সম্ভৱতঃ/ক্ষণভংগুৰ
ক্ষণভংগুৰ
কোমল বতাহ এজাকে পদুলিৰ কৃষ্ণচূড়া আৰু সোণাৰু ফুলৰ পাহিবোৰৰ লগত খেলি আছিল। দিনান্তত ধুসৰ হৈ আহিছিল পোহৰ আৰু কেইটামান জোনাকীয়ে দিনজোৰা আলস্যৰ অন্তত গাৰ চাকিবোৰ জ্বলাই লৈছিল। হঠাতে মৃদু বতাহজাকে প্ৰবল ধুমুহাৰ ৰূপ ল’লে— আন্দোলিত গছ পাতবোৰলৈ সঞ্চাৰিত হ’ল উদ্দাম-অস্থিৰ নাচোন। মুহূৰ্তৰ ভিতৰতে ৰহস্যময় সাজ পিন্ধি যেন অচিনাকি হৈ পৰিল সন্ধিয়াৰ পৃথিৱী।
তচ্নচ্ হৈ পৰা কণমানি জোনাকী কেইটাৰ বাবে অজন্তাৰ বুকুখন গধুৰ হৈ পৰিল। খোলা খিৰিকীৰ কাষত বহিঃ বিশ্বৰ এই সশব্দ আলোড়নক প্ৰত্যক্ষ কৰি তাই বহি থাকিল, অকলশৰে!
বতাহৰ এটা প্ৰচণ্ড ঢৌৱে অজন্তাক হাউলাই পেলালে। পানীৰ কিছুমান সূক্ষ্ম কণিকাই আঁচুৰি গ’ল তাইৰ মুখ, শাৰীৰ আঁচল। বতাহৰ খুন্দাত দেৱালত ওলোমাই থোৱা কেলেণ্ডাৰখন মাটিত পৰি গ’ল। অজন্তাই তুলি ল’লে। ৰঙা চিয়াঁহীৰ দাগৰ মাজত উজ্জ্বল হৈ জিলিকিছে এটা তাৰিখ— ‘১৫ জুন’। অজন্তাই শাৰীৰ আঁচলেৰে কেলেণ্ডাৰখন মচিলে আৰু পূৰ্বৰ ঠাইত ওলোমাই থ’লে। আচলতে উজ্জ্বল ৰঙাৰ মাজত জিলিকি থকা সেই তাৰিখটোৱেই ‘আজি’৷ সেয়েহে মহানগৰীৰ প্ৰান্তীয় এলেকাৰ দুকোঠলীয়া ফ্লেটটোত অজন্তাই অকলশৰে যাপন কৰিব বিচাৰিছে নিজক। হৃদয়ৰ একোণত সংগোপনে সাৰ পাই উঠা বিষাদ আৰু একাকীত্বক।
ঘণীভূত হৈ আহিছিল এন্ধাৰ। বতাহৰ প্ৰাবল্য কিছু কমিছিল। বৰষুণৰ ডাঠ, দীঘলীয়া টোপালবোৰ বিজুলীৰ পোহৰত চিক্মিকাই উঠিছিল। দুমহলাত থকা নিজৰ কোঠাৰ খিৰিকীখনেৰে পদুলিত কৃত্ৰিম পোহৰৰ এটা চমকা দেখা পালে অজন্তাই। দীঘল ৰাস্তাটোৰ ওপৰত ছেদেলি-ভেদেলি হৈ পৰি থকা সোণাৰু আৰু কৃষ্ণচূড়াৰ পাহিবোৰৰ ওপৰত পাতল পোহৰৰ চমকাটো ক্ৰমশঃ উজ্জ্বল হৈ পৰিলহি। এখন গাড়ী থামিল পদুলিত আৰু গাড়ীৰ পৰা নামি এটা ওখ, ঋজু অবয়ব সিহঁতৰ ফ্লেটৰ ফালেই আগবাঢ়িল। বৰষুণৰ তীব্ৰতাক প্ৰত্যাহ্বান জনায়ে যেন আগন্তুকে সামান্যও শ্লথ [ ৮২ ] নকৰিলে খোজৰ গতি। বৰঞ্চ প্ৰচণ্ড প্ৰত্যয় আৰু অহংকাৰেৰে প্ৰকৃতিৰ প্ৰতি নিৰ্লিপ্তি প্ৰদৰ্শন কৰি তেওঁ ফ্লেটৰ বাৰাণ্ডাত ভৰি থ’লে।
মুহূৰ্তৰ বাবে অজন্তা নিশ্চল হৈ গ'ল। আশা আৰু যন্ত্ৰণাৰ চাকনৈয়াত চূৰ্ণাকৃত হোৱা তাইৰ মনে সেই সময়তে খৰধৰকৈ কেইটামান ‘কেলকুলেশ্যন’ কৰি পেলালে। খিৰিকীখন বন্ধ কৰি তাই লাইটটো জ্বলাই দিলে।
‘সা ৰে গা মা...’ অজন্তাৰ মনোমত কলিংবেলৰ সাংগীতিক শব্দত কাৰোবাৰ উপস্থিতিৰ বতৰা। দুৱাৰ খুলি অজন্তাই দেখিলে সেই চিৰ পৰিচিত ভংগীৰে ৰৈ আছে শিশিৰ। ওখ, মেদহীন শৰীৰ। ওঁঠত জান-নাজান এটা হাঁহি। চকুত কিছু ঔদ্ধত্য, কিছু গভীৰতা।
‘আহা'।
কোঠাটোলৈ সোমোৱাৰ আগে আগে পকেটৰ পৰা এখন ৰুমাল উলিয়াই মুখ-হাত মচিলে শিশিৰে৷ শিশিৰক বহিবলৈ দি ভিতৰৰ পৰা খৰধৰকৈ এখন টাৱেল আনি দিলে অজন্তাই।
‘ভালদৰে মূৰটো মচি লোৱা। বৰকৈ তিতিলা।’
আকাশ নীলা টাৱেলখনেৰে মুখখন মচিবলৈ লৈ ৰৈ গ'ল শিশিৰ। কোন সুদূৰৰপৰা যেন শূন্যত ওপঙি আহিছে এটা কোমল, পৰিচিত গোন্ধ। হৃদয়ক পৱিত্ৰ কৰি তোলা, শৰীৰক নিষ্কলুষ কৰি তোলা এটা খুব আপোন আপোন গোন্ধ। অজন্তাৰ গাৰ গোন্ধ।
‘বিশেষ কাম এটাত এইফালে আহিছিলো। ভাবিলো তোমাক লগ কৰি যাওঁ। ইতস্ততঃবোধত শিশিৰৰ মাতটো মুকলিকৈ নোলাল। তাৰ সন্মুখত তলমূৰকৈ অজস্তা বহি আছে। আগতকৈ শেঁতা আৰু লেহুকা দেখাইছে অজন্তাক।
‘কেনে আছা?’ শিশিৰে সুধিলে। সামান্য হাঁহি মূৰটো লৰালে অজন্তাই। মুখত কোনো ভাব ফুটি নুঠিল। মুহূৰ্তৰ বাবে শিশিৰ বিৰক্ত হ’ল। চিৰদিনেই এনেকুৱা অভিব্যক্তিহীন অজন্তা। এই যে আজি এটা বিশেষ দিনত শিশিৰ আহিল ইয়াৰ বাবে এটা সুস্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰেনে অজন্তাই! অথচ এটা প্ৰতিক্ৰিয়া— আনন্দ, বিষাদ, প্ৰাপ্তি, অভিমান অথবা বিৰক্তিৰ— খুবেই আশা কৰিছিল সি।
‘কাম হ’ল?’ অজন্তাই সুধিলে। এটা উত্তাপহীন প্ৰশ্ন।
সন্মতিসূচকভাৱে মূৰ দুপিয়ালে শিশিৰে।
‘তুমি বহা। মই কফি আনো।’ অজন্তা উঠি গ'ল। দ্ৰয়িংৰূমৰ পৰা বেডৰূম পাৰ হ’লেই কিচ্চেন। বেডৰুম আৰু কিচ্চেনক সংলগ্ন কৰি ৰখা দুৱাৰখনত আঁউজি অলপ দীঘলকৈ উশাহ ল’লে অজন্তাই। পাঁচ মাহৰ পাছত তাই মুখামুখি হৈছে শিশিৰৰ স’তে। তাইৰ মনৰ মাজত ইতিমধ্যে উত্তৰবিহীন হাজাৰটা প্ৰশ্নৰ অগাডেৱা আৰম্ভ হৈছে।
কিমান স্বপ্ন আৰু আশাৰে সংপৃক্ত আছিল দুবছৰৰ পূৰ্বৰ আজিৰ দৰেই এটা বৰ্ষণমুখৰ দিন! সৰল, প্ৰাণোচ্চল যুৱক এজনৰ হাতত ধৰি তাই প্ৰথম ভৰি দিছিল এই ঘৰটোত। ইঞ্জিনীয়াৰিং পাছ কৰি বেকাৰ হৈ থকা শিশিৰৰ লগত কলেজ এখনত মূৰটো গুজিয়েই ক’ৰ্ট মেৰেজ কৰিছিল তাই। গোড়া ব্ৰাহ্মণ পৰিয়ালৰ ছোৱালী হৈও সুদিৰ যুৱকৰ লগত বিয়াত বহাৰ বাবে ঘৰৰপৰা অজন্তাক ত্যেজ্যপুত্ৰী কৰিছিল। অথচ, যাৰ বাবে তাই ওপজা ঘৰখনৰ [ ৮৩ ] স্নেহ আৰু আশ্ৰয় নেওচা দি গুচি আহিছিল, তেৱেঁই অজন্তাক এৰি থৈ গুচি গ’ল এখন অনাত্মীয় পৃথিৱীত।
বুকুৰ মাজত ওফন্দি আহিব ধৰা কান্দোন এটা জোৰকৈ চেপি ধৰি তাই খৰধৰকৈ কফি বনোৱাত লাগিল।
এই মুহূৰ্তত তাই অতীতত হেৰাব বিচৰা নাই। মনত ৰাখিব খোজা নাই অনিশ্চিত ভৱিষ্যতক। মাথোঁ বৰ্তমানৰ মুখামুখি হ’ব বিচাৰিছে, সহৃদয়তাৰে।
এডোখৰ চেণ্ডউইচ আৰু ভজা কাজু বাদামৰ প্লেটৰ সৈতে কফি কাপ আগ্ৰহেৰেই হাত পাতি ল’লে শিশিৰে।
‘বাসন্তী নাই?’
‘তাইৰ মাকৰ অসুখ। তিনিদিনৰ বাবে ঘৰলৈ গৈছে।
আগতে অজন্তাই অকলে থাকিবলৈ ভয় কৰিছিল। ব্যস্ততা বাঢ়ি অহাত অজন্তাৰ ভয়ৰ প্ৰতি লক্ষ্য ৰাখিয়েই পাৰ্ট টাইম কাম কৰা মানুহজনীক বিদায় দি গাঁৱৰ পৰা বাসন্তীক আনি দিছিল শিশিৰে।
‘অকলে থাকিবলৈ ভয় নকৰা আজিকালি?’ প্ৰশ্নটো সুধি শিশিৰে বিব্ৰতবোধ কৰিলে।
‘নাই! নকৰো। সহজভাৱেই উত্তৰ দিলে অজন্তাই। ‘সমুখৰ ফ্লেটটোত এতিয়া মোৰ ক’লিগ মনিদীপাৰ ফেমিলি থাকে। তলৰ আণ্টিয়েও খবৰ লৈ থাকে।
কফিৰ কাপত নীৰৱে চুমুক দিওঁতে অজন্তাৰ পিছফালে পিকাছোৰ পেইণ্টিং এখনত চকু পৰিল শিশিৰৰ। সেইখন আগতে নাছিল। হঠাতে নতুন খেল এটা উদ্ভাৱন কৰাৰ দৰে কোঠাটো তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিলে শিশিৰে। বহু কিছু একে আছে। কিছু সলনি হৈছে। যিদৰে মানুহ সলনি হয়। দিনে দিনে। মাহে মাহে। বছৰে বছৰে।
দ্ৰয়িংৰূমত আগৰ মটিয়া ৰঙৰ কাৰ্পেটৰ ঠাইত এখন পাতল সেউজ ৰঙৰ কাৰ্পেট পৰা হৈছে। ৰাজস্থানী ষ্টাইলৰ বেতৰ চোফাৰ কাষতে এডাল ষ্টেণ্ডত এজোপা বনছাই কৰা কৰবী ফুলৰ গছ। কোঠাটোৰ এটা কোণত লাফিং বুদ্ধৰ এটা ষ্টেচু।
গ্লাচেৰে আবৃত কিতাপ থোৱা ৰেকত আধ্যাত্মিকতা সম্পৰ্কীয় কেইখনমান নতুন কিতাপ।
‘কি চাইছা?’
‘একো নাই।'
একোঠালী নিৰৱতা আৰু তাৰ মাজে মাজে টুকুৰা-টুকুৰ কথাৰ ভগ্নাংশ! পৰম অপৰিচিতৰ দৰে মুখামুখি হৈ বহি থাকিল এসময়ৰ অতি চিনাকি দুজন মানুহ।
অজন্তাৰ অস্বস্তি লাগিছিল। তাই এনেয়ে সুধিলে— ‘অসুবিধা নহয় যদি ভাত খাই যোৱা৷ অৱশ্যে, যদি গায়ত্ৰীয়ে....
সচেষ্ট হৈ উঠিল শিশিৰ। সি যেন অপেক্ষা কৰিছিল এনে এটা অনুৰোধৰ বাবেই।
‘মই ইয়ালৈ আহিম বুলি গায়ত্ৰীয়ে জানে। যদি তুমি খুৱাব বিচৰা, মই আনন্দেৰেই ভাত খাই যাম।’
অপৰিচিতৰ আৱৰণৰ আঁৰত আগৰ সেই দুৰন্ত প্ৰেমিক, বে-পৰোৱা ল’ৰাজনক প্ৰত্যক্ষ কৰিলে অজন্তাই। তাই হাঁহি ক’লে— ‘তুমি মুখ-হাত ধুই ফ্ৰেচ হৈ ভিতৰতে অলপ ৰেষ্ট [ ৮৪ ] লোৱা। মই কিচ্চেনলৈ যাওঁ।'
বেডৰূম সংলগ্ন বাথৰূমলৈ যাবলৈ শিশিৰৰ অলপ আপচোচ হৈছিল। অজন্তাই গডৰেজৰ ভিতৰৰ পৰা সযতনে ৰখা পলিথিনৰ পেকেট এটা উলিয়াই আনিলে।
‘তোমাৰ কাপোৰ। প্ৰয়োজন হলে চেঞ্জ কৰিব পাৰা।’
বিছনাত পেকেটটো থৈ অজন্তা কিচ্ছেনলৈ গ'ল। পলিথিনৰ ভিতৰৰ পৰা এটা বগা হাফ ছাৰ্ট আৰু ক’লা পায়জামা উলিয়াই ল’লে শিশিৰে। সম্ভৱতঃ একেবাৰে ঘৰ এৰি যাবৰ সময়ত সি নিবলৈ পাহৰি গৈছিল।
সযতনে ধুই ইস্ত্ৰি কৰি থোৱা কাপোৰ সাজ হাতত লৈ অলপ সময় ৰৈ থাকিল শিশিৰ। অজন্তাৰ হাতৰ মমতাৰ পৰশ আছে কাপোৰ সাজত।
এসময়ত পুৱাৰ দৰে স্নিগ্ধ, এই মমতাময়ী অজন্তাজনী একেবাৰে নিজৰ আছিল শিশিৰৰ। স্বপ্নহীন আৰু হতাশগ্ৰস্ত সময়বোৰত প্ৰেৰণা আৰু ভালপোৱাৰে অজন্তাই আৱৰি ৰাখিছিল তাক। অথচ জীৱন যেতিয়া অৰ্থ আৰু ক্ষমতাৰে ভৰি গ'ল তেতিয়া কিমান ধূসৰ হৈ আহিল অজস্তা। আধুনিকতা আৰু স্বচ্ছল জীৱনৰ চাকচিক্যত কিমান আউটডেটেড, কিমান কমন হৈ পৰিল অজন্তা!
বিয়াৰ পাঁচ মাহৰ পিছতে পি ডব্লিউ ডিৰ ইঞ্জিনীয়াৰৰ চাকৰিত জইন কৰিছিল শিশিৰে। মধ্যবিত্ত পৰিয়ালৰ অভাৱগ্ৰস্ততাৰ মাজত ডাঙৰ হোৱা শিশিৰে যেন চাকৰি নহয়; আলাউদ্দিনৰ চাকিটোহে পালে! সোঁৱে-বাঁৱে টকা ঘটি আধুনিক বিলাসী জগতখনত এড্জাষ্ট কৰিবলৈ তৎপৰ হৈ উঠিল শিশিৰ। সংঘাত আৰম্ভ হৈছিল ইয়াতেই। শিশিৰৰ দৃষ্টিত পুৰাতন আৰু ভেলুলেছ কিছু আদৰ্শক আকোৰগোঁজকৈ অজন্তাই খামুচি ধৰিলে। শিশিৰে বিশেষভাৱে অৰ্ডাৰ দি অনোৱা ইৰাণী চিফনৰ কাৰুকাৰ্য খচিত শাৰীখন অজন্তাই দলিয়াই পেলালে। সুৰাৰ বটল আৰু নোটৰ বাণ্ডিল লৈ ঘৰলৈ অহা ঠিকাদাৰক উলিয়াই পঠালে। ক্লাব আৰু পাৰ্টিত শিশিৰৰ সংগী হ’বলৈ দৃঢ়তাৰে অস্বীকাৰ কৰিলে।
ফলত ক্লাব আৰু পাৰ্টিত বিদেশী পানীয় গলাধঃকৰণ কৰি আন কোনো নাৰীৰ লাহী কঁকালত হাত থৈ ডেন্স কৰিবলৈ আৰম্ভ কৰিলে শিশিৰে।
...লাহে লাহে অজন্তাৰ আদৰ্শ, প্ৰেম আৰু মমতাৰ আৱৰ্তৰ বাহিৰ হৈ গৈছিল শিশিৰ। এতিয়া অজন্তাৰ হাতৰ স্পৰ্শ থকা কাপোৰ সাজতে সি অনুভৱ কৰিলে হৃদয়ৰ সেই উত্তাপ— যি তাৰ জীৱনৰপৰা প্ৰত্যক্ষভাৱে মেলানি মাগিছে। শিশিৰৰ দুচকু ভৰি আহিল। সি বাথৰূমলৈ সোমাই গ'ল।
আনহাতে, শিশিৰে ভাত খাব বুলি কোৱাত অলপ অস্বস্তিত পৰিল অজন্তা। এনে এটা পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলি তাই একেবাৰে ভবা নাছিল। সেয়ে বজাৰো কৰা নাছিল।
অৱশেষত, আলু-মটৰ-পনীৰৰ তৰকাৰী, বুটৰ দাইল আৰু ফ্ৰিজত থোৱা ইলিচ মাছৰ সৰিয়হ দিয়াৰে ৰাতিৰ সাজ ৰন্ধাৰ বাবে প্ৰস্তুত হ’ল অজন্তা।
বিয়াৰ পিছত প্ৰথম কেইটামান মাহত পাকঘৰৰ কামত অজন্তাক সহায় কৰি দিয়াটো চখ আছিল শিশিৰৰ। ক্ৰমশঃ আদৰ্শ আৰু জীৱন-শৈলীৰ পাৰ্থক্যই সিঁহতক ইমান আঁতৰাই নিছিল যে একেখন ঘৰতে থাকিও কাচিৎহে একেলগে খাবৰ বাবে বহিছিল সিহঁত। সেই সময়তে [ ৮৫ ] একে ডিপাৰ্টমেণ্টৰ বিষয়া গায়ত্ৰী বৰুৱাৰ লগত শিশিৰৰ ঘনিষ্ঠতা বাঢ়ি আহিছিল। আধুনিকা, চৌখিন আৰু তীক্ষ্ণ ব্যক্তিত্বৰ অধিকাৰী গায়ত্ৰী মাজে মাজে সিহঁতৰ ঘৰলৈও আহিছিল। অজন্তাই গম পাইছিল বিয়াৰ দুমাহৰ পিছতে গায়ত্ৰীৰ স্বামী ঢুকাইছে।
এদিন তাই স্পষ্টকৈয়ে শিশিৰক সুধিছিল গায়ত্ৰীৰ লগত থকা তাৰ সম্পৰ্কৰ বিষয়ে।
‘যিবিলাক চিটুৱেশ্যনত তুমি মোক সংগ নিদিয়া, মই গায়ত্ৰীৰ ক’ম্পেনি এনজয় কৰো। আউটডেটড আদৰ্শ কিছুমান খামুচি ধৰি থাকি ‘ধৰ্মাত্মা’ হোৱাৰ প্ৰয়াস গায়ত্ৰীয়ে নকৰে। সময়ৰ লগত খোজ মিলাব পাৰে বাবেই গায়ত্ৰীক মোৰ ভাল লাগে।' শিশিৰে নিজৰ বে- পৰোৱা স্পষ্টবাদিতাৰে স্তব্ধ কৰি দিছিল অজন্তাক। ক্ৰমশঃ সিহঁতৰ মাজৰ ব্যৱধানে এনে পৰ্যায় পালেগৈ যে একেখন বিছনাতে অনাত্মীয় ব্যক্তিৰ সচেতনতাৰে সিহঁতে উজাগৰী নিশাবোৰ পাৰ কৰিবলৈ আৰম্ভ কৰিলে।
ৰন্ধাৰ মাজতে এবাৰ বেডৰূমলৈ ভুমুকিয়াই চাই অজন্তাই দেখিলে মুখ-হাত ধুই বিছনাত দীঘল দিছে শিশিৰে। তাই উলিয়াই দিয়া কাপোৰ সাজ শিশিৰে পিন্ধা নাই। বুকুৰ ওপৰত সোঁহাতেৰে ধৰি আছে। তেতিয়া চকু দুটা মুদি আন এক ভাবনাত ডুব গৈছিল শিশিৰ৷ বিবাহৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত অজন্তাৰ দুগৰাকী বান্ধৱী, শিশিৰৰ দুজন ভায়েক, এজন সহকৰ্মী আৰু একেটা চৌহদতে থকা আন দুটা ভাৰাতীয়া পৰিয়াল উপস্থিত আছিল। কেক, লুচি, মটৰ, পনীৰ আৰু দুবিধ মিঠাইৰ অনুষ্টুপীয়া আয়োজন আৰু বিৰাট ৰং-তামাছাৰ মাজত পাৰ হৈ গৈছিল দিনটো। বৰ সুখী আছিল তেতিয়া সিহঁত।
ইয়াৰ পিছৰ বিবাহ বাৰ্ষিকীটো উদ্যাপন কৰা হৈছিল কাছাৰী ঘাটৰ এখন ফ্ল’টিং ৰেষ্টুৰেণ্টত। অজন্তাৰ হাজাৰ আপত্তি সত্ত্বেও শিশিৰে সেই আয়োজন কৰিছিল। নাম নজনা কন্টিনেণ্টেল দিছৰ পয়োভৰ, শিশিৰৰ বছ, সহকৰ্মীৰ অভিজাত ভিৰৰ মাজত বন্ধ কোঠাত সোমাই থাকি উশাহ ল’ব নোৱাৰাৰ দৰে অৱস্থা হৈছিল অজন্তাৰ। একোণত অকলশৰে বহি ৰৈছিল তাই। সাংঘাতিক ধৰণে বিৰক্ত হৈছিল সেইদিনা শিশিৰ। অতি সাধাৰণ মিহি পটি দিয়া বগা পাটৰ কাপোৰ এযোৰ পিন্ধি পাৰ্টিলৈ আহিছিল অজন্তা। তাৰ আগ্ৰহক সম্পূৰ্ণৰূপে উপেক্ষা কৰিয়েই যেন তাই সকলোৰে পৰা আঁতৰি আছিল। আদৰ্শৰ অহংকাৰ! নে শিশিৰৰ প্ৰতি হেয় ধাৰণাৰ উদ্ধত প্ৰকাশ! এবাৰো অনুভৱ কৰাৰ চেষ্টা কৰা নাছিল অজন্তাই তাৰ পদোন্নতিৰ বাবে, ছ'চিয়েল ষ্টেটাছৰ ববে এই পাৰ্টিৰ গুৰুত্ব কিমান! বিদ্ৰোহী হৈ উঠিছিল শিশিৰ। অজন্তাৰ সমুখতে গায়ত্ৰীৰ কান্ধত মূৰ থৈ বিৰবিৰাইছিল— “গিভ মি ছেলটাৰ। প্লিজ।'
ঠ-ন-ৰ কৈ কিবা এটা ভগাৰ শব্দত শিশিৰৰ তন্ময়তা ভাগি গ'ল৷ খৰধৰকৈ কিচ্চেনলৈ গৈ দেখিলে নিমখ থোৱা চিচাৰ বৈয়ামটো মাটিত পৰি ভাগি গৈছে। ভগা চিচাৰ টুকুৰাবোৰ বুটলিবলৈ লওঁতে অজন্তাৰ আঙুলি কাটি তেজ ওলাল। অজন্তাৰ হাতৰ ফালে হাতখন আগুৱাই নিও সংকুচিত কৰি আনিলে শিশিৰে। তাৰ পিছত পকাত পৰি থকা টুকুৰাবোৰ সামৰিব খুজিলে। ‘নালাগে নালাগে। তুমি উঠা মই কৰিম।' একধৰণৰ কাঠিন্য আছিল অজন্তাৰ কথাত। শিশিৰ উঠি বেডৰুমলৈ গ'ল আৰু টিভিটো অন কৰি এখন চেয়াৰত বহি পৰিল।
ৰন্ধা শেষ হৈছিল। ডাইনিং টেবুলত প্লেট সজাই থাকোতে এটা ফোন আহিল। ফোনটো [ ৮৬ ] ৰিচিভ কৰিয়েই অজন্তাৰ মুখখন পোহৰ হৈ গ’ল।
....‘অ’ ৰূপম... কেনে লাগিছে ফুৰি?’
‘...ওঁ। ভালে আছো মই।...নাই নাই একো অসুবিধা হোৱা নাই... অ’। মনিদীপাই খবৰ ৰাখিছে। ...কেনে লাগিছে সাগৰ?...। কেইটামান সুন্দৰ স্নেপ আনিবা মোৰ বাবে………।...অ’কে ... বাই...।’
‘ৰূপমৰ ফোন আছিল। উটিৰ পৰা কৰিছে।’ শিশিৰক উদ্দেশ্যি ক’লে অজন্তাই। হঠাতে অজন্তাৰ পোহৰ হৈ থকা মুখখনলৈ চাই শিশিৰৰ বুকুখন শূন্য হৈ গ’ল। সি অনুভৱ কৰিলে অজন্তাৰ ভাল লগা, বেয়া লগা, ভালে থকা নথকা আদিবোৰৰ পৰা বহু দূৰলৈ গুচি গৈছে সি। ক্ৰমশঃ যেন এইবোৰ আন কাৰোবাৰ দায়িত্বৰ ভিতৰুৱা হৈ পৰিছে! ৰূপমক ভালদৰে চিনি পায় শিশিৰে। মনিদীপাৰ কাজিন আৰু অজন্তাৰ সহপাঠী। এতিয়া ইউনিভাৰচিটিত কাম কৰে। বৰ সংগোপনে শিশিৰৰ বুকুৰ একোণত এটা জ্বলন অনুভূত হ’ল।
তলমূৰকৈ খাবলৈ লোৱা অজন্তাও সামান্য অপ্ৰস্তুত হৈছিল। অলপ আগলৈকে হৃদয়ৰ কোনো এটা অৱচেতন কোণত সঁচাকৈয়ে এটা আশা আছিল— অন্ততঃ আজি শিশিৰ আহিব। সঁচাকৈয়ে আহিল শিশিৰ। কিন্তু, এবাৰৰ বাবেও শিশিৰে উল্লেখ কৰা নাই আজিৰ দিনটোৰ বিশেষত্বৰ কথা। অজন্তা বিমূঢ় হৈছে। তাই ধৰিব পৰা নাই আজিৰ দিনটোৰ লগত জড়িত স্মৃতিয়ে শিশিৰক টানি আনিছে নে এয়া নিতান্তই আকস্মিক— সাময়িক অথচ দৃঢ় এটা ইচ্ছা মাত্ৰ!
‘আজি জুনৰ ১৫ তাৰিখ শিশিৰ। দিনটো মনত আছেনে তোমাৰ?’ সুধিব খুজিলে অজন্তাই। কিন্তু, তাইৰ মুখৰ পৰা আন এটা প্ৰশ্নহে ওলাই আহিল, ‘তুমি কি সিদ্ধান্ত ল'লা?’ প্ৰশ্নটো বুজিবলৈ গৈ চৰচৰণি খালে শিশিৰে। অন্ততঃ আজিৰ দিনটোত সি এই বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰিছিল। শিশিৰে ঘৰ এৰাৰ পিছতে আনুষ্ঠানিকভাৱে ডিভোৰ্ছ লোৱাৰ সিদ্ধান্তৰ বিষয়ে জনাইছিল অজন্তাই। কিন্তু, নিজেও নজনা কিবা এক কাৰণত বিষয়টোৰ পৰা আঁতৰি ফুৰিছিল শিশিৰ।
‘আমি যিহেতু পৰস্পৰৰ পৰা আঁতৰিয়েই আছো, অনৰ্থকভাৱে সম্পৰ্ক এটা ওলোমাই ৰখাৰ নিশ্চয় কোনো প্ৰয়োজন নাই।’ পুনৰ ক’লে অজন্তাই। এক দৃষ্টিৰে অজন্তাৰ মুখলৈ চালে শিশিৰে। তাইৰ ডাঠ কেঁকোৰা চুলিৰ তলত, শিৰত এতিয়াও জিলিকি আছে সেন্দূৰৰ এটা জান-নাজান দাগ।
শিশিৰৰ এনে লাগিল অজন্তাই স্বাধীনতা বিচাৰিছে। স্মৃতিৰ পৰা। শিৰত আঁকি লোৱা সেন্দূৰৰ মিহি দাগটোৰ পৰা।
‘যদিহে আইনগতভাৱে বিচ্ছেদ নঘটাত তোমাৰ কিবা অসুবিধা হৈছে তেনেহ’লে নিশ্চয় সোনকালেই ডিভোৰ্ছৰ কামখিনি শেষ কৰিব লাগিব। তোমাৰ জীৱনটো নতুন ধৰণে গঢ় দিয়াত মোৰ লগত থকা সম্পৰ্ক অন্তৰায় হৈ পৰক –এয়া মই কেতিয়াও নিবিচাৰো।’ আহত কণ্ঠেৰে শিশিৰে ক’লে।
মুহূৰ্তৰ বাবে কৌতুকত অজন্তাৰ চকু দুটা জ্বলি উঠিল... ‘আৰু তুমি? গায়ত্ৰীয়ে বাট চাই থকা নাই তোমাৰ বাবে? ডিভোৰ্ছৰ প্ৰয়োজন মোতকৈ তোমাৰ বেছি শিশিৰ।’[ ৮৭ ] স্তব্ধ হৈ গ’ল শিশিৰ। গায়ত্ৰীয়ে দিনে-নিশাই জোৰ কৰিছে ডিভোৰ্ছৰ আনুষ্ঠানিকতাখিনি শেষ কৰিবলৈ।
কিন্তু ক্ৰমশঃ কেনেদৰে যে খেলিমেলি লাগিব ধৰিছে সকলোতে। অজন্তাৰ ব্যক্তিত্বত তাৰ একান্ত প্ৰয়োজনীয় ‘কিবাকিবি’ৰ অভাৱৰ বাবে সি গায়ত্ৰীৰ কাষ চাপি গৈছিল। কিন্তু এতিয়া গায়ত্ৰীৰ মাজত সি বহু কিবাকিবিৰ অভাৱ দেখিছে যিখিনিৰে সমৃদ্ধ আছিল অজন্তা। অজন্তাৰ মাজত প্ৰকৃতিৰ ‘স্বচ্ছতা’ আছিল। গতিকে আদৰ্শৰ ওচৰত, হৃদয়ানুভূতিৰ সততাৰ ওচৰত সকলো ম্লান হৈ গৈছিল। আনহাতে, গায়ত্ৰীৰ বাবে কেৰিয়াৰেই সৰ্বস্ব। হৃদয়, আবেগ আদিৰ বাবে গায়ত্ৰীৰ জীৱনত বৰ বেছি সময় নাই। এই আত্মকেন্দ্ৰিকতা যেন ভয়াৱহভাৱে যান্ত্ৰিক! কেতিয়াবা অতিষ্ঠ হৈ পৰে শিশিৰ। নিঃসংগ হৈ পৰে। সি অনুভৱ কৰে তাৰ জীৱনৰ পৰা লাহে লাহে হেৰাই যাব ধৰিছে মানুহক নিৰাপত্তা দিব পৰা ভালপোৱাৰ সেই অনিৰ্বচনীয় শুদ্ধতা। নাৰীৰ মমত্বৰ সেই কুহুমীয়া উত্তাপ। যিদৰে সায়াহ্নত পোহৰ হেৰাই যায়। শৰতত লুপ্ত হয় মেঘমল্লাৰ।
‘তুমি সংঘাতিক ধৰণে জেদী অজন্তা। এই জেদৰ বাবেই নিজক কষ্ট দিছা। মোকো...’
‘শিশিৰ, ময়োতো ক’ব পাৰো তুমি কৃতঘ্ন। স্বাৰ্থপৰ। কিন্তু ক’ব বিচৰা নাই। সম্ভৱতঃ পৰস্পৰৰ ওচৰত অভিযোগ কৰাৰ অধিকাৰখিনি আমি হেৰুৱাইছো।' শিশিৰে উঠি গৈ বেছিনত হাত ধুলে। চাৰে ন বাজিছে। আঁৰ চকুৰে বাচন সামৰি থকা অজন্তাক লক্ষ্য কৰিলে সি। মুখাৱয়বক নিৰ্লিপ্ত কৰি ৰখাৰ ব্যৰ্থ প্ৰচেষ্টাই তাইৰ মুখখন অধিক কৰুণ কৰি তুলিছে।
এটা কথা জানিবলৈ শিশিৰৰ খুব মন গ'ল— আজিৰ দিনটোৰ লগত জড়িত আনন্দ আৰু বিষাদৰ বিশেষ স্মৃতি কিছুমানে অজন্তাক আমনি কৰিছেনে! তায়ো ঘূৰি ফুৰিছে নে সোঁৱৰণীৰ অলি-গলিবোৰত, তাৰ দৰে! দ্ৰয়িং ৰূমৰ চোফাত বহি অজন্তাৰ বাবে অপেক্ষা কৰিলে সি। অজন্তা সোমাই আহি কোঠাটোৰ খিৰিকীবিলাক খুলি দিলে। ধুমুহা-বৰষুণ এতিয়া নাই।
এছাটি সেমেকা বতাহ খিৰিকীয়েদি সোমাই আহিল।
‘কিয় খিৰিকী খুলিছা?’
‘বতাহজাকৰ বাবে।’ অজন্তাই মৃদুকৈ হাঁহিলে।
‘বহু ৰাতি হ’ল। আৰু দেৰি নকৰো।’ শিশিৰ থিয় হ'ল। পেণ্টৰ পকেটৰ পৰা সৰু এটা পেকেট উলিয়াই খুব দৃঢ়ভাৱে ক’লে—‘তোমাৰ বাবে সামান্য কিবা এটা আছিল।’
নীলা পাৰ্ল খটোৱা সোণৰ মিহি আঙুঠি এটা শিশিৰৰ হাতৰ মাজত চিক্মিকাই উঠিল!
‘কিয়?’ অজন্তাৰ মাতটো কঁপিছিল।
‘অফিচৰ কামত গোৱালৈ গৈছিলো। দেখি তোমাৰ ভাল লাগিব বুলি ভাবি লৈ আনিলো।’ অজন্তাই কঁপা কঁপা হাতেৰে আঙুঠিটো হাত পাতি ল'লে। একো নক’লে।
যাবৰ বাবে দুখোজ আগবঢ়াই পুনৰ উভতি আহিল শিশিৰ।
‘অজন্তা, আজি ১৫ জুন। দিনটোৰ বিশেষত্ব তুমি হয়তো পাহৰিলা বা পাহৰাৰ অভিনয় কৰিছা। এই দিনটোত তোমাৰ ওচৰলৈ অহাটো মোৰ বাবে জৰুৰী আছিল।[ ৮৮ ] ‘তুমি চিন্তা নকৰিবা। ডিভোৰ্ছৰ কাগজখিনি সোনকালেই মই পঠাই দিম।
সশব্দে দুৱাৰখন খুলি শিশিৰ ওলাই গ’ল।
আচৰিত ধৰণে শূন্য হৈ গ’ল অজন্তাৰ বুকুখন। তাইৰ মনত এতিয়া আৰু কোনো খং নাই। দ্বন্দ্ব নাই। বিদ্বেষ নাই। ইমান ভয়ংকৰ শূন্যতাত কেনেদৰে যে মানুহ নিঃস্ব হৈ যায়। দুৱাৰ-খিৰিকী উন্মুক্ত হৈ থকা এটা কোঠাত এটা দীঘল নিশাৰ নিৰ্জনতাৰ মুখামুখি হৈ অজন্তা থিয় দি থাকিল। অকলশৰে।❐ ❐