অ’ মা মই ৰাতি সপোনত

অ’ মা মই

ৰাতি সপোনত

কি দেখিলোঁ জান’

তই যে মা কেতিয়াবা

মোক দিবলৈ আন’

সৰু সৰু কাঠৰ ঘোঁৰা

নেজডাল যে মোটোক মৰা

তেনেকুৱাই

পিছে হলে ঠেঙত পাখি লগা

দেখিবলৈ

ভকভকীয়া বগা ৷


তাৰ পিছত উঠি

আকাশলৈ গলোঁ

অকলশৰে কান্দি থকা

তৰা এটা পালোঁ ৷


মোক দেখি সি হাঁহি দিলে মা

হাঁহিলে সি ইমান পোহৰ ওলায়...

আমি দেখা বেলিটোৰো তিমান পোহৰ নোলায় ৷


মা, তই মাতোতে

সপোন গৈ খাটৰ তলত সোমাল

পাখি লগা ঘোঁৰাজনীও ক’ৰবালৈ পলাল ৷

জ্বলা তৰাটো আক্কাশতে নুমাল ৷