আজু গোপীনাথ পেখলো আখি
।।ৰাগঃ কামোদঃ পৰিতাল।।
ধ্ৰুং|| আজো গোপীনাথ পেখলো আখি|
যমুনা তীৰে ফিৰে ধেনু ৰাখি||
পদ।। শ্যমা শৰীৰে পীতাম্বৰ শোহে|
লাৱণ্য কাটি মনমথ মোহে||
সুচান্দ্ৰ বয়নে ঈষত হাসি|
নয়ন ৰাতা উতপল পাসি||
কপোলে চন্দন তিলক সাজে|
শোভন অলকা পান্তি বিৰাজে||
মাথে ঝলমল ময়ুৰ চূড়া|
কুসুমে ৰঞ্জয় মোহন জুড়া||
কদম্ব কুসুম শ্ৰৱণ মূলে|
কম্বু কণ্ঠে মণি কৌস্তুভ লুলে||
গলে গুঞ্জা মণি মুকুতা মালা|
কনক ভূষণে ভূষিত কালা||
গোপদ ৰেণু বিৰাজিত অঙ্গ|
বেণু বজাৱত অঙ্গ ত্ৰিভঙ্গ||
সুস্বৰ উচ্চায়া পঞ্চম গাৱে|
বঙ্কিম নয়নে ভূবন ভুলাৱে||
নবীন পীত ধটি কটি মাজে|
কনক মেখলা কিঙ্কিণী বাজে||
নূপুৰ বাজে পদ অৰবিন্দে|
কহয় মাধৱ গতি গোবিন্দে||