স্বাগতম পৰীক্ষা/অধ্যয়ন আৰম্ভণৰ আগকথা
[ ১৭ ]
অধ্যয়ন আৰম্ভণৰ আগকথা
পৰীক্ষা সম্পৰ্কে বিভিন্ন দিশত আলোচনা কৰাৰ পিছত এতিয়া আমি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সম্পৰ্কে কিছু বহলাই আলোচনা কৰিব পৰা হৈছো। পৰীক্ষাত সফলতা লাভ কৰাৰ মূল সঁচাৰ কাঠি হ’ল পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি পৰীক্ষাগৃহত পৰীক্ষা লিখি শেষ কৰালৈকে এক বিস্তৃত, নিখুঁত, আৱশ্যক অনুযায়ী সালসলনি কৰিব পৰা, দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনাৰ প্ৰস্তুতি। অৱশ্যে ইয়াত পৰীক্ষা বোলোতে এনেবোৰ পৰীক্ষাৰ কথাহে বিবেচনা কৰা হৈছে যিবোৰৰ জৰিয়তে ভৱিষ্যতে জীৱনত কামত আহিব পৰা কিছুমান প্ৰমাণপত্ৰ পোৱা যায় অথবা তাৰ সহায়ক হয়। উদাহৰণস্বৰূপে, উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, স্নাতক পৰীক্ষা ইত্যাদি। মাজতে পতা ছমহীয়া পৰীক্ষা, বছৰেকীয়া পৰীক্ষা, শ্ৰেণীৰ পৰীক্ষা আদি এই আলোচনাৰ পৰা বাদ দিয়া হৈছে। অৱশ্যে এনেবোৰ পৰীক্ষাত প্ৰাপ্ত নম্বৰ বা গ্ৰেড যদি শিক্ষান্ত পৰীক্ষাসমূহৰ নম্বৰ বা গ্ৰেডত বিবেচ্য হয় তেন্তে, এনেবোৰ পৰীক্ষাও আমি গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব আৰু হ্ৰস্বম্যাদী পৰিকল্পনাৰ জৰিয়তে ইয়াৰ বাবে প্ৰস্তুতি চলাব লাগিব। সম্প্ৰতি এনেবোৰ পৰীক্ষাৰ কথা বাদ দি শিক্ষান্ত পৰীক্ষাসমূহৰ পৰিপ্ৰেক্ষিতত আমাৰ আলোচনা আগবঢ়াওঁ। প্ৰতিটো পৰীক্ষাৰ ক্ষেত্ৰত মুখ্য বিবেচ্য বিষয়সমূহ হ’ল এক নিৰ্দিষ্ট পাঠ্যক্ৰম, শিক্ষা গ্ৰহণৰ সময়, শিক্ষা প্ৰদানকাৰী অনুষ্ঠান তথা শিক্ষকসকল, পাঠ্যপুথি তথা প্ৰসংগ পুথিসমূহ আৰু পৰীক্ষাৰ প্ৰশ্নকাকত তথা পৰীক্ষা লিখা কাৰ্য। ইয়াৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ অংগ হ’ল শিক্ষাপ্ৰদানকাৰী অনুষ্ঠান তথা ইয়াৰ শিক্ষকসকল। আন প্ৰায় সকলোবোৰ বিষয় এই অনুষ্ঠানেই পৰিচালনা কৰে আৰু সেই হিচাপে ইয়াৰ পৰিচালক তথা শিক্ষকসকলেই ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। ছাত্ৰ- ছাত্ৰীসকলক পৰীক্ষাৰ বাবে সাজু কৰি উলিয়াই দিয়াৰ বাবে শিক্ষকসকলেই দৰাচলতে সম্পূৰ্ণৰূপে দায়বদ্ধ। পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ খৰচি মাৰি শিক্ষা প্ৰদান কৰাৰ উপৰিও পাঠ্যপুথি তথা প্ৰসংগ পুথি সম্পৰ্কে তথ্য প্ৰদান কৰা, পৰীক্ষাৰ প্ৰশ্নকাকত আলোচনা কৰা, অধ্যয়ন আৰু পৰীক্ষা লিখা পদ্ধতিৰ ওপৰত উপদেশ প্ৰদান কৰা তেওঁলোকৰ কৰ্তব্য। কিন্তু বহু ক্ষেত্ৰত বিভিন্ন সামাজিক বা ব্যক্তিগত কাৰণত শিক্ষকসকলে শিক্ষা প্ৰদানৰ এই সকলোবোৰ কাম সম্পূৰ্ণৰূপে পালন কৰিবলৈ অসমৰ্থ [ ১৮ ] হয় আৰু কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলেও শিক্ষকসকলৰ পৰা সকলোখিনি জ্ঞান সম্পূৰ্ণৰূপে আহৰণত ব্যৰ্থ হয়। এনেবোৰ পৰিস্থিতিৰ বাবে সকলো কথা বিবেচনা কৰি, বিস্তৃত পৰিকল্পনাৰ জৰিয়তে পৰীক্ষাৰ বাবে নিজেই সাজু হোৱাটো ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্য। বৰ্তমান সামাজিক পৰিস্থিতিৰ কথা মনত ৰাখি তেওঁলোকে বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা ইয়াৰ শিক্ষক, অধ্যাপকসকলক নিৰ্ভৰ কৰি নাথাকি নিজেই কৰ্তব্যত তীব্ৰভাৱে আত্মনিয়োগ কৰা উচিত। তেওঁলোকে মনত ৰাখিব লাগিব যে, ভৱিষ্যতে বিভিন্ন বিস্তীৰ্ণ বিষয়ৰ অধ্যয়নত কোনো নিৰ্দেষ্ট পাঠ্যক্ৰম, শিক্ষানুষ্ঠান, শিক্ষক আদিৰ কোনো ব্যৱস্থা নাথাকিব আৰু নিজেই অধ্যয়ন কৰি, পৰীক্ষা কৰি, পৰ্যবেক্ষণ কৰি, অভিজ্ঞতাৰ জৰিয়তে জ্ঞান আহৰণ কৰিব লাগিব। গতিকে সুদীৰ্ঘ ভৱিষ্যতৰ কথা মনত ৰাখি এতিয়াৰ পৰাই ছাত্ৰ-ছাত্ৰীসকল স্বনিৰ্ভৰশীল হ’বলৈ যত্ন কৰা উচিত হ’ব। অৱশ্যে ইয়াৰ জৰিয়তে শিক্ষানুষ্ঠান বা শিক্ষকসকলক পৰিহাৰ কৰাৰ কথা কোৱা হোৱা নাই। বৰঞ্চ বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ বা শিক্ষক, অধ্যাপকসকলৰ পৰা বেছিকৈহে আৱশ্যকীয় শিক্ষা আহৰণৰ বাবে যথাসম্ভৱ গুৰুত্ব দিব লাগিব আৰু নিজৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাত তাক আটাইতকৈ লাভজনকভাৱে প্ৰয়োগ কৰিব পাৰিব লাগিব।
পোনতেই আমাৰ আলোচনা কৰিবলগা বিষয় হ’ল পাঠ্যক্ৰম। প্ৰতিটো শিক্ষা- পৰিক্ৰম বা কোৰ্ছৰ বাবে একোখন পাঠ্যক্ৰম থাকে। পাঠ্যক্ৰম হ’ল সেই শিক্ষা- পৰিক্ৰমটোৰ বাবে অধ্যয়ন কৰিবলগীয়া বিষয়সমূহৰ তালিকা। নিজস্ব পাঠ্যক্ৰম সম্পৰ্কে সম্যকভাৱে জ্ঞাত হোৱাটো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো পৰিক্ৰমৰ শিক্ষা আৰম্ভৰ প্ৰথম কাম। মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰম এখন সংগ্ৰহ কৰাটো উজু কাম; কিতাপৰ বিপণি বা বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ৰ পৰাই সহজে সংগ্ৰহ কৰিব পাৰি। কিন্তু বহু ক্ষেত্ৰত অজ্ঞাতবশতঃ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰম সম্পৰ্কে একো নজনাকৈয়ে থাকিবলগীয়া হয় আৰু কেৱল শিক্ষক তথা পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয়ৰ কাৰ্যালয় বা শিক্ষা পৰিক্ৰমটো পৰিচালনা কৰা মূল কাৰ্যালয়ৰ পৰা নিজস্বভাৱে একোখন পাঠ্যক্ৰমৰ তালিকা প্ৰথমেই সংগ্ৰহ কৰিব লাগিব আৰু ইয়াৰ জৰিয়তেই অধ্যয়নৰ ক্ষেত্ৰ প্ৰস্তুত কৰিব লাগিব।
পাঠ্যক্ৰমৰ তালিকাৰ অধ্যয়ন আৰু অগ্ৰজ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ লগত আলোচনাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ আগন্তুক পৰীক্ষাৰ বিষয়ে এটা সম্যক উপলব্ধি হোৱাৰ পাছত তেওঁলোকে সেই পাঠ্যক্ৰমবোৰৰ বিস্তৃত অধ্যয়ন আৰম্ভ কৰিব লাগিব আৰু তাৰবাবে আগতীয়াকৈ কিছুমান বস্তু সংগ্ৰহ কৰিব লাগিব। পাঠ্যক্ৰম সম্পৰ্কীয় [ ১৯ ] সংগ্ৰহ কৰিবলগীয়া বস্তুবোৰ হ’ল— পাঠ্যপুথি তথা প্ৰসংগ পুথি, পুৰণি প্ৰশ্নকাকত আৰু অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ বা শিক্ষকসকলৰ টোকাবহী বা নোট। বিদ্যালয় পৰ্যায়ত নিৰ্দিষ্ট পাঠ্যপুথিসমূহে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান লাভ কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে পোনতেই নিৰ্দিষ্ট পাঠ্যপুথিসমূহ তথা আৱশ্যকীয় প্ৰসংগ পুথিসমূহ সংগ্ৰহ কৰিবলৈ যত্ন কৰিব লাগে। এই পুথিসমূহৰ তালিকাখন বহু ক্ষেত্ৰত পাঠ্যক্ৰম তালিকাত দিয়া থাকে যদিও চূড়ান্ত তালিকা প্ৰস্তুত কৰোতে শিক্ষক তথা অগ্ৰজ ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰা উচিত। পাঠ্যপুথিৰ ক্ষেত্ৰত বিশেষ দ্বিমত নাথাকিলেও প্ৰসংগ পুথিৰ ক্ষেত্ৰত ভিন্ন মত পোৱা যায়। এনেবোৰ ক্ষেত্ৰত বহুকেইজনৰ মতামত গ্ৰহণ কৰি আৰু নিজেও প্ৰসংগ পুথিসমূহ চকু ফুৰাই চাই সিদ্ধান্ত ল’ব লাগে। ইয়াৰ পিচত আহিল এই পুথিসমূহৰ সংগ্ৰহ। সাধাৰণতে কিতাপৰ বিপণিৰ পৰাই কিনি এইবোৰ সংগ্ৰহ কৰা ভাল। কিন্তু আৰ্থিকভাৱে অসমৰ্থ হলে চিনাকি বন্ধু-বান্ধৱী, সম্বন্ধীয় লোক আদিৰ পৰাও সংগ্ৰহ কৰা সম্ভৱ। কেতিয়াবা দুই-তিনিজন ছাত্ৰ-ছাত্ৰী লগ হৈ এখন কিতাপ কিনিও বেছ ভালদৰেই কাম চলাব পাৰি— কেৱল পাৰস্পৰিক বুজাবুজিৰহে আৱশ্যক। আকৌ কেতিয়াবা কিছুমান আৱশ্যকীয় পাঠ্যপুথি অথবা প্ৰসংগ পুথি বজাৰত পোৱা নাযায়। এনে ক্ষেত্ৰতো এখন পুথিৰেই কেইবাজনেও কাম চলাব লাগিব আৰু ছাত্ৰ- ছাত্ৰীসকলে সহযোগিতাৰ মনোভাবেৰে আগবাঢ়িব লাগিব। সুবিধা হলে ছাত্ৰ-ছাত্ৰীসকলে এনেকুৱা পুথিসমূহ ফটোষ্টেট কৰি ল’ব লাগে। তদুপৰি বিদ্যালয় স্তৰতে ছাত্ৰ-ছাত্ৰীসকলে আৱশ্যকীয় পুথিসমূহ বিভিন্ন ধৰণে কেনেদৰে সংগ্ৰহ কৰিব লাগে তাক শিকিব লাগে, যিটো এক অতি আমোদজনক তথা শিক্ষণীয় অভিজ্ঞতা।
ইয়াৰ পিছত সংগ্ৰহ কৰিবলগীয়া বস্তু হ’ল প্ৰশ্নকাকতসমূহ। পৰীক্ষাত যিহেতু পৰীক্ষাৰ্থীসকলে এই প্ৰশ্নকাকতসমূহৰ উত্তৰৰ যোগেদিয়েই নিজৰ পাৰদৰ্শিতা দাঙি ধৰিব লাগিব, গতিকে এটা নিৰ্দিষ্ট পাঠ্যক্ৰমৰ ক্ষেত্ৰত ইয়াৰ শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নসমূহৰ লগত ছাত্ৰ-ছাত্ৰীসকল সম্পূৰ্ণ পৰিচিত হৈ থাকিব লাগিব আৰু সেইবাবে যিমান পাৰি বেছিসংখ্যক প্ৰশ্নকাকত তেওঁলোকে সংগ্ৰহ কৰিব লাগিব। কিতাপৰ বিপণি, শিক্ষক, বন্ধু বান্ধৱী বা পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰিব পাৰি। ইয়াতো ফটোষ্টেট পদ্ধতি প্ৰয়োগ কৰি নিজাববীয়াকৈ সকলো প্ৰশ্নৰ এটা সংগ্ৰহ প্ৰস্তুত কৰিব লাগে আৰু সমগ্ৰ প্ৰশ্নকাকতসমূহ বেছ ভালদৰে একগোট কৰি বন্ধাই ল’ব লাগে যাতে ভৱিষ্যতে উপৰ্যুপৰি ব্যৱহাৰতো এইবোৰ নষ্ট নহয়। তদুপৰি প্ৰশ্নসমূহ বন্ধাই লওঁতে এটা মন কৰিবলগীয়া কথা হ’ল যে, প্ৰশ্নসমূহ চন বা বছৰ হিচাপে নবন্ধাই, বিষয় হিচাপে বন্ধাব লাগে; অৰ্থাৎ বিভিন্ন বছৰ বা চনৰ একে বিষয়ৰ প্ৰশ্নকাকতসমূহ একেলগে বন্ধাই ৰাখিব লাগে। তেতিয়া পিছত ব্যৱহাৰ কৰিবলৈ বহুখিনি সুবিধা হয়। [ ২০ ]
সৰ্বশেষত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰী বা অগ্ৰজ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ
বিভিন্ন বিষয়ৰ টোকা বা নোট সংগ্ৰহ কৰিব লাগিব। এই ক্ষেত্ৰতো যিমান পাৰি বেছিকৈ
বিভিন্ন বিষয়ৰ টোকা সংগ্ৰহ কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব; আৱশ্যক হ’লে
ফটোষ্টেট পদ্ধতি ইয়াতো প্ৰয়োগ কৰিব লাগিব। তদুপৰি অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ
লগত আলোচনা কৰি প্ৰতিটো বিষয়ৰে কমেও একোখন ভাল সহায়িকা পুথিও সংগ্ৰহ
কৰা উচিত। গতিকেই কোনো এটা নিৰ্দিষ্ট পাঠ্যক্ৰম অধ্যয়ন কৰাৰ আগমুহূৰ্তত প্ৰধান
কাম হ’ল— এই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি পাঠ্যক্ৰম, প্ৰসংগ পুথি, প্ৰশ্নকাকত
আৰু টোকাবহী তথা সহায়িকা পুথি সংগ্ৰহ কৰা। কিন্তু এটা অতি মন কৰিবলগীয়া
কথা হ’ল যে, অধ্যয়নৰ কেৱল আৰম্ভণিৰ দিনবোৰতেই এই সংগ্ৰহ তথা এইবোৰৰ
অনুশীলন সীমাবদ্ধ নহয়। অধ্যয়ন আগবঢ়াৰ লগে লগে বিভিন্ন নতুন নতুন প্ৰসংগ
পুথি পঢ়াৰ প্ৰয়োজন অনুভৱ হ’ব পাৰে আৰু ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলেও এই
দিশত সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰি অগ্ৰসৰ হ’ব লাগিব।]