সাঁচ:নিৰ্বাচিত লেখা/জানুৱাৰী, ২০১৯

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল (ভঙ্গী-গীত আৰু নৃত্য-মুদ্ৰা কথা সহ), লেখক- শশীচন্দ্ৰ বৰবৰুৱা


(১) চৰাইৰ বাহ বা কেৰ্কেটুৱাৰ বাহ :–
    শিক্ষকে ল’ৰাবোৰ চাৰি চাৰি কৈ লেখ কৰিব। ১, ২, আৰু ৩নং ল’ৰাই হাত ধৰা-ধৰি কৰি একোটাহঁত বাহ সাজিব। ৪নং ল’ৰাবোৰ চৰাইহৈ বাহে পতি এটাকৈ সোমাই থাকিব। এটা বাহ-নাইকিয়া-চৰাই থাকিব। শিক্ষকে সুহুৰি বজালেই প্ৰতিটো চৰায়ে নিজ বাহ এৰি অন্য এটা বাহলৈ যাব। ইতিমধ্যে বাহ-নাইকিয়া চৰাইটোৱে এটা বাহত সোমাবলৈ চাব। প্ৰতিবাৰে একোটাহঁত ল’ৰা বাহ-নাইকিয়া হৈ থাকিব। এইদৰে কেইবাবাৰো খেলাব।
    ২য় প্ৰণালী—প্ৰথম সুহুৰিত বা ইঙ্গিতত চৰাইবোৰে চাৰিউকাষে বাহ বিচাৰি ফুৰাৰ দৰে উৰি ফুৰিব আৰু দ্বিতীয় ইঙ্গিতত বাহত সোমাব।
    ৪নং ল’ৰাবোৰে চৰাইহৈ কেবাৰমান খেলাৰ পিছত ৩নং বোৰক চৰাই কৰি আৰু ৪নং বোৰে ১ আৰু ২নং বোৰৰে বাহ সাজিব। এইদৰে প্ৰত্যেক ল’ৰাকে চৰাই হ’বলৈ সুবিধা দিব।

(২) মেকুৰী-এন্দুৰ :—
    ল’ৰাবোৰে হাত ধৰি এটা মণ্ডল বা বৃত্ত পাতিব। এটা ল’ৰা এন্দুৰ হৈ মণ্ডলৰ ভিতৰত থাকিব আৰু আন এটা মেকুৰী হৈ বাহিৰত থাকিব। মেকুৰীয়ে এন্দুৰক ধৰিবলৈ চেষ্ট কৰিব। মণ্ডল পতা ল’ৰাবোৰে হাত তললৈ নমাই আৰু তুলি মেকুৰীক এন্দুৰ ধৰাত বাধা দিব আৰু এন্দুৰক ওলাবলৈ-সোমাবলৈ সুবিধা দি ৰক্ষা কৰি থাকিবলৈ চাব। মেকুৰী এবাৰ মণ্ডলত সোমালে বেগতে ওলাবলৈ নিদিব। যদি এন্দুৰ ধৰা পৰে সেই হাল ল’ৰাই মণ্ডলত যোগ দিব আৰু অন্য এহাল মেকুৰী এন্দুৰ হ’ব। (সম্পূৰ্ণ পঢ়ক)