দণ্ডীধৰ ফাটোৱালী

                                            -  বীৰ্কে বি থাপা
                                                                         
  অম্বিকাগিৰী যুগৰ জাতীয় সংস্কাৰ আন্দোলনৰ এগৰাকী সৰৱ কৰ্মী তথা অবিভক্ত লক্ষীমপুৰ জিলাৰ এগৰাকী বিশিষ্ট সাহিত্যিক প্ৰয়াত দণ্ডীধৰ ফাটোৱালীৰ সৃষ্টিৰাজিৰ সবিশেষ আলোচনা প্রকৃততে যেনেদৰে হ'ব লাগিছিল তেনেদৰে আজিও হোৱা নাই।আশ্বৰ্যজনকভাৱে  বহুতৰ বাবে তেখেত আজিও তেনেই অখ্যাত।কিন্তু এই কথা সত্য যে  ফাটোৱালীদেৱ আছিল এনে এগৰাকী লেখক  যি গৰাকী লেখকে বিংশ শতিকাৰ দ্বিতীয় দশকত গা-কৰি উঠা জনজাতীয় জাগৰণৰ অন্যতম এগৰাকী অগ্ৰণী নেতা স্বৰূপে অসমৰ অন্যতম এক প্ৰাচীন জনগোষ্ঠী সোনোৱাল সকলৰ  জনজাতীয় স্বকীয়তা ৰক্ষা আৰু উন্নয়নৰ বাবে ভীমবৰ দেউৰীৰ দৰে ব্যক্তিসকলৰ সাহচৰ্যত  দিনে-নিশাই কাম কৰি গৈয়ো বৃহত্তৰ অসমীয়া জাতিসত্তাত আকুণ্ঠ বিশ্বাস ৰাখিছিল আৰু যিসময়ত অন্যান্য জনজাতীয় শিক্ষিত লোকসকলে অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰাৰ পৰা বিৰত আছিল সেইসময়ত তেখেতে এক উদাৰ মানসিকতাৰে কুৰি শতিকাৰ দ্বিতীয়/ তৃতীয় দশকতে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিবলৈ হাতত কলম তুলি লৈছিল।তেখেতে যি সময়ত লিখিবৰ বাবে হাতত কলম তুলি লৈছিল সেই সময়ত  ডাঙৰীৰ দৰে তেনেই আওহতীয়া অঞ্চলৰ কথা বাদেই, সমগ্ৰ অসমতে সাহিত্য সৃষ্টিৰ অনুকুল পৰিৱেশ নাছিল।তথাপিতো কুৰি শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাতে তেখেতে  শত্ৰুদমন, নীলাম্বৰ, গেলাত টেঙা,সৰস্বতী আদি কেইবাখনো পূৰ্ণাংগ নাট আৰু প্ৰহসন,কবিতা তথা উপন্যাস ৰচনা কৰি সাহিত্য-চিন্তা আৰু চৰ্চাৰ বাট মুকলি কৰিছিল।তেখেতৰ প্ৰচেষ্টাতে বৃহত্তৰ ডাঙৰী আৰু ছৈখোৱা অঞ্চলত নাট্যচৰ্চাৰো এক পৰিৱেশ গঢ় লৈ উঠিছিল।
  ফাটোৱালীদেৱৰ জন্ম হৈছিল 1896 চনত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ বদলাভেটা চাহ বাগিচাত।এটি সাক্ষাৎকাৰত তেখেতে কোৱা মতে,সপ্তাহৰ তেল-নিমখৰ বাবে ছয় অনাৰ খোৰাকীৰে তেখেতে প্ৰথমে শদিয়াৰ মাইনৰ স্কুলত পঢ়া আৰম্ভ কৰিছিল আৰু পঢ়া-শুনাত মেধাৱী ছাত্ৰ হিচাপে সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম হৈ মাইনৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে তেখেতে সিমানতে পঢ়া-শুনা সমাপ্ত কৰি মাহে তিনি টকা দৰমহাত বদলাভেটা চাহ-বাগিচাতে কৰ্মজীৱন আৰম্ভ কৰিবলগীয়া হৈছিল। কিন্তু তেখেতৰ ওপৰত জাপি দিয়া এটা  মিছা অপবাদৰ বাবে প্ৰবল আত্মসন্মান বোধসম্পন্ন ফাটোৱালীদেৱে হাতৰ চাবিকোচা বগা চাহাবৰ টেবুললৈ দলিয়াই দি চাহ বাগিচাৰ চাকৰি এৰি  গাঁৱৰ ঘৰলৈ গুচি আহিছিল আৰু  ডাঙৰী গাঁৱৰ পৈত্ৰিক ভূমিত স্বাধীনভাৱে খেতি-খোলাৰ কামত নিজক নিমগ্ন কৰিছিল।
  কৃষিকৰ্মৰ লগে লগে তেখেতে সাহিত্যচৰ্চাও কৰি গৈছিল।উল্লেখযোগ্য যে ফাটোৱালীদেৱৰ সাহিত্য সৃষ্টিৰ অন্তৰালত নিশ্চিতভাৱে সেই সময়ত ডাঙৰীত গঢ় লৈ উঠা জনজাতীয় জাগৰণৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আছিল।বিশিষ্ট শিক্ষাবিদ প্ৰয়াত গকুল সোনোৱাল দেৱে লিখা 'অসমৰ জনজাতি জাগৰণ আৰু জনজাতি জাগৰণত সোনোৱাল কছাৰীৰ ভূমিকা' শীৰ্ষক লেখাৰ পৰা জানিব পৰা যায় যে 1921চনত গঠিত ডাঙৰী কছাৰী যুৱক সন্মিলনী'খনেই আছিল প্ৰকৃততে সমগ্র অসমৰে জনজাতীয় জাগৰণৰ প্ৰথম সূত্ৰপাত।অনুষ্ঠানটিৰ জন্ম লগ্নৰ সৈতে জড়িত ব্যক্তিসকলৰ ভিতৰত আছিল প্ৰয়াত ভৰত চন্দ্ৰ খাখলাৰী,যাদৱ চন্দ্ৰ খাখলাৰী, সোনাৰাম বাগলাৰী,কীৰ্তিনাথ খাখলাৰী আৰু দণ্ডীধৰ ফাটোৱালী।সন্মিলনীৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আছিল-সোণোৱালসকলৰ স্বকীয় অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰি যোৱা।সোনোৱাল কছাৰীসকলৰ মাজত জাতীয় চেতনা গঢ়ি তোলাৰ উদ্দেশ্যে এই  'ডাঙৰী কছাৰী সন্মিলনী'ৰ উদ্যোগতে ১৯২৫ চনত 'প্ৰভাতী' আৰু১৯৩৩ চনত 'ৰাইজ' নামৰ দুখনকৈ আলোচনীও প্ৰকাশ কৰা হৈছিল।দুৰ্ভাগ্যব:শত আৰ্থিক সমস্যাৰ বাবেই  দুয়োখন আলোচনীৰে প্ৰকাশ কম দিনতে বন্ধ হৈ গৈছিল।সেয়ে হ'লেও  কিছু সংখ্যক শিক্ষিত লোকৰ মাজত সাহিত্য-চিন্তা-চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আলোচনী দুখনৰ প্ৰভাৱ আছিল যথেষ্ট।  জনজাতীয় আন্দোলনৰ এগৰাকী সৰব কৰ্মী হিচাপে স্বাভাৱিকতে দণ্ডীধৰ ফাটোৱালীদেৱৰো অন্তৰ্সত্বাত গঢ় লৈ উঠিছিল এক সবল আৰু সুদৃঢ় সংস্কাৰকামী মন।এই সংস্কাৰকামী মনটোৰে তেখেতে সাহিত্য সৃষ্টি কৰি গৈছিল।
  'ডাঙৰী কছাৰী যুৱক সন্মিলনী'ৰ পৰা আৰম্ভ কৰি পৰৱৰ্তীকালত 'অসম ট্ৰাইবেল লীগ' গঠণ হোৱালৈকে এক সুদীৰ্ঘ জীৱন দণ্ডীধৰ ফাটোৱালীয়ে জনজাতীয় জাগৰণৰ আন্দোলনত অক্লান্ত ভাৱে কাম কৰি গৈছিল। এই সময়ছোৱাত সোনোৱালসকলৰ ঐতিহাসিক তথ্য উদ্ঘাটনৰ বাবে অধ্যয়ন কৰাৰ উপৰিও সোনোৱাল সকলৰ প্ৰচলিত মাত-কথা , হায়গাং গীত আদিও সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল।
   দণ্ডীধৰ ফাটোৱালী আছিল গান্ধীজীৰ আদৰ্শৰ প্ৰতিও গভীৰ ভাৱে অনুৰক্ত।গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে সামাজিক উন্নয়নমূলক বিভিন্ন  কৰ্মৰ সৈতে নিজক জড়িত কৰি ৰাখিছিল।সেইসূত্ৰে তেখেত লোকনায়ক অমিয় কুমাৰ দাস,প্ৰফুল্ল গোস্বামী, অম্বিকাগিৰি ৰায়চৌধুৰী ,আনন্দ চন্দ্ৰ বৰুৱা, সীতানাথ ব্ৰক্ষ্মচৌধুৰী,ভীমবৰ দেউৰী আদিৰ দৰে ব্যক্তিৰ সান্নিধ্যলৈয়ো আহিছিল।অমিয় কুমাৰ দাসৰ দৰে ব্যক্তি তেখেতৰ ডাঙৰীস্থ ঘৰলৈ আহি ডাঙৰী-ছৈখোৱা অঞ্চলৰ কানি-নিবাৰণী অভিযানৰ দায়িত্ব তেখেতৰ ওপৰত অৰ্পণ কৰিছিল।দণ্ডীধৰ ফাটোৱালীদেৱৰ সামাজিক কৰ্মৰাজীৰ ভিতৰত ট্ৰাইবেল সংঘৰ সংগঠন,পঞ্চাশৰ বৰভূইকঁপৰ সময়ত উচ্ছন্ন হোৱা চিৰিং গাওঁ কটকৰা জানৰ সিপাৰৰ ৰাইজক আনি ডাঙৰীৰ গ্ৰেজিঙত স্থাপন কৰা আদি উল্লেখনীয়।তেখেতৰ সামাজিক কৰ্মৰাজীক উদগনি যোগাইছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ দৰে ব্যক্তিয়েও ।ৰায়চৌধুৰীদেৱে বিভিন্ন সময়ত চিঠি-পত্ৰৰ যোগেদি সঘন যোগাযোগ ৰাখি তেখেতক সামাজিক দায়বদ্ধতাৰ কথা সোঁৱৰাই দিছিল।সেইদৰে আত্মগোপন কালত আহি বিষ্ণুপ্ৰসাদ ৰাভাইয়ো তেখেতৰ ঘৰত আশ্ৰয় লৈছিল । বিশিষ্ট সাহিত্যিক তথা অসম জন সাংস্কৃতিক পৰিষদৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি প্ৰয়াত গগণচন্দ্ৰ সোনোৱালদেৱে তেখেতৰ এটি  লেখাত উল্লেখ কৰা মতে ডাঙৰীত থকা কালতে ৰাভাদেৱে 'সুৰৰ দেউল ' নামৰ নাটক এখন লিখিছিল আৰু সৰস্বতী পূজাৰ দিনা ডাঙৰী মাইনৰ স্কুলত মঞ্চস্থও কৰাইছিল।নাটকখনত সন্নিবিষ্ট 'সুৰৰে দেউলৰে ৰূপৰে শিকলি 'গীতটি পৰৱৰ্তী কালত বিখ্যাত হৈ পৰিছিল।
   ফাটোৱালীদেৱৰ সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে অবিভক্ত  ডিব্রুগড় জিলা সাহিত্য পৰিষদে 1969 চনত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে।1976 চনত অসম চৰকাৰেও  তেখেতলৈ  সাহিত্যিক পেঞ্চন আগবঢ়াইছিল।অৱশেষত 1979 চনত কর্কট ৰোগত আক্ৰান্ত হৈ 86 বছৰ বয়সত তেখেতৰ মৃত্যু হয়।
   দণ্ডীধৰ ফাটেৱালীদেৱৰ লেখক-সত্তাত সততে লুকাই থকা দেখা যায় এজন সমাজ সচেতন, সংস্কাৰকামী মানুহ।তেখেতৰ সাহিত্য-কৰ্মৰ এক সুকীয়া ঐতিহাসিক তাৎপৰ্যও আছে।তেখেতে সেই সময়ত অসমীয়া ভাষা আৰু লিপিত লিখিবলৈ আৰম্ভ কৰিছিল যি সময়ত অসমৰ ভূমিপুত্ৰস্বৰূপ জনজাতীয় লোকসকলে নিজৰ নিজৰ ধৰ্ম , সংস্কৃতি , দোৱান আদিক আকোঁৱালী লৈ বৃহত্তৰ অসমীয়া ভাষা, সাহিত্য , সংস্কৃতি আৰু লিপিক নিজৰ বুলি গ্ৰহণ কৰাৰ মানসিকতা গোটাব পৰা নাছিল। সেই সময়ত তেখেতৰ দৰে খুব কম সংখ্যক শিক্ষিত জনজাতীয় লোকেহে ইয়াৰ ভৱিষ্যৎ পৰিণাম সম্পৰ্কে সচকিত হৈ উঠিছিল আৰু সোনোৱালসকলৰ ভাষা-সাহিত্য আৰু আৰ্থ-সামাজিক তথা ৰাজনৈতিক উন্নয়নৰ হকে দিনে-নিশাই কাম কৰিও বৃহত্তৰ অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নৰ বাবেও চেষ্টা কৰি গৈছিল।হোমেন বৰগোহাঞিদেৱে তেখেতৰ 'অসমীয়া ভাষা আৰু জনজাতীয় জাগৰণ' শীৰ্ষক এটি প্ৰবন্ধত এই প্ৰসংগত সোণাৰাম পায়েং, চাৰুচন্দ্ৰ দলে, মুহিচন্দ্ৰ মিৰি ,চকভাল কাগয়ুং,তৰুণচন্দ্ৰ পামেগাম, সীতানাথ ব্ৰক্ষ্মচৌধুৰী আদিৰ লগতে দণ্ডীধৰ ফাটোৱালীৰ নামো উল্লেখ কৰিছে। ফাটোৱালীদেৱে  নিজৰ জনজাতীয় সমাজত প্ৰচলিত দোৱানসমূহৰ আভিধানিক সংকলন,হায়দাং গীতৰ সংগ্ৰহ আদিৰ দৰে কাম কৰাৰ লগে লগে গীত, কবিতা, নাটক,উপন্যাস আদিৰ দৰে সৃষ্টিশীল  ৰচনাৰ কামতো নিজক নিমগ্ন কৰিছিল।
   অসমীয়া সাহিত্যৰ ইতিহাসলৈ লক্ষ কৰিলে দেখা যায় যে দ্বিতীয় মহাসমৰৰ পূৰ্বৰ অসমীয়া সমাজ জীৱনৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায় ঘাইকৈ দণ্ডীনাথ কলিতা আৰু দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসসমূহত।এই দুগৰাকী লেখকৰ পাছত তৎকালীন সমাজৰ বিভিন্ন অৱস্থাৰ চিত্ৰণ কৰা লেখকৰ নাম বহুদিনলৈকে পোৱা নাযায়।'অসমীয়া সাহিত্যত দৃষ্টিপাত' শীৰ্ষক গ্ৰন্থত এই সম্পৰ্কে আলোচনা কৰি ড: হেমন্ত কুমাৰ শৰ্মাই লিখিছে যে কলিতা আৰু তালুকদাৰৰ পাছত দ্বিতীয় মহাসমৰৰ আগলৈকে তেনে বিশেষ উল্লেখযোগ্য উপন্যাস লেখক পোৱা নাযায় যদিও এই সময়ছোৱাৰ মাজত কেইগৰাকীমান (অপ্ৰখ্যাত)লেখকে আত্মপ্ৰকাশ কৰিছিল।সেইসকলৰ ভিতৰত এগৰাকী হ'ল 'চপলা'ৰ লেখক দণ্ডীধৰ সোনোৱাল।(উল্লেখযোগ্য যে 'চপলা'ৰ প্ৰথম সংস্কৰণত লেখকৰ নাম দণ্ডীধৰ সোনোৱাল বুলিয়েই প্ৰকাশ পাইছিল)।
   1922 চনত প্রকাশিত 'চপলা' এখনি সামাজিক উপন্যাস।মাহী আইৰ নিষ্ঠুৰতাৰ বলি হোৱা এটি শিশুৰ মানসিক যন্ত্ৰণা,অভিমান আদিক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনীভাগ ৰচিত। সাধাৰণ কাহিনী আৰু চৰিত্ৰ-সৃষ্টিৰ মাজেৰে উপন্যাসখনত আমাৰ সমাজত সততে দেখিবলৈ পোৱা মানুহৰ মনৰ সংকীৰ্ণতা,মাহী আইৰ নিষ্ঠুৰতা আদিক সৰলভাৱে  উপন্যাসখনত প্ৰকাশ কৰা হৈছে।উপন্যাসখনত লেখকৰ সংস্কাৰকামী মনৰো সুন্দৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।
   1924 চনত প্ৰকাশিত তেখেতৰ 'যুগল-মূৰ্তি' উপন্যাসৰ কেন্দ্ৰীয় বিষয়বস্তু এহাল যুৱক-যুৱতীৰ নিষ্পাপ প্ৰেম কাহিনী।উপন্যাসখনত এটি সুন্দৰ প্ৰেম কাহিনী প্ৰকাশ কৰাৰ লগতে চাহ বাগিচাৰ  সেউজ পৰিৱেশৰ মাজৰ জীৱন-চিত্ৰও অংকণ কৰিছে।তাৰ লগে লগে প্ৰতিফলিত হৈ উঠিছে চাহ বাগিচাৰ চাহাবৰ বঙলা আৰু তাৰ জীৱন-যাপন প্ৰণালী,বাগিচাত চাকৰি কৰা অসমীয়া মধ্যবিত্তীয় শ্ৰেণীৰ লোকসকলৰ বাবুগিৰি,সাধাৰণ শ্ৰমিক-বনুৱাসকলৰ ওপৰত তেওঁলোকে চলোৱা অন্যায় অত্যাচাৰ, হিংসা-কপট আদিৰো বাস্তৱ চিত্ৰ ।উল্লেখযোগ্য যে অসমীয়া সাহিত্যত চাহবাগিচাৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাস বুলি কওঁতে সাধাৰণতে ৰাস্না বৰুৱাৰ 'সেউজী পাতৰ কাহিনী' উপন্যাসখনৰ কথাই কোৱা হয় যদিও লক্ষণীয় যে ৰাস্না বৰুৱাৰ উপন্যাসখন প্ৰকাশ পাইছিল 1958 চনত আৰু তাৰো প্ৰায় 34 বছৰ পূৰ্বে 1924 চনতে ফাটোৱালীদেৱে 'যুগলমূৰ্তি'  উপন্যাসৰ জৰিয়তে চাহবাগিচাৰ কাহিনীক প্ৰথম প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছিল।এই কথা সত্য যে ৰাস্না বৰুৱাৰ 'সেউজী পাতৰ কাহিনী' উপন্যাসৰ  শিল্পগুণ, চৰিত্ৰ চিত্ৰণ,কাহিনী উপস্থাপন কৌশল আদি অনুপম আৰু অতি উচ্চ মানবিশিষ্ট।তৎসত্তেও কিন্তু 'যুগলমূৰ্তি'ৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়টোকো অস্বীকাৰ কৰিব নোৱাৰি। (সমাপ্ত)