সৌন্দৰ্য্য আৰু কবি



<poem> সৌন্দৰ্য্য,

    কত আভা, কত প্ৰভা, মনোলোভা
                             মনোৰমা,
    কত কবি, কত ছবি, যাচে চুমা
                             নিৰুপমা,
    কত অলি, পৰি ঢলি, প্ৰাণ – ঢালি
                             প্ৰেমে পমা,
    মাতে সখি, আছোঁ ৰখি, আঁহা প্ৰিয়ে
                             প্ৰিয়তমা!

- ইয়াতো কবিৰ প্ৰাণ ইনাই বিনাই ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায় ।।


কবি,

    শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ
                             প্ৰেমে পূৰ;
    হে চতুৰ, কাব্যচোৰ, কিয় টোকা
                             চকুলোৰ?
    সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন
                             নোহে দূৰ,
    ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি
                             স্বৰ্গপূৰ ।
- নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ,
সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ !