সাঁচ:নিৰ্বাচিত লেখা/২০২১/এপ্ৰিল
পঞ্চৰত্ন- লেখক: জ্ঞানদাভিৰাম বৰুৱা, ১৯১৯
“পঞ্চৰত্ন’’ উইলিয়াম শ্বেইকছপীয়েৰৰ পাঁচখন নাটৰ জ্ঞানদাভিৰাম বৰুৱাই অসমীয়ালৈ কৰা সংক্ষিপ্ত ভাবানুবাদ।
লেখকৰ ভাষাৰেই— “ইয়াত ‘ৰজা লিয়েৰ’ (King Lear), ‘তোমাৰ যি ভাল লাগে’ (As you like it), ‘ভেৰোণাৰ দুজন ভাল মানুহৰ কথা’ (Two Gentlemen of Verona), ‘দন্দুৰী দমন’ (Taming of the Shrew), ‘ভূলৰ ধেমালি’ (Comedy of Errors) এই পাঁচ খনৰ কথা আছে। যিসকলে ইংৰাজী নেজানে এই কিতাপ খনি পঢ়িলে মহা কবি শ্যেক্সপিয়েৰৰ এই পাঁচখনি নাটকৰ মূল কথা জানিব পাৰিব এনে আশা কৰো আৰু আশা কৰো আমাৰ সৰু লৰা ছোৱালী সকলোৱে এই কিতাপ পঢ়ি অলপ সোৱাদ পাই তেওঁলোক ডাঙৰ হলে ইংৰাজী কিতাপ পঢ়ি সেই সোৱাদ পূৰা মাত্ৰাত উপভোগ কৰিব। শ্যেক্সপিয়েৰৰ কিতাপবোৰ ইংৰাজী ভাষাৰ অমূল্য ৰত্ন।.....’’