পৃষ্ঠা:Swagatam Pariksha.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


হয় আৰু কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলেও শিক্ষকসকলৰ পৰা সকলোখিনি জ্ঞান সম্পূৰ্ণৰূপে আহৰণত ব্যৰ্থ হয়। এনেবোৰ পৰিস্থিতিৰ বাবে সকলো কথা বিবেচনা কৰি, বিস্তৃত পৰিকল্পনাৰ জৰিয়তে পৰীক্ষাৰ বাবে নিজেই সাজু হোৱাটো ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্য। বৰ্তমান সামাজিক পৰিস্থিতিৰ কথা মনত ৰাখি তেওঁলোকে বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা ইয়াৰ শিক্ষক, অধ্যাপকসকলক নিৰ্ভৰ কৰি নাথাকি নিজেই কৰ্তব্যত তীব্ৰভাৱে আত্মনিয়োগ কৰা উচিত। তেওঁলোকে মনত ৰাখিব লাগিব যে, ভৱিষ্যতে বিভিন্ন বিস্তীৰ্ণ বিষয়ৰ অধ্যয়নত কোনো নিৰ্দেষ্ট পাঠ্যক্ৰম, শিক্ষানুষ্ঠান, শিক্ষক আদিৰ কোনো ব্যৱস্থা নাথাকিব আৰু নিজেই অধ্যয়ন কৰি, পৰীক্ষা কৰি, পৰ্যবেক্ষণ কৰি, অভিজ্ঞতাৰ জৰিয়তে জ্ঞান আহৰণ কৰিব লাগিব। গতিকে সুদীৰ্ঘ ভৱিষ্যতৰ কথা মনত ৰাখি এতিয়াৰ পৰাই ছাত্ৰ-ছাত্ৰীসকল স্বনিৰ্ভৰশীল হ’বলৈ যত্ন কৰা উচিত হ’ব। অৱশ্যে ইয়াৰ জৰিয়তে শিক্ষানুষ্ঠান বা শিক্ষকসকলক পৰিহাৰ কৰাৰ কথা কোৱা হোৱা নাই। বৰঞ্চ বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ বা শিক্ষক, অধ্যাপকসকলৰ পৰা বেছিকৈহে আৱশ্যকীয় শিক্ষা আহৰণৰ বাবে যথাসম্ভৱ গুৰুত্ব দিব লাগিব আৰু নিজৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাত তাক আটাইতকৈ লাভজনকভাৱে প্ৰয়োগ কৰিব পাৰিব লাগিব।

 পোনতেই আমাৰ আলোচনা কৰিবলগা বিষয় হ’ল পাঠ্যক্ৰম। প্ৰতিটো শিক্ষা- পৰিক্ৰম বা কোৰ্ছৰ বাবে একোখন পাঠ্যক্ৰম থাকে। পাঠ্যক্ৰম হ’ল সেই শিক্ষা- পৰিক্ৰমটোৰ বাবে অধ্যয়ন কৰিবলগীয়া বিষয়সমূহৰ তালিকা। নিজস্ব পাঠ্যক্ৰম সম্পৰ্কে সম্যকভাৱে জ্ঞাত হোৱাটো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো পৰিক্ৰমৰ শিক্ষা আৰম্ভৰ প্ৰথম কাম। মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰম এখন সংগ্ৰহ কৰাটো উজু কাম; কিতাপৰ বিপণি বা বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ৰ পৰাই সহজে সংগ্ৰহ কৰিব পাৰি। কিন্তু বহু ক্ষেত্ৰত অজ্ঞাতবশতঃ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰম সম্পৰ্কে একো নজনাকৈয়ে থাকিবলগীয়া হয় আৰু কেৱল শিক্ষক তথা পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয়ৰ কাৰ্যালয় বা শিক্ষা পৰিক্ৰমটো পৰিচালনা কৰা মূল কাৰ্যালয়ৰ পৰা নিজস্বভাৱে একোখন পাঠ্যক্ৰমৰ তালিকা প্ৰথমেই সংগ্ৰহ কৰিব লাগিব আৰু ইয়াৰ জৰিয়তেই অধ্যয়নৰ ক্ষেত্ৰ প্ৰস্তুত কৰিব লাগিব।

 পাঠ্যক্ৰমৰ তালিকাৰ অধ্যয়ন আৰু অগ্ৰজ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ লগত আলোচনাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ আগন্তুক পৰীক্ষাৰ বিষয়ে এটা সম্যক উপলব্ধি হোৱাৰ পাছত তেওঁলোকে সেই পাঠ্যক্ৰমবোৰৰ বিস্তৃত অধ্যয়ন আৰম্ভ কৰিব লাগিব

আৰু তাৰবাবে আগতীয়াকৈ কিছুমান বস্তু সংগ্ৰহ কৰিব লাগিব। পাঠ্যক্ৰম সম্পৰ্কীয়

১৮