সাঁচ:নিৰ্বাচিত লেখা/২০২২/অক্টোবৰ
বাকীছোৱা জীৱন
লেখক : ড° অনিমা গুহ
“পাখি দুখন থকা হ’লে পৃথিৱীৰ চুকে-কোণে ঘূৰি ফুৰিলোহেঁতেন। আখৰ চিনিবৰ আগতেই দেউতাই চিনাকি কৰি দিছিল পৃথিৱীৰ মানচিত্ৰখনৰ সৈতে। বাইদেউ অনিতালৈ অনা গ্ল’বটোৰ সৈতেও মোৰ চিনাকি জ্ঞান হোৱাৰে পৰা। দেউতাই বিশ্বাস কৰিছিল বাহিৰৰ বিশ্বখনক নাজানিলে মানুহ কূপমণ্ডুক হৈ থাকে। সেয়েহে তেওঁৰ সাধ্যানুযায়ী আমাক চাৰিবেৰৰ মাজৰ পৰা মাজে-সময়ে উলিয়াই নিছিল। বাহিৰৰ জগতখনৰ প্ৰতি আকর্ষণ মোৰ তেতিয়াৰে পৰা। সোঁ শৰীৰে সদায় ওলোৱা অসম্ভৱ। গতিকে কল্পনাত ডেউকা লগাই বিশ্বব্রহ্মাণ্ড চলাথ কৰি ফুৰো। সংস্কৃতত যাক কোৱা হয় মনসা মথুৰাং গচ্ছামি।”