লুইতৰে পানী যাবি অ'বৈ


লুইতৰে পানী যাবি অ’ বৈ
সন্ধিয়া লুইতৰ পানী সোণোৱালী
          চহৰে নগৰে যাবি অ’ বৈ
জয়াৰে কীৰিতি দেশে-বিদেশে
          সাগৰে-নগৰে ফুৰিবি কৈ৷
মাটিৰে দেহাটি এৰি জয়মতী
জ্যোতিৰে দেহাটি লৈ
যাউতিযুগীয়া কীৰিতি ৰাখিলা
          চানেকি জগতলৈ৷
এটুপি দুটুপি তেজে তিনিটুপি
দেশৰ হকে জয়াই গ’লে বিলাই
অসমৰ জীয়ৰী অসমৰ বোৱাৰী
          এটুপি চকুলো যোৱা পেলাই৷৷