সহায়:সজ্জা নীতি

(সহায়:Formatting conventionsৰ পৰা পুনঃনিৰ্দেশিত)
সজ্জা নীতি
ৱিকিউৎসত মুদ্ৰণ সংশোধনৰ বাবে মানি চলা সজ্জা নীতি।
 

পৃষ্ঠা: নামস্থানত (ProofreadPage এক্সটেনচন ব্যৱহাৰ কৰা DjVu, PDF আৰু আন ফাইল) পৃষ্ঠাৰ সাজ-সজ্জা কৰিবৰ বাবে তলত দিয়া নীতিসমূহ উত্তম বুলি বিবেচিত। পৃষ্ঠাৰ সাধাৰণ বিন্যাস আৰু শৈলী সজ্জাৰ নিৰ্দেশনাৰ বাবে ৱিকিউৎস:বিন্যাস নিৰ্দেশনা চাওক।

প্ৰতি পৃষ্ঠাৰ শিৰোনাম সম্পাদনা কৰক

  • স্কেন কৰা পৃষ্ঠাৰ হে'ডাৰ আৰু ফুটাৰত প্ৰায়েই শিৰোনাম আৰু পৃষ্ঠা সংখ্যা থাকে যিবোৰ মূল অংশত সুমুৱাবৰ প্ৰয়োজন নাথাকে। এই তথ্যবোৰ হে'ডাৰ আৰু ফুটাৰ সম্পাদনা পেৰাত ভৰাব লাগে। ইয়াৰ বাবে সম্পাদনা ৱিণ্ড'ত ওপৰত মুদ্ৰণ সংশোধন সঁজুলি টিপি   বুটামটোত ক্লিক কৰক। এই হে'ডাৰবোৰ সজাবৰ বাবে {{RunningHeader}} বা {{Rh}} সাঁচ উপযোগী। ইয়াত তলত দেখুওৱা ধৰণে ব্যৱহাৰ কৰিব।
{{RunningHeader|left=|center=|right=}}
বাওঁ, মাজ আৰু সোঁফালে থকা তথ্য একেশাৰীতে দেখা যাব।
কিছুমান বিশ্বকোষ আৰু অভিধানত থকা পাঁচবিধ তথ্য {{rh/5}} সাঁচটোৰে অন্তৰ্ভুক্ত কৰিব পাৰি।
  • শাৰীৰ শেষত থকা হাইফেন আৰু লাইন ব্ৰে'ক আঁতৰাই দিব। নতুন পৰিচ্ছেদ আৰম্ভ কৰিবলৈ দুবাৰ এণ্টাৰ টিপিব।

দুটা পৃষ্ঠাত ভাগ হৈ থকা শব্দ সম্পাদনা কৰক

[[Special:MyLanguage/Meta:Shortcut|]]:
H:HYPHEN
  • কোনো শব্দ স্কেন গ্ৰন্থৰ দুটা ক্ৰমাগত পৃষ্ঠাত ভাগ হৈ থাকিলে ট্ৰান্সক্লুচন কৰাৰ পাছত ৱিকিউৎসৰ ছফ্টৱেৰে ফাইফেনটো আঁতৰাই নিজে নিজে শব্দটো জোৰা লগাই দিয়ে।
    প্ৰথম পৃষ্ঠা: সেইবাবে হৰেন ঘৰলৈ উভতি আহিব-
    দ্বিতীয় পৃষ্ঠা: লগীয়া হ'ল।
    ফলাফল: "সেইবাবে হৰেন ঘৰলৈ উভতি আহিবলগীয়া হ'ল।"
    • টোকা: আগতে এই কামৰ বাবে {{hws}} আৰু {{hwe}} সাঁচ ব্যৱহৃত হৈছিল: আজিকালি ইয়াৰ প্ৰয়োজন নাই।
  • যদি আপুনি ফাইফেনটো ৰাখিব খুজিছে (যেনে "ল'ৰা-ছোৱালী"), তেন্তে {{peh}} (বা {{page end hyphen}}) সাঁচ ব্যৱহাৰ কৰক আৰু ছফ্টৱেৰে ফাইফেনটো আঁতৰাই নিদিয়ে:
    প্ৰথম পৃষ্ঠা: আজিকালিৰ ল'ৰা-{{peh}}
    দ্বিতীয় পৃষ্ঠা ছোৱালীবোৰৰ পৰা উপায় নাই।
    ফলাফল: "আজিকালিৰ ল'ৰা-ছোৱালীবোৰৰ পৰা উপায় নাই।"
  • কোনো লিংক ক্ৰমাগত দুটা পৃষ্ঠাত ভাগ হৈ থাকিলে {{lps}} আৰু {{lpe}} সাঁচ ব্যৱহাৰ কৰিব। অধিক জানিবলৈ সাঁচ দুটাৰ নথি পৃষ্ঠা চাওক।

পৃষ্ঠাৰ তলত শেষ হোৱা পৰিচ্ছেদ সম্পাদনা কৰক

  • পৃষ্ঠা স্কেনৰ একেবাৰে তলত কোনো পৰিচ্ছেদ শেষ হ'লে আৰু একে পাঠৰ পৰৱৰ্তী পৰিচ্ছেদ পিছৰ পৃষ্ঠাটোত আৰম্ভ হ'লে প্ৰথমটো পৃষ্ঠাৰ তলত {{nop}} সাঁচটো সুকীয়া শাৰী হিচাপে সুমুৱাই দিব। এনে নকৰিলে যেতিয়া পৃষ্ঠাবোৰ ট্ৰান্সক্লুড কৰা হয় তেতিয়া দুইটা পৰিচ্ছেদ ভাগ ভাগ হৈ নাথাকি জোৰা লাগি যায়।
  • আন প্ৰকাৰৰ মাৰ্কআপৰ সলনি মান্য সাঁচ ব্যৱহাৰ কৰিলে নিবিচৰা সালসলনিৰ পৰা ৱিকিউৎস সুৰক্ষিত হৈ থাকে। যেনে- <p align="right">ৰ সলনি {{right}} ব্যৱহাৰ কৰিব।
    • কোনোবা শব্দ/বাক্যাংশৰ আখৰৰ আকাৰ সৰু (বা ডাঙৰ) কৰিব বিচাৰিলে {{smaller}} সাঁচ ব্যৱহাৰ কৰিব। তেনেদৰে {{xx-smaller}}, {{x-smaller}}, {{larger}}, {{x-larger}}, {{xx-larger}}, আৰু {{font-size}} সাঁচবোৰেৰে আখৰৰ আকাৰ পৰিৱৰ্তন কৰিব পাৰি।
  • কিতাপৰ ছপা সংস্কৰণত থকা পাদটীকা দেখুৱাবৰ বাবে <ref></ref> আৰু <references/> (বা {{smallrefs}} ) সংকেত ব্যৱহাৰ কৰিব পাৰি। {{reflist}} সংকেত লেখক আৰু মূল নামস্থানৰ বাবেহে।