সম্ভৱতঃ/শব্দ, নৈঃশব্দ্য, জীৱন

[ ৭৬ ]


শব্দ,
নৈঃশব্দ্য,
জীৱন


 ভীৰ হৈ আহে নৈঃশব্দ্য। কিছু জয়াল। মই উৎকৰ্ণ হৈ অপেক্ষা কৰো মোৰ ফালে আগবাঢ়ি অহা এটা শব্দৰ বাবে। কিন্তু নাই। প্ৰতীক্ষাৰ দুঃসহ সময়বোৰ অতিক্ৰম কৰি কোনো শব্দই আগুৱাই নাহে। ডিম লাইটৰ ঈষৎ নীলা পোহৰত পাকঘূৰণি খাই খাই বিস্তাৰিত হয় নৈঃশব্দ্যৰ ছাঁ আৰু মই ডুব যাওঁ। কোঠাটোৰ সকলো আচবাব, দেৱালৰ পেইণ্টিঙৰ ওপৰত উফৰি পৰে সেই প্ৰাচীন, শোকাকুল স্তব্ধতা। মোক গ্ৰাস কৰি ক্ৰমশঃ মোৰ অভ্যন্তৰৰ পৰাই মোৰ পাৰিপাৰ্শ্বিকতালৈ প্ৰসাৰিত হয় নৈঃশব্দ্য... এক দুঃসহ নিৰ্জনতা।...

 এনে এক সময় আছিল যেতিয়া একান্ত নিৰ্জন পৰতো আশ্চৰ্যকৰভাৱে শব্দময় হৈ উঠিছিল মোৰ সমগ্ৰ সত্তা। মই ঠন ধৰি উঠিছিলো। কাৰ লগত তুলনা কৰিব পৰা যায় শৰীৰৰ ভিতৰৰ সেই নিস্তৰংগ আলোড়নক— যি এটা ভ্ৰূণৰ ধাৰণৰ লগে লগে মৃদুভাৱে গুঞ্জৰিত হ’ব ধৰে গৰ্ভত আৰু চৌপাশক কৰি তোলে ধ্বনিময়! যেন নিৰ্জন শৈল দেৱালত প্ৰতিধ্বনিত হোৱা এটি পখীৰ কাকলি, যেন শুষ্ক মৰুৰ মাজত কোনো তৰংগিনীৰ প্ৰাণ-প্ৰৱাহৰ শব্দ! স্ফীত গৰ্ভত আজন্মা শিশুটিৰ ‘মুভমেণ্ট’ বাঢ়ি অহাৰ লগে লগে একলা একলাকৈ মই পূৰ্ণ হৈ উঠিছিলো। মোৰ ইচ্ছা-আকাংক্ষাৰ বিপুল জগতখন কেন্দ্ৰীভূত হৈছিলহি মোৰেই গৰ্ভত স্থিতি লোৱা এটি আজন্মা প্ৰাণত। আৰু আদিত্য! বুকুত সপোন আৰু সম্ভাৱনাৰ এখন পাহাৰ কঢ়িয়াবলৈ আৰম্ভ কৰিছিল তেওঁ। ...আৰু এদিন তুলাৰ দৰে কোমল, ঢক্‌ঢকীয়া কণমানি জীৱ এটিৰ কান্দোনে মোৰ তীব্ৰ প্ৰসৱ যন্ত্ৰণাক ম্লান কৰি পেলালে।

 বৰ উজ্জ্বল, সুন্দৰ আছিল সেইবোৰ মুহূৰ্ত। কোনো শিশু কণ্ঠৰ অস্ফুট উচ্চাৰণ পৃথিৱীৰ সকলো গানতকৈ সুমধুৰ হ’ব পাৰে, ইয়াৰ পূৰ্বানুমান মোৰ নাছিল। শিশুৰ কণ্ঠ নিঃসৃত অবুজ কল্‌কলনিবোৰে চৌপাশক ইমান শব্দময় কৰি তুলিব পাৰে— মই নাজানিছিলো। আৰু এদিন অপাৰ নিস্তব্ধতালৈ আমাক নিক্ষেপ কৰি, আমাৰ হৃদয়ৰ সমস্ত উজ্জ্বলতা সামৰি লৈ, চৌপাশৰ সকলো সুৰ শব্দ বুটলি ‘হিয়া’ হঠাতে গুচি [ ৭৭ ] গ’ল। জ্বৰৰ প্ৰচণ্ড উত্তাপে দহি পেলোৱাৰ পাছত বৰফৰ দৰে শীতল হৈ পৰা হিয়াৰ নিষ্প্ৰাণ কণমানি শৰীৰটো সাবটি মৃত মানুহৰ দৰেই নিথৰ হৈ পৰিছিল আদিত্য। অশ্ৰু আৰু হু হু শূন্যতাত নিজকে হেৰুৱাই প্ৰথমবাৰৰ বাবে যিদিনা সামান্য প্ৰকৃতিষ্ঠ হৈছিলো—নিৰ্বাক আদিত্যই মোৰ মূৰত হাত থৈছিল। চেঁচা। নিষ্পন্দ হাত। তেওঁৰ চকুৰ মণিত এখন শ্মশান গজি উঠিছিল। ...মই দেখিছিলো।

 আমাক আৱৰি থকা সকলো বস্তুৱেই যেন প্ৰচণ্ডভাৱে সলনি হৈ গ’ল। সকলোতে একধৰণৰ নিৰ্লিপ্তিৰ ছাঁ পৰিল। ড্ৰইংৰুমৰ চোফাবোৰ, দেৱাল উজ্বলাই ৰখা মনালিছাৰ ভুৱনভুলোৱা হাঁহিটো, মেহগনি কাঠৰ বহল বিছনাখন, হিয়াৰ বাবে বিশেষভাৱে অৰ্ডাৰ দি বনাই অনা কণমানি খাটখন— মৃত নগৰীৰ প্ৰাচীন ঐশ্বৰ্যৰ দৰে বৰ কৰুণভাৱে ইহঁত থিয় দি থাকিল৷ পাৰাপাৰহীন নৈঃশব্দত ডুবি ডুবি।

 ‘নাই নাই। ইমান নীৰৱতা সহ্য কৰা নাযায়।’ অতিষ্ঠ হৈ এদিন বিয়লি আদিত্যৰ দুহাত খামুচি ধৰিলো মই। বাহিৰত তেতিয়া সপ্ৰতিভ ৰ’দ। তেওঁ হাঁহিলে। বৰণহীন, নিঃশব্দ হাঁহি। বহুদিনৰ মূৰত আমি একেলগে বাহিৰলৈ ওলাই আহিলো। শীতত শীৰ্ণ হৈ পৰা লুইত আগৰ দৰেই বৈ আছে। সাৱলীল গতি। চিনাকি পাৰ্কখনত প্ৰায় দুবছৰৰ মূৰত ওচৰা-উচৰিকৈ বহিলো দুয়ো। সৰু সৰু নাওবোৰ উটি গৈছে। ঘোলা পানীত মাজে মাজে মেটেকা আৰু জাবৰৰ স্তুপ। সকলো স্বচ্ছন্দ। কোনো উখল-মাখল নাই।

 ‘কিবা কোৱা।’ তেওঁ ক’লে।

 কি কোৱা যায়নো! পশ্চিম আকাশত বগা বগা ডাৱৰৰ চপৰা কেইটামান ওপঙি ফুৰিছে। সিহঁতৰ পিঠিত সুমথিৰা ৰ’দৰ আঁচোৰ। ঠায়ে ঠায়ে স্বৰ্ণাভ হৈ উঠিছে লুইতৰ পানী। মই মুখ ঘূৰালো। কিছুমান ‘পেয়াৰ’ খুব নিবিড় হৈ বহিছে। শকত, বগা, নীলা আলোৱান পৰিহিতা এক আধুনিকাৰ হাতত ধৰি তুলতুলীয়া শিশু এটি পাৰ্কখনলৈ সোমাই আহিল। ভদ্ৰ মহিলাৰ বাওঁহাতৰ কনিষ্ঠ আঙুলিত খামুচি ধৰি থুপুক্‌-থাপাক্‌কৈ খোজ কাঢ়িছে কণমানিটিয়ে। আনটো হাতত এটা বৃহদাকৃতিৰ পুতলা।

 ‘ধুনীয়া। নহয় নে?’ মই ক’লো। আদিত্যই এবাৰ মোৰ ফালে, তাৰ পাছত মোৰ দৃষ্টিক অনুসৰণ কৰি কণমানিটিৰ ফালে আৰু শেষত সুমথিৰাৰঙী ডাৱৰৰ চপৰাটোৰ ফালে চালে।

 ‘ওঁ। ধুনীয়া।’ তেওঁ আচলতে কাক ধুনীয়া বুলি ক’লে মোৰ বুজিবলৈ অসুবিধা হ’ল।

 আদিত্যৰ হাতখন মোৰ দুহাতৰ মুঠিত লুকুৱাই মই শিশুটিৰ কলকলনি শুনিবৰ বাবে সজাগ হৈ ৰ’লো। লগে লগে মোৰ এক আচৰিত অনুভৱ হ’ল— কিবা যেন ভীষণ নিস্তব্ধতাই সকলোকে ছানি ধৰিছে। মানুহৰ খোজবোৰ, ওঁঠৰ কঁপনিবোৰ, আন্দোলিত গছ-পাতবোৰ আৰু নদীৰ স্নিগ্ধ সোণালী স্ৰোত— সকলো যেন ভয়ংকৰভাৱে শব্দহীন। কি এক গাঢ় নৈঃশব্দ্যই গ্ৰাস কৰি আনিছে সকলোকে! আনকি এই যে মোৰ নিচেই কাষতে বহি আছে আদিত্য— যাৰ প্ৰশ্বাস আৰু স্পন্দনৰ সৈতে মোৰ আত্মিক সম্পৰ্ক তেৱোঁ যেন নিমজ্জিত হৈ আছে সেই সুগভীৰ নৈঃশব্দ্যত। মোৰ ভয় লাগিল।

 ‘আদিত্য, আদিত্য। উঠা। ঘৰলৈ যাম।’ নিজৰ কণ্ঠই মোৰ কাণত অচিনাকি হৈ ধৰা দিলে। যেন নৈঃশব্দ্যৰ কোনো সুদৃঢ় প্ৰাচীৰত খুন্দা খাই মোৰ পৰাই পৃথক হৈ পৰিল মোৰেই [ ৭৮ ] কণ্ঠ নিঃসৃত শব্দ। আদিত্য মোৰ ফালে চাই ব্যস্ত হৈ পৰিল।

 ‘কি হ’ল? গা বেয়া নেকি?

 এইবাৰ তেওঁৰ কথা মই শুনিলো। আমাৰ গাড়ীখন ষ্টাৰ্ট হোৱাৰ শব্দ, হৰ্ণ বজাৰ শব্দ সকলোৱেই মোৰ কাণত পৰিল। কিন্তু এই শব্দবোৰে মোক আৱৰি বাঢ়ি অহা ছায়াঘন নিঃশব্দ তৰপবোৰক আঁতৰাব নোৱাৰিলে।

 একেই স্তব্ধতা, শব্দহীনতাই আচ্ছন্ন কৰি আনিছিল নেকি আদিত্যকো। ষ্টেৰিঅ’ৰ ওপৰত, ঠাক ঠাককৈ সজোৱা কেছেটবোৰৰ ওপৰত, টিভিৰ ৰিম’ট কন্ট্ৰ’লৰ ওপৰত ধূলিৰ চামনি পৰিল।

 এদিন তেওঁ মোক বাৰাণ্ডালৈ উলিয়াই আনিলে। তেতিয়া ফাগুন। আবেলি পছোৱা বলিছিল। বতাহৰ সো-সোঁৱনিৰ শব্দ মোৰ ঠিকেই কাণত পৰিল। কিন্তু এক ধৰণৰ বিচ্ছিন্নতাই সিহঁতক মোৰ ওচৰ চাপিবলৈ নিদিলে। মইতো জানো— শব্দ মানেই নৈঃশব্দ্যৰ অন্ত। কিন্তু কি সেই নৈঃশব্দ্য যি শব্দৰ সান্নিধ্যত প্ৰগাঢ় হৈ উঠে। নিশ্চয় মানুহৰ অন্তৰাত্মাৰ পৰাই ই বিকিৰিত হয় আৰু মানুহক নিলগাই ৰাখে শব্দময় পৃথিৱীৰ পৰা।

 আস! যদিহে পুনৰ স্ফীত হৈ আহিলহেঁতেন মোৰ নাভিদেশ! তৰংগিনীৰ প্ৰাণ প্ৰৱাহৰ দৰে সেই মৃদু আজন্মা শব্দ যদি পুনৰ নিঃসৃত হ’লহেঁতেন মোৰেই তেজ-মঙহেৰে গঢ় ল’ব খোজা এটি শৰীৰৰ পৰা ৷ যদিহে মোৰ শৰীৰে হেৰুৱাই নেপেলালেহেঁতেন নাৰীক পূৰ্ণ কৰি তোলা সেই কাংক্ষিত উৰ্বৰতা! সেইদিনাই নিশা মোৰ বুকুত মুখ গুজি উচুপি উঠিছিল আদিত্য।

 ‘ওঁহো। আৰু সহ্য নহয় শ্ৰুতি। মই জীয়াই থাকিব খোজো। আমি এটি সন্তান এড’প্ট কৰিম।’

 নিষ্প্ৰাণ ঘৰখন উজ্জ্বীৱিত কৰি তুলিব বিচাৰিছিল তেওঁ। মই ‘হিয়া’ৰ ফটো থকা এলবামটো উলিয়াই ল’লো। তাইৰ হাঁহিটোৰ পৰা এটা কল্‌ কল্‌ শব্দ নিগৰি আহিল আৰু মোৰ বুকুৰ ভিতৰত তোলপাৰ লগাবলৈ আৰম্ভ কৰিলে।

 ‘নহয় আদিত্য, নহয়। যদিহে এড’প্ট কৰা সন্তানটি মোৰ বাবে ‘হিয়া’ হৈ নুঠে। যদি আমি ভবাৰ দৰে কথাবোৰ নহয়— এই স্তব্ধতা আঁতৰি নাযায়।

 মনৰ পৃথিৱীখন অলপ সহজ, মুকলি কৰিবলৈ হাবু-ডুবু খাই চেষ্টা কৰিছিল আদিত্যই। তেওঁ স্বাভাৱিকতে বিৰক্ত হ’ল আৰু দুপদুপাই ওলাই গ’ল। সেইদিনাই গধূলি আমাৰ গেটত ‘টু লেট’ লিখা ফলক এখন ওলমিল।

 ব্যৱসায়ৰ কামত পুনৰ মনপুতি লাগিল আদিত্য। গায়ত্ৰী, দুবছৰীয়া অংশু আৰু ফুল আমাৰ ছয় কোঠালিৰ ঘৰটোৰ এটা পাৰ্টৰ নতুন বাসিন্দা হ’ল। কলেজৰ প্ৰবক্তা গায়ত্ৰী। সদ্য বিধৱা গায়ত্ৰীক দেখাৰ আগলৈকে নিয়ৰৰ দৰে কোমল নাৰীৰ মাজত ইমান শক্তি লুকাই থকাৰ কথা মই নাজানিছিলো। প্ৰচুৰ অধ্যয়নশীল আৰু বুদ্ধিদীপ্ত গায়ত্ৰী সহজেই মোৰ ‘বন্ধু’ হৈ পৰিল। আৰু অংশু! তাৰ থুনুক-থানাক মাত, থুপুক-থাপাক খোজ, কোমল হাঁহিবোৰে মোৰ অজ্ঞাতেই ঘৰখনত প্ৰাণৰ সঞ্চাৰ কৰিলে। ঘৰটোৰ সৰ্বত্ৰ সিঁচৰতি হৈ থকা, মই অ-ভংগুৰ বুলি ভবা নৈঃশব্দ্যৰ তৰপবোৰ অংশুৰ থুনুক-থানাক মাতে ক্ৰমশঃ আঁতৰাই থাকিল।

[ ৭৯ ] কাম কৰা ছোৱালী ফুলৰ লগত অংশুক থৈ গায়ত্ৰী কলেজলৈ যায়। অংশু মোৰ লগত থাকে। ‘মা’ৰ লগতে সি ‘আকল’, ‘আত্‌তি’ ক’বলৈ শিকিছে। অংশুৰ হাঁহি, কান্দোন, অংশুৱে দলিয়াই দিয়া কাঁচৰ গিলাচ, ফুলদানি ভগাৰ ‘ঝনক’ ‘ঝনক’ শব্দ সকলো মোৰ আপোন হৈ পৰিছে। আনকি সি যেতিয়া শুই পৰে তাৰ নিমিলিত চকুৰ পতা, নিষ্পাপ মুখৰ তৃপ্তিৰ ভংগিমা, তাৰ ওঁঠ, হাতৰ পৰাও এক ধৰণৰ অদৃশ্য শব্দৰ গুণগুণনি প্ৰসাৰিত হয়। মই ভৰি উঠো। শূন্য কোঠালি কি এক অপূৰ্ব শব্দময়তাৰে উপচি পৰে।

 মোৰ চৌপাশৰ নৈঃশব্দ্য ক্ৰমশঃ গলিব ধৰে। ভয়ংকৰভাৱে উদাস হৈ পৰা মোৰ সময়বোৰত হেঁপাহ আৰু ব্যস্ততাৰ এটা খল্‌মলনি আৰম্ভ হয়। ৰাতি পলমকৈ ঘৰ সোমোৱা আদিত্যকো সম্ভৱতঃ স্পৰ্শ কৰি যায় ঘৰৰ চৌহদত বাজি থকা সুখী শব্দবোৰৰ দ্যোতনাই...। ষ্টেৰিঅ’, টিভিৰ পৰা ধূলিৰ চামনি আঁতৰি থাকে, যিদৰে হৃদয়ৰ পৰা আঁতৰিব ধৰে স্মৃতি আৰু হু হু হাহাকাৰৰ তৰপ। নিদ্ৰাৰ বড়িবোৰ মই একাষৰীয়া কৰি থৈ যাওঁ।

 ...আৰু এদিন নিশা পুনৰ মোৰ বাবে শব্দময় পৃথিৱীখন ধূসৰ হৈ পৰে। মোৰ কাষত শুই থকা আদিত্য নীৰৱেই বিছনাৰ পৰা উঠে, দুৱাৰ খুলি ওলাই যায়। গায়ত্ৰীৰ কোঠাৰ দুৱাৰ খোলাৰ আৰু পুনৰ বন্ধ কৰাৰ শব্দ হয়। অপেক্ষাৰ দুঃসহ ক্ষণবোৰৰ অন্ত পেলাই এসময়ত আদিত্য উভতি আহে আৰু মোৰ কাষত নীৰৱে শুই পৰে।

 পুৱা বহুপৰ মই নিদ্ৰিত আদিত্যৰ মুখৰফালে চাই ৰওঁ। নিষ্কলুষ। উজ্জ্বল। “হিয়া’ যোৱাৰ পাছত তেওঁৰ মুখ ঢাকি ৰখা বিষাদৰ ডাৱৰ এতিয়া আঁতৰি গৈছে। আদিত্যক মই একো নক’লো। কোনো অনাকাংক্ষিত পাতনিৰে তেওঁৰ মুখৰ সুখী ৰেখাবোৰ বিকৃত কৰি দিবৰ ইচ্ছা মোৰ নগ’ল। সৰ্বোপৰি প্ৰত্যুষ-সায়াহ্নত অংশুৰ সান্নিধ্য তেতিয়ালৈ মোৰ বাবে অপৰিহাৰ্য হৈ পৰিছে।

 এটা মাহত পুনৰ দুৰাতি একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল। মোৰ কাষৰ পৰা উঠি যোৱা আদিত্যৰ সন্তৰ্পণ খোজবোৰৰ লগে লগে মোৰ পাৰিপাৰ্শ্বিকতাৰ পৰা সমস্ত চিনাকি শব্দ আঁতৰি গৈ থাকিল।

 মোৰ কাষৰ পৰা তেওঁৰ শ্বাস-প্ৰশ্বাসৰ শব্দ, হৃদস্পন্দনৰ শব্দ তুলি লৈ আদিত্য গায়ত্ৰীৰ ওচৰলৈ যায়। নৈঃশব্দ্যত ডুবি ডুবি মই ব্যাকুল হৈ অপেক্ষা কৰো তেওঁৰ বাবে। এসময়ত তেওঁ আহে। মোৰ কাষত শুই পৰে। তেওঁৰ নিশ্বাস, বুকুৰ স্পন্দনৰ শব্দ অহৰহ বতাহত বাজি থাকে। কিন্তু, এই শব্দই জোকাৰি পেলাব নোৱাৰে মোৰ সৰ্বত্ৰ শিপাই ৰোৱা নিস্তব্ধতা। নিঃসাৰ হৈ মই পৰি ৰওঁ পাৰাপাৰহীন সেই কঠিন নৈঃশব্দ্যত, অকলশৰে।

 এয়া অলপ আগতে আদিত্য উঠি গৈছে। গভীৰ হৈ আহিছে নৈঃশব্দ্য। কিছু জয়াল। উৎকৰ্ণ হৈ মই অপেক্ষা কৰিছো মোৰ ফালে আগবাঢ়ি অহা এটি শব্দৰ বাবে। কিন্তু নাই। প্ৰতীক্ষাৰ দুঃসহ সময়বোৰ অতিক্ৰম কৰি কোনো শব্দই আগবাঢ়ি অহা নাই। ডিমলাইটৰ ঈষৎ নীলা পোহৰত পাকঘূৰণি খাই খাই বিস্তাৰিত হৈছে নৈঃশব্দ্যৰ ছাঁ আৰু মই ডুব গৈছো। কোঠাটোৰ সকলো আচবাব, দেৱালৰ পেইণ্টিঙৰ ওপৰত উফৰি পৰিছে সেই প্ৰাচীন, শোকাকুল স্তব্ধতা। মই থিয় হ’লো। এই নৈঃশব্দ্যৰ পৰা মই মোক বচাব লাগিব। খেপিয়াই খেপিয়াই মই দুৱাৰখনৰ ফালে আগবাঢ়িলো। গায়ত্ৰীৰ কোঠাৰ ভেণ্টিলেটৰেদি এচমকা পোহৰ আহি [ ৮০ ] বাৰাণ্ডাৰ একোণত থুপ খাইছেহি। চোতালত মৃদু বতাহ আৰু জোনাকৰ নিঃশব্দ কোলাকুলি। বনৰীয়া ফুলৰ সুঘ্ৰাণ উটি আহিছে বতাহত। গায়ত্ৰীৰ কোঠাৰ পৰা উটি আহিছে আদিত্যৰ অস্ফুট হাঁহিৰ শব্দ। এই সকলোবোৰে জড় কৰি পেলোৱাৰ উপক্ৰম কৰিছে মোক। কি আছে সেই কোঠাৰ ভিতৰত। অবিন্যস্ত দুটি পুৰুষ-নাৰীৰ আদিম নিবিড়তা! পৰস্পৰত মগ্ন হৈ পৰা নিভৃত উশাহ!

 শ্লীলতাৰ গণ্ডীৰ বাহিৰৰ এটি দৃশ্যৰ মুখামুখি হ’ব পৰাকৈ নিজকে প্ৰস্তুত কৰি মই হেন্দেলত ধৰি ঘপকৈ দুৱাৰখন টানি দিলো। আৰু মোক আচৰিত কৰি মোৰ সমুখত প্ৰতিভাত হ’ল, মোৰ হৃদয়ত অপূৰ্ব ভাস্কৰ্যৰ দৰে খোদিত হৈ গ’ল সেই পৱিত্ৰতম দৃশ্য—অংশুক কোলাত লৈ চোফাত বহি খেলি আছে আদিত্যই। সেই খেলাত নিষ্কলুয আনন্দেৰে যোগ দিছে ফুলে আৰু ডিভানৰ একোণত বগা কাপোৰেৰে সৰ্বশৰীৰ ঢাকি মৌন হৈ বহি আছে গায়ত্ৰী।❐ ❐