পৃষ্ঠা:সম্ভৱতঃ.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 প্ৰয়াগক চেকআপ কৰাৰ পাছত হিমানৰ কপালৰ ৰেখাবোৰ থুপ খালে। তাক বৰ চিন্তিত যেন লাগিল। যিমান সোনকালে পাৰি প্ৰয়াগে হাস্পতালত চিট লোৱাৰ ওপৰত গুৰুত্ব দিলে হিমানে। ঘৰৰ মানুহ মতাৰ কথা ক’লে। মাহীমাকক লৈ কৰা দেউতাকৰ সংসাৰখনত অনাহূত অতিথি আছিল প্ৰয়াগ। শৈশৱ-কৈশোৰৰ অৱহেলা-প্ৰেমহীনতাই কক্ষ কৰা তাৰ জীৱনত ‘ঘৰ’ নামৰ কোনো দুৰ্বলতাই পঢ়াৰ নামত ঘৰ এৰাৰপৰা থিতাপি লোৱা নাই। তথাপি, দেউতাকৰ তেজাল, গম্ভীৰ অথচ কোমল যেন লগা মুখখনে প্ৰয়াগৰ বুকুৰ ভিতৰত সৰুকৈ কঁপনি তুলি গ'ল। দুজোপা এজাৰৰ সৈতে দীঘল পদূলি এটা, পুৰণি এল- পেটাৰ্ণৰ আটোমটোকাৰি ঘৰ এটালৈ তাৰ মনত পৰিল। হিমানক সোনকালেই হাস্পতালত চিট লোৱাৰ প্ৰতিশ্ৰুতি দি প্ৰয়াগ উভতি আহিল।

 বৰষুণে পিছল কৰি থোৱা কেঁচা মাটিৰ সৰু ৰাস্তাটোৱেদি ওপৰলৈ উঠিবলৈ প্ৰয়াগৰ কষ্ট হ’ল। নিশা তেতিয়া ন মান বাজিছিল। মালিগাঁৱৰ ফালৰপৰা ৰে’লৰ উকি এটা ভাঁহি আহিল। শিলিগুৰিৰ পৰা অদিতিক চাই উভটি অহা ৰেলখনেও এনেদৰেই উকিয়াইছিল। তাৰ হৃদয় বিদীৰ্ণ কৰি কেনেদৰে পাৰ হৈ গৈছিল উকিটো! জাপ নোখোৱা চকুৰ পতাৰ ওঁপৰেৰে পাৰ হৈ যোৱা অনিদ্ৰাৰ ৰাতিটো উকিটোৰ লগে লগে কেনেদৰে চটফটাই উঠিছিল! ভীষণ কৰুণ যেন লগা এই ৰেপণিৰ দৰে উকিটো প্ৰয়াগৰ ভাল লাগিছে। কিয় ভাল লাগে— কিয় ভাল লাগে এই কৰুণ উকিবোৰ, পিছল পথটোত বৰষুণে এৰি যোৱা বোকাবোৰ কিয় বুকুত সানি ল’বলৈ মন যায়! নিশা ভগ্নস্তূপৰ দৰে স্থবিৰ হৈ থকা গছবোৰৰ ডালে-পাতে ওলমি থকা নিস্তব্ধতাখিনিয়ে অদিতিবিহীন জীৱনত মৃত্যুস্পৃহাৰ পৰিৱৰ্তে কিয় জগাই তোলে জীৱন-তৃষা! প্ৰয়াগৰ থৰক বৰক খোজবোৰ আৰু মন্থৰ হয়। বুকুৰ পৰা ক্ষীণ উচুপনি এটা ছিটিকি আহি চৌপাশৰ থম থম নৈঃশব্দ্যত ৰিব্‌ ৰিব্‌কৈ বিয়পি পৰে।

 এসময়ত সি তাৰ কণমানি ভাৰাঘৰটোৰ গেটত থিয় হ'ল। এন্ধাৰ বাৰাণ্ডাৰ চিৰিৰ পৰা এটা ছায়ামূৰ্তি উঠি আহি তাৰ কাষত ৰ’লহি। ৰাতুল। ‘তোমাৰ বাবে এঘণ্টা বহি আছো। অদিতিয়ে মোৰ ঠিকনাত তোমালৈ চিঠি এখন পঠাইছিল৷ জৰুৰী।’ ৰাতুলে তালৈ চিঠি এখন আগবঢ়াই দিলে। ‘যাওঁ’।’ সি যাবলৈ গেট খুলিলেই।

 ‘নাথাকা?’

 ‘নাই। মেডিকেলত খুড়ী এজনী আছে। তালৈ যাব লাগিব। স্কুটাৰ তলতে ৰখাই থৈ আহিছো।’ ৰাতুল গুচি গ'ল। প্ৰয়াগৰ বুকুৰ ভিতৰত জোৱাৰ উঠিছিল। কি লিখিব পাৰে অদিতিয়ে? ফুলৰ পাহি সৰিলেও দুখ পাব যেন লগা ছোৱালীজনীয়ে তাৰ বুকুৰ সমস্ত সেউজীয়া খহাই থৈ যোৱাৰ পাছত পুনৰ কি লিখিব পাৰে তালৈ? ষ্টুডিঅ’ কৰি লোৱা কোঠাটোৰ উজ্জ্বল বগা পোহৰত প্ৰয়াগে অদিতিৰ ৰাবীন্দ্ৰিক হাতৰ আখৰৰ চিঠিখন পঢ়িলে। বুকুৰ আবেগৰ ঢৌবোৰ সহ্য কৰিবলৈ তাৰ কষ্ট হৈছিল। চিঠিখন পঢ়ি উঠি থৰক বৰক খোজেৰে প্ৰয়াগ তাৰ সদ্যসমাপ্ত ছবিখনৰ সন্মুখত থিয় হ'ল। যিখন ছবি আঁকোতে তাৰ পৰিকল্পনাক ভ্ৰূকুটি কৰি ৰেখাবোৰে নিয়ন্ত্ৰণ হেৰুৱাইছিল সেই ছবিখনকে এতিয়া সি হৃদয়ৰ সমস্ত আকুলতাৰে আঁকোৱালি ল’বলৈ বিচাৰিলে। ছবিখনৰ সন্মুখত ৰৈ তাৰ পৰাই নিঃসৃত কোমলতাত সি গলিবলৈ ধৰিলে। ফ্ৰেমৰ মাজত আবদ্ধ হৈ অদিতিৰ প্ৰতিকৃতিয়ে তেতিয়া

সম্ভৱতঃ ● ৫৭