সদস্য:Boranitul/মিৰি জীয়ৰী/পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত

মিৰি জীয়ৰী
  1. প্ৰথম অধ্যায় - নৈৰ পাৰত
  2. দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত
  3. তৃতীয় অধ্যায় - মিৰি গাঁৱত
  4. চতুৰ্থ অধ্যায় - পানেইৰ ঘৰত
  5. পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত
  6. ষষ্ঠ অধ্যায় - ভূঁইতলিত আৰু ঘৰত
  7. সপ্তম অধ্যায় - মিৰি গাঁও দুখনত
  8. অষ্টম অধ্যায় - এন্ধাৰ নিশা
  9. নৱম অধ্যায় - হাবিৰ মাজত
  10. দশম অধ্যায় - লক্ষীমপুৰ নগৰত
  11. একাদশ অধ্যায় - আকৌ সোৱণশিৰী নৈৰ বুকুত
  12. দ্বাদশ অধ্যায় - ঘূণাসুঁতি গাঁৱত
  13. ত্ৰয়োদশ অধ্যায় - পানেই
  14. চতুৰ্দশ অধ্যায় - জঙ্কি
  15. পঞ্চদশ অধ্যায় - পৰ্বতৰ ওপৰত
  16. ষষ্টদশ অধ্যায় - বাৰেগামৰ মেল
  17. সপ্তদশ অধ্যায় - চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক নৈৰ পাৰলৈ নিব লাগে।
  18. সামৰণি - আকৌ সোৱণশিৰী নৈৰ বুকুত

"How richly glows the waters breast-
Before us, tinged with evening hues
While facing thus crimso west-
The boast her silent coursepursues
And see how dang baskward stream
A little moment past so smiling"-
-Wordsworth


বেলি প্ৰায় পাতত বহিছে। আকাশ সুন্দৰ নিৰ্মল। হেঙুলীয়া আকাশৰ ছাঁ সোৱণশিৰী নৈত পৰি সোৱণশিৰী নৈৰ পানীকো হেঙুলীয়া বৰণ কৰিছে। সোৱণশিৰী নৈৰ বুকুত মৃদু-মন্দ বতাহ বইছে। ৰিপ্ ৰিপ্ সুৰে আই সোৱণশিৰী বব লাগিছে। ইফালে দূৰৈত মিৰি গাঁৱত জুই জ্বলিছে। দুই-এটিকৈ বিহু ঢোল মিৰি গাঁৱত বাজিছে। এনেই সোৱণশিৰী নৈখন বহল। দুয়ো কাষে সবুজ ৰঙৰ ঘাঁহ, ঠায়ে ঠায়ে চিকুণ বালিৰ চৰ। মুঠতে পাঁচ মাইলমান দূৰৈতে পাহাৰৰ চিকুণ দৃশ্য; তাতে সন্ধিয়া কালত মৃদু-মন্দ বাতহ। সিফালে পূবৰ ফালৰ পৰা বেলি লৌ মাৰ যাওঁতেই পূৰ্ণিমাৰ জোনটিয়ে দেখা দিছে। সোৱণশিৰী নৈখনে কেনে যে চিকুণ দৃশ্য এটি ধৰিছে তাক বৰ্ণই শেষ কৰিব নোৱাৰি আৰু আমাৰো সিমান শক্তি নাই। কোনোবাই যদি কেতিয়াবা এনে সময়তে ঠিক এনে দিনত নাৱৰে সোৱণশিৰীৰ "পথালি পাম" (ক) খণ্ডৰ ওচৰত ফুৰিবলৈ পাইছে সেয়েই আমি বিৱৰণ দিয়া এই দৃশ্যটোনো কেনে তাক বুজিব পাৰি। আৰু কবিত্ব শক্তি থাকিলে তাকে বৰ্ণাই এখন পুথিও লেখিব পাৰিব। বাস্তৱিক পক্ষতে কাতি-আঘোণ মহীয়া এনেকুৱা সময়ত সোৱণশিৰীৰ বুকুত ফুৰিবলৈ বৰ চিকুণ। স্বভাৱৰ সৌন্দৰ্য্যত মন মোহিত হয়। আৰু কৰুণাৰ সাগৰ পৰমেশ্বৰৰ এনেবিলাক দৃশ্য দেখি তেওঁলৈ ভক্তিৰ সঞ্চাৰ হয়। নিতান্ত অভাবুকেও ভাব পায়।

এনেকুৱা সময়তে এনে মন মোহিত হোৱা কালতে এখন সৰু নাৱত পাঁচজনী মিৰি গাভৰু উঠি সোৱণশিৰীৰ ওপৰেদি নাও বাই বাই যাবলৈ ধৰিছে। পাঁচোজনী দেখিবলৈ বাল, পাঁচোজনীৰ মুখতেই হাঁহি-ধেমালি। পাঁচোজনীৰ গাতে ভাল চাফ-চিকুণ ৰিহা-মেখেলা। সিহঁত উঠা নাওখন ইমান সৰু যে আনকি অইন এতৰপীয়া মানুহে পাঁচোটা দূৰৈতে থাকক তিনিটাও যাবলৈ টান পাব। কিন্তু আমি আগেয়ে কৈছোঁ সোৱণশিৰী আইৰ মিৰি জাতিৰ ওপৰতে চেনেহ বেছি। সেইদেখি মিৰি জাতি সকলোৱে আনকি সৰু তিনি-চাৰি বছৰ বয়সীয়া পৰ্য্যন্ত আইৰ বুকুত ইমান সৰু নাৱতে উঠি নিৰ্ভয় চিত্তে আহা-যোৱা কৰিব পাৰে। যি সময়, যেনে দৃশ্য আৰু মিৰি গাভৰু কেইজনীৰ যেনে গঢ় এটাইবিলাককে একেলগে দেখি এনেহে বোধ হয় যেন সৰগৰ ইন্দ্ৰৰ সভাৰ পৰা পাঁচজনী অপেশ্বৰী মৰ্ত্যলৈ ৰং কৰিবলৈ নামি আহিছে। অথবা পাঁজনী জলকুঁৱৰী পানীৰ পৰা ওলাই ধেমালি কৰিছে। অথবা আই সোৱণশিৰীৰ নিজৰ পেটৰে পাঁচজনী জীয়ৰীৰ বাহিৰলৈ আহি উমলিছে। দুজনী গাভৰুৱে দুই মূৰে বহি বঠা চলাইছে। তিনিজনীয়ে নাৱৰ বুকুতে থিয় হৈ গাইছে, তাৰে এজনীয়ে থিয়ৈ থিয়ৈ বিহু সুৰত গগনা (খ) বজাইছে। আহা! কি মধুৰ গগনাৰ সুৰ। ভেকুলী মাতৰ দৰে গোঁ গোঁ শব্দত চুটি চুটি বিহুনাম উঠিছে। ধন্য মিৰি গাভৰুহঁতৰ এনে এটা সামান্য সঙ্গীত যন্ত্ৰ উলিওৱা বুদ্ধিও। ৩।৪ বাৰ গগনা চলিল। এজনীয়ে গগনা বজাইছে, আন দুজনীয়ে হাতত চাপৰি দিছে। পাঠক! গগনা বজোৱা সেই মিৰি-জীয়ৰীজনী কোন চিনি পাইছেনে? তায়েই আমাৰ পানেই। পাঁচোজনী গাভৰুৱেই নিজ হাতে(গ) কৰা ভূঁই ৰখিবলৈ গৈছিল আৰু এতিয়া গধূলি হোৱাত ঘৰলৈ ফিৰি আহিছে।

গগনা বজাই বজাই সুখ নিমিটিল। তেতিয়া ৰকমী নামেৰে এজনী গাভৰুৱে পানেইক কলে-"পানেই এটা নাম গা।" পানেয়ে গালেঃ-

(১১)
উজায় নাৱে বোলে মোৰ দন চেনেঙ-
বামে লৰি মাৰে লেদেঙ-
চকুৰ পানীৰে গালে তিতি গলে-
গামত তিতি গলে কাপোৰ-

গীত গোৱা শেষ হল। তেতিয়া ৰকমীয়ে পানেইক কলে,-"পানেই মই এটা গাওঁ শুনঃ"-

(১২)
"উজাই আয়িলে কোম্পানীৰ জাহাজ ঐ
পৃতিবী টলেবলাই-
চপাই দে চপাই দে কলিকতা জাহাজ ঐ
মনেমতাৰ বাতৰি সোদোঁ।"

এই গীত গোৱা শেষ হলতে পাঁচোজনী গাভৰুৱে কিৰিলি পাৰি হাঁহিব ধৰিলে। তাৰ পাছত কিবমায় নামেৰে আন এজনী গাভৰুৱে কবলৈ ধৰিলে-

  • "হেৰ পানেই, হেৰ পানেই, তোৰ অলপতে বিয়া হব। কমুদে জোঁৱাই খাটিবলৈ যাব নহয়?"
  • পানেই-জানো কব নোৱাৰোঁ।
  • কিৰমায়-তই বাৰু পোৱা নাইনে? তই আৰু অলপতে জীয়ৰী গুচিবি, লৰাৰ মাক হবি।
  • পানেই-কি ধেমালি কৰ কিৰমায়। মই কালেকো নাযাওঁ। বাৰু গাঁও শুন।
(১৩)
"য়াতিয়ে যে পানী কায় ওলাকে ওলোকি
ময়ে যে পানী কায় কালত-
আমিও যে কনেঙ ঐ
কালৈকো যে নেযাওঁ ঐ
য়দায় যে তাকিম গৰত।"

পানেয়ে নাম গোৱা শেষ হল। ৰকমীয়ে মাত লগালে-হয় পানেই-তই কাইলৈকে গুচি যাবিগৈ, তেতিয়া আমাক পাহৰিবি হবলা। তোৰ মুখৰ কথা মুখতেই থাকিল। পানেয়ে ৰকমীৰ এই কথাৰ উত্তৰ দিবলৈ নৌ-পাওঁতেই দূৰৈত আৰু এখন নাৱত স্পষ্ট মতা গলেৰে কোনোবাই গাব ধৰিলে। পাঁচোজনী গাভৰুৱে কাণ পাতি শুনিব ধৰিলে।

(১৪)
"উজায় যাৱেঁগৈ মোৰে দন কনেঙা-
কেই দিনত আয়িমে গুৰি-
পৰমে কম্পালে যদি তাকো বালে-
তিনি দিনত আয়িমে গুৰি ঐ লায়ৰী-
তিনি দিনত আয়িমে গুৰি।"

কোনে এই নাম গালে। এই বিষয়ে মিৰি গাভৰুহঁতৰ ভিতৰত আন্দোলন হৱ ধৰিলে। কাৰ মাত এনেকুৱা! এই কথা এটায়ে ভাবিব ধৰিলে। কিন্তু পানেয়ে এইবিলাক বিষয়ে একোকে নুলিয়ালে। প্ৰণয়িনীয়ে প্ৰণয় তড়িত্-শক্তিৰ বলত বুজিব পাৰিলে এই মাত আন কাৰো নহয়-তাইৰ হৃদয়ৰ ধন চকুৰ মণি-জঙ্কিৰ; তাই হাঁহি হাঁহি সি চাৰিজনী ছোৱালীক কলে-তহঁতে বুজা নাইনে? সেইটো জঙ্কিয়ে গাইছে। তাৰে মাত হৱ পায়। তেতিয়া ৰকমীয়ে কলে, এৰা পানেই, তই জঙ্কিৰ মাতটো বৰিহাকৈ বুজিলি, তাৰে মাত হয়। এই কথন-মথন হোৱাৰ পাছতে পানেয়ে কলে-আমাৰ সেইবিলাক শুনিবৰ সকাম নাই-আহ আমি গাওঁ।

(১৫)
"নৈৰ পানী যে বাঢ়িবৰ বেগি ঐ চেনেঙ ঐ-
নৈ পানী বাঢ়িবৰ বেগি।
আগৰটি দিলে ঐ নাচাবি চেনেঙ ঐ-
হবি দুবগীয় মন।।"

পানেয়ে নাম গাই উঠিল মাথোন, আকৌ দূৰৈৰ পৰা সিহঁতে শুনিব পালেঃ-

(১৬)
"তোকে যে কেনেকৈ ঐ-
পামে যে মোৰ কনেঙ্ ঐ-
তোকে যে কেনেকৈয়ে পাম
হঠাই যে এৰি ঐ-
পামে গৈ যে কনেঙ্ ঐ-
মনেমা যে নতঁকা তাঁই।"

এই নামৰ লগে লগে সিখন নাও আহি মিৰি গাভৰুহঁতৰ নাৱৰ ওচৰ চাপিল। সেই নাৱত থকা মানুহটোৰ সৈতে কথা-বতৰা নৌ হওঁতেই পানেয়ে আকৌ গালে।

(১৭)
"উলটি যে নাচাবি-
পালটি যে নাচাবি মোক
গৰা যে কুমলীয়া পিছলি যে পৰিবি
মোৰে গাত যে নিদিবি দোষ।।"

এইবাৰ পানেইৰ নাম গোৱাও শেষ হল, নাওখনো আহি সিহঁতৰ নাৱৰ ওচৰ পালেহি। তেতিয়া এটাইকেইজনী গাভৰুৱে কলে, অ তয়েহে?

  • জঙ্কি-এৰা ময়ে।
  • ৰকমী-তই কলৈ গৈছিলি?
  • জঙ্কি-তামেন্ গামৰ চুকলৈ।
  • ৰকমী-কেলেইনো গৈছিলি?
  • জঙ্কি-এটা মানুহৰ পৰা মোৰ ৰূপ দহ টকা পাবলগীয়া আছিল। তাকে সাধিবলৈ।
  • পানেই-পালিনে?
  • জঙ্কি-আজি নাপালোঁ, কাইলৈ দিম বুলিছে।
  • পানেই-এতিয়া ঘৰলৈ যাৱনে?
  • জঙ্কি-পানেই?
  • পানেই-কি কৱও জঙ্কি?
  • জঙ্কি-মই আৰু তিনিদিনৰ মূৰত ঘূণাসুঁতিৰ গাঁৱলৈ যামগৈ।
  • ৰকমী-কেলেইনো যাৱও জঙ্কি?
  • জঙ্কি-ৰকমী, মই ইয়াত কমুদৰ ঘৰত আছিলোঁ। সি মোক বাৰু নোপোৱাত পৰিছে। সেইদেখি ঘূণাসুঁতিতে মোৰ এঘৰ মাহীৰ ঘৰ আছে, তাকে থাকিম গৈ।
  • ভাদৈ-তই আৰু আমাৰ গাঁও এৰিলি।
  • জঙ্কি-এৰা ভাদৈ, কিন্তু মাজে মাজে তহঁতৰ গাঁৱলৈকো আহি থাকিব।
  • তুলাই-এৰা আহি থাকিবি দেই। তই থকাত বৰ বাৰু আছিল। আমি বৰ ৰঙে-ধেমালিয়ে আছিলোহঁক।
  • জঙ্কি-কি কৰিম তুলাই। যাব লগাত পৰিলোঁ।
  • পানেই-জঙ্কি।
  • জঙ্কি- কি কৱ পানেই?
  • পানেই-তই যোৱাৰ আগেয়ে এদিন মোক লগ ধৰিবি দেই। তোৰে সৈতে মোৰ এটা কিবা কথা কবলগীয়া আছে।
  • জঙ্কি-বাৰু পানেই।

এইদৰে কথা-বতৰা পাতোঁতে পাতোঁতে নাও দুখন পাৰ চাপিল। তেতিয়া সকলো ঘৰা-ঘৰি গল।

পঞ্চম অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ ভাঙনিসম্পাদনা কৰক

  • (ক) "পথালিপাম" এই নামেৰে লক্ষীমপুৰ মহকুমাত এখন ঠাই আছে, তাত আজিকালি এখন চাহ-বাগিচাও আছে।
  • (খ) "গগনা" মিৰি গাভৰুহঁতৰ এটি যন্ত্ৰ। সৰু এছাটি বাঁহৰ মূৰত এডাল মুগাৰ সূতাৰ ডোল বান্ধি লয়। বাঁহছটা মুখৰ ভিতৰতে সুমাই ডোলডাল টানিলে ভেকুলীৰ মাতৰ দৰে এটি শব্দ হয়। সেই শব্দতে মিৰি গাভৰুহঁতে বিহু তোলে। যেয়ে সেয়ে নিশিকাকৈ গগনা বজাব নোৱাৰে।
  • (গ) নিজ হাতে কৰা ভূঁই-মিৰি গাভৰুহঁতে পৰিয়ালটোৱে বঙা মাটিত বাজেও নিজে নিজে এহালিচা বা দুহালিচা মাটিত কোৰ মাৰি সৰিয়হ বয়। সেই সৰিয়হ বেচি যি ধন পায় সেই ধনেৰে তেল-সেন্দুৰ কিনি পিন্ধে।