আমি কি কৰিবলৈ বিচাৰোঁ
[ ১ ]
আমি কি কৰিবলৈ বিচাৰোঁ
স্বাধীনতা পোৱাৰ চাৰিবছৰৰ পিচত এইবাৰ প্ৰথম বাৰৰ কাৰণে সাধাৰণ নিৰ্ব্বাচন হ’ব। এই চাৰি বছৰে কংগ্ৰেছী শাসনে ৰাইজক ভালকৈয়ে শিকনি দিছে। বৰ্ত্তমান এই নিৰ্ব্বাচনৰ যোগেদি দেশৰ ভবিষ্যৎ বুৰঞ্জীৰ গতি নিৰ্ণয় কৰাৰ সুযোগ পাব বুলিয়েই জনতাই ইয়ালৈ আশাৰ চকুৰে চাইছে। এতিয়ালৈকে দেশৰ জনতাই কংগ্ৰেছী শাসনৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এনে সুবিধা পোৱা নাছিল।
দুশবছৰ কাল বিদেশী শাসনৰ তলত থকা কালছোৱাত ভাৰতৰ আৰ্থিক অৱস্থা বেয়াৰ ফাললৈ গতি কৰিলে আৰু সামাজিক ক্ষেত্ৰত জড়তাই ছাটি ধৰিলে। যি সময়ত আন স্বাধীন দেশসমূহ দোপত-দোপে উন্নতিৰ পথত আগবাঢ়িলে আৰু সেইবোৰ দেশত আৰ্থিক আৰু সামাজিক স্বাধীনতাই প্ৰসাৰ লাভ কৰিলে, সেই সময়ত পৰাধীন ভাৰতৰ আৰ্থিক অৱস্থা ক্ৰমাৎ বছৰে বছৰে বেয়া হৈ অহাৰ লগতে সামাজিক বৈষম্যৰ বোজা জনতাৰ ওপৰত বেচি গধূৰ হৈ পৰিছিল। দেশৰ শিল্পজাত দ্ৰব্যৰ উৎপাদন কমি আহিছিল, খেতিৰ অৱনতি হৈছিল, নিবনুৱাৰ সংখ্যা বাঢ়িছিল, আৰু দেশৰ সকলো সম্পদ এমুঠি দেশীয় মানুহ আৰু বিদেশী শাসকৰ [ ২ ] হাতত পৰিছিল গৈ। ইফালে ভাৰতীয় সমাজত থকা পুৰণি বৈষম্য বোৰক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰি বৃটিছৰ বহতীয়া স্বৰূপে বিশেষ সুবিধা ভোগী শ্ৰেণীক ছৰকাৰী সমৰ্থন আৰু সহায় দিছিল; আৰু তাৰে ফলত ভাৰতৰ আৰ্থিক আৰু সামাজিক ক্ষেত্ৰত বৈষম্য আগতকৈও বৃদ্ধি পাইছিল।
স্বাধীনতা যুজঁত নমা ভাৰতীয় জনতাৰ বিদেশী শাসন অন্ত পেলোৱাই একমাত্ৰ উদ্দেশ্য নাছিল। যেতিয়া দেশৰ অগণন খেতিয়ক আৰু বহুৱাই, নিবনুৱা আৰু সকলো সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ থকা শ্ৰেণীয়ে উদ্যম-উৎসাহেৰে স্বাধীনতাৰ নিচানৰ তলত সমবেত হৈছিল, তেতিয়া তেওঁলোকে ভাবিছিল বৃটিছক আতঁৰোৱাৰ পিছত স্বাধীন ভাৰতত তেওঁলোকৰ জীৱন বিকাশৰ উপযোগী সুযোগ-সুবিধা আৰু সমাজ পৰিবৰ্ত্তনৰ পথ মুকলি হ’ব। এই যে নতুন জীৱন আৰু নতুন জয়-যাত্ৰাৰ আকুল হেপাহ ইয়েই সমূহ জনতাক মৃত্যুক নগনি আগবাঢ়ি যাবলৈ শক্তি যোগাইছিল।
নিষ্ফল শাসন
[ ৩ ]
স্বাধীনতাৰ চাৰিবছৰৰ ভিতৰতো, মাটিহীন খেতিয়কৰ মাটি লাভ হোৱা নাই, শিল্পক্ষেত্ৰত বনুৱাৰ অৱস্থাৰ যি বাঞ্চিত উন্নতি বুলি আশা কৰা হৈছিল সিও হোৱা নাই। উৎপাদন কমি আহিছে। নিবনুৱা সমস্যা বাঢ়িছে আৰু বস্তুৰ দাম চৰিছে। খাদ্যৰ ৰেচন কমি আহিছে আৰু চাৰিওফালে দুৰ্ভিক্ষৰ বিভীষিকাই দেখা দিছে। জীৱন নিৰ্ব্বাহৰ বাবে লাগতিয়াল কোনো বস্তুৰে অভাৱ গুচা নাই। পিন্ধা-কাপোৰ, থকা ঘৰৰ অভাৱ দিনকদিনে বাঢ়ি আহিছে। বস্তুৰ দাম চৰি যোৱাৰ লগে লগে বেতনভোগী মানুহৰ অৱস্থা বেছি সঙ্কটজনক হৈছে। এইদৰেই বনুৱা, দোকানী, কেৰাণী-মহৰি, শিক্ষক, কাৰিকৰ, সৰু সৰু কাৰবাৰী সকলোৱেই ঘণীভূত অনিশ্চয়তাত পৰিছে; দেশৰ ইমূৰৰপৰা সিমূৰলৈ উৎসাহ-উদ্দীপনা দেখিবলৈ নোহোৱা হৈছে। ইফালে ছৰকাৰে পুৰাতনীয়া সমাজ-ব্যৱস্থা আৰু সেই ব্যৱস্থাৰ নিয়ম পদ্ধতিবোৰতে খামোছ মাৰি ধৰি আছে। দেশজুৰি হতাশাৰ কাকতি ফৰিঙে স্বাধীনতাৰ ফছল নষ্ট কৰিছে।
ছ’চিয়েলিষ্ট পাৰ্টিয়ে বিশ্বাস কৰে সমাজৰ প্ৰত্যেক বিভাগেই স্বাধীনতাৰ শিহৰণ অনুভব কৰিব পাৰিলেহে স্বাধীনতাৰ অৰ্থ পূৰণ হ'ব। দেশৰ জনতাক অকল খাবলৈ এমুঠি ভাত আৰু থাকিবলৈ এটা পঁজা দিয়াটোৱেই স্বাধীনতাৰ প্ৰকৃত অৰ্থ নহয়। আমাৰ এই পুৰণি দেশখন নকৈ গঢ়িবলৈ হলে দেশৰ জনতাক নতুন উদ্যমেৰে অনুপ্ৰাণিত কৰিব [ ৪ ] পাৰিব লাগিব। তাৰ বাবে লাগিব সমাজৰ অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্ত্তন। সেই পৰিবৰ্ত্তন আনিব নোৱাৰিলে স্বাধীনতাৰ অৰ্থ নেথাকিব। আজি কংগ্ৰেছ ছৰকাৰে অৰ্থনৈতিক উন্নতিৰ বাবে কৰা সকলো যত্ন বিফল হৈছে কিয়? কাৰণ, কংগ্ৰেছ ছৰকাৰে সুবিধাভোগী শ্ৰেণীৰ বিৰুদ্ধে যাব খোজা নাই। ফলত ন্যস্তস্বাৰ্থ জড়িত শ্ৰেণীৰ স্বাৰ্থ অটুট হৈ আছে। আনহাতে জনতাৰ সকলো অভাৱ অপূৰণ হৈয়ে আছে, লগতে সকলো আশা-আকাঙ্খা চূৰমাৰ হৈ পৰিছে। ধনী-দুখীয়াৰ মাজৰ বৈষম্য অকল ৰৈ যোৱাই নাই, মহাযুদ্ধৰ পিছৰ ছোৱা কালত সেই বৈষম্য আৰু ব্যৱধান আৰু বহুতগুণে বাঢ়ি গৈছে। ধনীশ্ৰেণীৰ দহগুণে ধন বাঢ়িছে দুখীয়াৰ দুৰৱস্থা বাঢ়িছে। কংগ্ৰেছ ছৰকাৰৰ অৰ্থনীতি আৰু ৰাজহ-নীতিয়ে দুখীয়াৰ মূৰৰ বোজা বেছি গধুৰ কৰি তুলিছে। সামাজিক মুক্তিৰ হকে গ্ৰহণ কৰা ব্যৱস্থাবোৰো তেনেই দুৰ্বল আৰু উপৰুৱা বিধৰ। অস্পৃশ্য়তা নিষেধ কৰি আইন প্ৰণয়ন কৰা হৈছে সঁচা, কিন্তু অনুসূচিত সম্প্ৰদায় আৰু উপজাতিসকলৰ ওপৰত আৰ্থিক আৰু সামাজিক শোষণক অন্ত পেলাবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। অকল জমিদাৰী প্ৰথাকে ৰক্ষা হৈছে এনে নহয়, তাৰ লগতে দাসত্ব প্ৰথাও চলি আছে। শ শ বছৰ ধৰি খেতিয়কৰ হাত-ভৰি বান্ধি থোৱা শিকলি এতিয়াও খহি পৰা নাই। জমিদাৰী উচ্ছেদৰ বাবে কৰা নিষ্ফল চেষ্টা, এবাৰ কণ্ট্ৰোল [ ৫ ] কৰি, এবাৰ কণ্ট্ৰোল উঠাই দি, আকৌ পুনৰ একেটাকে কৰা খেলিমেলি নীতি ক্ৰমান্বয়ে দুখীয়াৰ মূৰৰ ওপৰত টেক্সৰ বোজা বঢ়াই দিয়া, বনুৱা আৰু কৰ্ম্মচাৰীসকলৰ ওপৰত মালিক শ্ৰেণীয়ে শোষণ কৰিবলৈ সুবিধা দিয়া, এইবোৰেই হৈছে কংগ্ৰেছ ছৰকাৰে কৰা কাম। এনেবোৰেই কংগ্ৰেছৰ দুৰ্ব্বলতা ক’ত দেখুৱাই দিয়ে। সমাজৰ আৰ্থিক আৰু সামাজিক গাঁথনিৰ ভেটি পৰিবৰ্ত্তন কৰিবলৈ যি সাহসৰ প্ৰয়োজন সেই সাহস কংগ্ৰেছৰ নাই। গতিকেই উৱঁলি যোৱা সমাজখনকে জোৰা-তাপলি মাৰি কোনোৰকমে ৰাখি থোৱাৰ চেষ্টা চলিছে। পৰিবৰ্ত্তনলৈ ভয় আৰু এৰাধৰা মনোভাব — এই দুয়োটাৰ হেতুকে কংগ্ৰেছৰ অলপ অচৰপ যি সংস্কাৰকামী আগ্ৰহ আছিল সিও লোপ পালে। চাৰি বছৰ শাসনৰ গাদীত বহাৰ পিছত কংগ্ৰেছ সম্পূৰ্ণৰূপে আজি এক গোড়া ৰক্ষণশীল দলত পৰিণত হৈছে।
কংগ্ৰেছৰ দোষ ঢাকিবলৈ যোৱাসকলে কংগ্ৰেছ আমোলত যিবিলাক কামত চৰকাৰে কামত চৰকাৰে কৃতকাৰ্য্য হৈছে তালৈ সদায় আঙ্গুলিয়াই দেখুৱায়, কিন্তু যিবিলাক কামতে কংগ্ৰেছ ছৰকাৰ সম্পূৰ্ণৰূপে অকৃতকাৰ্য্য হৈছে, সেইবিলাকৰ বাবে এইসকলে দেশৰ ভিতৰ-বাহিৰ বিপদসংঙ্কুল অৱস্থাৰ গাত দায় দিব খোজে সেইসকলে ক’ব খোজে, যুদ্ধৰ পাছত উদ্ভৱ হোৱা জঞ্জাল, দেশ-বিভাজনৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতি, জগতগুৰি বিয়পি একা অশান্তিকৰ অৱস্থা আদিৰ বাবেই কংগ্ৰেছ ছৰকাৰে [ ৬ ] ভালকৈ কাম কৰিব পৰা নাই। কথা হৈছে এনেকুৱা জৰুৰী অৱস্থা অকল ভাৰততে যে দেখা দিছে এনে নহয়, সকলো দেশতে এনে সমস্যাই দেখা দিচ্ছে। কিন্তু অইন অইন দেশৰ ছৰকাৰে সমস্যাবোৰৰ উচিত সমাধান কৰিছে । কংগ্ৰেছ ছৰকাৰে অৱশ্যে পৰা নাই । কংগ্ৰেছ ছৰকাৰৰ অকৃতকাৰ্য্যতা নিজৰ দূৰ্ব্বলতা আৰু অকৰ্ম্মণ্যতাৰ পৰা উদ্ভৱ হোৱা অৱস্থাৰ দোষত নহয়৷
এইখিনিতে প্রশ্ন হ'ব পাৰে—এনে দুৰ্দ্দিন আৰু দুর্ভিক্ষ সময়ত ছ'চিয়েলিষ্ট পার্টিয়ে জানে! কুকাৰ্য্যতাৰে শাসন চলাব । আৰু সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন ? আমি কওঁ, নিশ্চয় পাৰিলোহেতেন ।
এইখিনিতে অতীতত কি হ'ল তাৰ কথা বাদ দি ভৱিষ্যতে কি কৰা হব । সেই কথালৈ অহা যাওক ।
সমাজ-গাঁথনিৰ পৰিবৰ্ত্তন
ছ'চিয়েলিষ্ট' পাৰ্টিয়ে বিশ্বাস কৰে যোৱা চাৰিবছৰে হোৱা দেশৰ অৱনতিৰ সোঁত ৰোধ কৰিব পৰা হ'ব, প্রগতি আৰু সমৃদ্ধিৰ বাটত আগবাঢ়িৰ পৰা হ'ব আৰু লগতে বৰ্ত্তমানৰ অন্ন-বস্ত্ৰ-ঘৰৰ সমস্যা সমাধানো কৰিব পৰা হ’ব । আৰু স্বাধীন, সুখী আৰু সমতাৰ সমাজ এখন ভাৰতত স্থাপন কৰিব পৰা হ'ব। কিন্তু ইয়াকে কৰিবৰ কাৰণে লাগিব দূৰদৃষ্টি, সাহস আৰু দৃঢ়প্রতিজ্ঞা। ছ'চিয়েলিষ্ট [ ৭ ] পার্টিয়ে ৰাইজক বুজাবলৈ চেষ্টা কৰি আহিছে যে ৰাইজৰ বিভিন্ন সমস্যাবোৰ সমাধান কৰিবলৈ হ’লে অ'ত-ত'ত থাপমৰা বিধৰ নীতিৰে নহব । ডুখৰীয়া সমাধানে একো কৰিব নোৱাৰে। এইটো কথা মনত ৰাখিব লাগিব যে ৰাইজৰ ঘাই অভাব-সমূহ গুছাবলৈকে সমাজৰ আৰ্থিক আৰু সামাজিক গাঁথনিৰ পৰিবৰ্ত্তন আৱশ্যক । ৰাইজক এইখিনিতে আমি সোঁৱৰাই দিব খোজোঁ যে সমাজ-বিপ্লবৰ চোকা ঔষধ, দিয়া নহয় মানে সমাজৰ পৰা অভাৱ- অনাটনৰ ব্যাধি আঁতৰোৱা সম্ভব নহয় ৷ যেতিয়ালৈকে ‘মৰাক মাৰি খোৱা' নীতিৰ ওপৰত প্ৰতিস্থিত বর্ত্তমান সমাজ-ব্যৱস্থা থাকে, যেতিয়ালৈকে সমাজৰ তাকৰীয়া এক শ্ৰেণীয়ে সকলো সুখ-সুবিধা পায় আৰু সৰহ সংখ্যক জন সকলো সুখু-সুবিধাৰ পৰা বঞ্চিত হৈ থাকে, তেতিয়ালৈকে দেশৰ দাৰিদ্ৰও নুগুছে, জাতিয় উৎপাদিকা শক্তিৰো পূৰ্ণ- ব্যৱহাৰ হ'ব নোৱাৰে আৰু জাতীয় উত্থানৰ বাবে লাগতিয়াল জাগৰণো আহিব নোৱাৰে ।
এই কথাখিনিলৈকে লক্ষ্য ৰাখি আমি দেশৰ সমস্যা সমাধানৰ অর্থে তলত দিয়া প্ৰস্তাৱবোৰ ডাঙি ধৰিছোঁ ।
খাদ্য-সমস্যা আৰু ভূমি-সংস্কাৰ
খাদ্যৰ-সমস্যাই আজিৰ আটাইতকৈ গুৰুতৰ সমস্যা এই সমস্যা সমাধানৰ লগত ওতঃপ্রোতভাৱ জড়িত আছে । [ ৮ ] পথাৰ আৰু গাৱঁলীয়া অৰ্থনৈতিক ব্যৱস্থাৰ পুনৰ্গঠনৰ কথা এই পুনৰ গঠনৰ বাবে লাগিব এখন সুপৰিকল্পিত দীৰ্ঘপ্ৰসাৰী আৰু সম্পুৰ্ণ আঁচনি। এই ক্ষেত্ৰত ঘাইকৈ সহজে কাৰ্য্যত পৰিণত কৰিব পৰা, সোনকালে ফলৱৰ্তী চমুকালিন সৰু সৰু আঁচনিও থাকিব লাগিব।
আজি কংগ্ৰেছ চৰকাৰৰ খাদ্যনীতিত ওপৰত উনুকিয়া এই ঘাই প্ৰয়োজনীয়তাৰ কথা উপলদ্ধি কৰা হোৱা নাই। যথাৰ্থতে এই বিষয়ত কংগ্ৰেছ চৰকাৰৰ কোনো নীতিয়েই নাই। মাত্ৰ আছে জধে-মধে লোৱা কেইখনমান আঁচনি। তাৰ লগতে তৈয়াৰ কৰিছে নিতৌ একোখনকৈ ন আঁচনি। আদিৰে পৰা কংগ্ৰেছ চৰকাৰে এটা ভূল কৰি আহিছে। খাদ্য-সমস্যা সমাধান মানে চৰকাৰে খাদ্যৰ বৰ্তমান দেখা দিয়া নাটনি গুছোৱাটোকে ধৰি লৈছে। কিন্তু এই সমস্যা সমাধানৰ আচল কথা হৈছে কেনেকৈ খেতিৰ উপযোগী মাটিৰ সৰ্ব্বোৎকৃষ্ট ব্যৱহাৰ কৰিব পাৰি আৰু তাৰ পৰা আটাইতকৈ সৰহ উৎপাদন কৰিব পাৰি। ভুল নীতিৰ ওপৰত প্ৰতিস্থিত চুটি বুদ্ধিৰে কৰা আঁচনিবোৰ সেইবাবেই তেনেই অকৃতকাৰ্য্য হৈছে আৰু ৰাইজৰ অজস্ৰ টকা পানীত পৰিছে। তাৰে ফলস্বৰূপে দেশৰ অৱস্থা এতিয়া এনে হৈছে যে বিদেশৰ পৰা ঘেহু-চাউল আমদানি নকৰিলে আমাৰ ৰক্ষা নোহোৱা হৈছে। যোৱা চাৰিবছৰত খাদ্যসামগ্ৰী আমদানি কৰোঁতে ভাৰতৰ পৰা পাঁচ শ কোটি টকা বাহিৰ লৈ গৈছে আৰু [ ৯ ] জলসিঞ্চন আঁচনিত খৰছ হৈছে পঞ্চাশ কোটী। এপিনে লাখ লাখ বিঘা পতিত মাটি পৰি থকাতো সেইবোৰক খেতিৰ উপযোগী কৰি তুলিবৰ দিহা কৰা হোৱা নাই, আনপিনে ঘৰৰ ওপৰত বাল্টিংত মাটি ভৰাই সৰহ শস্য উৎপাদন কৰিবলৈ আহ্বান জনোৱা হৈছে। বৃহৎ বৃহৎ নদী-নিয়ন্ত্ৰনৰ আঁচনি লোৱা হৈছে, অথচ দেশৰনো আচল দৰকাৰ কি, শক্তি কিমান, ভৱিষ্যতে কি লাগিব এইবোৰৰ কোনো বিবেচনা হোৱা নাই । কৃষিক্ষেত্ৰত যিবিলাক সংস্কাৰ অৰু পৰিবৰ্ত্তন আনিব লাগিছিল সেইবোৰ এৰা-ধৰা কৰি এৰি দিয়া হ’ল। যন্ত্রপাতি যোগানৰ বিষয়ত একো কৰাই নহ’ল, ইবোৰ আলোচনাতে থাকিল । বস্তুৰ মূল্য নিৰূপণ আৰু নিয়ন্ত্ৰনৰ ক্ষেত্ৰত আদিৰে পৰা অন্তলৈকে কেউপিনে বেমে- জালিৰে ভৰা অনিশ্চয়তা। বস্তু সংগ্ৰহ আৰু বিতৰণ ক্ষেত্ৰত ছৰকাৰে কেৱল নিজৰ অকৰ্ম্মন্যতাকে প্ৰমাণ কৰিছে।
এই সমস্যাবোৰৰ সমাধানৰ অর্থে ছ'চিয়েলিষ্ট পার্টিয়ে কেউফালৰ পৰা কামত ধৰিব – যিবোৰ হৈছে শিল্পবিজ্ঞান, প্রশাসন আৰু কৃষিক্ষেত্ৰৰ পুনঠগন ।
ভূমিসেৱক আৰু অন্নসেনা
খাদ্যসমস্যা সমাধান কৰিবলৈ হ'লে আমাৰ দেশৰ প্রতিবিঘা মাটিৰ উৎপাদনশক্তি বঢ়াব লাগিব। লগতে সকলোবোৰ পতিত মাটি খেতিত লগাব লাগিব। এই দুটা কামৰ [ ১০ ] প্ৰথমটো কৰিবলৈ এদল ভূমি-সেনা তৈয়াৰ কৰা হ'ব । সেই দলটোৱে গাৱঁত নাদ-পুখুৰী খন্দা, জ্ঞান-নলা চাফা কৰা, মথাউৰি বন্ধা ইত্যাদি কাম কৰিব। ছৰকাৰে এই ভূমি-সেৱক দলক আৱশ্যকীয় শিক্ষা দিব আৰু যন্ত্ৰ-পাতিৰ যোগান ধৰিব। ভূমিসেৱক সকলেই যন্ত্ৰ-পাতি ব্যৱহাৰৰ নতুন প্ৰণালীৰ বাট দেখুৱাই দিব।
দেশত সিচৰিত হৈ থকা পতিত মাটিৰ পৰিমাণ প্রায় ৩৫ কোটি বিঘা হ'ব। এইখিনি মাটি খেতিত লগাবলৈ ছৰকাৰে এটা অন্নসেনা বাহিণী তৈয়াৰ কৰিব। গাৱঁৰ মাটিহীন আৰু দুখীয়া খেতিয়ক সকলক লৈ এই বাহিণী গঠিত হ'ব। এই বাহিণীয়ে গাৱঁৰ পিতনি আদি অঁতবি, নলা খান্দিব, হাবি কাটিব আৰু এইবোৰ কৰি-মেলি, অঁতাই- পিত্তাই লোৱা মাটিত বসতি কৰিব। এই ভূমি-সেৱক দল আৰু অন্নসেনা বাহিণীত গাৱঁৰ ডেকাসকলে নতুন আশা- উদ্দীপনাৰ সন্ধান পাব । তেওঁলোকেই তাৰ মাজেদি সহযোগী মনোভাব গঢ়ি তুলিব, সামাজিক শিক্ষা বিস্তাৰ কৰিব আৰু ভৱিষ্যত্তৰ উন্নত গাৱঁৰ ভেটি বান্ধিব। আমি ইয়াত যিবোৰ ভূমি-সংস্কাৰৰ প্রস্তাব কৰিছোঁ সেইবোৰেই ডেকাদলক এনে গাওঁ-সংগঠনৰ কামলৈ আগবাঢ়ি যাবলৈ অনুপ্রেৰণা যোগাব।
খাদ্য-আঁচনি
কোনবিধ শস্যৰ কিমান থেতি হ'ব তাক পৰিকল্পনাৰ যোগে ঠিক কৰা হ'ব! শিল্পজাত বস্তু আৰু কৃষিজাত বস্তুৰ [ ১১ ] দাম নির্ণয় কৰোঁতে সমতা আৰু সামঞ্জস্য ৰাখিহে কৰা হ'ব ৷ নিয়ন্ত্ৰনৰ ক্ষেত্ৰটো সেইদৰে এৰা ধৰা বা এঠাইত নিয়ন্ত্রন কৰি এঠাইত নকৰা ব্যবস্থা নাথাকে। উৎপাদন-বিতৰপ দুয়ো- ক্ষেত্ৰতে ৰেহা লগাই নিয়ন্ত্ৰন কৰা হ'ব। ধান সংগ্ৰহ কৰোঁতে গাওঁ-পঞ্চায়তৰ যোগেদিহে হ’ব, গাইগুটীয়াকৈ নহয় ৷ বিতৰণ কৰ৷ হ’ব গাৱেঁ গাৱেঁ স্থাপন কৰা উচিত-মূল্যৰ দোকান আৰু সমবায় সমিতিৰ যোগে ৷ যেতিয়া এই ব্যৱস্থা-সমূহ লোৱা হ'ব তেতিয়াহে ৰাইজে সৰহ শস্য উৎপাদনৰ বাৰে প্ৰেৰণা পাব—খাদ্য সামগ্ৰী আৰু আন আৱশ্যকীয় বস্তুৰ অধিক উৎপাদন হ'ব ৷
মাটিৰ পুনৰ বিতৰণ
জমিদাৰী উচ্ছেদৰ কথাটো ভূমিসংস্কাৰৰ পথৰ প্ৰথম খোজহে ৷ মিদাৰী উচ্ছেদে দেশৰ তিনিভাগৰ এভাগ মানুহকে চুব। কংগ্ৰেছে এই প্রথম খোজ লওঁতেই লওঁ-নলওঁকৈ লৈহে আৰু তাকো ভুলকৈ লৈহে। গাইগুটীয়া সম্পত্তিৰ স্বত্ত্ব আৰু দাবী সমূহ ৰক্ষা কৰিবলৈ কংগ্ৰেছৰ ইমানেই আগ্রহ যে কংগ্ৰেছ চৰকাৰে জমিবাৰ শ্ৰেণীক অজস্ৰ ক্ষতিপূৰ্ণ দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু ক্ষতিপূৰণ দিয়াৰ লগে-লগেই জমিদাৰী উচ্ছেদ অর্থহীন হৈ পৰিছে । দেশৰ ৰাজহৰ অৱস্থাৰ পিনৰ পৰা চালে ক্ষতিপূৰণৰ ব্যৱস্থাই দেশক কঙাল কৰিব। লোকৰ ওপৰত বহি খাই লাখ-লাখ টকাৰ সম্পত্তিৰ অধিকাৰী হ'বলৈ জমিদাৰ শ্ৰেণীৰ কোনো স্বত্ত্ব নাই। সেইকাৰণে ছ'চিয়েলিষ্ট পাৰ্টিয়ে কোনো ক্ষতিপূৰণ [ ১২ ] নিদিয়াকৈ জমিদাৰী উচ্ছেদ কৰিব। অৱশ্যে যিবোৰ নামমাত্র জমিদাৰ সেইবিলাকক জীৱিকা-নিৰ্ব্বাহৰ জোখাৰে কিছু ধন দিয়াৰ ব্যৱস্থা থাকিব ।
অকল জমিদাৰী উচ্ছেদ কৰিলেই মাটিৰ সমস্যাৰ সমাধান নাইবা গাওঁ অঞ্চলত সামাজিক ন্যায় প্রতিস্থাও নহয়। লাখ লাখ মাটি-বাৰী নাইকীয়া খেতিয়কে যি লোকৰ মাটিত খেতি কৰে উৎপাদন কৰাত আৰু উৎসাহেৰে কামত লগাত প্ৰেৰণা যোগাবলৈ হ'লে অকল জমিদাৰী উচ্ছেদ কৰিলেই একো নহয় ৷ গতিকে সকলো খেতিয়কে খেতি কৰা মাটিৰ ওপৰত স্বত্ত্ব পাব আৰু সেই মাটিৰ পৰা কোনেও খেতিয়কক উচ্ছেদ কৰিৰ নোৱাৰিব ৷
জমিদাৰী উচ্ছেদৰ পাচতো জমিদাৰী থকা অঞ্চলত কোনোৱে হয়তো শ শ বিঘাৰ, আৰু কোনোৱে মাত্র ৫।৬ বিঘা মাটিৰ গিৰিহঁত হৈ থাকিব। খেতিয়ক শ্ৰেণীৰ ভিতৰতে কম সংখ্যক চহকী খেতিয়ক ওলাব যাৰ হাতত হেজাৰ পূৰা মাটি থাকিব। আকৌ ভাতে মধ্যমীয়া শ্ৰেণীৰ আৰু তেনেই দুখীয়া শ্ৰেণীৰ খেতিয়কো থাকিব আৰু আধিখোৱা—মৰকীয়া খোৱাও ওলাব । এনে অৱস্থা যে জমিদাৰী থকা অঞ্চলতে হ’ব এনে নহয়; ৰায়ত্ৱাৰী অঞ্চলতো এনেকুৱা অৱস্থা আছে। এনে অৱস্থা কোনোপধ্যই থাকিব নোৱাৰে। সামাজিক ন্যায় প্রতিস্থা আৰু আৰ্থিক সমতা স্থাপন কৰিবলৈ ছ'চিয়েলিষ্ট পার্টি দৃঢ়- প্রতিজ্ঞ। সেই উদ্দেশ্য সাধনৰ বাবেই হেজাৰ-বিজাৰ খেতিয়কৰ [ ১৩ ] ৰুদ্ধশক্তি মুক্ত কৰিব লাগিব। মাটিৰ পুনৰ বিতৰণ নহয় মানে খেতিয়কে নতুন শক্তি নাপায়। ছ’চিয়েলিষ্ট পার্টিয়ে মাটিৰ পুনৰ বিতৰণ এনেদৰে কৰিব যাতে কোনো খেতিয়ক পৰিয়ালে ৯০ বিঘাৰ বেচি মাটি (সাধৰণ বিধৰ) নাপায় আৰু যি নিজে খেতি কৰাত অংশগ্ৰহণ নকৰে তেওঁ মাটি নাপায় । যি খেতি কৰে তেওঁহে মাটিৰ মালিক হ’ব পাৰিব। খেতিয়ক আৰু ছৰকাৰৰ মাজতে থাকি বহি খোৱা শ্ৰেণী তুলি দিয়া হ'ব ।
যিসকলৰ হাতত এতিয়া ৯০ বিঘাৰ ওপৰৰ পৰা ৩০০ বিঘালৈ মাটি আছে তেওঁলোকৰ পৰা সেই ৯০ বিঘা বাদ দি বাকীখিনি লৈ অহা হ'ব আৰু মাটিহীন খেতিয়কৰ মাজত সেইমাটি বিতৰণ কৰি দিয়া হ'ব । ৯০ বিঘাৰ ওপৰঞ্চি মাটিৰ, মূল্যৰ বাবদ দহবছৰলৈ তেওঁলোকে উচিত হাৰত বছেৰেকীয়া খাজনা পাব ৷ ৩০০ বিঘাৰ ওপৰঞ্চি মাটিৰ বাবে কোনো খাজনা আদি নাপায়। লগে লগে মাটি বিতৰণ কৰোঁতে এইটোও চোৱা হ’ব যাতে প্রত্যেক খেতিয়ক পৰিয়ালে ভৰণ-পোষণৰ জোখাৰে শটি পায় অর্থাৎ যিখিনি মাটিত খেতি কৰি সেই পৰিয়ালে ভালমতে জীৱন নিৰ্ব্বাহ কৰিব পাৰে সিমান মাটি পাব। মাটি বিতৰণ কৰাৰ লগে লগে এচমকা মাটিকে টুকুৰা-টুকুৰকৈ কেবাজনেও ভগাই
লোৱা প্ৰথা বন্ধ হ’ব। [ ১৪ ]সমবায়
ওপৰত কোৱা ভূমিসংস্কাৰ হোৱাৰ পাচতো হাতত জোখেবে মাটি নোহোৱা বহুত খেতিয়ক বাকী থাকিব৷ এনে- কুৱা ক্ষেত্ৰত মাটিৰ উৎপাদন নিচেই কম হৈ থাকিব, কিয়নো তেনেকুৱা এচমকা মাটিত খেতিয়ক জনে উন্নত ধৰণেৰে খেতি কৰিব নোৱাৰিব। গতিকে এনে খেতিয়কে সমবায় পদ্ধতিৰে খেতি কৰিব লাগিব । এনে খেতিয়ক সকল সমবায় যোগে লগ লাগিবৰ বাবে ছবকাৰৰ তৰফৰ পৰা সাহায্য আৰু উৎসাহ দিয়া হ'ব ৷
সৰহীয়া মাটিথকা খেতিয়ক সকলকো বহুমুখী সমবায় পাতিবলৈ উৎসাহ দিয়া হ'ব, যাতে সেই সমবায়ৰ যোগে ভাল সঁচৰ যোগান ধৰিব পাৰে, ভাল সাৰ দিব পাৰে পানী যোগানৰ ব্যৱস্থা কৰিব পাৰে আৰু গাৱঁৰ উৎপন্ন দ্ৰব্যৰ বেচা-কিনাৰ সুবিধা কৰিব পাৰে। লগে লগে যুটীয়া ভাৱে খেতিকৰাৰ বাবেও দিহা দিয়া হ’ব । এইদৰে গাৱঁৰ অৰ্থনৈতিক গাঁথনিব ভেটি হ’ব সমবায় । ইয়াৰ যোগে খেতিয়কৰ উৎপাদন ক্ষমতা আৰু উপার্জ্জন দুইটা বাঢ়িব।
যিবিলাক পতিত মাৰ্ট উদ্ধাৰ কৰা হ’ব সেইবোৰত ছৰকাৰী সাহায্যত আৰু অন্নসেনাবাহিণীৰ জৰীয়তে যৌথফার্ম পতা হ'ব। মাটিহীন খেতিয়কসকলে এই ফার্মতে ঘৰ দুৱাৰ
সাজি থাকিব আৰু কাম কৰিব । [ ১৫ ]কৃষি-বনুৱা
আমাৰ গাওঁবোৰত কাম কৰি খোৱা মানুহৰ সংখ্যা বহুত আছে। এই কৃষি বহুৱাৰ সমস্যাটো ঘাইকৈ হ’ল জোখাৰে কমি নোহোৱাৰ পৰা উদ্ভব হোৱা সমস্যা। তেওঁলোকৰ কাৰণে গোটেই বছৰটোৰ বাবে কাম নহয়গৈ; গতিকে সৰহভাগ সময় এনেয়ে কটাব লগা হয়। গতিকে যাতে এওঁলোকৰ বাবে গোটেই বছৰটোত কাম ওলায় তাৰ ব্যৱস্থা কৰিব লাগিব। সেইবাবে পানী যোগান দি আৰু আন আন উপায় উলিয়াই বছেৰেকত এটা খেতিৰ ঠাইত দুটা খেতি কৰাৰ ব্যৱস্থা হ'ব । তদুপৰি সৰু-সুৰা গাৱঁলীয়া শিল্পৰ যোগে নতুন কাম ওলাব । গাওঁবিলাক মাত্র খেতিয়কৰ সমাজ হৈয়েই নেথাকিব। গাৱঁলীয়া শিল্প স্থাপন হ'ব আৰু আনকি ডাঙৰ ডাঙৰ শিল্পৰ বিকেন্দ্রীকৰণ কৰি গাৱঁত পতা হ'ব। কিছুমান উদ্যোগ গাৱঁলীয়া কাৰিকৰৰ বাবে আছুতীয়াকৈ ৰখা হ’ব; সেইবোৰত বৰ বৰ শিল্প অনুষ্ঠানে হাত দিব নোৱাৰিব । আলি-পদুলি বন্ধা আৰু মেৰামতি কৰা, জান- খন্দা আদি কামত কৃষি-বনুৱাই কাম কৰিব কৃষি-বনুৱাসকলৰ ঘৰ-বাৰীৰ সংৰক্ষণৰ বাবে আইন থাকিব ।
এইদৰে সকলো প্ৰকাৰে চেষ্টা কৰা হ’ব যাতে কৃষি- বনুৱাসকলৰ উপাৰ্জ্জন বৃদ্ধি হয় আৰু তেওঁলোকে ভালদৰে জীৱন-নিৰ্ব্বাহ কৰিব পাৰে । [ ১৬ ] কৃষি-বনুৱাসকলে নিজৰ সংগঠন কৰিবৰ সকলো সুবিধা দিয়া হ'ব আৰু তেওঁলোকৰ অধিকাৰ আৰু স্বার্থসমুহ আইনযোগে সংৰক্ষিত হ'ব।
গাৱঁলীয়া-দাসত্ব
গাৱঁৰ ভিতৰত বহুতো মানুহ লোকৰ বহতীয়া হৈ থাকিব লগীয়া হৈ আছে ৷ এওঁলোকৰ সমস্যা আৰু গুৰুতৰ। এই সমস্যাৰ সমাধানৰ বাবে আইন প্রণয়ন আৰু বিভিন্ন চুক্তি দৰ্কাৰ হ’ব । কিন্তু অকল আইন বা চুক্তিয়েই অৱস্থা ভাললৈ আনিব নোৱাৰে ৷ এই দাসত্বৰ ঘাই কাৰণ হ'ল ধাৰ। ধাৰত মাৰি এওঁলোকে লোকৰ ঘৰত বহতীয়া হৈ থাকিব লগা হয়৷ এওঁলোকক মুক্ত কৰিবলৈ হ'লে এই ধাৰৰ পৰ৷ মুক্ত কৰি লাগিব আৰু স্বাধীন ভাৱে উপাৰ্জ্জন কৰিবৰ বাট মোকলাই দিব লাগিব। মুক্তিৰ প্ৰাথমিক ব্যৱস্থা হিছাপে জমিদাৰী উচ্ছেদৰ পাচত জমিদাৰৰ মাটিত এওঁলোকক বহুৱা হব । নামমাত্র দাসত্বপ্ৰথা ৰখাটোও আইনমতে দণ্ডনীয় হ'ব ।
ৰাষ্ট্ৰ আৰু কৃষি
খেতিয়কৰ সমুখত থকা নানাপ্ৰকাৰৰ বিঘিনি গুছোৱাত ৰাষ্ট্ৰৰ সহায় লাগিব । এই বিষয়ত ভাল সাৰ, বীজ খেতিৰ সজুঁলি, বেচা-কিনাৰ সুবিধা, কমসূদত ধাৰ, কাৰী-কৰী বিদ্যাৰ শিক্ষা, গবেষণাকেন্দ্র আদিৰ যোগান ৰাষ্ট্ৰৰ [ ১৭ ] ধৰিব লাগিব। ক’অপাৰেটিভ বেঙ্ক শস্যভঁৰাল, গুদামঘৰ আদর্শ কৃষিপাম আদিৰ যোগে ৰাষ্ট্ৰই খেতিয়ক সহায় কৰিব। তদুপৰি গোটেই প্রশাসনীয় ব্যৱস্থাৰ এনেভাৱে সলনি কৰা হ'ব, যাতে তাৰ দ্বাৰা খেতিয়কে বেচি সুবিধা পায়। এই প্রশাসনীয় ব্যৱস্থা কেনে হ'ব তাক তলত ব্যাখ্যা কৰা হৈছে ।
পতিত মাটি আবাদ কৰা, মাটিৰ খহনীয়া বন্ধ কৰা, যথাযোগ্য জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত থাকিব । এই ক্ষেত্ৰত অন্নসেনা বাহিনী আৰু ভূমিসেনা বাহিনীয়ে বিশেষ ভাৱে কাম দিব। এই দুই বাহিণীৰ জৰিয়তে গাইগুটীয়া কাৰ্য্যক সহীয়া প্ৰচেষ্টালৈ পৰিণত কৰিব পৰা হব।
যাতে নগৰৰ স্বাৰ্থত গাৱৰ ওপৰত শোষণ চলিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰই চকু দিব। সেই অর্থে কৃষিজাত আৰু শিল্পজাত বস্তুৰ দামৰ সমতা স্থাপন কৰা হ'ব৷
ভূমিস্বত্ত্ব
এই আটাইবোৰ কামেই মাটিৰ মালিকানা সম্পর্কীয় ধাৰণাৰ বৈপ্লবিক পৰিবৰ্ত্তন আনিব । একোডোখৰ মাটি নিম্নতম আকাৰতকৈ সৰু নোহোৱা কৰিবৰ হলে হস্তান্তৰ কৰিব পৰা ক্ষমাতাৰ ওপৰতো হস্তক্ষেপৰ আৱশ্যক হব। জমিদাৰী উচ্ছেদৰ অৰ্থই হব মাটি দিয়া প্ৰথাৰ অন্ত [ ১৮ ] পেলোৱা। ক'ত কি শস্য কিমান পৰিমাণে উৎপন্ন কৰিব লাগিব সেইটো নিৰ্দ্ধাৰিত হলে যাৰেই য'তে যিমান ইচ্ছা ৰা যি কোনো খেভি লগাব পৰাৰ অধিকাৰ খৰ্ব্ব হব। সুপৰিকল্পনাৰে বস্তু কিনা-বেচাৰ ব্যৱস্থা সংগঠন কৰিব লাগিব যাতে কোনেও নিজ ইচ্ছামতে যেই সেই বস্তু বেচিব নোৱাৰে৷ এই বাধ্য-বাধকতাবোৰৰ ফলত কৃষকৰ একো হানি নহয়—এইবোৰে কৃষকৰ বৰ্ত্তমান দুখ-দুৰ্গতি দূৰ কৰাতহে সহায় কৰিব; কিয়নো মালিকানা স্বত্ত্ব সম্পৰ্কে নতুন ধাৰণা অহাৰ লগে লগে কৃষকৰ প্ৰতি সমাজৰ দায়িত্ববোধো সম্পূৰ্ণৰূপে জন্মিব। ইয়াৰ পিচত আৰু কৃষকে সমাজৰ মাজতে থাকিও অকলশৰীয়া বুলি অনুভব কৰিব লগীয়া নহব। বৰ্ত্তমান আইনৰ তলত সকলো ক্ষেত্ৰতে অবাধ, অধিকাৰ থকা বাবে যিবোৰ সুবিধা কৃষকে পায় বুলি ধৰা হয় আচলতে কৃষকে সেইবোৰৰ এটাও পোৱা নাই। এই সুবিধাৰ ঠাইত কৃষকে তেতিয়৷ প্ৰকৃত সুযোগ-সুবিধাৰ ফল পাব।
প্ৰশাসনীয় ক্ষেত্ৰত ব্যৱস্থা
নতুন অৱস্থাত ছৰকাৰৰ ওপৰত যিবিলাক নতুন দায়িত্ব পৰিব সেইবোৰ সুচাৰুৰূপে পালন কৰিবলৈ হ'লে প্ৰশাসনীয় ব্যৱস্থাও সম্পূৰ্ণৰূপে বদলাব লাগিব। বৰ্ত্তমান অৱস্থাত খেতিবিষয়ক সংস্থাবোৰৰ সমাধানৰ বাবে বিভিন্ন মন্ত্ৰীৰ তলত থকা সুকীয়া সুকীয়া ডিপাৰ্টমেণ্টে সুকীয়া সুকীয়াকৈ কাম [ ১৯ ] হাতত লৈছে। ইফালে এই ডিপাৰ্টমেণ্টবোৰৰ মাজত সহযোগিতা নাই৷ ফলত খেতিয়কৰ সমস্যা সমাধান হওক ছাৰি খেতিয়কক আৰু বিপদতহে পেলাইছে। আনহাতে, দেশৰ প্ৰশাসনীয় যন্ত্ৰ প্ৰকৃতপক্ষে গণশন্ত্ৰিক পদ্ধতি চলাবলৈ হ'লে সেই যন্ত্ৰৰ লগত খেতিয়কৰ সম্পৰ্ক ওচৰ হ’ব লাগিব। সেই উদ্দেশ্যে চাৰিখলপীয়া ৰাষ্ট্ৰৰ ভিত্তিত খেতিবিষয়ক প্ৰশাসনীয় ব্যৱস্থা নতুনকৈ পাতিব লাগিব। ‘ৰাষ্ট্ৰৰ অধিকাৰী সাধাৰণ ৰাইজ’, এই নীতিৰ ওপৰত ভিত্তি কৰি চাৰিখলপীয়া ৰাষ্ট্ৰ প্ৰতিষ্ঠিত হ’ব। এই ব্যৱস্থাত সাৰ্ব্বভৌম ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ’ব; আৰু সমাজৰ প্ৰত্যেক অঙ্গই ৰাষ্ট্ৰপৰিচালনাত অংশ পাব। নতুন ব্যৱস্থাত গাওঁ-পঞ্চায়তেই হ’ব ঘাই; তাকে কেন্দ্ৰ কৰি গোটেই ব্যৱস্থা চলিব। পঞ্চায়তৰ ওপৰত প্ৰশাসনীয় ব্যৱহাৰ আৰু তিনিখাপ থাকিব — আঞ্চলিক (যেনেকৈ একোখন জিলা) ৰাজ্যিক আৰু ইউনিয়নৰ।
গাওঁ পঞ্চায়ত
একোখন গাৱঁত বা কেবাখনো গাৱঁৰ ভিতৰত এখনকৈ পঞ্চায়ত থাকিব। এই পঞ্চায়ত গাৱঁৰ ৰাইজে বয়স্ক ভোটাধি কাৰৰ ভিত্তিত বাছি লব।
গাওঁ পঞ্চায়তে গাৱঁৰ যি সম্পদ আহে তাৰ লেখ ল'ব গাৱঁৰ উৎপাদিকা শক্তি নিৰ্দ্ধাৰণ কৰিব। গাৱঁত কোন বিধ শস্যৰ কিমান খেতি কৰিলে ভাল হ'ব তাৰ [ ২০ ] এটা হিচাপ কৰি সেইমতে এখন আঁচনি তৈয়াৰ কৰিব আৰু সেই আঁচনিখন পৰিকল্পনা আয়োগলৈ (Planning Commission) পঠিয়াব। পঞ্চায়ত আৰু আয়োগৰ ভিতৰত আলোচনা কৰ আঁচনিখন গ্ৰহণ কৰা হ'ব। তাৰ পিচত সেই আঁচনিমতে উৎপাদন যাতে হয় তাৰ বাবে পঞ্চায়তে নজৰ ৰাখিব। খেতিৰ সজুঁলি আৰু আন আন যি সুবিধা দৰ্কাৰ হ’ব, গাওঁপঞ্চায়তে সেইবিলাক মাটি-আয়োগৰ (Land Commission পৰা পাব। উৎপাদনৰ যি নিৰিখ বান্ধি দিয়া হয় তাতকৈ বেচি যি উৎপাদন কৰিব তেওঁক গাওঁ পঞ্চায়তৰ পৰ৷ উপযুক্ত পুৰস্কাৰ দিয়া হ'ব। গাওঁ- পঞ্চায়তেই চৰকাৰী খাজনা আদি তুলিব। মাটি-আয়োগে ধাৰ্য্য কৰি দিয়ানতে যি ধান-চাউল গাৱঁৰ পৰা যোগান দিব লগা হ’ব তাকো পঞ্চায়তেই সংগ্ৰহ কৰিব। গাৱঁৰ ব্যক্তিগত খেতিয়কৰ লগত পোনপটীয়া সম্বন্ধ থাকিব অকল গাৱঁৰ লগত গাৱঁৰ বাহিৰ সকলো সম্পৰ্ক একমাত্ৰ গাওঁ পঞ্চায়তেহে ৰক্ষা কৰিব।
গাওঁখনৰ সম্পৰ্কত সকলো বিষয়তে পঞ্চায়তেই গাৱঁৰ প্ৰতিনিধিত্ব কৰিব। গাৱঁলীয়া ৰাইজৰ উন্নতিকল্পে লোৱা চৰকাৰৰ সকলো আঁচনি এই পঞ্চায়তৰ যোগেদিয়েই কাৰ্য্য- কৰী কৰা হ'ব আৰু গাৱঁৰ বিভিন্ন কাৰ্য্যৱলীৰ বিষয়ে চৰকাৰক জনাওঁতেও একমাত্ৰ পঞ্চায়তেহে জনাৱ। গাৱঁৰ অঞ্চল [ ২১ ] সমূহ আৰু দাতব্য আৰু আন আন সামূহিক সম্পত্তিৰ ওপৰত পঞ্চায়তৰ কৰ্তৃত্ব থাকিব।
এনেবোৰ প্ৰতিনিধিমূলক কামৰ বাদেও পঞ্চায়তে নিয়ন্ত্ৰণ- মূলক কামো কৰিব— যেনে, প্ৰাইমাৰী স্কুল পৰিদৰ্শন কৰা গাৱৰ খেল-ধেমালী আদিৰ উৎসাহ দিয়া, গাৱলীয়া আস্পতাল, মাতৃসদন, শিশু কল্যাণ আদিৰ ব্যৱস্থা কৰা, গাৱঁত নিকা পানীৰ যোগান ৰখা ইত্যাদি। এই দুটাৰ উপৰিও নানা প্ৰকাৰৰ জনহিতকৰ কাৰ্য্য আৰু সাংস্কৃতিক অনুষ্ঠান স্থাপ- নাদি সেৱা কাৰ্য্যও পঞ্চায়তে কৰিব।
এইদৰে গাওঁপঞ্চায়ত বিশেষ গুৰুত্বপূৰ্ণ অৱস্থাত থাকিব। স্বাধীনতাৰ ফেৰমেল গছজোপাৰ ঘাই শিপা হ’ব গাওঁ পঞ্চায়ত।
আঞ্চলিক মাটি-আয়োগ
গাওঁ পঞ্চায়তৰ ওপৰত থাকিব আঞ্চলিক মাটি-আয়োগ সমূহ ( Regional Land Commissions ) এই আয়োগে সেই অঞ্চলৰ পঞ্চায়তবোৰৰ উৎপাদন-আঁচনিবোৰ আৰু অঞ্চলৰ কৃষি-সম্পদবোৰৰ ওপৰত চকু ৰাখিব আৰু সেইবোৰৰ বেহা লগাব। গাৱঁলীয়া বেঙ্কৰ তত্বাবধান এই আয়োগে ল'ব আৰু অঞ্চলৰ সমূদায় ঋণ-ব্যৱসায় নিয়ন্ত্ৰণ কৰিব। আদৰ্শ কৃষি-পাম চলাই খেতিয়ক সকলক সহায় কৰাৰ দায়িত্ব এই আয়োগৰ হাতত থাকিব। গাওঁ পঞ্চায়তে খেতিৰ সজুঁলি আৰু খেতিৰ উন্নত নিয়ম-প্ৰণালীৰ বিষয়ে যি বিচাৰিব [ ২২ ] তাক আয়োগে যোগান ধৰিব । এই গাওঁ পঞ্চায়ত সমূহ ক'অপাৰেটিভ সংস্থাসমূহ আৰু ৰাজ্য চৰকাৰ এই তিনিওৰে প্রতিনিধি আৰু খেতিবিষয়ক বিশেষজ্ঞৰ দ্বাৰা এই আয়োগ গঠিত হ’ব ।
ৰাজ্যিক মাটি-আয়োগ
আঞ্চলিক আয়াগ সমূহৰ ওপৰত প্রত্যেক ৰাজ্যতে একো- টাকৈ ৰাজ্যিক মাটি-আয়োগ (State Land Commission) থাকিব। এই আয়োগৰ দায়িত্ব থাকিব গাৱঁলীয়া আৰ্থিক অৱস্থাৰ উন্নতিকল্পে আঁচনি কৰা; আর্থিক অৱস্থা উন্নত কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ । মাটিৰ খাজনা সম্পর্কীয় সমস্যা, জলসিঞ্চন খেতি-বাতি, ঘৰুৱা শিল্প সমবায় শষ্য উৎপাদনৰ আঁচনি ইত্যাদি সকলো কথাৰ ওপৰত মাটি-আয়োগে চকু দিব ।
এই আয়োগে কোনো চৰকাৰী বিভাগৰ তলতীয়া হিচাপে কাম নকৰে ; স্বাধীনভাৱে কাম কৰাৰ ক্ষমতা পাব। এই আয়োগৰ সভ্যসকল হ’ব – আঞ্চলিক আয়োগ সমূহৰ, সমবায় অনুস্থান সমূহৰ আৰু ৰাজ্যচৰকাৰৰ প্রতিনিধি সকল আৰু খেতি-বিষয়ক বিশেষজ্ঞ সকল ।
ইউনিয়ন মার্টি-আয়োগ
সৰ্ব্বভাৰতীয় ক্ষেত্ৰত খেতি পৰিকল্পনা, ইঠাইৰ পৰা সিঠাইলৈ [ ২৩ ] শস্য অনানিয়া কৰা নদী-নিয়ন্ত্ৰণ আৰু বানপানী নিয়ন্ত্ৰণ ইউনিয়ন আদিৰ ব্যৱস্থা কৰা আদি কামৰ তত্বাৱধান লব মাটি-আয়োগে (Union Land Commission)। কৃষি-দ্ৰব্যৰ আমদানি-ৰপ্তানি কিমান হ'ব তাক এই আয়োগে বান্ধি দিব। এই আয়োগে কুষি-সজুঁলি যি লাগে তাক আমদানি কৰিব আৰু কৃষি-দ্ৰব্যৰ দাম নিয়ন্ত্ৰণ কৰিব।
আদৰ্শ কৃষি-পাম
চৰকাৰী খৰছত আদৰ্শ কৃষি-পাম চলোৱা হ'ব৷ এই পামবিলাক সৰুসুৰা গৱেষণা কেন্দ্ৰৰ নিচিনা হ'ব আৰু তাতে কৃষিৰ নতুন নতুন প্ৰণালী আদিৰ প্ৰদৰ্শনী হ'ব। এনেকুৱা কৃষি-পামৰ লগতে কিছু ঠাইত কৃষি-স্কুলো পতা হ’ব। ইয়াৰ উপৰিও এই পামবোৰত ৰাইজক ডাক্তৰী সাহায্য দিব পৰণৰ ব্যৱস্থাও থাকিব। এই কেন্দ্ৰবোৰত চলন্ত ডাক্তৰখানা থাকিব, যাতে তাৰ চাৰিওকাষৰ গাওঁবোৰত ডাক্তৰী সাহায্য যোগাব পাৰি৷ এইদৰে আদৰ্শ কৃষিপামে সকলো কথাতে খেতিয়ক সকলক সহায় কৰিব, নেতৃত্ব যোগাব আৰু অনুপ্ৰেৰণা দিব। য'ত সুবিধা হয় ত'ত এনে পামৰ পৰা ভাল পানী আৰু বিজুলী শক্তিৰ যোগানো ধৰা হ'ব।
নতুন গাওঁ
যেতিয়া খেতিৰ মাটি খেতিয়কৰ মাজভ ভগাই দিয়া হ'ব, যেতিয়া প্ৰত্যেক খেতিয়কেই মাটিৰ গিৰিহঁত হ’ব আৰু [ ২৪ ] প্ৰত্যেক মাটি গিৰিয়েই খেতি কৰিব, যেতিয়৷ মাটিহীন বহুৱাই ন্যায়বিচাৰ পাব আৰু-থকা মেলাৰ ঘৰ পাব, তেতিয়৷ গাৱঁৰ ভিতৰত পৰস্পৰৰ ভিতৰত নতুন সম্বন্ধ স্থাপন হ'ব আৰু এক নতুন জীৱন আৰম্ভ হ'ব । গাওঁ পঞ্চায়তক কেন্দ্ৰ কৰি প্ৰশাসনীয় ব্যৱস্থাত যি পৰিবৰ্ত্তন হ'ব সেই পৰিবৰ্ত্তনে খেতিয়ক আৰু শাসনকৰ্ত্তাৰ মাজত থকা দূৰত্বৰ ব্যৱধান অন্ত পেলাব এই পৰিবৰ্ত্তনৰ পাচত যিখন সমাজ হ’ব তাত প্রত্যেক ব্যক্তিৰ সমান মৰ্য্যদা, সমান অধিকাৰ থাকিব আৰু সকলো স্বাধীন হ’ব, তেতিয়া সকলোৱে আনন্দমনেৰে উন্নত গাওঁ নিৰ্ম্মানত আগবাঢ়িব । নতুন প্ৰেৰণাৰ যোগে ৰাইজৰ মাজলৈ আত্মবিশ্বাস ঘূৰি আহিব আৰু ৰাইজে আত্মপ্রতিষ্ঠা কৰিব ।
বন-সম্পদ
জাতীয় উন্নতিৰ ক্ষেত্ৰত দেশৰ হাবি-জঙ্ঘলৰ বিশেষ মূল আছে ৷ এইবিলাকে মূল্যবান কাঠ-বাঁহ আৰু আন বস্তু যোগোৱাৰ উপৰিও গৰাখহনীয়াত বাধা দিয়ে আৰু বৰষুণত সহায় কৰে । যোৱ৷ যুদ্ধৰ সময়ত এই জঙ্ঘলবোৰৰ বিস্তৰ ক্ষতি কৰ৷ হ’ল ৷ এতিয়া সেই নীতি পৰিবৰ্ত্তন কৰিব লাগিব । উন্নয়ন পৰিকল্পনাৰ ভিতৰত জঙ্ঘল-ৰক্ষাই আগ ভাগ পাব।
তদুপৰি বৰ্ত্তমানৰ যিবোৰ জঙ্ঘলী আইন আছে সেইবোৰ জঙ্ঘলী অঞ্চলত থক৷ গাওঁবোৰৰ বাবে অশেষ অসুবিধাজনক। ফৰেক্ট ডিপাৰ্টমেণ্টেই সেইবোৰ অঞ্চলত সৰ্ব্বেসৰ্ব্বা হৈ আছে। [ ২৫ ] তাত বনুৱাৰ হাজিৰা নিচেই সামান্য। মহাজন সকলে সেইবোৰ ঠাইৰ মানুহৰ ওপৰত অবাধে শোষণ কৰিবলৈ সুবিধা পায় ৷ গতিকে এই অঞ্চলৰ অৱস্থা ভাল কৰিবলৈ হ'লে জঙ্ঘলী আইনো বদলাব লাগিব আৰু জঙ্ঘলী অঞ্চলৰ গাওঁবোৰক জঙ্ঘলৰ সম্পদৰ উপভোগৰ বিশেষ সুবিধা দিব লাগিব ।' সেই গাৱঁৰ ৰাইজৰ সহযোগত সেই অঞ্চলত আদর্শ-গাওঁ পাতিব লাগিব ।
অসমৰ সমগ্ৰ জঙ্ঘল অঞ্চল ৰাষ্ট্ৰৰ সম্পত্তি হ’ব। এতিয়া যিবোৰ অঞ্চল কোনোবা ব্যক্তিগত মালিকৰ হাতত আছে সেইবোৰ ৰাষ্ট্ৰৰ হাতলৈ অনা হ’ব ।
উদ্যোগৰ-উন্নয়ন
কৃষি ক্ষেত্ৰৰ উন্নতি কৰাৰ লগে লগে দেশত শিল্পজাত দ্ৰব্যৰ চাহিদাও বহুত গুণে বাঢ়িব । বৰ্ত্তমান অৱস্থাত শিল্পদ্রব্য যিমান তৈয়াৰ হৈছে তাৰে আজিৰ অৱস্থাতে নোজোৰে । বৰ্ত্তমান অৱস্থাত শিল্প-দ্রব্যৰ উৎপাদন অলপো বঢ়া নাই । বৰ বৰ শিল্পপতিসকলে এনে হোৱাৰ বাবে নানান অজুহাত দেখুৱাই আহিছে । প্রথম ছোৱাত কলে যে চৰকাৰে শিল্পবোৰ ৰাষ্ট্ৰীয়কৰণ কৰিম বুলি ভয় খুওৱাত তাৰ বিষফল স্বৰূপেই শিল্পৰ উৎপাদন কমি আহিল । এই বুলি ক'লত চৰকাৰে যেতিয়া ৰাষ্ট্ৰীয়কৰণৰ কথা তল পেলালে তেতিয়া শিল্পপতিয়ে আকৌ উলিয়ালে যে উৎপাদন বাঢ়িব পৰা নাই বহুৱাৰ দোষতহে। কিন্তু পিচত যেতিয়া [ ২৬ ] এইটোও প্ৰমাণ হ’ল যে বহুৱাৰ গাত দোষ নাই, তেতিয়া আকৌ শিল্পত লোকচান হোৱাৰ অজুহাত দেখুৱা হ'ল। এইবাৰ চৰকাৰে শিল্পপতিৰ ওপৰত টেক্স কমাই . দিলে; কণ্ট্ৰলৰ ব্যৱস্থা ঢিলাই দিলে; ৰেল-জাহাজেৰে বস্তু অনা- নিয়াৰ সুবিধা বঢ়াই দিলে। উৎপাদন বাঢ়িব বুলি শিল্পপতিৰ কথামতে চৰকাৰে এইবোৰ কৰিলে। কিন্তু তথাপিও উৎপাদন নাবাঢ়িল। বজাৰত লাগতিয়াল দ্ৰব্য পাবলৈ নোহোৱা হ'ল। শিল্পপতিসকলে ইটোৰ পিচত সিটোকৈ আপত্তি দৰ্শাবলৈ ধৰলে। কিন্তু এইবোৰ আপত্তি যিমানে খণ্ডন কৰা হয় সিমানে ওলাই থাকে। কথা হৈছে এটাইবোৰ খণ্ডন কৰিলেও শিল্পৰ উৎপাদন বৃদ্ধি নাপায়। শিল্পপতিৰ হাতত যেতিয়ালৈকে শিল্পক্ষেত্ৰৰ আধিপত্য থাকে তেতিয়া- লৈকে উৎপাদন বাঢ়িব নোৱাৰে। সেইবাবে এতিয়া নতুন শিল্প ব্যৱস্থাৰ দিহা কৰিব লাগিব; তেহে দেশৰ অভাব গুছাব পৰা হ'ব।
গতিকে বৰ বৰ শিল্পপতিৰ সহায়ত দেশৰ শিল্প-সম্পদ বঢ়োৱাৰ কথা এৰি দিব লাগিব। এতিয়া আমাক লাগে বনুৱাৰ সহায়৷ সৰু সৰু কাৰবাৰীৰ সহায়, বৈজ্ঞানিক, আৰু কাৰিকৰৰ সহায়। এই সকলৰ যোগেহে দেশে উদ্ধাৰ পাব; লাভখোৰ শিল্পপতি মহাজনৰ দ্বাৰায় নহয়।
নতুন ব্যৱস্থাত শিল্প.ক্ষেত্ৰক তিনি ভাগত ভগোৱা হ'ব। প্ৰথমতে থাকিব ৰাষ্ট্ৰীযুকৰণ কৰা শিল্পসমূহ। দ্বিতীয়তে [ ২৭ ] থাকিব মধ্যমীয়া শিল্পসমূহ য’ত ৰাষ্ট্ৰই পৰিচালনা নকৰে, আৰু তৃতীয়তে হ’ব সৰু সৰু শিল্প, যি সমবায় ভিত্তিত পৰিচালিত হ’ধ।
শিল্প-ৰাষ্ট্ৰীয়কৰণ
কিছুমান শিল্প সমাজৰ পৰিচালনালৈ আনিব লাগিব। বহুত কাৰণতেই এইবিলাক সমাজৰ হাতলৈ অনাৰ প্ৰয়োজন হৈছে।
বৰ্ত্তমানত শিল্পবিলাকৰ ঘাই সমস্যা হ’ল পুঁজিৰ অভাব। ব্যাক্তিগত ভাৱে টকা সাঁচি পুঁজিসঞ্চয় নহয়গৈ। গতিকে পুঁজি বঢ়াবৰ বাবে আনুষ্ঠানিক সঞ্চয় হ'ব লাগিব। বেঙ্ক বীমা কোম্পানী আদিৰ যোগে এই সঞ্চয় কৰাই হ'ল ঘাই উপায়। গতিকে এইবোৰ অনুষ্ঠান যেনে কৰ্তৃত্বৰ অধিনত থাকিব দেশৰ অৰ্থ নৈতিক উন্নতিৰ ৰূপো সেইধৰণৰ হ’ব। কাপোৰ, চেনী আৰু চিমেণ্ট -– সাধাৰণ ৰাইজে বিচৰা বস্তুৰ ভিতৰত এই কেইটা ঘাই। কিন্তু এই তিনিওবিধ শিল্পত অদূৰ ভৱিষ্যতে উৎপাদন বঢ়াৰ কোনো চিন দেখা নাই। এই ভিনিও শিল্পত উন্নতব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যাতে তাৰ দ্বাৰা ৰাইজৰ অভাৱ পুৰণ কৰিব পৰা হয়।
এইক্ষেত্ৰত দেখা গৈছে যে ব্যাক্তিগত পুঁজিপতিৰ হাতত কাপোৰ, চেনী আৰু চিমেণ্টৰ উৎপাদন বাঢ়িব নোৱাৰে। গতিকে এই তিনিও শিল্পকে সমাজৰ হাতলৈ আনিব লাগিব। লো আৰু তীখা শিল্প, বিজুলী শক্তি আৰু কেমিকেল শিল্প [ ২৮ ] এইবোৰৰ ৰাষ্ট্ৰীয়কৰণৰ দৰ্কাৰ হৈ পৰিছে। গতিকে এই শিল্প সমূহো সমাজৰ হাতলৈ আনিব লাগিব।
তেল-কয়লা-সোন আদিৰ খনি আৰু চাহ-কফিৰ বাগিছা বোৰৰ বেচি ভাগেই আজি বিদেশী পুঁজিপতিৰ হাতত। এইবোৰ সম্পদৰ দ্বাৰা ৰাইজৰ সুখ-সমৃদ্ধি বঢ়াবলৈ হ'লে এইবোৰক সমাজৰ হাতলৈ আনিব লাগিব। এই খনি আৰু বাগিছা বোৰৰ পৰা বিদেশলৈ বহুত ধন ৰপ্তানি হয়। ৰপ্তানিযৰ গুৰুত্বৰ ফালৰ পৰাও এইবোৰ শিল্প সমাজৰ হাতত থাকিব লাগিব।
অসমত তেল কোম্পানী, কয়লাৰ কাৰখানা আৰু চাহবাগিছা
সমূহৰ ৰাষ্ট্ৰীয়কৰণ হ'ব। কাপোৰ, চেনী, মৰাপাট আৰু
কাগজৰ উদ্যোগ ৰাষ্ট্ৰই স্থাপন কৰিব আৰু পৰিচালনা কৰিব
ব্ৰহ্মপুত্ৰৰ জলপথত চলা জাহাজ কোম্পানী ৰাষ্ট্ৰৰ হাতলৈ
অনা হ'ব। সমগ্ৰ ৰাজ্যতে পৰিবহণৰ উন্নয়নৰ বাবে বৰ্ত্তমানে
ৰাষ্ট্ৰৰ হাতত নথকা সৰু সৰু ৰেলপথ বিলাকো ৰাষ্ট্ৰীয়কৰণ
কৰিব লাগিব। ইয়াৰ লগতে মটৰ যান-বাহনৰ ঘাই পথ
বিলাক ৰাষ্ট্ৰৰ সম্পূৰ্ণ কৰ্তৃত্ব আৰু পৰিচালনাত থাকিব।
এইখিনিতে এটা প্ৰশ্ন উঠে যে এই এটাইবোৰ শিল্প জাতীয়
কৰণ কৰি চলাবলৈ ক'ৰ পৰা ধন ওলাব। ধন কেনেকৈ
উলিৱা হব তাক পিচত কোৱা হৈছে।
ব্যক্তিগত কাৰবাৰৰ স্থল
ওপৰত লেখ দিয়া শিল্পসমুহৰ বাদে বাকীবোৰ শিল্প সৰু সৰু [ ২৯ ] কাৰ্য্যদক্ষ কাৰবাৰীয়ে চলাব। ৰাষ্ট্ৰৰ তৰফৰ পৰা তেওঁলোকক মাল-মছলা, সঁজুলি আদিৰ যোগান দি, কাৰিকৰী বিদ্যা আৰু আন আন সুবিধা দি সহায় কৰা হব
ব্যক্তিগত কাৰবাৰৰ সীমা ঠেক হ’ব; কিন্তু তাকে সুস্পষ্ট ভাবে নিৰ্ণয় কৰি দিয়া হ’ব। নিৰ্ণয় কৰি দিয়াৰ পাচত ৰাষ্ট্ৰই আৰু সেইৰোৰত হেতাওপৰা নলগাৱ। ৰাষ্ট্ৰৰ সহায়ত সৰু কাৰবাৰীয়ে বৰঞ্চ নিজৰ ব্যৱসায়ত উন্নতি কৰি যাব পাৰিব। আজি যেনেকৈ পদে পদে বৰ বৰ শিল্পপতিয়ে সৰু কাৰবাৰীক ঠেকত পেলাব পাৰিছে, তেতিয়া আৰু সেইটো নহ'ব৷
যিখন দেশত কাম কৰা মানুহৰ সংখ্যা সৰহ কিন্তু পুঁজি আৰু শিল্পৰ সৰঞ্জামৰ নাটনি, সেইখন দেশত কুটীৰ শিল্প আৰু আন আন সৰু শিল্পৰ যথেষ্ট আৱশ্যকতা আছে। চৰকাৰে এইবোৰ শিল্পৰ উন্নতি কৰিবৰ সুবিধা দিব; আৰু সৰু শিল্পৰ উপযোগী উৎপাদন প্ৰণালীৰ অৰু সৰঞ্জাম-পাতিৰ যোগান ধৰিব। এই শিল্পবোৰে দেশৰ ডাঙৰ অভাৱ দূৰ কৰাৰ লগে লগে শুকুমাৰ কলা আৰু সৌন্দৰ্য্যবোধৰ হেপাহো পুৰণ কৰিব।
শিল্প পৰিচালনা
শিল্প-পৰিচালনাত চাবলগীয়া কথা হ'ল কোন শিল্প কাৰ কৰ্তৃত্বত থাকিব—ইউনিয়ন চৰকাৰ, ৰাজ্যচৰকাৰ নে তাৰ তলত অইনৰ কৰ্তৃত্বত। [ ৩০ ] যিবিলাক শিল্পৰ ৰাষ্ট্ৰীয়কৰণ কৰা হ'ব সেইবোৰ পৰিচালনাৰ পৰিচালনাৰ ভাৰ থাকিব ৰাজহুৱ৷ কৰপ'ৰেশ্যনৰ হাতত । মূল নীতি নিৰ্দ্ধাৰণ কৰি দিয়াৰ বাদে আন কথাত এই কৰ'ৰেশ্যনৰ ওপৰত হস্তক্ষেপ নকৰে । কথাত কৰ'পৰশ্যেনে স্বাধীন ভাবে কাম চলাব। প্ৰত্যেক অঞ্চলত বেলেগ বেলেগ শিল্পৰ কাৰণে বেলেগ কৰপ'ৰেশ্যন থাকিব। উৎপাদন প্ৰণালী ভাল কৰিবলৈ আৰু অধিক উৎপাদন কৰিবলৈ এই কৰপ'ৰেশ্যনবোৰৰ মাজত প্রতিযোগিতা চলিব। এনে কৰিলে এহাতে যেনেকৈ বৃহৎ শিল্প-প্রতিস্থানৰ সুবিধাবোৰ পোৱা যাব, আনহাতে তেনেকৈ কেন্দ্রীভুত, একছেতীয়া আৰু অফিচাৰে চলোৱা কাৰবাৰৰ অসুবিধাবোৰো আতঁৰোৱা হ’ব । এহাতে যেনেকৈ অকল বজাৰ দৰেই বস্তুৰ উৎপাদন-পৰিমান নিৰ্দ্ধাৰিত কৰিব নোৱাৰি, আনহাতে তেনেকৈয়ে কিনোতা সকলেও মাত মাতিবৰ সুবিধা থাকিব । এই ব্যৱস্থাত উৎপাদন ক্ষেত্ৰত কাৰ্যদক্ষতা বাঢ়িব, নতুন নতুন আঁচনি ওলাব, আৰু লগে লগে কাৰিকৰী বিদ্যাৰ উন্নয়ন আৰু প্ৰসাৰ হ'ব । কাৰি- কৰ, চুপাৰভাইজাৰ, আৰু অর্গেনাইজাৰ—এই সকলোৱে নিজৰ নিজৰ ভাগৰ কাম সুচাৰুৰূপে কৰিব লাগিব। তেওঁলোকৰ বিদ্যা-বুদ্ধিৰ পূৰ্ণবিকাশৰ দুযোগ হ'ব । বিদ্যা- বুদ্ধি আৰু কাৰ্য্যদক্ষতা অনুসাৰে তেওঁলোকৰ দৰ্ম্মহা বাঢ়িব, প্রমোচন হ'ব আৰু ৰাষ্ট্ৰৰ পৰ৷ বঁটা পাব। [ ৩১ ] ৰাষ্ট্ৰই পৰিচালনা কৰা শিল্পৰ ভিতৰত স্বায়ত্বশাসিত অনুষ্ঠান সমূহে চলোৱা শিল্পও পৰিব ৷ বিজুলীশক্তি যোগান, পানী- যোগান, গেছযোগান, থিয়েটাৰ-বায়স্কোপ আদি ব্যৱসায় ইত্যাদিবোৰ মিউনিচিপেলিটি আৰু লোকেলবোর্ডে চলাব । ব্যক্তিগত ভাৱে চলোৱা শিল্পসমূহৰ ক্ষেত্ৰতো সম্পূর্ণ নতুন ব্যৱস্থা হ'ব। কম সূদত টকা ধাৰে দিয়া, কাৰিকৰী জ্ঞান আৰু বিদ্যাৰ যোগান, যন্ত্রপাতি আৰু কেঁচামালৰ যোগান দি ৰাষ্ট্ৰই ব্যক্তিগত ভাৱে পৰিচালিত শিল্পসমূহক সহায় কৰিব ।
এই শিল্পবোৰে তাৰ লগে লগে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ মানি চলিব লাগিব। যতে ত’তে যেই সেই শিল্প আৰম্ভ কৰিব নোৱাৰিব। ক’ত কি শিল্প প্রতিষ্ঠ। হ’ব তাক ৰাষ্ট্ৰই ঠিক কৰি দিব ; তদুপৰি শিল্পবোৰৰ বনুৱাৰ কেনে অৱস্থা হ'ব লাগিব তাক ধার্য্য কৰি দিয়া হ’ব। এই শিল্পবোৰত খটুৱা পুঁজিৰ ওপৰতো নিয়ন্ত্ৰণ থাকিব ; অৱশ্যে তিনিলাখ টকাৰ অধিক পুঁজিখটুৱা শিল্পৰ ওপৰতহে নিয়ন্ত্রণ থাকিব।
উৎপাদকৰ সমবায়
ব্যক্তিগত ভাৱে চলোৱা উদ্যোগ আৰু সৰুসুৰা উদ্যোগৰ ক্ষেত্ৰত উৎপাদক সকলৰ সমবায় স্থাপন কৰাত ৰাষ্ট্ৰই সহায় কৰিব। এই ক্ষেত্ৰত পুঁজিৰ অভাব, কামকৰা মানুহ সংখ্যাৰ আধিক্য আৰু তাকৰীয়া উৎপাদনজনিত সমস্যাৰ কিছুদূৰ সমাধান কৰাত এনে সমবায়ে সহায় কৰিব ৷ বনুৱাৰ সংখ্যা [ ৩২ ] হ্ৰাস নকৰাকৈ সৰু সৰু যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি এনে সম- বায়ৰ যোগে উৎপাদন বঢ়াব পৰা হ'ব। ৰাষ্ট্ৰই এনে সমবায়ক বিশেষ হাৰত ধাৰ দিব, বস্তু বেচা-কিনাৰ সুবিধা কৰি দিব, কাৰিকৰী বিদ্যাৰ ব্যৱস্থা কৰি দিব আৰু সমবায়ৰ ভিত্তিত জীৱন যাপন কৰাৰ সুবিধার্থে শিক্ষাৰ ব্যৱস্থা কৰিব ।
বনুৱাৰ স্থান
সমাজত বহুৱাৰ স্থান সম্পূর্ণ বেলেগ হ'ব। সকলো উদ্যোগতে বহুৱাসকল ৰ'ব অংশীদাৰ স্বৰূপে। উদ্যোগ পৰিচালনাত তেওঁলোকে মতামত দিব । উদ্যোগ সম্পৰ্কীয় সকলেো খা-খবৰ তেওঁলোকে জানিব পাৰিব । পৰিচালক আৰু বহুৱা উভয়ে এইদৰে সমান অভিজ্ঞতা লাভ কৰিব৷ লগে লগে বনুৱা আৰু কাৰিকৰ সকলে যাতে কাৰ্য্যদক্ষতা বঢ়াব পাৰে তাৰ বাবে প্ৰশিক্ষাৰ ব্যবস্থা থাকিব।
যিবিলাক শিল্প ৰাষ্ট্ৰৰ পৰিচালনাত থাকিব সেইবিলাকৰ কৰপ'ৰেশ্যনত বনুৱাৰ প্ৰতিনিধি থাকিব । শিল্প-পৰিচালনা কৰোঁতে ৱৰ্কচ কমিটি আৰু উৎপাদন কমিটিৰ যোগে বনুৱা- সকলে সহযোগ কৰিব। বান্ধি দিয়া নিৰিখতকৈ উৎপাদন অধিক হ'লে তাৰ বাবে পুৰস্কাৰ দিয়া হ'ব আৰু বেচি উৎপাদন কৰা সকলে সমাজৰ পৰা মান পাব।
যিবিলাক শিল্প জইণ্ট ষ্টক কোম্পানীৰ তলত থাকিব সেইবোৰৰ পৰিচালনাত যাতে বনুৱাই ভাগ লব পাৰে তাৰ [ ৩৩ ] ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থা বাধ্যতামূলক হ'ব। শিল্পৰ অংশীদাৰ সকলৰ দৰেই শিল্প-সম্পত্তিৰ লগত বহুৱা সকলৰো সম্বন্ধ আছে। গতিকে অংশীদাৰ সকলৰ যিবিলাক শিল্প ব্যক্তিগত মালিকৰ হাতত থাকিব সেইবোৰত ‘ডবল অডিট'ৰ যোগে বহুৱাই নিয়ন্ত্ৰণ ৰাখিব । অর্থাৎ শিল্পৰ আয়ব্যয়ৰ হিসাব গণীক্ষা কৰাওঁতে বহুৱাৰ পক্ষৰ পৰা এজন পৰীক্ষকে কৰিব অৰু মালিকৰ ফালৰ পৰাও কৰিব। তাৰ দ্বাৰায় বহুৱাই শিল্পৰ আচল অৱস্থাটো জানিব পাৰিব । তদুপৰি ট্রেড ইউনিয়নৰ যোগে বহুৱাসকলে নিজৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰিব । এইবোৰ শিল্পত শিল্প পৰিচালনাৰ ভাৰ থাকিব মালিকৰ হাতত ।
যিবিলাক শিল্প জইণ্ট ষ্টক কোম্পানীৰ তলত থাকিব সেই- বোৰৰ পৰিচালনাত য'তে বহুৱাই ভাগ ল'ব পাৰে তাৰ ব্যৱস্থা কৰা হ'ব৷ এই ব্যৱস্থা বাধ্যতামূলক হ’ব। কিয়নো অংশীদাসকলৰ দৰেই শিল্পসম্পত্তিৰ লগত বনুৱা সকলৰো সম্বন্ধ আছে ৷ গতিকে অংশীদাৰসকলৰ প্ৰতিনিধি যেতিয় ডিৰেক্টৰ ব'ৰ্ডত থাকিব তেতিয়া বনুৱাৰ প্রতিনিধিও সেই ব'ৰ্ডত থাকিব লাগিব । শিল্পক্ষেত্ৰত মেনেজিং এজেন্সী প্রথা একেবাৰে উঠাই দিয়া হ'ব। অংশীদাৰ আৰু বহুৱাৰ স্বাৰ্থ ৰক্ষাৰ্থে কোম্পানী আইনৰ লাগতিয়াল সালসলনি কৰা হ'ব। [ ৩৪ ]
সামাজিক নিৰাপত্তাৰ ব্যৱস্থা
শিল্প-পৰিচালনাত ভাগ দিয়াৰ পাচতো বনুৱাসকলৰ নিৰা- পত্তা সম্পূৰ্ণ নহবগৈ। ক্ৰুৱাই কাম কৰিবলৈ কাম নাইকীয়া হবগৈ পাৰে। তেতিয়া নিবনুৱাৰ অৱস্থাৰ সময়ত নিৰাপত্তাৰ ব্যৱস্থা লাগিব। আকৌ বেমাৰ-আজাৰ হ'লে বা বুঢ়া বয়হৃত কাম কৰিব নোৱাৰা হলে বনুৱাক সহায় কৰিব লাগিৱ। এইবোৰৰ বাবেই ৰাষ্ট্ৰই সামাজিক নিৰাপত্তা-ব্যৱস্থাৰ দায়িত্ব ল'ব লাগিব।
কাম কৰি থকা সময়ত কোনো বনুৱা দুৰ্ঘটনাত পৰিলে ভাৰ বাবে বহুৱাই ক্ষতি পূৰণ পাব—ডাক্তৰী সাহায্য আৰু জীৱন-নিৰ্ব্বাহৰ বাবে আৱশ্যকীয় সাহায্য পাব। বেমাৰ- বীমা আৰু প্ৰস্তুতি-কল্যাণৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব। গোটেই জীৱনটো কাম কৰাৰ পিচত বুঢ়া বয়সত এজন বনুৱাই সুখেৰে দিন কটোৱাৰ ব্যৱস্থা থাকিব। সেইবাবে বুঢ়া বয়সত তেওঁ পেঞ্চন পাব। নিবনুৱা অৱস্থাত সহায় পাবৰ বাবে নিবনুৱা—বীমাৰ ব্যৱস্থা থাকিব।
ওপৰোক্ত ব্যৱস্থাবোৰৰ বাবে যি টকা লাগিব তাৰ ভিতৰত বনুৱাৰ ক্ষতিপূৰণ দিবলৈ দৰ্কাৰ হোৱা টকা দিব শিল্পৰ গৰাকীয়ে৷ তাৰ বাবে সকলো শিল্পতে ব্যৱস্থা থাকিব লাগিব। শিল্পৰ মালিকী স্বত্বৰ হাত-সলনি হওঁতে, নাইবা ৰষ্ট্ৰীয় চৰণৰ কেতিয়াবা যি নিবনুৱা সমস্যাৰ সৃষ্টি হব তাৰ প্ৰতিকাৰ কৰিব হয় শিল্পৰ গৰাকীয়ে, নহয় ৰাষ্ট্ৰই। বেমাৰী[ ৩৫ ] বীমা, প্রসূতি কল্যাণ, বুঢ়া বয়সৰ পেঞ্চনৰ বাবে লগ৷ ধন ৰাষ্ট্ৰ, শিল্পৰ মালিক আৰু বনুৱা তিনিও যোগাব ।
স্বাধীন ট্রেড ইউনিয়ণ আন্দোলন
ছ'চিয়েলিষ্ট পার্টিয়ে সদায় চেষ্টা কৰি আহিছে যাতে বনুৱা- সকলে শিল্প-পৰিচালনাত অংশ গ্ৰহণ কৰিব পাৰে । সেই পৰিচালনাৰ দায়িত্ব ভালমতে পালন কৰিবলৈ আৰু নিজৰ শক্তি বঢ়াবলৈ হলে বনুৱা সকলৰ প্রত্যেকেই ইউনিয়নৰ সভ্য হ’ব লাগিব । সেইবাবেই ছ'চিয়েলিষ্ট পার্টিয়ে ইউনিয়ন- শ্বপ’ লাগে বুলিছে, অর্থাৎ প্রত্যেক বনুৱ৷ই ইউনিয়নৰ সভ্য হ'ব লাগে৷ ইউনিয়নৰ সভ্য নোহোৱাকৈ থাকি যাতে কোনেও বনুৱা-শক্তি খর্ব্ব নকৰে । প্রত্যেক শিল্পৰে সমগ্ৰ দেশজোৰা একোটা ইউনিয়ণ থাকিব । সেই শিল্পৰ প্ৰতিটো কাৰখানাতে ইউনিয়ণ থাকিব আৰু প্ৰতি-অঞ্চলত শাখা থাকিব । এই ইউনিয়ন বিলাকৰ ভিতৰত সম্পূৰ্ণ গণতন্ত্ৰ যাতে থাকে তাৰ বাবে আইন বান্ধি দিয়া হ'ব।
ইউনিয়ন বিলাকে সম্পূর্ণ স্বাধীনভাৱে কাম কৰিব। ইউ- নিয়নৰ যোগে বহুৱাৰ সমূহীয়া দাবী পূৰণৰ চেষ্টা হ'বৰ লগতে এই ইউনিয়নে বনুৱা সকলৰ সামাজিক নিৰপত্তাৰ ব্যৱস্থা কৰা, সাধাৰণ আৰু কাৰিকৰী শিক্ষা-দান কৰা, উৎপাদনৰ আঁচনি কৰা আৰু শিল্প পৰিচালনাত অংশ লোৱা আদি কাম কৰিব। [ ৩৬ ] বনুৱাসকলৰ ধৰ্ম্মঘট কৰাৰ যি অধিকাৰ তাত কোনেও হাত দিব নোৱাৰিব।
শিল্প-উন্নয়ন
শিল্প-উন্নয়নৰ দিহা কৰাটো ৰাষ্ট্ৰৰ কৰ্ত্তব্য। এই বিষয়ত চকু দিবলৈ আৰু সকলো কাম কবিৰলৈ পৰিকল্পনা আয়োগ থাকিব। এই আয়োগত সকলো শ্ৰেণীৰ প্ৰতিনিধি থাকিব। কিন্তু ভাৰতৰ ৩৫ কোটী নৰ-নাৰীৰ ভাগ্য নিয়ন্ত্ৰণত এই আয়োগৰ হাততেই সকলো ক্ষমতা কেন্দ্ৰীভুত হৈ নেথাকিব৷ কিয়নো তেনেহলে সেই আয়োগ কাৰ্য্যকৰীও নহব। সেই বাবে পৰিকল্পনা-আয়োগৰ কাম তলৰ পৰা ওপৰলৈ গাঁথি অনা হ'ব।
একেবাৰে তলত থাকিব গাওঁ পঞ্চায়ত সমূহ, ৰাজহুৱা নিগম সমূহ (Corporation), স্থানীয় নিকায় সমূহ (Local Bodies), সমবায় অনুষ্ঠান, সৰু সৰু ব্যৱসায়ীৰ অনুষ্ঠান, বনুৱা সঙ্ঘ ইত্যাদি। এইবিলাকৰ প্ৰত্যেকেই নিজৰ নিজৰ হাতত যোগাৰ থকা বস্তুৰ তালিকা, আৰু সেইবোৰৰ উৎপাদনকাৰী শক্তিব হিচাপ তৈয়াৰ কৰিব আৰু কিমান উৎপাদন তাৰ পৰা হ'ব তাৰ লেখ উলিয়াব। ৰাজ্যিক পৰিকল্পনা আয়োগে সেইবোৰ পৰীক্ষা কৰিব আৰু সকলো ঠাইৰ চাহিদাৰ সামঞ্জস্য ৰাখি তাক ঠিক কৰিব। তাৰ সেইবোৰ ইউনিয়ন পৰি কল্পনাৰ আয়োগৰ ওচৰত দাখিল কৰা হ'ব। ইউনিয়ন [ ৩৭ ] আয়োগে সকলো ঠিক কৰি সেইমতে কাম ভগাই দিব । ওপৰত উল্লেখ কৰা প্রাইমেৰী অনুষ্ঠানবোৰে সেইমতে নিজৰ নিজৰ ভাগৰ কাম আদায় কৰিব লাগিব ।
উদ্যোগৰ বাবে ৰাষ্ট্ৰৰ সাহায্য
যেতিয়৷ ৰাষ্ট্ৰই ইমানবোৰ ক্ষমতা হাতত ল'ব তেতিয়া ৰাষ্ট্ৰৰ দায়িত্বও বাঢ়িব। তেতিয়া শিল্পৰ বিভিন্নক্ষেত্ৰত ৰাষ্ট্ৰই সুযোগ-সুবিধাৰ ব্যৱস্থা কৰি দিব লাগিব । ‘ডেভলেপমেন্ট কাউন্সিল” আদি পাতিব লাগিব ; বিশ্ববিদ্যালয় আৰু আন আন চৰকাৰী সাহায্যপ্রাপ্ত অনুষ্ঠানত বিভিন্ন বিষয়ৰ মূল গবেষণাৰ সুবিধা কৰিব লাগিব। বৈজ্ঞানিক আৰু কাৰিকৰ প্ৰশিক্ষৰণ ব্যৱস্থা কৰি দিব লাগিব। সৰু সৰু উদ্যোগ বিলাকক ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি আদি যোগান দি আৰু কোনো কোনো ক্ষেত্ৰত পুঁজিৰ যোগান দিও ৰাষ্ট্ৰই সহায় কৰিব । কুঢ়ীৰ শিল্পৰ বাবে কিছুমান ক্ষেত্র আতীচুয়া ৰাখি সেই- বিলাকক সহায় কৰা হ'ব। লগতে শিক্ষাকেন্দ্ৰ, বজাৰৰ সুবিধা আদিৰ ব্যৱস্থা থাকিব । এইদৰে ৰাষ্ট্ৰই আগভাগ লৈ শিল্প ক্ষেত্ৰৰ সমস্যা সমাধান কৰিব
বেপাৰ-বাণিজ্য
বাণিজ্যৰ ক্ষেত্ৰতো দেশত বিশেষ সমস্যাই দেখা দিছে। চোৰাংবজাৰৰ প্রচলন আদিৰ হেতুকে বস্তুৰ দাম অতিপাত বৃদ্ধি হৈ গৈছে । মানুহৰ সাঁচনৰ প্ৰায় ভাগেই এই চোৰাংবজাৰত সোমাইছে গৈ। ফলত এক অস্বাভাৱিক [ ৩৮ ] অনাটনৰ সৃষ্টি হৈছে। অতি আৱশ্যকীয় বস্তুবোৰ পঠিয়া তৈছে বিদেশলৈ ৰপ্তানি কৰি আৰু লাহ-বিলাহৰ নানাবিধ সামগ্ৰী বিদেশৰ পৰা আমদানি কৰা হৈছে, যিহৰ পৰা বৰ বৰ বেপাৰীৰ লাভৰ মোনা শকত হৈছে। আমদানি-ৰপ্তানিৰ এই নীতি সলনি হ'ব লাগিব। ৰাষ্ট্ৰীয়কৰণ কৰ৷ শিল্পৰ বাবে দৰ্কাৰী সকলোবোৰ যন্ত্ৰ-পাতি আৰু কেঁচামাল ৰাষ্ট্ৰইহে আমদানি কৰিব। সেইদৰে সেই- বোৰ শিল্পৰ পৰা উৎপাদন হোৱা সকলো বস্তুকে ৰাষ্ট্ৰইহে ৰপ্তানি কৰিব। যিবোৰ বস্তু সাধাৰণতে পাবলৈ নাই আৰু যিবিলাক কেঁচামাল বিভিন্ন শিল্পক লাগে সেইবোৰো ৰাষ্ট্ৰ- ইহে আমদানি কৰিব আৰু বিভিন্ন শিল্পব মাজত ভগাই দিব। মৰাপাট আৰু কপাহৰ নিচিনা কেঁচামালৰ ৰপ্তানি একমাত্ৰ ৰাষ্ট্ৰইহে কৰিব পাৰিব। বিদেশী মূলধন আনিবলৈ হ'লেও ৰাষ্ট্ৰইহে পাৰিব৷
এইবিলাক কাম কৰিবলৈ এখন “ষ্টেট ট্ৰেডিং কৰ্পৰেশ্যন থাকিব। সেই কৰ্পৰেশ্যনে স্বাধীন ভাৱে কাম চলাব মাত্ৰ তাৰ ওপৰত ৰাষ্ট্ৰৰ সাধাৰন নিয়ন্ত্ৰণ থাকিব। কোনো বস্তুৰ কিমান আমদানি-ৰপ্তানি হ’ব তাক ঠিক কৰিব এই কৰ্পৰেশ্যনে।
ওপৰুক্ত বিষয়ৰ বাহিৰে অইন ক্ষেত্ৰৰ বৈদেশিক বানিজ্য ব্যক্তিগত কাৰবাৰীৰ হাতত থাকিব; যদিও ৰাষ্ট্ৰই সাধাৰণ ভাৱে সেইবোৰ নিয়ন্ত্ৰণ কৰিব। [ ৩৯ ] বাণিজ্য-শিক্ষাৰ ব্যৱস্থাৰ সুবিধা দি আৰু বস্তুৰ গুদাম ঘৰ আদিৰ যোগান দি ৰাষ্ট্ৰই বাণিজ্য ক্ষেত্ৰত সহায় কৰিব। দেশীয় বাণিজ্যৰ ক্ষেত্ৰত, ৰাষ্ট্ৰীয়কৰণ কৰা শিল্পবোৰত যিবোৰ সামগ্ৰী দৰ্কাৰ হ’ব সেই সকলোবোৰ ষ্টেট ট্ৰেডিং অনুষ্ঠানৰ যোগেদি অনা হ’ব। তদুপৰি ৰাষ্ট্ৰীয়কৰণ কৰা শিল্পৰ উৎ- পাদন বিলাকো ষ্টেট ট্ৰেডিঙৰ দ্বাৰাহে ভাগ বতোৱাৰা কৰা হ'ব।
বহুমুখী সমবায় অনুষ্ঠানৰ যোগে গাৱঁত লাগতিয়াল বস্তু- বিলাক বিক্ৰী কৰা হ'ব। গাৱঁৰ লাগতিয়াল সামগ্ৰীবিলাকো তেনে সমবায়ৰ যোগেই আমদানি কৰা হ’ব। বাণিজ্য- ক্ষেত্ৰৰ বাদ-বাকী অংশ ব্যক্তিগত কাৰবাৰীৰ হাতত থাকিব।
কিনোতাৰ মাত
হয়তো এইখিনিতে প্ৰশ্ন হ’ব পাৰে যে ইমানবিলাক ক্ষমতা ৰাষ্ট্ৰৰ হাতত দিয়াতো উচিত হ'ব জানো; ঘাইকৈ যেতিয়া দেখা যায় যে বৰ্ত্তমান সময়ত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত পৰি ৰাইজৰ বিলাই বিপত্তিৰ সীমা নাইকীয়া হৈছে। এনে ধৰণৰ প্ৰশ্ন হোৱাটো স্বাভাৱিক। তাৰ উত্তৰে৷ অৱশ্যে সহজ। আমাৰ এই আঁচনিত নিয়ন্ত্ৰণৰ যি ব্যৱস্থা দাঙি ধৰা হৈছে সি বৰ্ত্তমান চলিত নিয়ন্ত্ৰণ প্ৰয়াৰ পৰা সম্পূৰ্ণ বেলেগ।
বৰ্ত্তমানত যি নিয়ন্ত্ৰণ চলিছে সি আংশিক নিয়ন্ত্ৰণহে আৰু সেইবাবেই সি অকৃতকাৰ্য্য হৈছে। এতিয়া হৈছে। এয়েই যে অফিচাৰ সকলৰ গাত সকলো ক্ষমতা আৰোপ কৰা [ ৪০ ] হৈছে অথচ তেওঁলোকক দায়িত্ব দিয়া হোৱা নাই । দুর্নীতি আৰু ভেঁটিখোৱা অপৰাধত উচিত শাস্তি দিবলৈ দাৱস্থা হোৱা নাই ৷ আনহাতে, যি সকলে বস্তু বেহানি কিনি খায় তেওঁলোকক কোনো ক্ষেত্রতে নিয়ন্ত্রণ সম্পর্কে মাত মাতি বা পৰামৰ্শ দিবৰ সুবিধা দিয়া হোৱা নাই ।
আমি যি নিয়ন্ত্ৰণৰ ব্যৱস্থা দিছোঁ সি আংশিক ব্যৱস্থা নহয়, পূৰ্ণ ব্যৱস্থা ৷ এই ব্যৱস্থাত কেঁচামালৰে পৰা আৰম্ভ কৰি উৎপাদনক্ষেত্ৰৰ লাগতিয়াল যন্ত্র পাতিলৈকে আৰু সিফালে কিনোতাই বস্তু হাতত পোৱালৈকে নিয়ন্ত্ৰণ হ'ব। এই নিয়ন্ত্রণৰ প্রত্যেক স্তৰতে গণতান্ত্রিক নিয়ন্ত্রণ থাকিব। উৎপাদন আৰু বিতৰণৰ প্ৰত্যেক স্তৰতে উৎপাদনকাৰী আৰু কিনি-খাওঁতা সকলৰ পৰামৰ্শ লোৱা হ'ব।
ৰাষ্ট্ৰীয়কৰণ কৰা শিল্পক্ষেত্ৰত পৰিচালক-কৰ্পৰেশ্যনত কিনোতা- সকলে পৰামৰ্শদাতা বা প্রতিনিধি হিচাপে থাকিব। বস্তুৰ বিতৰণ হ’ব ষ্টেট ট্রেডিং কৰ্পৰেশ্যনৰ যোগে ; আৰু তাতো কিনোতাসকলে দিহা-পৰামৰ্শ দিব পাৰিব। কিনে৷তাই নো কি বিচাৰে তাৰ দ্বাৰা নিৰ্ণয় কৰিব পৰ৷ হ'ব৷ গাৱঁলীয়া অঞ্চলত পাইকাৰী বেপাৰ বহুমুখী সমবায় অনুষ্ঠানৰ হাতত থাকিব ।
ব্যক্তিগত ভাৱে চলোৱা কাৰবাৰত য'ত অকৰ্মণ্যতাৰে চলোৱা দেখা যায় সেই কাৰবাৰ ৰাষ্ট্ৰই নিজৰ হাতলৈ আনিব
অধিকাৰ থাকিব । [ ৪১ ]ঘৰ-দুৱাৰৰ ব্যৱস্থা
গাওঁ আৰু নগৰ উভয় অঞ্চলতে ঘৰ-দুৱাৰৰ সমস্যাটো অতি জটিল হৈ পৰিছে।
ওপৰত যি কৃষি-পুৰ্ণগঠনৰ আঁচনি দিয়া হৈছে সেই আঁচনিয়ে গাৱঁলীয়া অঞ্চলত ঘৰ-দুৱাৰ সজাত সহায় কৰিব৷ স্থানীয় অঞ্চলতে যি সজুলি পোৱা যাব তাইে ঘৰ সজা কাম হ'ব ।
নগৰ অঞ্চলত থকা তাকৰীয়া উপাৰ্জ্জনৰ লোকক ঘৰ বন্ধাৰ বিষয়ত স্থানীয় নিকায় সমূহে সহায় কৰিব আৰু সুবিধা যোগাব। ৰাষ্ট্ৰৰ তৰফৰ পৰা ধাৰ আৰু পুঁজি যোগাৰ দি ঘরসজা সমবায় সমিতিক সহায় কৰা হ'ব৷
ঘৰৰ ভাৰা নিয়ন্ত্ৰণ কৰা হ’ব। আৰু লগতে মাটিৰ দামো নিয়ন্ত্ৰণ কৰা হ'ব।
ৰাষ্ট্ৰ-বিত্ত (Public Finance)
ভাৰতৰ সৰ্ব্বমুঠ ৰাষ্ট্ৰীয় আয় হ’ল ৮৭০০ কোটী টকা। তাৰে দহ ভাগৰ এভাগ ইউনিয়ন আৰু ৰাজ্যচৰকাৰ সমূহৰ ভঁৰাললৈ যায়। কংগ্ৰেছ ৰাজত্বৰ অধীনত এই টকাৰ সৰহ- ভাগ ইউনিয়ন চৰকাৰৰ ভাগত থোৱা হৈছে আৰু ৰাজ্য চৰকাৰবোৰক প্রাপ্য অংশৰ পৰা বঞ্চিত কৰা হৈছে। কেই- বছৰমানৰ আগতে ইউনিয়ন চৰকাৰ আৰু ৰাজ্যচৰকাৰৰ মাজত ৰাষ্ট্ৰীয় আয়ৰ ভাগৰ অনুপাত আছিল ৪৩ : ৫৭ ; [ ৪২ ] কিন্তু এতিয়া সি আহি পৰিলহি ৫৯:৫১ অত অর্থাৎ আগেয়ে ৪৩ ভাগৰ ঠাইত এতিয়া ইউনিয়ন চৰকাৰে ৫৯ ভাগ আয় নিজৰ হাতলৈ আনিলে। আনহাতে আওপকীয়া কৰৰ মাত্ৰা বাঢ়ি গৈছে ৷ পোনপটীয়া কৰ শতকৰা ৩৪ ভাগৰ পৰ৷ কমি ৩২ ভাগ পালেগৈ; কিন্তু আওপকীয়৷ কৰ শতকৰা ৫৬ ভাগৰ পৰ৷ ৫৮ ভাগ পালেগৈ৷ এনে ধৰণে কৰ বহুৱাৰ পৰা দুখীয়া শ্ৰেণীৰ মূৰত ক্রমান্নয়ে বেচি বোজা পৰিছে৷ ইফালে ৰাষ্ট্ৰীয় আয়ৰ সৰহভাগ টকা খৰছ কৰিছে শান্তি আৰু শৃঙ্খলা ৰক্ষাৰ নামত। আৰ্থিক আৰু সামাজিক উন্নয়নৰ কামত নামমাত্ৰ খৰছ কৰা হৈছে ।
ছ’চিয়েলিষ্ট পার্টিয়ে এনে বিত্তীয় নীতি সম্পূর্ণ সলনি কৰিব। পাৰ্টিয়ে যি চাৰি খলপীয়া ৰাষ্ট্ৰ স্থাপন কৰিব তাত ৰাইজে ঢুকি পোৱা প্রশাসণীয়া অনুষ্ঠানৰ হাতলৈ ৰাজহৰ ধন সৰহকৈ যাব৷ মূলধনৰ ওপৰত লগোৱা কৰ আদি আর্থিক সমতা স্থাপনৰ ব্যৱস্থা আৰু ঘাই ঘাই শিল্পৰ ৰাষ্ট্ৰীয়কৰণে ৰাজহুৱা বিত্তৰ ৰূপ তৈনেই সলনি কৰি দিব। ৰাষ্ট্ৰই ধন খৰছ কৰিব তথাকথিত শান্তি আৰু শৃঙ্খলা ৰক্ষা কৰিবলৈ নহয়, উৎপাদন কৰিবলৈ আৰু ৰাষ্ট্ৰীয় অর্থনীতি সবল কৰিবলৈ। যেতিয়া চৰকাৰে দেশৰ সম্পদ বঢ়াবৰ বাবে আৰু ৰাইজৰ কল্যাণৰ বাবে ধন খৰছ কৰিব তেতিয়া ৰাইজেও কৰ দিবলৈ টান নেপায়। [ ৪৩ ]
আৰ্থিক-সমতা
ভাৰতৰ নিচিনা এখন দুখীয়া দেশত, মায়ুহৰ সংখ্যা আৰু শ্ৰমশক্তিৰ অভাব নাই। উৎপাদন বঢ়াবলৈ হ'লে ৰাইজৰ আন্তৰিক সহযোগ হ'লেহে হ'ব। এই ক্ষেত্ৰত সম্পদৰ সৃষ্টি কৰাত বেচি সহায় কৰিব শ্ৰমশক্তিয়েহে।
শ শ বছৰ জুৰি ভাৰতৰ আৰ্থিক প্ৰগতিয়ে বাধাগ্ৰস্ত হৈ থকা অৱস্থাত ভাৰতত বিশেষ সুবিধা ভোগী শ্ৰেণীৰ সৃষ্ট হ’ল, আৰু আৰ্থিক বৈষম্য বেচি হৈ পৰিল। ভাবে ফল স্বৰূপে এহাতে যেনেকৈ এমুঠি ধনীয়ে লাহ-বিলাহত জীৱণ কটাবলৈ অবিধা পালে, আন হাতে লাখ লাখ জনতাই দুৰ্ভিক্ষ-দাৰিদ্ৰৰ কৰাল গ্ৰাসত পৰিলগৈ।
কংগ্ৰেছ চৰকাৰৰ ৰাজত্বত এই বৈষম্যই আৰু বিষম ৰূপ ধাৰণ কৰিলে।
ৰজা-মহাৰজাসকলৰ উত্তৰাধিকাৰীসূত্ৰে পোৱা সুবিধা কিছুদূৰ হ্ৰাস কৰা হ'ল। কিন্তু তেওঁলোকক লাখ লাখ টকাৰ “ছালিয়ানা” দিয়া হ'ল; তেওঁলোকৰ ব্যক্তিগত ঐশ্বৰ্য্য বিভূতি আগৰ দৰেই ৰ'ল; তদুপৰি নতুন অৱস্থাত ৰাজপ্ৰমুখ আৰু ‘উপৰাজপ্ৰমুখ’ সকলে সেই আগৰ ৰাজভোগকে পালে। ছ'চিয়েলিষ্ট পাৰ্টিয়ে- ৰজামহাৰজা সকলক এনে উত্তৰাধিকাৰ স্বত্ব নিদিয়ে। এনে স্বত্ব দিয়াটো ভাৰতীয় গণতান্ত্ৰিক সমাজৰ পৰিপন্থী। ভাৰতীয় সমাজত ৰজা-মহাৰজাই কোনো বিশেষ সুবিধা পাব নোৱাৰে; সাধাৰণ নাগৰিক হিচাবেহে থাকিব লাগিব৷ [ ৪৪ ] তেওঁলোকক দিয়া ছালিয়ানাৰ ধন ৰাষ্ট্ৰৰ ভঁৰাললৈ যাব! ৰাজপ্ৰমুখ উপৰাজপ্ৰমুখৰ পদ উঠাই দিয়া হব। তেওঁ লোকৰ যি ব্যক্তিগত সম্পত্তি তাক সৰ্ব্বসাধাৰণ নাগৰিকৰ সম্পত্তিৰ দৰেই ৰাষ্ট্ৰৰ অইনব অধীনলৈ আহিব।
বিনা ক্ষতিপূৰণে সকলো প্ৰকাৰৰ জমিদাৰী উচ্ছেদ কৰি মাটি বিতৰণ কৰি দিয়াৰ পাচত উত্তৰাধিকাৰী সূত্ৰে জমি- দাৰে পোৱা সুবিধা অন্ত পৰিৰ আৰু গাৱঁলীয়া অঞ্চলত আৰ্থিক অসমতা দূৰ হ'ব।
কেপিটেল লেভি
আৰ্থিক অসমতা দূৰ কৰিবলৈ হ'লে দুই প্ৰকাৰে পাৰি—
(১) আয়কৰ, চুপাৰটেক্স, অত্যাধিক লাভৰ ওপৰত বহুৱা
কৰ, কেপিটেল গেইনচ্ টেক্স, মৃত্যুকৰ আদি বহুৱাই ভাৰ
দ্বাৰা উপাৰ্জ্জনৰ অসমতা দূৰ কৰিব পাৰি। (২) তাকৰীয়া
উপাৰ্জ্জনৰ লোকৰ আৰ্থিক আৰু সামাজিক উন্নতিৰ কাৰণে
ৰাষ্ট্ৰই অধিক টকা সমাজৰ-হিতকৰ কামত খৰছ কৰি সেই
অসমতা দূৰ কৰিব পাৰি।
ছ'চিয়েফ্টি পাৰ্টিয়ে এই দুই বিধ উপায়কে অৱলম্বন কৰিব। যাতে এজনৰ আয় এশ টকাৰ কম নহয় আৰু এহেজাৰ টকাৰ বেচি নহয়। এই নিৰিখত আৰম্ভ হৈ ক্ৰমান্নয়ে দেশৰ সম্পদ বঢ়াৰ লগে লগে নিৰিথ বাঢ়ি গৈ থাকিব— তলৰ আৰু ওপৰৰ নিৰিখ দুইটাই। কিন্তু সৰ্ব্বোচ আয় সৰ্ব্বনিম্ন আয়ৰ দহ গুণৰ বেচি হ'ব নোৱাৰিব। [ ৪৫ ] ওপৰক্ত ব্যৱস্থাৰ দ্বাৰা আয়ৰ ক্ষেত্ৰতহে অসমতা দূৰ কৰা হ’ব। কিন্তু এইখিনি কৰাৰ পিচতো উত্তৰাধিকাৰীসূত্ৰে পোৱ৷ অৰু বহুত প্ৰকাৰৰ সম্পত্তি ৰৈ যাব। আৰু বহুতে মূলধনৰ ওপৰতে খাই থাকিব। এনে ক্ষেত্ৰত পৰিশ্ৰম নকৰাকৈয়ে উপাৰ্জ্জন খাই থাকিবৰ সুবিধা। ( যেনে:— কোম্পানীৰ অংশৰ পৰা হোৱা উপাৰ্জ্জন বা বিৰাট আট্টা- লিকা ভাৰালৈ দি কৰা উপাৰ্জ্জন ইত্যাদি)
ছ'চিয়েলিষ্ট পাৰ্টিয়ে এনে অন্যায় ব্যৱস্থা দূৰ কৰিব৷ সেই উদ্দেশ্যে “কেপিটেল লেভি” অৰ্থাৎ মূলধনৰ ওপৰত কৰ বহুৱাব। এনে কৰ বহুৱাৰ পাচত বাকী যিখিনি আৰ্থিক সমতা থাকিব তাক দূৰ কৰা হ'ব। এই কৰ তলত দিয়া নিৰিখত বহুৱা হ’ব :-
পাঁচলাখ টকাৰ মূল্যৰ সম্পত্তিলৈকে কোনে৷ কৰ বহুৱা নহয়,
” ” ওপৰৰ সম্পত্তিৰ ২০% কৰ বহুৱা হ'ব
পাঁচলাখৰ পৰা ১৫ লাখৰ ” ৫০% ” ”
তাৰ ওপৰৰ ৭৫ লাখলৈকে ” ৮০% ” ”
এককোটীৰ ওপৰৰ ” ৯০% ” ”
এইদৰে যেতিয়া সৰ্ব্বোচ সম্পত্তি কমাই দিয়া যাব তেতিয়া সামাজিক ব্যৱস্থাই নতুন ৰূপ ল’ব। তেতিয়া সমাজত
প্ৰগতিৰ বাট মুকলি হ’ব আৰু দুৰ্নীতি আৰু অসমতাৰে পূৰ্ণ অৰ্থনীতিৰ অন্ত পৰিব। [ ৪৬ ]সামাজিক প্রবাহ
জাত-কূলৰ ব্যৱস্থ৷ই ভাৰতীয় সমাজখন বিভিন্ন স্তৰত ভগালে। ফলত এবিধ মানুহে বংশানুক্রমে সুবিধা ভোগ কৰি আহিছে আৰু আনহাতে কিছুমানে চিৰদিন অসুবিধাৰ মাজত কাল কটাইছে নতুবা বংশানুক্রমে পীড়িত হৈ আহিছে । স্বাধীনতা বুলিলে এই বাধাবিলাক থাকিব নালাগিব আৰু প্ৰতি- ভাশালীজনে আত্মপ্ৰকাশৰ সুবিধা পাব লাগিব।
ছ'চিয়েলিষ্ট পার্টিয়ে সামাজিক বিবৰ্ত্তন সম্পৰ্কীয় তলত দিয়া আঁচনিখন ৰাইজৰ ওচৰত আগ বঢ়াইছে,—
খেতিৰ উপযোগী পতিত মাটি আৰু খেতিৰ উপযোগী কৰি তোলা ভূমি অঞ্চল অনুসূচিত আৰু জনজাতীয় লোক সকললৈ বসবাসৰ কাৰণে মুকলি কৰি দিয়া হব। মাটিৰ গিৰিহঁত হিচাপে তেওঁলোকে তেতিয়া নতুন সামাজিক মৰ্য্যদা পাব।
জনজাতীয় অঞ্চলৰ লগত ভাৰতৰ বাকীঅংশৰ সংযোগ ৰাখিবলৈ উপযোগী আৰু যথেষ্ট পৰিমানে সংযোগ আৰু যাতায়তব পথ নিৰ্ম্মান কৰিব লাগিব । এনে কৰিলে জনজাতীয় লোকসকলে নির্বিবাদে চলা-ফিৰা কৰিব পাৰিব। অনুসূচিত আৰু জনজাতীয় লোকসকলক শিক্ষাৰ সমল যোগাব পৰাকৈ কম পক্ষেও এশকোটী টকাৰ দহ বছৰীয়া আঁচনি এখনৰ নিতান্তই আৱশ্যক । এনে এখন আঁচনিয়ে [ ৪৭ ] অনুন্নত আৰু উন্নত শ্ৰেণীৰ মাজত থকা শিক্ষা-সংস্কৃতিৰ ব্যৱধানটো দূৰ কৰাত সহায় কৰিব। লগে লগে সাতাম- পুৰুষীয়া বৃত্তিৰ গণ্ডীত সোমাই থাকিব লগা অৱস্থাও নাইকিয়া হব ।
চৰকাৰী কামত লোকসংখ্যা অনুপাতে জনজাতীয় আৰু অনুসূচিত জাতিৰ কাৰণে আচুতীয়াকৈ ঠাই ৰখা হব । কোনো এক নির্দিষ্ট অংশত বাস কৰ৷ জনজাতীয় লোক- সকলক স্বায়ত্ব শাসনৰ সুবিধা দিয়া হব আৰু তেওঁলোকৰ নিজ নিজ জাতীয় জীৱনৰ লগত খাপখোৱা গণতান্ত্রিক জীৱন-যাত্ৰাৰ ৰূপ দিবলৈ যত্ন কৰা হব।
সমবায়ৰ ভেটিত গাওঁ; পঞ্চায়ত; ঔদ্যোগিক গঠন আদিৰ দ্বাৰ৷ সমাজখন পূর্ণগঠন কৰিলে মানুহৰ মাজত থকা সামাজিক ব্যৱধান খিনি কমি আহিব । এনেবোৰ সংগঠনে তেওঁলোকৰ মাজত থক৷ প্রতিভাশালী আৰু ধীশক্তি সম্পন্ন লোকসকলক উলিয়াই আনি উন্নতিৰ সুবিধা দিব। প্ৰতিভা- শালীজনে চৰকাৰৰ সহানুভূতি লাভ কৰিব আৰু যোগ্যতা আৰু শিক্ষা অনুসৰি উন্নতিৰ বাটত আগবঢ়াৰ সুবিধা পাব । চৰকাৰৰ তৰফৰ পৰ৷ অর্থনৈতিক উন্নয়নৰ আৰু সামাজিক নিৰাপত্তাৰ ব্যৱস্থা কৰি আৰু গাওঁ পঞ্চায়ত, বহুৱা সংগঠন, সমবায় অনুষ্ঠান আদিয়ে সমাজিক জীৱনৰ ৰূপ দি সমাজক নতুনকৈ জীৱন দিব। তেতিয়া বৰ্ণবিভেদ বা জাতিভেদৰ কোনো সুবিধাই বা প্রয়োজনেই নাথাকিব । ক্রমবৰ্দ্ধমান [ ৪৮ ] আৰু বিকশিত সমাজ এখনত সকলো প্ৰকাৰৰ ঠেক আৰু আচুতীয়া ভাব লোপ পাব।
সমাজবাদী সমাজত ব্যক্তিগত মৰ্য্যাদা বা সামাজিক মূল্য ধন সম্পত্তি আৰু বংশৰ ওপৰত প্ৰতিস্থিত নহব। সমাজ- বাদী পূৰ্ণগঠনৰ পিচত সমাজে নতুন ৰূপ আৰু আদৰ্শ লব। যি কাম কৰে সিয়েই মৰ্য্যদাৰ অধিকাৰী হব। এলেহুৱা বা নিস্কৰ্মা হোৱাতো অপৰাধৰ কথা হব। পূৰ্ব্বপুৰুষৰ তেজৰ সম্বন্ধ থকা বুলি নাইবা ধন থকা বুলি কোনো মানুহকে বিচাৰ নকৰি তেওঁলোকে কৰা কাম আৰু যোগ্যতাৰ ওপৰতহে মূল্য দিয়া হব।
নাৰী
সামাজিক পূৰ্ণগঠন কৰি সমাজৰ সকলো শ্ৰেণীৰ মানুহকে বিকাশৰ সুবিধা দিয়াৰ ক্ষেত্ৰত নাৰীসমাজে সন্মুখীন হোৱা সামাজিক আৰু অৰ্থনৈতিক বাধাবোৰ আঁতৰাব লাগিব পুৰণি ৰীতি-নীতি আৰু ব্যৱস্থাবিলাকে নাৰীক সমাজত পৰাধীন আৰু নিকৃষ্ট অৱস্থালৈ নমাই আনিলে। ব্যৱস্থাৰ অন্ত কৰি স্বাধীন আৰু সমতাৰ মৰ্য্যাদা নাৰীক দিব লাগিব।
ঘৰৰ ভিতৰত আৰু বাহিৰত নাৰীসকলে কৰা কামৰ অৰ্থনৈতিক মূল্য স্বীকাৰ কৰি নললে অৰ্থনৈতিক সমতাৰ কোনো আঁচনিয়েই সম্পূৰ্ণ নহয়। জাতীয় সম্পদলৈ গৃহিণী সকলৰ একো অৰ্থনৈতিক দান নাই বোল৷ অসঙ্গত ধাৰণা- বোৰৰ বিৰোধীতা কৰা হব। উপাৰ্জ্জন কৰোঁতা হিচাবে [ ৪৯ ] তেওঁলোকক সমান মৰ্য্যদা দিয়া হব আৰু কাম অনুসৰি সমান বানচৰ অধিকাৰীণী হব।
নাৰীৰ শাৰীৰিক অক্ষমতাজনিত কিছুমান অসুবিধা আছে; যি বোৰৰ বাবে সকলে৷ কামতে নাৰীয়ে ভাগ লব নোৱাৰে। এই অসুবিধাৰ ক্ষতিপূৰণ কৰিবৰ নিমিত্তে নাৰীসকলৰ কাৰণে শিক্ষা আৰু ধাত্ৰীবিভাগৰ কামত আচুতীয়া অংশ থাকিব। নাৰীক সমানাধিকাৰ দি এখন আইন প্ৰণয়ণ কৰা হব। ছাত্ৰীবাস আৰু বৃত্তিৰ সুবিধা দি তেওঁলোকৰ কাৰণে শিক্ষা ক্ষেত্ৰত বিশেষ সুবিধা দিয়া হব। মুঠতে নাৰীসকলৰ বাৰে মুকলিমূৰীয়া আৰু সমৃদ্ধিশালী জীৱন-যাত্ৰাৰ সুবিধা দিয়া হব।
সংখ্যালঘু সম্প্ৰদায়
গোটেই দেশৰ সকলে৷ সম্প্ৰদায়কে সামৰি বাস্তৱতে শক্তিশালী জাতীয় ঐক্য স্থাপনৰ বাবে ছ'চিয়েলিষ্ট পাৰ্টিয়ে চেষ্টা কৰিছে। কিন্তু লগে লগে পাৰ্টিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ সংস্কৃতি, তেওঁ- লোকৰ প্ৰচলিত নীতি অৰু বিশেষ কিছুমান স্বাৰ্থ মনোযোগেৰে সৈতে বিবেচনা কৰাৰ আৱশ্যকতা স্বীকাৰ কৰে। ভাষা, লিপি আৰু সংস্কৃতি বিষয়ত প্ৰত্যেক সংখ্যালঘু সম্প্ৰদায়ক সম্পূৰ্ণ ভাৱে ৰক্ষা কৰাত প্ৰতিশ্ৰুতি পাৰ্টিয়ে দিছে। সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰ সকলোতে, সকলো সংখ্যালঘু সম্প্ৰদায়ে সমানে আৰু সম্পূৰ্ণ ভাৱে ভাগ লবলৈ পাব। সংখ্যালঘু সম্প্ৰদায়ে মুক্তভাৱে নিজ ধৰ্ম্ম [ ৫০ ] প্ৰচাৰ কৰিব আৰু সেইমতে চলিব পাৰিব; নিজ ধৰ্ম্ম সম্পৰ্কীয় আলোচনা কৰাৰ আৰু ভাষা, সাহিত্য, লিপি ইত্যাদিৰ উন্নতি কল্পে পঢ়াশালী আঢ় সংস্কৃতি সংঘ আদি স্থাপন কৰাৰ অধিকাৰ পাব। কোনো এঠাইত, জনসংখ্যাৰ লেখত লব লগীয়া অংশ যদি সংখ্যালঘূ সম্প্ৰদায়ৰ মানুহৰ দ্বাৰাই গঠিত হয় তেতিয়া চৰকাৰে তেওঁলোকৰ লৰা-ছোৱালীৰ কাৰণে মাতৃভাষাৰ জৰীয়তে বুনিয়াদী শিক্ষা দিয়াৰ আৰু হাইস্কুল পৰ্য্যন্ত নিজ ভাষা আৰু সাহিত্য শিকিবৰ বাবে সুবিধা যোগাব। কিন্তু সংখ্যালঘু সম্প্ৰদায়ৰ লৰা-ছোৱালীয়ে নিজকে উপযুক্ত নাগৰিক কৰি তুলিলৈ ৰাষ্ট্ৰ ভাষা শিকিব আৰু লগে লগে যি ৰাজ্যত তেওঁলোক থাকে সেই ৰাজ্যৰ ৰাজ্য ভাষাও শিকিব লাগিব। অসম ৰাজ্যৰ ভিতৰত পিচপৰা ট্ৰাইবেল সম্প্ৰদায়ে যাতে ৰাজ্যৰ উন্নত সম্প্ৰদায়- বিলাকৰ শাৰীলৈ আহিবৰ সুযোগ পায় তাৰ বাবে তেওঁ- লোকৰ বাবে শিক্ষা, চাকৰি, মাটি-পট্টন আৰু আন আন অৰ্থনৈতিক উন্নয়ন বিষয়ত বিশেষ সুবিধা দিয়া হব। সকলো সংখ্যালঘূ সম্প্ৰদায়ে নিজে আগবাঢ়ি আহি জাতীয় জীৱন গঢ়াত সহায় কৰিব বুলি আৰু ওপৰত কৈ অহা মতে এখন নতুন সমাজ গঢ়ি তোলাত সম্পূৰ্ণ সহযোগ কৰিব বুলি ছ'চিয়েলিষ্ট পাৰ্টিয়ে আশা কৰে। কিয়নো এনে এখন সমাজতহে সংখ্যালঘু সকাৰ চিৰদিনে চলি অহা সমস্যা- বিলাক দূৰ কৰিব পাৰিব। [ ৫১ ]
ভগনীয়া পুনৰ্সংস্থাপন
দেশবিভাজন জনিত যন্ত্ৰণা গুহাবলৈ কংগ্ৰেছ চৰকাৰ সমৰ্থ নহল। পাকিস্থানৰ পৰা অহা লাখ লাখ ভগনীয়া মনোভগ্ন আৰু অৱশ হৈ পৰিছে । অথচ এই ভগনীয়া সকলক দেশৰ জনসাধাৰণৰ লগত মিলি জুলি কাম কৰিবলৈ সুবিধা দিব পৰা হলে তেওঁলোকে উপযুক্ত নাগৰিক হিচাপে দেশৰ উপকাৰ কৰিব আৰু অধিক উৎপাদনতো সহায় কৰিব পাৰিলেহেঁতেন। অথচ দেশবিভাজনৰ পাঁচ বছৰ পাৰ হৈ যোৱাৰ পিছতো ভগনীয়াসকলে জাতীয় জীৱনত নিজকে থিতাপি লগাবলৈ বাট পোৱা নাই ।
নতুন অৱস্থাত এই ভগনীয়াসকলক সংস্থাপন কৰিবলৈ বৰ্ত্তমান চৰকাৰে কোনো কাৰ্য্যকৰী আঁচনি লোৱা নাই । অইন অইন ক্ষেত্ৰৰ দৰে ভগনীয়া সংস্থাপনৰ ক্ষেত্ৰতো চৰকাৰে পালমৰা বিধৰ নীতিৰে আগ বাঢ়িছে। ভগনীয়াসকলৰ বিলাই-বিপত্তি আপোনা-আপুনি শেষ হবলৈ চৰকাৰে এৰি দিছে ।
ছ'চিয়েলিষ্ট পাৰ্টিয়ে এই সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু তলত দিয়া মতে সমস্যাৰ সমাধানৰ দিহা কৰিব। যিসকল ভগনীয়াই ভাৰতত চিৰস্থায়ী ভাৱে ৰাস কৰাৰ ইচ্ছা প্ৰকাশ কৰে তেওঁলোকক তাৰতীয় নাগৰিকৰ স্বত্ব দিয়া হব। অস্থায়ী সহায় দিয়াৰ উপৰিও ভগনীয়াসকলৰ নিজ ইচ্ছা অনুসৰি [ ৫২ ] জীবিকাৰ স্বাধীনতা দি তেওঁলোকৰ পুনসংস্থাপনৰ কাৰ্য্যত সহায় কৰিব । সমবায় প্রথাৰে, মাটি আবাদীকৰণ আঁচনিৰ সহায়ত আৰু চনপৰি থকা মাটিত, ভগনীয়া খেতিয়কসকলক সংস্থাপন কৰা হব । মধ্যবিত্ত আৰু কাৰিকৰী সকলক ডাঙৰ-ডাঙৰ নগৰ আৰু মহানগৰীৰ চৌপাশে “ফৰিদাবাদ ক’লনিৰ” দৰে সমবায় ক'লনি স্থাপন কৰি বহুওৱা হব । এনে ধৰণৰ সৰু সৰু ক'লনি (পাম ) গাওঁ অঞ্চলতো আৰম্ভ কৰা হব। বিশেষকৈ উন্নতিশীল গাওঁবিলাকত ই প্রাধান্য লাভ কৰিব । সামাজিক জীৱনৰ ধৰণ-কৰণ বিলাকত আঘাত নপৰিবৰ কাৰণে পাকিস্থানৰ একেটা অঞ্চলৰ পৰা অহা পৰিয়ালবিলাক ওচৰা-ওচৰিকৈ বহুওৱাবৰ বাবে সাধ্যানু সাৰে চেষ্টা কৰা হব। এই নতুন কলনিবিলাকত শোষণকাৰী নাইবা ঘৰ ভাৰা দিয়া মানুহ থাকিব নোৱাৰিব । তেওঁ- লোকৰ মাজত শ্ৰমক্ষমতা, কাৰ্য্যদক্ষতা আৰু শিল্পবিদ্যাৰ বিকাশৰ অৰ্থে চৰকাৰে সহায় কৰিব আৰু তাৰ যোগেদি ভগনীয়াসকলৰ নৈৰাশ্যৰ ভাৱ আঁতৰাই নতুন বিশ্বাস আৰু আশাৰ ৰেঙনি দিব ভগনীয়াসকলক পুনৰসংস্থাপনৰ ক্ষতিপুৰণ দিয়াৰ লগে লগে ভগনীয়াসকলে এৰি অহা সা-সম্পত্তিৰ বিষয়ে পাকিস্থানৰ লগত এটা চিৰস্থায়ী বন্দবস্তৰ চেষ্টা কৰা হব । দুয়োখন দেশতে এটা যুটীয়া আয়োগৰ দ্বাৰা এই বিষয়ে সকলো তদন্ত কৰাৰ দিহা কৰিলে সমস্যা- সমাধানৰ সহায় হব । [ ৫৩ ]
সংবিধানৰ পৰিবৰ্ত্তন
ভাৰতৰ বৰ্ত্তমান সংবিধানৰ ভিত্তিত অৰ্থনৈতিক সমতা আৰু সামাজিক বিবৰ্ত্তনৰ আঁচনি কাৰ্য্যকৰী কৰি তুলিব নোৱাৰি৷ মৌলিক সংস্কাৰৰ পথত বাধাস্বৰূপ হোৱাৰ উপৰিও গুৰুত্বপূৰ্ণ বিষয়ত এই সংবিধানে জনতাৰ আশা-আকাঙ্ক্ষা প্ৰতিফলিত কৰা নাই। আনহে নালাগে এই সংবিধানে ভাৰতীয় জাতীয় আশা আকাঙ্ক্ষাকে পুৰণ কৰিব পৰা নাই। যি কমন্ৱেলখত বৰ্ণবৈষম্য পুৰামাত্ৰাই চলি আহিছে আৰু যত এচিয়াৰ জনসাধাৰণৰ বাবে সমান অধিকাৰ নাই সেই কমন্ৱেলথৰ সভ্য হিচাণে ভাৰত এতিয়াও আছে এই কমন্ৱেলথৰ পৰা ভাৰত ওলাই আহিব লাগিব। ছ'চিয়েলিষ্ট পাৰ্টিয়ে সেইবাবে চেষ্টা কৰিব। ভাৰতক কমনৱেলথৰ পৰা উলিয়াই ননালৈকে আমাৰ স্বৰাজ সম্পুৰ্ণ নহয়।
বৰ্ত্তমান সংবিধানত জনসাধাৰণৰ সামাজিক উৎসাহ-উদ্দীপনা বিলাক কঠোৰ ভাৱে নোহাৰি পেলোৱাৰ ব্যৱস্থা কৰা হৈছে। বৰ্ত্তমানৰ সম্পত্তিৰ নিৰাপত্তা ব্যৱস্থাৰ লগতে অসাম্য ব্যৱস্থাও বাহাল ৰখা হৈছে আৰু এনে কৰাৰ পৰা সাম্যবাদৰ অগ্ৰ- গতিত এটা বাধা আহি পৰিহে। উন্নতিৰ বাটত বুলিবলৈ হলে, সম্পত্তি নিৰাপত্তাৰ এনেবিলাক ব্যবস্থা আঁতৰাই, ৰাষ্ট্ৰীয় ক্ষমতাৰে ন্যায় আৰু সাম্যৰ দ্বাৰাই সামাজিক সম্বন্ধ স্থাপন কৰিবলৈ জনসাধাৰণক অধিকাৰ দিব লাগিব। সামাজিক উন্নতিৰ হকে যদি এনে সম্পত্তি চৰকাৰে বজেয়াপ্ত [ ৫৪ ] কৰিব লগা হয় তেন্তে ওপৰোক্ত ৰাষ্ট্ৰীয় ক্ষমতাৰ লগতে, সংস্থাপন সাহায্য দি সেই সম্পত্তি বাজেয়াপ্ত কৰাৰ ক্ষমতাও দিয়া হব।
এহাতে যেনেকৈ কেইজনমান মানুহৰ সম্পত্তিৰ ওপৰত থকা অধিকাৰটো সকলো বিপদ-বিধিনিৰ পৰা ৰক্ষিত হৈ আছে আনহাতে তেনেকৈ জনসাধাৰণৰ স্বাধীনতা-স্বত্ব চাৰিওফালে হেঙাৰ দি সংকীৰ্ণ কৰি পেলোৱা হৈছে ৷
বৰ্ত্তমানৰ সংবিধানে জনতাৰ আশা-আকাঙ্খা পূৰ্ণকৰাৰ পথত ডাঙৰ বাধা দিছে । সম্পত্তিৰ অধিকাৰৰ যি স্বত্ব স্বীকাৰ কৰা হৈছে সি সমতাৰ ভিত্তিত সমাজ-স্থাপন অসম্ভৱ কৰি তুলিছে । সামাজিক প্ৰগতি সাধিবলৈ হ'লে সম্পত্তি-অধিকাৰৰ এই স্বত্ব খর্ব্ব কৰিব লাগিব আৰু সমতা আৰু ন্যায়ৰ ভিত্তিত নতুন সমাজ ব্যৱহাৰ কৰিবলৈ জনতাৰ হাতত ক্ষমতা লগিব । সমাজৰ স্বাৰ্থৰ হকে দৰ্কাৰ হ'লেই ব্যক্তিগত সম্পত্তি ৰাষ্ট্ৰৰ হাতলৈ আনিব লাগিব; তেতিয়া কোনো ক্ষতিপূৰণৰ কথা নাথাকিব ।
এমুঠি প্রতিপত্তিশালী আৰু ধনী মানুহৰ ব্যক্তিগত সম্পত্তিৰ অধিকাৰ ৰক্ষা কৰিবলৈ এইখন সংবিধানে ৰক্ষাকৱচৰ ব্যবস্থা কৰিছে, কিন্তু আনহাতে জনসাধাৰণৰ স্বচন্দতা হ'লে, কেউ- পিনৰ পৰা সীমাবদ্ধ কৰা হৈছে । জনতাৰ স্বাধীনতাৰ ঘাই বিষয়বোৰত—যেনে, কথাকোৱাৰ স্বাধীনতা, প্ৰেছৰ স্বাধীনতা, অনুষ্ঠান আৰু সংগঠন কৰাৰ স্বাধীনতা আদিৰ [ ৫৫ ] ওপৰত গধূৰ শিকলি লগোৱা হৈছে। সংবিধানে চৰকাৰক এনে ক্ষমতা দিছে যাৰ দ্বাৰা কোনো বিচাৰ নোহোৱাকৈ যাকে তাকে যেই কোনো সময়ত বন্দী কৰিব আৰু জেলত ভৰাব পাৰে ।
ওপৰক্ত বিষয়বোৰত জনতাৰ স্বতন্ত্রতা অক্ষুণ্ণ থাকিব । তেহে ৰাজনৈতিক ক্ষেত্ৰৰে হওক বা ধৰ্ম্মসম্পৰ্কীয়ৰে হওক সংখ্যালঘু সকলে উন্নতি কৰিব পাৰিব । ৰাষ্ট্ৰৰ প্রতি আনুগত্য ৰখালৈকে প্রত্যেকেই নিজৰ মতে প্ৰকাশ আৰু প্ৰচাৰ কৰিবৰ অধিকাৰ থাকিব লাগিব ।
জনতাৰ মৌলিক অধিকাৰৰ ওপৰত খৰ্ব্ব কৰা আৰু জনতাক দমন কৰা অন্যায় আইন ছ'চিয়োলষ্ট পার্টিয়ে উঠাই দিব। প্রত্যেক মানুহেই কাম পাবৰ অধিকাৰ পাব লাগিব । এতিয়া- লৈকে এই মৌলিক অধিকাৰ মানি লোৱা হোৱা নাই ৷ ফলত সমাজৰ বহুত হানি হৈছে । কামৰ মাজেদিহে প্রত্যেকেই সামাজিক জীৱনত অংশ গ্ৰহণ কৰিব পাৰে আৰু উপযুক্ত নাগৰিক হবলৈ সুযোগ পায় । ছ'চিয়েলিট পার্টিয়ে প্রত্যেক মানুহকেই কাম কৰিবৰ অধিকাৰ দিব তেতিয়া আৰু নিবনুৱা হোৱাৰ বা লঘোনে থাকিব লগীয়া হোৱাৰ বা অভাবৰ তাৰণাত পৰাৰ ভয় আতৰ হ'ব ।
বর্ত্তমান সংবিধানে ভাৰতৰ নতুন ৰাষ্ট্ৰখনক প্রকৃতপক্ষে গণ- তান্ত্রিক ভিত্তিত স্থাপন কৰা নাই । ভাষাৰ ভিত্তিত ৰাজ্যবোৰ গঠন নোহোৱাৰ বাবে অগণন ৰাইজে ৰাষ্ট্ৰৰ কাৰ্য্যত অংশ [ ৫৬ ] গ্ৰহণ কৰিবলৈ পোৱা সুবিধাৰ পৰা বঞ্চিত হৈছে । ভৌগলিক অৱস্থান আৰু আৰ্থিক স্বচ্ছলতাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্যবোৰৰ সীমা ভাষাৰ ভিত্তিত পুনর্গঠন কৰাটোৱেই হ'ল ছ'চিয়েলিষ্ট পাৰ্টিৰ মত । সীমা আয়োগে নতুন সীমা নিৰ্দ্ধাৰণ কৰিবলৈ নতুনকৈ হোৱা সকলো ৰাজ্যই সমান স্থান পাব ৷
আইন সভাৰে বা অইন ক্ষেত্ৰত ৰাইজ প্রতিনিধিয়ে ৰাইজৰ মনোমত বা স্বাৰ্থৰ অনুকূলে কাৰ্য্য নকৰিলে সেই প্রতিনিধিত্বৰ দায়িত্বৰ পৰা নমাই জানিবলৈ ভোটদাতা সকলৰ অধিকাৰ থাকিব৷ ছ'চিয়েলিষ্ট পার্টয়ে ভোটদাতা সকলৰ এই অধিকাৰ (Right of Recall ) সংবিধানত সংযোগ কৰিব।
সামাজিক নিৰাপত্তা
সংবিধানত যিবিলাক নিৰ্দ্দেশাৱলী সংযুক্ত কৰা হৈছে সেইবোৰ একেবাৰেই অসম্পূর্ণ । সেইবোৰত খোলাটো আছে, আচল সাৰভাগ নাই ।
শিক্ষা, স্বাস্থ্য, আৰু সামাজিক নিরাপত্তা এই কেউটা বিষয়ে প্রগতিমূলক ধাৰণা হ'ব লাগিব ।
সাক্ষৰতা আৰু সামাজিক-শিক্ষা সকলোৱে পাব । প্ৰাইমেৰী শিক্ষা সকলোৱে বিনা মাচুলে পাব । গাওঁ পঞ্চায়ত, স্থানীয় নিকায়সমূহ, সমবায় সমিতি, বেপাৰবাণিজ্য-ক্ষেত্ৰৰ বিভিন্ন স্বায়ত্বশাসিত অন্তস্থান, ট্রেড ইউনিয়ন, শিক্ষক অনুস্থান আদিবিলাকৰ যোগে প্রতিভা বিকাশৰ সম্পূর্ণ সুযোগ হ'ব । [ ৫৭ ] কৃষিশিল্পৰ আৰ্থিক ক্ষেত্ৰত প্ৰসাৰতাৰ বাবে কায়িকৰী বিদ্যাৰ ওপৰত ঘাই গুৰুত্ব আৰোপ কৰা হ'ব। প্ৰতিৰক্ষা আৰু প্রাদেশিক সেনাবাহিনী, স্থানীয় সেনাবাহিনী আৰু খাদ্য- সেনা বাহিনীবোৰ সাধাৰণ আৰু সামাজিক শিক্ষাৰ কেন্দ্ৰ স্বৰূপ হ’ব ।
বৃত্তি জলপানী আদিৰ ব্যৱস্থা কৰি ৰাষ্ট্ৰই আৰু আন আন (ওপৰত কোৱা) অনুস্থান সমূহে সকলো যোগ্য ছাত্র-ছাত্রীক নিজৰ নিজৰ ৰুচিমতে শিক্ষা পোৱাৰ সুবিধা কৰি দিব। ৰাইজৰ সমবায় ভিত্তিত ৰাইজৰ সহযোগৰ দ্বাৰা জনস্বাস্থ্যৰ উন্নতিৰ ব্যৱস্থা কৰা হ'ব। চলন্ত ডাক্তৰখানাৰ যোগে গাওঁৰ একেবাৰে আওহতীয়া ঠাইলৈকো ডাক্তৰী সাহায্য যাব৷ প্ৰশংসনীয় ব্যৱস্থাৰ আৰু গাৱঁলীয়া অৰ্থনীতিৰ পৰিকল্পনাই আমাৰ ঐতিহ্যপূৰ্ণ অথচ আওহেলাত পৰি উৱঁলি যোৱা গাওঁবোৰক সজীব কৰি তুলিব আৰু জনস্বাস্থ্যৰ উন্নতি সহায় কৰিব ৷ বনুৱাশ্ৰেণীৰ সকলোৱে যাতে জনস্বাস্থ্য ব্যৱস্থাৰ সুযোগ পাব পাৰে তাৰ বাবে এখন জাতীয় স্বাস্থ্য আঁচনি কাৰ্য্যকৰী কৰা হব।
শিল্প বাণিজ্যৰ কৰ্পৰেশ্যনবোৰে সামাজিক নিৰাপত্তাৰ ব্যৱস্থা কৰিব । চৰকাৰী কৰ্ম্মচাৰী আৰু শিল্প বনুৱা সকলৰ বাৰে বৰঙনি প্ৰথা আৰু আন প্ৰথাৰ সামাজিক নিৰাপত্তাৰ ব্যৱস্থা থাকিব। ৰাষ্ট্ৰৰ সাহাৰ্য্য আৰু পৰামৰ্শত সমবায় সমিতি আৰু গাওঁপঞ্চায়ত বিলাকে ক্রমান্নয়ে সুচাৰুৰূপে লাখ লাখ মানুহৰ বাবে সামাজিক নিৰপত্তাৰ বিস্তৃত ব্যৱস্থা তৈয়াৰ কৰিব। [ ৫৮ ] এইটো সচাঁকথা দেশৰ ৰাইজৰ মূৰৰ ওপৰত থকা আটাই- বোৰ বোজা একে উশাহতে ডাঙিব পৰা নহব। কিন্তু বৰ্ত্তমানত থকা প্রত্যেক মানুহৰ অকলশৰীয়া অৱস্থা আৰু নানান চিন্তা আৰু তাৰ লগতে প্রত্যেকৰ প্ৰতি কৰা আওঁকান অৱহেলাৰ অৱস্থানটো ছ'চিয়েলিষ্ট ভাৰতত নাথা- কিব। প্রথমেই তেনে অৱস্থাৰ অন্ত কৰিহে কামত আগবঢ়া হ'ব ।
সমাজক নতুনকৈ গঢ় দিবলৈ কৰা প্ৰচেষ্টা, পুৰনি অন্যায়ৰ নিষেধ গুচোৱা আৰু সমূহিক ভাবৰ জাগৰণৰ পিচত আমাৰ সমাজে নতুন জীৱন পাৰ, জীৱনৰ অৰ্থও সলনি হ’ব।
প্রশাসনীয় সংস্কাৰ
ৰাষ্ট্ৰৰ নতুন ৰূপ দিবলৈ প্ৰশাসনীয় ব্যৱস্থাৰ ৰূপো বদলাব লাগিব। বৰ্ত্তমান চলিত প্রশাসনত অফিচাৰৰ শাসন, ৰঙা ফিটাৰ মেৰ, আৰু ৰাইজৰ প্ৰতি আওকাণ এই সকলোবোৰ আগৰ বৃটিছ শাসনৰ দিনৰ দৰেই আছে। এই বোৰৰ লগতে আছে কংগ্ৰেহ চৰকাৰৰ অকৰ্ম্মণ্যতা আৰু দুর্নীতি। ওপৰত উল্লেখ কৰা অৰ্থনৈতিক সংস্কাৰ বিলাক সাধন কৰাৰ পিচত সামাজিক বৈষম্য দূৰ কৰিব, সমাজ-পৰিবৰ্ত্তনৰ গতি প্ৰখৰ হব ৷ ৰাজনৈতিক আঢ় অর্থনৈতিক ক্ষমতাৰ বিকেন্দ্রী- বৰণ কৰিব ৷ লগে লগে নতুন অৱস্থাত গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয়কৰণ কৰা শিল্প আৰু বানিজ্যক্ষেত্ৰৰ কৰ্পৰেশ্যন, সমবায় [ ৫৯ ] আক ট্রেডইউনিয়ন সমূহে প্রশাসনীয় ব্যৱস্থাত বহুত পৰিবৰ্ত্তন আনিব আৰু প্ৰশাসনৰ লগত ৰাইজৰ ঘনিষ্ঠ সম্বন্ধ স্থাপন কবিব। বহুত ক্ষেত্ৰতেই ৰাইজে বহুত কাম চলাব।
তলত উল্লেখকৰা সংস্কাৰ সমূহে প্ৰশাসনীয় ব্যৱস্থা আৰু সৰল কৰিব । আমাৰ বিচাৰ-ব্যৱস্থা অত্যন্ত খৰছ বহুল আৰু মেৰপাক লগোৱা হোৱাত দুখীয়া শ্ৰেণীৰ মানুহে সৰহ ভাগতেই প্রাপ্য ন্যায্য দাবী আদায় কৰিব পৰাৰ পৰা বঞ্চিত হৈছে৷ গতিকে কম খৰহত আৰু সোনকালে বিচাৰ পোৱাৰ ব্যৱস্থা লাগে। সেইদতে বিচাৰ-ব্যৱস্থা পৰিবৰ্ত্তন কৰা হব । আইন-আদালত আৰু ৰাইজৰ মাজত থকা ব্যৱধান কমাই অনা হ'ব।
অফিচাৰৰ শাসনৰ কুফল আতঁৰোৱাৰ প্ৰকৃত উপায় হ’ল প্ৰশাসনৰ প্রত্যেক স্তৰতে ৰাজহুৱা অভিমত সংশ্লিষ্ট কৰা। প্রত্যেক স্তৰতে ৰাইজৰ তৰফৰ পৰা কাৰ্য্যপালিকাক পৰামৰ্শ দিয়াৰ ব্যৱস্থ৷ থাকিব ৷ সেই পৰামৰ্শ যদি কোনোৱা বিষয়াই উলঙ্ঘ কৰে তেন্তে তাৰ বাবে ওপৰৱালা বিষয়াৰ ওচৰত তেওঁ কৈফিয়ৎ দিব লাগিব ।
ডিপার্টমেণ্টৰ বৰমূৰীয়া সকলে সময়ে সময়ে একেলগে বহি প্ৰত্যেক অফিচৰ কামৰ পৰ্য্যালোচনা কৰিব আৰু অফিচৰ কাৰ্য্য- দক্ষতা বঢ়াবৰ অৰু ৰঙাফিটাৰ দোষ এৰুৱাবৰ বাবে উপায় ব্যৱস্থাৰ পৰামৰ্শ দিব । এই পৰামৰ্শবিলাক সদৰ অফিচবোৰলৈ পঠিৱা হ'ব। সময়ে সময়ে বহা বিষয়াসকলৰ সভাত [ ৬০ ] হোৱা আলোচনাৰ পৰা কোন কৰ্ম্মচাৰী কিমান পটু, কাব কাৰ্য্যদক্ষতা বেচি আৰু কোনে বিশেষ শিক্ষা আদি পাব লাগে, তাক গম পোৱা হ'ব ।
আইন সভাৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত ষ্টেণ্ডিং কমিটি থাকিব। যেই কোনো গুৰুত্বপূর্ণ বিষয়ত এই কমিটিবোৰে ৰাইজৰ মতামত ল’ব, চাকৰীয়াল আৰু যাইজৰ প্রতিনিধিক প্রশ্ন কৰিব, যাতে চৰকাৰী বিষয়া আৰু ৰাজহুৱা পৰামৰ্শ কমিটিৰ মাজত মতৰ অমিল নেথাকে ৷
প্রত্যেক বিষয়াকে কাম ভগাই দিয়া হ'ব আৰু সেইমতে প্রত্যেক বিষয়াজনে কাম আদায় কৰিব লাগিব। নিজৰ ভাগৰ কাম কোনে কিমান আদায় কৰিলে তাৰ পৰীক্ষা হ'ব। সেই পৰীক্ষাৰ ফল অনুযায়ীহে প্রমোচন আদি হ'ব৷
ঘোচখোৱা অৰু আত্মীয়-স্বজন তোষণ-আদি দুর্নীতি দমন কৰিবলৈ দুৰ্নীতিবিৰোধী বিভাগ থাকিব । যেই কোনো নাগৰিকেই এই বিভাগৰ আগত দুর্নীতিৰ গোচৰ দিব পাৰিব। তেনেদৰে গোচৰ আহিলে বা বিভাগৰ তৰফৰ পৰাও এই বিভাগে দুৰ্নীতৰ সকলো কথাত বিচাৰ আৰু অনুসন্ধান কৰিব । এই বিভাগে চৰকাৰী অফিচাৰক পবিত্র কৰিব পাৰিব আৰু সাক্ষী চমন দিব পাৰিব । সৰুসুৰা অপৰাধৰ ক্ষেত্ৰত দোষীজনক এই বিভাগেই যথাবিহিত চেজাই দিব । যদিহে অপৰাধ গুৰুতৰ হয় তেতিয়া সেই [ ৬১ ] বিভাগে অপৰাধীৰ বিৰুদ্ধে বিশেষ আদালতত গোচৰ দিব আৰু সেই আদালতৰ যোগে দোবীৰ শাস্তি হ'ব।
স্বাধীনতা আৰু সমতাৰ যোগে শান্তি স্থাপন
কংগ্ৰেছ চৰকাৰে স্বাধীন বৈদেশিক নীতি পৰিচালনা কৰা বুলি দাবী কৰে। কিন্তু দৰাচলতে কংগ্ৰেছ চৰকাৰৰ নীতি হ’ল অস্থিৰ নীতি-দুই শক্তি শিবিৰৰ মাজত থাকি ভাৰত চৰকাৰে এবাৰ ইটো শিবিৰৰ এবাৰ আনটোৰ পক্ষ লৈ চলি আহিছে।
আনহাতে আৰ্থিক আৰু সামাজিক ক্ষেত্ৰত বৰ্দ্ধমান অশান্তিৰ হেতুকে দেশৰ ভিতৰত দুই শিবিৰৰ অনুগামীৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে। স্বাধীনতাৰ চাৰিবছৰৰ পুঞ্জীভূত হতাশৰ ফলত আমাৰ দেশত তাকৰীয়া হলেও এক শ্ৰেণী মানুহে উদ্ধাৰৰ পথ বিচাৰি ৰুছীয়া বা আমেৰিকালৈ চাবলৈ ধৰিছে! ইয়াৰে সুবিধা লৈ দুই শক্তি শিবিৰে ভাৰতত শিপাবলৈ চেষ্টা কৰিছে।
আমেৰিকান শিবিৰ আৰু ৰুছ শিবিৰৰ বৈদেশিক নীতি বিৰুদ্ধে ঠিয় দিব পৰা সক্ৰিয় বৈদেশিক নীতি স্থিৰ কৰিব নোৱাৰাৰ বাবে ভাৰত চৰকাৰে দাবী কৰা “স্বাধীন” বৈদেশিক নীতিয়ে একো গুণ ধৰা নাই। ভাৰত চৰকাৰৰ এনে অকৃতকাৰ্য্যতাৰ ফলত এছিয়া আৰু আফ্ৰিকাৰ জনতাই [ ৬২ ] স্বাধীন ভাৰতৰ, পৰা যি আশা কৰিছিল সি পূৰ্ণ নহ'ল। ঐশ্বৰ্য্য আৰু দৈন্যৰ মাজত বিৰাট ব্যৱধান আৰু সামাজিক অন্যায় অবিচাৰে ভৰা সামন্তবাদ আৰু পুঁজিবাদ সমৰ্থনকাৰী ভাৰতৰ বৈদেশিক নীতিয়ে জনতাক কেতিয়াও উদ্বুদ্ধ কৰিব নোৱাৰে নাইবা এনে বৈদেশিক নীতিৰে বিশেষ কোনো কাম কৰিব নোৱাৰে। যেতিয়ালৈকে ভাৰতৰ ভিতৰত সৃজনীশক্তিৰ সৃষ্ট নহয় আৰু নতুন সমাজ ব্যৱস্থা স্থাপনৰ বাবে আগবঢ়া নহয় (যি নতুন সমাজব্যৱস্থাৰ কথা এই পুথিত কোৱা হৈছে) তেতিয়ালৈকে ভাৰতৰ বৈদেশিক নীতি শক্তিশালী নহয়। সমতা, স্বাধীনতা আৰু শান্তিৰ ভিত্তিত এখন জগত প্ৰতিষ্ঠা কৰাৰ বাবে ছ'চিয়েলিষ্ট পাৰ্টিয়ে চেস্টা কৰিব। তেনে জগতত কোনো এটা জাতিয়ে আন এটা জাতিৰ ওপৰত দমন বা শোষণ কৰিব নোৱাৰিব; তাত এফালে অতি দুখীয়া আৰু পিচপৰা দেশ থাকিব আৰু আনফালে আন এখন অতি ধনী আৰু উন্নত দেশ নাথাকিব, সেই জগতত ইটো জাতি আৰু সিটো জাতিৰ মাজত অস্পৃশ্যতা বা আন বাধাৰ প্ৰাচীৰ থাকিব নোৱাৰিব, তেনে জগতত যুদ্ধৰ কথা মানুহে পাহৰি যাব।
ৰুছীয়াৰ নেতৃত্বই হওক বা আমেৰিকাৰ নেতৃত্বই হওক কোনেও এনে এখন শান্তিৰ জগত স্থাপন কৰিব নোৱাৰে। ৰুছীয়াৰ নেতৃত্বত যিখন জগতৰ ধাৰণা কৰা হৈছে সেইখন জগত হ'ব মস্কোৰ পৰা শাসিত; তাত ৰুছীয়াৰ আদেশতে [ ৬৩ ] সকলো কথা নিৰ্ণয় হ’ব৷ আনহাতে, আমেৰিকাৰ নেতৃত্বত পৰিলে জগতখন হ’ব পূঁজিবাদী জগত, য’ত এমুঠি মানুহে অগণন প্ৰজ়াৰ ওপৰত শোষণ কৰিব আৰু অসমতা আৰু অন্যায়ে আধিপত্য বিস্তাৰ কৰিব।
ৰুছীয়া আৰু আমেৰিকাই দিয়া যি দুখন জগতৰ ছবি পৃথিবীৰ আগত দাঙি ধৰিছে দুইখনকে ছ’চিয়েলিষ্ট পাটিয়ে নাকচ কৰিছে। ছ’চিয়েলিষ্ট পাৰ্টিয়ে এখন তৃতীয় ছবি জনতাৰ আগত দিছে; সেয়ে হৈছে গণতান্ত্ৰিক সমাজবাদৰ ওপৰত প্ৰতিস্থিত এখন নতুন জগত। এই নতুন জগত প্ৰতিস্থাৰ বাবে ছ’চিয়েলিষ্ট পাৰ্টিয়ে এনেদৰে কাম কৰিবঃ
(১) ৰুছ আৰু আমেৰিকান শিবিৰৰ মাজত হোৱা সকলো বিবাদৰ পৰা ছ’চিয়েলিষ্ট চৰকাৰ আঁতৰি থাকিব। সেই বুলি কিন্তু ছ’চিয়েলিষ্ট ভাৰতে ইউনাইটেড নেশ্যনক এইটো আশ্বাস দিব যে কোনো ক্ষেত্ৰতে কোনো আক্ৰমণকাৰীক সহায় নকৰে;
(২) স্বাধীনতা, সমতা আৰু শান্তিৰ ভিত্তিত এখন জগত প্ৰতিষ্ঠা কৰ৷ সকলো প্ৰচেষ্টাতে ইউনাইটেড নেশ্যনক সহায় কৰিব।
(৩) আটলাণ্টিক আক ছভিয়েট শিবিৰৰ বাহিৰত থকা সকলো দেশৰে সামূহিক নিৰাপত্তাৰ বাবে চেষ্টা কৰিব। ঘাইকৈ ইণ্ডনেছিয়াৰ পৰা ইজিপ্তলৈকে জুৰি থকা এই কেইখন দেশৰ সামূহিক নিৰাপত্তাৰ বাবে। [ ৬৪ ] (৪) সকলো দেশৰ ৰাইজ আৰু চৰকাৰৰ সৈতে বন্ধুত্বৰ সম্বন্ধ ৰাখিবলৈ চেষ্টা কৰিব।
(৫) আফ্ৰিকাৰ দেশসমূহৰ দৰে যিবোৰ দেশ এতিয়ালৈকে স্বাধীন হব পৰা নাই, সেইবোৰ দেশৰ স্বাধীনতা আন্দোলনত সহায় কৰিব আৰু চাব যাতে সেই দেশবোৰ ৰুছ বা আমেৰিকাৰ শিবিৰত নপৰে।
(৬) দেশৰ মাজত হোৱা যিবিলাক চৰ্ত্ত আৰু চুক্তিয়ে আন্তৰ্জাতিক জাতিভেদৰ সৃষ্টি কৰিছে এহাতে কেইখনমান দেশক ধনী আৰু শক্তিশালী আৰু আনহাতে সৰহভাগ দেশকে দুখীয়া আৰু দুৰ্ব্বল কৰিছে, তেনে চৰ্ত্ত আৰু চুক্তিবিলাকৰ সলনি কৰিব। এইদৰে সকলো দেশক সমতাৰ ভিত্তিত স্থাপন কৰিব।
(৭) সমগ্ৰ মানব জাতিক একত্ৰ কৰি ৰাজনৈতিক ক্ষেত্ৰত এখন বিশ্ব পাৰ্লিয়ামেণ্ট স্থাপন কৰিবলৈ আৰু অৰ্থ নৈতিক ক্ষেত্ৰত বিশ্বউন্নয়ন কৰ্পৰেশ্যন আৰু বিশ্ব খাদ্য ভঁৰালৰ যোগেদি সকলো দেশৰ প্ৰত্যেক মানুহেই ভালমতে খাই-লৈ থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব।
(৮) পৃথিবীৰ সকলো দেশৰে ছ'চিয়েলিষ্ট আন্দোলন আৰু সমাজবাদ আৰু গণতন্ত্ৰ অস্ত্ৰৰ যোগে পৃথিবীৰ পৰা অন্ন-বস্ত্ৰৰ অভাব আৰু যুদ্ধৰ অন্ত পেলাবলৈ চেষ্টা কৰা জনতাৰ আন্দোলনত সহায় কৰিব।