পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিছুমানে কয় ⸺ তুমি বোলে আজিকালি ক'লা টকাৰ ভিতৰতহে থাকিবলৈ লৈছা। কিছুমানে কয় বোলে লক্ষ্মী বসতি কৰা মানুহে তোমাক মোজাইক্‌ - তোজাইক্ কৰা সৰু কোঠা এটাত সুমুৱাই থৈ দিয়ে। কিছুমানেহে কয় বোলে জনতাৰ মাজতে থাকা। হয় জানো? এজন ভিক্ষাৰীয়ে কোৱা কথাখিনিয়েই সঁচা নেকি! ভিক্ষাৰীজনে হেনো মন্দিৰ এটাৰ চিৰিৰ কাষত বহি ভোকত অধীৰ হৈ চিঞৰি আছিল ⸺ ভগৱানৰ নামত তেওঁকো এটা পইছা দি যাবলৈ। কোনেও তেওঁৰ কাতৰ প্ৰাৰ্থনালৈ কাণসাৰ নকৰি ফল - মূল, মাহ - প্ৰসাদ, গাখীৰ - ভোগ লৈ মন্দিৰৰ ভিতৰত তোমাক দিবলৈ গৈ থাকিল। ভিক্ষাৰীজনে ভাবিছিল ⸺ তুমি ভিতৰত আছা যেতিয়া তুমি ছাগে মানুহবোৰ ঘূৰি যাওঁতে তেওঁকো কিবা এটা দি যাবলৈ মতি - গতি দিবা। পিছে নিদিলা। ঘূৰি যাওঁতেও কোনো এজনেও তেওঁক একো এটা নিদিলে। ভোকত লাল - কাল হৈ তেওঁ ৰাতি খুপি খুপি গৈ এটা ক্লাৱ যেন লগা ঘৰৰ চিৰিত বহি পৰিল। সেইটো ঘৰৰ ভিতৰত প্ৰাৰ্থনা সঙ্গীত নাছিল যদিও সুৰাত মতলীয়া সকলৰ নানা ধৰণৰ সুৰ, কথা - বতৰা চিঞৰ বাখৰ ঘৰটোৰ পৰা ভাহি আহিছিল। তুমি তো তাত থকাৰ কথাই নহয়! তথাপিও ভিক্ষাৰীজনে অভ্যাসবশতঃ দুৰ্বল কণ্ঠেৰে ক'লে ⸺ ‘ভগৱানৰ নামত এটা পইছা•••••••••’ সুৰাত মতলীয়া হৈ আহোঁতে যাওঁতে এজন এজনকৈ বহু জনে পয়ছাই নহয় টকাৰ নোট তেওঁৰ খালী টিঙত দি নমস্কাৰ কৰি জড়িত কণ্ঠেৰে কৈ গ'ল ‘ভগৱানে মোক ক্ষমা কৰক’। চাওঁতে চাওঁতে ৰাতিটোৰ ভিতৰতে বহুত টকা তেওঁৰ টিঙত ভক্তি হৈ গ’ল ⸺ যিমান টকা মাহ মাহ কৈ মন্দিৰৰ চিৰিত বহোঁতেও পোৱা নাছিল। জমাতে একেলগে ইমানবোৰ টকা নেদেখা ভিক্ষাৰীজনে টকা খিনি খামুচি ধৰি আনন্দ- বিস্ময়ত চিঞৰি উঠিল ⸺ ‘ভগৱান্‌ তুমি থাকা ক'ৰবাত — ঠিকনা দিয়া ক’ৰবাৰ।’ সঁচাকৈয়ে ভগৱান্‌ তোমাৰ ঠিকনা??

৭৫