পৃষ্ঠা:অশান্ত জন্মভূমি.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হুঙ্কাৰি উঠ অসমীয়া ভাই
স্বৰগ মৰত ভুৱন কঁপাই
মাতৃপূজাৰ শুভ লগনত
মৃত্যুশঙ্কা নাই আমাৰ
মৃত্যুশঙ্কা নাই
হেৰ ঘোৰ শত্ৰু, কাল শত্ৰু,
আজি তোৰ কতো ৰক্ষা নাই।