পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

নিজকে নিজে গৌৰৱান্বিত কৰোঁ। আমি যে অকল অন্য ধৰ্মাৱলম্বীক সমদৃষ্টিৰে চাওঁ এনে নহয়—আমি সকলো ধৰ্ম্মকে সত্য বুলি বিশ্বাস কৰোঁ। যি ধৰ্ম্মৰ পৱিত্ৰ সংস্কৃত-ভাষাত ইংৰাজী “এক্‌সক্লুজন” (অৰ্থাৎ হেয় বা পৰিতাজ্য) শব্দটি কোনোমতে অনুবাদ কৰিব নোৱাৰি, মই সেই ধৰ্ম্মাৱলম্বী। যি জাতিয়ে পৃথিবীৰ সকলো ধৰ্ম্ম আৰু সকলো জাতিৰ পৰিত্যক্ত, উৎপীড়িত আৰু আশ্ৰয় বিচৰা সকলক চিৰকাল অকাতৰে আশ্ৰয় দি আহিছে, মই সেই জাতিৰ অন্তৰ্ভুক্ত বুলি নিজকে নিজে গৌৰবান্বিত কৰোঁ।

 যি বছৰ ৰোমানবিলাকৰ ভয়ঙ্কৰ উৎপীড়ণত ইহুদী জাতিৰ পৱিত্ৰ দেৱালয় চূৰ্ণীকৃত হয়, সেই বছৰতেই তেওঁবিলাকৰ কিছুমানে আশ্ৰয় বিচাৰি দক্ষিণ ভাৰতবৰ্ষলৈ আহিছিল, আৰু তেওঁবিলাকক আমাৰ জাতিৰ মানুহেই সাদৰেৰে সাবটি ধৰি আশ্ৰয় দিছিল। এই কাৰণেও মই নিজকে নিজে গৌৰবান্বিত কৰোঁ। জোড়োৱাস্ত্ৰীৱানৰ অনুগামী সুবৃহৎ পাৰছী জাতিৰ অৱশিষ্টাংশক যি ধৰ্ম্মই আশ্ৰয় দান কৰিছিল আৰু আজিলৈকে যি ধৰ্ম্মই তেওঁবিলাকক প্ৰতিপালন কৰি আছে— মই সেই ধৰ্ম্মাৱলম্বী। কোটী কোটী নৰ-নাৰীয়ে যি স্তোত্ৰটি প্ৰতিদিন গায়; আৰু যিটিক মই অতি বাল্যাৱস্থাৰ পৰা আবৃত্তি কৰি আহিছোঁ, সেই শ্লোকটিৰে কেই ফাঁকিমান আপোনাসকলক গাই শুনাওঁ—“ৰুচীনাং বৈচিত্ৰ্যা দৃজুকুটিল নানা পথ জুষাং। নৃণামেকো গম্যস্ত্বমসি পয়সা মানবঃ ইব।” অৰ্থাৎ— হে প্ৰভু,