শোণিত কুঁৱৰী/চতুৰ্থ অঙ্ক, ষষ্ঠ দৰ্শন

[ ৬৩ ]

 

ষষ্ঠ দৰ্শন

 (ঊষাৰ অন্তঃপুৰ! দুপৰীয়া অনিৰুদ্ধ শুই আছিল! উষাই অপোন পাহৰি অনিৰুদ্ধৰ মুখলৈ চাই ভোল গৈ বহি আছিল।)

ঊষা:

প্ৰিয় মোৰ, জীৱনৰ মৰণৰ
চিৰ লগৰীয়া! হে চিৰ সুন্দৰ! ঊষাৰ
নয়ন মণি, মুগ্ধ কিয় আজি
তুমি অভাগীৰ প্ৰণয়-পাশত?
জোনাক সৌন্দৰ্যৰ হেৰা পূৰ্ণ
শশধৰ, বুকুৰ দেৱতা মোৰ
অণু-পৰমাণুবোৰে ঊষা সৌন্দৰ্যৰ
মিলিব খুজিছে সখা তোমাৰ
ই মোহন ৰূপত।
নাই মোৰ কামনা-বাসন,
নাই মোৰ আশাৰ পিয়াহ,
তোমাৰ প্ৰণয়ে মোক আবৰি
ধৰিছে, সেয়ে মোৰ
জীৱনৰ পূৰ্ণ প্ৰকাশ
মুগ্ধ নহওঁ আৰু তোমাৰ ৰূপত,
মুগ্ধ নহওঁ আৰু তোমাৰ এই
যৌৱনৰ কুসুম বনত,
মুগ্ধ নহওঁ সখা তোমাৰ এই
মৌসনা ওঠ দুখনিৰ,
দুবুকু শিয়ঁৰি উঠা চুমা-
পৰশত! মুগ্ধ নহওঁ আৰু

[ ৬৪ ]

তোমাৰ এই ভুবন পাহৰি
যোৱা বাহু-বন্ধনত
মুগ্ধ মই তোমাৰ প্ৰেমত,
মুগ্ধ— মুগ্ধ মই আছো হৈ
তোমাৰেই অতুলন ছবি
খনি লৈ, হিয়াৰ মাজত মোৰ,
যাক পূজি ৰাতি-দিনে, যাচিছো
নিৰ্মালি মই অনন্ত প্ৰেমৰ,
তেজেৰে ৰাঙলী কৰি
কলিজাৰ মোৰ।
তোমাৰ প্ৰেমেই প্ৰভু
জীৱনৰ লক্ষ্যতৰা মোৰ
সুখ মোৰ, মুক্তি মোৰ,
মোক্ষ মোৰ, মুক্তি মোৰ।

 (অনিৰুদ্ধ সাৰ পাই উঠে একেথৰে ঊষাৰ মুখলৈ চায়।)

ঊষা: কি চাইছা?
অনিৰুদ্ধ: চাইছো তুমি কোন? তুমি মানৱী নে দেৱী, নে এটি সৌন্দৰ্য!
ঊষা: নহওঁ নহওঁ, মই একো নহওঁ; মই তুমিয়েই।
অনিৰূদ্ধ:

এৰা, তুমিয়েই মই, ঊষা।
নহয় তুমিতো নোহোৱা ঊষা,
পোহৰোৱা মোৰ সেই
যৌৱন নিশাৰ। তুমি
মোৰ জীৱনতে হেঙুলীয়া
স্নিগ্ধ ঊষা, মধুৰ সন্ধ্যা
আৰু মিলন ৰজনী
নহয়, নহয় তুমি পাৰ্থিৱ
শৰীৰি, অশৰীৰি তুমি,
এই বিশ্ব-ব্ৰহ্মাণ্ডৰ ভালপোৱা

[ ৬৫ ] 

খিনি, থূপ খাই ঊষা
বুলি দিছাহি চিনাকি।
প্ৰণয়ৰ স্পৰ্শমণি তুমি
পৰশিলা মোক
মই হ’লো প্ৰণয়ৰ দীন
উপাসক, বান্ধ খালো।
আঁচলত চিৰকাললই
তোমাৰ প্ৰেমৰে সখী
জুৰুলি-জুপুৰি

(ঊষাক সাবটি ধৰে। এনেতে বাণ আহি থিয় হৈ আচম্বিত হৈ চায়। বাণৰ মুখৰপৰা নজনাকৈ ওলাই আহে— “কি সুন্দৰ”!)

বাণ: কোন? কোন তই দুৰন্ত বালক?

 (অনিৰুদ্ধ-ঊষা দুয়ো উচপ খাই উঠে। ঊষাৰ সখীবিলাকে ভয়ত বিহ্বল হৈ ভুমুকিয়াই চাই থাকেহি)

অনিৰুদ্ধ: কোন?
ঊষা: পিতা! পিতা! তোমাৰ এনে উগ্ৰমূৰ্তি কিয় পিতা? মোৰ বৰ ভয় লাগিছে।
বাণ: কলঙ্কিনী! তোৰ পিতৃৰ মান-অপমান গৌৰৱ সকলো জলাঞ্জলি দি অজ্ঞাত এই পাপিষ্ঠৰ নহয়, তই মোক মুখ নেদেখুৱাবি। আঁতৰি যা (অনিৰুদ্ধক) নৰাধম চোৰ! কোন তই? কি সাহেৰে মোৰ কন্যাৰ কুমাৰী ধৰ্ম নষ্ট কৰিলিহি?
অনিৰুদ্ধ: পিতা! মই আপোনাৰ কন্যাৰ কুমাৰী ধৰ্ম নষ্ট কৰা নাই। মই তেওঁক ধৰ্মমতে বিয়া কৰাইছো। পিতা! মোক মিছাকৈয়ে দোষাৰোপ কৰিছে। মোৰ নাম অনিৰুদ্ধ। শ্ৰীকৃষ্ণৰ নাতি।
বাণ: (খঙত) কাপুৰুষ—
অনিৰুদ্ধ: পিতা! মই কাপুৰুষ নহওঁ।
বাণ: ভীৰু! তই চোৰ তই— মনে মনে আহি মোৰ কন্যাৰ সৰ্বনাশ কৰিলি। প্ৰস্তুত হ, তোক মই বধ কৰিম (অস্ত্ৰ লয়)
[ ৬৬ ]
অনিৰুদ্ধ: বীৰ আপুনি; বিজ্ঞ আপুনি; বিবেচনা কৰক।
বাণ: বিবেচনা? দোষী তই, তাৰ শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত হ।
অনিৰুদ্ধ: ভাল কথা পিতা। বীৰৰ সন্তান মই। যুদ্ধ কৰিব জানো। কাপুৰুষৰ দৰে মই মৰিবলৈ প্ৰস্তুত নহওঁ।
বাণ: বীৰ তই? ইমানেই যদি তোৰ বীৰত্ব তেন্তে কিয় গুপ্ত-ভাৱে মোৰ কন্যাৰ অন্তেষপুৰত প্ৰৱেশ কৰিছিলি? তই হীন যদুকুলত জন্ম লৈ এনে হীন বৃত্তি অৱলম্বন কৰাটো একো আচৰিত নহয়।
অনিৰুদ্ধ: পিতা। হ’ব পাৰো নিঃসহায় মই, হ’ব পাৰো নিৰস্ত্ৰ মই, সেই বুলি মিছা অপবাদ মই সহ্য নকৰো। বেছ কথা। আপোনাৰ অস্ত্ৰ আৰু মোৰ এই বাহু। বিবেচনা কৰক— যদি নকৰে তেন্তে অনিৰুদ্ধই আপোনাক ন্যায়যুদ্ধলৈ আহ্বান কৰিছে। ক্ষত্ৰিয় মই, শত্ৰুৰ বীৰ্যৰ পৰীক্ষা নকৰাকৈ মৰিবলৈ শিকা নাই। বাহুযুদ্ধ কৰক, নাইবা মোক অস্ত্ৰ দি ন্যায়যুদ্ধত প্ৰবৃত্ত হওক।
বাণ: বেছ কথা। অস্ত্ৰ ল। (অস্ত্ৰ এখন দিয়ে) এতিয়া প্ৰস্তুত হ। (বাণে আক্ৰমণ কৰে। দুয়োৰে ভীষণ যুদ্ধ হয়। ঊষাই ভয়ত, কি কৰিব কি নকৰিব একোকে বুজিব নোৱাৰি আচৰিত হৈ ৰৈ থাকে। অনিৰুদ্ধৰ হাতৰপৰা অস্ত্ৰ উফৰি যায়। ঊষাই ততালিকে তুলি দিয়ে।)
বাণ: পাপিনী— পাপিনী। তই তোৰ পিতাৰৰ বিৰুদ্ধে অস্ত্ৰ দি সহায় কৰিবলৈকো কুণ্ঠিত নহ’লি?
ঊষা: পিতা! পিতা— মোক ক্ষমা কৰা। তোমালোকৰ যুদ্ধৰ কি প্ৰয়োজন? মইতো একো বুজা নাই পিতা। উস্— কি কৰিছা পিতা— কি কৰিছা। (ঊষাই মাটিত পৰি কান্দে।)
বাণ: এনে কন্যা মোৰ জীয়াই থকাতকৈ মৰাই শত গুণে শ্ৰেয়।

(অস্ত্ৰ দাঙি লয়; অনিৰুদ্ধই বাধা দিয়ে।)

অনিৰুদ্ধ: ক্ষান্ত হওক। জ্ঞানহীন নহ’ব। অবলাক অস্ত্ৰাঘাত কৰিবলৈ অস্ত্ৰৰ সৃষ্টি হোৱা নাই। বীৰ আপুনি। ধিক্‌, শত ধিক্‌।
[ ৬৭ ]
বাণ: সাৱধান—
অনিৰুদ্ধ: আপোনাৰ নিস্ফল গৰ্জনত মই ভয় নাখাওঁ। প্ৰতিযোদ্ধা মই— মোৰ সৈতে মাত্ৰ যুদ্ধ কৰক। আপোনাৰ শক্তিৰ পৰীক্ষা হওক

 (দুয়ো আকৌ ভীষণ যুদ্ধ কৰে। বাণৰ আক্ৰমণ অনিৰুদ্ধই ব্যৰ্থ কৰি যায়। অৱশেষত বাণৰ হাতৰ পৰা অস্ত্ৰ পৰি যায়। বাণে খঙত বলিয়া হৈ মূৰৰ চুলি ছিঙিব খোজে।)

বাণ: উস্— নহয়— নহয় আত্মৰক্ষা কৰ। ক’লৈ সাৰিবি? “জয় শিৱ শম্ভো!” (নাগ-পাশ প্ৰয়োগ কৰে)
অনিৰুদ্ধ: কি!

 (বান্ধ খাই পৰি আকৌ থিয় হয়। ঊষাই কান্দি আউলী-বাউলী হৈ বাণৰ ভৰিত পৰেহি)

ঊষা: পিতা! পিতা! কি কৰিলা তুমি? কি কৰিলা? অ’ পিতা—
বাণ: কাক পিতা বুলি মাতিছ তই? দূৰ হৈ যা। দূৰ হৈ যা। মোৰ কন্যা নাই। মোৰ কন্যা মোৰ বংশৰ কলঙ্কত জহি নাইকিয়া হল। বৰ আশা কৰিছিলো; সকলো নিস্ফল কৰিলি!কলঙ্কিনী! প্ৰহৰী! প্ৰহৰী!

(প্ৰহৰীবোৰ আহি থিয় হয়)

যা, এই বালকক বন্দীশালত নিক্ষেপ কৰগৈ। সাৱধান!

 (বন্দী অনিৰুদ্ধক, প্ৰহৰীবোৰে নিব খোজে ঊষাই আহি অনিৰুদ্ধৰ ভৰিত গবা মাৰি ধৰে)

বাণ: সাৱধান ঊষা! প্ৰহৰী! কি চাই আছ? লৈ যা— লৈ যা।

 (প্ৰহৰীয়ে অনিৰুদ্ধক টানি লৈ যায়— ঊষাই বিয়াকুল হৈ ভৰিত ধৰি চুচৰি যায়— ‘নি—নি—বা নিনিবা’ ‘পিতা’, ‘পিতা’ বুলি)

বাণ: (খঙত বলিয়া হৈ চাই) ঊষা! ঊষা!! ঊষা!!!
 

আঁৰ-কাপোৰ

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )