘পণ’ ‘বোৱাৰী পোৰা’ এইবোৰ আপোনা - আপুনি নোহোৱা হৈ যাব। টকাৰ আশাতে পুত্ৰসন্তানক চিৰকাল চিৰকুমাৰ কৰি ৰখাৰ মনো- ভাৱ নিশ্চয় কোনো পিতৃ মাতৃৰে নাথাকে। হীনমন্যতাত ভোগা ছোৱালীৰ পিতৃ-মাতৃয়ে দোষী দোষী ভাৱে বিয়াৰ বজাৰত দৰ- দাম কৰা বাবেহে এই লোভলগা প্ৰথা দৰাপক্ষই এৰিব পৰা নাই।' আচলতে কিন্তু ‘দশপুত্ৰ সমকন্যা' বুলি এজনী ছোৱালীৰ পিতৃ - মাতৃয়ে সগৌৰৱে বুকুফিন্দাই অহঙ্কাৰ কৰিবহে পাৰে। এই উচ্চমন্যতাই আনিব সাহস, সাহসে আনিব দৃঢ়তা আৰু দৃঢ়তাই আনিব সমাজলৈ সুন্দৰ পৰিবৰ্ত্তন। অসমৰ বাহিৰে ভাৰতৰ প্ৰায়বিলাক প্ৰদেশতে থকা এই অনন্ত সমস্যাটোৰ সমাধান প্ৰত্যেক নাগৰিকে নিজে বুজি নকৰিলে কোনো আইনে তাক কৰা সম্ভৱ নহয়। আইনৰ সুৰঙা উলিয়াই চৰু উদঙাই জোল খোৱাত সকলোৱে সিদ্ধহস্ত।

 কন্যাসন্তানতকৈ পুত্ৰ সন্তানক অধিক প্ৰাধান্য দিয়াত পুৰুষসকলতকৈ কিন্তু মহিলা সকলৰহে দোষ বেচি। সৰুৰে পৰাই ল’ৰাবিলাকক কিবা বেলেগ ধাতুৰে গঢ়া যেন জ্ঞান কৰে। ল'ৰাবোৰৰ বাবে যেন সাত খুন্ মাফ্। লৰা দুষ্ট হলে ক'বঃ ‘ল’ৰা দুষ্ট থাকেই। সৰুতে দুষ্ট হোৱাই ভাল।’ কথাৰ মূৰত কথা ক'লে ক’ব : ‘বৰ ইন্টেলিজেন্ট, স’ৰ কথাৰে পেলাবই নোৱাৰি। ছোৱালী তেনেকুৱা হ'লে কিন্তু ক’ব : ‘ইমান লাও-পাত কছুপাত কিয় মুখখন? ছোৱালী মানুহ গহীন গম্ভীৰ হ’ব লাগে। ল'ৰাই ডাঙৰকৈ হাঁহিলে ক’ব ‘দিলখোলা হাঁহি সু-স্বাস্থ্যৰ লক্ষণ।’ ছোৱালীয়ে সেই মুকলিমূৰীয়া হাঁহিটো বান্ধৱীসকলৰ মাজত মাৰিলেও মাকেই সঁকিয়াব : ‘ইমান কুলক্ষণীয়া কিয়? ছোৱালী মানুহে ইমান ডাঙৰকৈ হাঁহেনে?’ উপদেশ [ ৫৬ ] দিব - ‘অন্যায় কৰা যেনেকৈ পাপ, অন্যায় সহি থকাটোও একেই পাপ।’ ছোৱালীৰ ক্ষেত্ৰত আক’ ‘বোবাৰ শত্ৰু নাই আই! সহিলেই সম্পদ নসহিলেই বিপদ।’ এইবোৰ বিভ্ৰান্তিকৰ উক্তিয়েহে ছোৱালীক অৱলা কৰে। অসহায় কৰি এটা যেনে তেনে পোৱা আশ্ৰয় অৱলম্বনৰ চিন্তা আনি দিয়ে। তদুপৰি বিয়াৰ পিচত ল’ৰাই যদি কৰ্ত্তব্য জ্ঞান পাহৰি যায়, আমি দোষ দিওঁ বোৱাৰীজনীক। কওঁ ‘ল’ৰা হাত কৰি ললে। কিয় ⸺? ল'ৰাৰ সেই জীৱনজোৰা শিক্ষা আদৰ্শ - ব্যক্তিত্ব ক’লৈ গ'ল তেতিয়া? ঘৰ থান বান্ হলেও দোষ পৰে বোৱাৰী বিলাকৰ গাত। কিয়? বেলেগ পৰিবেশৰ পৰা অহা বোৱাৰীক ল'ৰাই যদি নিজ ব্যক্তিত্বৰ প্ৰভাৱেৰে গঢ়ি ল'ব নোৱাৰে, 'নিজ ককাই - ভাই, পিতৃ-মাতৃক যদি ভুল বুজি অৱহেলা কৰে, দোষ ল'ৰাটোৰ নহ’ব কিয়? বোৱাৰীৰ কিয় হ’ব? অথচ বহুতো অভিভাৱকে ল’ৰাক অত্যাধিক খৰছ কৰিও দূৰৰ দামী নামী স্কুলত পঢ়ায় আৰু ছোৱালীক কোনো-মতে পঢ়াৰ নামত অহা যোৱা কৰিলেই হ’ল' জাতীয় ভাৱেৰে কম খৰছতে হোৱা যি কোনো স্কুল এখনতে দি দিয়ে। তদুপৰি ঘৰত এগছ কুটা দুগছ নকৰাকৈ ল’ৰাই সকলো সা - সুবিধা আমোদ প্ৰমোদ উপভোগ কৰি পঢ়া-শুনা কৰে। ঘৰলৈ আলহী অতিথি আহিলে ল’ৰা পঢ়া কোঠাৰ পৰা ওলাই নাহিলেও কোনোৱে বেয়া নোবোলে। বৰঞ্চ পঢ়াত মনোযোগী বুলি প্ৰশংসাহে কৰে। কিন্তু ছোৱালীয়ে পৰীক্ষাৰ ওচৰতো পঢ়াৰ পৰা উঠি আহি মাতষাৰ নিদিলে ‘ভীষণ অহঙ্কাৰী’ ‘অভদ্ৰ’ বুলি কয়। ছোৱালীবোৰে নিজেও ঘৰুৱা কাম - বনত সহায় কৰি দিয়ে — দিবও লাগে। ইমানৰ পিচতো দেখা যায় - ল ৰাতকৈ ছোৱালীয়েহে খেলা ধূলা পঢ়া-শুনাত অধিক মেধাৰ পৰিচয় দিছে। আজিকালি সকলো ক্ষেত্ৰতে কন্যা সন্তানৰ পাৰ্গতালিহে বিশেষভাৱে চকুত পৰে। দেউতাকৰ ডাক্তৰী ব্যৱসায়, ওকালতি, শিক্ষা বিষয়ক ব্যৱসায় বা যি কোনো পৰম্পৰাগত আদৰ্শ পুত্ৰতকৈ, [ ৫৭ ] কন্যাসকলেহে ৰাখিবলৈ যত্নপৰ হয়। এনেকৈয়ে জানো পিতৃৰ সু নাম ৰাখিলে বংশ ৰক্ষা কৰা নহয়? সুনাম আৰু পৰম্পৰাগত আদৰ্শ জলাঞ্জলী দিও মাত্ৰ পুত্ৰ – নাতি — আজোনাতি বুলি বংশ গৌৰৱ কৰাৰ দিন এতিয়াও আছে জানো?

 সেয়ে কন্যাসন্তান জন্ম হ'লে এটি অতি মূল্যৱান ৰত্ন লাভ কৰা বুলি উচ্চমন্যতাত সগৌৰৱে আনন্দত আত্মহাৰা হোৱাহে উচিত। ‘দশ পুত্ৰ সম কন্যা’ৰ সত্যতা কন্যা জন্মতে সকলোৱে উপলদ্ধি কৰিলে পিচৰ জীৱনত ‘নাৰী মুক্তি’ ‘নাৰী জাগৰণ’ বুলি টেটু ফালি চিঞৰাৰ আৱশ্যক নাথাকিব।

 

অবোধ মনৰ নিৰ্বোধ প্ৰশ্ন

 

 কণ কণ শিশুবোৰ দেৱশিশু বুলিয়ে কোৱা হয়। অন্ততঃ পাঁচ বছৰ বয়সলৈ তেওঁলোকৰ গাত ‘গোঁসাই’ থাকে বুলি আইতাহঁতে কয়। এই সময়তে ল’ৰা - ছোৱালীবোৰ বোলে খুব সুক্ষ্মদৰ্শী হয় — অনুকৰণপ্ৰিয় হয় আৰু হয় অনুসন্ধিৎসু মনৰ। প্ৰতিটো কথা জানিবৰ বাবে, প্ৰতিটো বস্তুৰ নাম, প্ৰয়োজন আৰু ব্যৱহাৰ বুজিবৰ বাবে, প্ৰতিপদ বস্তু চুই চাবৰ বাবে সিহঁত উদ্বাউল। শুই উঠাৰ পৰা শোৱালৈকে বস্তু - বাহানি টনা আজোৰা কৰি, অ'ৰ বস্তু ত’ত থৈ নানান প্ৰশ্ন সুধি সুধি ডাঙৰ সকলক ব্যতিব্যস্ত কৰি তোলে। আইতাহঁতে কয় এয়াই শিশুৰ মনোবিকাশৰ প্ৰথম পৰ্যায়!গতিকে ‘নুচুবা’ নকৰিবা’ ন'ল'বা’ ‘মনে মনে থাকা’ বুলি ক'ব নাপায়। খং কৰিবতো নালাগেই আমনি পাবও নালাগে। সকলো বস্তুৰ বিষয়ে ভালদৰে বুজাই মেলি দিব লাগে। সকলো প্ৰশ্নৰে সহজ উত্তৰ দি বুজাই ক'ব লাগে। [ ৫৮ ] শিশু মনোবিজ্ঞানীয়েও হয়তো তাকেই কয়।

 কিন্তু আজিকালিৰ ল'ৰা - ছোৱালীবোৰে এবছৰ ডেৰবছৰৰ পৰাই অনুসন্ধিৎসুৰ নামত যি অত্যাচাৰ চলায় ‘নকৰিবা’ বুলি নোকোৱাকে পাৰিবনে? দামী পুতলা এটা কিনি আনি খেলিবলৈ হাতত দিয়াৰ লগে লগেই দেখিব এক পলক চায়েই হাত মূৰ-বোৰ আজুৰি আজুৰি চিঙি পেলোৱা খেলা খেলিছে।' কেনেকুৱা লাগিব কওঁকচোন! ‘নাভাঙিবা’ বুলি ক'বৰ, মন নাযাবনে? ডেৰশ, দুশ টকাৰ ধুনীয়া বাছ এখন বা ৰেলগাড়ী এখন দুবাৰমান চলায়েই মৰিয়াই খটিয়াই চকা লাইটবোৰ ভাঙি পেলোৱা দেখি কিছুমান মাক - দেউতাকে ‘ভিতৰত কি থাকে পুঙ্খানুপুঙ্খ ভাৱে চাইহে এৰে, ভবিষ্যতে ইঞ্জিনীয়াৰ হ’ব’ বুলি ক'লেও আনৰ ল’ৰা- ছোৱালীয়ে ভাঙিলে আলহী যোৱাৰ পিচতেই বকে— ‘এনে কছুগুটি ল'ৰা এইবোৰ। বস্তুবোৰ যেনেকৈ ভাঙি চিঙি সাং কৰিলে, ভবিষ্যতে ধ্বংসাত্মক কাৰ্যত লিপ্ত হোৱাৰহে লক্ষণ এইবোৰৰ।’

 পুতলা, খেলা বস্তুবোৰৰ অৱস্থাতো আধা নাই কৰেই, টি ভি ৰেডিঅ’ ঘড়ীৰ অৱস্থা? ‘নব্’ পকাবলৈ পালে পকায়েই থাকে। ‘নুচুবা’ বুলি নকৈ নোৱাৰি। ক’লেও আক’ যি পকা পকা কথা! আধা ফুটা মাতেৰেই হুঙ্কাৰ দিব ‘গুলি মাৰি দিম, বন্দুক দেখা নাই? অকমানি অবয়বটোৰ সৰু সৰু চকুকেইটাত যুদ্ধং দেহি মনোভাৱ দেখিলে হাঁহিও উঠে খঙো উঠে। পিচে, ‘গোঁসাই থকা’ইনো ইমান পকা পকা কথা কয় কেনেকৈ? ‘নকৰিবা বুলি ন’কৈ সিহঁতৰ এনে মনোবিকাশৰ উৎকৰ্ষ সাধন কৰিবলৈ গ'লে ঘৰত গোটাকৈ বস্তু একো নাথাকিব — বস্তুৰ আৰু কিতাপ বহীৰ অৱশিষ্ট ভগ্নাৱশেষবোৰহে থাকিব।

 আজিকালিৰ অকনিহঁতৰ চকু - কাণ কেউফালে সজাগ। বুদ্ধিও আগৰবোৰতকৈ প্ৰখৰ। পৰিপক্ক। সেয়ে চাৰিওফালৰ পৰিবেশৰ নানা ধৰণৰ কথা কাম আয়ত্বও কৰে যথেষ্ট আৰু বুজা নুবুজাকৈ তাৰ ব্যৱহাৰ য’তে ত’তে কৰিহে এৰে। সকলো কথা [ ৫৯ ] কাণ্ড কিন্তু ডাঙৰৰ পৰাহে শিকিছে বুলি ক'ব নোৱাৰে। উদ্ভট কথা একোটা নিজে নিজেই উদ্ভৱ কৰে। অৱশ্যে যুগৰ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ নুই কৰিব নোৱাৰি।

 আমাৰ চুবুৰীলৈ নতুনকৈ অহা মিঃ স্মিথৰ তিনিবছৰীয়া ল’ৰাটোক নাম সোধেতে সি ‘জন ড’ণ্ট’ বুলি কৈছিল। অবাক হৈ মাকলৈ চাওঁতে মাকে হাঁহি হাঁহি কৈছিল বোলে ল’ৰাটো ভীষণ দুষ্ট। অনবৰত কিবা নহয় কিবা ভাঙি - চিঙি, লণ্ড - ভণ্ড কৰি অথন্তৰ ঘটাই থাকে। অকলশৰীয়া মাকে কাম কৰি থাকোঁতে, তাৰ পিচে পিচে লৱৰি ফুৰিব নোৱাৰে বাবে সি কি কৰিছেনেদেখাকৈয়ে নিৰ্দিষ্ট মুহুৰ্ত্ত একোটাৰ মূৰে মূৰে ‘জন ড’ন্ট’ (জন নকৰিবা) বুলি চিঞৰি থাকে। সেইকাৰণে তাৰ নামটোৱেই সি ‘জন ড’ন্ট’ বুলি ভাবে।

 এজনী সাত বছৰীয়া ছোৱালীক মাকে ‘সূৰ্য পুব ফালে উদয় হয়’ কথাষাৰ ইংৰাজীলৈ অনুবাদ কৰিবলৈ দিলে। ছোৱালীজনীয়ে ‘দা চান ৰাইজ্ ইন্ দি ইষ্ট’ লিখাত মাকে ক'লে — ‘চান্ হলে ৰাইজ্ হ’ব জানো? কি হ’ব কোৱাচোন ভালকৈ ভাবি! চান ৰাইজ হ’বনে? মাকৰ কোলাত বহি থকা দুবছৰীয়া ল'ৰাটোৱে লগে লগেই কৈ উঠিল ‘ৰাইজ সকল হে হ’ব, নহয় মা!’

 ক ফলা পঢ়িবলৈ লোৱা অকনি এটিয়ে আক’ পৃষ্ঠাটোত ‘শ’ ‘য’ ‘স’ তিনিটা দেখি পেঞ্চিলেৰে পাতখনত ফুটা কৰি তাৰে দুটা নাইকিয়া কৰি দিলে। তাক বোলে এটা হলেই হ’ব বাকী দুটা নালাগে। এইবোৰত বাধা নিদি পাৰিবনে?

 পাঁচ বছৰীয়া ৰুন্ টিয়ে দেউতাকক চকু কেইটা ঘোপা কৰি সুধিছে — পি, ইউ, টি যদি পুট্ কোৱা বি, ইউ, টি বুট্ নকৈ ‘বাট্’ কৈছা কেলেই? তোমাৰচোন কথাৰে ঠিক নাই।

 কণমানি মাইনাই যেতিয়া আইতাকৰ পৰা জানিলে — সেই একেজন ঈশ্বৰেই আইতা সৰু থকাৰ পৰা এতিয়ালৈকে আছে, বিজ্ঞৰ দৰে তাই ক'লে — ‘অ’ এতিয়াহে বুজিছো! সেইকাৰণেহে [ ৬০ ] কাণেৰেও, নুশুনে চকুৰেও নেদেখে। কথাবোৰ চব্ পাহৰি পাহৰি যায়।’

 মাকৰ আঁচলত ধৰি ধৰি নাইনাই পেথেনিয়াই আছে, কৃষ্ণ কেচুৱা আৰু ডেকা হোৱা ছবি যে আছে, বুঢ়া হোৱা এখন কিয় নাই।

 দুৰ্গাপূজাৰ গোঁসানী চাই পূজাৰ মেলাৰ পৰা কিনি অনা বস্তু এসোপা দুহাতেৰে গবা মাৰি ধৰি আনি চাৰে তিনিবছৰীয়া পম্পী ‘ফায়াৰ’। পুতলা - চুতলাবোৰ বিছনালৈ দলিয়াই দি খঙেৰে চকুকেইটা ঘোপা কৰি ক’লে ⸺ ‘গোঁসানীয়ে হ’লে নিজে দহখন হাত লৈছে ⸺ আমাক হ’লে দুখন হাতহে দিছে। পূজাৰ বস্তু-চস্তু লবলৈ আমাৰ দিগ্দা‌ৰ নহয় নেকি কিবা! তেওঁ তো আৰাম চে’ বহিয়ে থাকে। তেওঁ দুখন হাত লৈ আমাক দহখন দিব নোৱাৰে?’

 বায়েকৰ লগত শুকেশ্বৰ মন্দিৰলৈ যোৱা কঙ্কুৱে সোমাওঁতে বায়েকক মঙ্গল ঘণ্টাটো বজোৱা দেখি সুধিলে : ‘এইটো বা! ঈশ্বৰৰ কলিং বেল নেকি? হিঃ হিঃ ইমা–ন ডাঙৰ!!”

 বিদেশী বহিস্কাৰ আন্দোলনৰ সময়ত চি, আৰ, পি বোৰে মানুহবোৰক লাঠি বন্দুকেৰে খেদি অহা দেখি চাৰিবছৰীয়া মুঙ্কুৱে দেউতাকক সুধিলে : ‘জয় আই অসম'টো চি আৰ্ পিৰ জোকোৱা নাম নেকি দেউতা? সেই বুলি চিঞৰিলেইচোন মাৰিবলৈ খেদি আহে।’

 এইবোৰ প্ৰশ্নৰ বাৰু কিবা এটা উত্তৰ দিব পাৰি। কিন্তু মোৰ প্ৰতিবেশীৰ ল’ৰাটোৰ প্ৰশ্নটো?? মোৰ প্ৰতিবেশীৰ চাৰি বছৰীয়া ল’ৰাটোৱে মাকে ‘মাইনা’ এটা আনিবলৈ বুলি হস্পিটেলত থকা কথা জানে। মাকক চাহ ভাত দিবলৈ সিও দেউতাকৰ লগত হস্পিটেললৈ অহা - যোৱা কৰিছিল। মাকৰ ডেলিভাৰী ডে’ট’ পাৰ হৈ যোৱাত চিন্তিত দেউতাকে সেই বিষয়ে ডক্তৰ এগৰাকীৰ লগত পৰামৰ্শ কৰোঁতে কথাৰ মাজতে গম্ভীৰ ভাৱে সি ডাঙৰকৈ সুধিলে : ‘‘মায়ে বাৰু ‘নিৰোধ’ খাইছিল নেকি দেউতা?’ হতভম্ব দেউতাকৰ মুখখন দেখি সঁচাকৈয়ে পুতৌ হৈছিল। [ ৬১ ]  যৌথ পৰিয়াল এটিৰ মহিলা এগৰাকীয়ে অন্য এগৰাকী মহিলাক তেওঁলোকৰ বেলতলাৰ নতুন ঘৰটো সম্পূৰ্ণ হোৱা বুলি কৈ কলে : “আমাৰ ফেমিলিটো তালৈকে যামগৈ।’ ওচৰতে চ’ফাৰ ওপৰত থিয় দি থকা তিনিবছৰীয়া জীয়েকে আনন্দত হাত চাপৰি বজাই বজাই ক’লে : বাঃ বাঃ আমি ফেমিলি প্লেনিং কৰি কৰি বেলতলালৈ গৈ থাকিম - গৈ থাকিম। নহয় মা?

 প্ৰচাৰ বিভাগৰ সৌজন্যতে এইবোৰ শব্দ অকণ -অকণিহঁতৰ মুখত শুনিবলগীয়া হয় যদিও, আলহী - অতিথিৰ আগত লাজত পৰাৰ দায় - দায়িত্ব আপোনাৰহে।

 

লেখিকাৰ সমস্যা

 

 আমাৰ লেখিকা সকলৰ সমস্যা অসীম। তাহানিৰ লেখিকাসকলৰ চাগৈ এতিয়াতকৈও বেছি সমস্যা আছিল। তথাপি তাহানিৰেপৰাই স্ত্ৰীশিক্ষাৰ বহুল প্ৰচাৰ হোৱাৰ বহু পূৰ্বৰ পৰাই আমাৰ লেখিকা সকলে লিখিছে। দহো বন কাটি কৰি, অনেক দুখ-কষ্ট সহ্য কৰি, শহুৰ - শাহু দেৱৰ-ননদৰে ভৰা ঘৰ এখনৰ হেতা হাতৰ পৰা এৰিবলৈ আহৰি নোপোৱা সময়তো তেওঁলোকে ছেগ বুজি কলম হাতত লৈছে। মনৰ ভিতৰত গুজৰি গুমৰি থকা ভাৱবোৰক কবিতা, গল্প, ভাষাৰে, প্ৰকাশ কৰিছে। আচলতে নিলিখি, নোৱাৰে বাবেই লেখিকাই লিখে।

 আমাৰ লেখিকাসকলৰ সংখ্যা কিন্তু এতিয়াও তুলনামূলক ভাৱে আঙুলি মূৰত লেখিব পৰা। ইয়াৰ কাৰণ মহিলাসকলৰ মাজত প্ৰতিভাৰ অভাৱ নহয়, অভাৱ পৰিবেশৰ। সেইকাৰণেই লেখক সাহিত্যিক সকলৰ সংখ্যা অনুপাতে লেখিকা সাহিত্যিকা [ ৬২ ] ওলোৱা নাই। যি তাকৰ সংখ্যা প্ৰসিদ্ধ হোৱাৰ পথত বা হৈছে, তেওঁলোকেও হয়তো তেওঁলোকৰ ইচ্ছানুযায়ী সকলে পৰিধি সামৰি লিখনি হাতত ল'বলৈ সমৰ্থ হোৱা নাই।

 কিবা এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত লিখিবলৈ হ'লে পুৰুষসকলে যেনেকৈ সেই ঠাইলৈ গৈ পুঙ্খানুপুঙ্খ ভাৱে অধ্যয়ন কৰি, বিষয় বস্তুৰ ওপৰত গৱেষণাৰ নানান আহিলা গোটাই চিন্তা - চৰ্চ্চা কৰি সুন্দৰ ভাৱে লিখিব পাৰে, মহিলাসকলৰ বাবে তেনেকৈ গৈ লিখাৰ সমল গোটোৱা আৰু চিন্তা - চৰ্চাৰে পৰিবেশ সৃষ্টি কৰা প্ৰায় অসম্ভৱ। তদুপৰি লেখক সকলৰ সচৰাচৰ লিখাৰ বাবে নিৰিবিলি কৈ আছুতীয়া একোটা কোঠালি থাকে, কিতাপেৰে ঠাহ খোৱা কিছুমান আলমাৰী থাকে, লিখাৰ বাবে আৱশ্যকীয় সা - সজুলি সকলো পৰিপাটিকৈ হাত দিলে পোৱাকৈ থাকে। সেইটো কোঠালিত লেখক জন যেতিয়া অধ্যয়নৰ ও অৱস্থাত থাকে— তাত আন কোনেও আমনি নকৰেগৈ, পত্নীয়ে মাজে মাজে গৈ গৰম চাহৰ যোগান ধৰে। ল'ৰা - ছোৱালীবোৰেও হাই - উৰুমি নকৰি সন্তৰ্পনে কথা কয়। আলহী - অতিথি আহিলেও ‘study room ত আছে বুলি ঘৰৰ আন সকলে সোধ - পোছ কৰি বিদায় দিলেও দোষৰ কথা নহয়। তেওঁলোকে ঘৰখনৰ অভাৱ অভিযোগ প্ৰতি মন - কাণ নকৰিলেও চলে, কাৰণ চিন্তাবিদ লেখক হিচাবে তেওঁলোকৰ চিন্তা এইবোৰৰ বহু উৰ্দ্ধৰ বুলি সমীহ কৰিহে চলা হয়। মুঠতে এজন লেখকে সম্পূৰ্ণ মনোযোগিতাৰে আৰু একানপতীয়া ভাৱে লিখা - পঢ়া কৰিব পাৰে।

 কিন্তু লেখিকাৰ ক্ষেত্ৰত? আছুতীয়া কোঠালি বাদেই, নিজাকৈ লিখা-পঢ়া কৰা মেজ এখন থাকিলেও তাত স্বামীৰ চিগাৰেটৰ বাকচৰ পৰা আৰম্ভ কৰি সৰু ল'ৰা - ছোৱালীকেইটাৰ পুতলা, জোতালৈকে উঠি থাকিব। পঢ়িবলৈ যতনাই থোৱা কিতাপ জীয়েক, পুতেক, জীয়েকৰ বান্ধৱী, পুতেকৰ বন্ধু সকলোৰে ঘৰলৈ যাব। স্কুল কলেজলৈ যাবৰ সময়ত কলম বিচাৰি নোপোৱা [ ৬৩ ] ল'ৰা ছোৱালীয়ে মাকৰ কলমটোকেই হাতত লৈ যায়। কিন্তু হাজাৰ প্ৰয়োজন হলেও দেউতাকৰ কলমটো তেনেকৈ চুবলৈ সাহ নকৰে।‘কিজানিবা দেউতাৰ দৰ্ কাৰ হয়’ কথাটো যেনেকৈ ভাবে,‘মা–ৰ দৰকাৰ হ'ব পাৰে’ বুলি নাভাবে। যেন আহি ঘূৰাই দিলেও মাকে লিখিব পাৰিব। ঘৰখনৰ প্ৰত্যেকৰে ৰুচি-অভিৰুচি, অভাৱ অভিযোগৰ প্ৰতি মহিলা গৰাকীয়েই চকু দিব লাগে। চকু দিব লাগে কাম কৰা ল’ৰা - ছোৱালীয়ে কিবা জুঠা কৰিলে নেকি, কিবা ভাঙিলে - ছিঙিলে নেকি বুলি। তদুপৰি ৰ'দত দিয়া লেপ-তুলিত ছাঁ পৰিল নেকি, চাউল - দাইলৰ হিচাব ঠিকে আছে নে নাই, গাখীৰত পানীমিহলালে গুৱালক সতৰ্কবাণী শুনোৱা, ধোবাৰ ঘৰৰ কাপোৰ গোটেইবোৰ আহিল নে নাই, ইলেকট্ৰিকৰ বিল দিয়া হ'ল নে নাই, ল'ৰা - ছোৱালীৰ চাৰ্টৰ এৰাই যোৱা বুটাম লগোৱা, চিলাই এৰোৱা ফ্ৰিল ডাল লগাই দিয়া, ইষ্ট্ৰি কৰি গোটেই ঘৰখনৰ কাপোৰ পৰিপাটিকৈ থোৱা, ফুলদানীৰ শুকাই যোৱা ফুল সলাই দিয়া, ল'ৰা - ছোৱালীৰ স্কুলৰ ‘ৱৰ্কচ, এক্সপিৰিয়েন্স’ৰ কাম কৰি দিয়া, গেছৰ বাবে অহা যোৱা কৰা, কেৰাচিন বিচৰা আদি এশ এবুৰি কামৰ মাজত ‘মুড্’ আহিলেও বহি লিখিবলৈ সময় পোৱা নাযায়। চিন্তাবিদ বুলি ঘৰুৱা কামত ৰেহাই পোৱা মহিলাৰ ক্ষেত্ৰত দেখা নাযায়। কেতিয়াবা অকণমান সময় উলিয়াই লিখাত মনোনিবেশ কৰোঁতেই হয়তো আলহী আহিব বা ল'ৰা-ছোৱালীৰে কাৰোবাৰ কিবা এটা প্ৰয়োজন হ’ব। আপুনি লিখিবলৈ লোৱা শাৰীটোকে পূৰণ কৰিব নোৱাৰি উঠি আহিব লাগিব। যিমানেই বুজন স্বামী নহওক, তেওঁৰ চাহ খাবৰ মন যোৱা সময়ত (লিখা সময়টোৱে প্ৰায়ে চাহ খাবৰ মন যোৱা সময় হয়) চাহ কাপ খুজিবই। সেই কাপ চাহ আক’ চাকৰ - নাকৰৰ হাতত পঠালে আৰু এটা বেলা তেখেতৰ অভিমান ভাঙাতেই আপোনাৰ খৰছ হ’ব। গতিকে উঠি গৈ চাই একাপ দি অহাটোৱেই ভাল বুলি ভাবিব। তথাপি ওচৰ - পাজৰৰ বা সম্বন্ধীয়া মানুহে ক'ব ⸺ [ ৬৪ ] ‘আই ঐ দেহি! অমুকলৈ বেয়া লাগে। বিয়া কৰায়ো সুখেৰে ভাত এমুঠি খাবলৈ নাপায়। ঘৈনীয়েকে কিতাপ, লাইব্ৰেৰী, লিখা লৈ ব্যস্ত থাকিলে কেনেকৈ হয়? আমাৰ ‘এওঁ’ তাকে কয় বোলে ‘লেখিকা’ ‘সাহিত্যিকা’ বিয়া নকৰাই ভালেই কৰিলো।’ তাৰ পিচত আক’ যেতিয়া সেই ‘লেখিকা' ‘সাহিত্যিকা’ গৰাকীৰ ছবি কিবা বিশেষ উপলক্ষত কাগজত ছপা হ'ব, তেতিয়া স্বামীজন গৌৰৱান্বিত হ’ব। আৰু সেই গৰাকী প্ৰতিবেশীৰ স্বামীয়ে তাকে কৈ প্ৰশংসা কৰোতে প্ৰতিবেশী গৰাকী ঈৰ্ষান্বিত হব। ক্ষুন্ন হৈ ভোৰ ভোৰাব ⸺ ‘অকল এই চাহ - ভাত সোপা কৰি থকাতকৈ ময়ো কিবা এটা কৰাই ভাল আছিল। মোৰও তো নিজা প্ৰতিভা এটা নিশ্চয় আছিল! এওঁলোকৰ লগতে চব্ শেষ কৰি দি এতিয়া আক’ এওঁৰ মুখতেই আন মহিলাৰ প্ৰশংসা শুনিব লগীয়া হ'ল।’

 এগৰাকী লেখিকাৰ স্বামী সাহিত্যিক নহওক, লেখকো নহওক, কিন্তু অকণমান হ'লেও সাহিত্য অনুৰাগী হ'ব লাগে। একেবাৰে সাহিত্য বিৰাগী হ’লে কিন্তু ভীষণ আহুকাল! তেনে সাহিত্য বিৰাগী স্বামী এজনৰ পত্নী গৰাকীৰ আক’ সৰুৰে পৰাই লিখাত বৰ ৰাপ। পঢ়াতো। কিন্তু তেওঁ কিতাপ বা কাগজ কলম হাতত ল'লেই বোলে স্বামীজনৰ অসহ্য হয়। কয় বোলে ইমান সাহিত্যিকাই আছিল যদি সাহিত্যিক এজনকে বিয়া কৰাব লাগিছিল। এতিয়া তেওঁ লেখা - পঢ়া থৈ ঘৰ - সংসাৰত মনপুতি লগাহে উচিত। যদিও পত্নী গৰাকীয়ে ঘৰৰ সকলো কাম - কাজ ৰন্ধা - বঢ়াৰ লেঠা - পিঠা মাৰিহে লিখাত বহে। যিদিনাই পত্নীক অধ্যয়ণৰত অৱস্থাত স্বামীয়ে দেখেহি, সেইদিনাই তৰকাৰীখনত লোণ বেছি পায়। মাছৰ আঞ্জাখন সেৰ্ সেৰীয়া হয়। ভাতবোৰ ভাত পিঠাৰ দৰে লাগে হেনো। মাংসৰ জোলখন ‘মাংসৰ’ বুলি কৈ নিদিলে বোলে জনাৰ উপায় নাথাকে। অসন্তুষ্ট ফুলা মুখেৰে তেওঁ পত্নীক শুনাই যায় বোলে তেওঁ নিলিখিলে অসমীয়া সাহিত্যৰ [ ৬৫ ] ভৰাল দুখীয়া নহয়। বছৰে - দুবছৰে সাহিত্য সভাও নোহাৱাকৈ নাথাকে। ......... পিচে য’তে ইচ্ছা ত'তে বাট বুলি এই গৰাকী পত্নীৰ লেখাবোৰ অ’ত ত’ত কাকত - আলোচনীত প্ৰকাশ হ’বলৈ ধৰিলে। লাহে লাহে তেওঁৰ প্ৰতিভাই স্বীকৃতি পাবলৈ ধৰিলে আৰু তেওঁ প্ৰখ্যাত লেখিকা সকলৰ এগৰাকী হৈ উঠিল। স্বামীজনে বাধা - নিষেধ নিদিয়া হ'ল যদিও নিজৰ জিদ্ পুৰণ নোহোৱাত গম্ভীৰ হৈ ৰ’ল। মহিলা গৰাকীৰ ওচৰলৈ কবিতা - প্ৰবন্ধ বিচাৰি নানা কাকত, আলোচনীৰ সম্পাদক - সম্পাদিকা আহিবলৈ ধৰিলে। মেল - মিটিঙৰ বাবেও বহুতে তেওঁক বিচৰা হ’ল।বহুতে আক’ তেওঁলোকৰ ঘৰটো মহিলাগৰাকীৰ নামেৰেহে চিনি পোৱা হ'ল। ওচৰ - চুবুৰীয়াইও নতুন চিনাকিক ‘পল্লৱী বৰুৱাৰ ঘৰৰ ওচৰত থাকোঁ’ বুলিহে চিনাকি দিয়া হ'ল। চুবুৰীটোৱে তেওঁক লৈ গৌৰৱ কৰাৰ সময়ত এদিন এজন অচিনাকী মানুহে মহিলা গৰাকীক লগ ধৰিবলৈ আহি বাৰান্দাতে স্বামীজনক কাগজ পঢ়ি থকা পালে। আগন্তুকে সুধিলে ‘এইটো শ্ৰীমতী পল্লৱী বৰুৱাৰ ঘৰ, হয় নে?’ চচ্মাজোৰৰ ওপৰেৰে মানুহজনলৈ ঘোপাকৈ চাই গুৰু গম্ভীৰ মাতটোৰে স্বামীজনে ক'লে ⸺ ‘নহয়। তেওঁ ইয়াত থাকেহে।’

 আচলতে কিছুমান স্বামীয়ে পত্নী গৰাকী প্ৰখ্যাত হৈ দেশৰ সম্পদ হৈ যোৱাটো ভাল নাপায় নেকি! তেওঁলোকে পত্নীক ‘ঘৰৰ ঘৈণী, ল'ৰাৰ মাক’ হৈ ঘৰৰ ভিতৰত থকাটোহে বিচাৰে। মহিলা গৰাকীৰ চিনাকি স্বামীজনৰ পত্নী হিচাবেহে হোৱাটো হয়তো বিচাৰে। এনে মনোভাৱৰ স্বামীৰ লগত সংসাৰ কৰা সাহিত্য প্ৰেমী মহিলা বহুতৰে হয়তো সাহিত্য প্ৰতিভাৰ অঙ্কুৰে গজালি মেলিবলৈ নাপায়। অঙ্কুৰতেই হেঁচা খাই নাইকিয়া হৈ যায়। তদুপৰি লেখা - মেলাত ৰাপ থাকিলে প্ৰখ্যাত সাহিত্যিকসকলক লগ পাবলৈ প্ৰৱল হেঁপাহ জাগে। এই ক্ষেত্ৰতো মহিলা সাহিত্য প্ৰেমী সকলৰ সমস্যা। অন্য সুবিধা থাকিলেও ঘৰৰ [ ৬৬ ] অগ্ৰজ সকলৰ অনুমতি সাপেক্ষেহে যাব পাৰে। ঘৰত অন্য কোনো পুৰুষে লগ পাবলৈ আহিলেও অনুমতি লৈ ওলাই যোৱা, সময়তকৈ বেছি সময় কথা হ’লে স্বামী শাহুহঁতৰ গম্ভীৰ হৈ পৰা মুখ-চকুক সকলোৱে উলাই কৰি যাব নোৱাৰে। গাঁৱে ভুঞে এতিয়াও অনেক লেখিকা আছে — যি সকলৰ পিতৃ বা স্বামী সকলে ভাবে মহিলাৰ জন্মগত ভাবে যি প্ৰতিভাই নাথাকক কিয় সেইবোৰৰ প্ৰকাশৰ মাধ্যম এনেকৈ হ'ব নালাগে। তেওঁলোকে মহিলা সকলক ৰান্ধনী ঘৰত কিবা - কিবি ৰন্ধা মেলা কৰি থাকিলেই আৰু সন্তান পালন কৰি থাকিলেই ভাল দেখে। হাঁহি উঠা কথা, এইবিধ পুৰুষেই আক’ ডাঙৰ ডাঙৰ চহৰৰ বিখ্যাত সাহিত্যিকা লেখিকা বা আন প্ৰতিভাৱান মহিলা প্ৰতিভাৰ স্বীকৃতি দি শ্ৰদ্ধা মৰমেৰে অভিনন্দন জনাবলৈ সম্বৰ্দ্ধনা সভা পাতে। সম্বৰ্দ্ধনাৰ বাবে ফুলৰ মালালৈ দৌৰা দৌৰী কৰি সেই গৰাকী মহিলাৰ প্ৰশংসা কৰি তৎ নাপায়। লগতে ঘৰৰ গৰাকীক হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰে। অথচ তেওঁলোকে ভাবি নাচায় যে সুযোগ সুবিধা পালে তেওঁলোকৰ ঘৰৰ মহিলায়ো এনেকৈ যশস্যাৰ অধিকাৰী হ’ব পাৰিলেহেতেন। এনেকৈ নিজৰ ঘৰৰ মহিলাক স্বীকৃতি নিদিয়া পুৰুষে আন প্ৰদেশৰ বিখ্যাত মহিলাক ফুলৰ মালাৰে সম্বৰ্দ্ধনা জনাই প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখি কোনে ভাবিব যে তেৱেঁই ঘৰত এনে সাংস্কৃতিক পৰিৱেশ অনাত বাধা দিছিল? কোনে ভাবিব যে এইসকল পুৰুষেই ‘লাও যিমানেই ডাঙৰ হওক, পাতৰ তল’ বুলি কৈ কৈ ঘৰৰ মহিলাৰ প্ৰতি কলিতে মৰহি যাবলৈ এৰি দিছিল? ‘স্ত্ৰীনাং চৰিত্ৰাং’ ভগৱানেও নাজানে বোলাতকৈ ‘পুৰুষাং চৰিত্ৰাং’ নজনা বুলিলেহে শুৱায়। এতিয়াও বহুত মহিলা আছে, লেখিকা আছে, যি সকলৰ প্ৰতিভা বনৰীয়া ফুলৰ দৰে স্বীকৃতিবিহীন হৈ এটি ঠেক পৰিশৰতে সুৰভি বিলাই আছে ⸺ সমাজ তথা পুৰুষৰ বলি হৈ।

 কিন্তু সকলো একে নহয়। কিছুমান স্বামীয়ে নিজে নিলিখিলেও [ ৬৭ ] পত্নীক লিখিবলৈ প্ৰেৰণা যোগায়। নিজে কৰিব পৰা খিনি নিজে কৰি পত্নীক পঢ়া - শুনাৰ বাবে সময় উলিয়াই দিয়াৰ উপৰি লাগতীয়াল কিতাপ - আলোচনী কিনি আনি দিয়ে। লিখাবোৰৰ ভাল শ্ৰোতা হয়। গঠনমূলক সমালোচনাৰে উৎসাহ দিয়ে। সাহিত্য সভা বা আলোচনা চক্ৰলৈ নিজে লৈ যায় বা যোৱাৰ ব্যৱস্থা কৰি দিয়ে। এই বিবেচক পুৰুষ সকলে বুজে ⸺ প্ৰতিভা লুকাই নাথাকে। জন্মগত প্ৰতিভাক জোৰকৈ হেঁচি ৰখা পাপ। পত্নীৰ সাফল্যতা তেওঁৰো গৌৰৱ। যেনেকৈ স্বামীৰ প্ৰতিটো কামতে পত্নী গৰাকীয়ে বহুতো ত্যাগ কৰি অন্তঃকৰণেৰে প্ৰেৰণা আৰু সহায় আগবঢ়ায় তেনেকৈয়ে পত্নীৰ প্ৰতিভা বিকাশত উৎসাহ উদ্দীপনা যোগোৱা স্বামীৰ কৰ্ত্তব্য।

 কথা হ'ল — কেইগৰাকী ভাগ্যৱতী মহিলাৰ ক্ষেত্ৰত এনে পুৰুষ মিলে? যেতিয়া মহিলাৰ প্ৰতিভাক সন্মান কৰিব জনা, লেখা - মেলাৰ বাবে ঘৰত অনুকূল পৰিবেশ সৃষ্টি কৰিব জনা, মহিলাৰ জ্ঞান পিপাসু অনুভুতিক সচাকৈয়ে শ্ৰদ্ধাৰে চাব জনা পুৰুষৰ সংখ্যা সৰহ হ'ব, তেতিয়াই নোবেল বঁটা বিজয়ী হোৱা, জ্ঞানপীঠ বঁটা বিজয়ী হোৱা, সাহিত্য সভাৰ সভানেত্ৰী হোৱা, সাহিত্য একাদেমী পুৰস্কাৰেৰে পুৰস্কৃত হোৱা মহিলাৰ সংখ্যাও সৰহ হ’ব। তেতিয়া লিখিবলৈ লেখিকাৰ আৰু কোনো সমস্যাই নাথাকিব।

 

লওঁ যেন পুনৰ জনম

 

 মৰিলে পুনৰ আহি এই দুখীয়া দেশতে আমাৰ পুনৰ জনম লোৱাৰ হেঁপাহ। হেঁপাহ নহব কিয় বাৰু?•••••••••• ‘বসন্ত কালৰ ফুল আৰু শৰত কালৰ ফল, স্বৰ্গৰ সৌন্দৰ্য আৰু মৰ্ত্ত্যৰ [ ৬৮ ] মাধুৰ্য একেলগে পাব খুজিলে যেনেকৈ কালিদাসৰ ‘শকুন্তলা’ নাটকতে পাব পাৰি’ ⸺ তেনেকৈয়ে মিলিনিয়াৰৰ শীত - তাপ নিয়ন্ত্ৰিত প্ৰসাদ আৰু ছাকাছিগা ভিকহুৰ ৰ’দ বৰষুণ নিমন্ত্ৰিত উৰুথা পঁজা; পাহাৰ নৈৰ অপাৰ সৌন্দৰ্য আৰু বাট পথৰ অপাৰ কদৰ্য ৰূপ একেলগে চাব খুজিলে আমাৰ এই দেশতে চাব পাৰি। এনে এখন দেশত ‘লওঁ যেন পুনৰ জনম’ বুলি হেঁপাহ নকৰিমনে?

 তদুপৰি আমাৰ দেশত থকা দৰে ইমানবোৰ ‘টু ইন্‌ ওৱান্’ৰ সুবিধা অন্য দেশত পাব? এই ধৰক, ৰাজপথ cum নৈ, ফুট্‌ পাথ cum মাৰ্কেট, পাৰ্ক cum লণ্ড্ৰী; অফিচ cum গচিপ্‌ ফ্লৰ এইবোৰ! ইয়াৰ উপৰিও ফুটপাথৰ ‘নেন হ’ল’ বিলাক প্ৰকৃতাৰ্থতে ‘মানুহৰ বাবে গাঁত।’ ইয়াৰ মুখ বিলাক সৰহ ভাগেই মুকলি ৰখা হয় — য’ত ফুটপাথেদি গৈ থকা একোজন মানুহ মুহূৰ্ত্ততে অন্তৰ্দ্ধান হৈ যাব পাৰে। মুহূৰ্ত্ততে সুস্থ মানুহ এজন তাত সোমাই জীৱনলৈ পঙ্গু হৈ ওলাই আহিব পাৰে। মুহূৰ্ত্ততে জীৱিত মানুহ এজনক তাৰ তলৰ পৰা বুটলি লৈয়ে মৃত বুলি ঘোষণা কৰি দিব পাৰে। মেজিক্‌ মেজিক্ লগা এইবোৰ কাণ্ড অন্য দেশৰ চহৰত আছেনে? আৰু আমোদজনক এই চহৰৰ ৰাজপথ। বৰষুণ দিলেই ৰাজপথৰ ওপৰেৰে গাড়ী ৰিক্সা বা বাছত উঠি নৈত নাৱত যোৱা দি গৈ থাকিব পাৰে বা ইঞ্জিন লগোৱা ফেৰিত যোৱাদি পানী ভাঙি ভাঙি গৈ থাকিব পাৰে। ৰ'দৰ দিনবোৰত আক’ 'ওখোৰা মোখাৰা বাটবোৰৰ ওপৰেৰে বাছ- ৰিক্সা - গাড়ীত হালি জালি, জপিয়াই থেকেছা খাই নানা লয় লাসে গৈ থাকিব লাগে। এনে ছন্দোময় গতি আন দেশৰ ৰাজপথত পাব? মৰিলে পুনৰ আহি এই দেশতে জনম ল'বলৈ নিবিচাৰিম কিয়?

 সকলোতকৈ আনন্দ আৰু গৌৰৱ আমাৰ দেশৰ চেকুলাৰিজিম্। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলিয়েই ⸺ এইবোলে বিহু, দূৰ্গা পূজা, এই বোলে ঈদ্‌, এইবোলে খ্ৰিষ্টমাছ, গুৰু নানকৰ জন্ম দিন, দ্বিপান্বিতা, [ ৬৯ ] ফতেহা দোৱাজ্‌ দহম্‌, ৰাম নৱমী, বুদ্ধজয়ন্তী, শঙ্কৰ জন্মোৎসৱ, গুড্‌ ফ্ৰাইডে', ফাকুৱা, ৰাস পূৰ্ণিমা, মাঘ বিহু, বিশ্বকৰ্মা পূজা,সৰস্বতী পূজা, কত কি! তদুপৰি প্ৰখ্যাত - প্ৰয়াত নেতা-নায়ক সকলৰ জন্মদিন - মৃত্যু দিনবোৰ আছেই। এইবোৰ উৎসৱ পৰ্বৰ বাবে বাৰটা মাহত চাৰে পয়ত্ৰিশ টা মান বন্ধ পোৱা হয়। অন্য কোনোবা দেশত পাব ইমান অফুৰন্ত অৱসৰ? এই নিৰ্দিষ্ট বন্ধবোৰৰ উপৰিও দেশৰে ৰাজনৈতিক নেতা-মহানেতা সকল তেওঁলোকৰ স্বস্থানৰ পৰা দেশৰে আন এটা চুকলৈ চৰকাৰী খৰছত গমন কৰিলেই ‘ভ্ৰমণ’ উৎসৱ এটি হয়। সেইজন যেন আমাৰ দেশৰ, আমাৰ গ্ৰহৰ মানুহেই নহয়, — অন্য গ্ৰহ-উপগ্ৰহৰ পৰাহে আহিছে, আমি তেনেকুৱা কৰোঁ। যিখন চহৰলৈ যায়, তাত দলৰ হৰ্ত্তা -কৰ্ত্তা সকলৰ উপৰিও চহৰখনৰ শাসকীয় মুৰব্বীজনৰ পৰা প্ৰতিটো কাৰ্যালয়ৰ মুৰববী, উচ্চবৰ্গৰ কৰ্মচাৰী, নিম্নবৰ্গৰ কৰ্মচাৰী সকলোৱে এই উৎসৱত যোগ দিয়ে। প্ৰায় এসপ্তাহমান আগৰে পৰাই মহানেতা আগমনৰ উৎসৱৰ বাবে ‘উগুল - থুগুল মন বিয়াকুল’ হৈ থকা কাৰণে কাৰ্য্যালয়বোৰত কাম কাজ চলে। চহৰখনৰ প্ৰধান পথৰ য’ত দুকাষে ডাঙৰ ডাঙৰ পকী দালানবোৰ থাকে, সেইপথৰ আৱৰ্জনাবোৰ (ভিক্ষাৰী আৰু জাবৰ) আন এটা উপপথত থৈ ৰাতি - দিন বনুৱা লগাই বাটৰ গাঁত - টাঁটবোৰ সেইকেইটা দিনৰ বাবে ঢাকি ৰাথি বাটটো নিমজকৈ ৰখা হয়। আলিবাটৰ কাষৰ লাইট্ প’ষ্ট, টেলিগ্ৰাফ পষ্ট, ডাঙৰ গছ সকলোৰে গুৰিবোৰৰ দুহাতমান ওপৰলৈকে চুণ লগাই দিয়া হয়। এইবাৰ চাফ-চিকুণতাই আৰু গাড়ীয়ে গাড়ীয়ে পেলোৱা গোটা বাঁহৰ আয়োজনে গছত কুঁহিপাতে বসন্তৰ আগমনি সূচোৱা দৰে জনসাধাৰণকো নেতা আগমনিৰ বাতৰি সূচায়। আলিবাটৰ দুয়োকাষে সেই বাঁহবোৰ ৰেলিঙৰ দৰে বান্ধি চুণ লগাই দিয়া হয়। অৱশেষত সেই আকাংক্ষিত দিনটো পায়হি। সেইদিনা পূবে ফেহুজালি দিওঁতেই আৰক্ষী বিভাগৰ ট্ৰাকেৰে আৰক্ষী কৰ্মচাৰী কিছুমানক দহফুটমান [ ৭০ ] আঁতৰে আঁতৰে ৰেলিঙৰ ওচৰত নমাই থৈ যায়। তেওঁলোকে প্ৰথমতে ফিট্ফা‌ট্‌ পোছাকজোৰেৰে খুব তজ্ বজীয়া হৈ ইফাল সিফাল কৰি থাকে। লাহে লাহে বেলি মূৰৰ ওপৰ পায়হি। এনেকৈ সময় গৈ থকাৰ লগে লগে তেওঁলোকে ভোকে পিয়াহে মাজে মাজে তামোল খাই, মাজে মাজে চুখা ম’লি, মাজে মাজে হাতৰ সৰু লাঠি ডালেৰে বাটৰ মাজলৈ অহা গৰু – ছাগলী খেদি অহৈতুক বিৰক্তিৰে হাঁমিয়াই হিকটিয়াই কোনোমতে ভৰি কেইটাৰ ওপৰত থিয় দি ‘ডিউটি’ কৰি থাকে। ডেকা শক্তি আৰু সময়ক দেশৰ কামত লগোৱাৰ ইয়াতকৈ ভাল নিয়ম আছেনে? আৰু আমাৰ জনসাধাৰণৰো ধৈৰ্যৰ তুলনা নাই। সেই বাটৰ কাষৰ চুণ লগোৱা বাঁহত ধৰি নেতাজনক চাবলৈ কাম - বন এৰি ঘণ্টাৰ পিছত ঘণ্টা থিয়দি থাকেঁ। এটা সময়ত — নিৰ্দিষ্ট সময়তকৈ বহুত পলমকৈ ৰাইজৰ ধনেৰে সুন্দৰকৈ সজোৱা গাড়ী এখনত নেতাজনে নিৰ্বিকাৰ মুখত পেটেণ্ট্‌ হাঁহিটোৰে আমাৰ আগেৰে বিজুলীৰ দৰে চাঁ - ট কৈ পাৰ হৈ যায়। বচ্‌ আমাৰ উৎসৱও সিমানতে শেষ। ‘বহ্বাৰম্বে লঘুক্ৰিয়া’ যদিও আমেজটো গোটেই দিন থাকে। গতিকে আৰু কাম - কাজ কৰাৰ প্ৰশ্নই নুঠে। এনে মধুৰ দীঘলীয়া অৱসৰ অন্য কোনোবা দেশৰ নাগৰিকে ভোগ কৰা বুলি শুনা নাই হ'লে। মৰিলে পুনৰ আহি জনম ল'বলৈ নো নিবিচাৰিমনে ইয়াত?

 আমাৰ চৰকাৰী অফিচ - কাছাৰীবোৰত পুৱা দহ বজাৰ পৰা আবেলি পাঁচ বজালৈ কাম - কাজ চলাৰ নিয়ম। সেয়ে প্ৰায়বোৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলে দহ বজাত গা - পা ধুই ভাত - পানী খাবলৈ লৈ অফিচলৈ যাবলৈ কুৰুং কাৰাং কৰে; কিয়নো সেই গা-ধোৱা, ভাত খোৱা কামবোৰ অফিচলৈ যোৱাৰে প্ৰস্তুতি বাবে সেইখিনি কাম অফিচৰ সময়ৰ ভিতৰতে ধৰে। ঠিক সেইদৰে পাঁচ বজাৰ ভিতৰতে কাম কাজ সামৰি ঘৰলৈ অহা কামটোও শেষ কৰি ঘৰত থাকেহি। এনে নিয়মানুৱৰ্ত্তিতা অন্য দেশৰ [ ৭১ ] নাগৰিকে জানো বুজে ? উচ্চতম পৰ্য্যায়ৰ কৰ্মচাৰী সকলে আক’ তেওঁলোকে অফিচলৈ যোৱাৰ বাবে পোৱা চৰকাৰী গাড়ীখনেৰে ল’ৰা - ছোৱালী কেইটাক স্কুল কলেজে ভাগে ভাগে থৈ অহাৰ পিচত, পত্নীয়ে বজাৰ - সমাৰ কৰি লোৱাৰ পিচত যেতিয়াই সময় পাই অফিচলৈ যায়। অফিচতে এঘণ্টামান চহী - তহী কৰি বা অন্য ক'ৰবাত মিটিং - চিটিং কৰি এঘণ্টামান থাকি ‘লান্স’ খাবলৈ ঘৰলৈ যায়। লান্সৰ পিচত জিৰাই শঁতাই গাড়ীখনেৰে ল'ৰা–ছোৱালীবোৰক স্কুল - কলেজৰ পৰা অনাৰ পিচত পত্নীক সম্বন্ধীয়া ঘৰত বা বান্ধৱীৰ ঘৰত গাড়ীখনে থৈ অহাৰ পিচত গাড়ীখন আজৰি পালে আৰু সময় থাকিলে আকৌ এবাৰ অফিচত পাক এটা মাৰে। এনে নিষ্ঠাৱান কৰ্মচাৰীয়ে ইমান সুন্দৰ মন্থৰ গতিৰে চৰকাৰী চাকৰি কৰাৰ সুবিধা অন্য দেশত পাব? এনে হেন দেশখনত ‘লওঁ যেন পুনৰ জনম’ বুলি ভাবিবৰ মন নাযাবনে?

 ভূমিকম্প, বানপানী, ঘূৰ্ণী বতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰ স্বাভাৱিক ভাৱে বিনা প্ৰতিবাদে মানি লবলৈ ভগৱানে যেনেকৈ আমাক মনোবল দিছে ⸺ তেনেকৈয়ে মনোবল দিছে দলং ভাগি পাইকাৰী হাৰত মানুহ মৰা, নতুন মথাউৰি ভাঙি হোৱা বানপানীত মানুহ মৰা, ষ্টিয়েৰিং ধৰিবলৈ শিকিয়ে আলিবাটত গাড়ী চলাই খুন্দিয়াই মানুহ মৰা, ভেজাল আহাৰ ঔষধ খাই মানুহ মৰা কথাবোৰ ধৈৰ্য ধৰি সহি থাকিবলৈ। তেনেকুৱা ঘটনবোৰ ঘটিলে জনসাধাৰণ অকণমান সময় অধৈৰ্য হ’লেও কৰ্ত্তৃপক্ষ কিন্তু অচল - অটল হৈ থাকে। তেওঁলোকে তেনেকুৱা ঘটনা একে ধৰণেৰে আৰু দহোটামান ঘটিবলৈ আগ্ৰহেৰে অপেক্ষা কৰে। কোনো ধৰণৰ প্ৰতিকাৰৰ ব্যৱস্থা নলয়। দহ - বাৰটা ঘটনাৰ পিচত কিছুমান ৰাইজে ধৈৰ্য্যৰ বান্ধ খুলি হুলস্থুল গৰিহণা ঘেৰাও জাতীয় কিবাকিবি কৰা দেখিলেহে কৰ্ত্তৃপক্ষই অলপ চুচুক চামাক্‌ কৈ তদন্ত কমিটি এটা বহুৱায়। সেই তদন্ত কমিটি বহিয়েই থাকিল আকৌ ৰাইজে হুলস্থুল কৰে। তেতিয়া বাহিৰৰ এক্সপাৰ্ট মগাই [ ৭২ ] আনি এটা বিশেষ তদন্ত কমিটি বহুৱায়। নতুন ঠাই দেখা বাহিৰৰ এক্সপাৰ্টে ঠাই চাই, ভোজ ভাত খাই, ফটো - তটো তুলি ফুৰ্ত্তি কৰি ঘূৰি যোৱাৰ পিচত তাৰপৰাৰ ৰিপোৰ্ট এটা পঠায়। আকৌ কিছু আলোচনা - বিলোচনাৰ পিচত স্পেচিয়েল ৰিপোৰ্ট এটা দাখিল কৰে। সেইবোৰৰো গৱেষণা, পৰীক্ষা - নিৰিক্ষা শেষ হ’লে এযুগ মানৰ পিচত ‘জৰুৰী’ বোধ কৰিলে আৰু সেই একে কেইজন মানুহ নমৰি জীয়াই ক্ষমতাত থাকিলে, পৰম ধীৰে সুস্থিৰে তৎপৰ কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা হয়। আমাৰ দেশৰ দৰে দুৰ্ঘটনা বোধ কৰাৰ এনে ক্ষীপ্ৰ ব্যৱস্থা অন্য দেশত পাব?

 আমাৰ দেশৰ শতকৰা ৮০% ভাগ মানুহ দৰিদ্ৰতাৰ সীমা ৰেখাৰ তলত হেনো। পিচে দৰিদ্ৰ হ'লেও অফিচৰ চাপ্ৰাচী জনৰ পৰা ‘বচ্’ জনলৈকে, হস্পিটেলৰ চুইপাৰৰ পৰা, ডাক্তৰলৈকে ‘পুলিচ কনিষ্টবলৰ পৰা ডি, আই, জি লৈকে বেঙ্ক্‌ অনুযায়ী টকা খোৱা যি প্ৰচলিত প্ৰথা আছে ⸺ এইখন দুখীয়া দেশতে জনমে জনমে আহি চাকৰি কৰিবলৈ মন নাযায় নে? ‘গৰিবী হাতাও’ বুলি চিঞৰ বাখৰ কৰিলেও দেশৰ পৰা গৰীব নাইকিয়া হোৱাটো কোনেও নিবিচাৰে। দুখীয়া – দৰিদ্ৰ নাথাকিলে জ্যোতিষীৰ বিধান মতে ‘দৰিদ্ৰ ভোজন’ কৰাম কাক? এইবোৰ কৰিয়েতো গ্ৰহ দোষ খণ্ডন কৰি কিছুমান ধনী বলী হৈ আছোঁ। অমাৱস্যা থকা বাবেই পূৰ্ণিমাৰ উজ্জ্বলতা সকলোৱে অনুভৱ কৰা দৰে দুখীয়া মানুহবোৰ আছে বাবেই নিজক ধনী যেন লাগিছে।

 মহাত্মা গান্ধীয়ে আক’ সপোন দেখিছিল : ‘মই এনে এখন ভাৰত গঢ়িব বিচাৰে য’ত নিচেই নিছলা জনেও ‘মোৰ দেশ’ বুলি গৰ্ব কৰিব পাৰিব।’ এতিয়া পিছে, নিচেই নিছলাজনেতো বাদেই দেশৰ কেপিটেলিষ্ট্‌ জনেও এইখন দেশক লৈ ‘মোৰ দেশ’ বুলি গৰ্ব নকৰে। এতিয়া প্ৰায় সকলোৰে দেশী সত্ত্বাৰ ভিতৰত বিদেশী মন। ‘ফৰেইন কাৰ্‌ তো? ড্ৰাইভ্‌ কৰিবলৈকে আৰাম’,‘ইমান মসৃন কাপোৰ ⸺ ইম্পৰটেড্‌ ছাগে’, ‘ফৰেইন কচ্মে‌টিক’ [ ৭৩ ] ‘ফৰেইন পাৰফিউম্‌ ফৰেইন টেপ্‌ ৰেকৰ্ডাৰ’ এইবোৰেই আমাৰ চিন্তাৰ কেন্দ্ৰ। থকা মেলা, চলন - ফুৰণ, সাজ - পোছাক তো বিদেশীৰ অনুকৰণত কৰোঁৱেই ⸺ নিজৰ ভাষাটো নাজানি ফৰেইন ভাষাত কথা ক'লে আমি ষ্টেটাচ্‌ ওপৰলৈ যোৱা বুলি ধৰোঁ। আমাৰ টপ্‌ কেপিটেলিষ্ট্‌ কেইজন বিদেশৰ নাগৰিকত্বলৈ বিদেশতে থাকেগৈ। তেওঁলোকক সেয়ে আমাৰ দেশৰ গৌৰৱ বুলি গণ্য কৰোঁ। মৰিবৰ সময়ত তেওঁলোকে কৈ যায় ⸺ দেশত আত্মীয় স্বজন আছে যদিও মৰাৰ পিচত তেওঁলোকৰ শৱটো যাতে দেশৰ মাটিলৈ অনা নহয়! কিমান গভীৰ অভিনৱ দেশ প্ৰেম! আমাৰ দূৰদৰ্শন আৰু আকাশবাণী যোগে সেই বাণীটো আক’ গৌৰৱেৰে প্ৰচাৰ কৰা হয়। ‘উত্তমে লৱয় গুণ’ৰ দৰে এইবোৰ অপমান সূচক কথাকো আমাৰ দেশৰ মানুহে ‘গৌৰৱ’ বুলি ধাৰণা কৰে।

 আমাৰ দেশৰ আৰু এটা ভাল গুণ অন্য কোনো দেশতে নাই। এই দেশত যি যি বস্তু উৎপাদন হয় তাৰ উৎকৃষ্ট ভাগ বাহিৰৰ দেশলৈ ৰপ্তানি কৰি নিকৃষ্ট ভাগ দেশৰ মানুহক চৰা দামত বিক্ৰী কৰা হয়। এনে মহান বিশ্ব প্ৰেমী জীৱ অন্য দেশত থকা হলে শুনা নাই। আন দেশবোৰে নিজৰ নিজৰ দেশৰ মানুহৰ স্বাস্থ্য আৰু উন্নতিৰ কথাহে ভাবি থাকে। কথাৰ লগত কামৰ; দৰমহাৰ লগত ধন - সম্পত্তিৰ, ষ্টেটাচৰ লগত চৰিত্ৰৰ সামঞ্জস্য আমাৰ দেশতে দৰৱত দিবলৈকো পোৱা নাযায়। ‘বাণিজ্যে বসতি লক্ষ্মী’ কথাষাৰ হাড়ে - হিমজুৱে অনুভৱ কৰি সকলো ক্ষেত্ৰতে বাণিজ্য কৰা হয়। আমাৰ দেশৰ কিছুমান ইঞ্জিনীয়াৰে সজা ঘৰ দলংবোৰ অল্পায়ু হয় বুলি কথিত আছে। বৰ্হিদৃষ্টিত যদিও তেওঁলোকে টকা খাই সস্তীয়া বস্তুৰে কৰা ভেজাল বাণিজ্য ⸺ সূক্ষ্ম দৃষ্টিৰে চালে কিন্তু তেওঁলোকৰ এই মহান্‌ মানৱ-সেৱা শলগীবলগীয়া। তেওঁলোকে ভাবে অকল তেওঁলোকেই নহয়, বছৰে বছৰে হাজাৰ হাজাৰ ইঞ্জিনীয়াৰ হৈ ওলাই আছে। তেওঁলোকে যদি দলং বা ঘৰ অজৰ অমৰ [ ৭৪ ] কৈ সজায়, তেনেহ'লে পিচৰ ইঞ্জিনীয়াৰ সকলে কৰিব কি? ‘তাজমহল’তো আৰু দুটা নহয়! অজৰ - অমৰ দলং থাকিলে বাকীবোৰ ইঞ্জিনীয়াৰে শূন্যত দলং সাজিলেহে হ'ব? ইমানবোৰ নৈ ক’ত দলং দিবলৈ? যিমান ইঞ্জিনীয়াৰে সিমান নৈ তো নাই! আৰু ঘৰ⸺? পথাৰ - সমাৰ, পিতনি - বেতনি, খাল - পাহাৰ সকলোতে ঘৰ সজা হৈছে। এইবোৰৰ যদি এটাও নাভাঙে পিছৰ ইঞ্জিনীয়াৰে সাজিব ক’ত? আকাশত? অজৰ - অমৰ মথাউৰি বন্ধাৰ পিচৰ বাৰিষাবোৰত? ঠিকাদাৰ ইঞ্জিনীয়াৰে খৰলি খাই থাকিব তো নোৱাৰে! এইবোৰ ‘দৰ্শন’ ইণ্ডিয়ান মাইন্দ্‌’ত হে ষ্ট্ৰাইক্‌ কৰে অন্য দেশবোৰে এই দৰ্শন বুজি পালেহে! তেনেকৈয়ে পলিউট্‌ এয়াৰ, লেতেৰা বাট-পথ, অপৰিষ্কাৰ খোৱা পানী পুখুৰী আদিয়ে বেমাৰ আনে বুলি সকলোৱে জানে। জানে যদিও পৰিস্কাৰ-পৰিচ্ছন্নতালৈ ৰজা-প্ৰজা কোনোৱে মূৰ নঘমায়। বেনাৰ আছে বাবেই তো ডাক্তৰ বৰ্ত্তি আছে। এনেকৈয়ে সকলোৱে সকলোৰে কথা ভাবে বাবেই ⸺ মৰিলে পুনৰ আহি এইখন দেশতে জনম ল’বলৈ মন যায়।

 আমাৰ দেশৰ মানুহবোৰে কাম কৰাতকৈ কথাকৈ বেছি ভালপোৱা বাবে সততে হৈ থকা সভা সমিতিবোৰত বক্তা বহুত পোৱা যায়। শ্ৰোতা পোৱাতো কিন্তু দুৰুহ। সেয়ে কিছুমান ৰাজনৈতিক সভাত শ শ শ্ৰোতা ভাৰা কৰি ট্ৰাকত আনি নমাই দিয়া হয়। সেই মানুহবোৰে বুজি নোপোৱা আৰু ভাল নোপোৱা কথাবোৰ শুনি দিয়া বাবে পাৰিশ্ৰমিক পায়। এনেকৈ বক্তৃতা শুনি দিয়েই ইন্ক‌ম্‌ কৰা মানুহ অন্য ঠাইত পাব? আমাৰ দেশত সাধাৰণতে দুৰ্নীতি পৰায়নলোকে পদোন্নতিও কৰে। লোকে দেশৰ - দহৰ উন্নতিৰ বাৱে চিন্তা নকৰা বাবে নিজৰ উন্নতিৰ চিন্তা কৰিবলৈ যথেষ্ট সময় সুবিধা পায়। সেয়ে প্ৰমোচনৰ লিষ্টত তেওঁলোকৰ নামেই প্ৰায়ে ওপৰত থাকে। দেশৰ উন্নতিৰ বাবে চিন্তা কৰা দুৰ্নীতিত লিপ্ত নথকাজনৰ নামও প্ৰমোচনৰ [ ৭৫ ] লিষ্টত থাকে; কিন্তু একেবাৰে শেযত। যিবোৰ মানুহে সং ভাৱে নিষ্টা সহকাৰে কাম কৰে, অন্যায় ⸺ অনীতিৰ বিৰুদ্ধে যুঁজে তেওঁলোকৰ নাম অৱশ্যে লিষ্টৰ প্ৰথমতেই থাকে ⸺ পিছে ট্ৰেন্সফাৰ লিষ্টতহে।

 ‘মৰিলে পুনৰ আহি দুখীয়া দেশত মোৰ লওঁ যেন পুনৰ জনম’ বুলি নাভাবিম!

 

ঈশ্বৰলৈ অভিযোগ

 

 ভগৱান, তুমি নিৰাকাৰ হোৱাত আপত্তি নাই, কিন্তু তুমি নিৰ্বিকাৰ কিয়? সৃষ্টিখন তোমাৰে যেতিয়া ⸺ ‘তুমি আদি তুমিয়েই অনাদি’ যেতিয়া অলপ তো চকু কেইটা ভালদৰে মেলি চাব পাৰা। শুনিছিলো ভগৱান তোমাৰ ‘প্ৰিনচিপল’ আছিল ⸺ দুষ্টক দমন আৰু শান্তক পালন কৰা। আজিকালি কিয় যে শান্ত মন আৰু দুষ্টক পালন কৰিবলৈ ল'লা ⸺ ভাবিয়েই পোৱা নাই।

 সৃষ্টিখন বাঢ়ি যোৱা বুলি ক'লেও তোমাৰ আয়ত্বৰ বাহিৰলৈ নিশ্চয় যোৱা নাই। তাতে আক' বোলে কিছুমান জীৱৰ প্ৰডাক্সন বন্ধ কৰি দিছা ⸺ চিৰকাললৈ। কিছুমান জীৱৰ প্ৰডাক্সন কমাই তাৰ ঠাইত মানুহৰ প্ৰডাক্সন বঢ়াইছা বোলে! এই এক্সট্ৰা প্ৰডাক্সনৰ আত্মাবোৰ শিয়াল, বান্দৰ ইত্যাদিৰ পৰা লোৱা হৈছে নেকি? স্বভাৱবোৰ দেখোন থাকি গ'ল। আকৃতি সলনি কৰোঁতে তুমি ছাগে প্ৰকৃতিৰ কথা মনেই নকৰিলা। সেই কাৰণেই নেকি কিছুমানে শিয়ালৰ ধূৰ্ত্তালিৰে, কিছুমানে বাঘৰ ক্ৰুৰতাৰে, কিছুমানে কুকুৰৰ দৰে খোৱা - কোমোৰা কৰি, কিছুমানে বান্দৰৰ [ ৭৬ ] দৰে অন্ধ – অনুকৰণ কৰি, কিছুমানে সিংহৰ দৰে অকল চুলিৰেই মূৰটো ডাঙৰ কৰি তৰ্জন - গৰ্জন কৰি মানুহ বোলাই থাকে। কিছুমানে আক’ হাতীৰ দৰে অকল গা - গাৰি বঢ়ায়েই মানুহ ৰূপ লৈ আছে। কিছুমানক যে লাজ - অপমান, মান-মৰ্যদা, পাপ - অভিশাপ একোৱে নাপায়গৈ ⸺ তেওঁলোক চাগে গড়ৰ বাকী থকা আত্মাৰ। হৰিণৰ প্ৰডাক্সন কমাই তাৰে অকল অসমৰ মানুহকেই সৃষ্টি কৰিলা নেকি বাৰু? কিবা দেখোন ভীত–চকিত-অসহায়!!

 মানুহক যে মৰণশীল কৰিলা, সেইটো কিন্তু বৰ ভাল কৰিলা। মৰণশীল বুলি জানিও মানুহবোৰৰ উদ্ভণ্ডালিৰ, দ্বন্দ - খৰিয়ালৰ সীমা নাই। কেনেবাকৈ অমৰ হোৱা হ’লে যে কি নকৰিলেহেঁতেন ভাবাচোন। পিছে, এটা কথা। সাধু - অসাধু সজ্জন - দুৰ্জন এই দুই ভাগৰ মৰণৰ মাজত তুমিচোন কোনো পাৰ্থক্যই নাৰাখিলা। কিয়? এই ধৰা, এজন মানুহৰ গোটেই জীৱন মৰাকে মাৰি ঘোচ খাওঁতেই, চোৰাং কাৰবাৰ আৰু অন্যান্য পাপবোৰ কৰোঁতেই গ'ল। দুৰ্নীতি - দুস্কাৰ্য কৰিয়েই ক’লা টকাৰে আনবেলেঞ্চকৈ বেঙ্ক বেলেন্স বঢ়ালে। বিভিন্ন চহৰত মাটি -অট্টালিকাৰে সতি-সন্ততিয়ে পাঁচ - ছয় পুৰুষলৈ চকুমুদি খাব পৰাকে অগাধ সম্পত্তি কৰি — এদিন তোমাৰ পৰা ‘চমন’ পাই এইবোৰ এৰি যাব লগা দুখতে অসুস্থ হ'ল। পিচে টকাৰ তো অভাৱ নাই। গতিকে জীৱনৰ ম্যাদ বঢ়াবৰ বাৰে তোমাৰ ওচৰত অপৰ্যাপ্ত উপচাৰেৰে আবেদন জনোৱাৰ উপৰিও, পৃথিবীৰ বিভিন্ন প্ৰান্তৰৰ ডাঙৰ ডাঙৰ ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাই, ভিটামিন প্ৰোটিনেৰে ভৰা আহাৰ ফল - মূল খাই, দামী দামী ঔষধ পথ্য খাই, সেৱা - শুশ্ৰূষা আৰু চিকিৎসাৰ ত্ৰুটি নোহোৱাকৈ নিৰাময়ৰ উপায় কৰিলে। তুমিও চাগে এইবোৰ দেখি শুনি থৎ মৎ খাই যোৱা নহয়? সেয়ে জীৱনৰ ম্যাদ প্ৰায়েই বঢ়াই দিয়া তেওঁলোকৰ। কেতিয়াবা অৱশ্যে নিদিয়া। নিদিলেও সুখৰ কোলাতেই সন্তান[ ৭৭ ] হঁতক এৰি শান্তিৰেই চকু মুদে।

 কিন্তু এজন সৎ - সাধু পুৰুষৰ সৎ পথত থিয় দি থকাহে হয়। কোনোফালে গতি কৰিব নোৱাৰে। ফলত গোটেই জীৱন গাধ - খাটনিৰে খাটিও সতি - সন্ততিলৈ টকা - সম্পত্তিৰ নামত ফুটা-কড়ি এটাও থৈ যাব তো নোৱাৰেই নিজেও সপৰিয়ালে লেলাই ধেন্দাইহে জীয়াই থাকিব পাৰে। অভাৱ - অনাটনত জুৰুলা হোৱা সৎ মানুহজনে জীৱনত কঠোৰ সংগ্ৰাম কৰি অকালতে দুৰ্বল হৈ ভাগৰি পৰে। প্ৰোটিন - ভিটামিন বাদেই, এমুঠি ভাতৰ অভাৱত অসুস্থ হৈ চিকিৎসাৰ অভাৱত, ঔষধৰ অভাৱত, পথ্যৰ অভাৱত যন্ত্ৰণাত ছাটি - ফুটি কৰি তিল্‌ তিলকৈ মৃত্যু বৰণ কৰে। সেয়া দেখিছা। মৃত্যু একেই হ'ল। বৰঞ্চ দুৰ্জনজনে নিজে সকলো উপভোগ কৰাৰ পিচত, ল'ৰা - ছোৱালীলৈ উপভোগৰ সামগ্ৰী মজুত ৰাখি যোৱাৰ পিচত শান্তিৰে চকু মুদি এবাৰ হে চিতা জুইত উঠে। সজ্জনজনে দেখোন নিজৰ যন্ত্ৰণাৰ উপৰিও সন্তানৰ আন্ধাৰ ভবিষ্যতৰ শঙ্কাত চিন্তা জুইত গোটেই জীৱন জীয়াতু ভোগে। এইবোৰ তোমাৰ নো ভগৱান, কেনেকুৱা বিচাৰ? তুমি ছাগে ক'বা ‘কৰ্মফল’। সেইবোৰ কণা হাঁহক পতান দিয়া কথা তুমিও কোৱানে!!

 পাপৰ প্ৰায়শ্চিত্ত আছে বোলে! পাপ কৰা জনে এদিন কু ফল পাব আৰু পূণ্য কৰা জনে এদিন সু - ফল পাব বুলি টু-টুৱাই থাকা কিয়? লগে লগে কিয় নিদিয়া? এটা বেয়া কাম কৰি লগে লগে বেয়া ফলৰ কষ্ট পোৱা হ'লে ⸺ বেয়া কাম কোনেও নকৰিলে হেঁতেন। ভাল কাম কৰি ভাল ফল পোৱা দেখিলে সকলোৱে হেতা - ওপৰাকৈ ভাল কাম কৰিবলৈ ল'লেহেঁতেন। তেতিয়া ঠগ - প্ৰৱঞ্চনা, মৰামৰি, কটাকটি, হিংসা-দ্বেষৰ সলনি শান্তি, অহিংসা, ভালপোৱাই পৃথিৱীৰ সকলো মানুহকে একে পৰিয়ালৰ কৰি তুলিলেহেঁতেন। তুমি পেণ্ডিং কৰি নো কি ৰং চোৱা? তোমাৰ ছাগে ফলবোৰ পেণ্ডিং কৰি থোৱাৰ কিবা [ ৭৮ ] এটা পলিচি আছে। নহ'লে নো বুদ্ধি দিওঁতেও সুবুদ্ধি - কুবুদ্ধি দুবিধ কৰিলা কেলেই? নে তাতো ৰাজনীতি চলে? আৰু চলে বাবেই বেয়া - ভাল দুবিধ মানুহ কৰি পৃথিবীতে মেলি দিলা। দুটা দলৰ মাজত ম'হ যুজ লাগি থাকিলেহে তোমালোকৰ শাসন অটুত ৰাখিবলৈ সুবিধা হয়?

 ক'ৰবাত পাইছিলো ⸺ চোৰে চুৰ কৰিবলৈ যাওঁতে ধৰা নপৰিবৰ বাবে তোমাক খাটি নিশ্চিত হৈ যায়। গৃহস্থই শুবৰ সময়ত নিশাটো চোৰ - চাৰি নহৈ সুকলমে পাৰ হ’বলৈ বুলি তোমাক খাটি তোমাকে ৰখীয়াৰ চাৰ্জ দি নিশ্চিন্তে টোপনি যায়। কোনোবাই চাকৰিৰ প্ৰমোচনৰ বাবে তোমাক খাটে। কোনোবাই আক’ কাৰোবাৰ প্ৰমোচন বন্ধ হওক বুলি তোমাক খাটে। কোনোবাই ঘোচ খাই ধৰা নপৰিবৰ বাবে তোমাক খাটনি ধৰে।কোনোবাই ঘোচ দিহে চাকৰিটো পোৱা বুলি কোনেও নাজানক যেন বুলি তোমাক খাটে। কোনোবাই অৰ্থবান দৰাৰ বাবে, কোনোবাই সুন্দৰী কইনাৰ বাবে, কোনোবাই কাৰোবাৰ বিয়াখন হওক বুলি, কোনোবাই আক’ কাৰোবাৰ বিয়াখন ভাগক বুলি, বছৰে বছৰে লাখ লাখ ল'ৰা - ছোৱালীয়ে পৰীক্ষা পাছ কৰিবৰ বাবে তোমাক খাটনি ধৰে। আৰু তুমি বোলে সকলোবোৰ শুনি থাকি শেষত গনেশৰ খাঁটি তেল নাকত দি শুই থাকা কাকোৱেই একো কৰি নিদিয়া। অৱশেষত মানুহবোৰে যাৰে বল তাৰে ছল বুলি নিজৰ নিজৰ আকাঙ্খিত বস্তুবোৰ লৈ লয়। অসাধুবোৰে অসৎ উপায়েৰে চলে - বলে - কৌশলেৰে প্ৰয়োজনতকৈ বেছি লয় আৰু সৎ সাধুবোৰে তুমি যি দিয়া তাকে ল’ব বুলি সৎ পথতে ৰৈ থাকি থাকি প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত হৈ জীয়াতু ভুগি ভুগি বহি থাকে। তুমি ভগৱান তেনেকুৱাত অন্ততঃ নিৰ্বিকাৰ হৈ থাকি ডিপ্লমেট পলিচি ল'ব নালাগিছিল। দ্বাপৰ - ত্ৰেতা যুগততো তুমি অন্যায়ৰ বিৰুদ্ধে সক্ৰিয় অংশই লৈছিলা – এতিয়া কিয় এনেকুৱা হ’লা?
[ ৭৯ ]  শুনা প্ৰভু! তুমি মানুহ দুবিধহে স্ৰজন কৰিছিলা ⸺ পুৰুষ আৰু প্ৰকৃতি! আমাৰ ভাষাত পুৰুষ আৰু মহিলা। কিন্তু ইয়াত পৃথিবীতে মানুহবোৰে কি কৰিছে দেখিছা – পুৰুষ মহিলা ভাগৰ উপৰিও ধনী দুখীয়া, ক’লাছাল - বগাছাল, হিন্দু - মুছলমান, তাৰো সৰু সৰু ঢে’ৰ ভাগ। ইউৰোপীয়ান - এচিয়ান, ভাৰতীয়-অভাৰতীয় অসমীয়া - অনাঅসমীয়া আৰু যে কত কি ভাগ কৰিছে! তুমি একো এটা নামাতা কেলেই? ভাগ তো কৰিছেই ⸺ মৰা কটাও যে কৰিছে!! আৰু এইবোৰত প্ৰায়ে তোমাকেই ‘কেপিটেল’ কৰি লয় ⸺ কোনোবাই ‘আল্লা’ বুলি, কোনোবাই ‘গড্’ বুলি আৰু কোনোবাই ‘ভগৱান’ বুলি। তুমি একেজনেই যেতিয়া বুজাই নিদিয়াহি কিয়নো?

 তুমি বাৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰ্টফ’লিঅ' বেলেগ বেলেগ কৈ দিছা নেকি? মানে এই ধৰা, কাৰখানা আদিৰ বাবে বিশ্বকৰ্মাক, স্কুল-কলেজৰ বাবে সৰস্বতীক, বেপাৰ - বাণিজ্যৰ বাবে লক্ষ্মী - গনেশক! মন কৰিবাচোন, তেওঁলোকে কিন্তু আজিকালি ভীষণ পক্ষপাতিত্ব কৰে আৰু সেইবাবেই মানুহবোৰেও খোৱা–কামোৰা কৰে। গনেশক অলপ চকু নিদিয়া কেলেই ⸺ তেওঁ সকলো ডিপাৰ্টমেণ্টতে কিন্তু বেপাৰ আৰম্ভ কৰি দিছে। সেইকাৰণেই সৰস্বতীয়ে বেয়া পোৱা এজনকো লক্ষ্মী - গনেশে পৃষ্ঠপোষকতা কৰি ‘সৰস্বতীৰ বৰপুত্ৰ যেন’ আখ্যা দিয়ে। এইবোৰ আকউ কি।

 তোমাৰ প্ৰতি ভগৱান্‌ সকলোতকৈ ডাঙৰ অভিযোগ তুমি যে পুৰুষ মহিলা দুভাগ কৰিলা ⸺ শক্তি কিয় দুয়োকো সমান সমান নিদিলা? শক্তি বাৰু সমান নিদিলা নাই, ভাবিছিলা ছাগে মহিলাসকলক পুৰুষসকলেই ৰক্ষণা - বেক্ষণ দিব। দিছে জানো চবেই? বেছি ভাগেই ৰক্ষকেই ভক্ষক হে হয়। পুৰুষ বিলাকক চোন একো এটা দায়িত্ব, একো এটা কষ্টই নিদিলা। সংসাৰ কৰোঁতে মাফতে তেওঁলোকে চব্‌ পাই যায়। অথচ তিৰোতাসকলক সৰু কালৰ পৰাই কিমান দুখ - কষ্ট, বিপদ বিঘিনিলৈ [ ৮০ ] ঠেলি দিছা। যতমানে কষ্ট - দায়িত্ব চব্তো‌ তিৰোতাসকলেই বহন কৰিব লাগে। ইফালে বিপদ - বিঘিনিৰ পৰা ৰক্ষা পাবলৈ যথেষ্ট শাৰীৰিক শক্তিও দিয়া নাই। পুৰুষ কিছুমানৰ দপ্দ‌পনিত কিছুমান তিৰোতাৰ যে কত ৰকমৰ দুখ - কষ্ট - লাজ অপমান হয়। কিছুমান অসহায় তিৰোতাই সেয়ে উপায়ন্তৰ হৈ দুখ - অপমানত নিজে নিজে মৰি দিয়ে। মৰিবতোন! তুমি তেওঁ - লোকক ৰক্ষা নকৰা আৰু কাকুতি-মিনতি কৰিলেও! তেওঁলোকে নিজে নিজে নমৰি গঞ্জনা - লাঞ্চনা খাই খাই তুমি মাৰি নিয়ালৈ বাট চাই থাকিবনে? পুৰুষসকলক দেখোন সকলো ধৰণৰ বেয়া কাম কৰি সাৰি থাকিব পৰাকৈ বহুত সা-সুবিধা দিছা। তথাপিও তোমালৈ জানো তেওঁলোকে ভ্ৰুক্ষেপ কৰে? আমি তিৰোতা সকলেহে সদায় পুৱা গোঁসাই ঘৰ মোচোঁ, সন্ধিয়া ঈশ্বৰ উপাসনা কৰোঁ, তুলসী তলত চাকি দিওঁ, সকলোৰে মঙ্গলৰ কাৰণে ভাবোঁ। আমি তো নিজৰ কথা ভাবিবলৈ সময়েই নাপাওঁ ⸺ পুৰুষসকলৰ মঙ্গলৰ বাবেই সততে ব্ৰত - পূজা কৰা হয়।

 তোমালৈ অভিযোগ আৰু বহুত আছে। তুমি বাৰু গম পোৰানে ⸺ তুমি পঠাইছা বুলি, তোমাৰে শক্তিৰ অংশ লৈ আহিছে বুলি হঠাৎ হঠাৎ একো ঠাইত একোজন মানুহ ⸺ ‘ভগৱান’ হৈ যায়। আৰু যে ভেৰাৰ আত্মাৰে সজা মানুহবোৰ তেওঁৰ অন্ধ ভক্ত হৈ যায়। তোমাক মন্দিৰত যিমান দিয়ে তাৰ দুগুণ বস্তু তোমালৈ বুলি এইজন ভগৱানৰ হাতত দিয়ে। এইবিধ ভগৱানে কিন্তু বে’চ টকা - কড়ি সা - সম্পত্তি কৰে দেই পৃথিবীত।

 তোমালৈ সকলোতকৈ ডাঙৰ প্ৰশ্ন ভগবান্ তুমি থাকা ক’ত ⸺ তাৰ ঠিকনা। আগেয়ে বোলে মন্দিৰ - মছজিদ্‌ - গীৰ্জাবোৰত আছিলা!! ভীৰ বেছি হোৱা বাবে, মানুহে বহুত আৰ্জি পেচ কৰা বাবে, তেলীৰ মূৰত তেল দিয়া বুলি তোমাৰ বদ্না‌ম হোৱা বাবে নিতৌ হাজাৰ জনৰ আপত্তি শুনি শুনি আমনি পাই তুমি থকা ঠাই চিফ্ ট কৰিলা বোলে! ঠিক নাজানো অৱশ্যে। [ ৮১ ] কিছুমানে কয় ⸺ তুমি বোলে আজিকালি ক'লা টকাৰ ভিতৰতহে থাকিবলৈ লৈছা। কিছুমানে কয় বোলে লক্ষ্মী বসতি কৰা মানুহে তোমাক মোজাইক্‌ - তোজাইক্ কৰা সৰু কোঠা এটাত সুমুৱাই থৈ দিয়ে। কিছুমানেহে কয় বোলে জনতাৰ মাজতে থাকা। হয় জানো? এজন ভিক্ষাৰীয়ে কোৱা কথাখিনিয়েই সঁচা নেকি! ভিক্ষাৰীজনে হেনো মন্দিৰ এটাৰ চিৰিৰ কাষত বহি ভোকত অধীৰ হৈ চিঞৰি আছিল ⸺ ভগৱানৰ নামত তেওঁকো এটা পইছা দি যাবলৈ। কোনেও তেওঁৰ কাতৰ প্ৰাৰ্থনালৈ কাণসাৰ নকৰি ফল - মূল, মাহ - প্ৰসাদ, গাখীৰ - ভোগ লৈ মন্দিৰৰ ভিতৰত তোমাক দিবলৈ গৈ থাকিল। ভিক্ষাৰীজনে ভাবিছিল ⸺ তুমি ভিতৰত আছা যেতিয়া তুমি ছাগে মানুহবোৰ ঘূৰি যাওঁতে তেওঁকো কিবা এটা দি যাবলৈ মতি - গতি দিবা। পিছে নিদিলা। ঘূৰি যাওঁতেও কোনো এজনেও তেওঁক একো এটা নিদিলে। ভোকত লাল - কাল হৈ তেওঁ ৰাতি খুপি খুপি গৈ এটা ক্লাৱ যেন লগা ঘৰৰ চিৰিত বহি পৰিল। সেইটো ঘৰৰ ভিতৰত প্ৰাৰ্থনা সঙ্গীত নাছিল যদিও সুৰাত মতলীয়া সকলৰ নানা ধৰণৰ সুৰ, কথা - বতৰা চিঞৰ বাখৰ ঘৰটোৰ পৰা ভাহি আহিছিল। তুমি তো তাত থকাৰ কথাই নহয়! তথাপিও ভিক্ষাৰীজনে অভ্যাসবশতঃ দুৰ্বল কণ্ঠেৰে ক'লে ⸺ ‘ভগৱানৰ নামত এটা পইছা•••••••••’ সুৰাত মতলীয়া হৈ আহোঁতে যাওঁতে এজন এজনকৈ বহু জনে পয়ছাই নহয় টকাৰ নোট তেওঁৰ খালী টিঙত দি নমস্কাৰ কৰি জড়িত কণ্ঠেৰে কৈ গ'ল ‘ভগৱানে মোক ক্ষমা কৰক’। চাওঁতে চাওঁতে ৰাতিটোৰ ভিতৰতে বহুত টকা তেওঁৰ টিঙত ভক্তি হৈ গ’ল ⸺ যিমান টকা মাহ মাহ কৈ মন্দিৰৰ চিৰিত বহোঁতেও পোৱা নাছিল। জমাতে একেলগে ইমানবোৰ টকা নেদেখা ভিক্ষাৰীজনে টকা খিনি খামুচি ধৰি আনন্দ- বিস্ময়ত চিঞৰি উঠিল ⸺ ‘ভগৱান্‌ তুমি থাকা ক'ৰবাত — ঠিকনা দিয়া ক’ৰবাৰ।’ সঁচাকৈয়ে ভগৱান্‌ তোমাৰ ঠিকনা??

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।