[ ৫৩ ]


সন্ধিক্ষণ



ষৎ হালধীয়া আৰু সেউজ ৰঙৰ সংমিশ্ৰণত খুব স্নিগ্ধ আৰু কোমল যেন লগা গোলাপ জোপাৰ কুমলীয়া পাত এটাৰ আগত এই সৰো, এই সৰোকৈ এটোপাল বৰষুণৰ পানী ৰৈ আছে। অলপ আগতে সন্মুখৰ ফুলনিখন তচনচ কৰি যোৱা বতাহ-বৰষুণজাকৰ স্বাক্ষৰ বহনকাৰী সৰু টোপালটো গোলাপৰ কুমলীয়া পাতটো সামান্য কঁপাই তললৈ সৰি পৰিল। তাৰ সন্মুখত থকা সৰু ফুলনিখন, তাৰ সিপাৰৰ দুমহলীয়া ঘৰটো, বাওঁফালে থকা মদাৰ দুজোপা আৰু ধোঁৱাবৰণীয়া আকাশ— সকলোকে সাবটি ল’লে এক সৰ্বগ্ৰাসী নিস্তব্ধতাই।

 প্ৰয়াগে বুকুত হাত দি চালে। নাই। ঢুক্ ঢুক্ শব্দটোত জীৱন জীৱন লগা কোনো স্পন্দন নাই। হেঁপাহ নাই। সি লাহেকৈ বহাৰ পৰা উঠি আহিল।

 বৰষুণত ভিজি থকা তাৰ সন্মুখৰ কেঁচা ৰাস্তাটোৰপৰা খুব চিনাকি অথচ স্মৃতি হ’ব খোজা গোন্ধ এটা বতাহত ওপঙি আহিছে। বৰষুণ আৰু মাটিৰ মিশ্ৰিত গোন্ধ। ভিজা মাটিখিনিত লিপিট খাই পৰি গোন্ধটো বুকুলৈকে উজাই ল’বলৈ তাৰ মন গ’ল। তৈলচিত্ৰ এখনত খুব জীৱন্ত কৰি গোন্ধটো আঁকিব লাগিব — সি ভাবিলে।

 লাহে লাহে সন্ধ্যাই এন্ধাৰৰঙী আঁচল মেলি সন্মুখৰ গছ -বনবোৰ, পাহাৰীয়া পথটো, আকাশখন আৱৰি ধৰিলে। সন্ধ্যাৰ সেই নিস্তব্ধ পৃথিৱীখনৰ প্ৰতি অদ্ভুত মোহ এটা বুকুত লৈ প্ৰয়াগ লাহে লাহে খোজ কাঢ়ি সন্মুখলৈ গৈ থাকিল। তাৰ লগে লগে গৈ থাকিল ভিজা মাটিৰ সেই আপোন আপোন কৰুণ গোন্ধটো।

 শীতত ঠেৰেঙা দি গ্ৰীষ্মৰ বাবে অপেক্ষা কৰা মানুহৰ বাবেও শীতৰ ঋতুৰ অন্তিম দিনকেইটা খুব মোহনীয় হৈ পৰে। ঠিক সেইদৰে গ্ৰীষ্ম যাবৰ পৰত মোহনীয় হৈ পৰে বৰগছৰ তলত জুৰ লৈ মৰা মেলবোৰ, ৰৌদ্ৰ-প্ৰখৰ দুপৰৰ পাছত সন্ধ্যাৰ শৰীৰ শাঁত পেলোৱা বতাহছাটি। ঠিক সেইদৰে যিবোৰ বস্তু প্ৰয়াগৰ বাবে অলপ দিনৰ আগতে কেৱল ছবিৰ উপজীব্য হৈ পৰিছিল, যিবোৰ কথা হৈ পৰিছিল নিৰ্লিপ্তিৰ নামান্তৰ —এতিয়া সেইবোৰেই অনন্য সৌন্দৰ্যৰ [ ৫৪ ] আকৰ হৈ পৰিছে। এসময়ৰ অৰ্থহীন, অতিক্ৰম কৰিব নোৱাৰা সময়বোৰ এতিয়া হৈ পৰিছে গভীৰ অৰ্থৱহ। জীৱনৰ দীপ্তিৰে উজ্জ্বল।

 পানীৰঙৰ ছবি এখন আঁকিবলৈ লৈ প্ৰয়াগ থমকি ৰয়। স্বচ্ছ পানীৰ দৰে স্বচ্ছ আছিল অদিতিৰ দুচকু। তাৰ ‘বিধ্বস্ত প্ৰকৃতি’, ‘নিঃসংগতা’, ‘অপেক্ষা’, ‘বোদন’ আৰু ‘শস্যৱতী’ শিৰোনামাৰ ছবিকেইখনৰ ওপৰত থমকি ৰৈ ৰৈ তাৰ চকুত স্থিৰ হৈ গৈছিল সেই দুচকুৰ স্বচ্ছতা। তাৰ পাছত এদিন সি সেই দুচকুত অলপ অস্থিৰতা দেখিছিল। তাৰ পাছত দেখিছিল এক অনুচ্ছাৰিত আকুতি। ৰিঙা ৰিঙা লগা এপ্ৰিল মাহৰ দুপৰীয়া এটাত তাৰ কণমানি, জধলা ষ্টুডিঅ’টো অদিতিয়ে থান-থিত লগাই দিছিল। স্নেহ আৰু কৃতজ্ঞতাত টলমল কৰি থকা তাৰ চকু দুটাত ওঁঠ লগাই আঁতৰি যাব খোজা অদিতিক বুকুৰ মাজলৈ টানি আনি সুধিছিল সি— ‘মই নোকোৱাকৈয়ে মোৰ মনৰ কথাবোৰ কেনেদৰে তুমি বুজি পাই যোৱা অদিতি?’ লাহে লাহে সি বুজি উঠিছিল সেই স্বচ্ছ দুচকুৰ ছোৱালীজনীৰ মমতাৰ ছাঁত কেনেদৰে সি ঠন ধৰি উঠিছে! তাৰ বুকুৰ কিমান গভীৰত প্ৰোথিত হৈছে তাইৰ ভালপোৱা, তাইৰ ব্যাকুলতাখিনিৰ শিপা।

 প্ৰয়াগৰ কষ্ট হয়। খুব কষ্ট হয়। অদিতি গুচি যোৱাৰ পাছতো কিয় বাৰু সি তাৰ কলিজাৰপৰা ‘অদিতি’ নামৰ ব্যাকুলতাৰ শিপাডাল উভালি পেলাব পৰা নাই।

 কামাখ্যা গে’টৰ কেঁচা মাটিৰ গোন্ধ বিলোৱা পাহাৰীয়া ৰাস্তাটোৰে বহুত দিনৰ মূৰত প্ৰয়াগ নগৰখনলৈ নামি আহিল। পাণবজাৰৰ বিয়লিৰ আড্ডা জমাই থকা নৱ, ৰাতুল, গুঞ্জনহঁত প্ৰয়াগক দেখি আনন্দত জঁপিয়াই উঠিল।

 কিহে শিল্পীবৰ—হুছেইন (মকবুল ফিদা হুছেইন) হোৱাৰ আখৰা চলিছেনে কি? ইমানদিন অন্তৰ্ধান হৈ থাকিল যে!’ নৱই বহি থকা চকীখন প্ৰয়াগক এৰি দিলে।

 ‘নে বিৰহ বেদনাত ক্লান্ত হৈ……..’

 গুঞ্জনৰ টেলেকা চকুলৈ চাই আৰম্ভ কৰা বাক্যটো আধাতে এৰি স্বৰূপে ঘেঁহাবলৈ ধৰিলে। প্ৰয়াগৰ ভাল লাগিছে। অসময়ত অসংলগ্ন কথা কৈ সকলোকে বিৰক্ত কৰা স্বৰূপৰ মাতলামিখিনি, আগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰা তাক লৈ হোৱা ৰাতুলহঁতৰ ব্যস্ততাখিনি তাৰ খুব ভাল লাগিছে।

 ‘তুমি বৰকৈ ক্ষীণাইছা। পৰিশ্ৰম বেছি হৈছে যেন পাইছো। খোৱা-বোৱা ভালদৰে কৰিবা।’ প্ৰয়াগৰ মুখলৈ চাই অন্যমনস্কভাৱে ৰাতুলে ক’লে।

 তাৰ পাছত পাণবজাৰৰ নৈমিত্তিক আড্ডাত সিহঁত হেৰাই গ’ল।

 আৰু……… আড্ডাৰ বিষয় ইৰাক, বিশ্বকাপ, পাক-ভাৰত সমস্যাৰ পৰা ঘূৰি ঘূৰি নবীন কবিৰ কবিতাত আৱৰ্তিত হ’বলৈ ধৰোঁতেই পাণবজাৰৰ অলি-গলিবোৰত ঘূৰি ফুৰা বাঁহী বাদকজনৰ বাঁহীৰ সুৰ ভাঁহি আহিল। প্ৰথমে এটি সৰু জুৰিৰ দৰে, তাৰ পাছত এখন গভীৰ কৰুণ প্ৰশস্ত নদীৰ আবেগেৰে সুৰটো তাৰ হৃদয় বিদীৰ্ণ কৰি ব’বলৈ ধৰিলে। ... কিয় ভাল লাগে এই আকাশ, পৃথিৱী, বতাহ —। চৰাইৰ কাকলি, ঋতুবোৰ, বন্ধুৰ আড্ডা, বাকীৰ দোকানৰ মালিকৰ তলব, মদ খাই হুলস্থূল কৰাৰ পাছত ভাৰাঘৰৰ মালিকৰ সকীয়নি— এই সকলোৰে ভাঁজে ভাঁজে থুপ খাই থাকে জীৱনৰ প্ৰতি এৰিব নোৱাৰা মায়া। বাঁহীৰ মাত শুনিলে কিয় পৃথিৱীৰ [ ৫৫ ] প্ৰতি মোহ জাগে, মৰিবলৈ মন নাযায়।

 অথচ কিমান কাতৰতাৰে সি মৃত্যু কামনা কৰিছিল কেইটামান মাত্ৰ দিনৰ আগতে! শিলিগুৰিৰ পৰা অহা ট্ৰেইনৰ তলৰ চিট এটাত শুই শুই তৰাভৰা আকাশ চাই সি বহুবাৰ চলন্ত ট্ৰেইনখনৰ পৰা জঁপিয়াই দিয়াৰ কথা ভাবিছিল। অদিতিবিহীন জীৱন এটাৰ কথা কল্পনা কৰিব পৰা যায় জানো! সেই ৰাতি সি অদিতিৰ নতুন ৰূপ প্ৰত্যক্ষ কৰি উভতি আহিছিল। অদিতিয়ে ভালপোৱা অস্তাচলত ডুবিব ধৰা বেলিটোৰ দৰেই গোল, উজ্জ্বল ৰঙা সেন্দূৰৰ ফোঁট এটা অদিতিৰ সৰু কপালখনত জিলিকি আছিল। তাইৰ পোন সেওঁতা ডুবাই ৰখা সেন্দূৰখিনিয়ে ছুৰীৰ ধাৰ যেন হৈ তাৰ বুকুত ৰেপিছিল। আগতে কাণ, হাত, ডিঙি ক’তো অলংকাৰৰ পয়োভৰ নথকা কৃশ ছোৱালীজনী অলংকাৰৰ ভৰত সামান্য হাউলি পৰিছিল। ৰঙা পাটৰ কাপোৰ সাজেৰে অদিতিক তাৰ বলি দিবলৈ নিয়া ছাগলী এটাৰ দৰে লাগিছিল। হয়। ঠিক তেনে এক অসহায়তাৰ চামনিয়েই আৱৰি ৰাখিছিল শাহুৱেক আৰু নন্দেকৰ লগত বিবাহ অনুষ্ঠানত এটাত উপস্থিত থকা তাৰ চিনাকি ছোৱালীজনীক।

 সি একো নুসুধিলে অদিতিক। দিল্লীত কৰ্মশালা এখনত যোগদান কৰি মুম্বাই আৰু ত্ৰিবান্দ্ৰমত প্ৰদৰ্শনী দুখন অনুষ্ঠিত কৰি গুৱাহাটীলৈ উভতি আহোতে প্ৰয়াগৰ মাত্ৰ চাৰিমাহ সময় লাগিছিল। এই চাৰিটা মাহৰ ভিতৰতে কেনেকুৱা প্ৰচণ্ড অসহায়তাই অদিতিক তাৰ অস্তিত্ববিহীন পথ এটাৰে গতি কৰিবলৈ বাধ্য কৰালে তাৰ সোধা নহ'ল। তাইৰ স্বামীৰ কৰ্মস্থল শিলিগুৰিলৈ সেই উদ্দেশ্যৰেই যোৱা প্ৰয়াগে অদিতিক আঁতৰৰ পৰা হেঁপাহ পলুৱাই চাই তাইৰ সন্মুখত নোলোৱাকৈয়ে উভতি আহিল। ওৰে বাটটো ট্ৰেইনৰ খিৰিকীৰে আকাশৰ তৰা চাই চাই সি কান্দিছিল। বহুদিনলৈকে নিজকে পৃথিৱীৰ নিঃসংগতম ব্যক্তি বুলি অনুভৱ কৰিছিল সি। বৰ মৰ্মান্তিক, অসহ্যকৰ আছিল সেই উপলব্ধি। কিমান কাতৰভাৱে সি মৃত্যু কামনা কৰিছিল তেতিয়া। অথচ এতিয়া………!

 ন বজাত পাণবজাৰৰ আড্ডা ভাগিল। ৰাতুলে স্কুটাৰেৰে তাক তাৰ ঘৰলৈ যোৱা ৰাস্তাটোৰ সন্মুখত নমাই দিলে।

 নীলাচল পাহাৰৰ গাত লাইটৰ ভিন্নৰঙী উজ্জ্বলতা ছেগা-চোৰোকাকৈ এচাৰ খাই পৰিছে। কৃত্ৰিম পোহৰৰ এই বিন্যাস প্ৰয়াগৰ ভাল লাগিছে। পাহাৰৰ গাত ঠেকা খাই অহা বতাহখিনিয়ে বনৰীয়া ফুলৰ গোন্ধ অলপ কঢ়িয়াই আনিছে। বনৰীয়া ফুলৰ গোন্ধত ইমান মাদকতা থকাৰ কথা সি আগতে নাজানিছিল। কোঠাত সোমাই সি আধা অঁকা ছবিখনলৈ চালে। কুঁৱলীত বগা আঁচল হেৰাই যাব ধৰা এটা অস্পষ্ট অবয়ৱ। ‘এৱে এণ্ড এৱে’ শিৰোনামাৰ এই ছবিখনৰ বাবে সি দুহেজাৰ এটা এডভাঞ্চ লৈ থৈছে। ‘আৰু মাত্ৰ তিনিমাহ’, সি মুখৰ ভিতৰতে আওৰালে আৰু কামত লাগিল।

 নিশা তিনি বজাত ছবিখন সম্পূৰ্ণ হ'ল। সি তাৰ বাল্যবন্ধু তথা বৰ্তমান কেন্সাৰ ইনষ্টিটিউটৰ ডাক্তৰ হিমানে দিয়া দৰবকেইটা খালে আৰু বিছনাত পৰিল। পুৱতি নিশাৰ চিলমিল টোপনিৰ মাজতো তাৰ বুকুৱেদি গভীৰ নদী এখনৰ শান্ত আবেগেৰে পাণবজাৰত শুনা বাঁহীৰ সুৰটো বৈ থাকিল।

 ...এতিয়া নিশ্চিত মৃত্যুৰ বাবে অপেক্ষা কৰি কৰি পৃথিৱীৰ প্ৰেমত পৰা লিউকেমিয়া [ ৫৬ ] ৰোগী প্ৰয়াগ ইয়াৰ আগতে আৰু এবাৰ খুব গভীৰভাৱে পৃথিৱী আৰু জীৱনৰ প্ৰেমত পৰিছিল। অদিতি কাষত আছিল তেতিয়া। তাই তাৰ ওচৰলৈ অহাৰ পৰা আঁতৰি যোৱালৈকে আকাশখন বেছি নীলা দেখিছিল প্ৰয়াগে। উদং পথাৰ আৰু লাউমূৰা পাহাৰবোৰেও তাক সোঁৱৰাব পাৰিছিল জীৱনৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা। নতুন ৰং-ৰূপেৰে জীপ লৈ উঠিছিল প্ৰকৃতি। তাৰ ছবিত সেউজীয়া ৰঙৰ পয়োভৰ বাঢ়িছিল। বলিষ্ঠ আৰু আশাদীপ্ত হৈ পৰিছিল ছবিৰ ৰেখাবোৰ।

 জীৱন আৰু পৃথিৱী উকা কৰি অদিতি আঁতৰি গ'ল। সি বিচৰাৰ দৰেই অনিৰ্বাণ মৃত্যুৰ সেই নিৰ্মম সত্য সি হিমানৰ কণ্ঠৰপৰা নিঃসৃত হোৱা শুনিলে। কিন্তু অদিতিৰ লগে লগে অন্তৰ্হিত হোৱা জীৱন-তৃষা মৃত্যুৰ নিশ্চিতিয়ে অতি গভীৰভাৱে তাৰ হৃদয়ত জগাই তুলিলে। জীৱনক পৃথিৱীৰ লগত সাঙুৰি থোৱা জৰীডাল কিমান দৃঢ় মৃত্যুৰ দুৱাৰডলিত ৰৈ থাকোঁতে সি বুজি উঠিল।

 দুটা দিন ৰং আৰু তুলিকাৰ লগত প্ৰয়াগ ব্যস্ত হৈ থাকিল। মৃত্যুৰ আগেয়ে জীৱনৰ এই মোহ সি অংকন কৰি যাব লাগিব৷ জীৱনৰ বাকী থকা দিনকেইটা অধিক কষ্টকৰ কৰি তুলিব পাৰে বুলি জনাৰ পাছতো সি নিচা নোহোৱালৈকে মদ খালে। শৰীৰ মনৰ স্বাভাৱিক অৱস্থাত অস্বাভাৱিক সুন্দৰ জীৱন্ত ছবি এখন অংকন কৰিব পৰা নাযায়।

 তাৰ সন্মুখৰ কেনভাছত তাৰ স্বসৃষ্ট ৰেখাবোৰে বাৰে বাৰে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। বুকুৰ পৰা জীৱন জীৱন এক অৰণ্যৰোদন হাতৰ আঙুলি গৰকি তুলিকাৰে কেনভাছলৈ নামি আহে। তাৰ পাছত ৰেখাবোৰ সময়ৰ দৰে অবিশ্বাসী হয়— যি একান্ত নিজৰ হোৱাৰ পাছতো নিয়ন্ত্ৰণ হেৰুৱাই প্ৰতাৰণা কৰে। বাৰে বাৰে ব্যৰ্থ হোৱাৰ পাছতো জীৱনৰ অংশ এই অনিয়ন্ত্ৰিত সৃষ্টি, সৃষ্টিৰ পৰা উদ্ভুত যন্ত্ৰণা তাৰ ভাল লাগে। ভুলবোৰ, গতি আৰু স্থবিৰতাৰ সাফল্য আৰু নিষ্ফলতাৰ প্ৰেমত সি আকণ্ঠ ডুব যাব খোজে।

 ক্ৰমান্বয়ে কেনভাছ ভৰি উঠে। প্ৰয়াগ চকিত হয়। কি আশ্চৰ্য সুন্দৰতাৰে তাৰেই সৃষ্টিয়ে তাক মোহিত কৰিছে। অথচ সি আশা কৰাৰ দৰে জীৱনৰ প্ৰতি থকা হাবিয়াস, পৃথিৱীৰ প্ৰতিটো বস্তুৰ লগত জড়িত হৈ থকা আবেগতো পৰিস্ফুট হৈ উঠা নাই ছবিখনত। চিন্তাক্লিষ্ট প্ৰয়াগে এসময়ত তাৰ হৃদয়, জীৱন আৰু ছবিখনৰ মাজত থকা সম্পৰ্ক বুজি উঠে। কেনেবাকৈ সি আশ্বস্ত হয়। সি ছবিখনৰ এটা শিৰোনামা দিয়ে আৰু দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰাৰ দৰে এক গভীৰ অথচ মধুৰ ক্লান্তিত বিছনাত পৰি ৰয়। বিছনাৰ কাষৰ খিৰিকীখনৰ সিপাৰে থকা গোলাপজোপাৰ কোমল পাতবোৰত তেতিয়া পূৰ্বাচল বিদাৰি অহা ৰ’দালিয়ে চিকমিকাইছিল।

 তৃতীয়দিনা আবেলি যথেষ্ট সুস্থ অনুভৱ কৰিলে প্ৰয়াগে। খিৰিকীখন খুলি অভ্যাসবশতঃ সি বাহিৰলৈ চাই আছিল। তাৰ চকুৰ সন্মুখত ৰ’দ জলমল আকাশখন মেঘময় হৈ পৰিল আৰু অলপ পাছতে হুৰহুৰাই বৰষুণ পৰিবলৈ ধৰিলে। দুহাত মেলি সি বৰষুণৰ শীতল, ক্ষণভংগুৰ শৰীৰ চুই চালে। বৰষুণৰ ৰেৱাজ শুনি শুনি অন্তিম দিনটোলৈকে তেনেদৰে ৰুদ্বিগ্ন হৈ বহি থাকিবলৈ তাৰ মন গৈছিল। কিন্তু, অলপ সময়ৰ পাছতে বৰষুণজাক আঁতৰি গ’ল। ভিজা মাটিৰ ভাল লগা গোন্ধটো লৈ লৈ সি নামি আহিল। হিমানৰ ওচৰলৈ যাব লাগিব।

[ ৫৭ ]  প্ৰয়াগক চেকআপ কৰাৰ পাছত হিমানৰ কপালৰ ৰেখাবোৰ থুপ খালে। তাক বৰ চিন্তিত যেন লাগিল। যিমান সোনকালে পাৰি প্ৰয়াগে হাস্পতালত চিট লোৱাৰ ওপৰত গুৰুত্ব দিলে হিমানে। ঘৰৰ মানুহ মতাৰ কথা ক’লে। মাহীমাকক লৈ কৰা দেউতাকৰ সংসাৰখনত অনাহূত অতিথি আছিল প্ৰয়াগ। শৈশৱ-কৈশোৰৰ অৱহেলা-প্ৰেমহীনতাই কক্ষ কৰা তাৰ জীৱনত ‘ঘৰ’ নামৰ কোনো দুৰ্বলতাই পঢ়াৰ নামত ঘৰ এৰাৰপৰা থিতাপি লোৱা নাই। তথাপি, দেউতাকৰ তেজাল, গম্ভীৰ অথচ কোমল যেন লগা মুখখনে প্ৰয়াগৰ বুকুৰ ভিতৰত সৰুকৈ কঁপনি তুলি গ'ল। দুজোপা এজাৰৰ সৈতে দীঘল পদূলি এটা, পুৰণি এল- পেটাৰ্ণৰ আটোমটোকাৰি ঘৰ এটালৈ তাৰ মনত পৰিল। হিমানক সোনকালেই হাস্পতালত চিট লোৱাৰ প্ৰতিশ্ৰুতি দি প্ৰয়াগ উভতি আহিল।

 বৰষুণে পিছল কৰি থোৱা কেঁচা মাটিৰ সৰু ৰাস্তাটোৱেদি ওপৰলৈ উঠিবলৈ প্ৰয়াগৰ কষ্ট হ’ল। নিশা তেতিয়া ন মান বাজিছিল। মালিগাঁৱৰ ফালৰপৰা ৰে’লৰ উকি এটা ভাঁহি আহিল। শিলিগুৰিৰ পৰা অদিতিক চাই উভটি অহা ৰেলখনেও এনেদৰেই উকিয়াইছিল। তাৰ হৃদয় বিদীৰ্ণ কৰি কেনেদৰে পাৰ হৈ গৈছিল উকিটো! জাপ নোখোৱা চকুৰ পতাৰ ওঁপৰেৰে পাৰ হৈ যোৱা অনিদ্ৰাৰ ৰাতিটো উকিটোৰ লগে লগে কেনেদৰে চটফটাই উঠিছিল! ভীষণ কৰুণ যেন লগা এই ৰেপণিৰ দৰে উকিটো প্ৰয়াগৰ ভাল লাগিছে। কিয় ভাল লাগে— কিয় ভাল লাগে এই কৰুণ উকিবোৰ, পিছল পথটোত বৰষুণে এৰি যোৱা বোকাবোৰ কিয় বুকুত সানি ল’বলৈ মন যায়! নিশা ভগ্নস্তূপৰ দৰে স্থবিৰ হৈ থকা গছবোৰৰ ডালে-পাতে ওলমি থকা নিস্তব্ধতাখিনিয়ে অদিতিবিহীন জীৱনত মৃত্যুস্পৃহাৰ পৰিৱৰ্তে কিয় জগাই তোলে জীৱন-তৃষা! প্ৰয়াগৰ থৰক বৰক খোজবোৰ আৰু মন্থৰ হয়। বুকুৰ পৰা ক্ষীণ উচুপনি এটা ছিটিকি আহি চৌপাশৰ থম থম নৈঃশব্দ্যত ৰিব্‌ ৰিব্‌কৈ বিয়পি পৰে।

 এসময়ত সি তাৰ কণমানি ভাৰাঘৰটোৰ গেটত থিয় হ'ল। এন্ধাৰ বাৰাণ্ডাৰ চিৰিৰ পৰা এটা ছায়ামূৰ্তি উঠি আহি তাৰ কাষত ৰ’লহি। ৰাতুল। ‘তোমাৰ বাবে এঘণ্টা বহি আছো। অদিতিয়ে মোৰ ঠিকনাত তোমালৈ চিঠি এখন পঠাইছিল৷ জৰুৰী।’ ৰাতুলে তালৈ চিঠি এখন আগবঢ়াই দিলে। ‘যাওঁ’।’ সি যাবলৈ গেট খুলিলেই।

 ‘নাথাকা?’

 ‘নাই। মেডিকেলত খুড়ী এজনী আছে। তালৈ যাব লাগিব। স্কুটাৰ তলতে ৰখাই থৈ আহিছো।’ ৰাতুল গুচি গ'ল। প্ৰয়াগৰ বুকুৰ ভিতৰত জোৱাৰ উঠিছিল। কি লিখিব পাৰে অদিতিয়ে? ফুলৰ পাহি সৰিলেও দুখ পাব যেন লগা ছোৱালীজনীয়ে তাৰ বুকুৰ সমস্ত সেউজীয়া খহাই থৈ যোৱাৰ পাছত পুনৰ কি লিখিব পাৰে তালৈ? ষ্টুডিঅ’ কৰি লোৱা কোঠাটোৰ উজ্জ্বল বগা পোহৰত প্ৰয়াগে অদিতিৰ ৰাবীন্দ্ৰিক হাতৰ আখৰৰ চিঠিখন পঢ়িলে। বুকুৰ আবেগৰ ঢৌবোৰ সহ্য কৰিবলৈ তাৰ কষ্ট হৈছিল। চিঠিখন পঢ়ি উঠি থৰক বৰক খোজেৰে প্ৰয়াগ তাৰ সদ্যসমাপ্ত ছবিখনৰ সন্মুখত থিয় হ'ল। যিখন ছবি আঁকোতে তাৰ পৰিকল্পনাক ভ্ৰূকুটি কৰি ৰেখাবোৰে নিয়ন্ত্ৰণ হেৰুৱাইছিল সেই ছবিখনকে এতিয়া সি হৃদয়ৰ সমস্ত আকুলতাৰে আঁকোৱালি ল’বলৈ বিচাৰিলে। ছবিখনৰ সন্মুখত ৰৈ তাৰ পৰাই নিঃসৃত কোমলতাত সি গলিবলৈ ধৰিলে। ফ্ৰেমৰ মাজত আবদ্ধ হৈ অদিতিৰ প্ৰতিকৃতিয়ে তেতিয়া [ ৫৮ ] তালৈ অপাৰ মমতাৰে চাই আছিল।

 বৰ দুৰ্বল অনুভৱ কৰিছে প্ৰয়াগে। ছালৰ বেষ্টনীৰ ভিতৰত তাৰ শৰীৰৰ তেজবোৰে জীৱনৰ সপক্ষে উত্তালভাৱে বিদ্ৰোহ আৰম্ভ কৰিছে। এই যন্ত্ৰণাৰ তীব্ৰতাও তাৰ ভাল লাগিছে। পৃথিৱীৰ ক’তো যেন অসুন্দৰ একো আৰু নাই।

 নিস্তব্ধ ৰাতি। নীলাচল পাহাৰৰ সৰু ঘৰ এটাত মৃত্যুৰ ক্ষণ গণি থকা ডেকা শিল্পীজনে অদ্ভুত এক বিষাদ আৰু অসহা আনন্দত উচুপিবলৈ আৰম্ভ কৰিলে। তেওঁৰ বুকুৰ চাকনৈয়াত তেতিয়াও স্থিৰ হৈ ওপঙি থাকিল প্ৰেয়সীৰ চিঠিৰ কেইটামান চুটি বাক্য— ‘প্ৰয়াগদা, মই একেবাৰে তোমাৰ ওচৰলৈ গুচি যাম। কি পৰিস্থিতিত মই আঁতৰি আহিছিলো, কেনেদৰে দুঃস্বপ্নৰ দৰে ঘটনাবোৰ ঘটি আছে মই পাছত বুজাই ক’ম। মই জানো তুমি মোক নিবলৈ আহিবা। মই বাট চাই আছো।—অদিতি।’❐ ❐