হে হৰি কমলাকান্ত কমলদল লোচন
।। ৰাগঃ বৰাড়ী।। তালঃ পৰি।।
ধ্ৰং।। হে হৰি কমলাকান্ত কমলদললোচন
চৰণ সেবিত-সুৰ শিৱং।
আদি পৰম-কাৰণ পৰমানন্দ
পৰমপুৰুষ জগজীৱং।।
পদ।। মাধৱ মধুৰ মূৰুতি মধুসূদন
দনুজ-দমন বলশালী।
কঙ্কণ-হাৰ-ৰঞ্জিত মণি কুণ্ডল
পীতবসন বনমালী।।
কুবলয় কংশ কেশী মল্ল মোৰল
অঘ বক ধেনুক নাশী।
হৰিপদ-কমল-অমল-মকৰন্দ ৰস
মাধৱ দীন অভিলাষী।।