[ ৩৯ ]

৬। আধ্যা ।


ধনবৰ বৰগোহাঞি ৷

 পাঠকৰ মনত থাকিব পায়, শূলধৰ বৰগোহাঞিৰ পুতেক ধনবৰ বৰগোহাঞিৰ কথা আমি আগতে অলপ উনুকিয়াই আহিছোঁ; এতিয়া আমি তেওঁৰ ৰূপ, গুণ আৰু স্বভাৱ-চৰিত্ৰৰ কথা অলপ কওঁ ৷ ধনবৰৰ বয়স এতিয়া চৈধ্য বছৰত সোমাইছেহি । লৰাটি মিঠাবৰণীয়া,— দেখিবলৈ বৰ বিষম নহয়। শকত-আৱতলৈ চাই, থোলোকা পাৰটোৰ দৰে; পোন্ধৰ-ষোলবছৰীয়া লৰা যেন দেখি। ধনবৰৰ মুখখনি চকলামুৱা, নাকটি খঁৰা আৰু দুই চকুৰ মাজত চেপেটা; সেইখিনিত নাকৰ চিন্ নাই বুলিলেই হয়। চকু দুটি শল মাছৰ চকুৰ দৰে সৰু-সৰু আৰু ৰঙা। লেৰুৱা ওঁঠখন দু-আঙ্গুলমান বহল; সদায় তামোলৰ ৰঙেৰে ৰাঙ্গলী। আগদাঁত কেইটি উচলা আৰু তলৰ দাঁতপাৰি বেৰীয়া-গজা; মুখ জঁপালে ওঁঠ দুখনে দাঁত ঢাকিব নোৱাৰে, আগদাঁত ওলাই থাকে। বৰকৈ চেপি ধৰিলে ঢাক খায়; কিন্তু মুখখনি হে মলুৱাটিৰ দৰে হৈ পৰে। সেই কাৰণেই, তেওঁৰ মুখৰপৰা সদায় মিচিকিয়া হাঁহি নুগুচে। কাণ দুখনি মেকুৰীৰ কাণৰ দৰে নিচেই সৰু সৰু; নিলগৰপৰা চালে, আছে নে নাই তত ধৰিবলৈকে টান। চুলিখিনি ঠিক গাহৰীৰ গল্‌ধনৰ ওপৰৰ থিয় নোমখিনি চালে চাবই নালাগে। ডিঙ্গিটি কাছৰ দৰে; কোঁচ্‌মোচ্, খাই বহি থাকিলে কানতে-মূৰ-লগা যেন দেখি, ফেঁটী সাপৰ দৰে ওপৰলৈ মূৰ তুলি ধৰিলে তেও অলপ ডিঙ্গি যেন দেখি। পেটটি কড়িৰ গুৰিৰেপৰা ধেনু-ভিৰীয়া; চুৰিয়া পিন্ধোতে ওপৰলৈ উজাই পিন্ধিলে কড়িৰ গুৰি পায়গৈ আৰু তিৰোতাই [ ৪০ ] বুকুত মেখেলা পিন্ধাৰ দৰে হয়, তললৈ নমাই পিন্ধিলে আকৌ নাইৰ তলত থাকেগৈ। গাৰ ফালে চাই নালাগে, বাদু ওলমি পৰিছে! কাপোৰ-কানি পিন্ধাৰ বিষয়েও সৰহ কব লগা নাই, তেওঁৰ গাত কেতিয়াও তিনি ডুখৰি কাপোৰতকৈ সৰহ নাথাকে। চুৰিয়াখনি পিন্ধাৰ ফালে পেটৰ ৰূপ বৰ্ণাওঁতেই বুজিব। বাকী, ⸺একানে গাৰিদিয়া চেলেং এডোখৰ; আৰু কঁকালত তামোলৰ গামোছাখনি। গামোছাখনিয়ে জানিবা আৰু এটি উপকাৰ কৰে;সেয়ে নহলে চুৰিয়া নৰয়! তাৰ পাচত, গুণৰ কথা অলপ কওঁ। তালৈকো এটা লেঠা এই যে, সেই বিষয়ে কবলৈ হলে, প্ৰথমে মানুহটি মাতে-কথায় কেনে, তাক জানিব লাগে। কিন্তু, তেওঁৰ মুখৰপৰা দেখোন মাত-কথা শুনাই টান; কথা পাতিবলৈ ধৰিলে মানুহক মুখৰ থুইৰে বুৰাই দিয়ে। তাতে আকৌ কেঁচা ধঁপাতেৰে তামোল এমোকাৰা সদায় মুখৰপৰা নুগুচে। গতিকে, সেই ছোৱা এৰিয়েই দিব লগীয়া হল। কথা পাতিব নোৱাৰি সেই ছোৱা এৰি দিয়া গল যদিও, আন-আন গুণৰ কথাকে অলপ কোৱা যাওক। ধনবৰৰ বুদ্ধিটি জানিবা এটি ভোটা-বেজী; এইখিনিতে কথা এটি শুনিলে, সেইখিনিতে আকৌ সেইটো তেনেই পাহৰিলেগৈ। বছেৰেকমানেও পণ্ডিতে চেকনিৰে পিঠিৰ ছাল ছিঙ্গিও ক-খ খনকে মুখত অনাব নোৱাৰিলে। তাৰ ভিতৰতে, ক-খ নৌ শিকোঁতেই, তেওঁ দহখনমান কিতাপ ফালিলে। পঢ়িব নোৱাৰি পণ্ডিতক ভুৱা দিয়া বিচক্ষণ বুদ্ধিটি চাওক, ⸺ যি কেইটা আখৰ মনত নৰয়, সেই কেইটা চিকুটি ফালি পেলাই দি, পণ্ডিতক কয় “মোৰ কিতাপতেই নাই, কেনেকৈ পঢ়িম?” পণ্ডিতৰ মাৰ খাই খাই দগা গৰুৰ দৰে মাৰলৈ আৰু কটাহি নকৰা হল। সদায় মই বৰ, মই ধনী মানুহৰ লৰা, মোৰ দেউতাক সকলোৱে মান কৰে, এনেবোৰ গণ্ডপ্-মৰা ভাব লৈয়ে ধনবৰ গঙ্গাটোপৰ দৰে ওফন্দি ফুৰে। দয়া,ক্ষমা, নম্ৰতা এনেবোৰ [ ৪১ ] গুণৰ কোনো এটিলৈকে তেওঁৰ বহল হৃদয়ৰ এচুকতো ঠাই নাই। দুখীয়া, নিচলা, মগনীয়া মানুহ দেখিলে তেওঁ উগ্ৰমূৰ্ত্তি ধৰে। ঘৰলৈ কোনো মগনীয়া-খোজনীয়া আহিলে, ধনবৰে লগুৱা লগাই তাক ততালিকে পদূলিৰ বাজ কৰাই দিয়ে। তেওঁৰ প্ৰতাপত গৰু, ছাগলী, আন কি ডালৰ চৰাই-চিৰ্‌কতিয়েও কঁপি থাকে। ঘৰত থকাখিনিপৰত গৰু-ছাগলীয়ে বাৰীৰ চাৰিসীমাৰ ভিতৰলৈ ঠুঁটিয়াবৰ সাধ্য নাই। কেতিয়াবা কোনো গৰু বা ছাগলী বাৰীৰ ভিতৰত দেখা পালে, সেই গৰু-ছাগলীৰ আৰু সেই দিনা শৰাধ! ধনবৰ বৰমতাই হালোৱা এছাৰিৰ কোবত তাৰ পিঠি দমলা-দমল কৰে; আৰু তাৰ পাচত বান্ধি লৈ, চকুত বিহ জলকীয়া ভাঙ্গি দি, ঠেং এটামান খোৰা কৰি এৰি দিয়ে। ভদ্ৰতাৰ বিষয়ে ওপৰতে উনুকিয়া হৈছে; সদায় মইবৰ ভাবতে ওফন্দি থাকে। কোনো বুঢ়া বা বয়সীয়া মানুহে তেওঁৰ অত্যাচাৰ সহিব নোৱাৰি ভাল কথাৰে দুই-চাইটা উপদেশ দিব খুজিলে, ধনবৰে জাঁপ মাৰি ওপৰতে পৰিব খোজে। মাক-বাপেকৰ তো কথাকে নকওঁ; ভালেই হওক বা বেয়াই হওক, তেওঁবিলাকৰ মুখ বজাবৰ সাধ্য নাই। কিন্তু, আনবিলাকক যিমানেই যি কৰক, কীৰ্ত্তিনাথ গোহাঞিক ধনবৰে এফেৰি মান কৰে; আৰু তেওঁ কিবা কথা কলে অলপ কান পাতি শুনে। আন কি, কেতিয়াবা কিবা দুষ্টালি কৰি থাকোঁতে কীৰ্ত্তিনাথ গোহাঞিয়ে দেখা পালে, ধনবৰ বোপা সেই ফালেই ঠৰ্ হয় আৰু ততালিকে তেওঁ এনে গহীন আৰু শান্ত হৈ পৰে, যেন লৰাই সেই বিষয়ে একোকে কবই নোৱাৰে; তেনেটি নম্ৰ, ধীৰ আৰু শান্ত লৰা যেন আৰু পাবলৈকে নাই। বাস্তৱতে, ধনবৰ যেনে শকত-আৱত লৰা, দুষ্টালি কামত নেদেখিলে, মানুহে কেতিয়াও তেওঁক দুষ্ট বুলি ভাবিব নোৱাৰে। তাৰ পাচত, স্বভাৱ-চৰিত্ৰৰ বিষয়ে অলপ কবলৈ আছে। এই বিষয়ে বহলাই নকলেও, ওপৰত দিয়া চানেকি চায়ে অনুমান কৰিব পাৰি। [ ৪২ ] প্ৰথমে,দিনটোৰ ভিতৰত কাৰ ক’ত হানি কৰিব, কাক মাৰিব, কাক কিলাব, কাক ডকা দিব, কাক জগৰ লগাব, কাক জোকাব এইবিলাকেই হৈছে তেওঁৰ প্ৰধান চিন্তা। দিনটোৰ ভিতৰত নো ক'ত কিমান জগৰ লগাব, কিমান চুবুৰীয়াই মাক-বাপেকৰ ওচৰত গোচৰ দিবহি, তাৰ সীমা-সংখ্যা নাই। সকলোৱে ডাঙৰ মানুহৰ লৰা বুলি সহি থাকে। ধেমালি কৰা লৰাৰ ভিতৰতো তেওঁক কোনেও লগ দিব নোখোজে। কিন্তু লগ দিব নুখুজিলে বা হব কি?—যি কেইটাই লগ দিবলৈ আপত্তি কৰিব সিহঁতক মাৰি কিলাই খেদি দি তেওঁ বলেৰে দলত সোমাই লয়। গাঁৱৰ বোৱাৰী-জীয়াৰীয়ে ধনবৰক দেখিলে ওলাবলৈ ভয় কৰে। দেউতাকে বেয়া পায় বুলি মাথোন কোনেও একো নকয়। এই গতিৰেই চলি সদৌশেহত ধনবৰ কিছুমান দুষ্ট মানুহৰ সঙ্গত পৰিল! ধনবৰক অলপ উচটাই হে দিব লাগে, তেওঁ একেবাৰে জাঁপ মাৰি মূধৰ ছালত উঠেগৈ। সেই দুষ্ট সঙ্গত পৰি লাহে লাহে ডেকাই ভাং-কানিতো মাজে-সময়ে ধৰা হল। দুষ্ট মানুহবোৰে নিজৰ সুবিধা লাভৰ নিমিত্তে ধনবৰক ভাং-কানি খাবলৈ বৰকৈ উচটাবলৈ ধৰিলে। সিহঁতে কয়, “বোপা দেউতা ৷ আপোনাৰ নো কি নাইকিয়া হৈছে? ৰামদেউৰ কিৰ্‌পাত,আপোনাৰ সকলো আছে। আপোনাৰ পিতাকৰ ইমান ধন-সম্পত্তি নো কোনে খাব; এই দৰে অলপ সুখ নকৰিলে নো জীৱন ধৰাৰ সকাম কি?” এনেকুৱা উদগনি পালে ধনবৰে যেন স্বৰ্গ ঢুকি পায়। এই শলাগনি ফেৰিৰ নিমিত্তেই তেওঁ মাজে-সময়ে সিহঁতক ঘৰৰপৰা চুৰ কৰি নি দুই-চাৰি টকা যি পাৰে দিয়েগৈ। আৰু, এনেবিলাক মানুহৰে সৈতে হলে ধনবৰৰ বৰ মিল।

 এই দৰেই কিছুকাল গল। এদিন সেই কানীয়া-ভকতসকলে ধনবৰক লৈ ভালকৈ কানিৰ খোলাত বহিবৰ মন কৰিলে। ধনবৰক সেই প্ৰস্তাৱ শুনোৱা মাত্ৰকে,তেওঁ ঘৰলৈ গৈ যি পাৰে দহ-বাৰ টকা আনি কানীয়া [ ৪৩ ] ভকতসকলক শোধালেহি। কানীয়া ভকতসকলৰ মহা আনন্দ মিলিল৷ লৰালৰিকৈ যথাসময়ত পাণৰ চাকি যুগুত কৰা হল। এজনে গৈ চকুৰ টিপতে ঘৰৰপৰা ধনবৰক মাতি আনিলে। তাৰ পাচত,পাণৰ চাকি মাজতে লৈ, চাৰিপিনে চাৰি সিদ্ধ বহি, এপাশে ধনবৰ বোপা-দেউতাক দুতৰপীয়া কঠ এটাৰ ওপৰত বহুৱাই লৈ, পাণৰ চাকি পুৰিবলৈ আৰম্ভ কৰিলে৷ টিকিৰা পোৰাৰ লগে লগে কানীয়া-সত্ৰৰ মেল আৰম্ভ হল। যথা,—

 ১ম,কানীয়া ।—(দীঘলকৈ টান এটা মাৰি, ভলুকা বাঁহৰ হোঁকাটো ২য়, কানীয়াৰ হাতলৈ দি, কথাত মুখৰ ধোঁৱা উৰাই) “কোৱাঁ, আল্‌পতি, কোঁৱা কোঁৱা। আজি তেও বোপা-দেউতাৰ কিৰ্‌পাত্, উকেৰে পাণ চাকি পুৰি লোৱাঁ।”

 ২য়,কানীয়া ।—(আঙ্গঠাডোখৰ জোকাৰি জোকাৰি) “এৰা,ৰামদেউৰ অনুগ্ৰহত কিন্তু, বোপা-দেউতাৰ মূৰৰ চুলিৰ সমান কিন্তু আয়ুষ হক।”

 ৩য়,কানীয়া ।—(হাত লেচাৰি লেচাৰি) “নহয় বান্ধ, তাৰ-পৰা-তাপেনে-নামেনে, বোপা-দেউতাই ভাল ছোৱালী এটা পাওক।”

 ৪ৰ্থ,কানীয়া ।—(৩য়, কানীয়াৰ গাত ঠেলা এটা মাৰি) “থোৱাঁ হে মিতা, তাৰ-পৰিণামে, তুমিও বৰ কথাটো, তাৰ পৰিণামে, বিচাৰি পালাগৈ! কৃষ্ণদেৱক চিন্তি, তাৰ-পৰিণামে, বোপা-দেউতাৰ নো ছোৱালীৰ,তা ৰ-পৰিণামে, কি একাল লাগিছে।”

 ১ম,কানীয়া ৷—(ধোঁৱা এঢোকা পেটলৈ গিলি} “মই চাওঁতে অলে, লাৱৰী আইদেউৰেই বোপা-দেউতাৰ বাল যোৰা মিলিব।”

 ৩য়,কানীয়া ৷— “অ',বোপা-দেউতাক,তাৰ-পৰা-তাপেনে-নামেনে,বৰকৈ নুখুৱাবিহঁক। বোপাদেউতা, তাৰ-পৰা-তাপেনে-নামেনে, লৰা মানুহ; তাৰ-পৰা-তাপেনে-নামেনে, গাত বৰকৈ ধৰিব।” [ ৪৪ ]  ২য়,কানীয়া ।—“এৰা, কিন্তু, ৰামদেউৰ অনুগ্ৰহত, বোপা-দেউতাই, কিন্তু, বৰকৈ খোৱা নাই।”

  ধনবৰ ।—“হয়,ককাইহঁত,মই বৰকৈ খোৱা নাই। ঘৰত গৈ টলং-ভটং কৰিলে জানিব নহয়; সেই দেখি, মই গা চাই হে খাইছোঁ।”

 ৪ৰ্থ, কানীয়া৷—“তহঁতো, তাৰ-পৰিণামে, কিন্তু, ভাল আৰু! বোপা-দেউতাক,তাৰ-পৰিণামে, আমাৰ দুখীয়া ভেবা লৰাৰ নিচিনা, তাৰ-পৰিণামে, দেখিছ নে? কৃষ্ণদেৱক চিন্তি, বোপা-দেউতাক, তাৰ-পৰিণামে, আমি কি বুজনি দিবৰ লায়েক ।”

 ২য়, কানীয়া ৷—(ভাল কথকি বোলাই) “নহয়, কিন্তু, কথাটো হে—”

 এনেতে, শূলধৰ বৰগোহাঞিৰ প্ৰৱেশ ! তেওঁক মনে মনে কোনোবাই সম্ভেদ্ দিলেগৈ। শূলধৰ বৰগোহাঞিয়ে, সোধপোছ নাই, পোনেই সোমায়েই হাতৰ লাখুটীৰে সৈতে উধামুধাকৈ যাকে য'তে পালে, তাকে ত’তে টঙ্গনিয়াবলৈ ধৰিলে। কানীয়াহঁতে যেয়ে যেনিয়ে পাৰিলে, দুৱাৰ-বাৰ ভাঙ্গি পলাই-পত্ৰং মাৰিলে। ধনবৰ বোপা কিন্তু সবাত্‌কৈ আগ। তাৰ পাচত, শূলধৰ বৰগোহাঞিয়ে ঘৰলৈ আহি পুতেকক ডাবি-হুঁকি দি, সেই দুষ্ট মানুহবোৰক আঁতৰ কৰাবৰ নিমিত্তে কীৰ্ত্তিনাথ গোহাঞিদেৱৰে সৈতে পৰামৰ্শ কৰিবলৈ স্থিৰ কৰিলে। ধনবৰে এই কথা শুনি দেউতাকক কাকূতি কৰি, কীৰ্ত্তিনাথ গোহাঞিক এই কথা নজনাবলৈ টানি ধৰিলেহি। তেৱোঁ মান্তি হল। গতিকে, কীৰ্ত্তিনাথ গোহাঞিয়ে ধনবৰ বোপাৰ কানী-খোলাত বহাৰ বিষয়ে একো সম্ভেদ্ নাপালে। কীৰ্ত্তিনাথ গোহাঞিয়ে ইমান দিনে ধনবৰৰ সম্বন্ধে একো বেয়া কথা শুনা নাই; মুঠতে তেওঁ ধনবৰক শান্ত আৰু বৰ সজ স্বভাৱৰ লৰা বুলি হে জানে ৷