[  ]

প্ৰকাশনত:
জীৱনজ্যোতি সঙ্গীতাশ্ৰম
বিৰুবাৰী, গুৱাহাটী-১৬


লিখকৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত


প্ৰথম প্ৰকাশ:
পহিলা ডিচেম্বৰ, ১৯৭৯ চন
১৪ আঘোণ, ১৯০১ শক


মূল্য: ২.০০ টকা


বেটুপাত:
পৰিকল্পনা: প্ৰদীপ দাস
ৰূপায়ন: অমল চন্দ্ৰ ভট্টাচাৰ্য্য


মুদ্ৰক:
সীমান্তিকা প্ৰিণ্টাৰ্ছ
গুৱাহাটী-৭৮১০০৩

[  ]
অশান্ত জন্মভূমি



উমেশ বৈশ্য

[  ]

উচৰ্গা:

 দেশ প্ৰেমিকৰ দেশ দ্ৰোহত, ক্ষমতা লোভীৰ ষড়যন্ত্ৰত দেশ খাণ্ডৱ দাহ হোৱাৰ উপক্ৰম হৈছে। মাতৃভূমিৰ অস্তিত্ব প্ৰায় শেষ হওঁ হওঁ। এই বিপদ কালত সমগ্ৰ দেশবাসী ঐক্যৱদ্ধ হৈ শত্ৰু নিধন যজ্ঞ নাপাতিলে দেশৰ আজি কল্যাণ নাই। এই যজ্ঞৰ মন্ত্ৰধ্বনিৰ চিন্তা কৰোঁতেই ভাবৰ উষ্মাত গীতি-কবিতা ৰূপত ৰূপায়িত হ'ল মোৰ এই

অশান্ত জন্মভূমি।

 ‘অশান্ত জন্মভূমি’ক মই সেইসকলৰ হাতত তুলি দিলোঁ—যিসকলে অজি শান্ত জন্মভূমি কামনা কৰি জীৱন-মৰণৰ যুদ্ধত প্ৰবৃত্ত হৈছে।


সঙ্গীতাশ্ৰম
উমেশ বৈশ্য বিৰুবাৰী, গুৱাহাটী-১৬
২২ নবেম্বৰ, ১৯৭৯

[  ]

অসমীয়া সাহিত্যৰ ওজা সাহিত্যিক বুৰঞ্জীবিদ শ্ৰীযুত বেণুধৰ শৰ্ম্মাদেৱৰ এষাৰ


 “বঙ্গাল”ৰ (বিদেশীৰ) ষড়যন্ত্ৰমুলক হেঁচা নিবাৰণৰ অৰ্থে শ্ৰীমান উমেশ বৈশ্য এম্, এ, ৰ প্ৰাণত যি কুৰা জুই জ্বলিছে, তাৰ ৰূৰুৱনিত ভাষা উফৰি গৈছে — সেই বোৰলৈ চকুমুদি শ্ৰীমান বৈশ্যক কৈছোঁ তেওঁ যিমান পাৰে লিখি যাওঁক; বৰ্ণবিন্যাসলৈ নেচাই এতিয়া লেখি যোৱাৰহে কথা। অশান্ত জন্মভূমি তেতিয়াহে শান্ত হব।


সুৱাগপুৰ
শ্ৰীবেণুধৰ শৰ্ম্মা গুৱাহাটী-৮
২৩।১১।৭৯

[  ]

॥অশান্ত জন্মভুমি॥

শুনো হাহাকাৰ চৌদিশে
অশান্ত জন্মভূমি,
সমাজ আকাশ ধোঁৱাময় আজি
জুই শিখা উঠে জ্বলি॥

অগনি জ্বলাই শান্তি ভূমিত
দূৰণিত সৌৱা কোন?
দহন জাৰণ যন্ত্ৰণা চাই
মিচিকি হাঁহিছেচোন,
খেলিছে ৰং ধেমালি;
সৌ চোৱা সৌ মুখাৰ আঁ‌ৰত
চাই আছে জুমি জুমি
অশান্ত জন্মভূমি॥

(হেৰা) দগ্ধ অৰ্দ্ধ দগ্ধ জন,
লোৱা চিনি দুবৃত্তজন।
জ্বলালে যিয়ে সমাজখন
তাৰ ডিঙিত লগাই জৰী
জয়ধ্বনিৰে টানি আনি তাক
জ্বলাই অগ্নিভূমিত
কৰা জনতাৰ বলি।
তেতিয়াহে হ’ব জুই শিখা শেষ
শীতল জন্মভূমি,
সমাজ আকাশ ফৰকাল হ'ব
উৰিব কপৌজনী॥

[  ]

।।জ্ঞানীবৰ, তুমি ওলাই আহা।।

হেৰা ছেগ বুজি বুজি নীতি সলোৱা
ভণ্ড যোগীজন,
ভাবিছা কিয় এই দেশখন তোমাৰ পিতৃধন?
তোমাৰ বাহিৰে মাতৃভূমিৰ নাই কোনো আপোনজন?
তুমি কোন?
তুমি দেখোন ক্ষমতা লোভী
অনুগ্ৰহ বিচাৰি ঘৰে ঘৰে ফুৰা সাধাৰণজন
প্ৰতিশ্ৰুত সেৱক তুমি ৰাইজৰ ধন।
তোমাৰ মনত নাই?
তুমি হীনমন্য কৃতঘ্ন,
সেইবাবে তুমি গাদীত বহিয়েই পাহৰি যোৱা
তুমি ৰাইজৰ ধন।
তুমি অকৃতজ্ঞ,
ৰাইজক ভুলি সেয়েহে তুমি পাহৰি যোৱা
দুদিন আগৰ প্ৰতিশ্ৰুতি প্ৰতিজ্ঞা যত পণ।
তুমি নীচাত্মিকা ৰোগত ভোগা দৰিদ্ৰজন,
সেইবাবেহে দেশপ্ৰেমিকৰ মুখা পিন্ধি
আভিজাত্যৰ পেখন ধৰি
দুহাতে কেৱল খামুচি খামুচি
পেট পূৰোৱাৰ মন।
আকাশ বতাহ কম্পিত কৰি
সিংহনিনাদে গৰ্জ্জন তুলি
জনকণ্ঠে গাইছে কত দেশৰক্ষাৰ গান
সেই গান তুমি শুনা নাই?

[  ]

তুমি নীৰৱ নিমাত মৃতবৎ নিষ্প্ৰাণ
কেৱল গাদী ৰক্ষাৰ ধ্যান।
গণতন্ত্ৰ, ধিক্ তোমাক,
তুমিয়েইতো নিৰ্ব্বাচিলা
মদমত্ত স্বাৰ্থলোভী গণ
যিয়ে একো নুবুজি ক্ষমতা বলেৰে
কৰিলে দেশ উছন।
দেশ অধিকাৰী ৰাইজ,
যদি মাতৃভূমিক ৰাখিব খোজা
আঁতৰাই দিয়া শাসন যন্ত্ৰৰ মুৰ্খ যন্ত্ৰীগণ।
হেৰা জ্ঞানীৰ দল,
অকল জ্ঞান জ্ঞান বুলি ঢাপলি মেলি
নীৰৱে থাকিলে দেশক ভুলি
নাপাবা ই দেশত জ্ঞানৰ দাম।
তুমি ওলাই আহা!
বীৰ বেশেৰে নাশি দুষ্কৃতি
জিলিকাই তোলা ক্ষমতা ধাম
কৰি নিঃশেষ শোষণ, পেষণ, জ্বলন, পীড়ণ
ঘন তমসাৰ ঘোৰ আৱৰণ
ঢালি দিয়া তুমি জ্ঞানৰ কিৰণ
জিলিকাই তোলা দেশৰ নাম।
নকৰা যদি তুমি এই কাম
নৰ’ব ই দেশ যাব ৰসাতল
লাভ নাই কৰি একো লাভ নাই
বিফল আন্দোলন,
গগণ পৱন ভুৱন কঁ‌পাই লাভ নাই কৰি
বিফল আস্ফালন।

[  ]

॥নিৰাপত্তা আজি শেষ॥

বিপ্লৱ বিপ্লৱ হেজাৰ বিপ্লৱ
নাই বিপ্লৱৰ শেষ,
এইখন স্বাধীন দেশ॥
‘ৰাইজে ৰজা ৰজাই প্ৰজা’
ই যে গণতন্ত্ৰৰ মূল,
এই মন্ত্ৰ আমি মুখস্থহে মাতোঁ
কোনেও নুবুজোঁ মোল।
ভাবা নেকি এইদৰে ৰ’ব চিৰদিন
গণতান্ত্ৰিক দেশ? (??)
এইখন স্বাধীন দেশ।
সামাজবাদী আমি বৰ বৰ নাগৰিক
শিক্ষাই ৰহণ চৰায়,
পিছে নিলাজ ভাবে আমি বিবেক বেচোঁ
এমুঠি ধনকে পাই,
সেই পঙ্গু, বিবেকেৰে ঘূণে ধৰা খুঁটাকো
বৰঘৰ চলিত লগাওঁ,
সেই বৰঘৰ মজিয়াত মৃত্যুৰ ক্ষণ গণোঁ
নিৰাপত্তা অজি শেষ।
এইখন স্বাধীন দেশ॥
চতুৰৰ চতুৰালি কেনেকৈ বুজিব
ৰংমন ভদীয়া কাই,
চিকিমিকি ৰং দেখি নেতা-নেত্ৰীগণৰ
নিজকেই পাহৰি যায়,
আৰু সৰুকেই বৰ যেন পাই
সিংহাসনত বহুৱায়।

[ ১০ ]

এনে সহস্ৰ সৰুজনে ক্ষমতাৰ বলতেই
কৰে মহাভুল অলেখ,
সেই ভুলৰ বাবে আজি দেশৰ বুকুত
সমস্যাৰ নাই শেষ।
এইখন স্বাধীন দেশ॥
সজ্ঞান সচেতন হোৱা মোৰ ৰাইজ,
দেশৰ স্বাৰ্থ বুজি উঠা মোৰ ৰাইজ,
ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰা মোৰ ৰাইজ,
দুষ্টক নিদিবা ঠাই,
আহিলেই চয়তান লম্পট চেঙেলী
তাক ছটিয়াবা ছাই।
থাপমাৰি ধৰিবা, পিছলিব নিদিবা
দুষ্টালি কৰিবা শেষ,
নহলে কেতিয়াও কোনোদিনে নহ'ব
নহ’ব বিপ্লৱ শেষ॥

[ ১১ ]

॥ তােৰ জাতীয় জীৱন গঠন কৰ ॥

8

হেৰ মৃত্যুমুখী অসমীয়া,
আজি তুই তোৰ চিন্তা কৰ।
শুই থাকোঁতে কোনে আজি তোক
হেচি ঠেলি ঠেলি আঁতৰাই থৈ
দখল কৰিলে ঘৰ
এবেলি চিন্তা কৰ॥

তোৰ জাতীয় জীৱন নষ্ট হ’ল
কলা কৃষ্টি সংস্কৃতিৰ ঘোৰ সঙ্কট সৃষ্টি হ’ল;
তোক বিশ্বৰ বুকুত অসমীয়া বুলি
চিনি নোপোৱা হ'ল
তই কৰিলি কি?

পৰৰ অভিসন্ধিত তই নিজক দিলি বিসৰ্জ্জন
তিল তিলকৈ নাই নুই হৈ
মৃত্যুক কৰি আলিঙ্গন
পৰিচয় দিলি কিয় হেৰ তই
কাপুৰুষ বৰ্ব্বৰ?

তই কু-জীৱনৰ আহি এৰি
কৰ্ম্ম শক্তি ঢালি ঢালি
তোৰ সুজীৱন, জাতীয় জীৱন গঠন কৰ
দেশ প্ৰেমৰ জুই শিখাৰে
মাতৃভূমিৰ অন্যায়কাৰীক
পুলিয়ে পোখাই নিৰ্ম্মূল কৰ

[ ১২ ]

কলা কৃষ্টি সংস্কৃতিৰ
দুষ্কৃতি তই বিনাশ কৰি
বিশ্বৰ বুকুত তোৰ পৰিচয়
স্থাপন কৰ স্থাপন কৰ।

[ ১৩ ]

॥ সাৰে থাক সাৰে থাক॥

জাগ জাগ হেৰ অসমীয়া তই
জাগ জাগ হেৰ জাগ,
তোৰ বাপতি সাহোন সোণপথাৰত
চাচোন কিহৰ জাক;
লহপহীয়া ধাননি তোৰ
গৰুৱে পেলালে খচি
দে খেদিদে হুৰাই হুৰাই
যদি নেযায় দে বেতেৰে কোবাই
সীমান্ত পাৰ কৰি,
আকৌ আহিব নিলাজ গৰু
চাই থাক হেৰ থাক।
হেৰ অসমীয়া নুশুবি আৰু
সাৰে থাক সাৰে থাক।

[ ১৪ ]

॥ আমি যুৱক যুঁজাৰু দল॥

মুক্ত কণ্ঠে আমি গাম প্ৰগতিৰ গান
নতুন পুৰুষ আমি গঢ়িম নতুন অভিযান।
আমি হ’ম পচোৱা ধুমুহা
আমি যুৱক যুঁজাৰু দ’ল,
আমি হম ধাৰাসৰি বৃষ্টি-প্লাৱন
অমি নাৰী বীৰাঙ্গনা দল।
আমি উৰুৱাম
আমি উটুৱাম
সংৰক্ষণশীল সমাজ বুকুত
সঞ্চিত যত আৱৰ্জ্জনা
পূতিগন্ধ বিষাক্ত বতাহ আমি আঁতৰাম॥
আহ্বান কৰিছোঁ আহা জনগণ,
আমি সবে কৰোঁ পণ,
বিন্দু মাত্ৰ তেজ থাকে মানে শৰীৰত
প্ৰশ্ৰয় নিদিওঁ দুৰ্বৃত্তক।
যি দুৰ্বৃত্তই দানৱ ৰূপ লৈ
আমাৰ পথত প্ৰাচীৰ হৈ ৰয়
সেই দুৰ্বৃত্ত নিধন যজ্ঞত যদি হয় প্ৰয়োজন
দিম হাঁহি হাঁহি আত্মবলিদান।

[ ১৫ ]

॥ হবি তই সাৱধান ॥

হিল দল ভাঙি আকৌ আহিল
আকৌ আহিল শত্ৰুগণ,
হাবি বন ভাঙি ছাউনী পাতি
ৰিঙিয়াই দিছে ৰণাহ্বান॥
চৌদিশে জ্বালি ৰণৰ অগনি
দহিলে দেশৰ কোমল প্ৰাণ
নুমাব লাগিব লেলিহান শিখা
জাগ অসমৰ ন যোৱান॥
(পিছে) আগ পিছ চাই যুঁজিবি ৰণুৱা
এইবাৰ যুঁজ টান,
বদন, বিভীষণ শত্ৰু সাৰথি
হবি তই সাৱধান॥

[ ১৬ ]

॥ আজি তোৰ ৰক্ষা নাই॥

দেশৰ হেৰ ঘোৰ শত্ৰু, কাল শত্ৰু
আজি তোৰ কতো ৰক্ষা নাই,
পিতৃ-মাতৃ, ভাতৃ ৰূপে
নেতা নেত্ৰী বন্ধু ৰূপে
অভিনয় কৰি নাশিলি
মোৰ সোণৰ অসমী আইক
আজি তোৰ ৰক্ষা নাই।

তোৰ মুখাৰ তলৰ কুৎসিত ৰূপ
চিনিছোঁ‌ আমি অসমীয়াই
দৈত্য দানৱ ড্ৰেগনৰ দাঁত
ভাঙি দিম আমি অসমীয়াই
দলদোপ দোপ ৰণ প্ৰাঙ্গণ
শত্ৰু নিধন আমাৰ পণ
প্ৰাণ দিম আমি নিদিওঁ অসম
এই যে আমাৰ জীৱন ধন।

ল পতাকা ল হেংদাং,
ৰণ সজ্জাৰে তুলি ঝন ঝন্
ব’ল আগুৱাই আগুৱাই ব'ল
হিংস্ৰপশু কৰোঁ নিধন
দৈত্য দানৱ কৰোঁ নিধন
নিঃশেষ কৰি শত্ৰুগণ
পূজোঁ মাতৃৰ চৰণতল
চল চল চল আগুৱাই চল
মাতৃপূজাৰ সময় হ'ল

[ ১৭ ]

হুঙ্কাৰি উঠ অসমীয়া ভাই
স্বৰগ মৰত ভুৱন কঁপাই
মাতৃপূজাৰ শুভ লগনত
মৃত্যুশঙ্কা নাই আমাৰ
মৃত্যুশঙ্কা নাই
হেৰ ঘোৰ শত্ৰু, কাল শত্ৰু,
আজি তোৰ কতো ৰক্ষা নাই।

[ ১৮ ]

॥ নিকা হ’ক এই মাটিখান ॥

তলমল জীৱনৰ খৰতৰ স্ৰোতেৰে
 তুলি যাওঁ উত্তাল বান,
মৰা সুঁতি বিল খাল আছে যত সমাজৰ
 কৰি যাওঁ সকলো সমান,
 নিকা হ’ক এই মাটিখান।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।