সদস্য:Ani ttbr/কাৰেঙৰ লিগিৰী/তৃতীয় অঙ্ক/দ্বিতীয় দৰ্শন

কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[কাৰেঙৰ লিগিৰিটোলৰ এটা কোঠা । আন্ধাৰ । সাজসজ্জা বা বেৰা একো আন্ধাৰত দেখা নগৈছিল । ওচৰৰ আনটো কোঠাৰ দুৱাৰেদি চাকিৰ অলপ অলপ পোহৰত মাত্ৰ মানুহ বা আন বস্তুৰ চকামকাকৈহে আকৃতি-প্ৰকৃতি চিনা গৈছিল । তাত কেইজনীমান লিগিৰী সুদা মাটিতে শুই থকা দেখা গৈছিল । এনেতে এজনী লিগিৰি এন্ধাৰে মুন্ধাৰে আহি আন এজনী লিগিৰিক জগোৱা দেখা যায় আৰু ফুচফুচকৈ কথা পতা যেন দেখা যায় । তাৰ পিছত এজনী শোৱাৰ পৰা উঠা যেন দেখা যায়; উঠি দুইজনী ৰং মনেৰে কিছু আগ ভাগলৈ আহে শেৱালি আৰু সেউজী । শেৱালিৰ বাহুত ধৰি সেউজী ]

সেউজী:- [অলপ সৰু মাতেৰে] শেৱালি তই ভয় নকৰিবি । তোক ৰাজমাৱে কিবা ভিতৰুৱা কথা শুধিবলৈহে মাতিছে ।
শেৱালি:- [বৰ ভয় খোৱা যেন হৈ] সেউজী মোৰ ভয় লাগিছে । ৰাজমাও দেউতাই এইদৰে এনে নিশা কোন কাহানিও মাতি পঠোৱা নাই ।
সেউজী:- নাই..নাই.. এইবোৰ নানান কথা ওলাইছে নহয়.. সেই বিষয়ে হ’ব পায় ।
শেৱালি:- নহয় নহয়, মোৰ বৰ ভয় লাগিছে, ৰাজমাৱে মোক কিবা কৰিব ।
সেউজী:- নাই.. নাই.. মইও যাম লগতে ।
শেৱালি:- আহ সেউজী... মোক নেৰিবি... অ’ সেউজী, আজি কেইদিনমানৰ পৰা মোৰ সোঁ-চকু সোঁ-বাহু বৰকৈ লৰি আছে । বৰ ভয় লাগিছে ।
[কন্দাৰ দৰে শেৱালিয়ে কুঁ-কুৱাই ]
সেউজী:- কেলৈ মিছাকৈয়ে ভয় কৰিছ ? আহ… একো নকৰে আহ ।
[সেউজীয়ে বাহুত ধৰি শেৱালিক লৈ যায় ; শেৱালি যাওঁ নেযাওঁকৈ বৰ অনিচ্ছাৰে অথচ বাধ্যত পৰি যোৱাৰ দৰে যায় । আনটো কোঠাত থকা চাকিটো সিহঁতে লৈ যোৱাগৈ বাবে এতিয়া এই কোঠাটো সমূলি আন্ধাৰ হৈ পৰে ।]