পৃষ্ঠা:অশান্ত জন্মভূমি.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ নিকা হ’ক এই মাটিখান ॥

তলমল জীৱনৰ খৰতৰ স্ৰোতেৰে
 তুলি যাওঁ উত্তাল বান,
মৰা সুঁতি বিল খাল আছে যত সমাজৰ
 কৰি যাওঁ সকলো সমান,
 নিকা হ’ক এই মাটিখান।