সহায়:অন্তিম স্পৰ্শ

সহায় আৰু নিৰ্দেশাৱলী অন্তিম স্পৰ্শসমূহ
কিতাপখন চূড়ান্ত কৰিবলৈ অন্তিম কামসমূহ।

কিতাপ এখনৰ মুদ্ৰণ সংশোধন, বৈধকৰণ আৰু ট্ৰান্সক্লুড কৰাৰ পাছত মূল কামবোৰ শেষ হ'ল। এতিয়া মাত্ৰ সৰু কাম কেইটামানহে বাকী থাকে।

কি বাকী থাকিল? সম্পাদনা কৰক

কিতাপ এখন মূল নামস্থানত অন্তৰ্ভুক্ত কৰাৰ পাছত প্ৰধান কামবোৰ শেষ হ'ল। বাকী থকা কেইটামান সৰু কাম:

  1. কিতাপখনৰ বাবে এখন অনুজ্ঞাপত্ৰ যোগ কৰা।
  2. কিতাপখনৰ বাবে এটা বা বেছি শ্ৰেণী যোগ কৰা।
  3. লেখকজনৰ লেখক পৃষ্ঠাৰ কিতাপখনৰ লিংক যোগ কৰা।
  4. নতুন কিতাপখনৰ ঘোষণা কৰা।

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

আপল'ড কৰাৰ আগতেই কিতাপখন কপিৰাইট মুক্ত হয়নে নহয় চাব লাগে। এতিয়া কিতাপখন কিয় কপিৰাইট মুক্ত সেয়া আন মানুহে পৰীক্ষা কৰিব নলগাকৈ জনাব লাগে।

সহায়:কপিৰাইট পৃষ্ঠাত কপিৰাইট অনুজ্ঞাপত্ৰৰ সাঁচৰ তালিকা এখন পাব।

সকলো অনুজ্ঞাপত্ৰ শ্ৰেণী:অনুজ্ঞাপত্ৰ সাঁচ শ্ৰেণীত থাকিব লাগে।

আপুনি মাথোঁ:

  1. সঠিক অনুজ্ঞাপত্ৰ বাছনি কৰক।
  2. মূল নামস্থানত কিতাপখনৰ পৃষ্ঠাটোৰ সম্পাদনালৈ যাওক।
  3. পৃষ্ঠাৰ একেবাৰে তলত অনুজ্ঞাপত্ৰৰ সাঁচটো যোগ কৰক।
    • সাঁচটো ট্ৰান্স্ক্লুড কৰা পাঠ্যৰ পাছত কিন্তু শ্ৰেণীৰ আগত সুমুৱাব লাগে।
  4. পৃষ্ঠাটোৰ খচৰা চাওক। পৃষ্ঠাটোৰ তলত পাতল নীলা ৰঙৰ সাঁচটো দেখা পাব লাগে।
  5. পৃষ্ঠাটো সাঁচি থওক।

কিতাপৰ মূল পৃষ্ঠাটোৰ শ্ৰেণীকৰণ হ'ব লাগিব। তেতিয়া ই মিল থকা আনবোৰ কিতাপৰ লগত থাকিব আৰু ৰাইজে সহজে বিচাৰি পাব।

এটা পৃষ্ঠাত কেইবাটাও শ্ৰেণী যোগ কৰিব পাৰি। আৰম্ভণিতে এটা শ্ৰেণী যোগ কৰি চাওক।

  1. প্ৰকাৰ হিচাপে এটা শ্ৰেণী যোগ কৰিব পাৰি। এই পৃষ্ঠাত নিৰ্দিষ্ট শ্ৰেণীটো বিচাৰি পাব।
  2. লেখক অনুসৰি শ্ৰেণী দিব খুজিলে এই পৃষ্ঠাত নিৰ্দিষ্ট শ্ৰেণীটো আছে নেকি চাওক।

বাছনি কৰা শ্ৰেণীটোৰ নাম পৃষ্ঠাটোৰ তলত দুয়োফালে বন্ধনীৰ মাজত টাইপ কৰিব। যেনে-[[শ্ৰেণী:শিশু সাহিত্য‎]].

অধিক তথ্যৰ বাবে সহায়:শ্ৰেণীকৰণ চাওক।

লেখক পৃষ্ঠা সম্পাদনা কৰক

কিতাপখনৰ মূল পৃষ্ঠাত লেখকজনৰ পৃষ্ঠালৈ এটা লিংক দিব লাগে। এই লিংকটোত ক্লিক কৰিলে লেখকজনৰ ৱিকিউৎসত উপলব্ধ সকলো কিতাপ পঢ়ুৱৈয়ে সহজে বিচাৰি উলিয়াব পাৰিব।

ট্ৰান্সক্লুড কৰোঁতে কিতাপখনৰ লেখকৰ নাম শীৰ্ষ সাঁচটোত লিখিব লাগে। কৰা নাছিল যদি তেনে কৰি দিয়ক। পৃষ্ঠা সঁচাৰ পাছত লেখকজনৰ নাম লিংক হিচাপে দৃশ্যমান হ'ব। ইয়াত ক্লিক কৰিলে নিৰ্দিষ্ট লেখক পৃষ্ঠালৈ লৈ যাব বা "লেখক:নাম" বুলি সন্ধান কৰি এই পৃষ্ঠাটো উলিয়াব পাৰি (যেনে, লেখক:ৰজনীকান্ত বৰদলৈ)। লেখকৰ নাম আৰু কিতাপবোৰৰ তালিকা থকা পৃষ্ঠা এটা দেখা পাব।

আপুনি কৰা কিতাপখন বুলেট পইণ্টেৰে যোগ দিয়ক। প্ৰকাশৰ তাৰিখ অনুসৰি তালিকা কৰিলে ভাল। আপুনি কিতাপখনৰ নাম ৱিকিলিংক হিচাপে দি বন্ধনীত বছৰটো লিখি দিব। যেনে:

* [[মোৰ গ্ৰন্থ]] (১৯০২)

অধিক তথ্যৰ বাবে সহায়:লেখক পৃষ্ঠা চাওক।

ইয়াৰ পাছত আপুনি ৱিকিউৎসৰ মূল পৃষ্ঠাত সম্পূৰ্ণ হোৱা কিতাপখনৰ নাম দিব পাৰিব। এনে কৰিলে আন মানুহে ৱিকিউৎসত কিতাপখন যোগ হোৱা বুলি গম পাব। বেটুপাতত "এই মাহৰ সহযোগিতামূলক কাম" বুলি অংশ এটা আছে।

এই তালিকাৰ আপোনাৰ কিতাপখন যোগ দিবলৈ:

  1. এনেকুৱা সাঁচটো বিচাৰি উলিয়াওক।
  2. সম্পাদনা টিপক। তালিকাখনৰ একেবাৰে তললৈ যাওক।
  3. আপোনাৰ কিতাপখনৰ নাম ৱিকিলিংক হিচাপে আৰু তাৰ পাছত বন্ধনীত প্ৰকাশবৰ্ষ আৰু লেখকৰ নাম দিব।
  4. পৃষ্ঠাটোৰ খচৰা চাই সকলো ঠিক আছেনে নাই পৰীক্ষা কৰক।
  5. পৃষ্ঠাটো সাঁচি থওক।
  6. এতিয়া বেটুপাতৰ সহযোগিতামূলক কামৰ তালিকাখনৰ আপোনাৰ কিতাপখনৰ নামো দেখা পাব।