পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩)


স্বাধীনতাৰ চাৰিবছৰৰ ভিতৰতো, মাটিহীন খেতিয়কৰ মাটি লাভ হোৱা নাই, শিল্পক্ষেত্ৰত বনুৱাৰ অৱস্থাৰ যি বাঞ্চিত উন্নতি বুলি আশা কৰা হৈছিল সিও হোৱা নাই। উৎপাদন কমি আহিছে। নিবনুৱা সমস্যা বাঢ়িছে আৰু বস্তুৰ দাম চৰিছে। খাদ্যৰ ৰেচন কমি আহিছে আৰু চাৰিওফালে দুৰ্ভিক্ষৰ বিভীষিকাই দেখা দিছে। জীৱন নিৰ্ব্বাহৰ বাবে লাগতিয়াল কোনো বস্তুৰে অভাৱ গুচা নাই। পিন্ধা-কাপোৰ, থকা ঘৰৰ অভাৱ দিনকদিনে বাঢ়ি আহিছে। বস্তুৰ দাম চৰি যোৱাৰ লগে লগে বেতনভোগী মানুহৰ অৱস্থা বেছি সঙ্কটজনক হৈছে। এইদৰেই বনুৱা, দোকানী, কেৰাণী-মহৰি, শিক্ষক, কাৰিকৰ, সৰু সৰু কাৰবাৰী সকলোৱেই ঘণীভূত অনিশ্চয়তাত পৰিছে; দেশৰ ইমূৰৰপৰা সিমূৰলৈ উৎসাহ-উদ্দীপনা দেখিবলৈ নোহোৱা হৈছে। ইফালে ছৰকাৰে পুৰাতনীয়া সমাজ-ব্যৱস্থা আৰু সেই ব্যৱস্থাৰ নিয়ম পদ্ধতিবোৰতে খামোছ মাৰি ধৰি আছে। দেশজুৰি হতাশাৰ কাকতি ফৰিঙে স্বাধীনতাৰ ফছল নষ্ট কৰিছে।

ছ’চিয়েলিষ্ট পাৰ্টিয়ে বিশ্বাস কৰে সমাজৰ প্ৰত্যেক বিভাগেই স্বাধীনতাৰ শিহৰণ অনুভব কৰিব পাৰিলেহে স্বাধীনতাৰ অৰ্থ পূৰণ হ'ব। দেশৰ জনতাক অকল খাবলৈ এমুঠি ভাত আৰু থাকিবলৈ এটা পঁজা দিয়াটোৱেই স্বাধীনতাৰ প্ৰকৃত অৰ্থ নহয়। আমাৰ এই পুৰণি দেশখন নকৈ গঢ়িবলৈ হলে দেশৰ জনতাক নতুন উদ্যমেৰে অনুপ্ৰাণিত কৰিব