শ্যাম চান্দমুখ পেখলো মাই
।। ৰাগঃ মাহুৰ ।। তালঃ পৰি।।
ধ্ৰুং।। শ্যাম-চান্দ মুখ পেখলো মাই।
কদম্ব কান্ধে ৰৈয়া ফিৰি ফিৰি চায়।।
পদ।। কদম্ব মালা গলে শোভিত ভালি।
এ তিনি ভুৱন মোহন বনমালী।।
কুণ্ডল ডগমগি জলমল মৌৰা।
ঈষত হাসি ৰসে মানস চোৰা।।
অমল কমল দল লোচন ৰাতা।
অপৰূপ নিৰমল কমল বিধাতা।।
সকল কলা ৰস সিন্ধু গেৰা।
মাধৱ কহ গতি গোবিন্দ মেৰা।।