সদস্য:Madhabsaikia/দশম খণ্ড: শিশুলীলা
- ॥ দশম খণ্ড॥
- ॥ শিশুলীলা॥
- ॥ প্ৰথম কীৰ্ত্তন॥
- ঘোষা॥
- কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি॥ ৫৭॥
- পদ॥
- কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
- শঙ্খ চক্ৰ গদা পদ্ম কৰত তোহ্মাৰ॥
- পীত বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ।
- কমললোচন চাৰু অৰুণ অধৰ॥ ৬৪২॥
- সুন্দৰ নাসিকা কৰ্ণে মকৰকুণ্ডল।
- কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জল॥
- আপাদলম্বিত বনমালা জ্বলে গলে।
- শোভে আতি শ্ৰীবৎস বহল বক্ষস্থলে॥ ৬৪৩॥
- চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত।
- কৰিকৰ সম উৰু বৰ্ত্তুল বলিত॥
- চৰণ কমল যেন নৱ পদ্মকোষ।
- যাক দেখি ভকতৰ পৰম সন্তোষ॥ ৬৪৪॥
- প্ৰসন্ন বদনে জ্বলে অলকা তিলক।
- বসুদেৱে দেখিলন্ত অদ্ভূত বালক॥
- পড়ি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি।
- পিতৃত কহিলা প্ৰভু সমস্তে যুগুতি॥ ৬৪৫॥
- ভৈলা শিশুৰূপ তৈতে প্ৰভু নাৰায়ণ।
- কোলে লৈয়া বসুদেৱ লড়িল তেখন॥
- ভাগিল নিহল ভৈল মেলান কপাট।
- দেখি ভয়ে যমুনা আপুনি দিলা বাট॥ ৬৪৬॥
- বৰিষে কণিকা মেঘে ওপৰত গাজে।
- ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে॥
- যশোদাৰ তৈতে উপজিলা যোগমায়া।
- অতি অচেতনে নিদ্ৰা গৈলা নন্দজায়া॥ ৬৪৭॥
- তাহানে শয্যাত নিয়া থৈলন্ত তোহ্মাক।
- বসুদেৱে আনিলন্ত নন্দৰ কন্যাক॥
- শিশুভাৱে গোকুলত ক্ৰীড়িলা অপাৰ।
- সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ॥ ৬৪৮॥
- অচিন্ত্য মহিমা হৰি পুৰুষ পুৰাণ।
- লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ॥
- কংসৰ পাঞ্চনি পাই যত দৈত্য আসে।
- তুমি অগনিত যেন পুৰি মৰে জাসে॥ ৬৪৯॥
- আসিলেক পূতনা মোহিনী নাৰীৱেশে।
- তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে॥
- কোলে ধৰি তোহ্মাক দিলেক তনদান।
- তনপানে পূতনাৰ শুষিলাহা প্ৰাণ॥ ৬৫০॥
- শকটৰ তলে থৈলা যশোদা শুৱাই।
- লাথি হানি পেহ্লাইলা শকট ওভোতাই॥
- হেন দেখি যশোদা সুন্দৰী মহা দুঃখে।
- আথেবেথে কোলে লৈয়া তন দিলা মুখে॥ ৬৫১॥
- কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি।
- ৰামনাম বিনে নাহি কাহাৰো মুকুতি॥
- হেন জানি নিৰন্তৰে এড়ি আন কাম।
- পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ৬৫২॥
- ॥ দ্বিতীয় কীৰ্ত্তন॥
- ঘোষা॥
- পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে॥ ৫৮॥
- পদ॥
- চক্ৰবাত অসুৰে কৃষ্ণক নিলা হৰি।
- আকাশত মাৰিলা গলত চেপি ধৰি॥
- কৃষ্ণক হিয়াত লৈয়া পড়িল ভূমিত।
- জুড়াইল তোহ্মাক পায়া যশোদাৰ চিত্ত॥ ৬৫৩॥
- ছলে হামি তুলি তুমি দেখাইলা মাৱত।
- গৰ্ভৰ ভিতৰে আছে সমস্ত জগত॥
- কম্পিল শৰীৰ যশোদাৰ হেন দেখি।
- পৰম বিস্ময় হুয়া মুদিলন্ত আখি॥ ৬৫৪॥
- বসুদেৱে পঠাইলা আসিল গৰ্গ ঋষি।
- গোপ্য কৰি জাতকৰ্ম্ম কৰিলা হৰিষি॥
- কহিলা নন্দৰ আগে যত গুণগ্ৰাম।
- বিধিৱতে তোহ্মাৰ থৈলন্ত কৃষ্ণ নাম॥ ৬৫৫॥
- আণ্ঠুকাঢ়ি ৰিঙ্গ পাৰি ফুৰা ব্ৰজ মাঝে।
- সোণাৰ ঘাঘৰাচয় কঙ্কালত বাজে॥
- বৃষৰ শুনিয়া নাদ চমকি উলটি।
- আথেবেথে ধৰা গৈয়া মাৱক সাৱটি॥ ৬৫৬॥
- থিয়দঙ্গা দিয়া পাছে তুমি দামোদৰ।
- অনৰ্থ কৰিয়া ফুৰা গোৱালীৰ ঘৰ॥
- আনন্দতে সমস্ত গোৱালীসৱ আসি।
- কৃষ্ণৰ অকীৰ্ত্তি যশোদাত দেন্ত হাসি॥ ৬৫৭॥
- কি ভৈল তোহ্মাৰ ইটো তনয় দুৰ্জ্জন।
- কৃষ্ণৰ নিমিত্তে আউৰ নৰহে জীৱন॥
- গাই নতু দোহন্তে দামুৰি মেলে গই।
- গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দই॥ ৬৫৮॥
- বানৰকো খুৱাৱৈ গোৱিন্দ কিনো চাণ্ড।
- বানৰে নখাই যেবে কোবাই ভাঙ্গে ভাণ্ড॥
- ঢুঙ্কি যেৱে নপাৱৈ মনত নাহি তুষ্টি।
- সিকিয়াৰ পৰা আনে উড়লত উঠি॥ ৬৫৯॥
- শৰীৰৰ ৰত্নগণে ফুৰে পসৰাই। ১০৫
- আন্ধাৰতো খুজি পান্ত লুকান নযায়॥
- বস্তুক নপালে খুজি মাৰন্ত ছৱালি।
- গৃহত ভৰ্ছিয়া পলাই যান্ত বনমালী॥ ৬৬০॥
- মাৱৰ কোলাত আছা তুমি জগন্নাথ।
- সভয় নয়ন হুয়া চপৰাইলা মাথ॥
- হেন দেখি যশোদা পুত্ৰক নোবোলয়।
- আনন্দে ৰহিলা হাসি পুত্ৰ মুখ চায়॥ ৬৬১॥
- ডৰিবাক দেখিয়া পুত্ৰক বৰনাৰী।
- বুকুত সাৱটি ধৰিলন্ত চুমা পাৰি॥
- মাধৱৰ শিশুলীলা শুনা সৰ্ব্বলোক।
- বোলা হৰি হৰি যত পাতক ছাড়োক॥ ৬৬২॥
- ॥ তৃতীয় কীৰ্ত্তন॥
- ঘোষা॥
- কেশৱ কৃষ্ণ কৰুণাসিন্ধু।
- ত্ৰাহি জগন্নাথ অনাথ বন্ধু॥ ৫৯॥
- পদ॥
- এহিমতে ব্ৰজে আনন্দে হৰি।
- কৰন্ত ক্ৰীড়া শিশুৰূপ ধৰি॥
- যত গোপশিশু বলাই আদি।
- সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী॥ ৬৬৩॥
- যশোদাৰ আগে দিলেক খল।
- খাইলেক কৃষ্ণে মাটি একদল॥
- শুনিয়া যশোদা সুন্দৰী হাসি।
- পুত্ৰৰ হাতত ধৰিলা আসি॥ ৬৬৪॥
- কেনে মাটি খাইলি অৰে গোপাল।
- কোবাই আজি তোৰ ফাড়িবো ছাল॥
- শুনিয়া কৃষ্ণৰ হৰিল মাত।
- চক্ষু টেৰ কৰি মাৱক চান্ত॥ ৬৬৫॥
- ভয়তে যেন কাম্পে হাত ভৰি।
- যশোদা দেখে পুত্ৰ গৈলা ডৰি॥
- মুখক চাহন্তে লাগয় বেথা।
- কিয় মাটি খাইলি সোধন্ত কথা॥ ৬৬৬॥
- লগৰ শিশু বোলে সমুদায়।
- বলায়ো বোলে তোৰ জ্যেষ্ঠ ভাই॥
- মাতন্ত কৃষ্ণে যশোদাক চাই।
- মিছা মাতৈ সৱে শুনিও আই॥ ৬৬৭॥
- কদাচিতো মঞি নখাওঁ মাটি।
- দাদা বলভদ্ৰে বোলন্ত ঘাটি॥
- পতিয়ান নাই চৱা বিচাৰি।
- হেনশুনি মাতে যশোদা নাৰী॥ ৬৬৮॥
- বায়ো বেন্ত যেৱে মাটি নখাইলি।
- শুনিয়া শিশুৰূপী বনমালী॥
- চৱা মুখ বুলি মাৱক মাতি।
- বাইলন্ত বেন্ত প্ৰকাশিয়া আতি॥ ৬৬৯॥
- যশোদা সুন্দৰী দেখন্ত পাছে।
- সমস্ত জগত গৰ্ভতে আছে॥
- সাতোখন দ্বীপ সাতো সাগৰ।
- গিৰি বন নদী গ্ৰাম নগৰ॥ ৬৭০॥
- বায়ু সূৰ্য্য শশী দিশ আকাশ।
- তাৰাগণো তৈতে কৰে প্ৰকাশ॥
- সমস্ত জীৱ জ্যোতিস্তেজ জল।
- সত্ব ৰজস্তম ইন্দ্ৰিয় বল॥ ৬৭১॥
- মন বুদ্ধি কাল কৰ্ম্ম যতেক।
- সৱাকো গৰ্ভতে দেখে প্ৰত্যেক॥
- যতেক ধেনু গোপ গোপীঝাক।
- যশোদা দেখে তৈতে আপুনাক॥ ৬৭২॥
- পৰম শঙ্কাক পাইলন্ত সতী।
- অদ্ভূত দেখিয়া বোলন্ত মাতি॥
- কিবা ভ্ৰম ভৈলো মোহক পায়া।
- দেখিলো স্বপ্ন কিবা দেৱমায়া॥ ৬৭৩॥
- কিবা জানে মায়া মোৰ তনয়।
- কৰিবে নোৱাৰো একো নিশ্চয়॥
- নুহিকন্ত মোৰ পুত্ৰ মানুষ।
- এহেন্তেসে বিষ্ণু আদি পুৰুষ॥ ৬৭৪॥
- এহি বুলি চিত্ত দঢ়ায়া সতী।
- কৰযোড়ে কৰৈ কৃষ্ণক স্তুতি॥
- যিটো ব্ৰহ্ম নোহে তৰ্ক গোচৰ।
- নপাৱে বচনে মনে ওচৰ॥ ৬৭৫॥
- নাহি উতপতি নাহি মৰণ।
- সদায়ে প্ৰণামো তান চৰণ॥
- মঞি যশোদা মোৰ পুত্ৰ স্বামী।
- ব্ৰজৰ সৱে অধিকাৰী আমি॥ ৬৭৬॥
- হেন অহম্মম সদায়ে কৰো।
- যাহাৰ মায়াত উপজো মৰো॥
- হেন জগন্নাথ হুয়োক গতি।
- খণ্ডিয়োক আৱে মোৰ কুমতি॥ ৬৭৭॥
- গুণন্ত শুনি ত্ৰিজগত পতি।
- বিষ্ণু হেন মোক জানিলা সতী॥
- কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ।
- গুচিল বিষ্ণুজ্ঞান যশোদাৰ॥ ৬৭৮॥
- কৃষ্ণত পুত্ৰবুদ্ধি ভৈল জাত।
- ধূলা জাৰি তুলি লৈলা কোলাত॥
- পাড়ন্ত চুমা মুখে স্তন দিয়া।
- মোৰ আয়ু লই পুতাই জীয়া॥ ৬৭৯॥
- ব্ৰহ্মায়ো নজানে যাৰ মহিমা।
- চাৰি বেদে কহি নাপাৱৈ সীমা।
- হেন মাধৱক তনয় পাইল।
- যশোদা নন্দে কিনো তপসাইল॥ ৬৮০॥
- সুনন্দ আদি যত যোগীগণ।
- চিন্তিয়ো নেদেখৈ যাৰ চৰণ॥
- হেন পৰব্ৰহ্ম যশোদা সুত।
- ভৈলন্ত কিনো আতি অদভূত॥ ৬৮১॥
- কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে।
- শুনা শিশুলীলা সমস্ত জনে॥
- যেৱে সুখে যাইবা বৈকুণ্ঠপুৰী।
- সদায় ডাকিয়া ঘুষিয়ো হৰি॥ ৬৮২॥
- ॥ চতুৰ্থ কীৰ্ত্তন॥
- ঘোষা॥
- হে কৰুণাময়
- ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি॥ ৬০॥
- পদ॥
- দিনেক যশোদা নন্দজায়া।
- আপুনি মথন্ত দধি গৈয়া॥
- কৃষ্ণৰ শৈশৱ লীলা স্মৰি।
- কৃষ্ণগীত গাৱন্ত সুন্দৰী॥ ৬৮৩॥
- ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে।
- কটিত মেখলা বান্ধি আছে॥
- পুত্ৰ স্নেহে স্ৰৱৈ দুয়ো স্তন।
- আজোড়ন্তে লড়ৈ ঘনে ঘন॥ ৬৮৪॥
- ৰুণ ঝুণ কেয়ূৰ কঙ্কণ।
- শ্ৰমজলে উজ্জল বদন॥
- কৰ্ণত কুণ্ডল দোলে আতি।
- খসি পড়ৈ খোপাৰ মালতী॥ ৬৮৫॥
- এহিমতে মথন্তে প্ৰয়াসি।
- মাৱক ধৰিলা কৃষ্ণে আসি॥
- মথনিত ধৰিয়া নিষেধি।
- মথিবাক নেদে আউৰ দধি॥ ৬৮৬॥
- হাসি কোলে লৈলা নন্দজায়া।
- দিলা স্তন পুত্ৰমুখ চায়া॥
- দেখন্তে উথলি দুগ্ধ পড়ে।
- পুত্ৰ এড়ি গৈলন্ত লৱড়ে॥ ৬৮৬॥
- স্তন পিবে নপায়া কৃষ্ণৰ।
- কাম্পৈ কোপে অৰুণ অধৰ॥
- দশন কামুৰি আতি চাণ্ড।
- শিলায়ে ভাঙ্গিলা দধিভাণ্ড॥ ৬৮৮॥
- মহাকোপে কোঠা পশিলন্ত।
- সিঞ্চৰাই লৱনু ভুঞ্জন্ত॥
- আসিলা যশোদা নমাই ক্ষীৰ।
- দেখে হাণ্ডি ভাঙ্গিলা দধিৰ॥ ৬৮৯॥
- জানিলা পুত্ৰৰ কৰ্ম্ম গোপী।
- হাসিয়া দেখিলা পশি খুপি॥
- উড়ল ওপৰে বসি হৰি।
- ভুঞ্জন্ত লৱনু চুৰি কৰি॥ ৬৯০॥
- শিকিয়াৰ পৰা নমাই আনি।
- বানৰকো দেন্ত দলি হানি॥
- শঙ্কিত নয়নে নাহি সাৰি।
- দেখিয়া যশোদা লৈলা বাড়ি॥ ৬৯১॥
- মাৰিবে আসন্ত জানি ডৰে।
- দিলা লৰ নামি উড়লৰে॥
- পাছে পাছে যশোদা খেদন্ত।
- ভয়ে লাগ মাৱক নেদন্ত॥ ৬৯২॥
- যাক যোগী নপাৱৈ ধ্যানত।
- হেন হৰি পলান্ত ভয়ত॥
- পুত্ৰক খেদন্ত মহাসতী।
- শ্ৰোণী ভৰে আক্ৰমিল গতি॥ ৬৯০॥
- বেগত মেলান ভৈল খোপা।
- খসি পৰৈ মালতীৰ থোপা।
- গোৱিন্দে মাৱৰ শ্ৰম দেখি।
- ৰহিল কান্দন্তে মুদি আখি॥ ৬৯৪॥
- সভয় নয়নে চান্ত ডৰে।
- যশোদা ধৰিলা আসি কৰে॥
- ভাণ্ড ভাঙ্গি আৱে যাইবি কোথা।
- খাইবো আজি কৃষ্ণ তোৰ মাথা॥ ৬৯৫॥
- সকল লৱনু কৈলি নাশ।
- শুনি প্ৰভু ভৈলা মহাত্ৰাস॥
- দেখি বাড়ি এড়িলন্ত সতী।
- কৃষ্ণক বান্ধিবে ভৈলা মতি॥ ৬৯৬॥
- নাহি আদি অন্ত পূৰ্ব্বাপৰ।
- পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ॥
- তাহাঙ্ক তনয় মানি বলে।
- যশোদা বান্ধন্ত উডুখলে॥ ৬৯৭॥
- বান্ধন্ত কৃষ্ণক আনি ধৰি।
- নোজোড়ৈ আঙ্গুল দুই জৰী॥
- আৰ জৰী আনি জোৰা দিলা।
- সিয়ো দুই আঙ্গুলি নাটিলা॥ ৬৯৮॥
- হেন দেখি আৰো জৰী আনি।
- যশোদা বান্ধন্ত টানি টানি॥
- শৰীৰৰ বল দিয়া আটে।
- তথাপি আঙ্গুল দুই নাটে॥ ৬৯৯॥
- গৃহত পাইলেক যত জৰী।
- এহিমতে জুৰিয়া সুন্দৰী॥
- উডুখলে এৰে বান্ধৈ চাপি।
- নাটে দুই আঙ্গুল তথাপি॥ ৭০০॥
- হেন দেখি হাসৈ গোপীগণে।
- যশোদা বিস্ময় ভৈলা মনে॥
- শৰীৰৰ ঘৰ্ম্ম যায় বহি।
- হাসিয়া থাকিলা শ্ৰমে ৰহি॥ ৭০১॥
- হেন দেখি প্ৰভু নাৰায়ণ।
- স্নেহে লৈলা আপুনি বন্ধন॥
- জগতৰে আপুনি ঈশ্বৰ।
- তুমি বশ্য ভৈলা ভকতৰ॥ ৭০২॥
- ব্ৰহ্মা লক্ষ্মীদেৱী মহাদেৱে।
- নপাইলা আনন্দ হেন কেৱে॥
- যশোদা প্ৰসাদ যেন পাইলা।
- ইটো গোপী কিনো তপসাইলা॥ ৭০৩॥
- ভকতৰ বশ্য তুমি হৰি।
- সুখে পাৱে গৃহতে সুমৰি॥
- ভণিলা শঙ্কৰে কৃষ্ণপদে।
- হৰি হৰি বোলা সভাসদে॥ ৭০৪॥
- ॥ পঞ্চম কীৰ্ত্তন॥
- ঘোষা। ।
- ৰাম গোপাল হৰি।
- কৃষ্ণ গোৱিন্দ হৰি ৰাম॥ ৬১॥
- পদ॥
- কৃষ্ণে দেখিলন্ত মাৱ গৃহকৰ্ম্মে গৈলা।
- আণ্ঠুকাঢ়ি উডুখল টানিবাক লৈলা॥
- অৰ্জ্জুনত লাগি ভৈল উড়ল পথালি।
- কঙ্কাল ফান্দিয়া বল দিলা বনমালী॥ ৭০৫॥
- কাম্পৈ দুয়ো গোটা বৃক্ষ উডুখলে লাগি।
- উভৰি পৰিল মচ মচ কৰি ভাগি॥
- শাপ এড়াই দুয়ো পাছে কুবেৰ তনয়।
- তোহ্মাক নমিয়া গৈলা আপুন নিলয়॥ ৭০৬॥
- নিৰ্ঘাত শঙ্কিয়া খেদি আইলা গোপঝাক।
- বন্দী হুয়া আছা নন্দে দেখিলা তোহ্মাক॥
- হাসিলেক কোনে হেন কৰিলেক বুলি।
- বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি॥ ৭০৭॥
- কিনো আতি নন্দ যশোদাৰ মহাভাগ।
- পূৰ্ণব্ৰহ্ম তোহ্মাক গৃহতে পাইলা লাগ॥
- ভকতৰ আনন্দ বঢ়ায়া সৰ্ব্বক্ষণে।
- শিশুলীলা অনেক কৰিলা নাৰায়ণে॥ ৭০৮॥
- কেহো বেলা গোপীগণে পাঞ্চৈ গাৱা গীত।
- তাসম্বাৰ প্ৰীতি সাধি কতো কৰা নৃত্য॥
- মালড়ি কৰাহা কতো গোপীৰ বচনে।
- ছায়া পুতলাক যেন নচাৱৈ যতনে॥ ৭০৯॥
- কেহো বেলা গোপীকাৰ শুনি আজ্ঞাবাণী।
- পাদুকা পীহাক প্ৰভু ধৰি থাকা আনি॥
- কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত।
- ভকতৰ বশ্য হেন দেখায়া লোকত॥ ৭১০॥
- কোনে ফল লৈবে বুলি ডাকিলা পসাৰী।
- ধান্য দিয়া ফল তুমি খুজিলা মুৰাৰি॥
- তোহ্মাৰ হস্তক ভৰি দিল ফল বাছি।
- সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি॥ ৭১১॥
- আসিল দানৱ গোট বৎসৰূপ ধৰি।
- লাঙ্গুলে সহিতে তাৰ ধৰি পাছ ভৰি॥
- আলগতে ফুৰাই পাক হানিলাহা দলি।
- কপিত্থত পড়ি যমপুৰে গৈল চলি॥ ৭১২॥
- ॥ ষষ্ঠ কীৰ্ত্তন॥
- ঘোষা॥
- ৰাম চৰণে ধৰো।
- স্বামী আমি যেন তৰো॥ ৬২॥
- পদ॥
- বকাসুৰে কৃষ্ণক গিলিলা ঠোঁটে ধৰি।
- দেখি গোপ শিশুগণ যেন গৈলা মৰি॥
- পাছে তাৰ তালুত লাগিল যেন জুই।
- ছাদিলা কৃষ্ণক বকে বিমূৰ্ছিত হুই॥ ৭১৩॥
- দুনাই ঠোঁটে গিলিবাক আসৈ দেখি তাক।
- লীলায়ে ছিৰিলা যেন বিৰিণা পোথাক॥
- সবান্ধৱে ধেনুকাক নিলা ৰসাতল।
- গোপশিশুগণক ভুঞ্জাইলা তালফল॥ ৭১৪॥
- ময়ৰ তনয় ব্যোম গোপৰূপ ধৰি।
- গোপশিশুগণক নিলেক চুৰি কৰি॥
- গহ্বৰত থৈলা নিয়া ঢাকিয়া শিলায়ে।
- তাক মাৰি শিশুসৱ আনিলা লীলায়ে॥ ৭১৫॥
- গোপ গৰুজাকক বেঢ়িলে বনজুই।
- কৃষ্ণত শৰণ সৱে লৈলে ত্ৰাস হুই॥
- চক্ষু মুদাই সৱাকো ক্ষণেকে যোগবলে।
- গোকুলক লাগিয়া আনিলা অৱিকলে॥ ৭১৬॥
- নন্দক গিলন্তে সৰ্পে ৰাখিলাহা হৰি।
- তোহ্মাৰ পৰশে সৰ্পে দিব্য ৰূপ ধৰি॥
- শাপ এড়াই গৈলা বিদ্যাধৰৰ নিলয়।
- দেখি গোপগণ ভৈলা পৰম বিস্ময়॥ ১১৭॥
- শয়ন সময়ে সৱ গোপ গোপীগণ।
- যোগবলে বৈকুণ্ঠক নিলা নাৰায়ণ॥
- বৈকুণ্ঠবাসীৰ সৱে মহিমা দেখাই।
- গোকুলক লাগি প্ৰভু আনিলা দুনাই॥ ৭১৮॥
- নন্দক নিলেক বৰুণৰ দূতে ধৰি।
- বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি॥
- তোহ্মাৰ মহিমা১১২ নন্দে কহিলা ব্ৰজত।
- শুনিয়া বিস্ময়১১৩ ভৈলা সৱাৰো মনত॥ ৭১৯॥
- ইন্দ্ৰে কৰিলন্ত সাতদিন বৰিষণ।
- এক হাতে উভাৰি ধৰিলা গোৱৰ্দ্ধন॥
- দুৰ্ঘোৰ ভয়ত নিস্তাৰিলা গোপপুৰ।
- লীলায়ে কৰিলা মহেন্দ্ৰৰ দৰ্পচূৰ॥ ৭২০॥
- সুৰভি সহিতে ইন্দ্ৰে আসিলা প্ৰত্যেক।
- গোৰ ইন্দ্ৰ পাতিয়া কৰিলা অভিষেক॥
- অনেক ভকতি কৰি দুয়ো স্বৰ্গে গৈলা।
- সেহিদিনা তোহ্মাৰ গোৱিন্দ নাম থৈলা॥ ৭২১॥
- গোপকুমাৰিকা সৱে বস্ত্ৰ থৈয়া তীৰে।
- বিৱস্ত্ৰে নামিলা গৈয়া যমুনাৰ নীৰে॥
- বস্ত্ৰ লৈয়া উঠিলাহা কদম্বৰ গাছে।
- নানা উপহাস কৰি বস্ত্ৰ দিলা পাছে॥ ৭২২॥
- কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
- নাহি আন ধৰ্ম্ম আউৰ কীৰ্ত্তনত পৰে॥
- শুনা সৰ্ব্বজন ঐত কেদিন জীৱন।
- বোলা হৰি হৰি আছে যাৱত চেতন॥ ৭২৩॥
- ॥ সপ্তম কীৰ্ত্তন॥
- ঘোষা॥
- ও কৃষ্ণ নমো ৰাম নিৰঞ্জন হৰি॥ ৬৩॥
- পদ॥
- দুষ্ট অঘে পাতিলেক কাপ।
- বাট ভেণ্টি ভৈল ঘোৰ সাপ॥
- পৰ্ব্বত সমান কলেৱৰ।
- বাইল বেন্ত সম্যকে গহ্বৰ॥ ৭২৪॥
- তল ওঁঠ মাটিত থাপিল।
- উৰ্দ্ধ ওঁঠ মেঘত লাগিল॥
- জিহ্বাখান যেন ৰাজ আলি।
- বৎস লৈয়া আইলা বনমালী॥ ৭২৫॥
- গোৰক্ষ দামুৰি নিৰন্তৰ।
- নজানি পশিল অভ্যন্তৰ॥
- দেখি তুমি ভক্তৰ স্নেহত।
- পশিলাহা অঘৰ গৰ্ভত॥ ৭২৬॥
- দেখি আঁটি ধৰিল দশনে।
- তুলিলেক হাসি দৈত্যগণে॥
- দেৱগণে কৰে হাহাকাৰ।
- গল চুঙ্গি ভেণ্টি ৰৈলা তাৰ॥ ৭২৭॥
- পেট ফিঙ্কি বায়ু দিলা টান।
- মূৰ্দ্ধা স্ফুটি বাঝ ভৈল প্ৰাণ॥
- তযু পৰশনে কৰ্ম্ম ক্ষীণ।
- অসুৰ কৃষ্ণতে গৈল লীন॥ ৭২৮॥
- দেখি নিশবদ দৈত্যকুল।
- হৰিষে বৰিষে দেৱে ফুল॥
- অমৃত নয়নে চাইলা হৰি।
- জীলা সৱে গোৰক্ষ দামুৰি॥ ৭২৯॥
- ৰঙ্গে বাজ ভৈলা বাংশী বাই।
- ফুৰা সৱে দামুৰি চৰাই॥
- ব্ৰহ্মা আসি কৰিলন্ত চুৰি।
- নিলা সৱ গোৰক্ষ দামুৰি॥ ৭৩০॥
- মায়া কৰি থৈলেক গহ্বৰে।
- কাহাকো নেদেখি দামোদৰে॥
- ব্ৰহ্মা নিলা জানিলাহা গুণি।
- ভৈলা গৰু গোৰক্ষ আপুনি॥ ৭৩১॥
- নিচিনিলা গোৱালী গোৱালে।
- এদিনাতো কৰি প্ৰতিপালে।
- ব্ৰহ্মা আসি দেখিলন্ত পাছে।
- গোৰক্ষ দামুৰি সৱো আছে॥ ৭৩২॥
- পৰম বিস্ময়ে আছে চায়া।
- কৰিলাহা প্ৰভু পাছে মায়া॥
- গোৰক্ষ দামুৰি ৰূপ এৰি।
- ভৈলা সৱে চতুৰ্ভুজ হৰি॥ ৭৩৩॥
- সজল জলদ যেন শ্যাম।
- সৱে পীত বস্ত্ৰে অনুপাম॥
- কেয়ূৰ কঙ্কণে কৰৈ কান্তি।
- হৃদয়ত শ্ৰীবৎসৰ পান্তি॥ ৭৩৪॥
- কম্বুকণ্ঠ কৌস্তুভে শোভিত।
- বনমালা আপাদলম্বিত॥
- জিলিমিলি জ্বলৈ বক্ষস্থলে।
- শোভৈ কৰ্ণ মকৰ কুণ্ডলে॥ ৭৩৫॥
- শঙ্খ চক্ৰ গদা পদ্ম ধৰি।
- আছা সৱে চতুৰ্ভুজ হৰি॥
- গাৱে গাৱে এক সৃষ্টি কৰে।
- চৰাচৰ সমে সেৱা কৰে॥ ৭৩৬॥
- মোহ হুয়া ব্ৰহ্মা ভৈলা চুপ।
- দেখন্ত গুচিল সৱে ৰূপ॥
- পূৰ্ব্বৱতে আছা মাত্ৰ হৰি।
- হংসৰ নামিলা ব্ৰহ্মা ডৰি॥ ৭৩৭॥
- যেন সুৱৰ্ণৰ দণ্ড প্ৰায়।
- ভূমিত পেহ্লায়া নিজ কায়॥
- মাধৱৰ পাদপদ্ম দুই।
- চাৰি মুকুটৰ আগে ছুই॥ ৭৩৮॥
- আনন্দতে নয়নৰ জলে।
- সিঞ্চিলন্ত চৰণ কমলে॥
- উঠি উঠি দুয়ো পাৱে ধৰি।
- প্ৰণামন্ত মহিমা সুমৰি॥ ৭৩৯॥
- মুকুন্দক চাই কথমপি।
- মাথা দোঁৱাই কৃষ্ণ কৃষ্ণ জপি॥
- প্ৰণামিয়া অনেক ভকতি।
- কৰিবে লাগিলা ব্ৰহ্মা স্তুতি॥ ৭৪০॥
- কৃষ্ণ কথা শুনিয়ো সমাজে।
- জন্ম লভি ভাৰতৰ মাজে॥
- আক বৃথা কৰা কোন কামে।
- সাধিয়ো মুকুতি হৰিনামে॥ ৭৪১॥
- ॥ অষ্টম কীৰ্ত্তন॥
- ঘোষা॥
- ৰাম নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি।
- নমো ৰাম নিৰঞ্জন নিৰঞ্জন হৰি॥ ৬৪॥
- পদ॥
- নমো গোপৰূপী মেঘ সম শ্যাম তনু।
- গাৱে পীত বস্ত্ৰ হাতে শিঙ্গা বেত বেণু॥
- কৰ্ণত গুঞ্জাৰ থোকা মাথে মৈৰা পাখি।
- বন্যপুষ্পমালা পিন্ধি ধেনু আছা ৰাখি॥ ৭৪২॥
- এহি শৰীৰতে আছৈ যতেক মহিমা।
- মনেও কৰিবে পাৰৈ কোনে তাৰ সীমা॥
- আছোক পৰম ব্ৰহ্ম স্বৰূপ তোহ্মাৰ।
- তাঙ্ক জানিবাক আছে শকতি কাহাৰ॥ ৭৪৩॥
- জ্ঞানপথ এড়ি প্ৰভু তোহ্মাৰ কথাক।
- কায়বাক্যমনে সেৱৈ যিটো সাধুঝাক॥
- যদ্যপি অজিত তুমি তিনিও জগতে।
- তথাপি তোহ্মাক জিনৈ সেহিসে ভকতে॥ ৭৪৪॥
- মুকুতি ৰসকো স্ৰৱৈ তোহ্মাৰ ভকতি।
- তাঙ্ক এড়ি জ্ঞানপথে যিটো কৰৈ ৰতি॥
- ক্লেশ মাত্ৰ পাৱৈ সিটো নিষ্ফল প্ৰয়াসে।
- বাহানে পতান যেন তণ্ডুলক আশে॥ ৭৪৫॥
- যিটোজনে ভুঞ্জৈ নিজ কৰ্ম্মৰ বিপাক॥
- আপেক্ষিয়া থাকৈ প্ৰভু তোহ্মাৰ কৃপাক॥
- কায়বাক্যমনে নমৈ চৰণ তোহ্মাৰ।
- সি সি জন মুকুতি পদৰ অধিকাৰ॥ ৭৪৬॥
- মই কেনে দুৰ্ব্বোধ দেখিয়ো ভগৱন্ত।
- মায়াদিৰো ঈশ তুমি অনাদি অনন্ত॥
- তোহ্মাক পৰীক্ষো মঞি মায়াক প্ৰকটি।
- অগনিৰ আগে যেন ক্ষুদ্ৰ ফিৰিঙ্গতি॥ ৭৪৭॥
- অন্ধ ভৈল চক্ষু হেলা কৰিলো তোহ্মাক।
- মঞি ভিন্ন ঈশ্বৰ মানিলো আপুনাক॥
- অজ্ঞৰ ক্ষমিয়ো দোষ জগতনিৱাস।
- এহি কৃপা কৰা যেন বোলাওঁ তযু দাস॥ ৭৪৮॥
- গৰ্ভত থাকন্তে উদৰত ঘালৈ পাৱে।
- তাৰ অপৰাধক নধৰৈ যেন মাৱে॥
- তোহ্মাৰ কুক্ষিত আমি আছো চৰাচৰ।
- হেন জানি ক্ষমিয়োক দোষ দামোদৰ॥ ৭৪৯॥
- ইটো ব্ৰহ্মপদ প্ৰভু আহ্মাক নলাগে।
- কীট পতঙ্গত জন্ম হৌক কৰ্ম্মভাগে॥
- তোহ্মাৰ ভক্তৰ মাঝে হুয়া একজন।
- সেৱা কৰি থাকো প্ৰভু তোহ্মাৰ চৰণ॥ ৭৫০॥
- কিনো ধন্য ধেনু গোপী ইটো গোকুলৰ।
- যাৰ স্তনপানে তৃপ্ত ভৈলা দামোদৰ॥
- অশ্বমেধ আদি কৰি মহাযজ্ঞ যত।
- তোহ্মাক তুষিবে প্ৰভু নুহিকে শকত॥ ৭৫১॥
- কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ।
- তুমি পূৰ্ণব্ৰহ্ম হৰি মিত্ৰ ভৈলা যাৰ॥
- কিনো পুণ্য কৈলে গোকুলৰ বৃক্ষ তৃণে।
- তোহ্মাৰ চৰণ ৰেণু পাৱৈ ৰাত্ৰি দিনে॥ ৭৫২॥
- দেখা সৰ্ব্বলোকে কেনে অজ্ঞানী বৰ্ব্বৰ।
- তুমি অন্তৰ্য্যামী তোমাকেসে বোলৈ পৰ॥
- শৰীৰক মঞি বুলি বুদ্ধি ভৈল হত।
- হিয়াতে হৰাইলা তুমি খোজে বাহিৰত॥ ৭৫৩॥
- বৃন্দাবনে তৃণ হৈবো তেৱে মহাভাগ।
- পাইবো ব্ৰজবাসীৰ চৰণৰেণু লাগ॥
- আজিও বিচাৰৈ পদৰজ বেদগণ১১৫।
- হেন হৰি ভৈলা ব্ৰজবাসীৰ জীৱন॥ ৭৫৪॥
- মাৰিবাক দিল তন পূতনা পাপিষ্ঠী।
- দিলাহা মুকুতি তাইতো পড়িল সুদৃষ্টি॥
- ব্ৰজবাসী তোহ্মাতে অৰ্পিলা প্ৰাণ বিত্ত।
- আক আৱে কিবা দিবো খেদ কৰে চিত্ত॥ ৭৫৫॥
- তাৱে ৰাগ লোভ ক্ৰোধ পুৰুষৰ চোৰ।
- তাৱে গৃহবাস বন্দীশাল মহাঘোৰ।
- মোহচয় ভৰিৰ নিহল হোৱৈ তাৱে।
- তোহ্মাত ভকতি নৰে নতু কৰৈ যাৱে॥ ৭৫৬॥
- তোহ্মাৰ আগত কিবা বোলো বহুবাক।
- যিটো বোলে জানো প্ৰভু নজানে তোহ্মাক॥
- কায়বাক্যমনে মঞি কৰিলোহো সাৰ।
- তযু মায়া বিভৱৰ নপাওঁ কিছু পাৰ॥ ৭৫৭॥
- জানিবাহা ভৈলো প্ৰভু তোহ্মাৰ কিঙ্কৰ।
- তযু চৰণত সমৰ্পিলো কলেৱৰ॥
- সমস্তৰে বুদ্ধি সাক্ষী সৱে তুমি জানা।
- আজি ধৰি প্ৰভু মোক দাস বুলি মানা॥ ৭৫৮॥
- নমো কৃষ্ণ বৃষ্ণিকুল প্ৰকাশ নায়ক।
- দেৱ দ্বিজ পৃথিৱীৰ বুদ্ধি প্ৰদায়ক॥
- দুষ্ট দৈত্য দানৱ ৰাক্ষস ক্ষয়ঙ্কাৰ।
- তোহ্মাৰ চৰণে প্ৰভু প্ৰণাম আহ্মাৰ॥ ৭৫৯॥
- কৰিল অনেক স্তুতি আৰু সৃষ্টিকৰে।
- তাক নকহিলো পদ বাহুল্যক ডৰে॥
- এহি বুলি প্ৰজাপতি ভৈলা মোহহীন।
- কৃষ্ণক কৰিলা তিনিবাৰ প্ৰদক্ষিণ॥ ৭৬০॥
- প্ৰণাম কৰিলা চৰণত পৰি পৰি।
- মেলানি মাগিয়া নিজ স্থানে গৈলা লড়ি॥
- ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি।
- পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ৭৬১॥
- ॥ অনুখণ্ড॥
- ॥ কালিয়-দমন॥
- ॥ নৱম কীৰ্ত্তন॥
- ঘোষা॥
- গোপাল ৰাম কৃষ্ণ বনমালী।
- মাৰিলা অসুৰ দমিলা কালি॥ ৬৫॥
- পদ॥
- গোপশিশু সঙ্গে গৈলা বঝাই।
- আগত গোধন বাংশী বজাই॥
- চাৰন্তে ফুৰন্তে গৰু গোৰক্ষ।
- পাইলা যমুনাৰ তীৰৰ লক্ষ্য॥ ৭৬২॥
- কালিৰ হদক তাক নজানি।
- তৃষাত সৱে পিলা বিষপানী॥
- দাৰুণ বিষৰ লাগিল জ্বাল।
- মৰিল সৱে বৎস বৎসপাল॥ ৭৬৩॥
- দেখিয়া কৃষ্ণে অসন্তোষ পাইলা।
- অমৃত নয়নে চায়া জীয়াইলা॥
- কালিক দমিবে কৰি যতন।
- কটিত বান্ধিলা পীত বসন॥ ৭৬৪॥
- উঠিলা উচ কদম্বৰ গাছে।
- হদৰ মাঝে জাম্প দিলা পাছে॥
- ঢউ উঠলিল খলকি হদ।
- দশোদিশে গৈল তাৰ শবদ॥ ৭৬৫॥
- জলক্ৰীড়া কৰা বাহু আস্ফালি।
- ক্ৰোধে খেদি আসি দেখিল কালি॥
- তনু সুকুমাৰ জলদ শ্যাম।
- প্ৰকাশৈ পীত বস্ত্ৰে অনুপাম॥ ৭৬৬॥
- কমললোচন মুখ প্ৰসন্ন।
- মুকুতাৰ শাৰী সম দশন॥
- উন্নত নাসা মুখে মন্দ হাস।
- কণ্ঠত কৌস্তভ কৰৈ প্ৰকাশ॥ ৭৬৭॥
- হিয়াত জিলিমিলি কৰৈ কান্তি।
- মধ্যতে জ্বলৈ শ্ৰীবৎসৰ পান্তি॥
- আজানুলম্বিত বাহু দুখান।
- চাৰু উৰু কৰ কটি সুঠাম॥ ৭৬৮॥
- জঙ্ঘা দুইক দেখি মিলৈ সন্তোষ।
- দুখানি পাৱ নৱ পদ্মকোষ॥
- আনন্দে জলক ফুৰা আস্ফালি।
- মৰ্ম্মস্থলে আসি দংশিল কালি॥ ৭৬৯॥
- নজানি তোহ্মাৰ বল প্ৰভাৱ।
- লাঞ্জে মেহাইলেক সমস্ত গাৱ॥
- বিষ লাগি পড়ি থাকিলা ঘুমি।
- মনুষ্য চেষ্টাক দেখায়া তুমি॥ ৭৭০॥
- দেখি শিশুসৱ মৰিল প্ৰায়।
- ধেনুগণে আউৰ তৃণ নখায়॥
- কৃষ্ণক চাহিয়া থাকিল বহি।
- চক্ষুৰ লোহ ধাৰে যায় বহি॥ ৭৭১॥
- আতি উতপাত দেখি গোকুলে।
- গোপগোপীজাক সমস্তে বোলে॥
- জ্যেষ্ঠ বলভদ্ৰ লগে নগৈল।
- কৃষ্ণৰ আজি তৈতে কিবা ভৈল॥ ৭৭২॥
- নন্দ যশোদা বিয়াকুল মনে।
- কৃষ্ণক চাহিবে পশিলা বনে॥
- লগতে চলৈ গোপগোপীজাক।
- হা কৃষ্ণ বুলি চাড়ন্তে ডাক॥ ৭৭৩॥
- ধ্বজ বজ্ৰ যৱ অঙ্কুশ চাই।
- কৃষ্ণৰ খোজ নিহালন্তে যায়॥
- পুত্ৰ পুত্ৰ বুলি যশোদা চান্ত॥
- কৃষ্ণৰ খোজত পড়ন্তে যান্ত॥ ৭৭৪॥
- বেঢ়িয়া গোপগোপী নেয় ধৰি।
- দেখিল পাচে পড়ি আছা হৰি॥
- জলৰ মাজে মৃতকৰ বেশ।
- নকৰন্ত আৰ চক্ষু নিমেষ॥ ৭৭৫॥
- দেখি গোপ গোপী সম্যকে মৰিল।
- প্ৰাণ অন্তৰীক্ষ চেতন হৰিল॥
- কৃষ্ণ কৃষ্ণ বুলি দিলেক গেড়ি।
- কান্দৈ যমুনাৰ তীৰক বেঢ়ি॥ ৭৭৬॥
- যশোদা সুন্দৰী নন্দ গোৱালে।
- পড়ন্ত লোটাৰি পড়ি নিঢালে॥
- কি ভৈল পুত্ৰ বুলি উকি দিয়া।
- দুহাতে ঝাৱলে ঢাকুৰে হিয়া॥ ৭৭৭॥
- কৃষ্ণৰ সুন্দৰ বদন চাই।
- যশোদা কান্দন্ত গুণ বৰ্ণাই॥
- গোধুলি কোনে যাইবে বাংশী বাই।
- কোনে মোক গৈয়া বুলিবে আই॥ ৭৭৮॥
- ধূলাজাৰি কাক কৰাইবো স্নান।
- কোনে কৰিবেক গোৰস পান॥
- কাক বিছাই দিবো শীতল তুলী।
- ডাকিবো কাক জাগ কৃষ্ণ বুলি॥ ৭৭৯॥
- সুন্দৰ বদনে বজায়া বেণু।
- প্ৰভাতে কোনে চাৰিবেক ধেনু॥
- কি ভৈল আজি কৃষ্ণ মোৰ বাপ॥
- মড়িও নেড়াইবো তোৰ সন্তাপ॥ ৭৮০॥
- এহি বুলি কান্দৈ কৃষ্ণক চাই।
- যশোদা নন্দে জাম্প দিবে যায়॥
- দেখি বলভদ্ৰে বাধিলে হাসি।
- এখনে আসিব কালিক নাশি॥ ৭৮১॥
- কৃষ্ণক লাগিয়া এড়া ক্ৰন্দন।
- হেন শুনি সৱে জুড়াইল মন॥
- কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
- বোলা হৰি হৰি সমস্ত জনে॥ ৭৮২॥
- ॥ দশম কীৰ্ত্তন॥
- ঘোষা॥
- প্ৰণামো ৰাম দেৱ দয়াশীল।
- আৱেসে কৃষ্ণৰ কৃপা মিলিল॥ ৬৬॥
- পদ॥
- ভকতৰ দুখ দেখি গোপাল।
- আস্ফোট কৰি দিলা উৰুফাল॥
- সৰ্পৰ বন্ধ এড়াই জগন্নাথে।
- ডেৱে চড়িলন্ত কালিৰ মাথে॥ ৭৮৩॥
- শতেক শিৰত নাচন্ত হৰি।
- বাৱৈ বিদ্যাধৰে মৃদঙ্গ ধৰি॥
- গন্ধৰ্ব্বে গীত গায়া বাৱৈ তাল।
- পৰম আনন্দে নাচা গোপাল॥ ৭৮৪॥
- জগত আধাৰ তোহ্মাৰ ভিৰে।
- নাকে মুখে সিটো ছাদে ৰুধিৰে॥
- স্বামী মৰে দেখি নাগিনী লোকে।
- শিশু আগ কৰি আসিল শোকে॥ ৭৮৫॥
- পড়িল ভূমিত কৃষ্ণৰ আগে।
- কৰিয়া তুতি স্বামীদান মাগে॥
- কৰিল দোষ স্বামী ইটো চণ্ড।
- বিহিলা ইহাৰ উচিত দণ্ড॥ ৭৮৬॥
- দুৰ্জ্জন জনৰ চিন্তিবা মাৰ।
- সেহিসে কাৰ্য্যে তযু অৱতাৰ॥
- পাতকী সৰ্পজাতি দুৰাশয়।
- তোহ্মাৰ দণ্ডে পাপ ভৈল ক্ষয়॥ ৭৮৭॥
- কৰিলা দায়া দয়াশীল হৰি।
- তোহ্মাৰ ক্ৰোধ বৰএৰে সৰি॥
- পূৰ্ব্বত কিনো তপ আছে কৰি।
- যাহাত তুমি তুষ্ট ভৈলা হৰি॥ ৭৮৮॥
- যিহেতু হেন ভৈল ভাগ্যোদয়।
- তোহ্মাৰ পাইলে পদধূলাচয়॥
- যাহাক লক্ষ্মীদেৱী বাঞ্ছা কৰি।
- আচৰিলা তপ ব্ৰতক ধৰি॥ ৭৮৯॥
- যিটো পদৰজ ভকতে পাই।
- এড়ৈ সাৰ্ব্বভৌম পদতো দায়॥
- স্বৰ্গ ব্ৰহ্মপদে নকৰৈ বাঞ্ছা।
- নকৰন্ত যোগ সিদ্ধিকো ইছা॥ ৭৯০॥
- মোক্ষতো অভিলাষ নাহি হৰি।
- তোমাৰ চৰণ ৰেণুক এড়ি॥
- পৰম ক্ৰোধী হুয়া ত্ৰূৰমতি।
- হে পদধূলা পাইলেক পতি॥ ৭৯১॥
- নপান্ত ব্ৰহ্মা আদি দেৱে যাক।
- হেন জানি নাথ ৰাখা ইহাক॥
- চৰণে প্ৰণামো হুয়ো সন্তোষ।
- বাৰেক আৰ মৰষিয়ো দোষ॥ ৮৯২॥
- কৰিয়ো দায়া প্ৰভু এড়ৈ প্ৰাণ।
- অনাথ স্ত্ৰীক দিয়ো স্বামীদান॥
- কৰিলা অনেক স্তুতি ভকতি।
- শুনি তুষ্ট ভৈলা জগতপতি॥ ৭৯৩॥
- প্ৰাণে নমাৰিলা তাতেসে থাকি।
- কালিক খেদাইলা হদৰ ডাকি॥
- কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
- হৰি হৰি বোলা সমস্তজনে॥ ৭৯৪॥
- ॥ একাদশ কীৰ্ত্তন॥
- ঘোষা॥
- ৰাম গোৱিন্দ মুকুন্দ মুৰাৰি॥ ৬৭॥
- পদ॥
- ভৈল হদ সিটো নিৰ্ম্মল জল।
- দেখিয়া সৱে ভৈল কৌতূহল॥
- সপুত্ৰ বান্ধৱে গুচাইলা কালি।
- তীৰক পাছে গৈলা বনমালী॥ ৭৯৫॥
- দেখিয়া যশোদা ধৰিলা গলে।
- পুত্ৰ পুত্ৰ বুলি নেত্ৰৰ জলে॥
- তিয়াইলা কৃষ্ণৰ সৱে শৰীৰ।
- নন্দো ধৰি আসি ঘ্ৰাণিলা শিৰ॥ ৭৯৬॥
- কৃষ্ণক আলিঙ্গি আনন্দ পাইল।
- নাছিল প্ৰাণ দুনাই যেন আইল॥
- বেঢ়ি গোপগোপী চাৱে নিৰেখি।
- জুৰাইলা শৰীৰ কৃষ্ণক দেখি॥ ৭৯৭॥
- ভাই বুলি বলো সাৱটি আসি।
- প্ৰভাৱ জানিয়া তুলিলা হাসি॥
- এহিমতে সৱে এড়ায়া শোক।
- ৰজনী ভৈল জানি সৱে লোক॥ ৭৯৮॥
- যমুনা তীৰত বঞ্চিলা ৰাতি।
- ক্ষুধায়ে তৃষায়ে আতি॥
- ঘুমটি গৈলা হাৰাশাস্তি হুই।
- বেঢ়িয়া বনত লাগিল জুই॥ ৭৯৯॥
- অগনিৰ তাপে পাইলেক গাক।
- জাগিলা সৱে গোপগোপী জাক॥
- বহ্নিক দেখি ভৈলা সৱে ত্ৰাস।
- ত্ৰাহি কৃষ্ণ বুলি পাড়ৈ আটাস॥ ৮০০॥
- বহ্নিত সৱে পুৰি মৰো আমি।
- প্ৰাণদান দিয়া জগত স্বামি॥
- তুমি বিনা আন নাই বান্ধৱ।
- ভকতজনক ৰাখা মাধৱ॥ ৮০১॥
- এহি বুলি সৱে কৰৈ কোঢ়াল।
- বান্ধৱৰ দুঃখ দেখি গোপাল॥
- ভয় নাই বুলি আপুন মুখে।
- পিলা বনাগ্নিক পৰম সুখে॥ ৮০২॥
- এড়াইলা সমস্তে দুৰ্ঘোৰ ভয়।
- অনন্তৰে ভৈলা সূৰ্য্য উদয়॥
- কৃষ্ণৰ কৰ্ম্ম আতি আচৰিত।
- বিস্ময় দেখি সমস্তৰে চিত্ত॥ ৮০৩॥
- নোহন্ত মানুষ নন্দ তনয়।
- পৰম পুৰুষ জানি নিশ্চয়॥
- পাছে গোপগোপী কৃষ্ণক বেঢ়ি।
- গোষ্ঠক লড়িল কৰন্তে খেড়ি॥ ৮০৪॥
- কৃষ্ণগীত গান্ত বজায়া বেণু।
- কৰিলেক আগ যতেক ধেনু॥
- গোপীসৱে কৃষ্ণ চৰিত্ৰ গাইল।
- পৰম আনন্দে ব্ৰজক পাইল॥ ৮০৫॥
- কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে গায়।
- কেতিক্ষণে পড়ে ক্ষণিক কায়॥
- জানিয়া কৃষ্ণৰ চৰণে ধৰি।
- সমস্ত সমাজে ঘুষিয়ো হৰি॥ ৮০৬॥
- ॥ কালিয়-দমন অনুখণ্ড সমাপ্ত॥
- ॥ শিশুলীলা সমাপ্ত॥ ১০॥