সদস্য:Boranitul/মিৰি জীয়ৰী/দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত

মিৰি জীয়ৰী
  1. প্ৰথম অধ্যায় - নৈৰ পাৰত
  2. দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত
  3. তৃতীয় অধ্যায় - মিৰি গাঁৱত
  4. চতুৰ্থ অধ্যায় - পানেইৰ ঘৰত
  5. পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত
  6. ষষ্ঠ অধ্যায় - ভূঁইতলিত আৰু ঘৰত
  7. সপ্তম অধ্যায় - মিৰি গাঁও দুখনত
  8. অষ্টম অধ্যায় - এন্ধাৰ নিশা
  9. নৱম অধ্যায় - হাবিৰ মাজত
  10. দশম অধ্যায় - লক্ষীমপুৰ নগৰত
  11. একাদশ অধ্যায় - আকৌ সোৱণশিৰী নৈৰ বুকুত
  12. দ্বাদশ অধ্যায় - ঘূণাসুঁতি গাঁৱত
  13. ত্ৰয়োদশ অধ্যায় - পানেই
  14. চতুৰ্দশ অধ্যায় - জঙ্কি
  15. পঞ্চদশ অধ্যায় - পৰ্বতৰ ওপৰত
  16. ষষ্টদশ অধ্যায় - বাৰেগামৰ মেল
  17. সপ্তদশ অধ্যায় - চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক নৈৰ পাৰলৈ নিব লাগে।
  18. সামৰণি - আকৌ সোৱণশিৰী নৈৰ বুকুত

আজি বহাগৰ ঘাই দিন।ঘৰে ঘৰে অসমীয়া কি ভাল মানুহ কি ইতৰ মানুহ সকলোৰে মনত ৰং-ধেমালি হৈছে। ঘৰে ঘৰে খোৱা-লোৱাৰ ধুমধাম পৰিছে। বছেৰেকৰ সকলো দুখ-ভাগৰ, হাই-দন এৰি আজি অসমীয়া মানুহে বছৰেকৰ বিহুত উত্ৰাৱল হৈছে। বন্ধ-বৰ্গৰ লগত সকলোৱে দেখা-শিনা হৈছে।গুৰুজনক তলতীয়াজনে সেৱা-সত্কাৰ কৰি বছেৰেকলৈকে ভালে-কুশলে থাকিবলৈ আশীৰ্বাদ লৈছে। সমনীয়া লৰাবিলাকে লগ লাগি হাঁহি-খিকিন্দালি পাতিছে। ভাল মানুহৰ ঘৰবিলাকৰ ভিতৰত মাইকী মানুহবিলাকে লগ লাগি পঁচি খেলিছে। সেই খেলুৱাই তিনি-চাৰিজনী মাইকী মানুহৰ লগত দুই-এজন মতা ডেকা বাবুও বিহছে। মাকে পুতেকে বিপৰীত ভাগে, কড়িৰ ঢালত বহি কড়ি মাৰিব লাগিছে। কড়ি পেলোৱাত মাইকী মানুহৰ হাত বৰ পাৰ্গত। ছটা কড়িৰ এটা বুঢ়া আঙুলিৰ টিপতে ধৰি এই পাঁচোটা বগৰাই দহ বোলোতে দহ পেলাইছে। তাকে দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি নিজেও সেইদৰে কড়ি গুঠি গুঠি লৈছে।মাকে পুতেকৰ চকুলৈ তাৰ পাছত হাতলৈ তত কৰিছে।তাকে দেখি মাকে পুতেকক পোনেই দাবি মাৰি ধৰিছে,"ওঁ তই কড়ি গুঠি লইছ?"পুতেকে নলওঁ দে বাৰু।এই চা মই কড়ি জোকাৰি লৈছোঁ,তইয়ো গুঠি নামাৰিবি এই বুলি ঢাল পেলালে।পুতেকৰ সৌভাগ্যত পঁচি পৰিল।মাকে তাকে দেখি গুঠি মৰা বিদ্যাটো এৰিব নোৱাৰিলে।দেখুৱাই কড়ি জোকাৰি ললে হয়,কিন্তু বগাৰাবৰ পৰত টিপতে বুঢ়া আঙুলিৰ মাজত এটা কড়ি লৈ দহ পেলালে।মাকৰ এই কাৰবাৰ দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি এটি নতুন উপায় স্ৰজিলে। তেওঁ ঢাল চুৰ কৰিবলৈ আৰম্ভ কৰিলে।দহঘৰ চলাব লাগিলে গুটি পোন্ধৰ ঘৰলৈকে নিয়ে।চাৰি পৰিলে ছয়ৰ ঘৰত দিয়ে।পাৰিলে মাকেও পুতেকৰ এই কাৰবাৰৰ আলেখলেখ কৰি চাবলৈ ধৰিলে।অৱশেষত ধেমালিতে খকৰা-মুকতি এটা মাৰি দিলে।পুতেকে খিল-খিল কৰি হাঁহি ও নেখেলো যা এই বুলি উঠি গুচি গল।তেতিয়া বাকীকেইজনী তিৰোতাৰ সৈতে আৰু এজনী জীয়াৰীক মাতি নি আকৌ খেল আৰম্ভ কৰিলে।ইফালে বাহিৰ মহলত তিনি-চাৰিজন বাবু লগ লাগি তাচ খেলাত বহিছে।খেলত বহিবলৈ নোপোৱা বা বিহু চাবলৈ যাব নোপোৱা অসুখীয়া মনৰ বেটী ছোৱালীজনীয়ে ধঁপাত যোগাই ওৰ কৰিব পৰা নাই।বাবুসকলৰ ভিতৰত এজন কোমল মুখেৰে মুখত ডাঢ়ি থকা, বৰণত বগা,বাবু বৰ ধেমেলীয়া।তেওঁৰ তাচ খেলাৰ উদ্দেশ্য নহয়;কেৱল ৰং কৰিবৰহে মন।তেওঁৰ বিপৰীতে এজন বাবু বহিছে, তেওঁৰ দীঘল, কোমল মুখখনত নতুনকৈ ডাঢ়ি ফুটি ওলাইছে মাথোন।মনটো বৰ সৰল অৰ্থাত্ তেওঁ হোজা বিধৰ মানুহ।তেওঁ তাচ খেলৰ বৰ ওজা।তাচ হাতত ললে সংসাৰ গোটেইখনকে পাহৰে।কেনেকৈ খৰখৰকৈ মাটিত পাত পাৰিব ইয়াৰেহে চিন্তা।নিজৰ হাতৰ পৰা পাত মাৰিব ধৰিলে পাত ভাঙিব খোজে আৰু মাজে মাজে বিপৰীতে বহা ডাঢ়ীয়াল বাবুজনক চাই "মল্লা" "মল্লা" (মৰিলা) বুলি একোটা চিঞৰ মাৰিছে।বিপৰীতে বহা বাবুজনে মল্লা শব্দক পোনাই "মোল্লাজিত" পেলাইছে।আৰু মাজে মাজে তেওঁৰ শত্ৰুৰ (খেলৰ শত্ৰু)মুখলৈ চাই হাঁহি হাঁহি বাগৰি পৰিছে। চুটি-মুটিকৈ পাতল বাবু এজনে যদিও তাচ খেলাত বহিছে তথাচ তেওঁৰ তাচত সিমান হেঁপাহ নাই। তাচৰ পাত দিবৰ পৰত "অ মই দিব লাগে নেকি?"এইবুলি একোটা পাত নিজৰ হাতৰ পৰা মুঠেই পেলাই পেলাই দিছে আৰু তেওঁ কেৱল কথাহে পাতিছে। ভৰকিয়াল গায়ে গোটেৰে ৰবা বাবু এজনে এফালে পাতল বাবুজনৰ কথাও শুনিছে, কেতিয়াবা ৰঙিয়াল-বগা বাবুৰ আমোদত হাঁহিছেও আৰু কেতিয়াবা নিজেও গহীনে গহীনে দুই-চাৰি আষাৰ কথা কৈছে। বগা বাবুজনে মাজে মাজে হাতৰ বেয়া পাত একোটা থৈ পিঠৰ পৰা বাল ভাল পাত তুলি লৈ আকৌ ঘূৰাই মাৰিছে। তেওঁ সেই কাৰ্য্যত মাজে মাজে কৃতকাৰ্য্যও হৈছে। দুই-এবাৰ দীঘল বাবুৰ তীক্ষ্ণ কটাক্ষ দৃষ্টিত ধৰা পৰি দুইয়ো কঢ়া-আজোৰাও লগাইছে। এইদৰে খেল, গল্প, আমোদ, ধঁপাত খোৱা ইত্যাদি চলিছে। মফঃস্বলৰ ভিতৰত, ঠায়ে ঠায়ে ডেকা-গাভৰুবিলাকে লগ লাগি বিহু গাইছে। কোনোৱে ঢোপ খেলিছে। এইদৰে আমোদ-প্ৰমোদত লক্ষীমপুৰ খলকি পৰিছে। দিনটো গল;ক্ৰমে সাজ লাগি আহিল। দুই-এজনকৈ ওচৰৰ মিৰি ঢোল ডগৰ লৈ লক্ষীমপুৰ জিলা উঠিল আৰু ইঘৰ সিঘৰকৈ বিহু গাই গাই ফুৰিব ধৰিলে।

আজি বৰ বিহুৰ দিন। জাকে জাকে বিহু গোৱা মিৰি আহি লক্ষীমপুৰ ভৰিল। বাটে-পথে ঢোল, ডগৰ লৈ ফুৰা মিৰি ডেকা-গাভৰুৱে অনাই-বনাই ফুৰিছে। ভাল মানুহবিলাকৰ ঘৰে ঘৰে দুই-এজাককৈ মিৰিয়ে বিহু পাতিছে;আৰু টকা, আধলি, বাবুবিলাকৰ ঘৰৰ পৰা আদায় কৰিবলৈ আৰম্ভ কৰিছে। সেই মিৰিবিলাকৰ ভিতৰত এজাক মিৰিয়ে সকলোৰে মন আকৰ্ষিছে। সেই জাকটোৰ ডেকাবিলাকৰ ভিতৰত চাৰি-পাঁচোটামান ঢোল, তিনি-চাৰিযোৰ তাল, দুটা পেঁপা। সিহঁতৰ নাচনিয়াৰ গাভৰুও সৰহ। এইজাক মিৰিয়ে পোনেই বাবু এঘৰত বিহু পাতিলেগৈ। প্ৰথমেই ঢোলৰ নাচ চলিলি। চাৰি-পাঁচটা ঢোলত একেলগে কোব পৰিবলৈ ধৰিলে। লগে লগে তাল চলিল আৰু তাৰ লগে লগে গাভৰুহঁতে নাচিব ধৰিলে। তাৰ পাছত ঢুলীয়া-কালীয়াবিলাকে বেইত ঘূৰাৰ দৰে ঘূৰিবলৈ ধৰিলে। গাভৰুহঁতেও নাচি নাচি শাৰীয়ে শাৰীয়ে ঘূৰিবলৈ ধৰিলে। ঢুলীয়াহঁতে এবাৰ সোঁহাতৰ পৰা বাওঁহাতলৈ এবাৰ বাওঁহাতৰ পৰ সোঁহাতলৈ ঢোল বজাই বগিয়া-বগি নাচ পাতিলে। ঢোল-খোল বোৱা শেষ হল। বাবুসকলৰ হুকুম পৰিল "গাভৰুহঁতে হাতত চপৰিয়াই নাম গাই গাই নাচিব লাগে।" তত্ক্ষনাত্ ঢুলীয়া কালীয়াবিলাক এফলীয়া হল। গাভৰুহঁতে শাৰী পাতিলে। পোনেই এজনী গাভৰুৱে হাতত চাপৰ মাৰি লগাই দিলেঃ-

(৩)
"ৰঙা (ক) নৈৰ যে দেকিয়া তোৰালি যে তোৰালি
দিনত চাৰি আঙুল বাৰে।
চম্পাফুল যে লেদেহা (খ) তোৰালি যে তোৰালি-
নাচাই বা তাকিব কোনে।"
লগে লগে নাচ চলিল।তাৰ পাছত আকৌ এজনীয়ে লগালেঃ
(৪)
"দেউতা ওলালে বাটচৰাৰ মুখলৈ
দুলীয়াই যে পাতিলে দোলা ঐ লাৱৰী
দুলীয়াই পাতিলে দোলা।
কাণতে জিলিঙিল (গ) নৰা-জাঙেপাই (ঘ)
গাতে গোমেচেঙৰ (ঙ) চোলা ঐ লাৱৰী
গাতে গামেচেঙৰ চোলা।"

আকৌ এজনীয়ে লগালেঃ-

(৫)
"চকলা যে কাটৰে মই পণি (চ) কাটিলোঁ-
লেডেহৰ কোঁপলৈ চাই।
আজি নিকা অপনত বেয়া কৈ দেখিলোঁ-
পণিকনে অৰাব পায়।"

তাৰ পাছত আকৌ এজনীয়ে ধৰিলেঃ-

(৬)
"নাচনী নৰিয়া পৰিল ঐ চেনেঙা
নাচনী নৰিয়া পৰিল।
নাচনীৰ অলনি কুকুৰা কাটিলো (ছ)
নাচনী উিয়ে বয়িল।"

এই গীত গোৱাৰ পিছতে ডেকা-গাভৰুৱে বাবুবিলাকক বৰঙণি গানালে। বাবুসকলৰ অজনে মাত লগালে- "ইহ, তহঁতে ফাকি দিলি। গোটেইবিলাক গাভৰুৱে নানাচিলে। সৌ সিহঁত দুজনীয়ে নচা নাই।" তেতিয়াই সেই গাভৰু দিজনীয়ে মাত লগালে, "আমি নাচিলে পাঁচ টকা পাঁচ টকা লাগিব।" বাবুহ্ঁতৰ এজনে হাঁহি হাঁহি কলে,-"দিম দে বাৰু নাচ তহঁতে।" এই গাভৰু দুয়োজনী পাতল। এজনিৰ বৰণ অলপ মিঠা। এজনী নিখুঁত বগা। দুইওজনীৰে মুখৰ গঢ় বাৰু। লাহৰি খোপাত ফুল খোহাঁ। চিকণ মুগাৰ ৰিহা-মেখেলা। গাত ৰঙা ফেলালিনৰ চোলা। সিহঁত দুজনী আগবঢ়া মাত্ৰেই ডেকাজাকৰ ভিতৰৰ পৰা এটা প্ৰায় কুৰি বছৰীয়া ডেকা পেঁপা এটা লৈ ওলাল। ডেকাটোৱেও চিকুণকৈ মূৰ মেলাইছে। তাৰ ওপৰত এটা পাগুৰি। গলত ডাঙৰ ডাঙৰ পোৱালে সৈতে এধাৰ সোণৰ মণি। কাণত দুটা সোণ পাতি বাখৰ সজা জাংফাইৰ কেৰু। গাত এটা চিনা কোট। ধুতীখনো চিকুঁ পিন্ধিছে। ডেকাজন বৰ ওখও নহয় বৰ চাপৰো নহয়। মুখখন চুচিকটা।

গাভৰু দুজনী আগবঢ়া মাত্ৰে ডেকাজনে পেঁপাত ফু দিলে। আৰু দিয়া মাত্ৰে সিহঁত দুজনী উত্ৰাৱল হল। পেঁপা বজাই বজাই এই তিনি মূৰ্তি নাচিবলৈ ধৰিলে। সিহঁতৰ নাচন, সিহঁতৰ ফুৰ্টি দেখি এনে বিবেচনা হোৱাত পৰিল যেন দুজনী অপেশ্বৰী গন্ধৰ্বৰাজ চিত্ৰৰথে সৈতে পৃথিৱীলৈ নামি আহিল। এই দুজনী গাভৰুৰ বগীজনীয়ে নাচোনটোৱে পতি ডেকাজনৰ চকুলৈ চাই চাই আন কেৱে নজনাকৈ মিচিককৈ হাঁহিব ধৰিলে। তাইৰ বয়স প্ৰায় তেৰ-চৈধ্য বছৰ। প্ৰথম অধ্যায়ৰ সোৱণশিৰী পাৰত থকা ভূঁইত টঙি ৰখা লৰাটোৱে এতিয়াৰ আমাৰ পেঁপা বজোৱা ডেকাজন, নাম "জঙ্কি"। বগী গাভৰুজনী "পানেই"। আজি পাঁচ বছৰৰ মূৰত দুইও সৰ্ম্পূন ডেকা-গাভৰু হৈ উঠিছে।

নাচ ভাঙিল; বাবুজনৰ ৰূপ এটকা দণ্ড হল। নাচনিয়াৰ মিৰি গাভৰুহঁত গুচি গল। বাবুসকলে তেতিয়া কোনে "ভাল নাচিছিল" কোনে "বেয়া নাচিছিল" ইত্যাদি কথাৰ আলোচনা কৰি দুই-তিনি চিলিমমান ধঁপাত উৰাই ঘৰা-ঘৰি গল।

দ্বিতীয় অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ ভাঙনি সম্পাদনা কৰক

  • (ক) ৰঙা নৈ-এই নামেৰে লক্ষীমপুৰ নগৰৰ পশ্চিম ফালে তিনি মাইল দূৰৈত এখন নৈ আছে। ইয়াৰ পাৰতো বহুত মিৰি আছে।
  • (খ) লেদেঙা-মৰমৰ গাভৰু।
  • (গ) জিলিঙিল-জিলিকিল।
  • (ঘ) নৰা জাঙেপাই-জাংফাই কেৰু।
  • (ঙ) গোমেচেঙৰ-গোমচেঙ। অসমত গোমচেঙ নামৰ এবিধ বৰ উত্কৃষ্ট কাপোৰ আছিল;কিন্তু আজিকালি লোপ পৰি আহিছে।পাশ্চাত্য সভ্যাতৰ ফল।
  • (চ) মিৰি প্ৰায় সকলো ডেকা-গাভৰুৱে সৰু সৰু কাঠৰ ফমিৰে মূৰ মেলায়। সেই ফণিক সিহঁতে প্ৰায় সদায় খোপাতে ৰাখে। মিৰি ডেকা-গাভৰুৰু এটা বৰ লাহৰ বস্তু।
  • (ছ) "কুকুৰা কাটিলো" কেৱে কেৱে 'দেও পূজা কৰিলো' এই কথাও লগায়। দুয়োটা একে কথা। মিৰিয়ে বেমাৰত পৰিলে দৰব নাখায়। সিহঁতৰ দেওধাইৰ হতুৱাই মঙ্গল চোৱায়, কোন দেৱেনো বেমাৰ পেলাইছে। তেতিয়া সেই দেওক মদ, গাহৰি, কুকুৰা দি পূজে।