[ ৩১ ]

নবম অধ্যায়

⸺:০:⸺

বিচিত্ৰী

 এই জয়সাগৰ গাঁৱতে ভদ নামেৰে এজন চুতীয়া ভাল মানুহো আছিল। তেওঁ ৰজাঘৰত চাংমাইৰ কাম কৰিছিল। তেওঁৰ ভাই ককাই কেও নাছিল। সংসাৰত তেওঁৰ সহধৰ্ম্মিণী, বিচিত্ৰী নামেৰে এজনী পোন্ধৰ বছৰ বয়সীয়া জীয়াৰী আৰু নোমল নামেৰে এটা এঘাৰ বছৰ বয়সীয়া লৰা আছিল। তেওঁৰ মাহেকত সাত দিন মাথোন ৰজাঘৰত নিশা ভাত ৰন্ধাৰ পাল আছিল। ঘৰৰ বন-বাৰী তেওঁৰ ঘৈণীয়েক আৰু জীয়েক বিচিত্ৰীয়ে কৰিছিল। তেওঁ সপৰিবাৰে খাবলৈ ৰজাঘৰৰপৰা ৰোজ পাইছিল। সেই দেখি তেওঁ নিজে কোনো খেতি-বাতি কৰিব লগা নাছিল। ঘৰত চাৰি পাঁচ জনী গাই খিৰাইছিল। সেই গাই তেওঁৰ পুতেক নোমলে চাৰিছিল বান্ধিছিল। জীয়েক ঘৈণীয়েকে ৰন্ধা-বঢ়া বোৱা-কটা ইত্যাদি কাম কৰিছিল। এই দৰেই তেওঁৰ গৃহস্থি সুখৰ আছিল।

 তেওঁৰ জীয়েক বিচিত্ৰী পূৰ্ণযৌৱনা হলেও তেওঁ জীয়েকক বিয়া দি উলিয়াই দিবলৈ অথবা ঘৰতে লৰা এটা হলেও চপাই লবলৈ কোনো কাৰবাৰকে কৰা নাছিল। তেওঁ ভাবিছিল তেওঁৰ জীয়েক সৰু; সেই দেখি, আৰু বিশেষকৈ জীয়াৰীৰ হাতে কৰা-মেল খাবলৈ পাই তেওঁ জীয়েকৰ বিষয়ে ভবাই নাছিল। [ ৩২ ] জীয়েকে কিন্তু যেতেকে এমাহ দুমাহকৈ পোন্ধৰ বছৰ পাৰ হৈ ষোল বছৰত ভৰি দি এখোজ-দোখোজকৈ পূৰ্ণযৌৱনৰ ফালে আগবাঢ়িছিল, তেতেকে তাইক ফাগুণমহীয়া বতাহে, কুলিৰ মিঠা মাতে, ফুলি থকা ফুলৰ সৌৰভে, আৰু দৃশ্যে, মতলীয়া কৰি তুলিছিল। তাইৰ যেন কিবা এটা অভাব আছে, এইটো তাই বৰকৈ অনুভব কৰিছিল।

 ফুল ফুলিলে যেনেহলেও যৰে তৰেপৰা এটা আদখন ভোমোৰা ওলায়হি। এইটো প্ৰকৃতিৰ নিয়ম। যদিও বিচিত্ৰী ফুলৰ জন্মদাতা ভদ চাংমায়ে পৰাপক্ষত কোনো ভোমোৰাকে ফুলজুপীৰ ওচৰ চাপিবলৈ নিদিছিল, তথাপি লাঠুৱা ভোমোৰাই ছেগ বুজি সেই ফুলৰ ওচৰে-সামৰে ঘূৰি ফুৰিবলৈ ক্ৰুটী কৰা নাছিল। আজি প্ৰায় বছেৰেক মানৰে পৰা সেই গাৱৰে মনাই নামেৰে ডেকা এজনে ভদ চাংমাই ঘৰত নাথাকি ৰজাঘৰলৈ গধূলিতে ভাত ৰান্ধিবলৈ যোবা গম পালেই বিচিত্ৰীৰ ওচৰ চাপি তাইৰে সৈতে প্ৰেমালাপ কৰিবলৈ, তাইক তাৰ অকপট প্ৰেম জনাবলৈ কম কৰা নাছিল। তাইও মনাইক নিজৰ জাতৰ কুলৰ ভাল ডেকা বুলি জানি তাৰ প্ৰেমালাপত অসন্তুষ্ট নহৈছিল। মাক বাপেকহঁতে নজনাকৈয়ে উভয়ে উভয়ৰ প্ৰেমৰ ডোলত বান্ধ খাইছিল।

 এই মনাইও গধূলি হলে ৰজাঘৰলৈ গৈ সি কেইজনে সৈতে ৰজাৰ আগত অমোদ-প্ৰমোদ কৰি কাল কটাইছিল।