সোই সোই শ্যাম মনোহৰ দেখিয়ো নয়ন ভৰি
।। ৰাগঃ ৰৰাড়ী।। তালঃ পৰি।।
ধ্ৰুং।। সোই সোই শ্যাম মনোহৰ, দেখিয়ো নয়ন ভৰি।
ব্ৰজেৰ প্ৰজাৰ ভাগ্যফল গোটে আছয় মূৰুতি ধৰি।।
পদ।। শ্যামনাম নৱ অমৃত ৰসেৰে
এৰূপে ভৈল ভাণ্ডাৰ।
গোকুলবাসীৰ নয়ন উছব
আনন্দ কুসুম সাৰ।।
যোহি অঙ্গে গৈয়া দৃষ্টিপাত হয়
তথায় তম্ভিয়া ৰয়।
কতনা নয়নে পান কৰিবেক
যতেক মাধুৰী বয়।।
দেখিতে দেখিতে নবীন নবীন
ৰূপেৰ লাৱণ্য বোলে।
এৰূপ তেজিয়া আৱৰ দেখিয়া
নয়ন মৰে বিকলে।।
লাজে মনমথে মূৰুতি নধৰে
ৰূপেৰ দেখি মাধুৰী।
লাৱণ্য দেখিয়া সৱ চুৰ ভৈল
বিধিৰ যত চাতুৰী।।
কত জনমেৰ ভাগ্যে মিলি আছে
গোকুলেৰ সুমঙ্গল।
এৰূপ লাৱণ্য যিজনে দেখয়
তাৰে সে জন্ম সাফল।।
এৰূপ মাধুৰী তেজিয়া আৱৰ
দেখিতে মন নধাৱে।
মোৰ নিজ গতি নন্দেৰ নন্দন
মূৰুখ মাধৱে গাৱে।।