সহায়:পৃষ্ঠাৰ স্থিতি

পৃষ্ঠাৰ স্থিতি
ৱিকিউৎসত ব্যবহৃত পৃষ্ঠাৰ বিভিন্ন স্থিতিসমূহৰ বিৱৰণ।

বৈধকৰণৰ পথসম্পাদনা কৰক

পৃষ্ঠামুদ্ৰণসংশোধন প্ৰসাৰৰ বৈধকৰণৰ পথত পাঁচটা ধাপ আছে:

কোনো পাঠ নথকা
খালী পৃষ্ঠা মুদ্ৰণ সংশোধন নকৰা মুদ্ৰণ সংশোধন কৰা বৈধকৰণ কৰা
সমস্যা জৰ্জৰিত

বিশদ বিৱৰণসম্পাদনা কৰক

প্ৰথম তিনিটা সাধাৰণ পথ :

  • মুদ্ৰণ সংশোধন নকৰা ডিফল্ট মান। (সকলো পৃষ্ঠা চাওক।)
  • মুদ্ৰণ সংশোধন কৰা অৰ্থাৎ কোনো এজন অৱদানকাৰীয়ে মুদ্ৰণ সংশোধন কৰা। (সকলো পৃষ্ঠা চাওক।)
  • বৈধকৰণ কৰা অৰ্থাৎ কোনো দুজন অৱদানকাৰীয়ে মুদ্ৰণ সংশোধন কৰা পৃষ্ঠা। কোনো এজন অৱদানকাৰীয়ে এবাৰ মুদ্ৰণ সংশোধন কৰা পৃষ্ঠাবোৰতহে বৈধকৰণৰ বুটাম উপলব্ধ হয়। (সকলো পৃষ্ঠা চাওক।)
 
পৃষ্ঠাৰ সূচীত এনেদৰে "ৰঙৰ দ্বাৰা উপস্থাপন" দৃশ্যমান হয়, ইয়াত প্ৰতিটো পৃষ্ঠা তাৰ নিৰ্দিষ্ট পৃষ্ঠভূমিৰ ৰঙৰ সৈতে তালিকাভূক্ত কৰা থাকে।

লগতে,

  • কোনো পাঠ নথকা উকা পৃষ্ঠাৰ বাবে। ইয়াক চিত্ৰ-পৃষ্ঠাৰ বাবে ব্যৱহাৰ কৰা নহয়। (সকলো পৃষ্ঠা চাওক।)
  • সমস্যা জৰ্জৰিত এনে পৃষ্ঠাসমূহৰ বিষয়ে অৱদানকাৰীৰ মাজত কিছু কাম বা আলোচনা কৰাৰ প্ৰয়োজনীয়তা থাকে। (সকলো পৃষ্ঠা চাওক।)

সম্পাদনা বাকচত আপুনি পৃষ্ঠাৰ অৱস্থাৰ বুটামসমূহ দেখা পাব। যদি আগতে কোনো অৱদানকাৰীয়ে মুদ্ৰণ সংশোধন কৰি থৈছে, তেন্তে বুটামবোৰ তলত দিয়াৰ দৰে থাকিব:

 
পাঁচটা বুটাম

যদি কোনো অৱদানকাৰীয়ে মুদ্ৰণ সংশোধন কৰা নাই, তেন্তে এনেদৰে প্ৰদৰ্শিত হব:

 
চাৰিটা বুটাম


দুয়ো ক্ষেত্ৰতেই, আপুনি নিৰ্দিষ্ট বুটাম টিপি আৰু পৃষ্ঠা সংৰক্ষণ কৰি পৃষ্ঠাৰ অৱস্থা সলনি কৰিব পাৰিব। যদি আপুনি হালধীয়া "মুদ্ৰণ সংশোধন কৰা" বুটাম টিপি আৰু পৃষ্ঠা সংৰক্ষণ কৰিলে, তেতিয়া সেউজীয়া "বৈধকৰণ" বুটাম দেখা নেপাব, এই বুটাম অন্য ব্যৱহাৰকাৰীয়েহে দেখা পাব।

সোঁকাষে দেখুৱাৰ দৰে কোনো নথিৰ সকলো পৃষ্ঠাৰ অৱস্থা ইয়াৰ সূচী-পৃষ্ঠাত প্ৰদৰ্শিত হয়।

লগতে চাওকসম্পাদনা কৰক