পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)

যেনেকৈ সকলো পানীৰ গম্যস্থান সাগৰ, সেইদৰে তুমিয়েই ভিন্ন ভিন্ন ৰুচিৰ কাৰণে সৰল আৰু কুটিল প্ৰভৃতি নানা পথগামী সকলৰ একমাত্ৰ গম্যস্থান।

 এই বৰ্ত্তমান মহতী ধৰ্ম্ম-সমিতিয়ে গীতাৰ প্ৰচাৰিত সেই অপূৰ্ব্ব মতকে সমৰ্থন কৰিছে। সেই মতটি হৈছে—“যে যথা মাং প্ৰপদ্যন্তে তাং স্তথৈব ভজ্যাম্যহম্। মম বত্মানুবৰ্ত্তন্তে মনুষ্যাঃ পথি সৰ্ব্বশঃ।” অৰ্থাৎ—যেয়ে যেনেকৈ মোক আশ্ৰয় কৰে, মই সেই ভাবেই তেওঁক অনুগ্ৰহ কৰোঁ। হে অৰ্জ্জুন! মানুহবিলাকে সকলো প্ৰকাৰে মন্নিৰ্দি্দষ্ট বাটেৰেই চলি আছে।

 সাম্প্ৰদায়িকতাই সঙ্কীৰ্ণতা আৰু ইয়াৰ ফল স্বৰূপ ধৰ্ম্মোমত্ততাই এই সুন্দৰ পৃথিৱীক বহু কালৰ পৰা আয়ত্তাধীন কৰি ৰাখিছে। এই ধৰ্ম্মোমত্ততাই জগতৰ মহা উপদ্ৰৱবিলাক উৎপাদন কৰিছে। এই ধৰ্ম্মোমত্ততাই কতবাৰ পৃথিৱীক ৰঙা তেজেৰে ৰাঙলী কৰিছে; আৰু কতবাৰ যে সভ্যতাৰ নিধন সাধন কৰিছে; আৰু জগতৰ জাতিবিলাকক হতাশ-সাগৰত পেলাই ওপঙাই লৈ ফুৰাইছে তাৰ লেখ জোখ নাই। এই ভীষণ পিশাচ যদি নাথাকিলহেঁতেন, তেন্তে মানৱ-সমাজ আজি কিমান দূৰ আগুৱালেহেঁতেন! কিন্তু ইয়াৰ মৃত্যু-কাল উপস্থিত হৈছেহি। আৰু মই সৰ্ব্বতোভাৱে ইয়াকে আশাকৰোঁ যে, এই ধৰ্ম্ম-সমিতিৰ সন্মানাৰ্থে আজি যি বিজয় ঘণ্টা-ধ্বনি চাৰিওফালে বাজি উঠিছে সেই ঘণ্টা-ধ্বনিয়ে যেন সকলো প্ৰকাৰ ধৰ্ম্মোমত্ততাৰ তৰোৱাল নাইবা মৃত্যু ঘোষণা কাৰক কুতৰ্কাদিৰ পৰা উদ্ভৱ হোৱা বহুবিধ