শ্ৰীশ্ৰী স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতা/চিকাগোৰ সৰ্বধৰ্ম্ম মহাসভাৰ অভ্যৰ্থনাৰ উত্তৰ

[  ]

চিকাগোৰ সৰ্বধৰ্ম্ম মহাসভাৰ
অভ্যৰ্থনাৰ উত্তৰত দিয়া
অভিভাষণ।

১১ চেপ্তেম্বৰ, ১৮৯৩।

 আমেৰিকাবাসী সমবেত ভনী আৰু ভাইসকল! আপোনালোকে আমাক যি আদৰ আৰু সৰল আন্তৰিক অভ্যৰ্থনা কৰিছে, তাৰ উত্তৰত দু আষাৰমান কথা কবলৈ থিয় হোৱাত মোৰ অন্তৰ অবৰ্ণনীয় আনন্দত পূৰ্ণ হৈ উঠিছে। জগতৰ (সকলোতে কৈ পুৰনি) প্ৰাচীনতম সন্ন্যাসী সমাজৰ নাম লৈ আজি মই আপোনাসকলক ধন্যবাদ জনাইছোঁ। সৰ্ব্ব ধৰ্ম্ম প্ৰসূতি স্বৰূপ সত্য সনাতন হিন্দু ধৰ্ম্মৰ নামত মই আপোনাসকলক ধন্যবাদ দিছোঁ; হিন্দুজাতিৰ সমস্ত সম্প্ৰদায় আৰু কোটী কোটী হিন্দু নৰ-নাৰীৰ মুখ স্বৰূপ হৈ আজি মই আপোনাসকলক নথৈ ধন্যবাদ দিছোঁ৷

 আজিৰ এই সভা মন্দিৰত কেইজনমান সুবক্তাই প্ৰাচ্যদেশৰ প্ৰতিনিধি সকলক উদ্দেশ কৰি কৈছে যে বহু দূৰ দেশৰ পৰা অহা এই লোকসকলে সকলো দেশতে ধৰ্ম্ম বিষয়ত সমদৰ্শিতা ভাৱ প্ৰচাৰ কৰাৰ গৌৰৱ কৰিব পাৰে। যি সকলে এই ভাৱ প্ৰকাশ কৰিছে তেখেতসকলক মই ধন্যবাদ নিদি থাকিব নোৱাৰোঁ। যি ধৰ্ম্ম-জগতক চিৰকাল সমদৰ্শন আৰু সৰ্ব্ববিধ মত গ্ৰহণৰ বিষয় শিক্ষা দি আহিছে, মই সেই ধৰ্মাৱলম্বী বুলি [  ] নিজকে নিজে গৌৰৱান্বিত কৰোঁ। আমি যে অকল অন্য ধৰ্মাৱলম্বীক সমদৃষ্টিৰে চাওঁ এনে নহয়—আমি সকলো ধৰ্ম্মকে সত্য বুলি বিশ্বাস কৰোঁ। যি ধৰ্ম্মৰ পৱিত্ৰ সংস্কৃত-ভাষাত ইংৰাজী “এক্‌সক্লুজন” (অৰ্থাৎ হেয় বা পৰিতাজ্য) শব্দটি কোনোমতে অনুবাদ কৰিব নোৱাৰি, মই সেই ধৰ্ম্মাৱলম্বী। যি জাতিয়ে পৃথিবীৰ সকলো ধৰ্ম্ম আৰু সকলো জাতিৰ পৰিত্যক্ত, উৎপীড়িত আৰু আশ্ৰয় বিচৰা সকলক চিৰকাল অকাতৰে আশ্ৰয় দি আহিছে, মই সেই জাতিৰ অন্তৰ্ভুক্ত বুলি নিজকে নিজে গৌৰবান্বিত কৰোঁ।

 যি বছৰ ৰোমানবিলাকৰ ভয়ঙ্কৰ উৎপীড়ণত ইহুদী জাতিৰ পৱিত্ৰ দেৱালয় চূৰ্ণীকৃত হয়, সেই বছৰতেই তেওঁবিলাকৰ কিছুমানে আশ্ৰয় বিচাৰি দক্ষিণ ভাৰতবৰ্ষলৈ আহিছিল, আৰু তেওঁবিলাকক আমাৰ জাতিৰ মানুহেই সাদৰেৰে সাবটি ধৰি আশ্ৰয় দিছিল। এই কাৰণেও মই নিজকে নিজে গৌৰবান্বিত কৰোঁ। জোড়োৱাস্ত্ৰীৱানৰ অনুগামী সুবৃহৎ পাৰছী জাতিৰ অৱশিষ্টাংশক যি ধৰ্ম্মই আশ্ৰয় দান কৰিছিল আৰু আজিলৈকে যি ধৰ্ম্মই তেওঁবিলাকক প্ৰতিপালন কৰি আছে— মই সেই ধৰ্ম্মাৱলম্বী। কোটী কোটী নৰ-নাৰীয়ে যি স্তোত্ৰটি প্ৰতিদিন গায়; আৰু যিটিক মই অতি বাল্যাৱস্থাৰ পৰা আবৃত্তি কৰি আহিছোঁ, সেই শ্লোকটিৰে কেই ফাঁকিমান আপোনাসকলক গাই শুনাওঁ—“ৰুচীনাং বৈচিত্ৰ্যা দৃজুকুটিল নানা পথ জুষাং। নৃণামেকো গম্যস্ত্বমসি পয়সা মানবঃ ইব।” অৰ্থাৎ— হে প্ৰভু, [  ] যেনেকৈ সকলো পানীৰ গম্যস্থান সাগৰ, সেইদৰে তুমিয়েই ভিন্ন ভিন্ন ৰুচিৰ কাৰণে সৰল আৰু কুটিল প্ৰভৃতি নানা পথগামী সকলৰ একমাত্ৰ গম্যস্থান।

 এই বৰ্ত্তমান মহতী ধৰ্ম্ম-সমিতিয়ে গীতাৰ প্ৰচাৰিত সেই অপূৰ্ব্ব মতকে সমৰ্থন কৰিছে। সেই মতটি হৈছে—“যে যথা মাং প্ৰপদ্যন্তে তাং স্তথৈব ভজ্যাম্যহম্। মম বত্মানুবৰ্ত্তন্তে মনুষ্যাঃ পথি সৰ্ব্বশঃ।” অৰ্থাৎ—যেয়ে যেনেকৈ মোক আশ্ৰয় কৰে, মই সেই ভাবেই তেওঁক অনুগ্ৰহ কৰোঁ। হে অৰ্জ্জুন! মানুহবিলাকে সকলো প্ৰকাৰে মন্নিৰ্দি্দষ্ট বাটেৰেই চলি আছে।

 সাম্প্ৰদায়িকতাই সঙ্কীৰ্ণতা আৰু ইয়াৰ ফল স্বৰূপ ধৰ্ম্মোমত্ততাই এই সুন্দৰ পৃথিৱীক বহু কালৰ পৰা আয়ত্তাধীন কৰি ৰাখিছে। এই ধৰ্ম্মোমত্ততাই জগতৰ মহা উপদ্ৰৱবিলাক উৎপাদন কৰিছে। এই ধৰ্ম্মোমত্ততাই কতবাৰ পৃথিৱীক ৰঙা তেজেৰে ৰাঙলী কৰিছে; আৰু কতবাৰ যে সভ্যতাৰ নিধন সাধন কৰিছে; আৰু জগতৰ জাতিবিলাকক হতাশ-সাগৰত পেলাই ওপঙাই লৈ ফুৰাইছে তাৰ লেখ জোখ নাই। এই ভীষণ পিশাচ যদি নাথাকিলহেঁতেন, তেন্তে মানৱ-সমাজ আজি কিমান দূৰ আগুৱালেহেঁতেন! কিন্তু ইয়াৰ মৃত্যু-কাল উপস্থিত হৈছেহি। আৰু মই সৰ্ব্বতোভাৱে ইয়াকে আশাকৰোঁ যে, এই ধৰ্ম্ম-সমিতিৰ সন্মানাৰ্থে আজি যি বিজয় ঘণ্টা-ধ্বনি চাৰিওফালে বাজি উঠিছে সেই ঘণ্টা-ধ্বনিয়ে যেন সকলো প্ৰকাৰ ধৰ্ম্মোমত্ততাৰ তৰোৱাল নাইবা মৃত্যু ঘোষণা কাৰক কুতৰ্কাদিৰ পৰা উদ্ভৱ হোৱা বহুবিধ [ ১০ ] খিয়লা-খিয়লি বিনাশ কৰোক; আৰু এক চৰম লক্ষ্যত অগ্ৰসৰ হোৱা সকলো প্ৰকাৰ অসদ্ভাৱৰ সমূলে নিধন সমাচাৰ ঘোষণা কৰোক!

____________