চৰিত্ৰসমূহসম্পাদনা কৰক

  • ভাৱৰীয়া-ভাৱৰীয়ানী
    • তিৰোতা
    • ৰুক্মিণী বৰা - গোলোক বৰাৰ গৃহিণী, আই-এ পাছ, নাৰী-সমিতিৰ সম্পাদিকা।
    • কান্দুৰী - গোলোক বৰাৰ বান্দী।


    • মুনিহ
    • গোলোকচন্দ্ৰ বৰা – হাইস্কুলৰ হেডমাষ্টৰ, নামজ্বলা সাহিত্যিক।
    • পীতৰাম নেওগ - খৰিকাজান বাগিছাৰ গৰাকী, গোলোক বৰাৰ বন্ধু আৰু ওচৰচুবুৰীয়া।
    • ললিতা নেওগ - পীতৰামৰ গৃহিণী, বি-এ পাছ।
    • টেপু - গোলোক বৰাৰ পুতেক। বয়স দহ বছৰ।
    • মোলোকা - টেপুৰ লগৰীয়া ল'ৰা।


প্ৰথম দৰ্শনসম্পাদনা কৰক

স্থান- গোলোক বৰাৰ ঘৰৰ বহল "বাৰান্দা"। (বৰা চকী এখনত বহি আছে। তেওঁৰ হাতত কাপ; আগতে মেজ এখনত তুলাপাত। বৰা গভীৰ চিন্তাতনিমগ্ন। )

গোলোক : (স্বগত)। মোৰ মহাকাব্যখনৰ সঁজুলিবোৰতো ইমান ভাবিচিন্তি থিৰ কৰিলোঁ। সৰ্গ দহোটা হ'ব। কিন্তু লেখোঁ কি ছন্দত? অমিত্ৰাক্ষৰৰ ওপৰত মোৰ সিমান দখল নাই। মিত্ৰাক্ষৰৰ ওপৰত অৱশ্যে আছে। কিন্তু অমিত্ৰাক্ষৰ নহ'লে মহাকাব্যৰ আজিকালি মান ক'ত"
[পাছফালৰ পৰা ৰুক্মিণীৰ প্ৰৱেশ। ]

ৰুক্মিণী : বোলোঁ কাব্য ভাবি থাকিলেই (গোলোক বৰা উচাপ্ খাই উঠে। ) পেট ভৰিব নে? ঘৰত আজি খুদকণ এটাও নাই। যোৱাঁ, মহাজনৰ গোলাৰ পৰা উঠনা কৰিয়েই চাউল সেৰচেৰেক লৈ আহাঁগৈ। দৰ্মহা পালে তাৰ দামটো পঠিয়াই দিলেই হ'ব। নাৰী-সমিতিৰ কামত লাগি থাকি মোৰ উশাহ লবলৈকি সময় নাইকিয়া হৈছে। দেশৰ কাম নকৰিও নোৱাৰি। তুমি তোমাৰ মহাকাব্য লৈয়ে ব্যস্ত। দেশৰ কামত মোক সহায় কৰিবৰ নামটিও নাই।
গোলোক : বাৰু চাউল আনিবলৈ যাম এতিয়াই। তুমি একো চিন্তা নকৰিবা। তোমাৰ নাৰী-সমিতিৰ কামো সুকলমে হ'ব আৰু চাউল-ফাউল যি লাগে, এটাইবোৰ আহি পৰিব। কিন্তু তুমি কোৱাচোন, মোৰ কাব্যখন অমিত্ৰাক্ষৰ ছন্দত লেখিলে ভাল হ'ব নে মিত্ৰাক্ষৰ ছন্দত লেখিলে ভাল হ'ব? তুমি কোনটো পছন্দ কৰা? মই হ'লে ভাবি একো থিৰ কৰিব পৰা নাই। বোলোঁ তুমিয়েইচোন প্ৰথমতে মোক এইটো কামত সহায় কৰা।
ৰুক্মিণী : তুমি মিত্ৰ অমিত্ৰ যিহতে মন যায়, লেখি থাকা দেওহে। মোৰ মিত্ৰও ভাল অমিত্ৰও ভাল। সেইবোৰ ভাবিবৰ মোৰ আহৰি নাই। কাইলৈ আমাৰ নাৰী-সমিতিৰ অধিবেশন। কাব্যৰ কথা ভাবোঁ ছাৰি মোৰ মৰিবলৈকো আহৰি নাই।

[কান্দুৰীৰ প্ৰৱেশ। ]

কান্দুৰী : আয়ে নাৰী-কুমটিৰ কামোৰত এখন্তকো আহৰিকে নেপায়। দেউতায়ো যদি আকৌ তাৰ ওপৰতে দিনৌ ঘোষাপদৰ কাইব লেখি কাল কটাব লাগিল, তেন্তে এই ঘৰখন চলিব কেনেকৈ? সিফালে টেপু বোপাক লগুণ এডাল নিদিলে বামুণৰ ল'ৰাৰ গাত জাত থাকে কেনেকৈ? এই মাহতে সি এঘাৰত নপৰিল নে?
গোলোক : কথাটো ঠিক কৈছ কান্দুৰী। টেপুৰ লগুণদিয়নিখনো এই মাহৰ ভিতৰতে যেনেতেনেমতে পাতিবই লাগিব। এতিয়াই মই মহাজনপটীলৈ গৈ তাৰ নিমিত্তে বস্তু-বেহানিৰ দিহা কৰোঁগৈ। কিন্তু মই লেখিব খোজা মহাকাব্যখনৰ ছন্দটোৰ বিষয়ে একো ঠিক কৰিব নোৱাৰি বিমোৰত পৰি আছোঁ। সেই বিষয়ে তই মোক কিবা সহায় কৰিব পাৰনে কান্দুৰী?
[টেপুৰ প্ৰবেশ। ]

টেপু : আই মোৰ বৰ ভোক লাগিছে। কি আছে খাবলৈ দিয়া। নহ'লে মোৰ পেটৰ অগনিয়ে মোক দহি পেলাব।
ৰুক্মিণী : তইনো ক'ৰ পৰা ঘামিজামি ওলাইছহি? সেই পুৱাই তই ওলাই গলি, এতিয়ালৈকে দেখিবলৈ পাবলৈ নাই। কৰবাত দুষ্টালি কৰি ফুৰি এতিয়া খাওঁ খাওঁ ৰাইকহ হৈ ওলাইছহি। কান্দুৰীক খোজ। সেই হেদালিতে তাই পিঠাগুৰিৰ জলপানটো সজাই তুলি থৈছে হবলা, খাগৈ। মই নাৰী-সমিতিৰ কামত উশাহকে ল'বলৈ সময় পোৱা নাই।
কান্দুৰী : আহ বোপাই। আহ। ময়ে তোক খাবলৈ দিওঁগৈ।

[গোলোক বৰা আৰু কান্দুৰীৰ প্ৰস্থান। ]
[পীতৰামৰ প্ৰবেশ। ]

ৰুক্মিণী : আহক, আহক, বহক, বহক। আমাৰ ডাঙৰীয়া এতিয়াই ওলাই গ'ল। আপোনাৰ খবৰ কি? কেনে আছে?
পীতৰাম : কেনে থাকিম আৰু মিছেজ বৰা? মোৰ প্ৰাণ ওষ্ঠাগত। আৰু অসহ্য হৈ উঠিছে। সেই টেৰিয়ৰ নে ফেৰিয়ৰ কুকুৰটো মোৰ কাল হ'ল। তাক মই দুচকুৰে দেখিব নোৱাৰোঁ। ঘৰৰ ঘৈণীয়ে তাক লৈ ক'ত যে থব ভাবিকে নাপায়। তাক মূৰত থ'লে ওকণীয়ে খায়, মাটিত থ'লে পৰুৱাই খায় হৈছে। ভাবি চাওকচোন, মোৰ শুৱাপাটীত তাক শুৱায়। মোৰ গাখীৰ খোৱা বানবাটিত তাক গাখীৰ-ভাত খুৱায়। দেখিলে বিক্‌চিনাত মোৰ গা শিয়ঁৰি উঠে। মই মুখ বজালেই মোৰে সৈতে তেওঁৰ খনে খনে দন্দ হয়। মোৰ ঘৰ নহৈ বাঁহতল হ'ল মিছেজ বৰা! মই বৰ অশান্তিত আছোঁ বুজিছে নে? কোনোবাই যদি তেওঁ নজনাকৈ এই আপদটো আঁতৰাই দিব পাৰে মই তাক গোটাচেৰেক টকাকে দিবলৈ সাজু আছোঁ।
[টেপু কাষ চাপি আহে। ]

টেপু : নেওগ দদায়ে ঠিক কৈছে নে? ময়েই তাক আঁতৰাই দিয়াৰ দিহা কৰিব পাৰোঁ। অৱশ্যে আপুনি যদি পাঁচটকা ৰূপ খৰচ কৰে। মোৰ লগৰীয়া ল'ৰা এটা আছে। ধন পালে সিয়েই সেইটো কৰি দিব।
পীতৰাম : দিম মই পাঁচটকা ৰূপ, তই যদি সেইটো কাম কৰাই দিব পাৰ। কিন্তু মোৰ ঘৰৰ ঘৈণীয়ে ভূ পালে, মই গলোঁ জানি থবি।
ৰুক্মিণী : টেপু। তই কি বক্‌বক্ কৰিছ? তই বৰ দুষ্ট হৈছ। নেওগনীয়ে গম পালে, তোৰ নিমিত্তে আমি ঘৰঘৰোৱাহেৰে সৈতে তেওঁৰ মনান্তৰ হ'ব। তেওঁ কুকুৰটো কিমান ভাল পায়, তই দেখা নাই নে?
পীতৰাম : টেপুৱেও দেখিছে, ময়ো দেখিছোঁ। সেই দেখিয়েইহেতো সি মোৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে।
টেপু : আই। তুমি ভয় নেখাবা, মোৰ বুধি আছে। কেনেকৈ মই সেই কামটো কৰাওঁ চাই থাকা। কোনেও গম নাপায়। এতিয়া নেওগ দদায় মোক পাঁচটকা ৰূপ দিলেই কাৰ্য্য সিদ্ধি।
পীতৰাম : নে এই পাঁচটকা। কিন্তু সাৱধান, কোনেও ঘূণাক্ষৰে যেন এই কাৰ্য্যৰ যেন সম্ভেদ নেপায়।
টেপু : তুমি ভয় নকৰিবা দদাই। চাই থাকা, তোমাৰ টেপুৱে কি কৰে।
[ললিতাৰ প্ৰৱেশ। ]

ৰুক্মিণী : আহাঁ, আহাঁ, বহাঁ মোৰ ভনীটী। কাইলৈ আবেলি চাৰিবজাত আমাৰ নাৰী-সমিতিৰ অধিবেশন হ'ব। তুমি জাননী পাইছা নিশ্চয়। নাই পোৱা যদিও ময়ে এতিয়া দিলোঁ। তুমি আহিবই লাগিব। তাত প্ৰস্তাৱ এটা সমৰ্থন কৰাৰ বাব তোমাৰ গাত আছে।
ললিতা : কাইলৈ সভালৈ মই যাব পাৰিম নে নোৱাৰিম কব নোৱাৰোঁ। বাইদেও! ববিয়ে (কুকুৰটোৰ নাম) আজি ভালকৈ গাখীৰ-ভাত নেখালে। এতিয়াই দুটকা ৰূপ ভিজিট দি পশু-ডাক্তৰক মাতি আনিছিলোঁ। তেওঁ ববিক কাইলৈ কেষ্টৰ অইলৰ জুলাপ দিব বুলি কৈ গৈছে। যদি ববি ভালে থাকে সভালৈ যাম। ববিৰ টেম্পৰেছৰ লবলৈ থাৰ্মমিটাৰ এটা বিচাৰি আপোনাৰ কাষলৈ আহিছোঁ। যদি আছে মোক দিয়ক। মোৰটো ভাগি গ'ল। (পীতৰামৰ ফালে চাই) তুমি ইয়াত মেল মাৰি আছাঁহি। ববিৰ নৰিয়া। ঘৰত কোনো নাই। মই অকলে ভাবি মৰিছোঁ। লাগে বুলিলে ডাক্তৰ-ফাক্তৰ এজনকো মাতিবলৈ মানুহ এটা ঘৰত নাই। পশু-ডাক্তৰক মই নিজেহে গৈ মাতি আনিলোঁ।
পীতৰাম : ববিৰ গা ইমানকৈ বেয়া হৈছে বুলি মই নেজানিছিলো। যি হওক, মই যাম এতিয়া। গৈ যি পাৰোঁ এটা দিহা কৰিমগৈ। ববিৰ কিবা হ'ব লাগিলে আমি নিগমে বুৰিলোঁ।
ললিতা : ঠাট্টা কৰিব নেলাগে। কটা ঘাত চেঙা তেল নিদিবা। তুমি ইয়াতে বহি থাকা। চৰ্দ্দাৰী কৰিবলৈ তোমাৰ যাবৰ দৰকাৰ নাই। মই অকলৈ যি পাৰোঁ তাকে কৰিম।

[পীতৰামে টেপুৰ চকুলৈ চায় আৰু টেপু উঠি যায়। ] শুনিছে নে বাইদেও। সিদিনা ববিক বাটৰ কুকুৰ এটাই কামুৰিবলৈ খেদি আহিছিল। আমাৰ এই থোপোৰা ডাঙৰীয়াজনে ওচৰতে বহি আছিল, একোকে নকৰিলে। ববিৰ চিঞৰ শুনি মই ভিতৰৰ পৰা লৰি আহি ববিক কোলাত তুলি লৈ, সেই বাটৰুৱা কুকুৰটোক খেদাইহে সেই দিনা ববিক ৰাখিলোঁ। সেই ভয়তে তিনিদিনলৈকে ববিয়ে জ্বৰ ভুগিলে। (গিৰিয়েকলৈ চাই) তোমাক মই জানো। ববিৰ কিবা এটা হ'লে তোমাৰ পৰম সন্তোষ। এতিয়া সেইদৰে কৈ মোৰ সৈতে শঠামিতিৰখন পাতিব নেলাগে। বাইদেও! মই যাওঁহে এতিয়া। ববি ঘৰত অকলে আছে। তাৰ নিমিত্তেই মই ঘৰ এৰি কলৈকো যাব নোৱাৰা হলোঁ।
[প্ৰস্থান]

[  ওপৰলৈ যাওক]

দ্বিতীয় দৰ্শনসম্পাদনা কৰক

প্ৰথম অংকৰ একেখন ঠাইতে
পিছ দিনা
[ৰুক্মিণী আৰু পীতৰাম]

পীতৰাম : মিছেছ বৰা। এতিয়া দেখিছোঁ সিটোৱেই আছিল ভাল। সিটোতকৈ এইটোহে চৰা হ'ল। কালি কুকুৰটো নাইকিয়া হবৰে পৰা তেওঁ ভাত-পানী এৰি পাটীত পৰিল আৰু মোৰে সৈতে তেওঁৰ কথাবাৰ্ত্তা বন্ধ হ'ল। মোকে কিজানি সন্দেহ কৰিছে তাকো ক'ব নোৱাৰোঁ। অৱস্থা যেনে হৈ উঠিছে, এতিয়া পাৰিলে কুকুৰটো আকৌ অনাই দি ঘৰত শান্তি স্থাপন কৰিব পাৰিলে ৰক্ষা পাওঁ। নহ'লে কৰ পানী কলৈ যায় কব নোৱাৰোঁ।
ৰুক্মিণী : এৰা, হঠাত কাৰ্য্যটো কৰি পেলোৱা হ'ল। তাৰ ফল এনেকুৱা ওলোটাটো হ'ব বুলি কোনে জানিছিল?

[টেপুৰ প্ৰৱেশ]

তাক কি কৰিলি মোৰ বোপাই। কচোন?
টেপু : নেওগ দদায়ে যিহকে কৰিবলৈ কৈছিল তাকে কৰিলোঁ।
পীতৰাম : মাৰি পেলোৱা নাইতো? নাই মৰা যদি আকৌ আনি দে মোৰ মইনা। নহ'লে সেই মানুহজনীৰ বধৰ ভাগী হ'ব লাগিব। তাৰ শোকতে তেওঁ শুকাই-খীণাই মৰিব। পাৰ যদি মই আৰু দুই-চাৰি টকাকৈ খৰচ কৰিবলৈ সাজু আছোঁ।
টেপু : মৰা নাই ঠিক। কিন্তু যাৰ হতুৱাই এই কামটো কৰোৱা হ'ল, সি কম ভকত নহয়। দদাইদেও! সি সতকাই যে তাক উলিয়াই দিব এনে মনে নধৰে। তথাপি অলপ টকা-কড়িকে যাচি চাম।
পীতৰাম : নে এই দুটকা ৰূপ। ইয়াকে তাক দি কোনোমতে কুকুৰটো আনি আমাৰ ঘৰ পোৱাই দে মোৰ বোপাই।

টেপু : দুটকাত কি হ'ব দদাইদেও? দুটকা সি হাতেৰেই নোছোৱে।
পীতৰাম : নে আৰু দুটকা। (টকা দিয়ে) তথাপি কাৰ্য্যটো কৰি দে মোৰ সোণাই।
টেপু : (টকা লৈ)। বাৰু চেষ্টা কৰি চাওঁ দদাইদেও। পাৰিম কিজানি।

[গোলোক বৰা প্ৰৱেশ। হাতত এদিস্তা তুলাপাত। ]

গোলোক : (ৰুক্মিণীক)। নিয়া, এইয়া তোমাৰ বস্তু।
ৰুক্মিণী : (আচৰিত মানি)। কি নিম? কি মোৰ বস্তু? এই তুলাপাতবোৰ লৈ মই কি কৰিম? তোমাক বজাৰৰ পৰা চাউল আনিবলৈ আৰু টেপুৰ লগুণদিয়নিলৈ মই বস্তুৰ দিহা কৰিবলৈহে পঠিয়াইছিলোঁ।
গোলোক : (মূৰত হাত দি)। বাটত যাওঁতে যাওঁতে সেইটো পাহৰি গলোঁ টেপুৰ মাক। পাহৰি তুলাপাত এদিস্তা কিনো পেলালোঁ। বাৰু একো কথা নাই, আকৌ গৈ তোমাৰ ফৰ্ম্মাচী বস্তুবোৰ লৈ আহিমগৈ। এই তুলাপাতো সদ্যহতে মোৰ কামত লাগিব। বাটত আহোঁতে মোৰ মহাকাব্যখনৰ আৰম্ভণৰ ছশাৰীমান মনতে ৰচনা কৰি লৈ আহিছোঁ। বেগতে মোক মোৰ দোৱাত-কলমযোৰ দিয়াচোন। এতিয়াই লেখি নথলে পাহৰি যাম।
ৰুক্মিণী : (মূৰে কপালে হাত দি)। মোৰ কপালেই এনেখন। তোমাক আৰু দূষিম কি! দিনে-ৰাতিয়ে মই নাৰী-সমিতিৰ কামত ব্যস্ত। দেশৰ সেৱাব্ৰতত মই মূৰ পুতি সোমাইছোঁ যেতিয়া আৰু ওলাবৰ উপায় নাই। ইফালে তোমাৰ এনেকুৱা মনৰ গঢ়।

[ললিতাৰ প্ৰৱেশ]

আহাঁ ভনীটী আহাঁ। তোমাৰ মুখখন দেখোন একেবাৰেই শুকান?
ললিতি : (চকুৰ পানী টুকি)। আৰু কি সুধিছে বাইদেও? মোৰ কপাল ফুটিল। মোৰ ববিক আৰু জনমত মই দেখিবলৈ নাপাওঁ। (গিৰিয়েকলৈ চাই) সেইজনে ইয়াতে মেল মাৰি বহি আছে। ওলাই গৈ অ'ৰ ত'ত যদি মোৰ ববিক বিচাৰিলেহেঁতেন! সকলো মোৰ কপালৰ কথা। (টেপুলৈ চাই) হেৰ বোপাই! মোৰ ববিক তই বিচাৰি দিব নোৱাৰ নে? কোনোবাই তাক আনি দিব পাৰিলে, মই তাক টকাচেৰেক ৰূপকে দিবলৈ গাত লৈছোঁ। মোৰ ববিয়ে আজি দুদিন গাখীৰ-ভাত খাবলৈ পোৱা নাই। ভোকতে চেপেটা লাগিল চাগৈ!
টেপু : মই চেষ্টা কৰি চাওঁ খুৰীদেও। মোৰ এটা চিনাকী ল'ৰা আছে, সি বৰ হুচিয়াৰ। যদি ববি যমৰ ঘৰলৈ যোৱা নাই, তেন্তে সি বিচাৰি উলিয়াই দিব পাৰিব নিশ্চয়।
ললিতা : সেইদৰে কিয় কৱ টেপু? ঈশ্বৰে কৰক যেন ববি যমৰ ঘৰলৈ নেযায়। তোৰ সেই লৰাটোৰ হতুৱায়ে মোৰ ববিক উলিয়াই দে মোৰ সোণাই। হোঁ এই পাঁচটকা ৰূপ লৈ যা, তাক দেগৈ।
টেপু : পাঁচটকাত ক'ত হ'ব হবলা? বোলোঁ আপোনাৰ ববিৰ বেচ পাঁচ টকাহে খুৰীদেও?
ললিতা : নিশ্চয় পাঁচটকা নহয়। তাৰ বেচ মোৰ জীৱনটোহে। যি হওক, তই এই পাঁচটকাকে এতিয়া লৈ যা। ববিক পালে, মও শপত খাই কৈছোঁ আৰু পাঁচটকা তোৰ সেই ল'ৰাটোক দিম।

[টেপুৰ প্ৰস্থান। ]

[  ওপৰলৈ যাওক]

তৃতীয় দৰ্শনসম্পাদনা কৰক

(আগৰ ঠাইতে গোলোক বৰাই চকীত বহি মেজত কাকত লৈ লেখি আছে। )

[ৰুক্মিণীৰ প্ৰৱেশ। ]

ৰুক্মিণী : বোলোঁ শুনিছা নে? কালি আমাৰ সভাত সাবিত্ৰী দাস বি-এই যিখন ৰচনা পাঠ কৰিলে তুমি শুনাহেতেন আচৰিত মানিলাহেঁতেন। বিতোপন। শুনিলে শুনি থাকিবৰ মন যায়। আমাৰ দেশৰ মহিলা-সকলক দেশৰ কাৰ্য্য কৰিবলৈ এনে উদ্‌গনি ইয়াৰ আগেয়ে আৰু কোনেও এনেকৈ দিব পৰা নাই। তুমি ঠাট্টাকে কৰা বা যিহকে কৰা, কিন্তু জানি থবা আমাৰ নাৰী-সমিতিৰ দ্বাৰাই দেশৰ অনেক কাৰ্য্য হ'ব।
গোলোক : ঠিক কৈছা ৰুক্মিণী। উদ্‌গনি শব্দটো মোৰ বৰঙণি শব্দটোৰ ঠিক মিলি যাব। মই মোৰ মহাকাব্যৰ পদ এফাঁকি বৰঙণি শব্দটোৰে শেষ কৰি, পাছৰ শাৰীলৈ মিল নাপাই অনেক আকাশ-পাতাল ভাবি বিমোৰত পৰি আছিলোঁ। এতিয়া ঘপহ কৰে পালোঁ। তোমাৰ সমিতিক অশেষ ধন্যবাদ। নিশ্চয় তোমাৰ নাৰী-সমিতিৰ দ্বাৰাই মোৰ মহাকাব্য উপকৃত হ'ল। মিছা মাতিবৰ আৰু উপায় নাই। মাতিলে নিমখহাৰামী হ'ব। উদ্‌গনি বৰঙণি, বৰঙণি উদ্‌গনি। বাঃ! কি ৰাজযোটক। মোৰ মহাকাব্যখন ছপা হৈ ওলালে অসমীয়া সাহিত্য-জগত জিলিকি উঠিব। এইটোনো আমাৰ দেশৰ সাহিত্যৰ পক্ষে কম উপকাৰৰ কথা নে? বাপ্‌ৰে বাপ্। মোৰ ভাবৰ ভুমুক আৰু ওলাই আহিছে। আৰু খনচেৰেক কাকত এতিয়াই মোক লাগিব। যাওঁ, নিজেই উঠি লৈ আহোঁগৈ।

[প্ৰস্থান, পীতৰামৰ প্ৰৱেশ। ]

ৰুক্মিণী : কি খবৰ নেওগ? কুকুৰটো পালেনে?
পীতৰাম : পালোঁ, ৰক্ষা পৰিলোঁ। আপোনাৰ সোণামুৱা লৰা টেপুৱে মোক এই বিপদত ৰক্ষা কৰিলে।

[টেপুৰ প্ৰৱেশ। ]

টেপু : নেওগ দদাই। মোলোকাই কুকুৰটো, খুৰীৰ হাতত আহিল নে?
পীতৰাম : কোনে দিলে মই ক'ব নোৱাৰোঁ মোৰ বোপাই। কিন্তু তোৰ খুৰীয়েৰে তোৰ কুকুৰটো পালে আৰু ময়ো জীলোঁ। কিন্তু চাবি, তোৰ খুৰীয়েৰে যেন এই ব্যাপাৰত মোৰ সংশ্ৰব থকাৰ কোনো শুংসূত্ৰ নেপায়।
টেপু : আপুনিয়ো যেনে। বোলোঁ কোনো ভয় নকৰিব দদাইদেও। আপোনাৰ টেপু এনে কেচা ল'ৰা নহয়। মোৰ বন্ধু মোলোকাই তাক লৈ গৈ আপোনাৰ পদুলিমূৰত এৰি দিলতে সি লৰি গৈ আপোনাৰ ঘৰত সোমাল। ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰেও নেদেখিলে।

[ললিতাৰ প্ৰৱেশ। ]

ৰুক্মিণী : আহাঁ ভনীটী আহাঁ। কুকুৰটো পালানে?
ললিতা : পালোঁ বাইদেও। মোৰ ববিক পালোঁ। মোৰ শৰীৰলৈ প্ৰাণ আহিল। (টেপুৰ ফালে চাই) টেপু। মই তোৰ গুণ কেতিয়াও পাহৰিব নোৱাৰোঁ। তাক ক'ত পালি, কেনেকৈ পালি, কচোন।
টেপু : আৰু নুসুধিব খুৰীদেও। কত ঠাইত তাক বিচাৰি মই হাইৰাণ হলোঁ আৰু কি ক'ম? শেষত মোলোকাই-যাৰ কথা মই আপোনাক কৈছিলোঁ, আৰু যাক আপুনি দিয়া খৰছৰ টকা কেইটা দিছিলোঁ পুং বিচাৰি বিচাৰি, তাক কাটনি গাঁৱৰ মানুহ এঘৰত পালো। সিহঁতৰ চোতালৰ আগতে সিহঁতে তাক বান্ধি থৈছিল। এটা বাটৰুৱা কুকুৰৰ লগত গৈ সি হেনো সেইখিনিত ওলাইছিলগৈ। কুকুৰটো দেখিবলৈ ভাল দেখি সিহঁতে তাক বান্ধি থৈছিল-গিৰিহঁত ওলালে দিব বুলি। তথাপি দুটকা ৰূপ সিহঁতক দিহে মোলোকাই তাক মোকোলাই আনিব পাৰিলে।
ললিতা : হওক, হওক বোপাই! ববিক যে মই পালোঁ সেয়ে মোৰ পৰম লাভ। সেই দুটকা ৰূপো মই তোক দিম, তই মোলোকাক দি দিবিগৈ।

[গোলোকৰ পুনঃ প্ৰৱেশ। ]

গোলোক : যাওক, শেষ লাভ পৰম লাভ। ময়ো মোৰ মহাকাব্যৰ নিমিত্তে বৰঙণি শব্দটোৰ মিলটো পালোঁ আৰু নেওগনীয়েও তেওঁৰ ববিক পালে। মোৰ পো টেপু আমাৰ ঘৰৰ ঘৈণীৰ নাৰী-সমিতিৰ যহতে এই লাভ হ'ল।
পীতৰাম : মোৰো মহা লাভ হ'ল যে ববিক আমাৰ ঘৰৰ ঘৈণীয়ে পোৱাৰ নিমিত্তেই মই তেওঁক পালোঁ।
গোলোক : এইবাৰ টেপুৰ লগুণদিয়নিখন মহা ধুমধামে পাতিব লাগিব। পাতিমো। (ঘৈনীয়েকলৈ চাই) আৰু যি যি বস্তু আনিব লাগিব, তাৰ তুমি ফৰ্দ এখন মোক ভালকৈ কৰি দিয়া। বস্তুৰেই ঘৰ ওপচাই দিম।
টেপু : (ৰুক্মিণীক)। আই। মোৰ বৰ ভোক লাগিছে।

ওপৰঞ্চি

[গোলোক বৰাৰ ঘৰৰ পাছফালৰ পথাৰত টেপু আৰু মোলোকাৰ হাতত ধৰাধৰি কৰি নৃত্যগীত]

টেপুৱে বোলে – মোলোকা ভাই! মোৰ বুধি কেনে?
মোলোকাই বোলে – টেপু ভাই! যেনে আছে তেনে॥
টেপুৱে বোলে – লেখা-পঢ়া ইংৰাজী-ফিংৰাজী।
মোলোকাই বোলে – শপত খালোঁ নপঢ়ো মই আজি॥
বুধি থাকিলে পইচা হয়, পঢ়িলেও নহয়।
মোলোকাই বোলে – টেপু ভাই! হয়, হয়, হয়॥
দুয়ো - অ হয়, হয়, হয়।
অ হয়, হয়, হয়।
অকল বি-এ, এম-এ, পাছ কৰাত নহয়, নহয়॥

আঁৰকাপোৰ
[  ওপৰলৈ যাওক]