সদস্য:Ani ttbr/কাৰেঙৰ লিগিৰী/চতুৰ্থ অঙ্ক/দ্বিতীয় দৰ্শন

কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[নগা পৰ্বতৰ এটা পৰ্বতৰ গাৰ সমতল । এটা গুহাৰ আগৰ মুকলি ঠাই । অলপ পৰৰ পাছতে এটা নগা ল’ৰা হাতত এপাট যাঠি লৈ ক’ৰবাৰ পৰা ল’ৰ মাৰি আহি তাত থিয় হয়হি । তাৰ চকুত অৰ্থহীন দৃষ্টি । মুখৰ ভাৱ মুহূৰ্তে মুহূৰ্তে সলনি হৈছে চাৰিওফালে চাই হঠাত কিবা এটা আনন্দত সি কিৰীলি মাৰি হাঁহি উঠে । তাৰ পাছত কথা নাই বতৰ নাই, সি উন্মত্ত হৈ নাচিবলৈ ধৰে । তাৰ সেই নাচোন মাথোন মনৰ অসংলগ্ন অৱস্থা আৰু ভালকৈহে ফুটাই তাক বলিয়া বুলি পতীয়মান কৰায় । সি এইদৰে নাচি থাকোতেই অনঙ্গৰাম অতি ধীৰ আৰু দাৰ্শনিকৰ খোজেৰে সোমাই অলপ দূৰত থৰ হৈ থিয় দি তাক চাবলৈ ধৰে । অনঙ্গৰামৰ চুলিবোৰ অতি ৰুক্ষ । বহুত দিন তেলটেঙ্গা নঘহাত তাৰ বৰণ ৰঙচুৱা । গাত যদি আগৰ পাটৰ চোলা চুৰিয়া , সি এতিয়া জীৰ্ণ আৰু মলিন । অনঙ্গৰামৰ মুখৰ বৰণ শেঁতা আৰু গালত কিছু দাঢ়িও গজিছিল । চকুত কিন্তু এটা উদাৰ দৃষ্টি । মুখত এটা মুক্ত সন্যাসীৰ দৰে নিৰ্বিকাৰ ভাব আৰু আনন্দৰ হাঁহি লাগি আছিল । অনঙ্গ লাহে লাহে তাত পৰি থকা শিল এটাত বহে । নগা ল’ৰাটোৰ এবাৰ হঠাৎ অনঙ্গৰ ওপৰত চকু পৰিলত নিমিষতে নাচ বন্ধ কৰি কাঠৰ পুতলাৰ দৰে অনঙ্গৰ ফালে চকু টেলেকাকৈ চাই থাকে ।]

অনঙ্গ:- নাচ ।
নগা ল’ৰা:- নাচিলে মূৰ ঘূৰায় ।
অনঙ্গ:- তেন্তে কিয় নাচিছিলি ?
নগা ল’ৰা:- [অট্টহাস্য কৰি ] কিয় ? কিয় নানাচিম ? গছে নাচে পাতে নাচে, নৈয়ে নাচে ময়ো নাচিম । তই মোৰ “চাৰাপেন”ক দেখিছিলি ?
অনঙ্গ:- চাৰাপেন কোন ?
নগা ল’ৰা:- মোৰ বুকুৰ সোণ, তাইক আজি মই বহুদিন বিচাৰিছো, তাই নাই, ক’ৰবালৈ গ’ল ৷ তাই মোৰ নাচ চাবলৈ বৰ ভাল পাইছিল । মই নচা দেখিলে তাই বহুত দূৰৰ পৰা লৰি আহিছিল ।
অনঙ্গ:- তাই কিমান দিন হ’ল হেৰাল ?
নগা ল’ৰা:- দুবাৰ জাৰ হ’ল, দুবাৰ বৰষুণ হ’ল । সেই জুৰিটো দুবাৰ শুকালে, দুবাৰে ফেনে-ফোটোকাৰে বলে । ৰঙা ফুলবোৰে দুবাৰ ফুলিলে, মোৰ চাৰাপেন নাচ চাবলৈ নাহিলে । তাইলৈ মনত পৰিলে মই নাচো, কিজানি তাই দূৰৰপৰা মোক নচা দেখি থাকিব নোৱাৰি লৰমাৰি চাবলৈ আহে । ক’তা পিছে মই নাচি আছো, পৰ্বতৰ টিঙত উঠি নাচিছো, নৈৰ পাৰত নাচিছো, বনৰ মাজত নাচিছো, ভৈয়ামৰ পথাৰত নাচিছো,ক’তা চাৰাপেন দেখোন মোৰ নাচ চাবলৈ ল’ৰ মাৰি নাহে ।
অনঙ্গ:- [হুমুনিয়াহ কাঢ়ি] তোৰ এই নাচৰ ক’ত শেষ হ’ব তেন্তে আৰু ? বুজিলো ই তোৰ অনন্ত নৃত্য । ব্যৰ্থ প্ৰেমিকৰ ব্যৰ্থ নৃত্য ।
[নগা ল’ৰাটোৱে একো নুবুজি অনঙ্গৰ ফালে চাই থাকে]
বাৰু, তোৰ নাচ মই চালে ন’হবনে ?
নগা ল’ৰা:- ন’হব ন’হব ! কচোন বাৰু মোৰ চাৰাপেন কলৈ গ’ল ?
অনঙ্গ:- তোৰ চাৰাপেন গছৰ কুমলীয়া পাত হ’ল, ৰঙা ফুল হ’ল, হালধীয়া চৰাই হ’ল, জুৰিৰ পানী হ’ল , বৰষুণৰ টোপাল হ’ল ।
নগা ল’ৰা:- [তন্ময় হৈ শুনি ] আৰু কি হ’ল ?
অনঙ্গ:- ধুনীয়া পখিলা হ’ল, পুৱাৰ বতাহ হ’ল, বেলিৰ পোহৰ হ’ল, জোনৰ হাঁহি হ’ল, নীলা আকাশ হ’ল !
নগা ল’ৰা:- তেন্তে গছপাত, ফুল, পখিলা, হালধীয়া চৰাই, জুৰিৰ পানী, বৰষুণ, ৰ’দ, বেলি, জোন, তৰাক মই মৰম কৰিলে, ভাল পালে চাৰাপেনক মৰম কৰা হ’বনে ? ইহঁতে মোৰ নাচ দেখিলে চাৰাপেনে দেখিবনে ?
অনঙ্গ:- পাব, পাব,দেখিব, দেখিব ।
নগা ল’ৰা:- [হাঁহি জঁপিয়াই কিৰিলি পাৰি ] ভাল হ’ল,কেনে ভাল হ’ল ! এজনী চাৰাপেনৰপৰা কিমানবোৰ চাৰাপেন হ’ল । তেনে এতিয়া যদি পৰ্বতে ভৈয়ামে যতে থাকো তাতে চাৰাপেন থাকিব । যতে নাচো তাতে চাৰাপেনে দেখিব ! হিঃ হিঃ হিঃ ! বাৰু, মই ফুলবোৰক চুমা খালে চাৰাপেনৰ গালত সেই চুমা লাগিবনে ?
অনঙ্গ:- লাগিবতো ।
নগা ল’ৰা:- কেনে ভাল হ’ল ! বাৰু হালধীয়া চৰাইক মিঠাগুটি খুৱালে চাৰাপেনে সোৱাদ পাবনে ?
অনঙ্গ:- পাবতো, কেলেই নেপাব ?
নগা ল’ৰা:- হিঃ হিঃ হিঃ ! তেন্তে মই হালধীয়া চৰাইক মিঠা গুটি খুৱাওঁগৈ , ফুলক চুমা খাওঁগৈ ।
            [জঁপিয়াই ওলাই যায় ]
[অনঙ্গই দীঘলকৈ উশাহ লয় । তেওঁ বহুত পৰ বিভোল হৈ থাকি লাহে লাহে আহি এটা শিলৰ ওপৰত বহে । চাৰিওফালে চাবলৈ ধৰে । অনঙ্গ বৰ বিয়াকুল হৈ আহিবলৈ ধৰিলে । তেওঁৰ মুখত এটা দিব্য কোমলতা ফুটি উঠিল । চকুত এটা বৰ সহজ জ্ঞানী ভাব ওলাই পৰিল । অনঙ্গ তন্ময় । তেওঁ চাৰিওফালে দৃশ্যবোৰ বৰ মৰমেৰে চাবলৈ ধৰিলে; তেওঁ এনেকৈ চাবলৈ ধৰিলে যেনিবা আগত এখনি বৰ ডাঙৰ পুথি পৰি আছে আৰু তাৰ অৰ্থ বুজি বৰ আনন্দিত হৈছে । ]

অনঙ্গ:- আইৰ দৰে শান্ত স্নিগ্ধ
হৈ তুমি প্ৰকৃতি সুন্দৰী
দিছা সুবিমল স্নেহ বাকি,
প্ৰিয়াৰ সৌন্দৰ্য্য লৈ পূৰ্ণ
যৌৱনৰ লাজুকী হাঁহিটি মাৰি ।
প্ৰণয় বাতৰি ক’ব খোজাহে সুন্দৰী,
ওৰণিৰে মুখ ঢাকি
বিশ্বৰ কুৰূপ তুমি পুনু বাছি আনি
কিয় কোৱা হাঁহি ?
ভ্ৰান্ত ধাৰণা তোৰ সকলো
মায়াৰ লীলা দুদিনতে
সৰি যোৱা উৎসৱলৈ বুলি গথা
বিচিত্ৰ বৰ্ণৰ ফুলৰ চাকি ।
তুমি প্ৰহেলিকাময়ী , বৈচিত্ৰ্যক
বিচিত্ৰৰে ৰাখিছাহে ঢাকি ৷
আপোন নৃত্যতে তুমি আপুনিয়ে
হোৱা বিয়াকুল । আপোনাতে
আপুনি বিভোল, তুমি বিদ্যাধৰী ।
আপোন ৰথৰ তুমি আপুনি সাৰথি,
এহাতেৰে ধৰি বাঘজৰি
আনহাতে কৰিছা সন্ধান
আপোনাৰ লক্ষ্য ভেদ কৰি ৷
আপোন হাতেৰে তুমি গঢ়িছা
নিজেই অব্যৰ্থ সন্ধানকাৰী
মহা অগ্নিবাণ ! আপোন
বাণেৰে তুমি নিজকেই কৰিছাহে
অব্যৰ্থ সন্ধান ।
আপুনি ইঙ্গিত
তুমি কৰিছা নিজেই, নিজে
জ্যোতিৰ্ম্ময়ী হোৱা কৰি জ্যোতিষ্মান ।
আপোন কুৰূপ তুমি আপুনি মোহাৰি
নিজে মথি উলিয়াই সৌন্দৰ্য নিৰ্য্যাস,
আপোনাৰ শৰীৰতে আপুনিয়ে সানি,
আপুনিয়ে বিতৰিছা আপোন হাতেৰে,
আপোনাৰ সৌন্দৰ্য্যৰ যশ ।
আপোন হাতেৰে তুমি ভাঙ্গি আনি
নিজ ফুলনিৰ , সহস্ৰ সহস্ৰ কত
কুসুম কোমল সুৰভিৰে ভৰা
কত আৰু কতবোৰ পৰিমল ৰেণু,
ফুল মধু আনি তুমি ভৰাই দুকৰ
নিজে শিলাকুটি হৈ ভাস্কৰ্য্য নিপুণ তুমি
গঢ়িছাহে আপোন হাতেৰে
নন্দন-বিজয়ী বীৰ কুসুম কোঁৱৰ ।
কবি কল্পনাৰ ইন্দু নিন্দি পৰকাশী,
অধীশ্বৰী হেৰা অবিনাশী সৌন্দৰ্যৰ
 কিনো বিশ্বব্যপী আৱৰণ আচলৰ ।
তপস্যাৰ সিন্ধু মথি তুমিহে তাপসী
নিজৰেই উপবন ভাঙ্গি কৰি চুৰ
পিন্ধিছাহে নিজে চৰ্ম্মবাস । বাসনাৰে
লিপ্ত কত শত উপবন
কৰি পুণ্য কৰি তপোবন,
তপস্যাৰ মন্ত্ৰ বাকি কৰ্ণকুহৰত
নিজ হাতে কৰিছা স্থাপন,
অপূৰ্ব্ব আতমা শুভ্ৰ নিষ্কাম তাপস ।
আজি জনালাহে প্ৰকৃতি বিপুল,
বিশ্বগ্ৰাসী বিৰাট সুন্দৰী
অন্তত মোৰ, প্ৰণয়ৰ দীপ্ত হুতাশন ।
জ্বলোক দীপিতি তাৰ
ভেদি উঠি আৱৰণ দূৰ
দিগন্ত আন্ধাৰৰ ৷
জাগি উঠ প্ৰণয়ৰ সুন্দৰী প্ৰতিমা ।
তোৰ যোজন বিয়পা যজ্ঞবেদী অন্তৰত মোৰ
আজি হৃদয় মন্দিৰ মোৰ
আলোকৰে কৰি পূৰ, জ্বলিলে
সাত বৰণীয়া অগ্নি শিখা
প্ৰকৃতিৰ প্ৰাণময় প্ৰণয় যজ্ঞৰ ।
হোমানল মথি তই যা... অ’ সুন্দৰী !
বিতৰ,বিতৰগৈ শুভ্ৰ তোৰ নিৰ্ম্মল পোহৰ
উৎসৱময়ী কৰি নিমাত নিতাল
যত বিৰহীৰ মৌন প্ৰণয়ৰ
কুঞ্জ শত শত,
উজ্বলালে আশাৰে আলোকি
উদাসী মুখখনি প্ৰেমিকৰ !
কুসুম কোমল যাৰ প্ৰণয়ৰ কুঞ্জ মনোহৰ,
হল কালে কাঁইটনি বন,
কাঢ়িলে সি মাথো এটি তপত হুমুনিয়া
নিচুকি থাকিলে বহি ভাৰ লৈ ব্যৰ্থ প্ৰণয়ৰ ৷
তাৰে সি নিকুঞ্জ খনি উৎসৱময়ী পুনু কৰ তই
উৎসৱময়ী পুনু কৰ ।
[বহুতপৰ তন্ময় হৈ থাকি, তাৰ পাছত শিলৰ পৰা অধীৰ হৈ উঠি আহি ৷]
দৃষ্টি, দৃষ্টি, দৃষ্টি দিয়া মোক ।
স্পৰ্শ, স্পৰ্শ, স্পৰ্শ দিয়া মোক
মোৰ ইন্দ্ৰিয় অন্ধকূপ ।
দৃষ্টিৰ প্ৰসাৰ মোক দিয়াহে সুন্দৰী
চাবলৈ অন্তহীন ৰূপ । ই কি !
বিশ্ব বিমোহিনী সৌন্দৰ্যতো সৌন্দৰ্য অপৰূপ ।

[অনঙ্গৰ মুখত এক দিব্য আভা উদ্ভাসিত হৈ পৰে । তাৰ পাছত মাটিত বহি শিলত মূৰ থৈ থৰ লাগি চাই থাকে । বতাহ বলে । বতাহ গছৰ পাত লাগি দূৰৰ বাঁহীৰ দৰে, অনবৰত ঠুনুক-ঠানাককৈ ভগা-ছিগা সুৰৰ দৰে শব্দ আহি সেই ঠাইডোখৰ বুৰাই পেলাইহি । সেইফালে অনঙ্গ নিতাল মাৰে । অলপ অলপ আন্ধাৰ হৈ আহে । ৰুণুকৰ হাতত এডাল আঁৰিয়া । ]

ৰুণুক:- অ..উ, উ’, উ...মিতা, উ...উ ।
জুনুক:- উ...উ...উ, মিতা ! সেইটো হবলা ।
[ৰুণুকৰ চকু অনঙ্গৰ ওপৰত পৰে ]
ঠুনুক:- এ ৰুণুক এইটো হ’ব পায় । এ জলকা লাগি পৰি আছে । উ, উ, মিতা উ ।
অনঙ্গ:- [উঠি ] কি হ’ল ৰুণুক ?
ৰুণুক:- মিতা, মিতা তই ইয়াত নেথাকিবি ।
অনঙ্গ:- কিয় ?
ৰুণুক:- ৰজাৰ নগৰৰ পৰা বহুতো মানুহ আহি হাতে হাতে আঁৰিয়া লৈ আমাৰ গাঁৱত কিবা বিচাৰি ফুৰিলে । তোক ধৰি নিব ।
অনঙ্গ:- [হাঁহি ] মোক, মোক, মোক ৰজাৰ একো প্ৰয়োজন নাই ।
ৰুণুক:- তেন্তে মইনাক নিবলৈ আহিছে ।
অনঙ্গ:- কোন মইনা ?
ৰুণুক:- আজি ভৈয়ামৰ পৰা এজনী ছোৱালী আহিছে নহয় ।
অনঙ্গ:- [আচৰিত হৈ ] কেনেকুৱা ?
ৰুণুক:- তাই কান্দি থাকে । মাজে মাজে হাঁহে । তাইক আমি লুকুৱাই থৈছোঁ । তাইক ৰজাৰ মানুহে পালে হেনো কাটিব ।
অনঙ্গ:- [কিছুপৰ ভাবি থাকি ] তাই বাৰু ক’ত আছে ?
ৰুণুক:- নকওঁ ।
অনঙ্গ:- মোক নকৱনে ? বলচোন মই চাওঁগৈ । তাইক ভালকৈ এঠাইত লুকাই নথলে তহঁতৰ হাতৰ পৰা ৰজাৰ মানুহে ধৰি লৈ যাব ।
ৰুণুক:- [ভয় খাই ] তেন্তে আমি তাই ক’ত থম ? কি কৰিম ?
অনঙ্গ:- মোক বাৰু তাইৰ ওচৰলৈ লৈ ব’ল । মই তাইক আটাইবোৰ কথা সুধিলেহে ক’ত থলে ভাল হ’ব ক’ব পাৰিম ।
ৰুণুক:- ব’ল তেনে মিতা, আহ, বেগাই আহ । সৌবোৰ দেখিছনে ৰজাৰ মানুহবোৰে কেনেকৈ আঁৰিয়া আৰু জোঁৰ লৈ পিয়া পি দি ফুৰিছে। সৌৱা কিছুমান এইফালেও আহিছে ।
অনঙ্গ:- ব’ল।
[ তিনিওজনী নাগিনী আৰু অনঙ্গ ওলাই যায় আৰু অলপ পৰৰ পাছতে সেইবাটেদি আঁৰিয়া লৈ লৈ কিছুমান মানুহ যায়হি । এইদৰে কিছুপৰলৈ সেই ঠাই ডোখৰেদি আঁৰিয়া লৈ মানুহ দলে দলে অহা যোৱা কৰি থকা দেখা যায় । ]