শালৈ জাতিৰ ঐতিহ্য বিছাৰ

(শালৈ জাতিৰ ইতিহাসৰ পৰা পুনঃনিৰ্দেশিত)


অসমীয়া সমাজ আৰু সংস্কৃতি চৌত্ৰিশটা জাতিৰ সমন্বয়ত গঢ়ি উঠা বুলি ডঃ মহেশ্বৰ নেওগদেৱে তেখেতৰ পুৰনি অসমীয়া সমাজ আৰু সংস্কৃতি নামৰ গ্ৰন্হত উল্লেখ কৰিছে৷এই চৌত্ৰিশটা জাতিৰ ভিতৰত শালৈ জাতিটোৰ নামো স্পষ্টভাৱে উল্লেখ আছে৷ শংকৰদেৱ মাধৱদেৱৰ গ্ৰন্হৱলীত আৰু চৰিত পুথিসমুহতো কিছুমান জাতিৰ উল্লেখ পোৱা যায়৷ ভাগৱতৰ দ্বিতীয় স্কন্ধ দ্বীতিয় অধ্যয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উল্লেখ কৰিছে----

কিৰাট কছাৰী       খাছী গাৰো মিৰি
যৱন কঙ্ক গোৱাল
অসম মুলুক       ধোবা যে তুৰুক
কুমাৰ ম্লেছ চণ্ডাল৷৷

ইয়াত উল্লেখিত কিৰাট ,কছাৰী, খাছী, গাৰো, মিৰি, গোৱাল,ধোৱা, চণ্ডাল-এই জাতিকেইটাৰ সুকীয়া অস্বিত্বৰ বিষয়ে জানিব পৰা যায়৷ ‘অসমৰ পৰা আহোমক, ‘যবনৰ দ্বাৰা কোচক, ‘তুৰুকৰ দ্বাৰা মুছলমানক আৰু ম্লেছৰ দ্বাৰা মেছ জাতিক বুজোৱা বুলি ডঃ মহেশ্বৰ নেওগদেৱে কৈছে৷কঙ্কৰ দ্বাৰা কোন জাতিক বুজাইছে কব পৰা নাযায়৷ সেইদৰে মুলুক এটা জাতিৰ নাম, নে মুলুক দেশ, ৰাজ্য ঠাই অৰ্থত ব্যৱহৃত হৈছে সেইটোও ধৰিব নোৱাৰি৷পুৰনি অসমীয়া সমাজ আৰু সংস্কৃতি গঢ়ি তোলাত এই কেইটা জাতিৰঅৱদান আছে আৰু চৌত্ৰিশটা জাতিৰ ভিতৰতে এই কেইটাও যে ইও ধুৰুপ৷ বলদেৱ সুৰ্যখড়ি দৈৱজ্ঞ বিৰচিত “দৰং ৰাজবংশাৱলীত” উল্লেখ কৰা মতে বংগৰ চুলতান ছুলেইমান কৰৰানীৰ সেনাপতি কালাপাহাৰে ১৫৬৪খ্ৰীঃকামৰুপৰ কামাখ্যা মন্দিৰ ধ্বংস কৰাৰ পিছত কোচৰজা নৰনাৰায়নে মেঘা মোকদোমৰ হতুৱাই ছয়মাহৰ ভিতৰত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মান কৰি উলিয়াই আৰু মহাৰাজ নৰনাৰায়নে মেঘা মুকদুমৰ হতুৱাই ছয়মাহৰ ভিতৰত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মান কৰি উলিয়াই আৰু মহাৰাজ নৰনাৰায়নে ভাতৃ চিলাৰায়ৰ সৈতে সাতদিন নিৰাহাৰে থাকি চতুঃষষ্টি উপাচাৰে থাকি মন্দিৰত পুজা কৰাই ম’হ, ছাগলী, হাহ, পাৰ, কাছ, হৰিন,আদিৰ একলাখ বলি আৰু তিনিলাখ হোম দিয়াৰ উপৰিও মন্দিৰৰ কাম কাজ নিয়াৰিকে চলাবৰ বাৱে সাতকুড়ি পাইক দিলা কৰি তাম্ৰফলি’ ৷ এই সাতকুড়ি পাইক পৰিয়াল কেইটা আছিল –

ব্ৰাহ্মন দৈৱজ্ঞ নট ভাত তাতী মালী ৷
কমাৰ কহাৰ বাঢ়ৈ ধোব সালই তেলী৷৷
সোনাৰী কমাৰ হিৰা কৈৱৰ্ত চমাৰ৷
মুচিয়াৰী হালি আদি দিলা নিৰন্তৰ৷৷

ইয়াত উল্লেখিত জাতি কেইটা বৃত্তিগত৷সালৈত বাহিৰে বাকীকেইটাৰ কি ধৰনৰ কাম বা বৃত্তি হব পাৰে জানিব পাৰি৷সালৈ জাতিৰ কাম বা বৃত্তি সম্পৰ্কে বংশাৱলীখনত স্পষ্টভাবে উল্লেখ নাই৷ ‘দৰং বংশাৱলীৰ’ এই কথাখিনিক কনকলাল বৰুৱাই তেখেতৰ আৰ্লি হিষ্টৰী অফ কামৰুপত” এনেধৰনে উল্লেখ কৰিছে৷— The King(Naranarayana) offered three lakh of ‘hom’ and one lakh sacrifices and dedicated to the temple the families of 140 paiks for service in the temple by means of a copper-plate grant …….The king give as –Paiks families of Brahmans, Ganaks, Nath, Bhats, Tanties, Barhois(Carpenter) washer man, oil pressers, Sweet meat makers, Fishermen, & Scavengers, Evidently these constituted and 140 of paiks…ইয়াত কনকলাল বৰুৱাদেৱে বংশাৱলীত উল্লেখ থকা জাতি কেইটাৰ নাম ইংৰাজীত লিখি বাকী কেইতাৰ ক্ষেত্ৰত ইংৰাজী অৰ্থতো দিছে৷সেই গ্ৰন্হত Saloi লিখি “Sweet Meat maker” অৰ্থাত মিষ্টান্ন তৈয়াৰ কৰোতা বুলি লিখি দিছে৷ আৰ্লি হিষ্টৰী অফ কামৰুপত” উল্লেখ কৰা জাতি কেইটা দৰঙ্গ ৰাজবংশাৱলীত উল্লেখ কৰা জাতিকেইটাৰ সৈতে মিলাই চালেও একে হয়৷ইয়াৰ পৰা এইটো স্পষ্ট যে শালৈয়ে ভোগ ৰান্ধিছিল অথবা শালৈয়ে তৈয়াৰ কৰা মিঠাই দেৱীৰ প্ৰসাদ হিছাপে ব্যৱহাৰ কৰিছিল৷ ‘দৰং ৰাজ বংশাৱলীৰ’ পৰা শালৈৰ সুকীয়া অস্বিত্ব বা বৃত্তিৰ কথা স্পষ্টভাবে জানিব পৰা যায়৷এই বংশাৱলীৰ ৰচনাকাল আমানত উল্লা চৌধাৰীৰ মতে ১৭৯১ আৰু গেইটৰ মতে ১৮০৬ চন৷এই বংশাৱলীৰ এতিহাসিক মুল্য সম্পৰ্কত ডঃ মহেশ্বৰ নেওগদেৱে মন্ত্যব্য প্ৰকাশ কৰিছে-ধৰ্মানুৰাগ অনুপ্ৰানিত অংশবোৰ বাদ দিলে বংশাবলীৰ ঐতিহাসিক মুল্য খপ সোনৰ দৰে উলাই পৰিব৷’’ কামাখ্যা মন্দিৰৰ কাম কাজবোৰ নিয়াৰিকে চলাই থাকিবৰ বাবে বংশাবলীত উল্লেখ থকা যি ঊনৈশটা জাতিৰ ১৪০টা পৰিয়াল পাইক কৰি দিলে তাৰে ভিতৰত এই পৰিয়ালকেইটা মহাৰাজ নৰনাৰায়নে পশ্চিমৰ পৰাই আনিছিল নে স্হানীয়ভাবে সংগ্ৰহ কৰি পাইক কৰিছিল সেইটোও এটা প্ৰশ্ন৷ইতিহাসে কয় যে অসমত ব্ৰাহ্মন আগৰপৰাই আছিল৷বাকীকেইতা জাতিৰ ক্ষেত্ৰত ইতিহাস স্পষ্ট নহয়৷ শালৈ জাতিৰ বশতি প্ৰধান অঞ্চল লক্ষ্য কৰিলে দেখা যায় যে প্ৰথম অৱস্হাত অবিভক্ত কামৰুপ(বৰ্তমানৰ কামৰুপ আৰু নলবাৰী)জিলা আৰু দৰং জিলাৰ মঙ্গলদৈ অঞ্চলৰ ভিতৰতহে শালৈসকল বসবাস কৰিছিল ৷এই অঞ্চলৰ বাহিৰে বৰ্তমান অসমৰ বিভিন্ন অঞ্চলত যিসকল শালৈ জাতিৰ লোক বাস কৰে কামৰুপ অথবা মঙ্গলদৈ অঞ্চলৰ পৰা যোৱা লোকহে৷ ইয়াৰ পৰা অনুমান হয় যে মহাৰাজ নৰনাৰায়নে পশ্ছিমৰ পৰাই আন আন বৃত্তিৰ পৰিয়ালৰ লগত শালৈ পৰিয়াল কেইটিও আনি কামাখ্যাৰ ওছৰে পাজৰে বহুৱাইছিল আৰু বংশ বৃদ্ধিৰ লগে লগে কামৰূপৰ বিভিন্ন স্হানলৈ ওচৰতে মঙ্গললৈ অঞ্চললৈ বিয়পি পৰে৷ বিহাৰত সাও নামৰ জাতি এটা আছে৷তেওলোকৰ আজিও মিঠাই তৈয়াৰ কৰাটো প্ৰধান ব্যৱসায় হৈয়ে আছে৷মিঠাই তৈয়াৰ কৰাত তেওলোক নিপুন৷ ভাৰতৰ বিশেষকৈ উত্তৰ ভাৰতৰ প্ৰধান চহৰবোৰত মিঠাই দোকানৰ ব্যৱসায় তেওলোক চলাই আছে৷ ভাৰতৰ বিভিন্ন ঠাইৰপৰা তেওলোকে মিঠাইৰ ফৰ্মাচ(Order)পাই তেওলোকে সেইমতে যোগান ধৰে৷ তেওলোকৰ পুৰ্বপুৰুষসকল হেনো ৰজাঘৰীয়া মিঠাই যোগানধাৰী আছিল৷ এই সাওসকলৰ বহুতে সাহু লিখে৷উচ্চাৰন বিভ্ৰাতৰ ফলতে হওক বা শব্দৰ সংক্ষিপ্ত কাৰনতেই হওক ম্লেছ যেনেকৈ মেছ হল তেনেদৰে শালৈও ‘সাও’ অথবা সাহু হব পাৰে৷বিহাৰৰ বৰ্তমানৰ সাওসকলৰে পুৰ্বপুৰুষ শালৈ কেইঘৰমান মহাৰাজ নৰনাৰায়নে আনিছিল নিশ্চয়৷ হাওলীৰ লেখক, প্ৰকাশক পঞ্চৰতন ফাৰ্মৰ স্বতাধিকাৰী ভাৰতৰ বিভিন্ন ঠাইত ভ্ৰমন কৰি তথ্য সংগ্ৰহকাৰী যাদৱ চন্দ্ৰ দাসে কয় যে বিহাৰৰ হালৈ জাতিৰ মানুহবিলাক উন্নত আৰু পবিত্ৰ বুলি আজিও সমাজত প্ৰায় ব্ৰাক্ষনৰ সমকক্ষ হৈ উচ্ছ স্হান লভি আছে৷এওলোকে পুৰ্বৰে পৰা ৰজা জমিদাৰ আৰু বৰ বৰ লোকৰ মিঠাই অৰ্থাৎ হালুৱা তৈয়াৰ কৰি সৰ্বত্ৰ যোগন ধৰিছিল আৰু এতিয়াও সেই ব্যৱসায় কৰিয়েই চলি আছে৷সেইকাৰনে এই জাতিৰ মানুহবিলাকে এতিয়াও হোটেল মিঠাইৰ দোকান ৰন্ধা বঢ়া আদি কাম কৰি জীৱিকা নিৰ্বাহ কৰে৷এইটো তেওলোকৰ পুৰ্বৰপৰা চলি অহা জাতীয় পেশা বা ব্যৱসায়৷অসমতো অভয়াপুৰী বৰপেটা পাঠশালা টিহু নলবাৰী আদিত শালৈ জাতিৰ মানুহৰ ভিতৰত প্ৰায় প্ৰতিজন লোকেই মিঠাই তৈয়াৰ কৰে আৰু চাহ মিঠাইৰ ব্যৱসায় কৰা দেখা যায়৷ যাদৱ চন্দ্ৰ দাসে কোৱা মতে বিহাৰৰ হালুৱৈ শালৈৰ উচ্ছাৰন বিভ্ৰাট ঘটি সালৈ > হালৈ> হালুৱৈ হব নিশ্চয়৷এইবোৰৰ পৰা সিন্ধান্ত লব পাৰি যে পশ্ছিমৰ পৰা ব্ৰাহ্মন আনি অসমত বহোৱাৰ নিচিনাকৈ মহাৰাজ নৰনাৰয়নেও বিহাৰৰ ফালৰপৰাই শালৈসকলক আনি অসম বা পুৰনি কামৰুপত বহুৱাইছিল৷ সালৈ আৰু শালৈৰ এই দুয়োটাৰ কোনটো শুদ্ধ আৰু বৰ্তমান শালৈ নিলিখি শালৈহে লিখে সেইটোও মন কৰিবলগীয়া৷ইংৰাজীত কোনো কোনোৱে (Salai)আৰু কোনোৱে (Saloi) লিখে৷ যি চৌত্ৰিশটা জাতিৰ সমন্বয়ত অসমীয়া সমাজ আৰু সংস্কৃতি গঢ়ি উঠিছে সেই জাতিকেইটাৰ ভিতৰত কিৰাট কছাৰী গাৰো খাছী মিৰি কোছ আহোম মেছ আদি জাতিকেইটাৰ সুকীয়া বৈশিষ্ট আছে৷ব্ৰাহ্মন দৈৱজ্ঞ কমাৰ কহাৰ আদি জাতিৰ কথা কলে তেওলোকৰ বৃত্তিবোৰৰ অলপ অছৰপ আভাস মনলৈ আহে৷কিন্তু শালৈ জাতিৰ বৃত্তি স্পষ্টভাবে জ্ঞাত নহয়৷শালৈ শব্দটোৱেই কি বুজাই সেই বিষয়ে হেমকোষ অথবা চন্দ্ৰকান্ত অভিধানত পোৱা নাযায়৷শালৈৰ ক্ষেত্ৰত হেমকোষ নিমাত৷চন্দ্ৰকান্ত অভিধানত সালৈ : হালৈৰ অৰ্থ দিয়া আছে অসমীয়া হিন্দুৰ এটা জাতি বুলিহে৷ডঃ মহেশ্বৰ নেওগদেৱে তেখেতৰ পুৰনি অসমীয়া সমাজ আৰু সংস্কৃতি গ্ৰন্হত সালৈ বা শালৈ আৰু হালৈ একে জাতি নহয়,ই দুটা সুকীয়া জাতি বুলিহে উল্লেখ আছে৷শালৈসকল বৃত্তিৰ দ্বাৰা জনজাত নহয় যেতিয়া কোনোৱে বংশোদ্ভৱ বুলি ভৱাৰ থল আছে৷সেই বংশৰ পুৰ্বপুৰুষৰ নামঅনুসৰিয়েই শালৈ জাতিৰ উদ্ভৱ হোৱা বুলি বিশ্বাস৷হিন্দু সমাজত গোত্ৰও বংশোদ্ভৱ ৷একে জাতিৰপৰা বিভিন্ন গোত্ৰ হোৱাটো বিৰাজমান৷ অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত ডঃ সূৰ্য কুমাৰ ভুঞাৰ ঐতিহাসিক প্ৰৱন্ধ কিছুমানৰ তালিকা এখন আছে৷এই তালিকামতে ত্ৰয়োদশ বছৰৰ আবাহান আলোছনীত গিৰীন্দ্ৰনাথ ঠাকুৰীয়াই অসমত শালৈ জাতি আৰু শাল জাতি বুলি এটা প্ৰবন্ধ লিখা বুলি উল্লেখ আছে৷তেতিয়াৰ কামৰুপ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰতেই শালস্তম্ভ নামেৰে এজন প্ৰতাপী ৰজাই শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰিছিল৷খ্ৰীষ্টীয় পঞ্চম শতিকাত এই ৰজাই প্ৰায় পছিশ বছৰ ৰাজত্ব কৰিছিল৷প্ৰবাদ মতে এও নৰক ৰাজপুত্ৰ ভগদত্তৰ বংশধৰ৷নৰকে পশ্ছিম ভাৰতৰ পৰা কিছুমান আৰ্য লোক আনি প্ৰাগজ্যোতিষপুৰত বহুৱাইছিল৷ শালস্তম্ভ আৰ্যসম্ভুত আৰু এওৰ বংশধৰসকলেই শালৈ সম্প্ৰদায়ৰ বুলি জনা যায়৷এইদৰে শালৈ জাতিৰ উৎপত্তি বুলি ভোজকুছিৰ গিৰীন্দ্ৰনাথ ঠাকুৰীয়াই যুক্তি সহকাৰে আবাহান আলোছনীত প্ৰকাশ কৰিছিল৷শালস্তম্ভ প্ৰাচীন কামৰুপৰ এজন প্ৰসিদ্ধ ৰজা আছিল৷ ৰত্নপালৰ বৰগাঁও লিপি মতে নৰক বংশৰ বংশানুক্ৰমে কেইবাজনো ৰজাই সমগ্ৰ দেশ শাসন কৰাৰ পিছত ভাগ্যৰ বিপৰ্যয়ত এজন মূখ্য ম্লেছ নায়কে ৰাজ্য অধিকাৰ কৰি লয়৷এইজনেই আছিল শালস্তম্ভ৷শালস্তম্ভ খ্ৰীঃ ৬৫৫ৰ পৰা ৬৭৫ খ্ৰীঃলৈ প্ৰাচীন কামৰুপত ৰাজত্ব কৰিছিল৷গতিকে শালস্তম্ভ খ্ৰীষ্টীয় ৫ম শতিকাৰ নহয় ৭ম শতিকাৰ হে ৰজা৷বৰাগাও লিপিত এনেধৰনে আছে—

এ ৱম্ বংশ ক্ৰমেন ক্ষিতিমন্ত নিখিলম্
ভুঞ্জতাম্ নৰকানাম্ ৰাজ্যম্
ম্লেছাধিনাথো বিধিচলন বসদেৱা
জগ্ৰাহ ৰায়ম্৷

ডঃ হৰ্নলিয়েও এই পাঠৰ লিপি উদ্ধাৰ কৰি লিখিছে— “after this for several generations kings of Naraka’s dynasty had ruled the whole country, a great chief of Mechhas, owing to a turn of adverse fate, took possession of the kingdom. This was Sala Stambha. গেইটেও কৈছে—with a reference to Narak of the Asur Race who conquered Kamrupa and took up his abode in Pragyotish the best of towns’. He was followed by his son Bhagadutta and the latter by other of his line for several generations. Then by and adverse turn of fate the kingdom was taken possession of by sala Stambha, ‘a great chief of the Mlechhas. এনেধৰনৰ ইতিহাসে কয় যে শালস্তম্ভ ম্লেছহে আছিল৷এও নৰক ৰাজপুত্ৰ ভগদত্তৰ বংশধৰ নাইবাআৰ্য্যগোষ্ঠী সম্ভুতও নহয়৷ম্লেছসকল অহিন্দু মঙ্গোলীয় আছিল যদিও শালস্তম্ভ বংশৰ পিছৰ ৰজাসকলে অৱশ্যে হিন্দু ধৰ্ম গ্ৰহন কৰিছিল৷ ম্লেছসকলে হিন্দু ধৰ্ম গ্ৰহন কৰিলেও এওলোকৰ মঙ্গোলীয় প্ৰজাতিৰ লক্ষন কিন্তু সম্পুৰ্নৰূপে ফুটি উঠা নাই৷ নৃতত্ববিদ সকলে কোৱা মতে মঙ্গোলীয়ৰ শাৰীৰিক গঠনৰ বৈশিষ্ট এনেধৰনে দিব পাৰি৷চৰ্মবৰ্ন পীত বা পিত পিংগল, কেশ কলা আৰু অমসৃন৷ দাঢ়ি গোফ আৰু গাৰ নোম তাকৰ৷মুখমণ্ডল বহল আৰু চেপেটা ৷নেত্ৰ বক্ৰ নেত্ৰকোন ঠেক৷ মঙ্গোলীয়সকলৰ এনেধৰনৰ শাৰীৰিক গঠনৰ লগত শালৈসকলৰ কোনো ধৰনৰ মিল দেখা নাযায়৷গতিকে শালৈসকল শালস্তম্ভ বংশৰ বুলি মানিব নোৱাৰি৷ শ্ৰীযাদৱ চন্দ্ৰ দাসে কব খোজে যে নৰকৰ দিনতে অহা আৰ্য্যসকলৰ লগতে শালৈসকলো আহি অসমত বসবাস কৰিবলৈ লয়৷নৰকে যে আৰ্য্য আনি তেওৰ ৰাজ্যত বহুৱাইছিল ইতিহাসেও সেই কথা স্বীকাৰ কৰিছে৷কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অহা বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেন চাঙেও কামৰুপ সম্পৰ্কীয় টোকাত বাহ্মন আৰু ক্ষত্ৰিয়ৰ কথা উল্লেখ কৰিছে৷বাহ্মন-ক্ষত্ৰিয়সকলো আৰ্য্যই৷ বৈদিক সাহিত্যত আৰ্য্যসকলৰ চাৰিটা জাতিহে উল্লেখ আছে৷গতিকে নৰকৰ দিনতে শালৈ জাতিৰ লোক অসমলৈ আহিছিল বুলি মানিব নোৱাৰি৷বৃত্তিগত জাতিবোৰৰ বিভাগ বহু পিছৰ৷ মানৱ জাতিৰ ইতিহাস প্ৰবজনৰ ইতিহাস৷সেয়ে সঠিক তথ্য কতোৱে পোৱা নাযায়৷ নৃতত্ববিদ সকলে মানৱ গোষ্ঠীসমুহক ‘হম’ ছপিয়েঞ্চ নামৰ এটা মানৱ গোষ্ঠী বুলি কৈছে৷মানুহৰ আৱয়বিক আৰু আনুবংশিক বিশ্লেষনৰ দ্বাৰা ককেছীয় মঙ্গোলীয় নিগ্ৰো আৰু অষ্ট্ৰলিয় এই চাৰিটা প্ৰধান প্ৰজাতিৰ উপৰিও আৰ্য্যগোষ্ঠী এটাৰো সুকীয়া অস্বিত্ব মানি লৈছে৷এওলোক স্বকীয়৷ আৱয়বিক গঠন আৰু স্বকীয় সাংস্কৃতিক বৈশিষ্টৰ দ্বাৰা আন প্ৰজাতিয় জনগোষ্ঠীৰ পৰা পৃথক৷আৰ্যসকল ভাৰতত প্ৰবেশ কৰাৰ পিছতে ভাৰতীয় প্ৰজাতিয় ইতিহাস আৰু সাংস্কৃতিক ইতিহাসৰ উল্লেখনীয় পৰিবৰ্তন ঘটিল৷এই আৰ্যসকল উত্তৰ পশ্ছিম গিৰিপথেদি ভাৰতত প্ৰৱেশ কৰি প্ৰথমতে সিন্ধু উপত্যকা অঞ্চলত পিছত ক্ৰমে গংগা জমুনা উপত্যকা অঞ্চল বিহাৰ বংগ আৰু অসম আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলত এনেদৰে সমগ্ৰ উত্তৰ ভাৰততে বিয়পি পৰে৷নৃতত্ববিদ সকলে কৈছে-ইণ্ডো আৰ্যসকল ওখ৷এওলোকৰ চৰ্মবৰ্ন আৰু নেত্ৰবৰ্ন পাতল৷কেশও ইমান কলা নহয়৷দীৰ্ঘ মস্তকি৷কৰোটি ধাৰন ক্ষমতাও বেছি৷দৈহিক গঠন দৃঢ় আৰু সবল৷ পুববিহাৰ বঙ্গ আৰু অসমত প্ৰবেশ কৰা ইণ্ডো আৰ্যসকলৰ শাৰীৰিক গঠনৰ লগত শালৈসকলৰ শাৰীৰিক গঠনৰ সম্পুৰ্ন মিল দেখা যায়৷ইয়াৰ ওপৰিও ইণ্ডো আৰ্যসকলৰ সমাজ ব্যৱস্হা কৃষ্টি সংস্কৃতি ৰীতি নীতি আছাৰ ব্যৱহাৰ শালৈ লোকসকলৰ মাজতো বিদ্যমান৷ গতিকে শালৈ জাতিৰ লোকসকল আৰ্যগোষ্ঠীৰ হে বংশধৰ৷ ম্লেছ অথবা শালস্তম্ভ বংশধৰ হব নোৱাৰে ৷ অসম শালৈ সন্মীলনী এটা পুৰনি সংগঠন৷১৯২০ খ্ৰীঃতে এই সন্মীলনৰ জন্ম৷এই সন্মীলনী দুটা শিবিৰতে বিভক্ত হৈছিল- অসম শালৈ সন্মিলনী আৰু অসম শালৈ ক্ষত্ৰিয় সন্মিলনী৷পিছত দুয়োটা শিবিৰৰ বিভাজক সুচক আৰ্য আৰু ক্ষত্ৰিয় শব্দ দুটা উঠাই পুনৰ একত্ৰিত হল৷শালৈ জাতিৰ বৃত্তি বা উদ্ভৱ সম্পৰ্কে নাজানিলেও শালৈসকল আৰ্যগোষ্ঠীয় নহয় বুলি কোনেও কোৱা নাই৷তেনে স্হলত আৰ্য বুলি কোৱাৰো কোনো আৱশ্যক নাই৷ক্ষত্ৰিয় সম্ভুত হব পাৰে নে নোৱাৰে সেইটো কিন্তু বিচাৰ্য্য বিষয়৷সেয়ে ভাৰতীয় আৰ্যসকলৰ জাতি গঠনৰ প্ৰক্ৰিয়ালৈ উভতি চোৱা যাওক৷ আৰ্যসকলে সমাজ ব্যৱস্হাৰে বাস কৰিছিল৷এওলোকৰ সমাজৰ ক্ষুদ্ৰতম গোট আছিল পৰিয়াল আৰু বৃহত্তম গোট ৰাজ্য৷ এওলোকে বেপাৰৰ দ্বাৰা জীবিকা কৰিছিল ৷যাগ যজ্ঞ পুজা পাতল আছিল এওলোকৰ ধৰ্মীয় অনুষ্ঠান৷ গতিকে ৰাজ্য শাসন যাগ যজ্ঞ পুজা পাতল খেতি বাতি আদিয়েই আছিল আৰ্যসকলৰ প্ৰধান কা্ম৷এই কামবোৰ নিয়াৰিকৈ চলাবৰ বাবে আৰ্যসকলৰ মাজত কামৰ বিভাজন প্ৰথমৰে পৰা আছিল নে নাই সেই বিষয়ে জনা নাযায়৷ সাহিত্য সমাজৰ প্ৰতিচ্ছবি৷বৈদিক সাহিত্যই ভাৰতীয় আৰ্যসকলৰ বিষয়ে সকলো প্ৰকাৰৰ সম্ভেদ দিয়ে৷ঋকবেদ ভাৰতৰ প্ৰাচীনতম গ্ৰন্হ বুলি প্ৰাচ্য পাশ্চাত্যৰ পণ্ডিত সকলে স্বীকাৰ কৰিছে৷ঋকবেদৰ দহোটা মণ্ডলৰ চতুৰ্থ মণ্ডলৰ বৃহস্পতি সুক্তৰ অষ্টম ঋকতে বা শ্লোকতে প্ৰথম আৰ্যসকলৰ তিনিটা শ্ৰেনী উল্লেখ আছে৷

‘তস্মৈ ৱিশং স্বয়মেবানমতে
যস্মিন ব্ৰহ্মা ৰাজনি পুৰ্ব এতি৷

যিজন ৰজাৰ আগে আগে ব্ৰাহ্মন পুৰোহিত গমন কৰে প্ৰজাসকলে স্বতঃ প্ৰবৃত্ত হৈ সেই ৰজাক প্ৰনাম কৰে৷ইয়াত ৱিশং শব্দই প্ৰজাসাধৰনক ব্ৰহ্মা শব্দই ব্ৰাহ্মনক ৰাজনি শব্দই ক্ষত্ৰিয়ক বুজাইছে৷ এই ঋকবেদৰে দশম মণ্ডলৰ পুৰূষ সুক্তৰ দ্বাদশ ঋকত ব্ৰাহ্মন,ক্ষত্ৰিয়,বৈশ্য,ক্ষুদ্ৰ----এই চাৰিটা বৰ্ন বা শ্ৰেনী উল্লেখ আছে৷

ব্ৰাহ্মণোস্য মুখমাসীদ বাহু ৰাজন্য কৃতঃ
উৰু তদস্য যদ্ বৈশ্যঃ পদ্ভ্যাং
শুদ্ৰোহজায়ত৷৷

এই শ্লোকমতে সৃষ্টিকৰ্তাৰ মুখৰপৰা ব্ৰাহ্মনৰ বাহুৰপৰা ক্ষত্ৰিয়ৰ উৰুৰপৰা বৈশ্যৰ আৰু ভৰিৰ পৰা ক্ষুদ্ৰৰ জন্ম হয়৷ইয়াত সৃষ্টিকৰ্তাৰ মুখ বাহু ভৰি উৰূ গূন বা বৃত্তি বিষয়ক ৰূপকহে৷ব্ৰাহ্মনসকলে মুখৰ শক্তিৰে যাগ যজ্ঞ পুজা পাতল আদি কৰিব সকলোৰে মঙ্গলৰ কাৰনে ,ক্ষত্ৰিয়ই বাহুৰবলেৰে ৰাজ শাসন আৰু বাহিৰা শত্ৰুৰ পৰা প্ৰজাসকলক ৰক্ষা কৰিব,উৰুৰ শক্তিৰে বৈশ্যসকলে বেহা বেপাৰ কৰি ৰাজ্যৰ আৰ্থিক উন্নতি সাধিব আৰু ভৰিৰ শক্তিৰে ক্ষুদ্ৰসকলে খেতি বাতি কৰি উৎপাদন বঢ়াব ৷এনে ধৰনে গুন কৰ্ম অনুসৰিয়েই যে ভাৰতীয় আৰ্য্যসকলৰ মাজত চাৰিবৰ্নৰ সৃষ্টি হৈছে৷ সেই কথা স্বয়ং শ্ৰীকৃষ্ণয়ো অৰ্জুনক কৈছিল-

‘চাতুৱৰ্ণ্যং ময়া সৃষ্টং গুনকৰ্মবিভাগ

ঋক সংহিতাৰ চতুৰ্থ মণ্ডলত তিনিটা আৰু দশম মণ্ডলত চাৰিটা বৰ্নৰ উল্লেখ থকাৰপৰা অনুমান হয় যে ঋক সংহিতাৰ প্ৰথমৰপৰা নৱম মণ্ডল আৰ্য্যাৱৰ্তৰ উত্তৰ ভাগত স্ৰৰস্বতী নদীৰ দ্বাৰা শোভিত যি অঞ্চল বেদত সুবাস্তু জনপদ নামে অভিহিত সেই সুবাস্তু জনপদত প্ৰকাশিত হৈছিল৷ঋকবেদৰ প্ৰথমৰ পৰা নবমলৈ এই নটা মণ্ডলত গঙ্গা নদীৰ নাম পোৱা নাযায়৷ দশম মণ্ডলত পোন প্ৰথম গঙ্গাৰ নাম উল্লেখ আছে---ইমং মে গঙ্গে যমুনে স্বৰস্বতী শুতুদ্ৰি স্তোমং সচতা পুৰুষ্ণ্যা ৷ ইয়াৰপৰা বুজিব পাৰি যে দশম মণ্ডল প্ৰকাশিত হোৱা সময়ত আৰ্য্যসকলে উত্তৰ ভাৰতৰপৰা গঙ্গা উপত্যকালৈ বিয়পি পৰিছিল৷ ঋকবেদৰপৰা জানিব পাৰি যে আৰ্যসকলে সমগ্ৰ উত্তৰ ভাৰতত বিয়পিব ধৰাৰ লগে লগে সকলো ধৰনৰ কাম নিয়াৰিকৈ চলোৱাৰ বাবেহে মানুহৰ গুন আৰু কৰ্মশক্তি অনুসৰি বৰ্নবোৰ সৃষ্টি হবলৈ ধৰিলে৷ কালক্ৰমত গুন কৰ্মশক্তিক নেওচা দি এই বৃত্তিমুলক বৰ্নবোৰেই জাতিত পৰিনত হল৷ কালৰ সোতত ব্ৰাহ্মনৰ বাহিৰে বাকী ক্ষত্ৰিয়,বৈশ্য আৰু শূদ্ৰৰ মাজতো বিভিন্ন বৃত্তি অনুযায়ী বিভিন্ন জাতিৰ সৃষ্টি হ’ল ৷ ইতিহাসমতে ব্ৰাহ্মন ক্ষত্ৰিয় আৰু বৈশ্য ভাৰতীয় আৰ্য্য গোষ্ঠীৰ বংশধৰ৷ ভাৰতীয় আৰ্যসকল সমগ্ৰ উত্তৰ ভাৰতত বিয়পি পৰোতে যিবোৰ থলুৱা লোকে আৰ্যসকলৰ শৰনাগত হৈ থাকিবলৈ ললে তেওলোক ক্ষুদ্ৰ বুলিয়েই পৰিচিত হ’ল ৷ আগতেই উল্লেখ কৰা হৈছে যে শালৈসকল যিহেতু বৃত্তিগতভাবে জনজাত নহয়, গতিকে ই বংশোদ্ভৱ জাতিহে আৰু যিহেতু শালৈসকল আৰ্যগোষ্ঠীৰ, গতিকে আৰ্যসকল কোনোৱা খ্যাতনামা ব্যক্তিৰ বংশোদ্ভৱ হব৷ শালৈসকল শালস্তম্ভ বংশৰ হব নোৱাৰে বুলি প্ৰমানিত হৈছে৷ বহুতে ধাৰনা কৰে যে শালৈসকল শল্য বা শাল্বৰ বংশধৰ বুলি৷ শল্য বা শাল্বৰ নাম অনুসৰিয়েই ‘সালৈ’ৰ ঠাইত ‘শালৈ’ লিখা হৈছে৷ শল্য বা শাল্বৰ মহাভাৰত প্ৰসিদ্ধ ক্ষত্ৰিয় ৰজা আছিল৷ শল্য আছিল মদ্ৰ দেশৰ ৰজা৷ পাণ্ডুৰ দ্বিতীয়া পত্নী মাদ্ৰী আছিল এওঁৰেই ভনীয়েক৷ দ্ৰৌপদীৰ স্বয়ম্বৰ সভাত লক্ষ্যভেদত অকৃতকাৰ্য হোৱা ৰজাসকলৰ ভিতৰত এৱো আছিল আন এজন৷ পাণ্ডৱসকলৰ মোমায়েক হলেও কুৰূক্ষেত্ৰ যুদ্ধত শল্য ৰজাই পাণ্ডৱৰ পক্ষ নলয় কৌৰৱৰ পক্ষ লৈহে যুদ্ধ কৰিছিল৷ কুৰুক্ষেত্ৰ যুদ্ধত মহাৰথী কৰ্নই মৃত্যুবৰন কৰাত ৰজা দুৰ্য্যধনে শল্য ৰজাকে কৌৰৱ সেনাবাহিনীৰ সেনাপতি পাতে ৷ যুদ্ধত যুধিষ্ঠিৰৰ হাতত এও প্ৰান হেৰুৱাই ৷এওৰ নামতে মহাভাৰতত ‘শৈল্য পৰ্ব’ নামেৰে নৱম পৰ্বতি নামাকৰন কৰা হৈছে ৷ মহাভাৰতৰ দিনৰ মদ্ৰৰাজ্য আজি-কালি কোনখিনি ঠাইত হব সেইটো সঠিককৈ কব নোৱাৰিলেও উত্তৰ ভাৰতৰে পঞ্জাব হাৰিয়ানা আদি ৰাজ্যৰ ভিতৰত হব নিশ্চয়৷ আৰ্যসকলৰ প্ৰৱজন হৈছিল পূবলৈ ৷গতিকে প্ৰৱজনত এই অঞ্চলৰপৰাও শল্যৰ বংশধৰসকল বিহাৰলৈ অহাটো কোনো আচৰিত কথা নহয়৷ মহাভাৰতত উল্লেখ থকা শাল্ব আছিল সৌৱল দেশৰ ৰজা৷ কাশীৰাজ কন্যা অম্বাই এই শাল্ব ৰজাৰ সৌৰ্য-বীৰ্যৰ কাহিনী শুনি মনে মনে এওকে স্বামীবৰন কৰিছিল৷ স্বয়ম্বৰ সভাত ভীস্মই তেওৰ বৈমাৰ্তিক মাতৃ বিচিত্ৰবীৰ্যৰ বাবে অম্বাক তেওৰে আন দুজনী ভনীয়েক অম্বিকা আৰু অম্বালিকাক লৈ আহে ৷অম্বাই ভীস্মক তেওৰ মনৰ কথা ভাঙি পাতি কোৱাত ভীস্মক অম্বাক শাল্ব ৰজাৰ ওচৰলৈ পঠিয়াই দিয়ে ৷ ভীস্মৰ লগত অম্বা যোৱা বাবে শাল্ব ৰজাই তেওক গ্ৰহন নকৰিলে ৷ শাল্ব ৰজা শিশুপালৰ সখী আছিল ৷ শিশুপালৰ লগতে শাল্বও কৃষ্ণ বিদ্বেষী আছিল ৷ পিছত কৃষ্ণৰ সুদৰ্শন চক্ৰৰ আঘাতত শাল্বই প্ৰান হেৰুৱাই ৷ শাল্ব ৰাজ্য সৌৱল ক’ত হব পাৰে সেই সম্পৰ্কত আন এটি কথালৈ আহিব লাগিব ৷মহাভাৰতত উল্লেখিত আন এগৰাকী ৰজা জৰাসন্ধও শিশুপাল শাল্বৰ বন্ধু ৰজা আছিল ৷ জৰাসন্ধ আছিল মগধৰ ৰজা ৷এওঁ কৃষ্ণ বিদ্বেষী ৰজা আছিল ৷কাৰন কৃষ্ণই এওৰ জোৱায়েক কংসক বধ কৰিছিল ৷ মহাভাৰতৰ বনপৰ্বত উল্লেখ আছে যে শাল্বৰজাৰ নিয়ন্ত্ৰনক্ৰমে জৰাসন্ধ শাল্বৰ ৰাজ্যলৈ গৈছিল ৷যাওতে বাটতে কাম্যক বনত দ্ৰৌপদীৰে সৈতে পাণ্ডবসকলে বনবাসী হৈ কাম্যক বনতে বাস কৰিছিল ৷এই কাম্যক বন পাৰ হৈ হে শাল্বৰ ৰাজ্য পাইছিল ৷আনন্দৰাম বৰুৱাই তেখেতৰ ‘এনচিয়েন্ত জিওগ্ৰাফী অৱ ইণ্ডিয়া’ (Anicient Geography of India)ত উল্লেখ কৰা মতে কাম্যক বন) নহন(Nahan আৰু অম্বলাৰ মাজত সৰস্বতী নদীৰ পাৰত আৰু সৌৱল সৰস্বতী আৰু যমুনা নদীৰ মাজৰ উপত্যকা অঞ্চলৰ উত্তৰ ভাগ ৷ভাৰতীয় আৰ্যসকল পুবলৈ হোৱা প্ৰবজনত এই অঞ্চলৰ পৰাও যে শাল্বৰ বংশধৰ সকল আহি বিহাৰত প্ৰৱেশ কৰা নাছিল সেইটো মানি নলোৱাকৈ থাকিব নোৱাৰি ৷ ৰাজ বংশধৰ হলেও যে সময়ৰ তাড়নাত সাধৰন মানুহৰ শ্ৰেনীলৈ অৱনমিত হ’ব পাৰে তেনে উদাহৰন মানৱ জাতিৰ ইতিহাসত দেধাৰ আছে৷ মানৱ জীৱনৰ মূখ্য উদ্দেশ্য জীয়াই থকা ৷জীয়াই থকাৰ বাবেই মানুহে কিবা নহয় কিবা এটা কৰিবলগীয়া হয় ৷ এতিয়াও কেইটামান ৰাজবংশৰ পৰিয়াল অসমত আছে আৰু তেওঁলোকৰ উদাহৰনেই ইয়াৰ সাক্ষী দিয়ে ৷শল্য বা শাল্বৰ বংশধৰসকলো বিহাৰলৈ অহাৰ পিছত কৃষি কৰ্ম বা বেহা বেপাৰ কৰিবলৈ নলৈ মিঠাই তৈয়াৰ কৰা বৃত্তিটোকে গ্ৰহন কৰিলে ৷ বুদ্ধি বৃত্তি থকা লোকে যি কামকে কৰক সেইকামত তেওলোকে নৈপুন্য দেখুৱাব পাৰেই ৷ শল্য বা শাল্বৰ বংশধৰসকলৰ বংশ অনুসৰিয়েই ‘সালৈ’ ‘শালৈ’ লিখিব ললে ৷ শালৈসকল মিষ্টান্ন তৈয়াৰ কৰাত পাকৈত আছিল বাবে ৰজা মহাৰাজা ডা ডাঙৰীয়াসকলৰ আস্হাভাজন হব পাৰিছিল ৷ মহাৰাজ নৰনাৰায়নেও সেয়েহে বিহাৰ অঞ্চলৰ পৰাই মিষ্টান্ন তৈয়াৰ কৰোতা শালৈসকলৰ কেইটামান পৰিয়াল আনি কামাখ্যা মন্দিৰত মিষ্টান্ন তৈয়াৰ কৰা পাইক হিছাপে বহুৱাই দিলে৷ আগৰ কামৰূপ বা পিছৰ অসমত মিষ্টান্ন তৈয়াৰ কৰি জীৱিকা নিৰ্বাহ কৰাটো অসম্ভৱ হোৱা দেখি বংশ বৃদ্ধি হোৱাৰ লগে লগে খেতি বাতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰিব ল’লে ৷ মনস্তত্তবিদসকলে প্ৰমানৰ দ্বাৰা কৈছে যে পিছৰ বংশধৰসকলৰ ক্ষেত্ৰত পুৰ্ব পুৰুষৰ কিছু পৰিমানে হলেও চাৰিত্ৰিক বৈশিষ্ট থাকি যায় ৷ মনস্তত্তবিদসকলৰ এই কথাৰ ওপৰত ভিত্তি কৰি শালৈসকলক শল্য নে শাল্বৰ বংশধৰ হব পাৰে ৷সেই সম্পৰ্কে সংক্ষেপে হলেও আলোচনা কৰি চোৱা যাওঁক ৷ শল্য আৰু শাল্ব সম্পৰ্কে ওপৰত সংক্ষেপে আলোচনা কৰা হৈছে ৷দেখা গৈছে শল্য আছিল বন্ধু অনুগত ৷ এই কাৰনেই কুৰুক্ষেত্ৰ যুদ্ধত ভাগিনিয়েক পাণ্ডৱসকলৰ পক্ষ অৱলম্বন নকৰি বন্ধু দুৰ্যোধনৰ পক্ষহে লৈছিল ৷ শল্যই এইটো কিয় কৰিছিল তাৰ কাৰন মহাভাৰতৰ শান্তি পৰ্বত ভীস্মৰ কথাৰপৰাই পাব পাৰি ৷ভীস্ম দ্ৰোনৰ নিচিনা মহাজ্ঞানী ৷ কৌৰৱ-পাণ্ডৱৰ উভয়েৰে পিতামহ গুৰু আৰু বিশেষকৈ পাণ্ডবসকলৰ প্ৰতি অধিক আন্তৰিকতা থকা স্বতেও তেওলোকে কৌৰৱৰ হকেহে যুদ্ধ কৰিছিল ৷তাৰ কাৰনে শান্তি পৰ্বত ভীস্মই দ্ৰৌপদিৰ আগত ব্যক্ত কৰিছিল ৷ ভীস্মৰ পৰা যুধিষ্ঠিৰহতে ৰাজনীতিবিষয়ক শিক্ষা লবলৈ যাওতে শৰশৰ্য্যাত পৰি থকা ভীস্মই যুধিষ্ঠিৰক ন্যায়ৰ কথা কৈছিল ৷ দ্ৰৌপদিয়ে এইবোৰ শুনি মিছিক মাচাককৈ হাহিঁছিল৷ দ্ৰৌপদিৰ মনৰ কথা বুজিব পাৰি ভীস্মই দ্ৰৌপদিক কৈছিল যে দুৰ্যোধনৰ পাপান্ন খাই জীৱন ধাৰন কৰাৰ ফলতে ৰাজসভাত সকলোৰে সন্মুখত ৰাজঃস্বলা দ্ৰৌপদিৰ বস্ত্ৰ কাঢ়ি লোৱাৰ সময়ত, কূট পাশাখেলত পাণ্ডবসকলক বনবাসী কৰাৰ সময়ত ঘোৰ অন্যায় বুলি জানিও অন্নদাতা দুৰ্যোধনৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলে ৷ সেই একেই কাৰন আছিল কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়তো ৷ ভীস্মই এইটোও কৈছিল যে মহাজ্ঞানী হলেও পাপান্ন খোৱাৰ ফলত জ্ঞানচ্যুত হয়, মহাশক্তিমান হলেও অন্যায়ৰ হকে যুজিলে ন্যায় আৰু ধৰ্মৰ হকে যুজোতাসকলৰ হাতত প্ৰান হেৰুৱাব লগীয়া হয় ৷ কুৰুক্ষেত্ৰৰ যুদ্ধ তাৰেই নিদৰ্শন ৷ ভীস্ম-দ্ৰোন-শল্য আদিয়ে পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিলেও, তেওলোক কৃষ্ণ বিদ্বেষী নাছিল৷ তেওলোকেও অন্তৰেৰে বিছাৰিছিল পাণ্ডৱৰ জয় অৰ্থাত ধৰ্মৰ জয় হোৱাটো ৷ পাণ্ডৱসকল ন্যায় আৰু ধৰ্মত আছিল বাবেই স্বয়ং শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰথৰ সাৰথি হোৱাৰ উপৰিও কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱসকলৰ প্ৰধান পৰামৰ্শদাতা আছিল ৷ শাল্ব প্ৰধানত কৃষ্ণ বিদ্বেষী আছিল ৷শল্য আৰু শাল্বৰ বংশধৰসকলৰ ক্ষেত্ৰটো চাৰিত্ৰিক বৈশিষ্ট কিছু পৰিমানে হলেও থাকিবই ৷ অসমৰ শালৈসকলৰ চাৰিত্ৰিক বৈশিষ্টলৈ যদি লক্ষ্য কৰা হয় দেখা যায় যে তেওলোক শান্তিপ্ৰিয়৷ দন্দ খৰিয়াল হাই কাজিয়া মেল মকদৰ্মা এওলোকৰ কাম্য নহয় ৷ ধৰ্মপ্ৰান লোকসকলেই শান্তিপ্ৰিয় ৷শংকৰ মাধব দামোদৰদেৱ হৰিদেৱ প্ৰদৰ্শিত ধৰ্মৰ ভিতৰতে শালৈসকল আৱদ্ধ৷ ধৰ্ম বিদ্বেষী লোক শালৈ সমাজত পোৱা নাযায় ৷ অসমৰ বিখ্যাত মহাপুৰুষীয়া বৰপেটা সত্ৰত ফলিত লিখা সেৱক তালিকাত প্ৰথম সোতৰ জনেই শালৈ জাতিৰ লোক আছিল বুলি শুনা যায় ৷ তেনেধৰনে অন্যান্য মহাপুৰুষীয়া দামোদৰীয়া হৰিদেৱ সত্ৰৰ সৈতেও শালৈ জাতিৰ লোক নিবিড়ভাবে জড়িত ৷ইয়াৰ দ্বাৰা প্ৰমান হয় যে শালৈ জাতিৰ ভিতৰত কৃষ্ণ বিদ্বেষী লোক নাই ৷ শাল্বৰ বংশৰধৰ হোৱা হলে অন্ততঃ কিছু সংখ্যক কৃষ্ণ বিদ্বেষী বা ধৰ্ম বিদ্বেষী লোক থাকিলেহেতেন ৷গতিকে বংশোদ্ভৱ জাতি হিছাপে শালৈসকল শাল্ব বংশৰ নহৈ শল্যৰহে বংশধৰ হ’ব ৷ ক্ষত্ৰিয়সকলৰ কেইটিমান বিশেষ গুন আছিল ৷তাৰ ভিতৰত স্বাৱলম্বিতা আৰু দেশ প্ৰেমেই প্ৰধান ৷ শালৈসকলৰ ক্ষেত্ৰতো এই দুয়োটা গুনেই দেখা যায় ৷ শালৈসকলৰ মাজতো বহুতো দুখীয়া ব্যক্তি বা পৰিয়াল আছে ৷ জীৱিকা প্ৰৱৰ্তনৰ কোনো ধৰনৰ সংস্হান নাথাকিলেও কাৰো ওচৰত হাত নপতা স্বভাব এওলোকৰ আছে ৷এনেধৰনে দুখীয়া ব্যক্তিয়ে চুৰি ডকাইটি বা ঠগ প্ৰৱঞ্চনাৰেও জীৱিকা প্ৰৱৰ্তন কৰা নাই ৷ দেশৰ মুক্তিযুজত শালৈসকলো পিছপৰি ঠকা নাই ৷ দৰঙৰ পথৰুঘাটৰ ৰনত ৰঙিয়াৰ কৃষক বিদ্ৰোহত প্ৰান আহুতি দিয়া লোকৰ ভিতৰত শালৈ লোকো আছিল ৷অসহযোগ আন্দোলন আইন অমান্য আন্দোলন ভাৰত ত্যাগ আন্দোলনত কাৰাবৰন কৰা পুলিচৰ অত্যাচাৰৰ বলি হোৱা শালৈ লোকৰ সংখ্যা মুঠেই তাকৰ নহয় ৷ ৪২ৰ ভাৰত ত্যাগ আন্দোলনত দৰঙৰ গহপুৰ থানাত ভাৰতীয় ত্ৰিৰঙ্গা পতাকা উৰুৱাবলৈ গৈ পুলিচৰ গুলিত প্ৰান হেৰুৱাই শ্বহীদ কাকতিও মুকুণ্ড কাকতিও শালৈয়েই৷ সেইদৰেই বিদেষী বহিস্কাৰ আন্দোলনত অৰ্দ্ধসামৰিক সেনাৰ গুলিত প্ৰান হেৰুৱাইছিল ৰঙিয়াৰ সুনন্দ শালৈয়েও ৷সমাজ সেৱাৰ ক্ষেত্ৰটো শালৈসকলো আগভাগ নলোৱাকৈ থকা নাই ৷ শালৈ জাতিৰ লোক তেনেই তাকৰ ৷ইয়াৰ ভিতৰত অতি নগন্য সংখ্যাক লোকৰ বাহিৰে বুজন সংখ্যাটোৱে নামৰ পিছত অন্য উপাধি লিখাৰ ফলত শালৈ হয়নে নহয় জানিব পৰা নাযায় ৷ ইয়াৰ ফলত অসমীয়া ভাষা সাহিত্য ক’লা সংস্কৃতি,শিক্ষা ,ৰাজনীতি, স্বাধীনতা আন্দোলনত শালৈ জাতিৰ অবদান উল্লেখ কৰটো অতি কঠিন হৈ পৰিছে ৷এইটোও খাটাং যে সকলোকেইটি দিশতে শালৈ জাতিৰ অবদান উলাই কৰিব নোৱাৰা বিধৰ ৷