ৰঙ্গিলী/প্ৰথম অধ্যায়
ৰঙ্গিলী
⸺····⸺
প্ৰথম অধ্যায়
⸺···⸺
ৰঙ্গিলী
আমাৰ কাহিনীৰ আৰম্ভ ১৮১৫ খৃষ্টাব্দত। অসমৰ ৰজা কামলেশ্বৰ সিংহ স্বৰ্গী হােৱাত তেওঁৰ ভায়েক ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে ১৮০০ খৃষ্টাব্দৰপৰা অসমৰ ৰাজপাটত বহিছে। ৰজাৰ বয়স কম থকাৰ বাবে ৺পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ মূৰত ৰাজ্যৰ সকলাে ভাৰ আছিল। গুৱাহাটীত তেতিয়া বদনচন্দ্ৰ বৰফুকন আছিল।
এই সময়ত ৰংপুৰৰ জয়সাগৰ গাঁৱত ভালেমান আহােম, কলিতা, কোঁচ ইত্যাদি জাতিৰ মানুহ আছিল। গাঁওখন দিখৌ নৈৰ পাৰত মানুহে ভৰপূৰ, শস্যে-মৎস্যে অতুলনীয়। ৰজাৰ কাৰেঙৰ পৰা প্ৰায় এমাইল মাথোন আঁতৰত।
এই মানুহবিলাকৰ প্ৰায় সকলোবােৰেই ৰজাঘৰৰ খাটনিয়াৰ। আহােম আৰু চুতীয়াসকলৰ ভিতৰত কেৱে শেনচোৱা, কেৱে কুকুৰা[ ৭ ] চোৱা, কেৱে ধেনুচোঁচা, কেৱে লাঠিকৰা, কেৱে হিলৈদাৰী। কলিতা কোঁচ ইত্যাদি সকলৰ চুবুৰিত কেৱে কাকতী, কেৱে বৰুৱা ইত্যাদি বিষয় আৰু খাটনিয়াৰ আছিল। আন এচুবুৰিত চাৰি পাঁচ ঘৰ ব্ৰাহ্মণৰ বসতি আছিল। ব্ৰাহ্মণসকলৰ ভিতৰত কেৱে ৰজাঘৰীয়া পূজাৰি, কেৱে বিধিপাঠক, কেৱে ন্যায়সোধা, কেৱে পুৰোহিত ইত্যাদি বাবৰ আছিল।
আহোমসকলৰ ভিতৰত নৰহৰি শেনচোৱা, আৰু ভূত কুকুৰাচোৱা এই দুই গৰাকী লোক সেই সময়ত বৰ প্ৰসিদ্ধ আছিল। কোঁচ কলিতাসকলৰ ভিতৰত তোলন কাকতী আৰু মণিৰাম মেধি জনাজাত মানুহ আছিল। ব্ৰাহ্মণসকলৰ ভিতৰত প্ৰায় আটাই কেই ঘৰেই প্ৰসিদ্ধ মানুহ আছিল। নৰহৰি শেনচোৱাৰ সেই সময়ত এজনী চৈধ্য পোন্ধৰ বছৰ বয়সীয়া জীয়েক, এটা বাৰ তেৰ বছৰ বয়সীয়া পুতেক, আৰু পৰিবাৰ এগৰাকী আছিল। নৰহৰিৰ জীয়েকৰ নাম ৰঙ্গিলী। ছোৱালীজনী গাভৰু, নিয়মিত ওখ, শৰীৰ হৃষ্ট-পুষ্ট, বৰণত বগা, অথচ গোটেই গায়ে যেন তেজে ফুটি-যাওঁ ফুটি-যাওঁ কৰা। গাল দুখনি তুলতুলীয়া ৰঙা, যেন সেন্দুৰহে সানি থৈছে। হাত ভৰিবিলাক নোদোকা অথচ নিপোটল। চকুজুৰি উজ্জ্বল। চুলিকোছা বৈ পৰা। স্বভাৱত ছোৱালীজনী বৰ স্ফুৰ্ত্তিৰ, সদায় হাঁহিমুখী, আনকি নমতা মানুহৰো মাত উলিয়াব পৰা বিধৰ; খুহুতালি কথা কোৱাত পাৰ্গত। ঘৰৰ বনে বাৰিয়েও দলহ্-দপহ,। তাই মাকৰ হাত আগুৰা আছিলেই, তদুপৰি প্ৰায় ঘৰখনকে তায়ে কৰি মেলি খুৱাইছিল। মাছ মৰাত, ভূঁই ৰোৱাত, বিহুৰ গীত গোৱাত আৰু নাচোনত তাই আগৰণুৱা আছিল। মাঘৰ বিহু আহিলেই তাই নাম পদ গীত গাই নাচি-বাগি ফুৰিলেও বিহুৰ নিমিত্তে মাক, বাপেক, ভায়েক, ওচৰ চুবুৰীয়া ডেকা গাভৰু সকলোৱে [ ৮ ] নিমিত্তে তাই চিৰা সান্দহ খুন্দিছিল, পিঠা-পনা ভাজিছিল। বহাগৰ বিহু আহিলেই তাই গোটেইটো চতৰ মাহতে দিনত ধমাধম্ বিহুৱান কাপোৰ বৈছিল। কিন্তু নিশা হলে বিহুত-তায়ে আগৰণুৱা হৈ গাই নাচি ফুৰিছিল। তাইৰ বিহুগীত, আৰু নাচোন আনতকৈ ভাল আৰু শুৱলা আছিল। বুদ্ধিও, ইমান, চোকা আছিল যে তাই মুখে মুখে জোৰা দি বিহুনাম গাব পাৰিছিল আৰু সকলো কথাকে তাই অলপতে বুজিছিল। আমাৰ এই কাহিনীৰ সময়লৈকে মাক-বাপেকে সপোনতো ভবা নাছিল যে তাইক কাৰবালৈ উলিয়াই দিব লাগিব। আৰু তায়ো প্ৰণয় কি এটা বস্তু ভালকৈ জনা নাছিল। মুকলিমূৰীয়া অসমীয়া জীয়াৰী মুকলিমূৰেই ফুৰিছিল।
⸻
দ্বিতীয় অধ্যায়
সৎৰাম
⸺:০:⸺
ৰঙ্গিলীহঁতৰ ঘৰৰ গাতে লগাকৈ ভূত কুকুৰাচোৱাৰ ঘৰ। ৰঙ্গিলীৰ বাপেক নৰহৰি যেনেকুৱা প্ৰসিদ্ধ শেনচোৱা, ভূতো সেইদৰে ৰজাঘৰৰ প্ৰসিদ্ধ কুকুৰাচোৱা আছিল। প্ৰভেদ এই আছিল যে নৰহৰিৰ নিতে ৰজাঘৰলৈ যোৱাৰ কাম নাছিল, তেওঁ ঘৰতে শেন শিকাইছিল আৰু নিজৰ খেতি-বাতি কৰিছিল। ভূতে কিন্তু সদায় পুৱাৰপৰা গধূলিলৈকে ৰজাঘৰৰ কুকুৰাচোৱাত ৰজাঘৰতে দিনটো কটাইছিল। এই ভূতৰ