হেৰহু মায়,চললি বিপিনে মধাই
।।ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। হেৰহু মায়া, চললি বিপিনে মধাই।
ৰেণু বিষাণ, নিশানে অৱত,
হৰষে হৰৰে ধেনু ধায়।।
পদ।। ওহি জগমোদন কন্ধে দধি ওদন
গোধন আগু বুলায়।
বঙ্কিম নয়ন সৰোৰুহ হাসি
হেৰাইতে ভুবন ভুলায়।।
মদন দমন ৰূপ পেখি পুনু পুনু
মুৰুচি পৰয় সুৰ নাৰী।
সোহি জগজীৱ বিয়োগ অব সহবি
কৈচন চিত্ত হামাৰি।।
হৰি বিৰহানল আকুল গোপিনী
দৰশনে দিৱসে নাপায়।
হৰি গুণ কহি ৰহি প্ৰেমে জুৰয় নীৰ
শঙ্কৰ এহুৰস গায়।।