সদস্য:Ani ttbr/কাৰেঙৰ লিগিৰী/সমাপতি

কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[কাৰেং ৷ ৰাতি মুকলি খোঁটালি এটাত এখন বৰপিৰাত বহি সুন্দৰ উদাস হৈ এটা বৰ গাৰুত আঁউজি মৌন হৈ আছিল । পঞ্চমীৰ জোনৰ পোহৰে ঠাইডোখৰ পোহৰ আন্ধাৰুৱা কৰি থৈছিল । গোটেই দৃশ্যটোত এটা বেজেৰুৱা ৰহণ সনা আছিল । ওচৰতে সুদৰ্শন আৰু অনঙ্গৰাম মাটিত দলিছাত বহি আছিল । আটাইকেইজন যেন কিবা গভীৰ ধ্যান নিমগ্ন । সুদৰ্শনৰ হাতত এখন টোকাৰী । বিমনা হৈ সুদৰ্শনে টোকাৰীত আঙুলি বুলাই আছিল । তাৰ পাছত সুদৰ্শনে লাহে লাহে গীত গাবলৈ ধৰে । সুন্দৰ আৰু অনঙ্গই তন্ময় হৈ গীত শুনি আপোন পাহৰা হৈ যায় ।]

গীত

অ’ সোঁৱৰণি !

সমিধান দিয়া,

শাঁত কৰি প্ৰাণৰ অগনি ।


নিৰ্বাক অতীতৰ,

গোপন কুঞ্জ এৰি,

আহা মৌসনা সোঁৱৰণি ।


উৰুৱাই মনৰ মাজলৈ

সুৱৰ্ণৰে পাখি ।

পাহৰণি-পদুমৰ মন্ত্ৰদূত,

পাহি মেলি মেলি !





(আঁৰ-কাপোৰ)