ৰজাৰ ল'ৰা আৰু শিয়াল


এক ৰজাৰ ল’ৰাই দেশ চাবৰ মনেৰে এটা ঘোৰাত উঠি ঘৰৰপৰা বাজ হ’ল৷ তেওঁ সেইদৰে দুই তিনিখন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজৰ বাট এটাতে তেওঁৰ গধূলি হ’ল৷ সেই সময়তে এটা শিয়াল হাবিৰপৰা ওলাই আহি সেই বাটতে ভেম জুৰি বহি আছিল৷ ৰজাৰ ল’ৰাই তাক দেখিয়েই মাত লগালে, “হেৰৌ!খোলাকটিৰ মূৰ খোৱা হেৰৌঁ!মোৰ ঘোৰাই ভয় খাব;আঁতৰ হ!নহলে মই নামিবলৈ পালে তোৰ ককালৰ জোৰা ভাঙিম!”শিয়ালে উত্তৰ দিলে, “মই আঁতৰ হব নোৱাৰোঁ৷ তোৰ ঘোৰা এফলীয়াকৈ লৈ যা৷ ” একোপধ্যে শিয়াল বাটৰপৰা নাতৰা দেখি ৰজাৰ ল’ৰাই তেওঁৰ ঘোৰা এফলীয়াকৈ লৈ গ’ল৷ কিন্তু যাওঁতে কৈ গ’ল “থাক,তই আজি থাক!আজি নিশা হ’ল,তোক আৰু নোজোকাওঁ;মই ঘূৰি আহোঁগৈ;দেখিম তই মোৰ ভৰিত দীঘল দি পৰ নে নপৰ৷ ”ৰজাৰ ল’ৰাৰ কথা শুনি শিয়ালেও ক’লে, “যা যা ঘূৰিয়েই আহগৈ৷ তয়ে মোৰ ভৰিত পৰ নে ময়েই তোৰ ভৰিত পৰোঁ চাম৷ ”

এইদৰে চুপতা-চুপতি কৰি ৰজাৰ ল’ৰা গাঁৱৰ ফালে গুচি গ’ল৷ শিয়ালও তাতে বহি থাকিল৷ বৰকৈ ৰাতি হোৱা দেখি ৰজাৰ ল’ৰা এক গৃহস্থৰ ঘৰত আলহী ৰবলৈ বুলি সোমাল৷ সোমাই যাওঁতেই তেওঁ তেওঁৰ ঘোৰাটোগৃহস্থক নোকোৱাকৈ সেই গৃহস্থৰে তেলীশালত বান্ধি থৈ গৈ শুদা মানুহটো থাকিবৰ নিমিত্তে গিৰিহঁতক ঠাই খুজি লৈ ৰাতিটো পৰি থাকিল৷ পিছদিনা পুৱাই গিৰিহঁতে তেলীশালৰ ফালে গৈ দেখিলে যে তাত এটা ঘোৰা বন্ধা আছে৷ ঘোৰাটো দেখিয়েই সি ৰিঙিয়াই কবলৈ ধৰিলে-“ঔ আমাৰ তেলীশালে ঘোৰা এটা জগালে ঔ!” এইবুলি বাৰে বাৰে কৈ সি ৰঙত নাচিবলৈ ধৰিলে৷ এনেতে ৰজাৰ ল’ৰাই সাৰ পাই উঠি আহি তেওঁৰ ঘোৰাটো গৃহস্থই নিজৰ ঘোৰা বোলা দেখি আচৰিত মানি ক’লে, “কেলেই,এইটো মোৰ ঘোৰা৷ কালি ৰাতি মই আহোঁতে লৈ আহিছিলোঁ,আৰু ইয়াতে বান্ধি থৈ গৈছিলোঁ৷ ক’ৰ তোমাৰ তেলীশালে ঘোৰা জগালে হেঁ?দিয়া মোৰ ঘোৰাটো মই লৈ যাওঁ৷ ”যেই ৰজাৰ ল’ৰাই এইদৰে ক’লে,গিৰিহঁতে তেওঁক গালি-শপনি পাৰি সাং কৰিলে,আৰু মাথোন ছুই হে নিকিলালে৷ শেহত ৰজাৰ ল’ৰাই একো উপায় নাপাই সেই ঠাইৰ ৰজাৰ আগত গোচৰ দিলেগৈ৷ ৰজাই গৃহস্থক ধৰাই নি সেই কথা সুধিলত,সি তাৰ তেলীশালে সেইটো ঘোৰা জগালে বুলি কৈ তাৰ ফলীয়া সাক্ষী-বাদী দিলে৷ ৰজাই ৰজাৰ ল’ৰাক “তোমাৰ কোন সাক্ষী আছে”বুলি সুধিলত,ৰজাই ল’ৰাই ক’লে, “মোৰ সাক্ষী কোনো নাই৷ ৰাতি আনি মই ঘোৰা বান্ধি থৈছিলোঁ,কোনেও দেখা নাছিল৷ ”ৰজাই ক’লে, “তোমাৰ সাক্ষী নাই যদি এইখন মিছা গোচৰ৷ তুমি ঘোৰা অনাই নাই,আৰু এইটো ঘোৰা তোমাৰ নহয়৷ ” এই কথা শুনি ৰজাই ল’ৰাই বিমোৰত পৰি অলপ ভাবি থাকি মাত লগালে, “সৰ্গদেও,মই ঘোৰা অনা সঁচা৷ মই ৰাতি ঘোৰা আনিছিলোঁ,সেইদেখি মোক কোনেও দেখা নাছিল;আৰু দেখিছিল যদিও মই হলে দেখা নাছিলোঁ৷ বাটত এটা শিয়ালে মাথোন মোক ঘোৰাত উঠি অহা দেখিছিল৷ সৰ্গদেৱৰ আদেশ হলে সেই শিয়ালটোকে আনিবলৈ বিচাৰি যাব পাৰোঁ৷ ”ৰজাই উত্তৰ দিলে, “বেছ কথা,যোৱা,শিয়ালটোকে মোৰ ওচৰলৈ পাৰা যদি মাতি লৈ আহাঁগৈ৷ ”

ৰজাৰ ল’ৰাই এই কথা শুনি তেতিয়াই শিয়ালটো বিচাৰি তেওঁ অহা বাটে বাটে গ’ল৷ গৈ গৈ সেই আগৰ ঠাই পাই তেওঁ দেখিলে যে শিয়ালটো সেইখিনিতে আগৰদৰেই ভেম জুৰি বহি আছে৷ ৰজাৰ ল’ৰাই ইফালৰপৰা আমন-জিমনকৈ খোজকাঢ়ি যোৱা দেখি শিয়ালে মাত লগালে,-“কি হেঁ ৰজাৰ পোৱালি!বোলোঁ এইবাৰ দেখোন শেনৰ এক জাত হে একা?ঘোৰা ডোখৰ গ’ল ক’লৈ?”শিয়ালৰ এই কথা শুনি ৰজাৰ ল’ৰাই ক’লে, “মোক ক্ষমা কৰিবা,মই তোমাক বৰ কেটেৰা মাত দি গৈছিলোঁ৷ মই বৰ বিপদত পৰিছোঁ;সেইদেখি হে তোমাৰ কাষলৈ আহিছোঁ৷ মোক বিপদৰপৰা উদ্ধাৰ কৰিব লাগে৷ ”শিয়ালে ক’লে, “মোৰ খং নাই৷ তোমাৰ কি হ’ল কোৱাঁ?”পাছে ৰজাৰ ল’ৰাই ক’ত সোমাইছিলগৈ,কেনেকৈ গিৰিহঁতে তেওঁৰ ঘোৰা ৰাখিলে,আগৰপৰা গুৰিলৈকে সকলোবোৰ কথা ক’লত,শিয়ালে মন দি শুনি কলে, “তুমি এতিয়া যোৱাঁ৷ আজি মই নাযাওঁ,কাইলৈ মই ঠিক সময়ত সাক্ষী দিবলৈ যাম বুলি ৰজাক কোৱাঁগৈ৷ ”

পিছদিনা আবেলি পৰত শিয়ালে এটা হোলাত নামি গাটো তিয়াই লৈ,আলিৰ কাষত পৰি ছাই এসোপাত লুটিবাগৰ দি গোটেইটো গাত ছাই সানি ৰজাৰ চ’ৰাত ওলালগৈ৷ ৰজাই শিয়ালক দেখি সুধিলে, “কি হে ডেকা ৰজা! আজি বোলোঁ নো তোমাৰ সভালৈ অহা পলম হ’ল কিয়?”শিয়ালে ক’লে, “সৰ্গদেও,আজি মোৰ দুখৰ কথা নো কি ক’ম?আজি সাগৰত জুই লাগি কি থৈছে৷ -গোটেইখন ৰাঙলী হৈ পৰিছিল৷ ইমান পৰ মই জুই নুমাওঁতে হাইৰণা হলোঁ৷ সেই হে মোৰ গাৰ এই অৱস্থা হ’ল আৰু অহাত পলম হ’ল৷ ”শিয়ালৰ কথা শুনি ৰজাই ক’লে, “আমাৰ ডেকা-ৰজাই কেতিয়াবা কেতিয়াবা বৰ অসম্ভৱ কথাবোৰ কয়৷ কৰবাত সাগৰত নো জুই লাগিব পাৰেনে?”শিয়ালে লাহেকৈ মাত লগাই ৰজাক সুধিলে, “সৰ্গদেও,পানীত যে জুই লাগিব নোৱাৰে,কাঠৰ তেলীশালে নো কেনেকৈ ঘোৰা এটা জগাব পাৰে?”শিয়ালৰ মুখৰপৰা এই কথাষাৰ ওলোৱা মাত্ৰকে ৰজা-প্ৰজা সকলোৱে হাত চাপৰি মাৰি শিয়ালক শলাগিবলৈ ধৰিলে;আৰু তেতিয়াই ৰজাই ঘোৰাটো ৰজাৰ ল’ৰাক দি পঠিয়াই দিলে৷ ইয়াৰ পিছত শিয়ালেৰে সৈতে সখি বন্ধাই ৰজাৰ ল’ৰা নিজ দেশলৈ গুচি গ’ল৷