পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৫)

ওপৰত গধূৰ শিকলি লগোৱা হৈছে। সংবিধানে চৰকাৰক এনে ক্ষমতা দিছে যাৰ দ্বাৰা কোনো বিচাৰ নোহোৱাকৈ যাকে তাকে যেই কোনো সময়ত বন্দী কৰিব আৰু জেলত ভৰাব পাৰে ।

ওপৰক্ত বিষয়বোৰত জনতাৰ স্বতন্ত্রতা অক্ষুণ্ণ থাকিব । তেহে ৰাজনৈতিক ক্ষেত্ৰৰে হওক বা ধৰ্ম্মসম্পৰ্কীয়ৰে হওক সংখ্যালঘু সকলে উন্নতি কৰিব পাৰিব । ৰাষ্ট্ৰৰ প্রতি আনুগত্য ৰখালৈকে প্রত্যেকেই নিজৰ মতে প্ৰকাশ আৰু প্ৰচাৰ কৰিবৰ অধিকাৰ থাকিব লাগিব ।

জনতাৰ মৌলিক অধিকাৰৰ ওপৰত খৰ্ব্ব কৰা আৰু জনতাক দমন কৰা অন্যায় আইন ছ'চিয়োলষ্ট পার্টিয়ে উঠাই দিব। প্রত্যেক মানুহেই কাম পাবৰ অধিকাৰ পাব লাগিব । এতিয়া- লৈকে এই মৌলিক অধিকাৰ মানি লোৱা হোৱা নাই ৷ ফলত সমাজৰ বহুত হানি হৈছে । কামৰ মাজেদিহে প্রত্যেকেই সামাজিক জীৱনত অংশ গ্ৰহণ কৰিব পাৰে আৰু উপযুক্ত নাগৰিক হবলৈ সুযোগ পায় । ছ'চিয়েলিট পার্টিয়ে প্রত্যেক মানুহকেই কাম কৰিবৰ অধিকাৰ দিব তেতিয়া আৰু নিবনুৱা হোৱাৰ বা লঘোনে থাকিব লগীয়া হোৱাৰ বা অভাবৰ তাৰণাত পৰাৰ ভয় আতৰ হ'ব ।

বর্ত্তমান সংবিধানে ভাৰতৰ নতুন ৰাষ্ট্ৰখনক প্রকৃতপক্ষে গণ- তান্ত্রিক ভিত্তিত স্থাপন কৰা নাই । ভাষাৰ ভিত্তিত ৰাজ্যবোৰ গঠন নোহোৱাৰ বাবে অগণন ৰাইজে ৰাষ্ট্ৰৰ কাৰ্য্যত অংশ